ADVERTISEMENT

মহৎ লোকৰ বাণী | Mohot Lukor Bani | মহান লোকৰ বাণী 2024-25

মহৎ লোকৰ বাণী যদিও Assamese Medium অৰ্থাৎ এই ৱেবচাইটৰ বাবে প্ৰয়োজনীয় বস্তু নহয় কিন্তু ই আন আন দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু। আমি যিহেতু Assamese Medium ত কেৱল ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষাৰ বিষয় বস্তু আলোচনা কৰো সেই দিশৰ পৰা ইয়াৰ কোনো গুৰুত্ব নাই বুলিয়ে কব লাগিব।

ইয়াত আমি কিছু দিন পিছে পিছে নতুন নতুন মহৎ লোকৰ বাণী সংযোজন কৰি থাকে। আপুনি যিকোনো সময়ত আহিলে Assamese Medium নামৰ এই শিক্ষামূলক ৱেবছাইটত নতুন নতুন মহান লোকৰ বাণী পাই থাকিব।

মহৎ লোকৰ বাণী
ADVERTISEMENT

নতুন কিছু মহৎ লোকৰ বাণী [February 2024]

  1. ভাগ্যক বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা তোমাৰ শক্তিক। — লক্ষ্মীনাথ বেজবৰুৱা
  2. পৃথিৱীৰ আটাইতকৈ বেয়া কাম আনৰ সুনাম নষ্ট কৰা ৷ — ৰামকৃষ্ণ পৰমহংস
  3. শিক্ষক হৈছে এডাল মমবাতিৰ দৰে, যি নিজে গলি আনক পোহৰ দিয়ে । — সুভাষ চন্দ্র বসু
  4. ৰাইজৰ মৰম-স্নেহেই ৰক্ষা কবচ ৷ ৰাইজৰ আশিষেই পাশুপাত অস্ত্ৰ ৷ এই ৰক্ষা কবচ পাশুপাত অস্ত্ৰৰ বলতে আমি সুস্থ, বলিষ্ঠ, নির্ভীক সৈনিক ৷ — বিষ্ণুৰাভা
  5. আনবোৰ নিচাই মানুহক তিলে তিলে ধ্বংস কৰে, কিন্তু কিতাপৰ নিচাই মানুহক নিত্য নৱৰূপত সৃষ্টি কৰে। প্রত্যেকখন ভাল কিতাপে মানুহৰ মনৰ দিগন্ত আগতকৈ কিছু বহল কৰি দিয়ে, তেওঁৰ চেতনা আগতকৈ কিছু প্ৰসাৰিত কৰি দিয়ে, তেওঁৰ কল্পনা আগতকৈ কিছু সমৃদ্ধ কৰি দিয়ে। — হোমেন বৰগোহাঞি
  6. আশা আছে বাবে পৃথিৱী ইমান ধুনীয়া ৷ —হেম বৰুৱা
  7. বিদ্যা তাকেহে বোলে যি মুক্তি দিব পাৰে। — হেমচন্দ্র গোস্বামী
  8. আমাক এনে শিক্ষা লাগে যাৰ দ্বাৰা আমাৰ সৎ চৰিত্ৰ গঠন হয়। যাৰ দ্বাৰা মানসিক বল বুদ্ধি হয়, যাৰ দ্বাৰা বুদ্ধিমত্তা প্ৰসাৰিত হ’ব আৰু যাৰ সহায়ত আমি নিজৰ ভৰিত থিয় দি আত্মনিৰ্ভৰশীল হ’ব পাৰো। — স্বামী বিবেকানন্দ
  9. বীৰত্বৰ বল প্রয়োগত নহয়, সংযমতহে ৷ —নবীন চন্দ্ৰ বৰদলৈ
  10. আমি এনে শিক্ষা বিচাৰোঁ যি শিক্ষাই আমাক চৰিত্ৰৱান হ’বলৈ শিকাব । মনৰ দৃঢ়তা বৃদ্ধি কৰিব, মেধাৰ প্ৰসাৰ ঘটাব আৰু নিজৰ ভৰিত ঠিয় হবলৈ সক্ষম কৰাব। — স্বামী বিবেকানন্দ
  11. জ্ঞানৰ আনন্দই নিজৰ আত্মাক তৃপ্তি দিয়ে। — ৰঘুনাথ চৌধুৰী
  12. ভাষা সাহিত্যৰ দেহ। —মিত্রদেৱ মহন্ত
  13. আদর্শ শিক্ষক সেই সকল যিসকলে শিক্ষার্থীক চিন্তা কৰিবলৈ শিকায়। – সৰ্বপল্লী ৰাধাকৃষ্ণন
  14. নোৱাৰা শব্দটো মুৰ্খৰ ভঁৰালত থাকে । – আব্ৰাহাম লিংকন।
  15. যি নিজস্বক হেৰুৱাই তেওঁ সকলো হেৰুৱাই । – মহাত্মা গান্ধী।
  16. মনত ৰাখিব – বন্ধু আহিব আৰু যাব , কিন্তু শত্ৰুৰ সংখ্যা সদায় বাঢ়ি গৈ থাকিব, ব্যক্তিগত নীৰৱতাৰ মাজত আৰু সিয়েই নিঃসংগতা সহ্য কৰিবলৈ ওআম াক শক্তি দিয়ে = ভি . এছ . প্ৰিছেত ।
  17. মৰমে ভাঙিব নোহোৱা ব্যৱধান একো নাই । – মহাত্মা গান্ধী।
  18. এনেকুৱা শিক্ষাৰ প্রয়োজন যি পৃথিৱীৰ মানুহৰ বাবে কল্যাণ হয়। – সৰ্বপল্লী ৰাধাকৃষ্ণন
  19. মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম ৷ – নেতাজী সুভাষ চন্দ্ৰ বসু।
  20. এজন অবিশ্বাসী বন্ধুতকৈ এজন বিশ্বাসী শত্ৰুই ভাল । – নেপলিয়ন।
  21. শিক্ষাৰ ঘাই শিপা ডাল বৰ তিতা কিন্তু ইয়াৰ ফল বৰ মিঠা। – এৰিষ্টটল।
  22. কাৰো অন্যায় নকৰিবা, মিছা কথা নকবা, হিংসা নকৰিবা । – বুদ্ধদেৱ।
  23. বেদনাই হ’ল প্ৰেমৰ সৰ্বোচ্চ উপহাৰ ৷ – কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ।
  24. যাৰ ধৈৰ্য্য আছে তেওঁ বিচৰা বস্তু সকলো পাব পাৰে । – ফ্ৰেংকলিন।
  25. আনক কোৱাতকৈ নিজে কৰাটো ভাল । – ব্ৰাউন্ড ৰাছেল।
  26. আমি এনেকুৱা শিক্ষা বিচাৰো, যি নৱপ্রজন্মক সামাজিক আৰু অর্থনীতিৰ ক্ষেত্রত পৰিবর্তন আনিবলৈ সক্ষম হ’ব। – সৰ্বপল্লী ৰাধাকৃষ্ণন
  27. স্বাধীনতা আমাৰ জন্মগত অধিকাৰ । – তিলক
  28. খং আৰু অসহিষ্ণুতা হৈছে জ্ঞান লাভৰ প্ৰধান শত্ৰু । – মহাত্মা গান্ধী।
  29. মহিলাক ভুল নুবুজিব । মহিলাই সকলোকে ক্ষমা কৰি দিয়ে । অন্যথা মানৱ জাতি
  30. কাহানিবাই নিঃশেষ হৈ গ’লহেঁতেন। – ৰবাৰ্ট এ. হেইনলেন ।
  31. যি নিজৰ দেশক ভাল নাপাই সি একোকে ভাল নাপায়। – বাইৰণ।
  32. পঢ়নৰ পৰা দূৰৈৰ মানিক হাততে পোৱা যায় । –সত্যনাথ বৰা
  33. ভাষাৰ বাপেক ভাৱ আৰু ককাক জ্ঞান। – কমলা কান্ত ভট্টাচার্য্য।
  34. জীৱনত কোনো সুোগ – সুবিধা নাপালোঁ বুলি কোনো মহত লোকে আপত্তি কৰাৰ উদাহৰণ নাই । – আৰ . ডব্লিউ . এমাৰছন ।
  35. যিতো শক্তিয়ে পৃথিৱীখন শাসন কৰে , সেইটো হ’ল মানুহৰ আচৰণ । সেই আচৰণ নৈতিক আৰু অনৈতিক দুয়োটাই হ’ব পাৰে । – নিকোলাছ মূৰে বাটলাৰ ।
  36. সৰ্বসাধাৰণ জনতাৰ সহ্য গুণ অসাধাৰণ । জনতাই সকলোকে ক্ষমা কৰি দিয়ে – প্ৰতিভাশালী বা মহতজনক কোনো দিনে ক্ষমা নকৰে । – অস্কাৰ ৱাইল্ড ।
  37. ব্যাপক জ্ঞান নথকা লোকৰ হাতত বিদ্যাৰ ক্ষমতা পৰা অনুচিত । – গুনাভিৰাম বৰুৱা ।
  38. আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্র গঠন হয়। – আনন্দ চন্দ্র আগৰৱালা।
  39. বিশ্ব পুথিৰ উপদেশ শিলৰ ৰেখা। –সত্যনাথ বৰা
  40. অপ্ৰয়োজনত পশুৱে আন পশুৰ পৰা বিৰত থাকে । – স্বামী বিবেকানন্দ ।
  41. অভাৱ , দৰিদ্ৰ আৰু বৈষম্যৰ মাজত কোনো গণতন্ত্ৰ সৰহকাল তিষ্ঠি থাকিব নোৱাৰে । – জৱাহৰলাল নেহৰু
  42. বিবেকেই জীৱনৰ গুপ্ত আদালত । – হেমচন্দ্ৰ গোস্বামী ।
  43. মানুহৰ ভূল – ভ্ৰান্তিৰ পৰা চৰিত্ৰ জানিব পাৰি । – কনফুচিয়াচ ।
  44. আমি দুখীয়া হ’ব পাৰোঁ , কিন্তু যাতে অসত নহও তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব । – মাও জে দং ।
  45. তোমাৰ যদি আত্মবিশ্বাস আছে তেন্তে লোকৰ সন্দেহলৈ ভয় নকৰিবা । – ৰুদয়াৰ্ড কিপলিং ।
  46. কোনো এঠাইৰ অন্যায় নহয় , সকলো ঠাইৰ ন্যায়ৰ প্ৰতি এক ভাবুকি । – মাৰ্টিন কিং লুথাৰ ।
  47. ক্ষমাৰে খঙক প্ৰতিহত কৰিবা । –মহাত্মা গান্ধী ।
  48. ভুলকৈ জনাতকৈ একো নজনাই ভাল । – শ্বেইক্সপীয়েৰ ।
  49. পৰিশ্ৰমেৰে সকলোৰে মন জয় কৰিব পাৰি । – হোমাৰ ।
  50. জণগণৰ ইচ্ছাই শ্ৰেষ্ঠ আইন । – ইউ . এছ . গ্ৰেট ।
  51. আশা আছে বাবে পৃথিৱীখন বৰ ধুনীয়া । – হেম বৰুৱা ।
  52. মানুহ এজনক তেওঁৰ উত্তৰৰ দ্বাৰা নহয় , তেওঁৰ প্ৰশ্নৰ দ্বাৰাহে বিচাৰ কৰিব লাগে । – ভলটেয়াৰ ।
  53. বন্ধুত্ব হৈছে দেহত বাস কৰা এটা আত্ম। – এৰিষ্টটল
  54. মুৰ্খ আৰু অজ্ঞানীয়ে সত্য কি নাজানে । – বুদ্ধদেৱ ।
  55. এটা বন্দুকৰ গুলীতকৈ এটোপাল চিঞাহীৰ মূ্ল্য বেছি। – চেইন্ট টেৰেজা।
  56. বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা, সেৱাৰ ফল শান্তি ৷ – মাদাৰ টেৰেছা।
  57. শ্ৰদ্ধাৰে মানুহে কি কৰিব নোৱাৰে, সমস্তই কৰিব পাৰে । – মহাত্মা গান্ধী।
  58. বিৰহৰ এটোপাল চকুলো মিলনৰ হাজাৰ আনন্দতকৈ মহান । – হোমাৰ।
  59. প্ৰেমৰ আনন্দ অতি ক্ষণস্থায়ী, চিৰস্থায়ী প্ৰেমৰ বেদনাহে ৷ – ৰবীন্দ্ৰনাথ ঠাকুৰ।
  60. এজন অসৎ লোকৰ লগত ফুৰাতকৈ অকলে ফুৰাই ভাল । – হজৰত মহম্মদ।
  61. কুসংষ্কাৰ হল পৃথিৱীৰ সৱাতোকৈ ডাঙৰ বোজা । – সৰ্বপল্লী ৰাধাকৃষ্ণণ।
  62. সিদ্ধান্ত লব নোৱাৰা মানুহতকৈ দূৰ্ভগীয়া আন কোনো নাই । – উইলিয়াম জেমছ।
  63. মৃত্যুতকৈ কষ্টেৰে জীয়াই থাকিবলৈ বেছি সাহসৰ প্ৰয়োজন । – নেপোলিয়ন।
  64. যি চাকি নিজেই নজ্বলে আনক জ্বলাব কেনেকৈ । – সৰ্ব্বপল্লী ৰাধাকৃষ্ণন।
  65. তুমি য’লৈকে নোযোৱা কিয় বিলোৱা মাথোঁ প্ৰেম আৰু প্ৰেম ৷ – মাদাৰ টেৰেছা।
  66. ভালভাৱে জীৱন যাপন কৰিব বিচাৰিছা যদি সত্যক আকোঁৱালি লোৱা ৷ – প্লেটো।
  67. আমি যি জানো সি অতি সামান্য ৷ আমি যি নাজানো তাৰ সীমা নাই ৷ – পাৰলেচ।
  68. যি জনে মানুহৰ চিন্তা কৰিব নাজানে তেওঁ জীয়াই থাকিব নাজানে । – ভল্টেয়াৰ।
  69. ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰন কৰাই শ্ৰেয় । – মহাত্মা গান্ধী।
  70. যিমান পাৰা সিমান আগবাঢ়ি গৈ থাকা এয়েই ঈশ্বৰৰ বাণী । – ডঃ বানীকান্ত কাকতি।
  71. মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে – জৱাহৰলাল নেহৰু।
  72. অকণমান সাহসৰ অভাৱতেই পৃথিবীৰ বহুতো প্রতিভাৰ অপচয় ঘটে। – ছিডনি স্মিথ।
  73. যি মানুহৰ ধৈৰ্য শক্তি আছে, তেওঁৰ অসাধ্য একোৱে নাই ৷ – বেঞ্জামিন ফ্ৰেংকলিন।
  74. বিশ্বব্ৰক্ষ্মাণ্ড আৰু মানুহৰ মুৰ্খামি – এই দুযোতাই হ’ল অসীম । এই দুই অসীমৰ ভিতৰত প্ৰথমটো বিষয়ত মোৰ স্পষ্ট ধাৰণা নাই। – এলবাৰ্ট আইনষ্টাইন।
  75. নিৰক্ষৰতা মানেই জ্ঞানবিহীনতা নহয়। – ৰবীন্দ্ৰনাথ ঠাকুৰ
  76. সভ্যতাৰ লক্ষ্য হ’ল ৰাজনীতিক অন্তঃসাৰ কৰি তোলা আৰু বিজ্ঞান – কলাক জীনৱৰ অবিচ্ছেদ্য অংগ কৰি তোলা । – আৰ্থাৰ চিঞ্জলা ।
  77. তৰাবোৰ বহু দূৰত থাকে কাৰণেই আমি সিহঁতক সুন্দৰ আৰু নিষ্কলংক যেন দেখোঁ । কাৰণ সিহঁতৰ ব্যক্তিগত জীৱনৰ বিষয়ে আমি একো নাজানোঁ । – হাইনৰিখ হাইনে
  78. যি মানুহে নিজৰ অকৃতকাৰ্যতাৰ কাৰণে আনক দোষাৰোপ কৰে , তেনে মানুহে নিজৰ কৃতকাৰ্যতাৰ কাৰণেও আনকেই কৃতিত্ব দিয়া উচিত । –হাৱাৰ্ড নিউটন ।
  79. মৰমে মৰমৰ জন্ম দিয়ে। – ছফোপলছ
  80. জ্ঞানী লোক অসম্ভৱ ৰ ফালে ধাৱিত নহয়। – মেচিজাৰ
  81. “সকলো বস্তৱে কেচামাল হ’ল সময়। সময়ৰ সহায়েৰে সকলো সম্ভৱ, সময়ৰ অবিহনে একোৱেই সম্ভৱ নহয়।”। – আৰ্ণল্ড বেনেট।
  82. অধ্যয়নে এজন মানুহক সম্পূৰ্ণ মানৱ হিচাপে গঢ়ি তোলে । – ফ্ৰান্সিচ বেকন ।
  83. জ্ঞান মানুহক দিব নোৱাৰি উপলব্ধি কৰিব পাৰি: চক্রেটিছ
  84. আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ’ব তুমি নাজানা ৷ – হজৰত মহম্মদ।
  85. লোকৰ দোষ ধাৰাটো বুদ্ধিমানৰ কাম, কিন্তু নিজক নিৰ্দোষী কৰাটো তাতোকৈ বুদ্ধিমানৰ কাম”। – মহাত্মা গান্ধী।
  86. মানুহৰ এই জীৱন অনন্ত আৰু প্ৰেম অমৰ ৷ কিন্তু মৃত্যু ? আমাৰ দৃষ্টিৰে ঢুকি পোৱা দিগন্তই হ’ল মৃত্যু ৷ – ৰজিটাৰ ৰেমণ্ড।
  87. আন্ধাৰ আঁতৰাবলৈ যিদৰে পোহৰৰ প্ৰয়োজন তেনেদৰে ঘৃণা আঁতৰাবলৈ প্ৰয়োজন প্ৰেম ৷ – মাৰ্টিন লুথাৰ কিং।
  88. যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভূল কৰা নাই ইয়াৰ অৰ্থ হ’ল যে তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই ৷ – এৰিষ্ট’টল।
  89. পৰিস্থিতি যিমানেই ভয়লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত ৷ – পিয়েৰ টেলহাৰ্ড।
  90. কৰো বুলি কোনেও প্ৰতিভাৰ সৃষ্টি কৰিব নোৱাৰে ৷ ইয়াক কেৱল সঠিক পথেৰে আগুৱাই নিবহে পাৰি ৷ – এইছ জি ৱেইলছ।
  91. সুযোগবোৰ কঠিন কাৰ্যৰ ৰূপ ধৰিহে দেখা দিয়ে ৷ সেয়েহে এলেহুৱা লোকে সুযোগ বৰকৈ হেৰুৱাই ৷ – টমাচ আলভা এডিচন।
  92. ব্যক্তিগত অভিজ্ঞতা অবিহনে মানুহে বহুতো প্ৰকৃত সত্যৰ সম্পূৰ্ণ অৰ্থ কেতিয়াও হৃদয়ংগম কৰিব নোৱাৰে ৷ – জন ষ্টুৱাৰ্ট মিল।
  93. যাৰ দুই চকু নাই তেওঁ অন্ধ নহয়, যিজনে নিজৰ দোষ ঢাকি ৰাখি আনৰ দোষ খুচৰি ফুৰে তেওঁয়েই প্ৰকৃত অন্ধ । – মহাত্মা গান্ধী
  94. সৰু বুলি কাকো অৱহেলা নকৰিবা ৷ তুমি সৰু বুলি উলাই কৰা বস্তু এটাই তোমাক কেতিয়াবা বিৰাট সত্যৰ সন্ধান দিব পাৰে ৷ – গ্যেটে।
  95. নিজৰ পাৰদৰ্শিতা বৃদ্ধি কৰিবলৈ অসম্ভৱ বুলি জনা কামো কৰিবলৈ আগুৱাই যাবলৈ কুণ্ঠাবোধ নকৰিবা ৷ – আব্ৰাহাম লিংকন।
  96. ডাঙৰ আৰু যথেষ্টসৎখ্যক ভুলৰ মাজেদি নহাকৈ কোনো এজন মানুহেই মহান তথা সফল হ’ব নোৱাৰে ৷ – উইলিয়াম শ্বেইক্সপীয়েৰ।
  97. এখন সমাজ সুচাৰুৰূপে পৰিচালিত হবলৈ লাগে – অফুৰন্ত কৰ্ম শক্তি, সংযত বিবেক আৰু সেৱাৰ মনোভাৱ । – ৰাজা ৰামমোহন ৰায়।
  98. প্ৰেম তেওঁৰ স’তে কৰিবা যাক তুমি ভালপোৱা ৷ কিন্তু বিবাহত তেওঁৰ স’তেহে বহিবা, যিয়ে তোমাক ভালপায় ৷ – আৰবীয় প্ৰবাদ মহৎ লোকৰ বাণী।
  99. জীৱনটো এক মহৎ উপহাৰ ৷ যিসকলে জযৱনক ভাল নাপায় সেইসকলে এই উপহাৰ গ্ৰহণৰ অনুপযুক্ত ৷ – ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ।
  100. আমি অনুভৱ কৰিব পৰা আটাইতকৈ সুন্দৰ বস্তুটো হ’ল ৰহস্য ৷ সকলো প্ৰকৃত কলা আৰু বিজ্ঞানৰ ইয়ে হ’ল উৎস ৷ – এলবাৰ্ট আইনষ্টাইন।
  101. নিজক সদায় আনন্দত ৰাখিবা ৷ আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন, দুৰ্বল, নিৰুৎসাহী মানুহৰ বাবে নহয় ৷ – ওমাৰ্চন।
  102. এজন মানুহে গোটেই দিনটো যি চিন্তা কৰে তেওঁ সেয়াই ৷ সচাঁকৈয়ে ! তাতকৈ অন্য ধৰণৰ হোৱাটো বাৰু তেওঁৰ বাবে কেনেকৈ সম্ভৱ ? – এমাৰ্চন।
