অসমৰ প্ৰাকৃতিক সম্পদ | অসমৰ বনজ সম্পদ

আপুনি যদি Assamese Medium নামৰ এই শিক্ষামূলক ৱেবচাইটত অসমৰ প্ৰাকৃতিক সম্পদ পঢ়িব আহিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই। আজি আমি আপোনালোকৰ বাবে অসমৰ প্ৰাকৃতিক সম্পদ লৈ আহিছোঁ যিয়ে আপোনাক আগন্তুক HSLC Final Exam ত বাৰুকৈ সহায় কৰিব।

আৰম্ভণি : অসমৰ প্ৰাকৃতিক সম্পদ

প্ৰকৃতিৰ বুকুত উদ্ভূত সম্পদৰাজিয়েই প্রাকৃতিক সম্পদ। উৎস আৰু শ্রেণী অনুযায়ী এই সম্পদ-বনজ, প্রাণিজ আৰু খনিজ হ’ব পাৰে। কৃষিজাত সম্পদৰ কথা বাদ দি আমি ইয়াত বাকীকেইবিধ সম্পদৰ বিষয়ে আলোচনা কৰিম।

বনজাত সম্পদত অসম অতুলনীয়। প্রকৃতিয়ে অতুল বৈভৱেৰে অসমক ঐশ্বর্যশালী কৰি স্ৰজন কৰিছে। অসমৰ প্রতিটো সেউজীয়া বিন্দুৱেই একোটা অমূল্য সম্পদৰ ভাণ্ডাৰ।’ অসমৰ পৰ্বতে-পাহাবে, পাহাৰৰ নামনিত, ভৈয়ামৰ বিভিন্ন প্রান্তত শত-সহস্র মূল্যবান কাঠ আছে। শাল, সোণাৰু, বন বগৰী, আজাব, নাহৰ, গমাৰি, কৰৈ, গন্ধসবৈ, বনচোম, শ্যাম, চেগুন, অগৰু, চন্দন, তিতাচঁপা, হালধিচম্পা, শিমলু, পমা আদি অলেখ কাঠৰ অৰণ্য অসমৰ বুকুত বিৰাজমান। ঘৰ সজাৰ বিভিন্ন সঁজুলি আৰু নানা তৰহৰ আচ্ত্বাব-পত্ৰৰ বাবে এইবোৰ অমূল্য সম্পদ ভাৰতৰ বিভিন্ন ৰাজ্যলৈ ৰপ্তানি হয়; পূর্বতে ৰে’লৰ শ্লিপাৰ আদি অসমৰ কাঠৰপৰা তৈয়াৰ হয়। অগৰু, চন্দন আদি কাঠৰপৰা সুগন্ধি আতৰ, ধূপকাঠী আদি তৈয়াৰ হয়। শিমলু কাঠ জুইশলা শিল্পত প্ৰচুৰ পৰিমাণে ব্যৱহৃত হয়। শিমলু কাঠক জুইশলা শিল্পৰ প্ৰাণ বুলি ক’লেও বঢ়াই কোৱা নহয়। শ্যাম কাঠৰ নাও উৎকৃষ্ট।

অসমৰ হাবিত প্ৰচুৰ পৰিমাণে বাঁহ আৰু বেত পোৱা যায়। বাঁহ-বেতৰ চাহিদা, ৰাজ্যখনৰ ভিতৰত যিদৰে প্ৰভূত, সেইদৰে ৰাজ্যৰ বাহিৰতো প্রভূত। কাগজ উৎপাদনৰ কাৰণে কাঠ আৰু বাঁহ দুয়োটাই অতীর প্রয়োজনীয়। অসমৰ কাঠ, বাঁহ আদিৰ উৎপাদনলৈ চাই অসমত কেইবাটাও কাগজৰ কল স্থাপনৰ সম্ভাৱনীয়তা নুই কৰিব নোৱাৰি। অসম আৰু বিহাৰৰ দ্বাৰভাংগাৰ যুটীয়া প্রচেষ্টাত গোৱালপাৰা জিলাৰ যোগীঘোপাত “অশোক পেপাৰ মিল” নামৰ এটা কাগজৰ কল প্রতিষ্ঠা হৈ বর্তমান বন্ধ হৈ আছে। মৰিগাঁও জিলাৰ জাগীৰোড আৰু কাছাৰতো আন দুটা কাগজৰ কল প্রতিষ্ঠা হৈ নামত কাগজল কল আছে যদিও উৎপাদন বন্ধ হৈ আছে। কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে অসমত অধিক বাঁহ উৎপাদনৰ আঁচনি লৈ কাগজ কলকেইটা পুনৰ উৎপাদনশীল অৱস্থালৈ আনি অসমৰ বাঁহব সঠিক ব্যৱহাৰযোগে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানতো অৰিহনা যোগোৱাৰ আঁচনি গ্ৰহণ কৰা উচিত। তদুপৰি সমগ্ৰ ভাৰতব্যাপী বাঁহ-বেত শিল্প গঢ়ি উঠিছে অসমৰ উৎপাদনৰ গইনা লৈয়ে।

