শ্ৰীমন্ত শংকৰদেৱ | HSLC 2022 Exam | Assamese Essay

সর্ব গুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয় ১৪৪৯ চনত। শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম সত্যসন্ধা। শংকৰদেৱ সৰুতে ঘাট মাউৰা হয় আৰু বুঢ়ীমাক খেৰসুতীয়ে তেওঁক লালন-পালন কৰে। ১২ বছৰ সয়সত বুঢ়ীমাকে তেওঁক মহেন্দ্ৰ কন্দলি নামৰ অধ্যাপক এজনৰ টোলত পঢ়িবলৈ পঠিয়ায়। তাতে শ্ৰীমন্তশংকৰদেৱে বিভিন্ন শাস্ত্র অধ্যয়ন কৰি সেইবােৰত পাৰ্গত হৈ উঠে। শিক্ষা সমাপ্ত কৰি সূর্যৱতীক বিবাহ কৰাই তেওঁ গৃহাশ্রম ধর্ম পালন কৰে। এটা কন্যা সন্তান জন্ম দিয়াৰ পাছত সূর্যৱতীৰ মৃত্যু হয়। পত্নীৰ মৃত্যুৰ পাছত শ্ৰীমন্ত শংকৰদেৱ ১২ বছৰ ধৰি ভাৰতৰ তীর্থসমূহ পর্যটন কৰে আৰু ভাৰতৰ বিভিন্ন প্রান্তৰ সাধু-সন্তবিলাকৰ সংস্পৰ্শলৈ আহে। ইয়ে শংকৰদেৱৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলায়। তীর্থভ্রমণৰ অভিজ্ঞতাৰে ভক্তিধৰ্মৰ প্ৰৱৰ্তন আৰু প্ৰচাৰৰ প্রতি মনােযােগ দি শ্ৰীমন্ত শংকৰদেৱে কর্ম জীৱন আৰম্ভ কৰে। বৰদোৱাত থাকোতেই জগদীশ মিশ্রই টীকাসহ ভাগৱত গ্রন্থ তেওঁক অর্পণ কৰে আৰু এয়ে তেওঁক ধৰ্ম আৰু সাহিত্যৰ ক্ষেত্ৰত নতুন পদক্ষেপ ল’বলৈ প্ৰেৰণা যােগায়।

ষােড়শ শতাব্দীৰ দ্বিতীয় দশকত কছাৰীৰ উপদ্রব সহিব নােৱাৰি তেওঁ ভূঞাসকলৰ সৈতে পলাই আহি আহােম ৰাজ্যৰ উত্তৰ পাৰে গাংমৌ আৰু তাৰ পাছত ধুৱাহাট বেলগুৰিত বসতি কৰিবলৈ লয়। ইয়াতে মাধৱদেৱৰ লগত তেওঁৰ মিলন হয় আৰু দুয়ােৰে সহযােগত অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱন সমুজ্জ্বল হৈ উঠে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ

অসমীয়া জাতিলৈ শ্ৰীমন্ত শংকৰদেৱৰ অৱদান অপৰিসীম। পুৰণি অসমৰ ইমূৰৰ পৰা সিমূৰ পৰিভ্ৰমণ কৰি বৈষ্ণৱ ধৰ্মৰ ডােলেৰে তেওঁ বিভিন্ন জাতি সত্তাৰ মাজত ঐক্য আৰু সংহতি স্থাপন কৰে। বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে শংকৰদেৱে নানা বিপর্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। তেওঁৰ জীৱনৰ প্ৰথমছােৱা বাৰভূঞা ৰাজ্যত, দ্বিতীয়ছােৱা অসম ৰাজ্যৰ সংযােগত ধুৱাহাট, বেলগুৰি আদিত, আৰু শেষছােৱা কোচ ৰাজ্যত কটায়। এই তিনিছােৱা কালৰ ভিতৰত গুৰুজনাই অমূল্য গ্ৰন্থৰাজিৰচনা কৰে। ৰচনাৰীতি বা ৰূপ অনুসৰি শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৱলীক ছটা ভাগত বিভক্ত কৰিব পাৰি। সেইবােৰ হ’ল —