  103. মানুহৰ মন সদায় একে ঠাইতেই থাকে ৷ কিন্তু এই মন বোলা অতি শক্তিশালী বস্তুটোৱে স্বৰ্গক নৰক আৰু নৰকক স্বৰ্গ কৰি তোলে ৷ – কবি জন মিল্টন
  104. আমি জীৱনটো ভাল পাওঁ এই কাৰণেই কাৰণ আমি প্ৰত্যেকেই প্ৰেমত অভ্যস্ত ৷ সকলো ধৰণৰ প্ৰেমতেই উন্মাদনা আছে আৰু আছে যুক্তি ৷ – নীৎসে৷
  105. খং নকৰিবা নিজৰে সৰ্বনাশ হ’ব ৷ অহংকাৰ নকৰিবা পতন হ’ব, কাকো ঘৃণা নকৰিবা , নিজেও ঘৃণিত হ’বা , ফাঁকি নিদিবা , ফাঁকত পৰিবা ৷ – বিবেকানন্দ৷
  106. ভৱিষ্যতে আমি যি হ’ব বিচাৰো, সেয়া বৰ্তমান অৱস্থাৰ কাম-কাজে নিৰূপন কৰে ৷ সেইবাবে আমি কেনেকৈ কি কৰা উচিত সেইটো জনা দৰকাৰ ৷ – স্বামী বিবেকানন্দ।
  107. কাহানিও ধৈৰ্য আৰু সাহস নেহেৰুৱাব ৷ হতাশ নহ’ব কাহানিও, যদি হতাশো হয় তেন্তে সেই অৱস্থাতেই একাগ্ৰতাৰে যন্ত্ৰবৎ কাম কৰি যাব ৷ – বিখ্যাত ৰাজনীতিবিদ এডমাণ্ড বাৰ্ক৷
  108. প্ৰতিকূলতাই কোনো কোনো মানুহক প্ৰায় ভাঙি দিয়ে , আকৌ এচাম মানুহ আছে , যিসকলে প্ৰতিকূলতাই ভাঙি পেলোৱাটো জীৱনৰ প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰে ৷ – উইলিয়াম এডৱাৰ্ড৷
  109. সেইজনেই প্ৰকৃত সাহসী যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপটে স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে ৷ – অভিনয় শিল্পী মৰিচ চেভালিয়া
  110. আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা ৷ নিজে শুদ্ধ আৰু পবিত্ৰ হ’ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা ৷ – চক্ৰেটিচ।
  111. মহৎ কাৰ্য সমাধা কৰা ব্যক্তিসকলৰ ফালে এবাৰ চোৱাচোন ৷ দেখিবা তেওঁলোকে দুডাল লাখুটিৰ সহায়ত আগবাঢ়ি গৈছে, এডাল হ’ল উদ্যোগী মন আৰু আনডাল আদৰ্শ ৷ – ছেমুৱেল বাটলাৰ৷
  112. গভীৰ অমানিশা অথবা কালৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে, তেনেদৰেই বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে ৷ – ভূপেন হাজৰিকা
  113. শক্তিশালী হােৱা কিন্তু অহংকাৰী নহবা, দয়ালু হােৱা কিন্তু দুর্বল নহবা।কাৰণ অহংকাৰ আৰু দুর্বলতাই হ’লধংসৰ মূল কাৰণ।( চানক্য )
  114. এখন দেশক যদি ধংস কৰিব বিচৰাতেন্তে মানুহৰ মাজত ধৰ্মৰ নামত যুঁজ লগাই দিয়া দেশী এনেই ধংস হৈ যাব। – চানক্য
  115. মহিলাৰ বয়স আৰু পুৰুষৰ উপাৰ্জনৰ বিষয়ে কেতিয়াওসুধিব নালাগে, মহিলাই সদায় আনৰ বাবে জীয়াইআনহাতে পুৰুষে কেতিয়াও নিজৰবাবে উপার্জন নকৰে। – চানক্য
  116. কাকো সৰু বুলি নাহাহিব,কাৰণ ভৰিৰ তলৰ দুৱৰী বন হে পূজাত লাগেমুৰৰ ওপৰৰ বৰগছ নহয়। – চানক্য
  117. অতিৰিক্ত অহংকাৰ পতনৰ লক্ষণ আৰু অতিৰিক্ত সৰলতা ঠগখােৱাৰ লক্ষণ। – চানক্য
  118. সূৰ্যৰ তাপ আৰু পিতৃৰ ক্রোধ, দুয়ােটাই সহ্য কৰিব শিকক কাৰণ সূর্যডুবিলে পৃথিৱী অন্ধকাৰ আৰু পিতৃ নহলে জীৱন অন্ধকাৰ হৈ যায়। – চানক্য
  119. সপোন সেইটোনহয় যিটো টোপনিত দেখেসপোন হ’ল সেইটো যি সপোনৰপূৰণৰ বাবে টোপনি নাহে। – আব্দুল কালাম
  120. যি পাৰ হৈ গ’ল সেই অতীতলৈ আৰু উভতি নাচাবা ৷ কেৱল আগলৈ চোৱা আৰুঅসীম শক্তিৰে, অদম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া ৷ তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ’ব পাৰিবা ৷ – স্বামী বিবেকানন্দ৷
  121. কৰ্মত সাফল্য লাভ কৰিবলৈ যি সকলে আগ্ৰহী তেওঁলোকে ইচ্ছাকৃতভাৱে হওক বা অনিচ্ছাকৃতভাৱে হওক পুৱাৰ পৰা গধুলিলৈকে একেৰাহে নিজৰ কামত লাগি থাকিব লাগিব ৷ – ছাৰ জছুৱা ৰেনল্ডছ৷
  122. যিসকল মানুহৰ হাতত থাকে প্ৰচুৰ সময়, তেওঁলোকে কাম কৰিবলৈ কাহানিও সময় নাপায় ৷ অথচ যিসকল সদায় কামতেই ব্যস্ত হৈ থাকে তেওঁলোকৰ কিন্তু নতুন নতুন কাম কৰিবলৈ সময়ৰ অভাৱ নহয় ৷ – লৰ্ড চেষ্টাৰফিল্ড৷
  123. জীৱনৰ অন্য নাম সংগ্ৰাম ৷ সংগ্ৰাম অবিহনে জীৱন জীৱনেই হ’ব নোৱাৰে ৷ সংগ্ৰাম বা সংঘাতৰ স’তে যুঁজি যুঁজি মানুহে যি সাহস , মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে ৷ – নেপোলিয়ন বোনাপাৰ্ট৷
  124. আন কিবা কৰিছেনে নাই সেই লৈ মূৰ ঘমোৱাতকৈ আমি নিজে কি কৰিছো সেইটোহে ভবা বেছি প্ৰয়োজন ৷ প্ৰত্যেকজন মানুহে নিজৰ কৰিবলগীয়া কাম কৰি গ’লেই দহৰ তথা দেশৰ সেৱা কৰা হ’ব ৷ – ৰাজা ৰামমোহন ৰায়৷
  125. জীয়াই থকাটো ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ’ল তুমি আঁতৰি যোৱাৰ পিছতো মানুহৰ মনত তোমাৰ কৰ্মৰাজি, আদৰ্শ জীপাল হৈ থকাতোহে ৷ কাল বলুকাত খোজ ৰাখি থৈ যোৱা সম্ভৱ মাথোঁ সুকৰ্মৰাজিৰ দ্বাৰাহে ৷ – লিঅ’টলষ্টয়৷
  126. সাফল্য মানুহৰ জীৱনলৈ সৌভাগ্যক্ৰমে নাহে ৷ সফলতা লাভৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম, দায়বদ্ধতা, সাহস আৰু ত্যাগৰ ৷ কিন্তু এইসমূহতকৈও গুৰুত্বপূৰ্ণ বস্তুটো হ’ল কামৰ প্ৰতি নিষ্ঠা আৰু ভালপোৱা ৷ – মহান ফুটবলাৰ পেলে৷
  127. সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা, যদি তুমি সচাঁকৈয়ে সফল হ’ব বিচাৰিছা তেন্তে ক্ষন্তেক জিৰণি লোৱা আৰু ভাবা – তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা ৷ দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে ৷ – ডেভিদ ফ্ৰষ্ট৷
  128. এজন মানুহ যদি আনতকৈ শ্ৰেষ্ঠ হয়, তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত বা এটা চকু বেছিকৈ আছে ৷ তাৰ প্ৰকৃত কাৰণ হ’ল জ্ঞানৰ অনুশীলনৰ দ্বাৰা তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্য্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে ৷ – ঋকবেদ৷
  129. তুমি যদি সদায় কেৱল বৰ্তমানৰ ওপৰত মনোযোগ নিবদ্ধ কৰিব পাৰা, তেন্তে তুমি এজন সুখী মানুহ হ’বা ৷ তুমি দেখিবা যে মৰুভূমিত জীৱন আছে, আকাশত তৰা আছে, জীৱনটো এটা উৎসৱ, কাৰণ আমি কেৱল এই মুহূৰ্তটোৰ কাৰণেহে জীয়াই আছো ৷ – পল ৰবচন৷
  130. এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা চাবিৰ নিচিনা ৷ ব্যৱহাৰ নকৰা চাবিত যেনেকৈ মামৰে ধৰে, কামত নলগোৱা শৰীৰতো সেইদৰে ৰোগ হয় ৷ ব্যৱহাৰ কৰা চাবি যেনে চকচকীয়া , শ্ৰম কৰা শৰীৰো তেনে কটকটীয়া ৷ তুমি যদি সৰহদিন জীয়াই থাকিবলৈ মন কৰা তেন্তে বহি সময় নষ্ট নকৰিবা ৷ – ৰিচাৰ্ড৷
  131. আপোনাৰ অভিজ্ঞতা, পাৰিপাৰ্শ্বিকতা আৰু বংশানুক্ৰমিক চৰিত্ৰই আপোনাক যি দিছে সেয়াই আপুনি ৷ ভালেই হওঁক, বেয়াই হওঁক নিজৰ বাগিচাৰ পৰিচাৰ্যা আপুনি নিজেই কৰিব লাগিব ৷ সুন্দৰ হওক বা অসুন্দৰেই হওক আপোনাৰ জীৱনৰ সংগীতৰ সুৰ আপুনিয়ে সৃষ্টি কৰি বাদ্যও নিজেই বজাব লাগিব ৷ – ডেল কাৰ্ণেগী৷
  132. মই মাথোঁ জ্ঞানৰ অনুৰাগী ৷ জ্ঞানৰ বৃত্তিধাৰী মই নহয় ৷ সচাঁ কথাত মই মাত্ৰ জ্ঞানৰ আত্মবিনোদৰ অনুশীলনকাৰীহে ৷ যেতিয়া মানুহে সন্দেহ কৰিবলৈ শিকে , বিশেষকৈ নিজৰ মনৰ মাজত প্ৰতিপালিত বিশ্বাসক আৰু নিৰ্বিচাৰ ধৰ্মমত আৰু স্বতঃসিদ্ধ বিষয়ত , তেতিয়াই দৰ্শনে পাতনি মেলে ৷ – গ্ৰীচৰ মহান দাৰ্শনিক ছক্ৰেটিছ৷
  133. শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও অহংকাৰ নকৰিব, অসুস্থতা আৰু দৰিদ্রতা কেতিয়াও কাকো কৈ নাহে।– চানক্য
  134. স্বীকাৰ কৰাত মোৰ লজ্জা নাই যে অন্য কোনো দৰিদ্ৰ লোকৰ সন্তানৰ দ’ৰেই মোৰ শৈশৱ আৰু কৈশোৰৰ সময়ছোৱা পাৰ হৈছে ৷ কেতিয়াবা মই মজদুৰৰ কাম কৰিছো, কেতিয়াবা কাঠফলা কাম, কেতিয়াবা আকৌ মালবাহী নাৱৰ নাৱৰীয়াৰ কাম ৷ অতীত যিয়েই নহওক লাগি থকাৰ শক্তি থাকিলে মানুহৰ ভৱিষ্যত সুন্দৰ হৈ উঠে ৷ – আব্ৰাহাম লিংকন৷
  135. প্ৰতিজন মানুহৰ মাজতেই আছে অসীম সম্ভাৱনা ৷ নিজৰ শক্তি – ক্ষমতাৰ ওপৰত আস্থা ৰাখিলে আৰু নিজৰ অন্তৰত চিৰ তাৰুণ্যৰ সোঁত বোৱাই ৰাখিলে মানুহে জীৱনত স্থিৰ কৰি থোৱা লক্ষ্যত উপনীত নোহোৱাৰ কোনো কাৰণ নাই ৷ নিজকে বাৰম্বাৰ এই কথাটোকেই ক’ব যে – এইটো নিৰ্ভৰ কৰে একান্তই মোৰ নিজৰ ইচ্ছা – অভিপ্ৰায়ৰ ওপৰত ৷ – ফৰাছী সাহিত্যত নোবেল বটাঁ বিজয়ী আঁদ্ৰে জিদ৷
  136. অতীত আৰু বৰ্তমানক লৈ তৰ্কত লিপ্ত হোৱাটোতকৈ অৰ্থহীন কথা আৰু একো নাই ৷ কাৰণ তাৰ পৰা আমি হেৰুৱাও আমাৰ বৰ্তমানক ৷ – উইনষ্টন চাৰ্চিল৷
  137. আন্ধাৰ যিমান গভীৰ হ’ব, প্ৰভাতো সিমানেই উজ্বল হ’ব ৷ চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ’বই ৷ – জ্যোতি প্ৰসাদ আগৰৱালা৷
  138. মানুহৰ জন্ম হয় সফল হ’বলৈকে , ব্যৰ্থ হ’বলৈ নহয় ৷ আত্ম-বিশ্বাসেই মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সোপান ৷ – প্ৰখ্যাত দাৰ্শনিক হেনৰি ডেভিদ থৰো৷
  139. কৰ্মশক্তিয়ে আমাক তিনিটা অতি ভয়ঙ্কৰ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰিব পাৰে – আলস্য, বদ অভ্যাস আৰু অভাৱ ৷ – ফৰাচী দাৰ্শনিক ভল্টেয়াৰ৷
  140. জীৱনটোক বুজি পাবলৈ হ’লে পিছলৈ ঘূৰি চাব লাগিব সচাঁ কিন্তু জীৱন পথত আগুৱাই যাবলৈ হ’লে সদায় আগলৈহে দৃষ্টি ৰাখিব লাগিব ৷ -চোৰেন কিয়েকগাৰ্ড৷
  141. আমি চৰাইৰ দৰে উৰিবলৈ শিকিছো, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছো সঁচা, কিন্তু এই পৃথিৱীত পৰস্পৰৰ স’তে ভাতৃৰ দৰে বসবাস কৰিবলৈ শিকা নাই ৷ – মাৰ্টিন লুথাৰ৷
  142. পাপ শৰীৰৰ পৰা নহয় মনৰ পৰা সৃষ্টি হয়, যিমানেই গঙ্গা স্নান নকৰা কিয় গঙ্গাৰ পানীয়ে শৰীৰহে পৰিষ্কাৰ কৰে মানসিকতা নহয়। – চানক্য
  143. কোনো সমস্যাকে তোমাৰ ওপৰত কাহানিও প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নিদিবা ৷ বৰং সমস্যাকহে তোমাৰ অধীৰ কৰা আৰু নি:শেষ কৰা ৷ – ড০ এ পি জে আব্দুল কালাম৷
  144. তোমাৰ লক্ষ্য স্থান ক’ত ? সেইটো যদি ঠিক কৰিব নোৱাৰা, তেন্তে কোন পথে খোজ দিবা কেনেকৈ জানিবা ৷ তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব ৷ – লিটন।
  145. তুমি ভালেই কৰা বা বেয়াই কৰা মানুহে তোমাক সমালোচনা কৰিবই ৷ সেইবুলি সমালোচনাৰ ভয়ত অকৰ্মণ্য হৈ বহি থাকিবা নেকি ? – নেপ’লিয়ান বোনাপাৰ্ট৷
  146. আনে দেখা বস্তুবোৰ তুমিও দেখা , কিন্তু সেই বস্তুবোৰৰ বিষয়ে আনে চিন্তা নকৰা কথাবোৰ তুমি চিন্তা কৰা – তেতিয়া তুমি এটা নতুন বস্তু আৱিস্কাৰ কৰা ৷ – এলবাৰ্ট গিয়ৰগাই৷
  147. ক্রোধ মানুহৰ প্রধান শত্রু। ক্রোধ কৰা মানুহে যুদ্ধৰ বাহিৰে অন্য কামত ভাগ লব নোঁৱাৰে। -বাইবেল।
  148. সকলো বস্তু কিনিছা কিনা। পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা। – যতীন্দ্র নাথ দুৱৰা।
  149. জাৱৰ সাৰিলে ঠাই যি দৰে পৰিস্কাৰ হয় তেনেকৈ নিজৰ ভুল স্বীকাৰ কৰিলে মন শুদ্ধ হয় । – হেম বৰুৱা।
  150. সকলো বস্তু কিনিছা কিনা। পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা। – যতীন্দ্র নাথ দুৱৰা।
  151. সত্যৰ মুখামুখি হ’বলৈ ভয় নকৰিবা, যি কাপুৰুষ তেওঁহে সত্যৰ মুখামুখি হ’ব নোৱাৰে ৷ – মহাত্মা গান্ধী।
  152. চৰিত্ৰবান মানুহ পবিত্র জলৰ নিচিনা, সিহঁত নিজেও পবিত্ৰ আৰু আনকো পবিত্ৰ কৰে । – সত্যনাথ বৰা।
  153. অতি সাধাৰণ যেন লগা দৈনন্দিন জীৱনৰ সৰু সৰু ঘটনাৰাজিয়েই হ’ল জ্ঞানৰ প্ৰকৃত উৎস ৷ – জেমছ এলেন।
  154. ইচ্ছাশক্তি প্ৰৱল হ’লে জটিলতাই কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে ৷ – মেকিয়াভেলে।
  155. বহু কথা জনা জনকেই জ্ঞানী বুলি নকয় ৷ জনা কথাক যথাযথ প্ৰয়োগ কৰিব পৰা জনহে জ্ঞানী ৷ – লেনিন।
  156. আমাৰ চিন্তাভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয় – আনন্দ চন্দ্ৰ আগৰৱালা
  157. নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা ৷ – বেঞ্জামিন ফ্ৰেংকলিন।
  158. প্ৰকৃত শিক্ষাই মানুহৰ মৰ্য্যদা বঢ়ায় তদুপৰি ই আত্ম সন্মানো বৃদ্ধি কৰে । – এ. পি. জে. আব্দুল কালাম।
  159. দুখত ভাগি পৰাজনে ভালদৰে চিন্তা কৰিব লাগে যে দুখৰ পিছত সুখ অহাটো নিশ্চিত । – বুদ্ধদেৱ।
  160. ক্রোধ মানুহৰ প্রধান শত্রু। ক্রোধ কৰা মানুহে যুদ্ধৰ বাহিৰে অন্য কামত ভাগ লব নোঁৱাৰে। – বাইবেল।
  161. জীৱনত যি জনে এবাৰ বিশ্বাসঘাতকতা কৰিছে তেওঁক কেতিয়াও বিশ্বাসত নলবা । – শ্বেক্সপীয়েৰ।
  162. নিজৰ ভৰিৰ ওপৰত থিয় হবলৈ শিকা, তেতিয়াহে সংসাৰ ভাল পাব পাৰিবা । – স্বামী বিবেকানন্দ।
  163. যিটো জীৱনক প্ৰেমে প্ৰেৰণা দিয়ে , জ্ঞানে পথ দেখুৱাই , সেইটোৱেই হ’ল ভাল জীৱন ৷ – বাৰ্ট্ৰাণ্ড ৰাছেল।
  164. যি মানুহে নামমাত্ৰও আনৰ কথা চিন্তা কৰিব নোৱাৰে, তেওঁৰ জীৱনৰ কোনো অৰ্থ নাই ৷ – মণ্টেইন।
  165. নীৰৱতা হ’ল জীৱনৰ এক অমূল্য বস্তু, যাৰ ভিতৰত বহু বস্তুৱে জন্মলাভ কৰে – থমাছ কাৰ্লাইল।
  166. পৃথিৱীত যি যি মহত কাৰ্য সংঘটিত হৈছে , সকলোখিনিয়েই সম্ভৱ হৈছে প্ৰত্যাখাৰ দ্বাৰাহে = মাৰ্টিন লুঠাৰ ।

