আপুনি যদি আন দহজনৰ নিচিনা তৰুণ ৰাম ফুকন জীৱনী বা Tarun Ram Phukan Essay in Assamese বিচাৰি আছে তেন্তে সঠিক স্হানত আহিছে, ইয়াত আমি আলোচনা কৰিম Tarun Ram Phukan Essay in Assamese বা তৰুণ ৰাম ফুকন জীৱনী।
তেন্তে আহক কোনো সময় নষ্ট নকৰাকৈ Tarun Ram Phukan Essay in Assamese বা তৰুণ ৰাম ফুকন জীৱনী আৰম্ভ কৰো।
Tarun Ram Phukan Essay in Assamese ॥ তৰুণ ৰাম ফুকন জীৱনী
১৮২৬ চনত সমগ্ৰ ভাৰতৰ লগতে অসমো ব্ৰিটিছৰ অধীনলৈ যোৱাৰ পাছত বৃটিছৰ বিৰুদ্ধে দেশজুৰি সূচনা হোৱা স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল ভাৰতৰ আন আন প্ৰান্তৰ দৰে অসমৰো বহু যুৱক যুৱতী। দেশৰ স্বাৰ্থত এই স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ এক নজিৰ সৃষ্টি কৰিছিল বহু যুৱক যুৱতীয়ে। বৃটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা সংগ্ৰামৰ এগৰাকী শক্তিশালী সেনানী হ’ল তৰুণ ৰাম ফুকন (Tarun Ram Phukan)। তৰুণ ৰাম ফুকনৰ আপোচ বিহীন স্থিতি আৰু অফুৰন্ত সাহসে অসমত অসহযোগ আন্দোলনক এক নতুন গতি প্ৰদান কৰিছিল। তৰুণ ৰাম ফুকন হ’ল দেশ প্ৰেম, ত্যাগ আৰু সাহসৰ এক প্ৰতীক, তেওঁ এজন ব্যক্তি নহয় তেওঁ হ’ল এটা অনুষ্ঠান, যি প্ৰতিটো সময়তে দেশৰ বাবে ত্যাগৰ উদ্যমৰ সোঁৱৰাই থাকে। ইয়াৰ উপৰিও তৰুণ ৰাম ফুকনে সাহিত্য চৰ্চাৰ মাজেৰে অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰি জাতীয় সত্বা, ভাষা-সংস্কৃতিক উজ্জ্বলাই তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
নাম (Name) | তৰুণ ৰাম ফুকন (Tarun Ram Phukan) |
জন্ম চন (Date of Birth) | ২২ জানুৱাৰী, ১৮৭৭ চন (22nd January, 1877) |
জন্ম স্থান (Place of Birth) | ভৰলুমুখ, গুৱাহাটী, অসম |
অভিভাৱক (Parents) | পিতৃৰ নাম (Father) : বলৰাম ফুকন মাতৃৰ নাম (Mother) : ভাগীৰথী দেৱী |
শিক্ষা (Education) | ১/ গুৱাহাটী কলেজিয়েট স্কুলত (Collegiate School) ২/ কলিকতা প্ৰেছিডেন্সী কলেজ |
বঁটা / সন্মান (Awards) | দেশভক্ত |
মৃত্যু (Death) | ২৮ জুলাই, ১৯৩৯ চন |
তৰুণ ৰাম ফুকন প্ৰাৰম্ভিক জীৱন
ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় ভাৱে যোগদান কৰা অসমৰ অন্যতম নেতা তৰুণ ৰাম ফুকনৰ জন্ম হৈছিল ১৮৭৭ চনৰ ২২ জানুৱাৰী তাৰিখে গুৱাহাটীৰ ভৰলুমুখত। তেখেতৰ পিতৃৰ নাম আছিল বলৰাম ফুকন আৰু মাতৃৰ নাম আছিল ভাগীৰথী দেৱী। পেছাগত ভাৱে তৰুণ ৰাম ফুকনৰ পিতৃ বলৰাম ফুকন বিজনীৰ ৰজাৰ দেৱান হোৱাৰ লগতে তেওঁ আছিল এজন নিপুণ চিকাৰী। গুৰুত্বপূৰ্ণ কথা যে আধুনিক যুগৰ অসমীয়া ভাষাৰ অন্যতম লেখক আনন্দ ৰাম ঢেকীয়াল ফুকন হ’ল তৰুণ ৰাম ফুকনৰ পুৰ্ব পুৰুষ।
