Class 10 Assamese Chapter 9 Question Answer | ইণ্টাৰনেটৰ তিতা মিঠা

Class 10 Assamese Chapter 9 Question Answer (ইণ্টাৰনেটৰ তিতা মিঠা)ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আজি আমি আলোচনা কৰিব গৈ আছোঁ। আপুনি যদি এজন Class 10 ৰ ছাত্ৰ আৰু 2024 HSLC ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অধ্যয়ন কৰি আছে তেন্তে AssameseMedium আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য ৱেবচাইট যত সম্পূৰ্ণ পাঠৰ প্ৰশ্ন উত্তৰ পোৱা যাব।

ইয়াৰ আগতে আমি Class 10 Assamese Question Answer ৰ বাবে বহুকেইটা অধ্যায় আলোচনা কৰিছো। আপুনি বিচাৰিলে তলত দিয়া লিংকত ক্লিক কৰি পঢ়িব পাৰে।

ইয়াৰ ওপৰিও যদি আপোনাৰ Class 10 Assamese Chapter 9 Question Answer ত কিবা অসুবিধা আছে তেন্তে Nitid Academy YouTube Channel ক Subscribe কৰি Free Video Class চাই লব পাৰে।

Subscribe to Watch FREE Video Classes

Class 10 Assamese Chapter 9 Question Answer

Class 10 Assamese Chapter 9 Question Answer 2024

Class 10 Assamese Chapter 9 Question Answer ত আমি অতি চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ, ব্যাখ্যা, ভাৱ-বিষয়ক প্ৰশ্ন উত্তৰ লগতে কিছু HSLC 2024 Final Exam ৰ বাবে অতিৰিক্ত প্ৰশ্ন উত্তৰ যোগান ধৰাৰ প্ৰয়াস কৰিছো।

অতি চমু প্ৰশ্ন উত্তৰ

) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?

উত্তৰঃ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱা বাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল।

) ইন্টাৰনেট কি?

উত্তৰঃ ইন্টাৰনেট হল – কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা। ইয়াক চমুকৈ নেট (Net) বুলিও কোৱা হয়।

) কুঁৱলীয়ে প্ৰথমে কালৈ মেইল কৰিছিল?

উত্তৰঃ কুঁৱলীয়ে প্ৰথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ই- মেইল কৰিছিল।

) পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল?

উত্তৰঃ পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল।

) ভাইৰাছ কি?

উত্তৰঃ ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম।

বহল প্ৰশ্ন উত্তৰ

) WWW বা ৱেব কি?

উত্তৰঃ পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰৰ সংলগ্ন বিভিন্ন তথ্য- পাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। ইয়াৰ WWW অৰ্থাৎ সম্পুৰ্ণ ৰূপ `ৱৰ্ল্ড ৱাইড ৱেব’ (World Wide Web ) বোলে । www- ত তথ্যবোৰ পাঠ, গ্ৰাফিকছ, ভিদিঅ’ আৰু অদিঅ’ৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি।

) কুঁৱলীয়ে মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে?

উত্তৰঃ কুঁৱলীয়ে ই- মেইলৰ জৰিয়তে বন্ধু- বান্ধৱীৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুস অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চক সোৱাদ লাভ কৰিব পাৰিলে।

) ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?

উত্তৰঃ ইন্টাৰনেটৰ কুঁৱলীৰ মন-মগজু সম্পূৰ্ণ অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে। ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে ন ন অভিজ্ঞতা অৰ্জন কৰিলে। ইন্টাৰনেটৰ বিভিন্ন ৱেবচাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা- নিৰীক্ষাৰ বিষয়েও শিকি ললে। তাই ই- মেইলৰ সোৱাদত ইমান অভিভূত হল যে ভিদিঅ কলিঙৰ সোৱাদ লবলৈ উদগ্ৰীৱ হৈ পৰিল। কুঁৱলীয়ে নীতিশিক্ষা থকা পুৰণি চিনেমা, সুগায়ক- গায়িকাৰ মন- প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা ধূলাত তাই আজৰি পৰত উপভোগ কৰি মনটো প্ৰফুল্লিত কৰি ৰাখে।

) ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?