কিছু মহৎ লোকৰ বাণী [February 2024]

  1. পৃথিৱীত যিমান মানুহ আছে সেইসকলৰ ভিতৰত শতকৰা মাত্র পােন্ধৰজনমান মানুহেহে যিকোনাে বিষয়ে মৌলিক চিন্তা কৰে। চিন্তা কৰাটোৱেই হ’ল বেছি ভাগ মানুহৰ কাৰণে আটাইতকৈ ডাঙৰ শক্তি: লুথাৰ বাৰবেংক
  2. কোনো নিৰাশাবাদীয়েই আকাশৰ তৰাৰ ৰহস্য আৱিষ্কাৰ কৰা নাই, কোনো অনাবিষ্কৃত ভূমিলৈ নৌ যাত্ৰা কৰা নাই বা মানৱ আত্মাৰ বাবে নতুন স্বৰ্গৰ বাৰ্তা বহন কৰি অনা নাই: হেলেন কেলাৰ
  3. মানুহৰ জীৱনৰ শূণ্যতা আৰু আনন্দহীনতাই মানুহক সমাজ পাতি বাস কৰিবলৈ বাধ্য কৰে, কিন্তু সমাজত প্ৰচলিত বহু বেয়া কথা আৰু বেয়া ৰীতি-নীতিয়ে মানুহক সমাজৰ পৰা দূৰলৈ ঠেলি দিব খোজে। এই দুয়োটাৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলাৰ একমাত্ৰ উপায় হ’ল বিনয় আৰু শিষ্টাচাৰ : শ্বপেনহাৱা
  4. যিজন মানুহে বদহজম, নিদ্ৰাহীনতা আৰু বেয়া বতৰৰ কাৰণে কাপুৰুষৰ দৰে আচৰণ কৰে, সেই একেজন মানুহেই পাতল নৈশ আহাৰ খালে, ৰাতি ভালকৈ টোপনি যাব পাৰিলে আৰু শুই উঠিয়েই এটা উজ্জ্বল ৰাতিপুৱাৰ মুখামুখি হ’লে বীৰৰ দৰে আচৰণ কৰিব পাৰে : লৰ্ড চেষ্টাৰফিল্ড
  5. ভয় কমকৈ কৰিবা, আশা কৰিবা বেছিকৈ। হুমুনিয়াহ কমকৈ পেলাবা, উশাহ ল’বা বেছিকৈ। বেছিকৈ পেকৰেকাই নাথাকিবা, কথা ক’বা বেছিকৈ। ঘৃণা কমকৈ কৰিবা, ভাল পাবা বেছিকৈ। ইয়াকে কৰিলে পৃথিৱীৰ সকলো ভাল বস্তু তোমাৰেই হ’ব : ৰে়ড ইণ্ডিয়ান নীতিকথা
  6. মোৰ প্ৰজন্মৰ মানুহৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰটো হ’ল এই যে মানুহে নিজৰ মনোভাব তথা, জীৱনৰ প্ৰতি দৃষ্টিভংগী সলনি কৰি তেওঁলোকৰ গোটেই জীৱনটোকেই সলনি কৰি দিব পাৰে: উইলিয়াম জেম
  7. ভুল আঁতৰাই সত্য প্ৰতিষ্ঠা কৰাটোৱেই শিক্ষাৰ মূল লক্ষ্য: চক্রেটিছ
  8. এজন বিশ্বাসী বন্ধু হৈছে জীৱনৰ মহৌষধ: টিৰুক কুৰাল
  9. জগতত জীয়াই থাকিবলৈ প্ৰেম আৰু সাহসৰ অতি প্ৰয়োজন: আব্ৰাহাম লিংকন
  10. শিক্ষাই জ্ঞান, জ্ঞানেই শক্তি: চক্রেটিছ
  11. পৃথিৱীৰ আটাইতকৈ সুন্দৰ বস্তুটো হ’ল ফুল , কিন্তু তাৰ শিপা মাটি আৰু গোবৰতহে থাকে – ডি . এইছ . লৰেঞ্চ ।
  12. ঘৃণাৰে নিজক ভাৰাক্ৰান্ত কৰি নল’বা । তুমি ভবাতকৈ ই অতি গধুৰ বোজা – মেডাম দ্য চেভিন ।
  13. ধন ব্যয় কৰাত ফুটি ওলায় মানুহৰ জীৱনবোধৰ পৰিচয় – গ্যেটে ।
  14. ধৰ্ম নামৰ দৈত্যটোক বধ কৰিব নোৱাৰালৈকে স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰি – বাট্ৰাণ্ড ৰাছেল।
  15. একমাত্ৰ সন্তানেহে মাতৃৰ সাহস আৰু দুখ বুজি পায় – মুল্কৰাজ আনন্দ ।
  16. জীৱনত দুটাই ট্ৰেজেডি – বিচৰাতো নোপোৱা আৰু পোৱাতো – অস্কাৰ ৱাইল্ড ।
  17. মৰমেহে মৰমক জন্ম দিয়ে – চফ ‘ কলছ ।
  18. কাম কৰাৰ সময় এতিয়াই । কিবা এটা কৰাৰ সময় কেতিয়াওঁ শেষ হৈ নাযায় – কাৰ্ল ছেণ্ডবাগ ।
  19. ধাৰণাৰ যুদ্ধত প্ৰথমে মৃত্যু হয় মানুহৰ – এছ . জে . লেক ।
  20. নিজে আনন্দিত হ’বৰ বাবে আনক আনন্দ দিব পাৰিব লাগে – মাৰ্ক টোৱেইন ।
  21. জীৱনত ভয় খাবলৈ একোৱেই নাই । আছে মাথো জীৱনক বুজিবলৈ – মেৰি কুৰি ।
  22. এই পৃথিৱীত মূৰ্খৰ বাহিৰে কোনেও চিন্তাহীন বাবে জীৱাই থাকিব নোৱাৰে – এলবাৰ্ট হাৱাৰ্ড ।
  23. কাহিনীতকৈ পাতনি দীঘল কৰাতো মুৰ্খামিৰ চিন – অ ‘ল্ড টেষ্টামেণ্ট ।
  24. নিজৰ কুকুৰটোৰ কাৰণে গৰাকীজন সদায়েই নেপোলিয়নৰ দৰে বীৰপূৰুষ । সেই গুণেই কুকুৰক সকলোৰে প্ৰিয় কৰি তোলে – হাক্সলী ।
  25. মনত ৰাখিব – আপোনাৰ জীৱনৰ প্ৰতিটো দিনেই আপোনাৰ ইতিহাসৰ একো পৃষ্ঠা – আৰৱিক প্ৰবচন ।
  26. নতুন বন্ধুক আঁকোৱালি ল’ব নোৱাৰাজনেই জীৱাই থকাৰ কলা হেৰুৱাই পেলায় – ৱেইৰ মিটছেল।
  27. উপদেশ দিয়া মানুহজনতকৈ উপদেশ বিচৰা মানুহজন প্ৰায়েই শ্ৰেষ্ঠতৰ বুলি প্ৰমাণিত হয় – কাৰ্ল ফন নোবেল ।
  28. অন্ধই যদি অন্ধক পথ দেখুৱাই , দুয়োজনেই খালত পৰে – নিউ টেষ্টামেণ্ট ।
  29. ডিউতি – কৰ্তব্য – এইটোৱেই হ’ল ইংৰাজী ভাষাত আটাইতকৈ সৰল শব্দ – আৰ . ই . লী ।
  30. অধিক মিঠা নহ’বা , তোমাক খাই পেলাব । কিন্তু অধিক তিতাও নহ’বা , তোমাক গিলি থব – ইহুদি প্ৰবচন।
  31. যি কণী চুৰি কৰিব পাৰে , তেওঁ হাতীও চুৰি কৰিবলৈ সমৰ্থ – জৰ্জ হাবাৰ্ট ।
  32. যেতিয়াই খং উঠে চাৰিলৈকে গণক । বেছি খং উঠিলে শপত খাওক – মাৰ্ক টোৱেইন ।
  33. এটা মাত্ৰ ফুলে বসন্তক আগমন ঘটাব নোৱাৰে – আফগানী প্ৰবচন ।
  34. অতীতৰ নিচিনাকৈ ভৱিষ্যতটোৱেও বৰ্তমানক প্ৰভাৱিত কৰে – ফ্ৰিজেডৰিখ নীতসে ।
  35. পাপেৰে কিছু লোকৰ উন্নতি হয় । আন বহুতৰ ভাল কামেৰেও পনত ঘটে – শ্বেক্সপীয়েৰ ।
  36. তুমি যেন জীৱনৰ প্ৰতিটো দিনেই পৰিপূৰ্ণভাৱে জীৱাই থকা , এয়ে মোৰ প্ৰাৰ্থনা – জনাথন ছুইফট ।
  37. জ্ঞানী মানুহে আনৰ ভুলৰ পৰা শিকে ; মুৰ্খই শিকে নিজৰ ভূলৰ পৰা – এইচ . জি . ৰন ।
  38. যিটো জীৱনক প্ৰেমে প্ৰেৰণা দিয়ে আৰু জ্ঞানে পথ দেখুৱাই , সেইটোৱেই হ’ল ভাল জীৱন – বাট্ৰাণ্ড ৰাছেল।
  39. সকলো বিজ্ঞানৰ আৰম্ভণী হয় দৰ্শন হিচাপে আৰু শেষ হৈ কলা হিচাপে – উইল ডুৰাণ্ড ।
  40. আন মানুহৰ বিষয়ে সঁচা কথা ক ‘বলৈ আটাইতকৈ ভাল মাধ্যম হ’ল আত্মজীৱনী – ফিলিপ গুৱেডেলা ।
  41. জীৱনটো কি বস্তু , সেই কথা বুজিবলৈ হ’লে আমি পাছলৈ ঘূৰি চাব লাগিব ; কিন্তু জীৱনটো ষাপন কৰিবলৈ হ’লে আমি চাব লাগিব সন্মুখলৈ – ছোৰেন কিয়েৰ্কগাৰ্ড ।
  42. কঠোৰতম সত্যটোতকৈ সন্দেহ অতি নিষ্ঠুৰ – মৰ্লিয়েৰ ।
  43. মুৰ্খই আশ্চৰ্য প্ৰকাশ কৰে আৰু জ্ঞানীয়ে প্ৰশ্ন কৰে – বেন্জামিন ডিজৰেলি ।
  44. মহৎ কাম শক্তিৰে নহয় , অধ্যৱসায়ৰে সম্পন্ন হয় – ছেমুৱেল জনছন ।
  45. জন্ম আৰু মৃত্যু হ’ল সাহসৰ দুই শক্তিশালী কণ্ঠস্বৰ – খলিল জিব্ৰান ।
  46. পেটটোতকৈ নিখুঁত ঘড়ী আন একো নাই – ফৰাচী প্ৰবচন ।
  47. বিখ্যাত হোৱাতকৈ বিশ্বাসী হোৱাতো শ্ৰেয় – টি . ৰুজভেল্ট ।
  48. জীৱনটো ইমানেই চুটি যে বিৰক্ত বা অৱসাদগ্ৰস্ত হ’বলৈ জীৱনত কোনো সুৰুঙাই নাই – নীতসে ।
  49. খং য়েতিয়া উঠে , তেতিয়া সদায় ফলাফললৈ মনত ৰাখিব – কনুফুচিয়াছ ।
  50. স্বাধীনতা ভাল পোৱা মানে আনক ভাল পোৱা , ক্ষমতাক ভাল পোৱা মানে নিজক ভাল পোৱা – উইলিয়াম হেজলিট ।
  51. দায়বন্ধতা হ’ল মহানতাৰ মূল্য – চাৰ্লিচ ।
  52. কামতো হৈ যোৱাৰ পাছত মুৰ্খও জ্ঞানী হৈ পৰে – হোমাৰ ।
  53. মহৎ লেখকৰ প্ৰধান লক্ষণ হ’ল ভাষাৰ সৰলতা আৰু স্পষ্টতা – ফ্ৰেডেৰিক আমিয়েল ।
  54. নিজৰ ইচ্ছাক অনুসৰণ কৰাজনেই সম্ৰাট – আইৰিছ প্ৰবচন ।
  55. টেঙৰালিক লুকুৱাই ৰাখিব জনাটোৱেই হ’ল আটাইতকৈ ডাঙৰ টেঙৰালি – ফৰাচী পটন্তৰ ।
  56. অপেক্ষা আৰু আশা – এই শব্দ দুটাতেই মানৱ বুদ্ধিমত্তাৰ সকোখিনি নিহিত হৈ আছে – আলেকজেণ্ডাৰ ডুমা ।
  57. মজলীয়া প্ৰতিভা বা বুদ্ধিবৃত্তিৰ মানুহে আটাইতকৈ বেছি জ্ঞান আহৰণ কৰিব পাৰে – ক্লড বানাৰ্ড।
  58. মাতৃৰ কিঞ্চিত স্নেহ হাজাৰজন ধৰ্মগুৰুৰ শিক্ষাতকৈ বহু ঊধবৰ্ত – স্পেনিছ প্ৰবচন ।
  59. ধৰ্মৰ মাজৰ মজ্জাখিনি উলিয়াই ল’ব লাগে ; হাড়খিনি কেলেই ? – জালানুদ্দিন ৰুমী ।
  60. বুদ্ধিমান হোৱাৰ বাবে আমি বহু মূল্য ভৰিবলগীয়া হয় । জ্ঞানে যন্ত্ৰণা দিয়ে – ইউৰিপিডিছ ।
  61. সকলো কথাতে সাধুতা বজাই ৰাখিব লাগে: হজৰত মহম্মদ
  62. শিশুৰ সৰলতা হেৰুৱাই নে পেলোৱা জনেই প্ৰকৃত মহৎ মানুহ: মেঞ্চিয়াছ
  63. আদৰ্শহীন মানুহ গুৰি বঠা নোহোৱা নাৱৰ দৰে: মহাত্মা গান্ধী
  64. ভুলে কেতিয়াবা গৌৰৱ উজ্জ্বল ভৱিষ্যতক বিনাশ কৰে: নেহেৰু
  65. কাম কৰিবলৈ মানুহৰ জন্ম হৈছে। যি মানুহে কাম নকৰে, তেওঁ মানুহেই নহয়: জোছেফ কনৰাত
  66. ভিৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যু বৰণ কৰায়েই শ্ৰেষ্ঠ: মহাত্মা গান্ধী
  67. অতি সাধু হোৱা বিপদজনক: বৰ্ণাডশ্বো
  68. স্বাধীনতা আমাৰ জন্মগত অধিকাৰ: তিলক
  69. পঢ়নৰ পৰা দূৰৈৰ মানিক হাততে পোৱা যায়: সত্যনাথ বৰা
  70. বিশ্ব পুথিৰ উপদেশ শিলৰ ৰেখা: সত্যনাথ বৰা
  71. বন্ধুত্ব হৈছে দেহত বাস কৰা এটা আত্ম: এৰিষ্টটল
  72. নিৰক্ষৰতা মানেই জ্ঞানবিহীনতা নহয়: ৰবীন্দ্ৰনাথ ঠাকুৰ
  73. মৰমে মৰমৰ জন্ম দিয়ে: ছফোপলছ
  74. জ্ঞানী লোক অসম্ভৱ ৰ ফালে ধাৱিত নহয়: মেচিজাৰ
  75. জ্ঞান মানুহক দিব নোৱাৰি উপলব্ধি কৰিব পাৰি: চক্রেটিছ
  76. আমাৰ চিন্তাভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয়: আনন্দ চন্দ্ৰ আগৰৱালা
  77. যি কণী চুৰি কৰিব পাৰে , তেওঁ হাতীও চুৰি কৰিবলৈ সমৰ্থ: জৰ্জ হাবাৰ্ট ।
  78. প্ৰত্যেক দিনাই জীৱনৰ শেষ দিন বুলি কাম কৰি যোৱা: জিম কৰবেট
  79. মোক মৰমৰ আৰু কাম এই দুটাই দিয়া: টমাছ মৰিছ
  80. আশা আছে বাবে পৃথিৱী ইমান ধুনীয়া: হেম বৰুৱা।
  81. খাবৰ বাবে, পিন্ধিবৰ বাবে মানুহে সুন্দৰভাৱে যিহকে কৰে, সেয়া কৃষ্টি: ৰাভা
  82. ভিক্ষা কৰাৰ কথা কেতিয়াও মনলৈ নানিবা: মহাত্মা গান্ধী
  83. সকলো অংকৰ যোগফলৰ যোগফলেই হল অনন্তকাল: লক্ৰেতিয়াছ
  84. পাপ আমাৰ শত্ৰু, পুণ্য ইয়াৰ বন্ধু: মহাবীৰ
  85. খং হৈছে এবিধ বিষ যি মানুহৰ মৃত্যু ও ঘটাব পাৰে: ছেইণ্ট আগষ্টন
  86. ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যু বৰণ কৰাই ভাল: প্লেটো
  87. পৃথিৱীত আটাইতকৈ বেয়া কাম হল আনৰ সুনাম নষ্ট কৰা: ৰামকৃষ্ণ
  88. ৰাজনীতি বিদৰ বাবে সত্য ৰ সংজ্ঞা পৃথক: মাইক কিনছেল
  89. সাহস প্ৰতিফলিত হয় কাৰ্য্যত: ভগ হল
  90. গুণ কেতিয়াও ধৰ্মৰ সমান সন্মানী় নহয়: মাৰ্ক টোৱেইৰ
  91. শান্ত সাগৰত দক্ষ নাৱিকৰ সৃষ্টি নহয়: ফুগাজি
  92. ধৰ্ম মানুহৰ মনত থাকে আঠুত নাথাকে: ছক্ৰেটিছ
  93. দেশে বিচাৰে স্বাধীনতা, জাতিয়ে বিচাৰে মুক্তি, জনগণে বিচাৰে বিপ্লৱ: মাও-চে-তুং
  94. আনক আঘাত দিলে, সেই আঘাত এদিন নিজে ভোগ কৰিবা: তুলসী দাস
  95. মানুহৰ মন পেৰাশুটৰ দৰেই, খোল খালেহে সি ক্ৰীয়াশীল হয়: থমাছ দেবাৰ
  96. প্ৰতিভাৰ নিৰানৱবৈ ভাগেই হল অধ্যৱসায়: টমাছ আলভা এডিচন
  97. ধন উপাৰ্জন কৰিবলৈ গৈ মই সময় নষ্ট কৰিব নোৱাৰোঁ: আগাচিছ
  98. মুক্তি বিচৰা সকলৰ দীক্ষাৰ প্ৰয়োজন হয়: ৰবীন্দ্ৰনাথ ঠাকুৰ
  99. বহুকেইজন চিকিৎসকৰ সহায়ত মই মৰিবলৈ ওলাইছো: আলেকজেণ্ডাৰ দা গ্ৰেড
  100. স্বাধীন হোৱা মানেই মুক্ত হোৱা নহয়: ৰবীন্দ্ৰনাথ ঠাকুৰ
  101. আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনাটো ঘটে তেতিয়া যেতিয়া আমি আমাৰ মনটোক জোকাৰি দিব পৰা এজন মানুহ লগ পাও: এমাৰছন
  102. ৰাজনীতি হল ৰক্তপাত নকৰাকৈ কৰা যুদ্ধ আৰু যুদ্ধ হল ৰক্তপাত কৰা ৰাজনীতি: মাও চে টুং
  103. মৰিবা, কিন্তু নামাৰিবা: মহাত্মা গান্ধী
  104. মই ভাল পাওঁ কাৰণে সকলো বুজি পাওঁ: লিও টলষ্টয়
  105. মুকলি আৰু সত্য আলোচনা ই হল সত্যৰ আটাইতকৈ ডাঙৰ: জি. কেম্পোৱেল
  106. ধুনীয়া মহিলা হল মূল্যবান অলংকাৰ কিন্তু এগৰাকী মহান মহিলা হল সম্পদ: হাদি
  107. প্ৰেমৰ আৰম্ভণী আৰু পৰিশেষত প্ৰেমিকে সদায়েই গভীৰ নি:সংগতাবোধক অনুভৱ কৰে: লা ব্ৰুয়েৰ ।
  108. হাঁহি হ’ল দেহ – মনক প্ৰশান্ত কৰিব পৰা এটা মহৌষধ, আৰু তাৰ কোনো পা্বক্ৰিয়া নাই: কালাৰ্ইল
  109. জ্ঞান দুই প্ৰকাৰৰ । একতা বিযয় সম্পৰ্কে হয় আমি নিজে জাঁনো, অথবা সেই বিষয়ে যাৱতীয় তথ্য ক’ত পোৱা যাব পাৰে, সেই কথা আমি জানোঁ: ছেমুৱেল জনছন
  110. যিজন মানুহে পিছফালৰ পৰা তোমাক ছুৰীৰে আঘাত নকৰি সম্নুখৰ পৰা কৰে, তেওঁকেই ভাল বন্ধু বুলি ক’ব পাৰি: লিওনাড লুই লেভিনছন
  111. নাৰী আৰু পূৰুষে অপলক দৃষ্টিৰে পৰস্পৰলৈ চাই থকাতো প্ৰেম নহয় । দুয়োজনে একেতা দিশলৈ চাই থকাটোৱেই প্ৰেম : ফ্ৰাচোঁৱা ছাৰ্গা
  112. একমাত্ৰ প্ৰাণীৰ প্ৰতি থকা ঘৃণাই জঘন্য পাপ নহয় । তাতোকৈ জঘন্য পাপ হ’ল কাৰোবাৰ প্ৰতি থকা অৱজ্ঞাহে: জৰ্জ বানাৰ্ড শ্ব
  113. প্ৰৌঢ়ই সকলোকে বিশ্বাস কৰে, মাজবয়সীয়াই সকলোকে সন্দেহৰ চকুৰে চায় আৰু তৰুণে জানে সকলোখিনিয়েই: অক্সাৰ ৱাইল্ড
  114. সাফল্যৰ উচ্চতম শৃংগত যদি আৰোহণ কৰিবলৈ ইচ্ছা কৰিছা, তেন্তে নিম্নতম পৰ্যায়ৰ পৰা সাধনা আৰম্ভ কৰা: ছাইৰাছ
  115. আপুনি পূৰুষেই হওক বা মহিলাই হওক, এই পৃথিৱীত সাহসৰ অবিহনে একোৱেই কৰিব নোৱাৰে । সন্মানৰ পিছত সাহসেই হ’ল শ্ৰেষ্ঠ মানৱ প্ৰমূল্য: জেম্ছ এলেন
  116. মহিলাক ভুল নুবুজিব । মহিলাই সকলোকে ক্ষমা কৰি দিয়ে । অন্যথা মানৱ জাতি কাহানিবাই নিঃশেষ হৈ গ’লহেঁতেন: ৰবাৰ্ট এ. হেইনলেন
  117. হতাশাগ্ৰস্ত লোকক প্ৰলোভিত কৰিবলৈ কেতিয়াও আগ নাবাঢ়িবা: শ্বেক্সপীয়েৰ
  118. মানুহৰ সাহস অনুপাতে জীৱনৰ বিস্তৃতি ঘটে বা জীৱন সংকুচিত হয় । সাহসেই সফলতাৰ চাবি – কাঠী: এনিছ নিন্
  119. সভ্যতাৰ লক্ষ্য হ’ল ৰাজনীতিক অন্তঃসাৰ কৰি তোলা আৰু বিজ্ঞান – কলাক জীনৱৰ অবিচ্ছেদ্য অংগ কৰি তোলা: আৰ্থাৰ চিঞ্জলা
  120. কেনেকৈ প্ৰত্যাখান কৰিব লাগে তাক জনাতো কেনেকৈ সন্মতি জনাব লাগে , তাৰ পমানে গুৰুত্বপূৰ্ণ: বাল্টাজাৰ গ্ৰেছিয়ান
  121. পূৰণি বন্ধুৱেই হ’ল মানুহৰ সুন্দৰতম দাপোণ: জৰ্জ হাবাৰ্ট
  122. নিজক আৰু পৃথিীখনক ভাল পাবলৈ শিকাতো হ’ল জীৱনজোৰা এক প্ৰেম – কাহিনীৰ মধুৰ আৰম্ভণি :অক্সাৰ ৱাইল্ড ।
  123. আপুনি সন্মান কৰা মানুহজন মোক দেখুৱাই দিয়ক , আপুনি কেনেধৰণৰ মানুহ মইআপোনাক জনাই দিম: থমাছ কাৰ্লাইন ।
  124. বন্ধুক সদায় এখন ছবিৰ দৰে ভাবিবা । ছবি এখন চাবলৈ যেনেদৰে উপযুক্ত পোহৰৰ দৰকাৰ , তেনেদৰে বন্ধুকো উপযুক্ত ধৰণে চাবা: জেনি জেৰম চাৰ্চিল ।
  125. একমাত্ৰ প্ৰতিকাৰহীন চৰম নৈৰাশ্যৰ ভেটিতহে আত্মাৰ আৱাস আৱাস নিৰাপদভাৱে নিৰ্মাণ কৰিব পাৰি: বাট্ৰাণ্ড ৰাছেল
  126. পৃথিৱীত যি যি মহত কাৰ্য সংঘটিত হৈছে , সকলোখিনিয়েই সম্ভৱ হৈছে প্ৰত্যাখাৰ দ্বাৰাহে: মাৰ্টিন লুঠাৰ ।
  127. জীৱনত কোনো সুোগ – সুবিধা নাপালোঁ বুলি কোনো মহত লোকে আপত্তি কৰাৰ উদাহৰণ নাই: আৰ . ডব্লিউ . এমাৰছন
  128. জীৱাই থকাৰ বাবে পৃথিৱীখন অতি ভয়াৱহ ঠাই । এয়া অসত মানুহৰ বাবে হোৱা নাই , হৈছে নিবনুৱা সকলৰ বাবেহে: আইনষ্টাইন 
  129. তোমাৰ অন্তৰৰ পৱিত্ৰখিনি তোমাৰ মুখাৱয়বত ফূুটি উঠে । অন্তৰ পৱিত্ৰ কৰি ৰখাই হ’ল আত্মা আৰু শৰীৰৰ বাবে প্ৰথম কৰণীয়: চেইন্ট জে’ৰম ।
  130. তুমি যেতিয়া যন্ত্ৰণা ভোগ কৰা , তেতিয়া ঈশ্বৰক ধন্যবাদ দিবা , কাৰণ য়ন্তৰণা হ’ল জীৱাই থকাৰ নিশ্চিত লক্ষণ: এলবাৰ্ট হুবাৰ্ড ।