উল্লেখ্য যে তৰুণ ৰাম ফুকনে বিদ্যালয়ৰ পৰিসীমাৰ মাজত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰাৰ পৰিৱৰ্তে নিজৰ বাসগৃহতেই গুৰুৰ অধীনত সংস্কৃত শিক্ষা গ্ৰহন কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত গুৱাহাটী কলেজিয়েট স্কুলত নাম ভৰ্তি কৰে আৰু কলেজিয়েট স্কুলৰ পৰাই ছাত্ৰ বৃত্তি সহঃ ১৮৯২ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কলিকতাৰ প্ৰেছিডেন্সী কলেজত নাম ভৰ্তি কৰে আৰু ইয়াৰ পৰাই এফ. এ. পৰীক্ষাত উত্তীৰ্ণ হয়। বেৰিষ্টাৰ হোৱাৰ বাবে প্ৰবল হেঁপাহ থকা তৰুণ ৰাম ফুকনে ইয়াৰ পৰৱৰ্তী সময়ত লণ্ডনলৈ Barrister-at-Law অধ্যয়নৰ বাবে যাত্ৰা কৰে। গুৰুত্বপূৰ্ণ কথা যে কঠোৰ প্ৰত্যাহ্বানৰ পিছতো তেওঁ অসমৰ তৃতীয় জন বেৰিষ্টাৰ হিচাপে গৌৰৱ অৰ্জন কৰিছিল।
কৰ্মজীৱন
বেৰিষ্টাৰ হোৱাৰ আকাংক্ষা পুৰণ কৰি তৰুণ ৰাম ফুকনে পোন প্ৰথমে কলিকতাত অধিবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। ইয়াৰ পৰৱৰ্তী সময়ত গুৱাহাটীত ১৯১৪ চনত প্ৰতিষ্ঠা হোৱা আৰ্ল ল কলেজত অধ্যাপক হিচাপ নিযুক্তি লাভ কৰে। গুৰুত্বপূৰ্ণ কথা যে তেখেতে ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা ভাৰতৰ স্বাধীনতা সংগ্ৰামত পোন প্ৰথমে ১৯১৪ চনত অংশ গ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও মণ্টেগু সংস্কাৰ সমিতিৰ ওচৰলৈ ১৯১৭ চনত যাত্ৰা কৰা প্ৰতিনিধি দলটোৰ এগৰাকী সদস্য আছিল তৰুণ ৰাম ফুকন আৰু এই যাত্ৰাৰ মূল উদ্দেশ্য আছিল অসমৰ বাবে স্বায়ত্ত্ব শাসনৰ দাবী উত্থাপন কৰা।
১৯২০ চনত Assam association নামৰ অসমৰ সেইসময়ৰ একমাত্ৰ ৰাজনৈতিক সংগঠনটোৰ বিশেষ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা তৰুণ ৰাম ফুকনে ১৯২১ চনত অসমত ভাৰতৰ জাতীয় কংগ্ৰেছৰ শাখা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
গুৰুত্বপূৰ্ণ কথা যে ১৯২০ চনত মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰতত ব্ৰিটিছ সকলৰ বিৰুদ্ধে অসহযোগ আন্দোলন আৰম্ভ হৈছিল আৰু অসমতো এই আন্দোলন প্ৰসাৰিত হৈছিল। যাৰ বাবে ৰাজনৈতিক ভাৱে সচেতন আৰু সামাজিক ভাৱে দায়বদ্ধ তৰুণ ৰাম ফুকনে সক্ৰীয় ভাৱে এই আন্দোলনত অংশগ্ৰহণ কৰিছিল। তৰুণ ৰাম ফুকনৰ সক্ৰীয় অংশগ্ৰহণে অসমত অসহযোগ আন্দোলনক এটা নতুন আপোচ বিহীন গতি প্ৰদান কৰিবলৈ সক্ষম হয়। গুৰুত্বপূৰ্ণ কথা যে মহাত্মা গান্ধীৰ আদৰ্শ অনুকৰণ কৰি অসহযোগ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰা তৰুণ ৰাম ফুকনৰ ভৰুলুমুখ স্থিত বাসগৃহতেই মহাত্মা গান্ধী অসমলৈ অহাৰ সময়ত আশ্ৰয় লৈছিল। অসহযোগ আন্দোলনৰ কালচোৱাত তৰুণ ৰাম ফুকনে মহাত্মা গান্ধীৰ বিভিন্ন বাৰ্তা সমূহ অসমৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে অসহযোগ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰাৰ বাবে ব্ৰিটিছ চৰকাৰে ফুকনক এবছৰ কাল সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছিল। উল্লেখ্য যে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পৰৱৰ্তী সময়ত তৰুণ ৰাম ফুকনে চিত্ৰ ৰঞ্জন দাস আৰু মতিলাল নেহৰুৱে গঠন কৰা ‘স্বৰাজ দল’ত যোগদান কৰিছিল। চিত্ৰ ৰঞ্জন দাস আৰু মতিলাল নেহৰুৱে গঠন কৰা স্বৰাজ দলৰ মূল উদ্দেশ্য আছিল ব্ৰিটিছ শাসনৰ পৰা অধিক স্বায়ত্ত-শাসন আৰু ৰাজনৈতিক স্বাধীনতা আজুৰি অনা।
