মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধৱী সকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ Assamese Medium লৈ। আমি আলোচনা কৰিম দশম মান শ্ৰেণীৰ সমাজ বিজ্ঞান (Class 10 Social Science) ৰ অৰ্থনীতি বিজ্ঞান অংশৰ প্ৰথম অধ্যায় মুদ্ৰা আৰু বেংক ব্যৱস্থা।
- You can Also Read:
কি কি আছে মুদ্ৰা আৰু বেংক ব্যৱস্থা অধ্যায়ত
Contents
সমাজ বিজ্ঞান (Class 10 Social Science) ৰ অৰ্থনীতি বিজ্ঞান অংশৰ প্ৰথম অধ্যায় “মুদ্ৰা আৰু বেংক ব্যৱস্থা” ৰ আলোচনাৰ মূল বিষয়বোৰ হৈছে : বিনিময় প্ৰথা আৰু ইয়াত কি কি অসুবিধা দেখিবলৈ পোৱা যায়, মুদ্ৰাৰ ক্ৰমবিকাশ, কেনেকৈ মুদ্ৰাৰ প্ৰচলন হৈছিল, মুদ্ৰা কি ইয়াৰ বিষয়ে ধাৰণা, মুদ্ৰাৰ বৈশিষ্ট্য, কাৰ্যাৱলী, মুদ্ৰা কেই প্ৰকাৰৰ মুদ্ৰাৰ ভূমিকা আৰু কি কি অসুবিধা আছে তাৰ বিষয়ে আলোচনা কৰা হৈছে। বেংক- ইয়াৰ ধাৰণা , উৎপত্তি, কেই প্ৰকাৰৰ আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা হৈছে । অনা-বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বিষয়েও আলোচনা কৰা হৈছে।
সমাজ বিজ্ঞান (Class 10 Social) ৰ “অৰ্থনীতি বিজ্ঞান অংশৰ প্ৰথম অধ্যায় মুদ্ৰা আৰু বেংক ব্যৱস্থা” ৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ, সাম্ভাব্য প্ৰশ্নৰ উত্তৰ, অতিৰিক্ত প্ৰশ্নৰ উত্তৰ, চমু প্ৰশ্নৰ উত্তৰ, অতি চমু প্ৰশ্নৰ উত্তৰ আদি সন্নিৱিষ্ট কৰা হৈছে।

অতি চমু উত্তৰ প্রশ্নঃ মুদ্ৰা আৰু বেংক ব্যৱস্থা
১) বিনিময় প্রথা কি?
উত্তৰ: বিনিময় হ’ল মানুহৰ সকলাে পার্থিব অৱস্থানৰ মূল উপদান। পুৰণিকালত মানুহে জীৱন ধাৰণৰ প্রয়ােজনীয় সামগ্রী সমুহ নিজেই উৎপাদন কৰি লৈছিল আৰু কিছুমান সামগ্রী নিজৰ উৎপাদিত বস্তুৰ লগত বিনিময়ৰ যােগেদি সংগ্রহ কৰিছিল।
২) মুদ্রা কি ?
উত্তৰ: সাধাৰণতে মুদ্রা বুলিলে মানুহে ধাতু নির্মিত মুদ্রা বা কাগজী মুদ্রাকে বুজায়। কিন্তু অর্থনীতিৰ ভাষা মতে যি বিধ সামগ্রীক সকলােৱে গ্ৰহণ কৰে আৰু আইনৰ দ্বাৰা স্বীকৃত আৰু যাৰ সহায়ত কিনা-বেচা আৰু দেনা-পাওনা ঋণ পৰিশােধ কৰিব পাৰি, তাকে মুদ্রা বােলে।
৩) মুদ্ৰাৰ এটা মুখ্য কার্য উল্লেখ কৰা।
উত্তৰ: মুদ্ৰাৰ এটা মুখ্য কার্য হ’ল— মুদ্রাই সা-সামগ্ৰীৰ মুল্যৰ মাপকাঠি হিচাপে কার্য সম্পাদন কৰে।
৪) অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া।
উত্তৰ: অবিহিত মুদ্ৰাৰ এটা উদাহৰণ হ’ল চেক মুদ্রা।
৫) প্রতিনিধিত্বমূলক কাগজী মুদ্রা কি ?
উত্তৰঃ যি কাগজী মুদ্রা বিনিময়ৰ মাধ্যম হিচাপে সম মূল্যৰ ধাতুগত মুদ্রালৈ পৰিৱৰ্তিত হৈছিল, সেইবােৰ কাগজী মুদ্রাক প্রতিনিধিত্বমূলক কাগজী মুদ্রা বলে। উদাহৰণস্বৰূপে ঃ পূর্বৰ কালত ১০০ টকাৰ কাগজী মুদ্রা ১০০ টকা মুল্যৰ সােণ বা ৰূপলৈ ৰূপান্তৰিত হৈছিল।
৬) বেংক কি?
উত্তৰঃ বেংক এবিধ বিত্তীয় অনুষ্ঠান, যি ঋণৰ ব্যৱসায় কৰে। বেংকে সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্রহ কৰে আৰু সংগৃহীত সঞ্চয় ঋণ লওঁতাসকললৈ আগবঢ়ায়।
৭) ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কোন চনত স্থাপিত হৈছিল?
উত্তৰ ভাৰতীয় ৰিজাৰ্ভ বেংক ১৯৩৫ চনত স্থাপিত হৈছিল।
৮) চলিত আমানত কি?