মহৎ লোকৰ সৰু বাণী [February 2024]

  1. যিজনে সকলোৰে লগত সুৰ মিলাই কথা কয় তেওঁ ব্যক্তিহীন। – মাৰ্ক ট্ৱেইন
  2. জীৱন হ’ল পেঞ্চিলেৰে অংকন কৰা এখন ছবিৰ নাম, যাৰ কোনো অংশ ইৰেজাৰেৰে মচিব নোৱাৰি। – জন ডব্লিউ গাৰ্ডনাৰ
  3. অসন্তুষ্টিৰে ডাঙৰ অট্টালিকাত থকাতকৈ সম্পূৰ্ণ সন্তুষ্টিৰে জুপুৰি এটাত থকাটোৱেই ভাল – উইলিয়ামছ হেডছ
  4. নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰা মানুহ নিজৰ বাবে আৰু সকলোৰে বাবে বিপদ। – থেলিছ
  5. সকলোকে বিশ্বাস কৰাটো বিপদজনক; কিন্তু কাকো বিশ্বাস নকৰাটো অধিক বিপদজনক – আব্ৰাহাম লিংকন
  6. কাপুৰুষৰ মৃত্যুৰ আগতে বহুবাৰ মৃত্যু হয়। সাহসীয়ে এবাৰহে মৃত্যুৰ সোৱাদ লয়। – শ্বেক্সপীয়েৰ
  7. নদীখন যিমানেই গভীৰ হয় সিমানেই শব্দ কম হয়। – জন লাইভগেট
  8. প্ৰেমৰ আনন্দ অল্পকালীন যদিও যন্ত্ৰণা আজীৱন থাকে।– ৰবীন্দ্ৰনাথ ঠাকুৰ
  9. মই পৃথিৱীৰ সকলো ইহুদীক হত্যা কৰিলোঁহেঁতেন, কিন্তু কিছুমান ইহুদীক জীয়াই ৰাখিলোঁ যাতে গোটেই জগতখনে বুজি পায় যে মই তেওঁলোকক কিয় হত্যা কৰিলোঁ।- হিটলাৰ
  10. যদি কেতিয়াবা অপমানিত অনুভৱ হয়, তেন্তে আনক জনিব নিদিব। – জন বেকাৰ
  11. পোহৰত অকলে খোজ কঢ়াতকৈ বন্ধুৰ লগত আন্ধাৰত খোজ কঢ়াই ভাল। – হেলেন কিলাৰ
  12. সন্মান কৰিব নোৱাৰাজনক অন্তৰেৰে মৰম কৰিব নোৱাৰি। – চুইফট
  13. যদি কোনো মানুহক চিনিব বিচাৰে তেন্তে প্ৰথমে তেওঁক ভাল পাবলৈ শিকক। – লেইলিন
  14. পুৰুষে যিমান পাৰে অবিবাহিত হৈ থকাৰ লক্ষ্য ৰাখিব লাগে। – জৰ্জ বাৰ্নাৰ্ডছ
  15. নোসোধাকৈ অহা প্ৰেমৰ মোহ নাই। – হুমায়ুন আহমেদ
  16. বিফলতা মানি ল’ব পাৰো কিন্তু চেষ্টা নকৰাটো মানি ল’ব নোৱাৰো। – মাইকেল জৰ্ডান
  17. কেতিয়াও বন্ধুক আঘাত নিদিব, ধেমালি কৰিও। – চিচেৰো
  18. শত্ৰুৰ মৃত্যু হ’লে আনন্দ কৰাৰ কোনো কাৰণ নাই। শত্ৰু সৃষ্টিৰ কাৰণবোৰ এতিয়াও মৰা নাই। – অল পিয়াৰ্ট
  19. আটাইতকৈ ডাঙৰ শিক্ষাটো হ’ল “মই নাজানো” বুলি ক’বলৈ শিকা। – হিব্রু প্রবাদ
  20. আপুনি যি দেখুৱাই তাতকৈ বেছি হোৱা উচিত। আপুনি যি জানে তাতকৈ কম কথা কোৱা উচিত। – উইলিয়াম শ্বেক্সপীয়েৰ
  21. যিজনে মুকলিকৈ হাঁহিব নোৱাৰে তেওঁ পৃথিৱীৰ আটাইতকৈ অসুখী মানুহ। – জন লিলি
  22. নাৰীক বুজি পোৱা পুৰুষে পৃথিৱীৰ যিকোনো কথা বুজি পোৱাৰ গৌৰৱ কৰিব পাৰে। – জে. বি. ইয়েটস
  23. আটাইতকৈ কঠিন কামটো হ’ল নিজকে চিনি পোৱা আৰু আটাইতকৈ সহজ কামটো হ’ল আনক পৰামৰ্শ দিয়া। – থেলিছ
  24. টকাৰ বাবে শিক্ষিত হোৱাতকৈ অশিক্ষিত হোৱাই ভাল। – চক্ৰেটিছ
  25. গোপন কথাটো আপোনাৰ দাস। যদি আপুনি ইয়াক উদঙাই দিয়ে তেন্তে আপুনি তেওঁৰ দাস – আৰবী প্ৰবাদ
  26. জীৱন মৃত্যুৰ ঘনিষ্ঠ সংগী। –এছ টি কলেৰিজ
  27. অপবিত্ৰ আনন্দতকৈ পবিত্ৰ যন্ত্ৰণা ভাল। – হোমাৰ
  28. বাক্যত খংৰ পৰিমাণ খাদ্যত নিমখৰ দৰে হ’ব লাগে। পৰিমিতভাৱে সুস্বাদু, অতিৰিক্তভাৱে ক্ষতিকাৰক। – প্লেটো
  29. শিয়ালৰ দৰে এশ বছৰ জীয়াই থকাতকৈ এদিন সিংহৰ দৰে জীয়াই থকাই ভাল। – টিপু চুলতান
  30. এজন অসাধু ব্যক্তিয়ে এজন সৎ ব্যক্তিৰ কৰ্মত কোনো উচ্চ উদ্দেশ্য বিচাৰি নাপায়। – জন বেকাৰ
  31. সময় নষ্ট কৰিলোঁ, এতিয়া সময়ে মোক নষ্ট কৰি আছে। – শ্বেক্সপীয়েৰ
  32. বন্ধু হ’ল দুই হৃদয়ৰ এক মন। – চক্ৰেটিছ
  33. বন্ধুৰ লগত এনে আচৰণ কৰক যাতে বিচাৰকে তাৰ আশ্ৰয় ল’ব নালাগে। – প্লেটো
  34. পিছদিনা কেতিয়াও আগৰ দিনতকৈ সুখী নহয়। – মিল্টন
  35. আনৰ উপকাৰ হোৱাটো ভাল কিন্তু নিজকে বাটত ৰখাটো ভাল নহয়। – এডৱাৰ্ড ইয়ং
  36. কান্দোনত চিৰন্তন সুখ থাকে সেইবাবেই মই কান্দিবলৈ বৰ ভাল পাওঁ। – স্বামী বিবেকানন্দ
  37. মই নোহোৱাৰ সময়ত যদি কোনেও কান্দিব নোৱাৰে তেন্তে মোৰ অস্তিত্ব অমূল্য। – চুইফ্ট
  38. বিশ্বাসে জীৱনক গতি প্ৰদান কৰে, আৰু অবিশ্বাসে জীৱনটোক দুৰ্বিষহ কৰি তোলে। –মিল্টন
  39. তেওঁ সঁচাকৈয়ে সুখী, যিয়ে প্ৰয়োজনতকৈ বেছি আশা নকৰে। – ভাৰ্জিল

মহান লোকৰ বাণী [February 2024]