গুৰুত্বপূৰ্ণ কথা যে তৰুণ ৰাম ফুকনে ১৯২৬ চনত পাণ্ডুত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহাসভা সফল কৰি তুলিবলৈ প্ৰচেষ্টা হাতত লৈছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহাসভা অনুষ্ঠিত কৰিব বাবে গঠন কৰা অৰ্ভ্যথনা সমিতিৰ চেয়াৰপাৰ্চন হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।
তৰুণ ৰাম ফুকনে গুৱাহাটীৰ পৌৰ সভা আৰু স্থানীয় পৰিষদৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ সমাজৰ বিভিন্ন সুবিধাৰ পৰা বঞ্চিত লোকসকলৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছিল। গুৰুত্বপূৰ্ণ কথা যে Leper Asylum প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো তৰুণ ৰাম ফুকনে সক্ৰীয় ভূমিকা পালন কৰিছিল।
সাহিত্যিক কৰ্মৰাজি
কেৱল এজন সংগ্ৰামী মনোভাৱ সম্পন্ন ব্যক্তিয়েই নহয় তৰুণ ৰাম ফুকন আছিল সাহিত্যৰ ক্ষেত্ৰখনৰ লগতো সমানে দখল থকা এজন ব্যক্তি। সাহিত্য চৰ্চাৰ মাজেৰেও তেওঁ অসমৰ সমাজ জীৱনলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। বিভিন্ন কাকত আলোচনী আদিত প্ৰৱন্ধ, কবিতা প্ৰকাশ কৰাৰ লগতে তৰুণ ৰাম ফুকনে ১৯২১ চনত স্বাধীনতা সংগ্ৰামত সক্ৰিয় অংশগ্ৰহণ কৰি শিলচৰ কাৰাগাৰত এবছৰ সশ্ৰম কাৰাবন্দীত্ব জীৱন অতিবাহিত কৰাৰ সময়ত লিখি উলিয়াইছিল ভক্তিমুলক গীত আৰু কবিতাৰ একমাত্ৰ পুথি ‘স্ততিমালা’। এই কবিতা পুথি খন প্ৰথম প্ৰকাশিত হৈছিল ১৯২৬ চনত। ইয়াৰ উপৰিও তৰুণ ৰাম ফুকনৰ আন বহু কবিতা অতুলচন্দ্ৰ হাজৰিকাই সম্পাদনা কৰা ‘মৰহা ফুলৰ পাপৰি’ কাব্য সংকলন খনত প্ৰকাশ হৈছে।
তৰুণ ৰাম ফুকন আছিল চিকাৰ প্ৰিয় এজন ব্যক্তি। চিকাৰ কৰি আহৰণ কৰা বিভিন্ন ৰোমাঞ্চকৰ অভিজ্ঞতা সমূহ পাঠক সমাজলৈ ‘চিকাৰ কাহিনী’ নামেৰে গ্ৰন্থ আকাৰত লিপিবদ্ধ কৰি আগবঢ়াই থৈ গৈছে। উল্লেখ্য যে তৰুণ ৰাম ফুকনেই প্ৰথম বাৰৰ বাবে অসমীয়া ভাষাত চিকাৰৰ কাহিনী লিখি প্ৰকাশিত কৰিছিল। ইয়াৰ উপৰিও তেওঁ দাম্পত্য জীৱনৰ উপযোগী পুথি ‘যৌনতত্ত্ব’ ৰচনা কৰাৰ লগতে ‘নিংনি ভাৱৰীয়াৰ গীত’ নামেৰে খুহুতীয়া কবিতা ৰচনা কৰিছিল। তৰুণ ৰাম ফুকনে এই খুহুতীয়া কবিতাৰ মাজেৰে নিংনি ভাৱৰীয়াৰ মাধ্যমেৰে শিলচৰৰ জেল জীৱনৰ তিতা কেঁহা কথাবোৰ সুন্দৰকৈ বৰ্ণনা কৰিছে।
গুৰুত্বপূৰ্ণ কথা যে তৰুণ ৰাম ফুকনে ১৯২৭ চনত গোৱালপাৰাত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি আসন অলংকৃত কৰিছিল। ইয়াৰ উপৰিও ১৯২৮ চনত অসম ছাত্ৰ সন্মিলনৰো সভাপতি হিচাপে দায়িত্ব পালন কৰিছিল তৰুণ ৰাম ফুকনে।
অন্যান্য প্ৰতিভা তথা ৰূচি
