সমাস Assamese Grammar ৰ এক গুৰুত্বপূৰ্ণ বিষয়। Assamese Medium Class 10 ৰ ছাত্ৰ ছাত্ৰীৰ বাবে সমাস অতি প্ৰয়োজনীয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত সমাসৰ পৰা প্ৰশ্ন থাকে। অসমীয়া ব্যাকৰণত সমাস অষ্টম মান শ্ৰেণীৰ পৰাই অন্তৰ্ভুক্ত থাকে যদিও ইয়াক ইমান গুৰুত্ব সহকাৰে বিবেচনা নকৰে। কিন্তু HSLC Exam ৰ বাবে ই এক গুৰুত্বপূৰ্ণ বিষয়।
আহক আজি আমি Assamese Medium ত সমাসৰ সংজ্ঞা, সমাসৰ বৈশিষ্ট্য, ব্যাসবাক্য, সমস্ত পদ আৰু সমাসৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে আলোচনা কৰাৰ উপৰিও HSLC Exam ৰ বাবে প্ৰয়োজনীয় বহু উদাহৰণ ইয়াত আলোচনা কৰা হব।
সমাসৰ সংজ্ঞা কি?
Contents
পৰস্পৰ অৰ্থৰ সম্পৰ্ক থকা দুই বা ততােধিক পদ লগ লাগি এক পদ হােৱাকে সমাস বােলে।
সাধাৰণতে শব্দ বা কথা চুটি আৰু শ্রুতিমধুৰ কৰিবলৈ সমাস ব্যৱহাৰ কৰা। যেনেঃ ঘৰত যি ওপজে = ঘৰওপজা।
সমাসৰ বৈশিষ্ট্যবোৰ কি কি?
- দুই বা তাতােকৈ অধিক পদ বা পদ থকা বাক্য লগ এক পদ হ’লেই সমাস হয়।
- সমাস হােৱা পদবােৰে কেতিয়াবা প্রকৃত অর্থ।
- সমাসত পদবােৰৰ বিভক্তিৰ চিন লুপ্ত সি হ’ব লগীয়া পদবিলাকৰ ব্যাক্যৰ অনেক পদ ললাপ হয়।
ব্যাসবাক্য, সমস্ত পদ আৰু ব্যস্ত পদ কি?
ব্যাসবাক্য : সমাসৰ অর্থ প্রকাশ কৰা বাক্য বা বাক্যাংশক ব্যাসবাক্য বােলে। যেনেঃ পীতাম্বৰ পদটোৰ ব্যাসবাক্য হ’ল পীত বৰণীয়া অম্বৰ (কাপােৰ) পৰিধান কৰে যি-পীতাম্বৰ ।
সমস্ত পদ: পদবােৰৰ লগ লাগি শেষত যিটো পদ গঠিত হয়, সেই সমাসবদ্ধ পদটোক সমস্ত পদ বােলে। যেনেঃ তিনিটা ৰং যাৰ তিনিবৰণীয়া; ইয়াত তিনিবৰণীয়া হৈছে সমস্ত পদ।
ব্যস্ত পদ: যিকেইটা পদৰ সমাস হয়, সিহঁতৰ প্রত্যেককে সমস্যমান পদ বা ব্যস্ত পদ বােলে।
যেনেঃ হাতেকটা; সমাসবদ্ধ পদৰ হাতেৰে আৰু কটা প্ৰতিটো পদেই ব্যস্ত পদ।
সমাসৰ বিভিন্ন প্ৰকাৰ
সমাস সাধাৰণতে ছয় প্রকাৰৰ। তলত প্ৰতি প্ৰকাৰৰ সমাসৰ সংজ্ঞা আৰু কিছু উদাহৰণ আলোচনা কৰা হল।
- দ্বন্দ্ব সমাস।
- তৎপুরুষ সমাস।
- কর্মধৰয় সমাস।
- দ্বিগু সমাস।
- বস্ত্রীহি সমাস।
- অব্যয়ীভাৱ সমাস।
(1) দ্বন্দ্ব সমাসঃ দুটা বা তাতােকৈ অধিক সংত ব্দ বা বিভিন্ন অর্থ বুজোৱা পদৰ মাজৰ সংযােজক অব্যয় লােপ পাই হােৱা সমাসকে সমাস বােলে। দ্বন্দ মানে হৈছে জোৰা।এই সমাসত সমস্যমান সংজ্ঞা শব্দবােৰ সংযোযক অব্যয় ‘ আৰু ৰ দ্বাৰা লগ লাগি থাকে।