এহবোৰৰ বাহিৰেও অসমৰ হাবিত প্ৰচুৰ পৰিমাণে ইকৰা, নল, খাগৰি, খেৰ পোৱা যায়। এইবোৰ গৃহনির্মাণৰ কাৰণে অত্যাৱশ্যকীয় সামগ্রী। তদুপৰি অসমৰ অৰণ্যত প্ৰচুৰ পৰিমাণে শাক-পাচলি আৰু ঔষধজাতীয় উদ্ভিদ আছে। এইবোৰ সম্পদৰপৰা এফালে চৰকাৰে লাখ লাখ টকাৰ ৰাজহ লাভ কৰিছে, আনফালে অসমীয়া জাতিয়ে এইবোৰ সম্পদ আহৰণ কৰি লাভবান হৈছে। নানা ফল-মূল জাতীয় উদ্ভিদো অসমৰ হাবিত উভৈনদী হৈ আছে।

আন এবিধ বনজাত সম্পদ হৈছে বনৰীয়া জীব-জন্তু। হাতী, গঁড়, বাঘ, ভালুক, বান্দৰ, সাপ, নেউল, পহু, গাহৰি আৰু ধনেশ, ম’ৰাচৰাই, হাঁহ, কাউৰী, শগুণ, ভাটো, মইনা, কুলি, কেতেকী আদি অলেখ পশু-পক্ষী অসমৰ হাবিত উভৈনদী হৈ আছে। হাতী, গঁড়, বাঘ, পহু অসমৰ বহুমূলীয়া সম্পদ। বিশেষকৈ এশিঙীয়া গঁড় পৃথিৱীৰ ভিতৰতে এক দুর্লভসম্পদ। এইবোৰ জীৱ-জন্তু বিদেশলৈ ৰপ্তানি কৰি অসমে কোটি কোটি টকা উপার্জন কৰে। হাতীৰ দাঁত আৰু গঁড়ৰ খজ্ঞাও বহুমূলীয়া সম্পদ।

সমগ্ৰ অসমৰ নদ-নদী, বিল-খালবোৰত মাছ-কাছ উভৈনদী। এইবোৰো অসমৰ এক বৃহৎ পৰিমাণৰ প্ৰাকৃতিক সম্পদ। প্রকৃতিৰ বুকুত স্বয়ংপালিত এইবিধ সম্পদৰপৰা বৃহৎ পৰিমাণৰ ৰাজহ অসমৰ ৰাজভঁৰাললৈ আহে আৰু ই সমগ্র অসমীয়া জাতিবে সুখাদ্য। ইয়াৰ উন্নয়নৰ বাবে চৰকাৰে কৃত্রিম উপায়েৰে প্ৰজনন ব্যৱস্থা কৰি অধিক উৎপাদনৰ ব্যৱস্থা লৈ অসমৰ মাছৰ চাহিদা পূৰণ কৰাৰ আঁচনি কার্যকৰী কৰিব লাগে।

অসমৰ আন এবিধ অতি মূল্যবান সম্পদ হৈছে লা। ই অৱশ্যে উদ্ভিদ আৰু প্ৰাণী উভয়ৰ মিশ্রিত প্রক্রিয়াৰ দ্বাৰা উদ্ভূত। এবিধ গছত বর্ধিত কীটৰ আঠাৰপৰা লা হয়। ইয়াৰপৰাও অসমৰ যথেষ্ট আয় হয়। এই লা শোধন কৰাৰ ব্যৱস্থা বর্তমান অসমত নাই বাবে প্ৰায়বোৰ অশোধিত লা বাহিৰলৈ পঠোৱা হয়। চাপৰমুখত থকা একমাত্ৰ কাৰখানাটোও লা যোগানৰ অসুবিধাৰ অজুহাতত বাহিৰলৈ স্থানান্তৰিত কৰা হ’ল। অথচ প্ৰচুৰ পৰিমাণৰ অশোধিত লা প্রতি বছৰে অসমৰ বাহিৰলৈ যাব লাগিছে।