সংগ্ৰামী মনোভাৱ সম্পন্ন ব্যক্তি হোৱাৰ লগতে অসমীয়া সাহিত্য ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়োৱা তৰুণ ৰাম ফুকন আছিল এজন চৌখিন ব্যক্তি। তেখেতে আছিল অসমৰ প্ৰথমজন চাইকেল আৰু মটৰ চাইকেল চলোৱা ব্যক্তি। ইয়াৰ উপৰিও সেই সময়ত কলিকতাত পঢ়ি থকা অৱস্থাত কলিকতাৰ ৰাজ পথত চাইকেল চলোৱা প্ৰথম গৰাকী অসমীয়া আছিল তৰুণ ৰাম ফুকন। দু: সাহসিক কাম কাজৰ প্ৰতি সদা আগ্ৰহী তৰুণ ৰাম ফুকনে দুর্গম ঠাইলৈ গৈ বাঘ চিকাৰ কৰি তেখেতে আনন্দ লভিছিল। বাঘ চিকাৰ কৰাটো তেওঁৰ ভাল লগা কামৰ অন্যতম আছিল।
বাক চাতুর্য আৰু উপস্থিত বুদ্ধিত প্রায় অদ্বিতীয় তৰুণ ৰাম ফুকনৰ ইংৰাজী আৰু অসমীয়া ভাষাৰ উপৰিও বাংলা, হিন্দী, উর্দু আৰু সংস্কৃত ভাষাত দখল আছিল। অসমীয়া ভাষাৰ উপৰিও অসমত প্ৰচলিত অন্য দোৱানত সাৱলীল ৰূপত ভাষণ দিব পাৰিছিল তৰুণ ৰাম ফুকনে।
গুৰুত্বপূৰ্ণ কথা যে স্বাধীনতা আন্দোলনত অগ্ৰণী ভূমিকা পালন কৰা তৰুণ ৰাম ফুকনে ডেকা সকলক ভাৰতৰ স্বাধীনতা সংগ্ৰামলৈ উদ্বুদ্ধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আপোচ বিহীন ভাৱে সততা আৰু সাহসেৰে স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰা তৰুণ ৰাম ফুকনক ‘দেশভক্ত’ উপাধিৰে বিভূষিত কৰা হয়।
সামৰণি
সামাজিক ভাৱে দায়বদ্ধ তৰুণ ৰাম ফুকনে ব্যক্তিগত জীৱনত নানান ঘাট প্ৰতিঘাট তথা প্ৰত্যাহ্বানৰ সম্মুখীন হৈছিল। তেখেতৰ পত্নী আৰু জীয়াৰীয়ে ক্ষয়ৰোগত অকাল মৃত্যুক সাৱটি লৈছিল। কিন্তু এই মর্মান্তিক ঘটনাৰ পিছতো তেখেত সংকল্পৰ পৰা বিচলিত নহৈ স্থিতপ্ৰজ্ঞ ব্যক্তিৰ দৰে দেহ আৰু দহৰ বাবে নিজৰ কৰণীয় কামবোৰ কৰি গৈছিল। ইয়াৰ উপৰিও আৰ্থিক দৈন্যতাৰ বাবে বেৰিষ্টাৰী পঢ়িবলৈ যোৱাৰ সময়ত নানান সমস্যাৰ সৃষ্টি হৈছিল।
দুখীয়াৰ প্ৰতি তেখেত অতিশয় সহানুভূতিশীল, নেতৃত্ব গুণসম্পন্ন ব্যক্তি, আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা তৰুণ ৰাম ফুকনৰ মৃত্যু হয় ১৯৩৬ চনৰ ২৪ জুলাইত। গুৰুত্বপূৰ্ণ কথা যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত অসম চৰকাৰৰে তৰুণ ৰাম ফুকনৰ মৃত্যু দিনটো অৰ্থাৎ ২৮ জুলাই তাৰিখে ২০২১ চনৰ পৰা দেশভক্তি দিৱস হিচাপে পালন কৰা হ’ব বুলি ঘোষণা কৰে।
যিসকল ব্যক্তিৰ ব্যক্তিত্ব আৰু দেশ প্ৰেমৰ ফলশ্রুতিত আধুনিক অসম গঢ় লৈ উঠিছে তাৰ ভিতৰত এজন অন্যতম হ’ল তৰুণ ৰাম ফুকন। তৰুণ ৰাম ফুকনৰ দেশ প্ৰেম আৰু তেওঁ সৃষ্টি কৰা স্বদেশ প্ৰেমৰ ধাৰাটো হ’ল নৱ প্ৰজন্মৰ বাবে পাথেয়।
Tarun Ram Phukan Essay in English 2024
After the fall of the entire India as well as Assam under the British in 1826, many young women and men from Assam, like other parts of India, jumped into the nationwide freedom movement against the British. Many young women and men actively participated in this freedom movement in the interest of the country and created a sense of patriotism. Tarun Ram Phukan is one of the