  1. যি জাতিৰ সাহিত্য নাই সেই জাতি জীৱাই থাকিও মৰাৰ দৰে: তুলসী দাস 
  2. জীৱনত কি কৰিব , সেয়া বুজি নোপোৱা সাধাৰণ লোকেহে আন এটা জন্ম কামনা কৰে: আনাটোলে ফ্ৰান্স 
  3. তোমাৰ গোপনীয়তা যদি আনে ৰক্ষা কৰাতো বিচাৰা , তেন্তে প্ৰথমে নিজে গোপনীয়তা ৰক্ষা কৰি চলাতো প্ৰয়োজন: চেনেকা 
  4. তুমি যদি এখন জাহাজ নিৰ্মাণ কৰিব খুজিছা , তেন্তে কাঠৰ শক্তিৰ হিচাপ লোৱাৰ আগতে লোৱাৰ আগতে সাগৰৰ বিশালতা আৰু ভয়াৱহতালৈ দৃষ্টি দিয়া উচিত: এন্টইন দ্য ছেইন্ট
  5. সুখী হোৱাৰ প্ৰাথমিক চিন্তানো কি ? মোৰ মতে মানুহজন আচলতে যি , সেয়া হ’বলৈ ইচ্ছা কৰাই হ’ল সুখী হোৱাৰ আৱশ্যকীয় চৰ্তসমূহৰ প্ৰথমটো: ইৰাছমাছ ।
  6. বিশ্বব্ৰক্ষ্মাণ্ড আৰু মানুহৰ মুৰ্খামি – এই দুযোতাই হ’ল অসীম । এই দুই অসীমৰ ভিতৰত প্ৰথমটো বিষয়ত মোৰ স্পষ্ট ধাৰণা নাই: এলবাৰ্ট আইনষ্টাইন।
  7. সাহসী মানুহৰ বাবে সৌভাগ্য আৰু দুৰ্ভাগ্য তেওঁৰ সোহাঁত আৰু বাওঁহাত মাত্ৰ । নিজৰ সুবিধাৰ বাবে তেওঁ দুয়োকে সমানে ব্যৱহাৰ কৰে: চিয়েনাৰ চেন্ট কেপেৰিন
  8. যিতো শক্তিয়ে পৃথিৱীখন শাসন কৰে , সেইটো হ’ল মানুহৰ আচৰণ । সেই আচৰণ নৈতিক আৰু অনৈতিক দুয়োটাই হ’ব পাৰে: নিকোলাছ মূৰে বাটলাৰ ।
  9. বিবেক হ’ল এনে এক পৱিত্ৰ ঠাই – যত একমাত্ৰ ঈশ্বৰেহে বিচাৰক হিচাপে প্ৰৱেশ কৰিব পাৰে: লেমেন্নেইচ ।
  10. অতীতৰ ঋণ পৰিশোধ কৰাৰ একমাত্ৰ উপায় হ’ল ভৱিষ্যতটোক আমাৰ ওচৰত ঋণী কৰি ৰখা: জন বুকান ।
  11. যিহেতু যুদ্ধ আৰম্ভ হয় মানুহৰৰ মনৰ , সেয়েহে মানুহৰ মনৰ ভিতৰতে প্ৰথমে শান্তি সুৰক্ষিত কৰি তুলিব লাগিব: ইউনেস্ক ‘ ৰ সংবিধান ।
  12. একমাত্ৰ কাম আৰু আদৰ্শতে জীৱন উতসৰ্গ নকৰিবা । মানৱিক সম্পৰ্কই হ’ল জীৱনৰ শ্ৰেষ্ঠ সম্পদ । সেয়া মই বৰ পলমকৈ গম পালোঁ: কাথাৰিণ্ড চুছন্নাছপ্ৰিচাৰ্ড
  13. যেতিয়া সকলো মানুহেই একে ধৰণে চিন্তা কৰে , তেতিয়া বুজিব লাগে যে কোনো এজন মানুহেই গভীৰভাৱে চিন্তা নকৰে: ওৱাল্টাৰ লিপমেন 
  14. তুচ্ছ আৰু গুৰুত্বহীন কথাবোৰত অতিশয় ব্যস্ত হৈ থকাটোৱেই হ’ল পুখী হোৱাৰ প্ৰধান উপায়: এডৱাৰ্ড নিউটন  ।
  15. সৰ্বসাধাৰণ জনতাৰ সহ্য গুণ অসাধাৰণ । জনতাই সকলোকে ক্ষমা কৰি দিয়ে – প্ৰতিভাশালী বা মহতজনক  কোনো দিনে ক্ষমা নকৰে: অস্কাৰ ৱাইল্ড ।
  16. সময়ৰ সদ্ব্যব্যৱহাৰৰ অৰ্থ হ’ল আটাইতকৈ গুৰুত্বপূৰ্ণ কামখিনি বাছি উলিওৱা উচিত মতে কাম কৰি যোৱা: লী ইয়াকুকা ।
  17. কাইলৈৰ কথা নাভাবিবা । দৃষ্টি নিবদ্ধ কৰা কেৱল আজিৰ দিনটোৰ ওপৰত । আজিৰ দিনটোৰ পৰম বিস্ময়েই তোমাৰ কাৰণে যথেষ্ট: খলিল জিব্ৰান ।
  18. তৰাবোৰ বহু দূৰত থাকে কাৰণেই আমি সিহঁতক সুন্দৰ আৰু নিষ্কলংক যেন দেখোঁ । কাৰণ সিহঁতৰ ব্যক্তিগত জীৱনৰ বিষয়ে আমি একো নাজানোঁ:হাইনৰিখহাইনে
  19. এজন পূৰুষ বা মহিলাৰ বংশ – পৰিচয় জনাৰ একমাত্ৰ উপায়টো হ’ল কাজিয়াৰ সময়ত তেও দেখুওৱা আচৰণখিনি: জৰ্জ বানাৰ্ড শ্ব
  20. নিজৰ বিষয়ে ভবাটো কেতিয়াও অপৰাধ হ’ব নোৱাৰে । মই এটা কথা সদায় জানোঁ, প্ৰকৃততে নিজৰ বিষয়ে নভবা মানুহজনে একোকেই নাভাবে: অস্কাৰ ৱাইল্ড
  21. আমি যি জানোঁ, সেইখিনি ঝাঁনো বুলি জনা আৰু আমি নাজানোঁ, তাক নাজানোঁ বুলি জনাটোৱেই হ’ল প্ৰকৃত জ্ঞান: থৰো
  22. কোনোদিনে প্ৰলোভনৰ সন্মুখীন নোহোৱালৈকে তেওঁনো কিমান অসত, সেয়া কোনোদিনেই বুজি নাপায়: জৰ্জ বিলিঙ্ছ
  23. যি মানুহে নিজৰ অকৃতকাৰ্যতাৰ কাৰণে আনক দোষাৰোপ কৰে, তেনে মানুহে নিজৰ কৃতকাৰ্যতাৰ কাৰণেও আনকেই কৃতিত্ব দিয়া উচিত: হাৱাৰ্ড নিউটন
  24. নম্ৰতা সজ ব্যৱহাৰৰ অনুমান: সত্যনাথ বৰা
  25. জ্ঞানৰ শেষ পৰীক্ষা প্ৰমাণ বা যুক্তিৰ সন্ধান নহয় । বিশ্বাস কৰিবলৈ শিকাই হ’ল তাৰ বুনিয়াদ: কালাৰ্ইল
  26. অতি জ্ঞানীজনে সদায় নিজৰ পথ নিজে নিৰ্ধাৰন কৰে: ইউৰিডিছ
  27. সোণৰ দ্ৰাবক সুৱগা, কামৰ দ্ৰাবক অভ্যাস: সত্যনাথ বৰা
  28. ব্যাপক জ্ঞান নথকা লোকৰ হাতত বিদ্যাৰ ক্ষমতা পৰা অনুচিত: গুনাভিৰাম বৰুৱা
  29. আনক আঘাত দিলে, সেই আঘাত এদিন নিজে ভোগ কৰিবা: তুলসী দাস
  30. মানুহৰ মন পেৰাশুটৰ দৰেই, খোল খালেহে সি ক্ৰীয়াশীল হয়: থমাছ দেবাৰ
  31. প্ৰতিভাৰ নিৰানৱবৈ ভাগেই হল অধ্যৱসায়: টমাছ আলভা এডিচন
  32. ধন উপাৰ্জন কৰিবলৈ গৈ মই সময় নষ্ট কৰিব নোৱাৰোঁ: আগাচিছ
  33. মুক্তি বিচৰা সকলৰ দীক্ষাৰ প্ৰয়োজন হয়: ৰবীন্দ্ৰনাথ ঠাকুৰ
  34. বহুকেইজন চিকিৎসকৰ সহায়ত মই মৰিবলৈ ওলাইছো: আলেকজেণ্ডাৰ দা গ্ৰেড
  35. সময়েই ধন৷: বেঞ্জামিন ফ্ৰেঙ্কলিন৷
  36. খং নকৰিবা নিজৰে সৰ্বনাশ হ’ব৷ অহংকাৰ নকৰিবা পতন হ’ব, কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ’বা, ফাঁকি নিদিবা, ফাঁকত পৰিবা৷: বিবেকানন্দ ৷
  37. আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ’ব তুমি নাজানা: হজৰত মহম্মদ
  38. পৰিস্থিতি যিমানেই ভয়লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত৷: পিয়েৰ টেলহাৰ্ড
  39. সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা, যদি তুমি সচাঁকৈয়ে সফল হ’ব বিচাৰিছা তেন্তে ক্ষন্তেক জিৰণি লোৱা আৰু ভাবা তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা৷ দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে৷: ডেভিদ ফ্ৰষ্ট ৷
  40. এগৰাকী সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ’ল সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভূলৰ পৰাই সদায়েই শিক্ষা লৈ আগবাঢ়ে: ডেল কাৰ্নেগী৷
  41. উশাহ লৈ থকা মানেইতো জীয়াই থকা নহয়৷: মেথিউ
  42. প্ৰেম হৈছে এনে এক জীৱনপুষ্প যি প্ৰস্ফুটিত হয় অভাৱনীয়, অপৰিকল্পিতভাৱে, কোনোৱে নজনাকৈয়ে, প্ৰকৃতিৰ সকলো নিয়ম উলংঘা কৰি৷: ডি এইছ লৰেঞ্চ
  43. কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে: বেইলী
  44. যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভূল কৰা নাই ইয়াৰ অৰ্থ হ’ল যে তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই : এৰিষ্ট’টল৷
  45. নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা: বেঞ্জামিন ফ্ৰেংকলিন৷
  46. এজন মানুহে গোটেই দিনটো যি চিন্তা কৰে তেওঁ সেয়াই৷ সচাঁকৈয়ে! তাতকৈ অন্য ধৰণৰ হোৱাটো বাৰু তেওঁৰ বাবে কেনেকৈ সম্ভৱ? :এমাৰ্চন৷
  47. নীৰৱতা হ’ল জীৱনৰ এক অমূল্য বস্তু, যাৰ ভিতৰত বহু বস্তুৱে জন্মলাভ কৰে: থমাছ কাৰ্লাইল৷
  48. মানুহৰ মন সদায় একে ঠাইতেই থাকে৷ কিন্তু এই মন বোলা অতি শক্তিশালী বস্তুটোৱে স্বৰ্গক নৰক আৰু নৰকক স্বৰ্গ কৰি তোলে: কবি জন মিল্টন৷
  49. ক্রোধ মানুহৰ প্রধান শত্রু। ক্রোধ কৰা মানুহে যুদ্ধৰ বাহিৰে অন্য কামত ভাগ লব নোঁৱাৰে: বাইবেল
  50. সকলো বস্তু কিনিছা কিনা। পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা: যতীন্দ্র নাথ দুৱৰা
  51. সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে: মহাত্মা গান্ধী
  52. অকণমান সাহসৰ অভাৱতেই পৃথিবীৰ বহুতো প্রতিভাৰ অপচয় ঘটে: ছিডনি স্মিথ
  53. যি নিজৰ দেশক ভাল নাপাই সি একোকে ভাল নাপায়: বাইৰণ
  54. এটা বন্দুকৰ গুলীতকৈ এটোপাল চিঞাহীৰ মূ্ল্য বেছি: চেইন্ট টেৰেজা
  55. আমি যি কাম কৰো সেয়াই পৰম পিতাৰ কাম: স্বামী বিবেকানন্দ
  56. আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্র গঠন হয়: আনন্দ চন্দ্র আগৰৱালা
  57. ভাষাৰ বাপেক ভাৱ আৰু ককাক জ্ঞান: কমলা কান্ত ভট্টাচার্য্য
  58. শিক্ষাই মানুহৰ শ্রেষ্ঠ সম্পদ: চক্রেটিজ
  59. প্ৰত্যেক ধৰ্মই আমাক কয় কৰ্ম, বিশ্বাস , অৰ্চনা – এই তিনিটা মানুহৰ প্ৰধান লাগতিয়াল বস্তু — ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ
  60. আমি কেৱল যুক্তিৰ সহায়েৰে সত্যত উপনীত হʼব নোৱাৰোঁ, সত্যত উপনীত হʼবলৈ হৃদয়ৰো সহায় লাগে — ব্লেইছ পাছকেল
  61. কৃতকাৰ্যতাই মানুহক বিনয়ী, সহিষ্ণু আৰু মৰমিয়াল কৰি তোলে। ব্যৰ্থতাই মানুহক নিষ্ঠুৰ আৰু তিক্ততাপূৰ্ণ কৰে — ছমাৰছেট মম
  62. তুমি জীৱনক ভাল পোৱানে? যদি জীৱনক ভাল পোৱা সময়ৰ অপচয় নকৰিবা ; কাৰণ সময়ৰ সমষ্টিয়েই জীৱন — বেঞ্জামিন ফ্ৰেংকলিন