উত্তৰঃ ভাইৰাছ (Virus) ৰ সম্পূৰ্ণ ৰূপ হৈছে `Vital information resources under seize’। ই হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম। ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে। আকৌ মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ।

)`ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে‘- কথাষাৰৰ বক্তা কোন? ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা।

উত্তৰঃ `ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে’- কথাষাৰৰ বক্তা শ্বাবানা বাইদেউ।

     ইয়াত ইন্টাৰনেটৰ ভাল সুবিধাখিনিক মিঠা সুবিধা আৰু অসুবিধাখিনিক তিতা অসুবিধা বুলি কোৱা হৈছে। মিঠা সুবিধাসমূহে মানৱ সভ্যতাক উন্নতিৰ জখলাত স্বড়িত গতিৰে আগবঢ়াই নি উন্নতিৰ সপোণ ৰচিব পাৰিব। অৱেশ্যে এই সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবোৰ নিষ্প্ৰভ কৰি তুলিব পাৰিব। ইন্টাৰনেটৰ জৰিয়তে বিভিন্ন শৈক্ষিক কাৰ্যক্ৰম, নীতিশিক্ষা পাব পৰা চিনেমা, চিৰযুগমীয়া গান, খেলা- ধূলা, পৃথিৱীৰ বিভিন্ন ধৰণৰ বা- বাতৰি, খা- খবৰ আদি ইন্টাৰনেটৰ জৰিয়তে লব পাৰি। ইন্টাৰনেটৰ এইবোৰ সুবিধা মিঠা সুবিধা বোলা হয়।

আনহাতে ইন্টাৰনেটৰ বহু অসুবিধাও আছে। ইন্টাৰনেটে নতুন প্ৰজন্মক কিতাপৰ জগতখনৰ পৰা, খেলা- ধূলা জগতখনৰ পৰা, সাহিত্য- সংস্কৃতিৰ পৰা বহু পৰিমাণে আঁতৰি আহিছে। তদুপৰি ইন্টাৰনেটৰ জৰিয়তে বহুতো ভুৱা বাতৰি প্ৰচাৰ হয়। এনেবোৰ ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰো উদাহৰণ আছে। গতিকে কোনেও যেন ইন্টাৰনেটৰ পৰা এনে পৰিস্থিতিৰ সন্মুখীন হবলগীয়া নহয় তাৰ বাবে সীমিত ভাৱে আৰু সচেতনতাৰ ব্যৱহাৰ কৰিব লাগে। ইন্টাৰনেটৰ এনে অসুবিধাবোৰক তিতা অসুবিধা বোলে।

) `ইন্টাৰনেটৰ তিতা মিঠাগল্পটোৰ নামকৰণ সাৰ্থকতা বিচাৰ কৰা।

উত্তৰঃ ইন্টাৰনেটৰ বিষয়ে ছাত্ৰ- ছাত্ৰীসকলক সাধাৰণভাৱে ধাৰণা এটি দিৱলৈ গৈ লেখিকা ড০ প্ৰণয়ী দত্তই এই গল্পটিৰ নাম `ইন্টাৰনেটৰ তিতা মিঠা’ ৰাখিব বুলি ধাৰণা কৰিলে। পৃথিৱীৰ সকলো বস্তুৰে ভাল- বেয়া দুয়োটা দিশ আছে। লেখিকা ড০ প্ৰণয়ী দত্ত নিজেও ইলেক্ট্ৰনিক মাধ্যমৰ হোৱা হেতুকে সেই মাধ্যমৰ সুবিধা- অসুবিধা দুয়ো দিশতে তেওঁ জ্ঞাত।

      ইন্টাৰনেটৰ বহুল প্ৰসাৰ তথা উপযোগিতাই মানুহৰ শ্ৰম লাঘৱ কৰি থাকোতে বিভিন্ন বতৰা দিৱলৈ সক্ষম হৈছে, কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ নজনাৰ বাবে বহুলোক বিশেষকৈ ছাত্ৰসমাজ বিভিন্ন ক্ষতিৰো মুখামুখি হৈছে

        এটা মূদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে। সূৰ্য সৰ্বশক্তিৰ আধাৰ। সূৰ্যৰ তাপ পোঁহৰ নথকা হলে এই ধৰাত জীৱ আৰু উদ্ভিদকুলৰ একো অস্তিত্ব নাথাকিলেহেঁতেন। আকৌ ইয়াৰ বিপৰীতফালে সূৰ্যৰ উৎকট তাপত জহকালি অামি বাটলৈ ওলাব নোৱাৰোঁ, ঠায়ে ঠায়ে মানুহ তথা জীৱ জন্তুৰ লগতে গছ- লতিকাও মৃত্যুমুখত পৰে।