strongest soldiers in the freedom struggle against the British. Tarun Ram Phukan’s uncompromising stance and courage gave a new impetus to the non-cooperation movement in Assam. He is a symbol of patriotism, sacrifice and courage, he is not a person he is a show that reminds us of the spirit of sacrifice for the country at every time. Apart from this, Phukan played an important role in polishing the national reality, language culture by representing the Assamese nation through literary practices.
Early life of Tarun Ram Phukan
Tarun Ram Phukan, one of the leaders of Assam who actively joined India’s freedom struggle, he was born on January 22,1877 at Bharlumukh in Guwahati. His father’s name was Balaram Phukan and his mother’s name was Bhagirathi Devi. Professionally Tarum Ram Phukan’s father Balaram Phukan was the king of Bijni and was a master hunter. Importantly, Ananda Ram Dhekial Phukan, one of the writers of Assamese language of modern times, is the former man of Tarun Ram Phukan. It may be recalled that Tarun Ram Phukan had studied Sanskrit under Guru in his residence instead of starting formal education within the school limits. He later enrolled in Guwahati Collegiate School and passed the entrance examination in 1892 with a student scholarship from collegiate school. After passing the entrance exam, he enrolled in presidency college in Kolkata and from there he clears the F. A. exam. Tarun Ram Phukan, who is in strong craving for barristers, subsequently travels to London to study Barrister-at-Law. Importantly he achieved pride as the third barrister of Assam despite tough challenges.
Career of Tarun Ram Phukan
Tarun Ram Phukan first became a lawyer in Kolkata after meeting his desire to become a barrister. Later he was subsequently appointed professor at The Earl Law College founded in Guwahati in 1914. Importantly, he first participated in India’s freedom struggle against the British in 1914. Tarun Ram Phukan was also a member of the delegation that marched to the Montego Reforms Committee in 1917 and the main purpose of the march/yatra was to demand autonomy for Assam.
Tarun Ram Phukan, who served as a special member of the then only political organization in Assam called Assam association in 1920, played an important role in establishing the National Congress branch of India in Assam in 1921.