  63. কিতাপে বিশ্ব ব্ৰহ্মাণ্ডক ইয়াৰ আত্মা প্ৰদান কৰে, মনক ডেউকা প্ৰদান কৰে, কল্পনাক উৰাৰ সক্ষমতা আৰু সকলোকে জীৱনময় কৰি তোলে — প্লেট’
  64. কেতিয়াবা তুমি আনৰ চকুতহে নিজক পৰিষ্কাৰকৈ দেখা পাব পাৰা। সেইবাবে আমাৰ জীৱনত সমালোচক সকলৰ এটা ভূমিকা থাকে। তেওঁলোকৰ চকুতহে আমাৰ ভুল শুদ্ধ ধৰা পৰে — এলেন ডিজেনাৰ্ছ
  65. ব্যৰ্থতাৰ বহুতো কাৰণৰ ভিতৰত এটা অতি সাধাৰণ কাৰণ হ’ল মানুহে সমসাময়িকভাবে পৰাজয়ৰ সন্মুখীন হ’লেই মানুহে কামটো কৰিবলৈ এৰি দিয়ে। কম বেছি পৰিমাণৰ সকলো মানুহে এইটো কৰে — নেপোলিয়ন হিল
  66. যি মানুহে আন মানুহৰ বিষয়ে বেছি কথা জানে তেওঁ এজন বিদ্বান। যি মানুহে আনক শাসন কৰে তেওঁ ক্ষমতাশালী ; কিন্তু যিজন মানুহে নিজক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰিছে তেওঁ হ’ল আটাইতকৈ শক্তিশালী মানুহ — লাও জু
  67. সাহসেই হৈছে প্ৰথম আৰু প্ৰধান মানৱীয় যোগ্যতা। কাৰণ ইয়াৰ পৰাই আন সকলো যোগ্যতা আৰু সম্ভাৱনাৰ সৃষ্টি হয় — উইনষ্টাইন চাৰ্চিল
  68. ক্ষুদ্ৰতম কামটো কৰিবৰ সময়তো সেই কামটোতে ঢালি দিবা তোমাৰ সমস্ত হৃদয়, মন, বুদ্ধি আৰু আত্মা। কৃতকাৰ্যতাৰ সেইটোৱে হ’ল গোপন ৰহস্য — স্বামী বিবেকানন্দ
  69. কৰ্মই উপাসনা হাঁহিয়েই জীৱন । – বিষ্ণুপ্ৰসাদ ৰাভা
  70. ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক । – ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
  71. স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু – মহাত্মা গান্ধী
  72. শিক্ষাৰ উদ্দেশ্য হ’ল মানুহক মানুহ ৰূপে গঢ়ি তোলা, মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন। – ৰাজা ৰামমোহন ৰায়
  73. কিতাপ নথকা ঘৰ, খিৰিকী নথকা কোঠালিৰ দৰে। – এইচ. মেনন
  74. আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছোঁ ভৱাহে বেছি দৰকাৰ। – ৰাজা ৰামমোহন ৰায়
  75. অন্য মানুহে খাবলৈহে জীয়াই থাকে, আনহাতে মই জীয়াই থাকিবলৈহে খাওঁ। – চক্ৰেটিছ
  76. আমি গোটোৱা সকলোবোৰ সম্পত্তিৰ ভিতৰত জ্ঞান মাথো অবিনাশী। – চক্ৰেটিছ
  77. খং নকৰিবা, নিজৰ সৰ্বনাশ হ’ব, অহংকাৰ নকৰিবা, পতন হ’ব, কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ’বা, ফাঁকি নিদিবা, ফাঁকত পৰিবা। – স্বামী বিবেকানন্দ
  78. ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নুজুখিবা। – ৰবীন্দ্ৰনাথ ঠাকুৰ
  79. সচেতনতা আৰু জাগৰণৰ মাজত পাৰ্থক্য হ’ল- সচেতনতা হ’ল ইন্ধন, জাগৰণ এক প্ৰকাৰ অগনি ; যি অগনিয়ে দুষ্কৃতিক পুৰি ন সৃষ্টিৰ ন গজালি গজাত সহায় কৰে — ভূপেন হাজৰিকা
  80. যদি তুমি কিবা বস্তু পছন্দ নকৰা তেতিয়াহ’লে সেই বস্তুটো সলাই পেলোৱা। আৰু যদিহে তাক সলাই পেলাব পৰা নাযায় তেন্তে নিজৰ দৃষ্টিভংগীক সলাই পেলাবলৈ যত্ন কৰা — মায়া এঞ্জেল’
  81. আমাৰ জীৱনলৈ কিছুমান মানুহ আশীৰ্বাদ হৈ আহে আৰু কিছুমান মানুহ আহে শিক্ষা হৈ — মাদাৰ টেৰেছা
  82. শান্তি বলপূৰ্বকভাবে প্ৰতিষ্ঠিত কৰিব নোৱাৰি, ইয়াক কেৱল পাৰস্পৰিক বুজাপৰাৰ মাজেৰেহে পাব পাৰি — এলবাৰ্ট আইনষ্টাইন
  83. ইতিবাচক দৃষ্টিভংগীয়ে মানুহৰ সপোন সাকাৰ কৰি তোলাত আটাইতকৈ বেছি ভূমিকা গ্ৰহণ কৰে। কাৰণ ইতিবাচক চিন্তাৰ পৰাই ইতিবাচক শক্তিৰ জন্ম হয় — ডেভিড বেইলী
  84. বিশ্বাস হৈছে এনে এটা শক্তি যি এটা বস্তুক নিজৰ লগত সকলো পৰিস্থিতিৰ মাজতো ধৰি ৰখাত সহায় কৰে। বিশ্বাসেই মানুহৰ জীৱনৰ গতিপথক সলনি কৰিব পাৰে — চি এছ লিৱিছ
  85. কৰ্মই উপাসনা হাঁহিয়েই জীৱন — বিষ্ণুপ্ৰসাদ ৰাভা
  86. ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক — ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
  87. স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু — মহাত্মা গান্ধী
  88. শিক্ষাৰ উদ্দেশ্য হ’ল মানুহক মানুহ ৰূপে গঢ়ি তোলা, মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন — ৰাজা ৰামমোহন ৰায়
  89. কিতাপ নথকা ঘৰ, খিৰিকী নথকা কোঠালিৰ দৰে — এইচ. মেনন
  90. সময়েই হ’ল মানুহৰ আটাইতকৈ মূল্যবান সম্পদ, কাৰণ সময় এবাৰ গ’লে কেতিয়াও ঘূৰি নাহে। – টমাচ্ আলভা এডিচন
  91. কৃতকাৰ্য হ’বলৈ হলে তোমাৰ ভীষণ অধ্যাৱসায় আৰু প্ৰৱল ইচ্ছা শক্তি থাকিব লাগিব। – স্বামী বিবেকানন্দ
  92. যেতিয়ালৈকে মানৱ আত্মাক শক্তিশালী কৰিব নোৱাৰি তেতিয়ালৈকে শিক্ষা সম্পূৰ্ণ নহয়। – মহাত্মা গান্ধী
  93. পৰিশ্ৰমেই হ’ল মানুহৰ একমাত্ৰ পৰিত্ৰাণ। যি মানুহে নিজে বাছি লোৱা কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব পাৰে সেই মানুহৰ মনলৈ আত্মবিশ্বাস আপোনা-আপুনি আহে। – হোমেন বৰগোহাঞি
  94. আমাক এনে শিক্ষাৰ প্ৰয়োজন যাৰ দ্বাৰা আমাৰ সৎ চৰিত্ৰ গঠন হয় আৰু যাৰ দ্বাৰা মানসিক বল বৃদ্ধি হয়, যাৰ দ্বাৰা বুদ্ধিমত্তা প্ৰসাৰিত হ’ব আৰু যাৰ সহায়ত আমি নিজৰ ভৰিত নিজে থিয় দি আত্মনির্ভৰশীল হ’ব পাৰো। – স্বামী বিবেকানন্দ
  95. এখন ভাল কিতাপ নষ্ট কৰা আৰু এজন ভাল মানুহক হত্যা কৰা একে কথা। – মিল্টন
  96. জীৱনটোও একপ্ৰকাৰৰ পৰ্বত আৰোহণ। অসীম দুখ-কষ্ট আৰু দুৰ্লংঘ বাধা আছে বাবেই সি ৰোমাঞ্চকৰ। – হোমেন বৰগোহাঞি
  97. একমাত্ৰ পৰিশ্ৰমী লোকেহে বিজয়ী হ’ব পাৰে। – হোমাৰ
  98. এলাহ মানুহৰ বাবে অভিশাপ। এলাহে ব্যক্তিৰ আৰু জাতিৰ অন্তঃসত্তা নাইকিয়া কৰে আৰু লোহাত মামৰে ধৰাৰ দৰে ব্যক্তি আৰু জাতিৰো ক্ষতি কৰে। – ছেমুৱেল স্মাইলছ
  99. মানুহৰ প্ৰকৃত পৰিচয় জন্ম লৈ নহয়, কৰ্মলৈহে। – মহাবীৰ
  100. এজন মানুহৰ যিমানেই প্ৰতিভা নাথাকক কিয় যদি তেওঁ পৰিশ্ৰম নকৰে তেন্তে তেওঁৰ সেই সুপ্ত প্ৰতিভাই কেতিয়াও ভাল ফলাফল নিদিয়ে। – টমাছ আলভা এডিছন
  101. এজন মানুহৰ যিমানেই প্ৰতিভা নাথাকক কিয় যদি তেওঁ পৰিশ্ৰম নকৰে তেন্তে তেওঁৰ সেই সুপ্ত প্ৰতিভাই কেতিয়াও ভাল ফলাফল নিদিয়ে। – টমাছ আলভা এডিছন
  102. মানৱ সমাজক শাসন কৰাৰ দিশত আত্মোৎসৰ্গ কৰা আটাইবোৰ লোকেই এই কথাত পতিয়ন গৈছে যে একোখন সাম্ৰাজ্যৰ ভাগ্য ইয়াৰ যুৱচামৰ শিক্ষা-দীক্ষাৰ ওপৰতেই নিৰ্ভৰশীল। এৰিষ্টট’ল
  103. ভৱিষ্যতৰ বাবে তৈয়াৰী হোৱাৰ সকলোতকৈ শ্ৰেষ্ঠ পথ হ’ল সমস্ত বুদ্ধি, ক্ষমতা আৰু আগ্ৰহ সহকাৰে আজিৰ কাম কৰি যোৱা। উইলিয়াম এছলাৰ
  104. ডাঙৰ ট্ৰেজেডীয়ে জীৱনটোক ক্ষয় নকৰে।জীৱনটোক অবিৰামভাৱে ক্ষয় কৰি থাকে তুচ্ছ বিৰক্তিবোৰে আৰুসময়ৰ পৌনঃপুনিক অপচয়বোৰে। আমাৰ শত্ৰুসকলে আমাৰ ক্ষয় নকৰে,আমাৰ ক্ষয় কৰে আমাৰ বন্ধুসকলে বা আধা বন্ধুসকলে- যিসকলে আমাৰ ইচ্ছাৰ বিৰুদ্ধেও আমাক লগ পাবলৈ বিচাৰি ফুৰে। আঁৰি দ্য মথাঁৰলেঁট
  105. যিজন মানুহে বদহজম, নিদ্ৰাহীনতা আৰু বেয়া বতৰৰ কাৰণে কাপুৰুষৰ দৰে আচৰণ কৰে, সেই একেজন মানুহেই পাতল নৈশ আহাৰ খালে, ৰাতি ভালকৈ টোপনি যাব পাৰিলে আৰু শুই উঠিয়েই এটা উজ্জ্বল ৰাতিপুৱাৰ মুখামুখি হ’লে বীৰৰ দৰে আচৰণ কৰিব পাৰে। লৰ্ড চেষ্টাৰফিল্ড
  106. যি মানুহৰ হেৰুৱাবলৈ একো নাই, তেওঁক কেতিয়াও প্ৰতিযোগিতালৈ আহ্বান নকৰিবা। গ্ৰেচিয়ান
  107. আমি যি জানোঁ, সেইখিনি ঝাঁনো বুলি জনা আৰু আমি নাজানোঁ, তাক নাজানোঁ বুলি জনাটোৱেই হ’ল প্ৰকৃত জ্ঞান। থৰো
  108. কোনোদিনে প্ৰলোভনৰ সন্মুখীন নোহোৱালৈকে তেওঁনো কিমান অসত, সেয়া কোনোদিনেই বুজি নাপায়। জৰ্জ বিলিঙ্ছ
  109. যি মানুহে নিজৰ অকৃতকাৰ্যতাৰ কাৰণে আনক দোষাৰোপ কৰে, তেনে মানুহে নিজৰ কৃতকাৰ্যতাৰ কাৰণেও আনকেই কৃতিত্ব দিয়া উচিত। হাৱাৰ্ড নিউটন
  110. মনত ৰাখিব – বন্ধু আহিব আৰু যাব, কিন্তু শত্ৰুৰ সংখ্যা সদায় বাঢ়ি গৈ থাকিব = ব্যক্তিগত নীৰৱতাৰ মাজত আৰু সিয়েই নিঃসংগতা সহ্য কৰিবলৈ আমাক শক্তি দিয়ে।ভি . এছ . প্ৰিছেত
  111. জ্ঞানৰ শেষ পৰীক্ষা প্ৰমাণ বা যুক্তিৰ সন্ধান নহয়। বিশ্বাস কৰিবলৈ শিকাই হ’ল তাৰ বুনিয়াদ। কালাৰ্ইল
  112. অতি জ্ঞানীজনে সদায় নিজৰ পথ নিজে নিৰ্ধাৰন কৰে। ইউৰিডিছ
  113. ব্যাপক জ্ঞান নথকা লোকৰ হাতত বিদ্যাৰ ক্ষমতা পৰা অনুচিত। গুনাভিৰাম বৰুৱা
  114. ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
  115. শিক্ষাৰ উদ্দেশ্য হ’ল মানুহক মানুহ ৰূপে গঢ়ি তোলা,মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন। ৰাজা ৰামমোহন ৰায়