একেদৰে ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। মিঠা সুবিধাসমূহে মানৱ সভ্যতাক উন্নতিৰ জখলাত তৃড়িত গতিৰে আগবঢ়াই নি উন্নতিৰ সপোণ ৰচিব পাৰিব। অৱেশ্যে এই সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবোৰ নিষ্প্ৰভ কৰি তুলিব লাগিব। এই ক্ষেত্ৰত পূৰ্ণমাত্ৰাই সফলতা তেতিয়াহে লাভ কৰিব পৰা যাব, তেতিয়া সেই বেয়া দিশ তথা কু- ব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ সকলোৱে দৃঢ়প্ৰতিজ্ঞ হব। ইন্টাৰনেটৰ বিভিন্ন ৱেবচাইটসমূহৰ জৰিয়তে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা- নিৰীক্ষাৰ বিষয়েও জানিব পাৰি। মনোৰঞ্জনৰ বাবে নীতিশিক্ষা থকা পুৰণি চিনেমা, সু- গায়ক গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা- ধূলাও উপভোগ কৰিব পাৰি। মুঠতে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ জ্ঞান আৰু খা- খবৰ ইন্টাৰনেটৰ জৰিয়তে লব পাৰি বুলি লেখিকা গৰাকীয়ে উল্লেখ কৰিছে। ইন্টাৰনেটৰ এনে সুবিধাবোৰক মিঠা সুবিধা বোলা হৈছে।

ইন্টাৰনেটৰ আনহাতে কিছুমান অসুবিধাও আছে। ইন্টাৰনেটে এতিয়াৰ নতুন প্ৰজন্মক কিতাপৰ জগতৰ পৰা, খেলা- ধূলাৰ জগতখনৰ পৰা, সাহিত্য- সংস্কৃতি আদিৰ পৰা বহুত আতৰাই আনিছে। ইন্টাৰনেটৰ জৰিয়তে কিছুমান মিছা তথা ভুৱা বাতৰিৰ প্ৰচাৰ হয়। এনেবোৰ ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰো উদাহৰণ আছে। গতিকে কোনেও যেন ইন্টাৰনেটৰ পৰা এনে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হবলগীয়া নহয় তাৰ বাবে সীমিতভাৱে আৰু সচেতনাৰে ব্যৱহাৰ কৰিব লাগে। ইন্টাৰনেটৰ এনেবোৰ অসুবিধাকে তিতা অসুবিধা বোলা হয়। সেইবাবে এই গল্পটোৰ নাম `ইন্টাৰনেটৰ তিতা মিঠা’ নামেৰে সাৰ্থক কৰা হৈছে।

)ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা।

উত্তৰঃ ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ- ছাত্ৰীৰ জীৱনত অধিক প্ৰভাৱ পেলাব পাৰে। ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ- ছাত্ৰীয়ে সাধাৰণতে দৈনন্দিন জীৱনত কৰিবলগীয়া বহুতো কাম- কাজ, খেলা- ধূলা ইত্যাদি বিভিন্ন ধৰণৰ প্ৰয়োজনীয় কৰ্মৰ পৰা বিৰত ৰাখে। সাধাৰণতে আজিকালিৰ ছাত্ৰ- ছাত্ৰীয়ে ইন্টাৰনেটত গেম খেলি আনন্দ পায়। ইয়াৰ ফলত ছাত্ৰ- ছাত্ৰীৰ পঢ়া- শুনাৰ প্ৰতি মনোযোগ একেবাৰে কমি যায়। কোনোধৰণৰ অনুষ্ঠান- উৎসৱত আজিকালিৰ লৰা- ছোৱালীয়ে ভাগ লবলৈ উৎসাহ নেদেখুৱায়। ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰ ফলত চকু আৰু মগজুৰ যথেষ্ট ক্ষতি হোৱা দেখিবলৈ পোৱা গৈছে লৰা ছোৱালীৰ। ইন্টাৰনেটৰ ব্যৱহাৰৰ ফলত আপোনজনক মাত এষাৰ দিবলৈ তেওঁলোকে পাহৰি যায়। ইন্টাৰনেট সংলগ্ন ম’বাইল চাই চাই যাওঁতে বহুতো পথ দুৰ্ঘটনাতো পৰা দেখা গৈছে। বহু সময়ত ইন্টাৰনেটৰ প্ৰচাৰিত ভুৱা বাতৰিৰ প্ৰভাৱত সমাজত নানা সংঘৰ্ষ হোৱাও দেখা গৈছে।