যেনেঃ ভাই আৰু ককাই = ভাই ককাই
দ্বন্দ্ব সমাস আকৌ তিনি প্ৰকাৰৰ। এই তিনিবিধ হ’ল-
- ইতৰেতৰ দ্বন্দ্ব
- সমাহাৰ দ্বন্দ্ব
- একশেষ দ্বন্দ্ব
(2) তৎ পুৰুষ সমাসঃ যি সমাসত দুটা ব্যস্ত পদৰ প্রথম পদটো প্রথম বিভক্তিৰ বাহিৰে আন বিভক্তিত থাকে,আৰু এই বিভক্তি লােপ হৈ সমাস হয় তাকে তৎপুৰুষ সমাস বােলে ৷
যেনেঃ চোৰক ধৰা = চোৰধৰা, গুক কটা = গুৱাকটা ইত্যাদি।
তৎপুৰুষ সমাস ছয় প্রকাৰৰ আৰু সেইবোৰ হল-
- দ্বিতীয়া তৎপুৰুষ
- তৃতীয়া তৎপুৰুষ
- চতুর্থী তৎপুৰুষ
- পঞ্চমী তৎপুৰুষ
- ষষ্ঠী তৎপুৰুষ আৰু
- সপ্তমী তৎপুৰুষ।
(3) কর্মধৰয় সমাসঃ যি সমাসত ব্যস্ত পদবােৰ বিশেষ্য আৰু বিশেষণ পদ হিচাপে লগ লগােৱা হয়,তাকে কর্মধায় সমাস বােলে। এইসমাসত প্রথম পদটো বিশেষণ আৰু দ্বিতীয় পদটো বিশেষ্য হয়।
যেনেঃ পিতল বৰণৰ যি চকু-পিতলচকু,
শুক্ল যি পক্ষ-শুক্লপক্ষ, পুণ্য যি ভূমি- পূণ্যভূমি।
কর্মধায় সমাস দুবিধ হ’ল
- মধ্যপদলােপী আৰু
- অত্যপদলােপী সমাস।
(4) দ্বিগু সমাসঃ দুই বা তাতােকৈ অধিক সংখ্যাবাচক শব্দৰ লগত অন্য শব্দ লগ হৈ সমাহাৰ বুজালে যি সমাস হয়, তাকে দ্বিগু সমাস বোলে।
যেনেঃ সাত বিহুৰ সমাহাৰ-সাত বিহু,
নৱ ৰত্নৰ সমাহাৰ নৱৰত্ন,
ত্রি ভূৱনৰ সমাহাৰ-ত্রিভূৱন, ইত্যাদি।
(5) বহুব্রীহি সমাসঃ যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ ব্যুৎপত্তিগত অর্থনুবুজাই আন কোনাে বিশেষ অর্থহে বুজায়, তাকে বব্রীহি সমাস বােলে।
যেনেঃ পদ্ম আছে নাভিত যাৰ-পদ্মনাভ,
হত হৈছে ভাগ্য যাৰ তেওঁ-হতভাগ্য,
বাঘে খাইছে যাক-বাঘেখােৱা ইত্যাদি।
বহুব্রীহি সমাস তিনি প্রকাৰৰ
- কর্মধায় বহুব্রীহি বা সমানাধিকৰণ বহুব্রীহি,
- ব্যাধিকৰণ বহুব্রীহি বা তৎপুৰুষ বহুব্রীহি আৰু
- ব্যতিহাৰ বহুব্রীহি।
(6) অব্যয়ীভাৱ সমাসঃ সামীপ্য, অভাৱ, পৰ্য্যন্ত, সদৃশ, যােগ্য আদি অর্থ প্রকাশক অব্যয় শব্দৰ লগত আন পদৰ যি সমাস হয় তাকেই অব্যয়ীভাৱ সমাস বােলে।
যেনেঃ বনৰ সমীপ = উপবন,
সুখৰ অভাৱ = অসুখ,
জীৱন পর্যন্ত = আজীৱন ইত্যাদি।
ব্যাসবাক্যৰ সৈতে সমাসৰ নাম লিখা [HSLC 2010-2018]
1. দোমাহী, চক্ৰ পাণি [HSLC ‘2010]
উত্তৰ : দোমাহী – দুই মাহৰ মাজৰ দিন (দ্বিগু সমাস)