মার্ক জুকাৰবার্গৰ বাণী [Mark Zuckerbergs Quotes In Asssamese]

Mark Zuckerbergs Quotes In Asssamese
  1. মই কেতিয়াওঁ পৰীক্ষাত প্রথম হ’ব পৰা নাই, কিন্তু বিশ্বৰ অন্যতম ইউনিভার্চিটিতে যিসকলে প্রথম হৈছিল সেই সকল আজি মোৰ কর্মচাৰী। – মার্ক জুকাৰবার্গ
  2. আটাইতকৈ ডাঙৰ ৰিস্কটো হ’ল কোনো ধৰণৰ ৰিস্ক নোলোৱা। পৃথিৱীৰ সকলো বস্তুৱেই অতি দ্ৰুতগতিত সলনি হৈ আছে, আৰু ইয়াত নিশ্চিত বিফলতাৰ একমাত্ৰ কাৰণ হ’ল কোনো ধৰণৰ ৰিস্ক নলোৱা। – মার্ক জুকাৰবার্গ
  3. ফেচবুক প্ৰথমে এটা সংস্থাৰ উদ্দেশ্য নাছিল। পৃথিৱীখনক অধিক মুকলি আৰু সংযুক্ত কৰি তোলাৰ সামাজিক মিছন পূৰণৰ বাবেই গঠন কৰা হৈছিল। – মার্ক জুকাৰবার্গ
  4. মই প্ৰতিদিনে একেটা সাজ-পোছাক পিন্ধো, বা অন্ততঃ একেটা সাজ-পোছাকৰ বেলেগ কপি পিন্ধো। – মার্ক জুকাৰবার্গ
  5. মই মাত্ৰ এই খিনি নিশ্চিত কৰিব বিচাৰো, যে যেতিয়া মোৰ সন্তান হ’ব তেতিয়া মই তেওঁলোকৰ লগত যাতে সময় কটাব পাৰোঁ। – মার্ক জুকাৰবার্গ
  6. মই ১৯ বছৰ বয়সত চাইটটো আৰম্ভ কৰিছিলো, আৰু ব্যৱসায়ৰ বিষয়ে একো নাজানিছিলো। – মার্ক জুকাৰবার্গ
  7. মই গুগল চাওঁ আৰু মই ভাবো তেওঁলোকৰ একাডেমিক সংস্কৃতি অতি শক্তিশালী। জটিল সমস্যাৰ সুন্দৰ সমাধান। – মার্ক জুকাৰবার্গ
  8. প্ৰায় প্ৰতিদিনে নিজকে সোধা প্ৰশ্নটো হ’ল, “মই কৰিব পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো কৰিছোনে ? – মার্ক জুকাৰবার্গ
  9. মানুহে আপুনি কি কয় তাক লৈ চিন্তা নকৰে, আপুনি কি সৃষ্টি কৰে তাৰ প্ৰতিহে গুৰুত্ব দিয়ে। – মার্ক জুকাৰবার্গ
  10. সহজ ভাষাত ক’বলৈ গ’লে: আমি ধন ঘটাৰ বাবে সেৱা নিৰ্মাণ নকৰো; আমি ধন ঘটাওঁ যাতে আমি উন্নত সেৱা গঢ়ি তুলিব পাৰো। – মার্ক জুকাৰবার্গ
  11. মই ইয়াত দীৰ্ঘম্যাদী কিবা এটা নিৰ্মাণ কৰিবলৈ আহিছো। বাকী যিকোনো বস্তুৱেই এটা বিক্ষিপ্ততা। – মার্ক জুকাৰবার্গ
  12. একেবাৰে একো নকৰাতকৈ চেষ্টা কৰি বিফল হোৱা, আৰু তাৰ পৰা কিবা এটা শিকি লোৱাটোৱেই ভাল। – মার্ক জুকাৰবার্গ
  13. ব্যৱসায়ৰ এটা সহজ নিয়ম আছে, প্ৰথমে সহজ কামবোৰ কৰিলে সঁচাকৈয়ে বহুত আগবাঢ়িব পাৰি। – মার্ক জুকাৰবার্গ
  14. কিছুমান মানুহ ডাঙৰ সংস্থা পৰিচালনা কৰিব পৰা মহান পৰিচালক, আৰু কিছুমান মানুহ অতি বিশ্লেষণাত্মক বা কৌশলগত। সাধাৰণতে এই দুয়োটা বস্তু একেজন ব্যক্তিৰ মাজত পোৱা নাযায়। মই নিজকে বেছিভাগেই পিছৰ শাৰিত ৰাখিম। – মার্ক জুকাৰবার্গ
  15. আমি মানুহক শ্বেয়াৰ কৰাৰ ক্ষমতা দি পৃথিৱীখনক অধিক স্বচ্ছ কৰি তুলিছো। – মার্ক জুকাৰবার্গ
  16. যেতিয়া আপুনি সকলোকে এটা কণ্ঠ আৰু শক্তি দিয়ে, তেতিয়া ব্যৱস্থাটো সাধাৰণতে অতি উত্তম হৈ পৰে। গতিকে, আমি আমাৰ ভূমিকাক সেই ক্ষমতা জনসাধাৰণক দিয়া বুলিয়েই দেখিছোঁ। – মার্ক জুকাৰবার্গ
  17. ফেচবুকৰ আচল কাহিনীটো হ’ল কেৱল আমি গোটেই সময়খিনি কঠোৰ পৰিশ্ৰম কৰিছো। মানে আচল কাহিনীটো চাগে যথেষ্ট বিৰক্তিকৰ, নহয়নে? মানে আমি ছবছৰ ধৰি আমাৰ কম্পিউটাৰত বহি কেৱল ক’ডিং কৰি আছিলো। – মার্ক জুকাৰবার্গ
  18. আমি ফেচবুকত যি কৰিবলৈ চেষ্টা কৰিছো সেয়া হৈছে মানুহক ইজনে সিজনৰ সৈতে অধিক কাৰ্যক্ষমভাৱে সংযোগ আৰু যোগাযোগ কৰাত সহায় কৰা। – মার্ক জুকাৰবার্গ
  19. প্ৰশ্নটো এইটো নহয় যে আমি মানুহৰ বিষয়ে কি জানিব বিচাৰো ? প্ৰশ্নটো হ’ল ‘মানুহে নিজৰ বিষয়ে কি ক’ব বিচাৰে ? – মার্ক জুকাৰবার্গ

ষ্টিভ জবছৰ বাণী [Steve Jobs Quotes In Asssamese]

Steve Jobs Quotes In Asssamese
  • কেতিয়াবা কেতিয়াবা জীৱন আপোনাৰ মূৰত ইটা দি আঘাত কৰিব, তেতিয়া বিশ্বাস হেৰাই নেপেলাব। – ষ্টিভ জবছ
  • মোৰ ওচৰত কম্পিউটাৰ হ’ল এনেকুৱা এটা অসাধাৰণ টোল যি আমি বনাইছো, এইটো মনৰ বাইছেকেলেৰ সমতুল্য ক’লেও ভুল নহ’ব। – ষ্টিভ জবছ
  • বিশ্বৰ সেৰা ধনী হোৱা মোৰ ওচৰত মূল বিষয় নহয়, কিন্তু ৰাতি টোপনি যোৱাৰ সময়ত যাতে ক’ব পাৰোঁ, হয় মই অসাধাৰণ কিবা কৰিছোঁ। – ষ্টিভ জবছ
  • মানুহৰ লগত সহজ সৰল ব্যৱহাৰ কৰা মোৰ কাম নহয়, মোৰ কাম হ’ল মানুহক দি আৰু ভাল কিবা কৰোৱা। – ষ্টিভ জবছ
  • যি মানুহবোৰে ভাবে যে তেওলোকে পৃথিৱী সলনি কৰি দিব পাৰে, সেই সকলে সেইটোৱেই কৰি দেখুৱাই। – ষ্টিভ জবছ
  • আমাৰ সকলোৰে ওচৰত মূল্যৱান বস্তুটো হ’ল সময়। – ষ্টিভ জবছ
  • আপোনাৰ জীৱনৰ প্রতিটো মুহূ্র্তই আপোনাৰ ভবিষ্যতক গঢ়িবলৈ কাম কৰে, সেই বাবে প্রতিটো মুহূ্র্তকেই কামত লগাব চেষ্টা কৰক। – ষ্টিভ জবছ
  • আপোনাৰ সময় সীমিত সেই বাবে বেলেগৰ জীৱন যাপন নকৰিবা, তাতকৈ নিজৰ জীৱনটোই যাপন কৰক। – ষ্টিভ জবছ
  • যিকনো সময়ত মৰি যাব পাৰো, এই চিন্তাই আমাক সকলোতকৈ ডাঙৰৰ সিন্ধান্তবোৰ নিবলৈ সাহায্য কৰে। – ষ্টিভ জবছ

গুৰু নানকৰ বাণী [Guru Nanak Quotes In Asssamese]