ভাষা বিষয়ক প্ৰশ্ন উত্তৰ

বাক্য ৰচনা কৰাঃ চিনাকি- অচিনাকি, অলীক- সপোন, নাকে- মুখে, পৰীক্ষা- নিৰীক্ষা।

উত্তৰঃ

চিনাকিঅচিনাকিঃ  ইন্টাৰনেটৰ জৰিয়তে চিনাকি- অচিনাকি বহুতো লোকক লগ পোৱা যায়।

অলীকসপোনঃ ভালদৰে পঢ়া- শুনা নকৰি চৰকাৰী চাকৰি পাব বিচৰাটো অলীক- সপোনৰ লেখিয়া।

নাকেমুখেঃ বিদ্যালয়লৈ যোৱাৰ সময়ত সদায় নাকে- মুখে এমুঠি গুজি যাবলগীয়া হয়।

পৰীক্ষানিৰীক্ষা :- ইন্টাৰনেটৰ জৰিয়তে মীনাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা- নিৰীক্ষাৰ বিষয়ে শিকি ললে।

অৰ্থ লিখা : ক্ষতি, বিজুতি, গুণা- গঁথা, উদাস, পঞ্জীভূত।

উত্তৰঃ

ক্ষতি – নাশ, ধ্বংস, হানি, অনিষ্ট।

বিজুতি – যন্ত্ৰ আদিত ওলোৱা বেমাৰ।

গুণা- গঁথা – চিন্তা- চৰ্চা।

উদাস – অনুৰাগহীন।

পঞ্জীভূত – সঞ্জিত।

অতিৰিক্ত প্ৰশ্নোত্তৰ

) `ইন্টাৰনেটৰ তিতা মিঠাপাঠটোৰ ৰচক কোন?

উত্তৰঃ `ইন্টাৰনেটৰ তিতা মিঠা’ পাঠটোৰ ৰচক হল – ড০ প্ৰণয়ী দত্ত।

) ড০ প্ৰণয়ী দত্তই কি বিষয়ত গৱেষণা কৰি পি এইছ ডি ডিগ্ৰী লাভ কৰিছিল?

উত্তৰঃ `মহাজাগতিক ৰশ্মিৰ ৰেডিঅ’ বিকিৰণ এই বিষয়ত ডিগ্ৰী লাভ কৰিছিল।

) ইন্টাৰনেট (Internet) চমুকৈ কি বুলি কোৱা হয়?

উত্তৰঃ ইন্টাৰনেটক চমুকৈ নেট (Net ) বুলি কোৱা হয়।

) ভাইৰাছ (Virus) সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ ভাইৰাছ (Virus) ৰ সম্পূৰ্ণ ৰূপটো হল – Vital information resources under seize

) কুঁৱলীৰ বান্ধৱী শ্বেৰণে কলৈ পঢ়িবলৈ গৈছিল?

উত্তৰঃ কুঁৱলীৰ বান্ধৱী শ্বেৰণে মস্কোলৈ পঢ়িবলৈ গৈছিল।

)কুঁৱলী কি ব্যৱহাৰ কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছিল?

উত্তৰঃ কুঁৱলী ইন্টাৰনেট ব্যৱহাৰ কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছিল।

) কিহৰ সমষ্টিয়েই ইন্টাৰনেট হৈছে?

উত্তৰঃ হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইন্টাৰনেট।

) ইন্টাৰনেটত পোৱা উৰাবাতৰি সম্পৰ্কে কুঁৱলীহঁতক কোনে বুজাই দিছিল?

উত্তৰঃ স্কুলৰ ময়ুৰী বাইদেৱে।

) শ্বাবানা বাইদেউৰ পৰা উপদেশ পাই কুঁৱলীয়ে কালৈ মেইল কৰিলে?

উত্তৰঃ তাইৰ সকলো বন্ধু- বান্ধৱীলৈ।

Watch Video Class

শেষবাক্য

আজি আমি আলোচনা কৰিলোঁ ইণ্টাৰনেটৰ তিতা মিঠা (Class 10 Assamese Chapter 9 Question Answer) যত পাঠ্য পুথিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ পিছতো অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰ ইয়াত আলোচনা কৰা হল যি HSLC 2024 EXAM ৰ বাবে অতি গুৰুত্বপূৰ্ণ। আশা কৰো AssameseMedeum এ যি প্ৰয়াস কৰি আছে তাৰ পৰা আপোনালোকে অলপ হলেও উপকৃত হব পাৰিব। যদি আপুনি Assamese Medium ই যোগান ধৰা প্ৰশ্ন উত্তৰৰ দ্বাৰা উপকৃত হৈ আছে তেন্তে Share কৰো আহক যাতে আন ছাত্ৰ ছাত্ৰী সকল উপকৃত হব পাৰে।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

3 thoughts on “Class 10 Assamese Chapter 9 Question Answer | ইণ্টাৰনেটৰ তিতা মিঠা”

Leave a Comment