চক্ৰপাণি – চক্ৰ আছে পাণিত যাৰ তেওঁ (ব্যাধিকৰণ বা তৎপুৰুষ বহুব্ৰীহি সমাস)
2. দোমাহী, পীতাম্বৰ, মাতৃভক্তি, আমৰণ। [HSLC ’11]
উত্তৰ : দোমাহী – দুই মাহৰ মাজৰ দিন (দ্বিগু সমাস)
পীতাম্বৰ – পীত অম্বৰ পিন্ধে যি (কৰ্মধাৰয় বা সমানাধিকৰণ বহুব্ৰীহি সমাস)
মাতৃভক্তি – মাতৃলৈ ভক্তি (তৎপুৰুষ সমাস)
আমৰণ – মৰণ পৰ্যন্ত (অব্যয়ীভাৱ সমাস)
3. ৰামৰাৱণ, পীতাম্বৰ, হাতদীঘল, জলচৰ। [HSLC ’13]
উত্তৰ : ৰামৰাৱণ – ৰাম আৰু ৰাৱণ। (ইতৰেতৰ দ্বন্দ্ব সমাস)
পীতাম্বৰ – পীৰৰ অম্বৰ পিন্ধে যি (কৰ্মধাৰয় বা সমানাধিকৰণ বহুব্ৰীহি সমাস)
হাতদীঘল – দীঘল হাত যাৰ সি। (কৰ্মধাৰয় বা সমানাধিকৰণ বহুব্ৰীহি সমাস)
জলচৰ – জলত চৰে যি।(বহুব্ৰীহি সমাস)
(4) নৱৰত্ন, শূৰ্পণখা, চন্দ্ৰমুখ, গৃহস্থ। [HSLC ’14]
উত্তৰ: নৱৰত্ন – ন ৰত্নৰ সমাহাৰ (দ্বিগু সমাস)
শূৰ্পণখা – শূৰ্পৰ নিচিনা নখ যাৰ। (কৰ্মধাৰয় বহুব্ৰীহি সমাস)
চন্দ্ৰমুখ – চন্দ্ৰৰ তুল্য মুখ (কৰ্মধাৰয় সমাস)
গৃহস্থ – গৃহত থাকে যি (তৎপুৰুষ সমাস)
(5) ৰাধাকৃষ্ণ, দোমাহী, চক্ৰপাণি, শুক্লপক্ষ [HSLC ’15]
উত্তৰ: ৰাধাকৃষ্ণ – ৰাধা আৰু কৃষ্ণ। (ইতৰেতৰ দ্বন্দ্ব সমাস)
দোমাহী – দুই মাহৰ মাজৰ দিন। (দ্বিগু সমাস)
চক্ৰপাণি – চক্ৰ আছে পাণিত যাৰ তেওঁ।(ব্যাধিকৰণ বা তৎপুৰুষ বহুব্ৰীহি সমাস)
শুক্লপক্ষ – শুক্ল যি পক্ষ সি। (কৰ্মধাৰয় সমাস)
(6) ত্ৰিফলা, শূলপাণি, মহাপুৰুষ, সত্যাগ্ৰহ [HSLC ’16]
উত্তৰ: ত্ৰিফলা – ত্ৰি বা তিনি ফলৰসমাহাৰ (দ্বিগু সমাস)
শূলপাণি – শূল আছে পাণিত যাৰ। (ব্যাধিকৰণ বা তৎপুৰুষ বহুব্ৰীহি সমাস)
মহাপুৰুষ – মহান বা মহৎ পুৰুষ যি (ব্যতিহাৰ বহুব্ৰীহি সমাস)
সত্যাগ্ৰহ – সত্যত আগ্ৰহ। (সপ্তমী তৎপুৰুষ সমাস)
(7) দোমাহী, দেশান্তৰ, মহাপুৰুষ, উপবন।[HSLC ’17]
উত্তৰ: দোমাহী – দুই মাহৰ মাজৰ দিন (দ্বিগু সমাস)
দেশান্তৰ – অন্য দেশ (নিত্য অব্যয়ীভাৱ সমাপ্ত)
মহাপুৰুষ – মহান বা মহৎ পুৰুষ যি (ব্যতিহাৰ বহুব্ৰীহি সমাস)
উপবন – বনৰ সমীপ (অব্যয়ীভাৱ সমাস)
(8) ত্ৰিফলা, উৰাজাহাজ, মাটিকঁঠাল, মৌচাক। [HSLC ’18]
উত্তৰ: ত্ৰিফলা – ত্ৰি বা তিনি ফলৰ সমাহাৰ। (দ্বিগু সমাস)
উৰাজাহাজ – উৰা যি জাহাজ সি। (কৰ্মধাৰয় সমাস)
মাটীকঁঠাল – কঁঠালৰ দৰে ফল মাটিত হয় বাবেই। (ব্যাধিকৰণ বা তৎপুৰুষ বহুব্ৰীহি সমাস)
মৌচাক – মৌৰ চাক।(ষষ্ঠী তৎপুৰুষ সমাস)