Importantly, in 1920, under the leadership of Mahatma Gandhi, there was a non-cooperation movement against the British all over India and this movement spread to Assam as well. For which Tarun Ram Phukan, politically conscious and socially responsible, actively participated in the movement. The active participation of Tarun Ram Phukan enabled the non-cooperation movement in Assam to give a new uncompromising momentum. Importantly, following Mahatma Gandhi’s ideals, Tarun Ram Phukan, who actively participated in the non-cooperation movement, Mahatma Gandhi took shelter at Phukan’s residence in Bharulumukh when he came to Assam. During the non-cooperation movement, Phukan played an important role in spreading various messages of Mahatma Gandhi in different parts of Assam. Importantly, Phukan was sentenced to a year’s rigorous imprisonment by the British government for actively participating in the non-cooperation movement. It may be recalled that Phukan joined the ‘Swaraj Dal’ formed by Chitra Ranjan Das and Motilal Nehru after his release from jail. The main objective of the Swaraj party formed by Chitra Ranjan Das and Motilal Nehru was to bring more autonomy and political freedom from British rule.
Importantly, Tarun Ram Phukan took up efforts to make the Indian National Congress General Assembly held in Pandu a success in 1926. He took over as the chairman of the reception committee set up to hold the Indian National Congress General Assembly.
Phukan served as chairman of municipal and local council in Guwahati. He took various steps for the deprived of various benefits of the society. Importantly he also played an active role in establishing Leper Asylum.
Literary work of Tarun Ram Phukan
Not only a struggling person but Tarun Ram Phukan was also a man of equal possession in the field of literature. He has also made an important contribution to the social life of Assam through literary practices. In addition to publishing articles, poems in various paper magazines, Phukan actively participated in the freedom struggle in 1921 and wrote the only book of devotional songs and poems ‘Stitimala’ while living a year of hard imprisonment in Silchar jail. This poetry book was first published in 1926. Apart from this many other poems of Phukan have been published in the collection of ‘Maraha Phool Papri’ edited by Atul Chandra Hazarika.
Tarun Ram Phukan was a hunting favorite man. Various exciting experiences acquired by hunting to the reader community have been recorded in book size by the reader in the name of ‘Hunting Story’ to the society. It may be recalled that he had written and published the story of hunting in Assamese for the first time. He also wrote the book ‘Sexual Theory’ suitable for married life and wrote khuhutiya poems called ‘Ningni Bhavaria’s Song. Phukan beautifully narrates the rough and tough things of Silchar jail life through Ningni Bhavaria through this khuhutiya poem.
Importantly, Tarun Ram Phukan decorated the Assam Sahitya Sabha president’s seat held in Goalpara in 1927. He also served as president of Assam Students’ Conference in 1928.
Other talents as well as interests of Tarun Ram Phukan
Tarun Ram Phukan, who was a struggling person and made an outstanding contribution to the Assamese literary field, was a well-to-do man. He was the first cyclist and motorcycle driver in Assam. Phukan was also the first Assamese to cycle on the highway in Kolkata while studying in Kolkata at that time. Tarun Ram Phukan, who was always interested in adventure, went to a remote place and hunted tigers and enjoyed it. Hunting tigers was one of his favorite tasks. Tarun Ram Phukan who is almost unique in speech and intelligence present had occupied in Bengali, Hindi, Urdu and Sanskrit besides English and Assamese languages. He was able to speak in a simple manner in other dewans prevalent in Assam besides Assamese language.
Importantly, Tarun Ram Phukan, played a leading role in the freedom movement, played an important role in motivating the youth to the freedom struggle of India. Tarun Ram Phukan, who actively participated in the freedom movement without compromise, was awarded the title of ‘Patriot’.
Conclusion
Socially responsible Tarun Ram Phukan faced various straits and challenges in his personal life. His wife and daughter succumbed to premature death from tuberculosis. But despite this tragedy, he continued to do his work for his body and mind like a wise man, not perturbed by the resolve. In addition he had to face various problems while pursuing barrister due to financial difficulties.
He was very sympathetic to the poor, a man of leadership, Phukan, who emphasized self-reliance, died on July 24, 1936. Importantly, in a cabinet meeting chaired by Chief Minister Dr. Himanta Biswa Sharma, the Assam government announced that the day of Tarun Ram Phukan’s death will be celebrated on July 28, 2021 as Patriotism Day.
Tarun Ram Phukan is one of the individuals whose personality and patriotism has resulted in modern Assam. Tarun Ram Phukan’s love of the country and the trend of patriotism he created is the path for the new generations.