ADVERTISEMENT

সংবিধানৰ আদৰ্শ | Ideals of Constitution

যদি আমি ভাৰতীয় সংবিধানৰ আদৰ্শ (Ideals of Indian Constitution Class 10 Social Assamese Medium) আৰু লক্ষ্য জানিব বিচাৰো তেন্তে আমি সংবিধানৰ প্ৰস্থাৱনা (preamble of Indian constitution) ৰ বিষয়ে আহা জানি লওঁ।

প্ৰস্থাৱনা হল সংবিধানৰ পাতনি। যেনেদৰে যিকোনো এখন কিতাপৰ পাতনিত চমুকৈ কিছু কথা লিখা থাকে, যত চমুকৈ কৈ থাকে কিন্তু সকলো কথাই বুজাই দিয়ে কিতাপৰ ভিতৰত কি আছে। ঠিক তেনেদৰে ভাৰত বৰ্ষৰ সংবিধানৰ প্ৰস্থাৱনাতো সংবিধানৰ মূল বিষয় বস্তু ( আদৰ্শ আৰু লক্ষ্য)ৰ বিৱৰণ আছে। যাৰ বাবে প্ৰস্থাৱনাক সংবিধানক আত্মা (Soul) , বিবেক (Conscience),  দুৱাৰদলি (Threshold) আৰু চাবি – কাঠি (Keys) বুলি অভিহিত কৰিছে।

প্ৰস্থাৱনা খিনি জানিলে সংবিধানক জানিব পৰা যাব, কাৰণ প্রস্থাৱনাত প্ৰতিটো শব্দৰ মাজতেই আছে সংবিধানৰ আদৰ্শ, দৰ্শন অাৰু লক্ষ্য। ভাৰতৰ প্ৰস্তাৱনা “আমি ভাৰতীয় জনসাধাৰণ” (we the people of India)  বুলি আৰম্ভ হয় আৰু প্ৰতিটো শব্দত নিহিত হৈ আছে নিৰ্দিষ্ট আদৰ্শ। সংবিধান প্ৰস্তুত কৰা সকলে প্ৰস্তুত কৰা সময়ত প্ৰাচীন ভাৰতীয় সভ্যতা অাৰু সংস্কৃতিৰ ওপৰত গুৰুত্ব দিছিল।

প্ৰস্তাৱনাত  ‘আমি ভাৰতীয় জনসাধাৰনে‘ বুলি উল্লেখ কৰি সংবিধান প্ৰণেতা সকলে সংবিধানৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয়  জনগণৰ অাৰু সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি ভাৰতীয় জনগনেই এই কথা স্পষ্ট কৰিছে।

সংবিধানৰ আদৰ্শ
ADVERTISEMENT

সংবিধানৰ আদৰ্শ

এতিয়া আমি প্ৰস্তাৱনাত নো কি কি গুৰুতত্বপূৰ্ন শব্দ আছে আৰু যাৰ বাবে প্ৰস্তাৱনাক ভাৰতীয় সংবিধানৰ আত্মা বুলি কোৱা হয় তাৰ বিষয়ে আলোচনা কৰিম-

ADVERTISEMENT
ADVERTISEMENT

সাৰ্বভৌম ( Sovereign)

সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। অৰ্থাৎ ই বাহ্যিক অাৰু আভ্যন্তৰীণ ভাৱে কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়। সেয়ে ভাৰত বৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ।

সমাজবাদী ( Socialist)

সংবিধান ৰ ৪২ নং সংশোধনী আইনৰ জৰিয়তে ১৯৭৬ চনত এই সমাজবাদী শব্দ টো প্ৰস্তাৱনা ত সংযোজন কৰিছে। ইয়াৰ অর্থ হৈছে ভাৰতবৰ্ষৰ মানুহৰ মাজত আয়, মৰ্যদা আৰু জীৱনধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষম্য নাথাকিব।  উৎপাদনৰ আহিলা সমুহ জাতিয়কৰণ হব। জাতীয় আয়ৰ সমবিতৰণৰ ব্যৱস্থা আৰু মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা হব। দেশৰ অৰ্থনীতি জনসাধাৰণে নিৰ্ধাৰণ কৰিব । ইয়াত পুঁজিপতিৰ দ্বাৰা দেশৰ অৰ্থনীতি নিৰ্ধাৰণ নহব।

ধৰ্মনিৰপেক্ষ (Secular)

ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ । ইয়াত চৰকাৰী কোনো ধৰ্ম নাথাকিব।  চৰকাৰৰ দৃষ্টিত  সকলো ধৰ্ম সমান আৰু ধৰ্ম ৰ নামত কোনো বৈষম্য নাথাকিব। এই শব্দটো প্ৰস্তাৱনা ত ৪২ নং সংশোধনী মতে সন্নিবিষ্ট কৰিছে । চৰকাৰে কোনো ধৰ্ম ৰ প্ৰতি বিশেষ অনুগ্ৰহ প্ৰদৰ্শন কৰিব নোৱাৰিব।

গণতান্ত্ৰিক (Democratic)

দেশৰ শাসন ব্যৱস্থা জনসাধাৰণ ৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হব। জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজেই চলাব আৰু প্ৰশাসন জনসাধাণৰ ওচৰত দায়বদ্ধ হব।

গণৰাজ্য ( Republic)

ভাৰত বৰ্ষ এখন গণৰাজ্য। দেশ খনৰ ৰাষ্ট্ৰপ্ৰধান ( ৰাষ্ট্ৰপতি) জন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হব। আৰু এই ৰাষ্ট্ৰপ্ৰধান জন বংশানুক্ৰমিক নহব বা কোনোবাই বাছনি কৰা ব্যক্তি নহব।

        এইবোৰৰ উপৰিও প্ৰস্তাৱনা ত উল্লেখ আছে যে  ভাৰতৰ জনগণই ন্যায় ( Justice) , স্বাধীনতা (Liberty) , সমতা (Equality) , আৰু ভ্ৰাতৃত্ব (Fraternity) প্ৰতিষ্ঠা কৰিব।


অমি এতিয়ালৈকে আলোচনা কৰি আছিলো Ideals of the Constitution Class X আৰু আপুনি যদি ভাৰতীয় গণতন্ত্ৰ (Indian Constitution Class 10 Social Science) ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ PDF File ডাউনলোড কৰিব বিচাৰে তেন্তে তলত লিংক দিয়া আছে।

Download Now

ADVERTISEMENT

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment

ADVERTISEMENT