অতিৰিক্ত: ব্যাসবাক্য লিখি সমাসৰ নাম লিখা [HSLC 2023]
- বৃকোদৰ – বৃক নামে অগ্নি আছে উদৰত যাৰ তেওঁ = বহুব্রীহি সমাস।
- পীতাম্বৰ – পীতবৰণীয়া অম্বৰ (কাপােৰ) যাৰ =বহুব্রীহি সমাস।
- কুকুৰনেটীয়া = কুকুৰৰ নেজৰ দৰে নেজ যাৰ =বহুব্রীহি সমাস।
- ত্রিফলা= ত্ৰি ফলৰ সমাহাৰ = দ্বিগু সমাস।
- তেলপানী = তেল আৰু পানী = দ্বন্দ্ব সমাস।
- কাপুৰুষ = কু যি পুৰুষ = কর্মধৰয় সমাস।
- পুণ্যভূমি = পূণ্য যি ভূমি= কর্মধৰয় সমাস।
- অহিংসা=হিংসাৰ অভাৱ= অব্যয়ীভাৱ সমাস।
- অস্ত্র-শস্ত্র =অস্ত্ৰ আৰু শস্ত = দ্বন্দ্ব সমাস।
- সাতপুৰুষ=সাত পুৰুষৰ যি =কর্মধৰয় সমাস।
- বনবাস = বনত বাস =তৎপুরুষ সমাস।
- দেশপ্রাণ=দেশৰ পলৈ প্ৰাণ= তৎপুরুষ সমাস।
- পৰােক্ষ =অক্ষৰ পাছত =অব্যয়ীভাৱ সমাস।
- পাঁচৰজীয়া = পাঁছ ৰজাৰ সমাহাৰত = দ্বিগু সমাস।
- হৰিহৰ= হৰি আৰু হৰ = দ্বন্দ্ব সমাস।
সমাসৰ ওপৰত শেষবাক্য
শেষবাক্য বুলি কলে একৌ নাই সমাসৰ কিন্তু আমি Assamese Medium ত কি কি আলোচনা কৰিবলৈ প্ৰয়াস কৰিলোঁ সেয়া অলপ কবলগীয়া। আমি অতি সহজভাৱে সমাসৰ সংজ্ঞা, সমাসৰ বৈশিষ্ট্য, ব্যাসবাক্য, সমস্ত পদ আৰু সমাসৰ বিভিন্ন প্ৰকাৰ আলোচনা কৰাৰ ওপৰিও 2010 চনৰ পৰা 2018 লৈ HSLC পৰীক্ষাত সোধা সমাসৰ সমাধান দিয়াৰ ওপৰিও HSLC Exam 2022 ৰ বাবে কিছু সমাসৰ আলোচনা কৰা হৈছে। যিয়ে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক সমাজক ভালেখিনি সহায় আগবঢ়াব বুলি আমি আশাবাদী।
আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে অতি অনায়েশে Comment Section ত জনাব পাৰিব। ইয়াৰ ওপৰিও আপুনি Assamese Medium Facebook Page ক Follow কৰি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰিব।
This is useful to us
Thank You So Much
Thank you so much …..
You are always welcome
Anirudha which type of samah?
বহুব্রীহি সমাস
সাত পুৰুষ দ্বিগু নহয় কৰ্ম ধাৰয় হোৱাৰ কাৰণ টো ক’ব please
দিগু সমাসে একে ধৰ্মীয় বস্তু ৰ সমাহাৰ বা সমষ্টি ক বুজাই, আনহাতে সাত পুৰুষে সম্পূর্ণ পৃথক সাতটা পুৰুষৰ বা সাতটা পৰম্পৰা ৰ কথাহে কয়। ইয়াত কাৰো লগত কাৰো মিল নাথাকিবও পাৰে সেয়ে সংখ্যা বুজালেও ই দ্বিগু নহৈ কৰ্মধাৰয় হ’ব
Thank You So Much
yes