ধুনাও এবিধ উদ্ভিদজাত বনজ সম্পদ। ইয়াৰ চাহিদা সদৌ ভাৰততে আছে। সেইবাবে প্ৰচুৰ পৰিমাণৰ ধূনাও বপ্তানি কৰা হয়। খনিজ পদার্থ অসমৰ আটাইতকৈ মূল্যবান সম্পদ। এই সম্পদতো অসম অতিশয় চহকী। ভাৰতৰ খনিজ সম্পদব ইতিহাসত অসমৰ কেৰাচিন আৰু পেট্র’লৰ কাহিনী সর্বপ্রথমতে সোণালী আখৰেৰে লিখা ব’ব চিৰদিন। এনে এটা সময় আছিল, যি সময়ত কেবল ডিগবৈৰ কেৰাচিন তেলেৰেই ভাবত পোহৰাবলগা হৈছিল। অসমৰ ডিগবৈ, নাহৰকটীয়া, মৰাণ, লাবুরা, গ্রীজান, গেলেকী আৰু ৰদ্রসাগৰত প্ৰচুৰ পৰিমাণৰ কেৰাচিন তেলৰ পুং আবিষ্কৃত হৈছে। বিশেষজ্ঞসকলৰ জৰীপ

মতে সমগ্র ব্রহ্মপুত্র উপত্যকাতে বিৰাট পৰিমাণৰ তেলৰ সাগৰ থকা বুলি জনা গৈছে। অসমৰ তেল শোধন কৰিবৰ কাৰণে ডিগবৈত থকা পূর্বৰ শোধনাগাৰৰ বাহিৰেও গুৱাহাটীৰ নুনমাটি আৰু গোলাঘাটৰ নুমলীগড়ত শোধনাগাৰ স্থাপিত হৈছে গোৱালপাৰা জিলাৰ বঙাইগাঁবতো পেট্রোকেমিকেল কমপ্লেক্স স্থাপিত হৈছে। তেল আৰু প্রাকৃতিক গেছৰ অনুসন্ধানৰ বাবে দুলীয়াজানত তেল আৰু প্রাকৃতিক গেছ আয়োগৰ কেন্দ্র প্রতিষ্ঠিত হৈছে। ডিব্ৰুগড় জিলাৰ লেপেটকতাত গেছ ক্রেকাব প্রকল্প প্রতিষ্ঠা হৈছে। অতিৰিক্ত খাৰুৱা তেলবোৰ বৰ্তমান বাৰাউনী আৰু হলদিয়ালৈ নি শোধন কৰা হৈছে। অসমৰপৰা আহৰণ কৰা এই সম্পদ অসমতে আৰু অধিক শক্তিসম্পন্ন শোধনাগাৰ প্ৰতিষ্ঠা কৰি শোধন কৰাৰ ব্যৱস্থা কৰা হ’লে অসমৰ অজস্র নিবনুৱাৰ কৰ্ম সংস্থান হ’লহেঁতেন। অসমৰ যাতায়াত ব্যবস্থা উন্নত নোহোৱাৰ অজুহাত দেখুৱাই কেন্দ্ৰীয় চৰকাৰে অসমতে এই অতিৰিক্ত খাৰুৱা তেলৰ বাবে নতুন শোধনাগাৰ প্ৰতিষ্ঠা নকৰি অসমক সদায় প্রবঞ্চনা কৰি অহাটো অতি পৰিতাপৰ কথা।

কয়লা অসমৰ দ্বিতীয় শ্রেষ্ঠ খনিজ সম্পদ। লিডু, মাৰ্ঘেৰিটা, বৰগোলাই, টিপং, মাকুম অঞ্চলত ইয়াৰ খনি আছে। কয়লাৰপৰা কুৎসিত আলকাতৰাকে আৰম্ভ কৰি নানা বিধ সুগন্ধি মচলা, বং আৰু চেকাবিন তৈয়াৰ হয়।

ইয়াৰ বাহিৰেও অসমৰ বিস্তীর্ণ অঞ্চলজুৰি প্ৰচুৰ পৰিমাণে চূণশিল আৰু বালিচন্দা পোৱা যায়। কামৰূপ আৰু গোৱালপাৰা জিলাৰ সীমান্তৰ এক বিস্তীর্ণ অঞ্চলত “ফুলাৰ্চ আর্থ” সঞ্চিত হৈ আছে। বহা অঞ্চলৰ শ্রীটিকেন্দ্র সিংহ বজা নামৰ এজন লোকে ইয়াৰ খনি উদঘাটন কবি আহৰণৰ ব্যৱস্থা হাতত লৈছিল; কিন্তু মূলধনৰ অভাৱত কাৰখানা স্থাপন কৰিব নোৱাৰাত এই বহুমূলীয়া সম্পদবিধ কামত প্রয়োগ কৰিব পৰা হোৱা নাই।

