চানক্য বাণী | Chanakya Bani 2025

চানক্য বাণী

ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষাৰ লগত জঢ়িত প্ৰতিজন ব্যক্তিয়ে নিজকে জ্ঞানপুষ্ট ৰাখিবলৈ হলে কিছু মহৎ লোকৰ বাণী জনা প্ৰয়োজন আছে আৰু সেই বাবে আমি আজি Assamese Medium ত কিছু চানক্য বাণী আলোচনা কৰিব প্ৰয়াস কৰিছো। আশা কৰোঁ আপুনি ভাল পাব।

ইয়াৰ আগতে এটি প্ৰশ্ন মনলৈ কিজানি আহিছে যে কোন এই চানক্য? যদি আপুনি চানক্যৰ নাম শুনিছে কিন্তু তেখেতৰ বিষয়ে একো নেজানে তেন্তে তলত আমি চানক্যৰ বিষয়ে কিছু কথা আলোচনা কৰিছো, আপুনি পঢ়ি লব পাৰে।

কৌটিল্য বা চাণক্য কোন?

কৌটিল্য বা বিষ্ণুগুপ্ত এজন প্ৰাচীন ভাৰতীয় অৰ্থনীতিবিদ, দাৰ্শনিক আৰু ৰাজকীয় উপদেষ্টা আছিল । ৰাজনীতি বিজ্ঞানত পাণ্ডিত্যৰ বাবে চাণক্যক ভাৰতৰ মেকিয়াভেলি বুলি কোৱা হয়। গুপ্ত সাম্ৰাজ্যৰ শাসনৰ শেষৰ ফালে চাণক্যৰ কামবোৰ বিলুপ্ত কৰা হৈছিল আৰু ১৯১৫ চনত পুনৰ আৱিষ্কাৰ কৰা হৈছিল। চাণক্যই চন্দ্ৰগুপ্ত মৌৰ্য আৰু তেওঁৰ পুত্ৰ বিন্দুচাৰৰ ৰাজকীয় উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

কিছু চানক্য বাণী | Mohan Lukor Bani 2025

  • মূর্খ লােকৰ কাৰণে সমাজ নষ্ট নহয়, সমাজ নষ্ট হয় শিক্ষিত লােকৰ মূর্খ স্বভাৱৰ কাৰণে। – চানক্য
  • পাপ শৰীৰৰ পৰা নহয় মনৰ পৰা সৃষ্টি হয়, যিমানেই গঙ্গা স্নান নকৰা কিয় গঙ্গাৰ পানীয়ে শৰীৰহে পৰিষ্কাৰ কৰে মানসিকতা নহয়। – চানক্য
  • শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও অহংকাৰ নকৰিব, অসুস্থতা আৰু দৰিদ্রতা কেতিয়াও কাকো কৈ নাহে। – চানক্য
  • আটাইতকৈ মুল্যবান সম্পদ হৈছে জ্ঞান, আটাইতকৈ শক্তিশালী অস্ত্র হৈছে ধৈৰ্য্য, আটাইতকৈ ভাল ঔষধ হৈছে হাঁহি, আটাইতকৈ শ্রেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস। – চানক্য
  • শিয়ালৰ দৰে এশবছৰ জীয়াই থকাতকৈ সিংহৰ দৰে এদিন জীয়াই থকাই ভাল। – চানক্য

  • যিটো কর্ম এতিয়া কৰিব, সেইটোৰ ওপৰতহে আপােনাৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। – চানক্য
  • সম্পত্তি যিমানেই নাথাকক স্বামী যদি চৰিত্রহীন হয়, ঘৈণীৰ সুখ শান্তি নাথাকে। – চানক্য
  • শক্তিশালী হােৱা কিন্তু অহংকাৰী নহবা, দয়ালু হােৱা কিন্তু দুর্বল নহবা – কাৰণ অহংকাৰ আৰু দুর্বলতাই হ’ল ধংসৰ মূল কাৰণ। – চানক্য
  • এখন দেশক যদি ধংস কৰিব বিচৰা তেন্তে মানুহৰ মাজত ধৰ্মৰ নামত যুঁজ লগাই দিয়া দেশী এনেই ধংস হৈ যাব। – চানক্য
  • মহিলাৰ বয়স আৰু পুৰুষৰ উপাৰ্জনৰ বিষয়ে কেতিয়াও সুধিব নালাগে, মহিলাই সদায় আনৰ বাবে জীয়াই আনহাতে পুৰুষে কেতিয়াও নিজৰ বাবে উপার্জন নকৰে। – চানক্য

  • কাকো সৰু বুলি নাহাহিব, কাৰণ ভৰিৰ তলৰ দুৱৰী বন হে পূজাত লাগে মুৰৰ ওপৰৰ বৰগছ নহয়। – চানক্য
  • অতিৰিক্ত অহংকাৰ পতনৰ লক্ষণ আৰু অতিৰিক্ত সৰলতা ঠগ খােৱাৰ লক্ষণ। – চানক্য
  • সূৰ্যৰ তাপ আৰু পিতৃৰ ক্রোধ, দুয়ােটাই সহ্য কৰিব শিকক কাৰণ সূর্য ডুবিলে পৃথিৱী অন্ধকাৰ আৰু পিতৃ নহলে জীৱন অন্ধকাৰ হৈ যায়। – চানক্য
  • মাটিত পৰা চেনী পিপৰাই হে উঠাব পাৰে হাতীয়ে নােৱাৰে, সৰু বুলি কাকো উপলুঙা নকৰিব, কেতিয়াবা সৰু মানুহেই বহুত ডাঙৰ কাম কৰিব পাৰে। – চানক্য
  • অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ ভয় নকৰিবা, মনত ৰাখিবা ইতিহাসত অকল বিপ্লৱীবােৰৰ নাম হে লিখা থাকে ভৰি চেলেকাবােৰৰ নহয়। – চানক্য

  • কৃপণ কেতিয়াও ধন সম্পত্তিৰ মালিক হ’ব নােৱাৰে ধন সম্পত্তিয়েই কৃপণৰ মালিক হয়। – চানক্য
  • জীৱনত ডাঙৰ কিবা পালে সৰু বােৰক পাহৰি নাযাব, এটা সৰু বেজীয়ে যি কৰিব পাৰে এখন তৰােৱালে সেইটো কাম কৰিব নােৱাৰে। – চানক্য
  • ঠাণ্ডাৰ দিনত যি ৰ’দক মানুহে ভাল পাই , গৰম দিনত সেই ৰ’দকে মানুহে তিৰস্কাৰ কৰে মানুহে তােমাক মূল্য সিমানদিনেই দিব, যিমানদিন মানুহক তােমাৰ প্রয়ােজন হ’ব। – চানক্য

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Free PDF Notes

Get Now

ADVERTISEMENT

1 thought on “চানক্য বাণী | Chanakya Bani 2025”

Leave a Comment

error: লাজ নালাগে কপি কৰিব