(ক) শংকৰদেৱৰ অনুবাদমূলক

অনুবাদমূলকঃ ইয়াৰ ভিতৰত দশমখনেই সর্বশ্রেষ্ঠ। ইয়াৰ বাহিৰেও তেওঁ ভাগৱতৰ প্ৰথম, দ্বিতীয়, একাদশ আৰু দ্বাদশ স্কন্ধ অনুবাদ কৰে। মাধৱ কন্দলিৰ আধৰুৱা হৈ থকা ৰামায়ণৰ উত্তৰাকাণ্ড তেওঁ অনুবাদ কৰে।

(খ) শংকৰদেৱৰ কাব্য

কাব্যঃ শংকৰদেৱৰ ৰচিত কাব্য হ’ল হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ, অজামিল উপাখ্যান, গ্রাহ গজেন্দ্ৰৰ যুদ্ধ, অমৃত মন্থন,বলিছলন আৰু কুৰুক্ষেত্র।

(গ) শংকৰদেৱৰ নাট

নাটঃ শংকৰদেৱ অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা। সংস্কৃত নাট আৰু প্রাচীন অসমীয়া ওজাপালি অনুষ্ঠানৰ আৰ্হিত এক অংকযুক্তনাট ছয়খন ৰচনা কৰে। নাটবােৰ হ’ল পত্নীপ্রসাদ, কালিয় দমন, কেলিগােপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয়।

(ঘ) শংকৰদেৱৰ গীত-ভটিমা

গীত-ভটিমাঃ শংকৰদেৱে দুই ধৰণৰ গীত ৰচনা কৰিছিল। বৰগীতবােৰ ব্ৰজাৱলী ভাষাত ৰচিত এবিধ অতি গাম্ভীর্যপূর্ণ ভাৱৰ গীত। ভটিমাবাৰাে স্তুতি আৰু প্রশস্তিমূলক গীত।

(ঙ) শংকৰদেৱৰ নাম প্রসঙ্গ সম্পর্কীয় গ্রন্থ

নাম প্রসঙ্গ সম্পর্কীয় গ্রন্থ: কীৰ্ত্তনঘােষা এই ধৰণৰ এখন সুন্দৰ গ্ৰন্থ। আকর্ষণীয় বিষয়বস্তু আৰু শুৱলা বর্ণনাৰ বাবে কীৰ্ত্তনখন ল’ৰাৰ পৰা বুঢ়ালৈকে সকলােৰে বাবে অতি প্রিয়। লালিত্য, ছন্দ ঝংকাৰ, সৌন্দর্য, লাৱণ্য, ভাৱৰ মাধুৰ্য, ভক্তিৰ দৃঢ়তা, চিন্তাৰ উচ্চতা আদিৰ সমষ্টিৰে কীৰ্ত্তন ৰচিত। ‘গুণমালা’ ভাগৱতৰ সাৰ সংগ্ৰহ কৰি ছয় আখৰীয়া কুসুম মালা ছন্দত ৰচা এখন মনােম পুথি।

চ) শংকৰদেৱৰ ভক্তি আৰু তত্ত্বমূলক গ্রন্থ

ভক্তি আৰু তত্ত্বমূলক গ্রন্থ: শংকৰদেৱৰ এনে গ্রন্থবােৰ হ’ল ভক্তি প্রদীপ, ভক্তি ৰত্নাকৰ, অনাদি পাতন, নিমি নৱসিদ্ধ সংবাদ।

সাহিত্য-সংস্কৃতিৰে অসমীয়া জাতিক সমুজ্জ্বল কৰি থৈ গ’ল এই মহাপুৰুষ জনাই।

4 Comments

Leave a Reply

Your email address will not be published.