গোৱালপাৰাৰ কোনো পাহাৰৰ শিৰত সোণৰ সন্ধানো পোৱা গৈছিল; কিন্তু তাক আহৰণ কৰাৰ বা প্রকৃততে কিমান পৰিমাণৰ সোণ উৎপাদন হ’ব পাৰে তাৰ জৰীপ কৰাৰ ব্যৱস্থা হৈছে নে নাই জনা নাযায়। সোৱণশিৰি নৈৰ বালিত সোণৰ ঢেঁকুৰা পোৱা যায়। পুৰণিকালত সোণোৱালসকলে যথেষ্ট পৰিমাণৰ সোণ তাৰপৰা আহৰণ কৰিছিল। অথচ ইয়াৰ উৎস ক’ত আৰু ব্যবসায়িক ভিত্তিত আহৰণ কৰিব পৰা যায় নে নাযায়, তাৰ গৱেষণা সম্ভবতঃ আজিলৈকে হোৱা নাই। অসমীয়া মানুহে অসমৰ বুকুৰপৰাই লোহাও আহৰণ কৰিছিল।

অসমৰ পাহাৰীয়া অঞ্চলত চিলিমিনাইটো পোৱা যায়। গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চলত তামৰ খনি থকাৰো সন্ধান পোৱা গৈছিল। আনকি বিশেষজ্ঞসকলে এই মত পোষণ কৰে যে সমগ্ৰ অসমৰে গৰ্ভত প্ৰচুৰ পৰিমাণৰ খনিজ সম্পদৰ এক অক্ষয় ভাণ্ডাৰ অনাবিষ্কৃত অৱস্থাত আছে, যাৰ উদ্‌ঘাটন সম্ভৱ হ’লে অসমৰ “সোণৰ অসম” নাম কল্পনাৰ শীৰ্ষ বিন্দুৰপৰা নামি আহি বাস্তৱৰ আকাশলংঘী গৰিমাৰে মহিমামণ্ডিত হ’ব।

কিন্তু দুখৰ বিষয় আমি অসমীয়াই আজি “সোৱণশিৰিৰ সোণৰ ঢেঁকুৰা বুটলিব কোনে?”- বুলি গীতৰ ৰাগিণী তুলিয়েই ক্ষান্ত আছোঁ। তাক বাস্তৱত ৰূপায়িত কৰাৰ সৎ সাহস, সামর্থ্য আমি গোটাব পৰা নাই।

প্রকৃতিয়ে বনজ, প্রাণিজ, খনিজ অজস্র সম্পদেৰে অসমী আইক কেঁচা সোণ, বগা সোণ, ক’লা সোণৰ অক্ষয় ভাণ্ডাৰ কৰি স্ৰজন কৰিছে। কিন্তু আমি দুখীয়া অসমীয়া জাতিয়ে এই অক্ষয় ভাণ্ডাৰৰ অক্ষয়-অব্যয় সোণবোৰ আহৰণ কৰি অসমীক বৈভৱশালী কৰি তুলিব পৰা নাই। প্রকৃতিয়ে অযাচিতে আগবঢ়াই দিয়া অমূল্য অৱদানখিনি আহৰণ কৰি আমি জাতীয় জীৱন সমৃদ্ধ কৰিব নোৱৰাটো কাপুৰুষালিৰ বাহিৰে কি হ’ব পাৰে?

উন্নয়নৰ উপায় আৰু মন্তব্য:

এই সম্পদবোৰ আহৰণ কৰিবলৈ আৱশ্যকীয় যন্ত্রপাতি আমদানি কৰা প্রয়োজন। তাৰ কাৰণে যাতায়াত ব্যৱস্থা উন্নত হ’ব লাগিব। উপযুক্ত থলুৱা বিজ্ঞানী, বিশেষজ্ঞ, কাৰিকৰ লাগিব। চৰকাৰে শিক্ষিত নিবনুৱা যুৱকসকলক উপযুক্ত প্রশিক্ষণ দিয়াই অনাৰ ব্যৱস্থা কৰিব লাগে; আৱশ্যকীয় মূলধনৰ ব্যৱস্থা কৰিব লাগে। এই প্রচেষ্টা অকল ৰাজ্য চৰকাৰে আগবঢ়ালেই নহ’ব, কেন্দ্রীয় চৰকাৰেও এই উদ্যোগৰ ক্ষেত্ৰত অনুন্নত ৰাজ্যখনৰ সম্পদসমূহ আহৰণৰ কাৰণে, ঔদ্যোগিক বিকাশৰ কাৰণে আৰু অনগ্ৰসৰ পূৰ্বাঞ্চলৰ আৰ্থিক, সামাজিক উন্নয়নৰ কাৰণে হাত উজান দিব লাগিব। নহ’লে এই আপুৰুগীয়া অমূল্য সম্পদসমূহ চিৰদিন অৱহেলিত আৰু অনাবিষ্কৃতভারেই বৈ যাব; অঞ্চলটোৰ উন্নয়নো ব্যাহত হ’ব।

Scroll to Top