  1. আমাৰ কেতিয়াওঁ কাৰোবাৰ অধিকাৰ কাঢ়ি লোৱা উচিত নহয়। -গুৰু নানক
  2. সকলো সময়ত ঈশ্বৰৰ উপাসনা কৰা। -গুৰু নানক
  3. ঈশ্বৰৰ বাবে খুশিৰ গান গোৱা, প্রভুৰ নামৰ সেৱা কৰা, আৰু তাৰ সেৱকৰ সেৱক হৈ যোৱা। – গুৰু নানক
  4. ধনক পকেটত স্থান দিয়া দৰকাৰ নিজৰ হ্রদয়ত নহয়। -গুৰু নানক
  5. আমি স্ত্রী জাতিক সন্মান কৰা উচিত। -গুৰু নানক
  6. চিন্তামুক্ত থাকি আমাৰ কর্ম কৰা উচিত। -গুৰু নানক
  7. যাৰ নিজৰ ওপৰত বিশ্বাস নাই, তেওঁ কেতিয়াওঁ ভগৱানক বিশ্বাস নকৰে। -গুৰু নানক
  8. অকল সেয়াই কওঁক যি শব্দবোৰ আপোনাৰ সন্মান বৃদ্ধি কৰে। -গুৰু নানক
  9. বন্ধু সকল আমি কেতিয়াওঁ মৃত্যুক বেয়া বুলি নকলো হেঁতেন, যদি জানিলোঁ হেঁতেন যে বাস্তৱত কেনেকৈ মৰিব পাৰি। -গুৰু নানক
  10. সকলোৰ ওপৰত মৃত্যু, কিন্তু তাৰ ওপৰত সত্যৰ বাবে জীয়াই থাকা। -গুৰু নানক

বিদ্যাসাগৰ ঈশ্বৰচন্দ্রৰ বাণী – মহৎ লোকৰ বাণী

ঈশ্বৰচন্দ্রৰ বাণী
  1. শিক্ষা হ’ল ডাঙৰ সম্পদ, শিক্ষা অকল আমাৰ নিজৰ উপকাৰ নকৰে, শিক্ষাই গোটেই সমাজৰ উন্নয়ন সাধন কৰে। – ঈশ্বৰচন্দ্র
  2. সদায় সত্য কথা ক’বা, যিয়ে সত্য কথা কয় তাক সকলোৱে ভাল পায়। – ঈশ্বৰচন্দ্র
  3. যি অৱস্থাত আছে, তেওঁ যদি সেই অৱস্থাতেই সন্তুষ্ট থাকে, তেনেহলে কাৰোবাৰ ওচৰত অপমানিত হ’ব নালাগে। – ঈশ্বৰচন্দ্র
  4. মানুহ যিমান ডাঙৰ নহওক কিয়, সদায় তাৰ অতীতৰ কথা মনত ৰখা উচিত। অতীতৰ পৰা শিক্ষা লৈ ভবিষ্যৎতৰ ফালে আগবঢ়া প্রয়োজন। – ঈশ্বৰচন্দ্র
  5. মা-দেউতাৰ সেৱাই শ্রেষ্ঠ পূজা আৰু সন্তানৰ প্রধান ও পবিত্র কর্তব্য।- ঈশ্বৰচন্দ্র
  6. আমাৰ নিজৰ স্বার্থ দেখাৰ আগত সমাজ আৰু দেশৰ স্বার্থ দেখা উচিত। সেয়াই হৈছে প্রকৃত বিবেক ধর্ম। – ঈশ্বৰচন্দ্র
  7. যি ব্যক্তি যি দেশত জন্ম গ্রহণ কৰে, সেই দেশৰ উন্নয়নৰ বাবে সদায় কাম কৰা তাৰ বাবে প্রধান ধর্ম আৰু তাৰ জীৱনৰ সর্ব প্রধান কর্ম। – ঈশ্বৰচন্দ্র
  8. পৰিশ্রম নকৰিলে স্বাস্থ্যৰক্ষা ও সুখলাভ নহয়, যিজন ব্যক্তি পৰিশ্রম কৰে, তেওঁ কেতিয়াওঁ কষ্ট নাপায়। – ঈশ্বৰচন্দ্র
  9. কোনো বিষয়ে প্রস্তাব কৰা সহজ, কিন্তু সেই কাম কৰা কঠিন। – ঈশ্বৰচন্দ্র
  10. দুখ নথকা জীৱন, মাজি নথকা নৌকাৰ দৰে। – ঈশ্বৰচন্দ্র

সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বাণী – মহৎ লোকৰ বাণী

সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বাণী
  1. কলেজত হুমোৱা সহজ হৈছে কিন্তু কঠিন হৈছে শিক্ষিত হোৱা। – সৰ্বপল্লী ৰাধাকৃষ্ণন
  2. জীৱনৰ আনন্দ আৰু সুখ কেৱল মাত্র জ্ঞান ও বিজ্ঞানৰ দ্বাৰা সম্ভৱ। – সৰ্বপল্লী ৰাধাকৃষ্ণন
  3. যেতিয়া আমি ভাবো আমি চব জানো, তেতিয়াই আমাক শিকিব লাগিব। – সৰ্বপল্লী ৰাধাকৃষ্ণন
  4. আদর্শ শিক্ষক সেই সকল যিসকলে শিক্ষার্থীক চিন্তা কৰিবলৈ শিকায়। – সৰ্বপল্লী ৰাধাকৃষ্ণন
  5. এনেকুৱা শিক্ষাৰ প্রয়োজন যি পৃথিৱীৰ মানুহৰ বাবে কল্যাণ হয়। – সৰ্বপল্লী ৰাধাকৃষ্ণন
  6. আমি এনেকুৱা শিক্ষা বিচাৰো, যি নৱপ্রজন্মক সামাজিক আৰু অর্থনীতিৰ ক্ষেত্রত পৰিবর্তন আনিবলৈ সক্ষম হ’ব। – সৰ্বপল্লী ৰাধাকৃষ্ণন
  7. কোন ব্যক্তিই সম্পূর্ণ হ’ব নোৱাৰে যদি তাৰ মাজত যুক্তিবাদ ও অধ্যাত্মিক বোধ জাগ্রত না হয়। – সৰ্বপল্লী ৰাধাকৃষ্ণন বাণী
  8. মানুহক ভাল কৰা মানুহক মানুহ হিচাপে গঢ়ি তোলা আমাৰ সকলোৰে কর্তব্য। আৰু সেয়া যদি আমি কৰিব বিচাৰো তেনেহলে প্রেম বা ভালপোৱাৰ মাধ্যমেৰে কৰিব পাৰি। – সৰ্বপল্লী ৰাধাকৃষ্ণন
  9. এজন শিক্ষৰ কর্তব্য হ’ব শিক্ষার্থী সকলক গণতান্ত্রিক দেশৰ উপযুক্ত নাগৰিক হিচাপে গঢ়ি তোলা। – সৰ্বপল্লী ৰাধাকৃষ্ণন
  10. শিক্ষক সকলৰ চাব লাগিব যে শিক্ষার্থী যেন সৎ চৰিত্রৰ অধিকাৰী হয়। – সৰ্বপল্লী ৰাধাকৃষ্ণন
  11. শিক্ষার্থীৰ মাজত জ্ঞান বিলোৱাই শিক্ষক সকল কাম নহয়, কল্যাণ কাম সমূহৰ বাবে তেওঁলোকক উৎসাহিত কৰিব লাগিব। – সৰ্বপল্লী ৰাধাকৃষ্ণন বাণী
  12. শিক্ষক সকলৰ কর্মশক্তি প্রকাশ কৰাৰ স্বাধীনতাই হ’ব আদর্শ। – সৰ্বপল্লী ৰাধাকৃষ্ণন বাণী

হজৰত আলী (ৰাঃ) বাণী | হজৰত আলীৰ বাণী – মহৎ লোকৰ বাণী

  1. অশ্লীল বাক্য হৈছে নিকৃষ্ট লোকৰ প্ৰধান অস্ত্ৰ। – হজৰত আলী (ৰাঃ)
  2. সাংসাৰিক স্বাৰ্থ ত্যাগ কৰিহে প্ৰকৃত ধৰ্মপৰায়ণতা সম্ভৱ। – হজৰত আলী (ৰাঃ)
  3. কাৰোবাৰ লগত কথা নোপোৱালৈকে কাৰোবাক তুচ্ছজ্ঞান নকৰিব। – হজৰত আলী (ৰাঃ)
  4. কোনেও স্বীকাৰ নকৰিলেও আপুনি আপোনাৰ ভাল আচৰণ অব্যাহত ৰাখিব। – হজৰত আলী (ৰাঃ)
  5. কোনো যোগ্য বন্ধু নাপালেও অযোগ্য মানুহৰ লগত বন্ধুত্ব নকৰিব। – হজৰত আলী (ৰাঃ)
  6. ক্ৰোধ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা ব্যক্তিয়ে সৰ্বাধিক ভাল কাম কৰিব পাৰে। – হজৰত আলী (ৰাঃ)
  7. বিপদত অস্থিৰতা নিজেই এক বৃহৎ বিপদ। – হজৰত আলী (ৰাঃ)
  8. দ্ৰুত ক্ষমাই সন্মান আনে, আৰু দ্ৰুত প্ৰতিশোধে অসন্মান আনে। – হজৰত আলী (ৰাঃ)
  9. পৃথিৱীৰ প্ৰতি যিমানেই প্ৰেম বেছি সিমানেই ঈশ্বৰৰ প্ৰতি কম। – হজৰত আলী (ৰাঃ)
  10. এজন দুষ্ট ব্যক্তিয়ে আনক ভালকৈ ভাবিব নোৱাৰে, সৰ্বাধিক তেওঁ নিজকে নিজৰ বুলি ভাবে। – হজৰত আলী (ৰাঃ)
  11. আপোনাৰ মহত্ত্ব গোপন ৰাখক, আৰু আপোনাৰ প্ৰতি আনৰ মহত্ত্ব ঘোষণা কৰক। – হজৰত আলী (ৰাঃ)
  12. অভ্যাসক জয় কৰাটোৱেই হৈছে চূড়ান্ত জয়। – হজৰত আলী (ৰাঃ)
  13. এজন অসৎ ব্যক্তিয়ে কাকো সৎ নহয় বুলি ভাবে, সকলোৱে নিজৰ দৰে চিন্তা কৰে। – হজৰত আলী (ৰাঃ)
  14. শ্ৰেষ্ঠ বক্তৃতা হ’ল যিটো বক্তাই নিজেই কৰ্মলৈ ৰূপান্তৰিত কৰে। – হজৰত আলী (ৰাঃ)
  15. মানুহৰ লগত তেওঁলোকৰ বুদ্ধিমত্তাৰ বিষয়ে কথা পাতক। – হজৰত আলী (ৰাঃ)
  16. বয়োজ্যেষ্ঠসকলক সন্মান কৰক, সৰুসকলে আপোনাক সন্মান কৰিব। – হজৰত আলী (ৰাঃ)
  17. আটাইতকৈ অহংকাৰী ব্যক্তি হ’ল সেইজন ব্যক্তি যিয়ে আনৰ কু-অভ্যাসক ঘৃণা কৰে, আৰু পৰ্দাৰ আঁৰত নিজেই এনে কু-অভ্যাসত লিপ্ত হয়। – হজৰত আলী (ৰাঃ)

ছাই বাবাৰ বাণী – মহৎ লোকৰ বাণী

মহৎ লোকৰ বাণী ছাই বাবাৰ বাণী
  • খং, হিংসা, লোভ এই তিনিতা হ’ল মানুহৰ ডাঙৰ ৰোগ, এই তিনিতা কেতিয়াওঁ আহিব নিদিব। – ছাই বাবা
  • শ্রদ্ধা কৰা, ধৈর্য ধৰি কাম কৰা ভগৱানক আপোনাৰ ভাল কৰিব। – ছাই বাবা
  • যদি মোৰ কোনো ভক্তই পঢ়িবলৈ আৰাম্ভ কৰে, তেওঁক মই হাত আগুৱাই দি সহায় কৰোঁ। – ছাই বাবা
  • যদি কোনোবাই মোক সময় দিয়ে, আৰু মোৰ ওচৰত আহে তেনেহলে তাৰ মৃৰ্ত্যক লৈ কোনো ভয় পোৱা উচিত নহয়। – ছাই বাবা
  • মই কাৰো ওপৰত ৰাগ নকৰো, কোনো মা কি তাৰ সন্তানৰ ওপৰত ৰাগ কৰিব পাৰে ? সাগৰ কি তাৰ পানী নদীত এৰি দিব পাৰে। – ছাই বাবা
  • মানুহৰ আচল পৰিচয় তেওঁৰ কাপোৰক দি নহয়, তাৰ চৰিত্র দি হয়। – ছাই বাবা
  • অন্ধ তেওঁ নহয় যিয়ে চকুত দেখা নাপায়, অন্ধ তেওঁ যিয়ে নিজৰ দোষ দেখা নাপায়। – ছাই বাবা
  • সম্পূর্ণৰূপে ভগৱানৰ ওপৰত আত্মসমর্পণ কৰা। – ছাই বাবা
  • সকলোৰে মালিক এজনে। – ছাই বাবা
  • ভোগ লগা মানুহক অন্ন দিয়া, পিয়াহ লগা মানুহক পানী দিয়া, বস্র নথকা মানুহক বস্র দিয়া, তেনেহলেই ভগৱান সন্তুষ্ট হ’ব। – ছাই বাবা

কিন্তু আপুনি জনে নে ছাত্ৰ ছাত্ৰী কেৱল আনুষ্ঠানিক শিক্ষা দান কৰিলেই সি ভাল মানুহ নহয়। এজন ছাত্ৰ ৰ জ্ঞানৰ পৰিসৰ সীমিত হব নে লগে। “মহৎ লোকৰ বাণী” (Mohot Lukor Bani) য়ে বহুত সময়ত ছাত্ৰ ছাত্ৰীক উৎসাহ যোগায়। ই ছাত্ৰ ছাত্ৰীক নিৰৱিচ্ছিন্ন ভাৱে নিজৰ পঢ়া শুনা ঠিক কৰি ৰখাত উৎসাহ যোগায়।

সেয়েহে মহৎ লোকৰ বাণীৰ প্ৰয়োজন আছে বুলি ভাবি মই আজি ইয়াত গুণগত কিছু মহৎ লোকৰ বাণী আপোনালোকৰ সৈতে ভাগ বতৰা কৰিলোঁ।

আশা কৰো আপুনি এই মহৎ লোকৰ বাণী সমূহ নিজেও পঢ়িব বা আনকো পঢ়িব দিব আৰু যদি আপোনাৰ কিবা কবলগীয়া আছে তেন্তে Assamese Medium Facebook PageFollow কৰি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে।

ADVERTISEMENT
ADVERTISEMENT

মহৎ লোকৰ বাণীৰ শেষ বাক্য হিচাপে

আচলতে আমি ইয়াত Assamese Medium ৰ ছাত্ৰ ছাত্ৰীৰ বাবে সকলো শ্ৰেণীৰ যিকোনো সমাধান আলোচনা কৰোঁ কিন্তু শিক্ষাৰ অংগ হিচাপে ছাত্ৰ ছাত্ৰীৰ বাবে আমি আনুষঙ্গিক কিছু কথা আলোচনা কৰোঁ। সেইবাবে আজি আমি মহৎ লোকৰ বাণী কিছু ইয়াত সন্নিবিষ্ট কৰিছোঁ।

ইয়ে যদিও আপোনাক পাঠ্য পুথিৰ কোনো সমাধান দিব নোৱাৰে তথাপি আপোনাৰ শিক্ষাৰ এক অবিচ্ছেদ্য অংশ। কেতিয়াবা এটি মাত্ৰ মহৎ লোকৰ বাণী আৰু আপোনাৰ জীৱনৰ পৰিৱৰ্তন হব পাৰে।

সেই আশাৰে আমি আজি মহৎ লোকৰ বাণী আলোচনা কৰিলোঁ। ভৱিষ্যত ত আৰু বেছিকৈ মহৎ লোকৰ বাণী ইয়াত সংযোজন কৰা হব। আপুনি যদি পঢ়িব খোজে আহিব পাৰে আৰু আনকো পঢ়াৰ সুযোগ কৰি দিবলৈ আনৰ সৈতে ভাগ বতৰা কৰিব পাৰে।

ADVERTISEMENT

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

3 thoughts on “মহৎ লোকৰ বাণী | Mohot Lukor Bani | মহান লোকৰ বাণী 2024-25”

  1. ADVERTISEMENT

Leave a Comment

ADVERTISEMENT