উত্তৰঃ চলিত আমানত বুলিলে ইয়াকে বুজা যায় যে এই আমানতত সঞ্চয়কাৰীয়ে বা আমানত কাৰীয়ে সঞ্চয় কৰিলে বা জমা ৰাখিলে, নিজৰ সঞ্চয় যিকোনাে সময়তে চেকৰ যােগেদি উলিয়াই আনিব পাৰে।
চমু উত্তৰৰ প্ৰশ্ন- মুদ্ৰা আৰু বেংক ব্যৱস্থা
১) সংগতিবিহীন অভাৱে বিনিময় প্রথাত কিদৰে সমস্যাৰ সৃষ্টিকৰে।
উত্তৰঃ অভাৱৰ পাৰস্পৰিক সংগতি নাথাকিলে বিনিময় প্রথা কার্যকৰীনহয়। যিকোনাে গতিশীল সমাজত অভাৱৰ পাৰম্পৰিক সামঞ্জস্য উলিওৱাটো কঠিন। বিনিময় প্রথা কার্যকৰী হােৱাৰ বাবে দুজন ব্যক্তিৰ অভাৱ পৰস্পৰৰ পৰিপূৰক হ’ব লাগে। অর্থাৎ দুজন ব্যক্তিয়ে আগবঢ়োৱা বস্তু দুবিধ পৰস্পৰৰ বাবে গ্রহণযােগ্য হব লাগিব। পৰস্পৰৰ পৰিপূৰক বা সংগতিপূর্ণ এনে অভাৱৰ ক্ষেত্ৰত বিনিময় কার্য সংঘটিত হ’ব পাৰে। উদাহৰণস্বৰূপে—এজন ব্যক্তিয়ে কাপােৰৰ বিনিময়ত চাউল বিচাৰে আৰু আন এজন ব্যক্তিয়ে চাউলৰ বিনিময়ত কাপােব বিচাৰে তেনেস্থলত দুয়ােৰে মাজত বিনিময় হােৱা সম্ভৱ। এই ক্ষেত্ৰত ব্যক্তি দুজন পৰস্পৰ নিৰ্ভৰশীল আৰু তেওঁলােকৰ অভাৱ পৰিপূৰক কিন্তু কাপােৰৰ গৰাকীজনে কাপােৰৰ পৰিবৰ্তে চাউল নিবিচাৰি সৰিয়হৰ তেল বিচাৰিলে এই ব্যক্তি দুজনৰ অভাৱ সামঞ্জস্যহীন হ’ব আৰু এনে অৱস্থাত বিনিময় প্রথা কার্যকৰীনহ’ব।
২) মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা?
উত্তৰঃ বিনিময় প্রথাত মূল্যৰ ভাণ্ডাৰ বুলি ক’লে সা-সামগ্রীকে বুজাইছিল। বিনি প্রথাত মূল্যৰ ৰূপত সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰিব লাগিছিল। কিন্তু সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰি ৰখাটো সুবিধাজনক নহয়। কিছুমান বস্তু আছে যেনে শাক-পাচলি, ফল-মূল, গাখীৰ আদি বেছি দিনলৈ সঞ্চয় কৰি ৰাখিব নােৱাৰি। এইবােৰ অতি সহজে বিনষ্ট হব পাৰে। কিন্তু বর্তমান অবস্থাত মূল্যৰ ভাণ্ডাৰ বুলি ক’লে মুদ্ৰাক বুজায়। যেতিয়াই প্রয়ােজন হয় তেতিয়াই সঞ্চয় কৰি থােৱা ধনৰ বিপৰীতে লাগতিয়াল সামগ্ৰীসমূহ সংগ্ৰহ কৰি ল’ব পাৰি।।
৩) মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয়?
উত্তৰঃ মুদ্ৰাৰ সাধাৰন গ্রহণযােগ্যতা থাকিব লাগিব নহ’লে মুদ্রা বিনিময়ৰ মাধ্যম হ’ব নােৱাৰে। মুদ্ৰাৰ বৈশিষ্টসমূহৰ ভিতৰত এইটোৱেই সবাতােকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্রহণযােগ্য মুদ্রা এবিধ সামগ্রী যাৰ সহায়ত সকলাে বস্তু আৰু সেৱাকাৰ্যৰ মূল্য প্রকাশ কৰা হয় আৰু যাৰ যােগেদি সঞ্চয়, ঋণ গ্রহণ আৰু ঋণ পৰিশােধ কার্য সম্পাদন কৰা হয়। মুদ্ৰাৰ অকল সাধাৰণ গ্রহণযােগ্য গুণে ই নাই, ই বিনিময়ৰ মাধ্যম,আৰু লগতে মূল্যৰ মাপকাঠী আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাম কৰে। আধুনিক যুগত মুদ্ৰাৰ সাধাৰণ গ্রহণযােগ্যতা আইনৰ মাধ্যমেৰে নিৰ্ধাৰণ কৰা হয়।
8) মুদ্ৰাৰ তাৰুল্য গুণ কি?
উত্তৰঃ যিকোনাে মুদ্রা সমমূল্যৰ সা-সামগ্রীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হােৱাকে মুদ্ৰাৰ তাৰল্য গুণ থকা বুলি কোৱা হয়। মূদ্রা সামগ্রীলৈ তৎকালীনভাৱে আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হয়। বিনিময় প্রথাত সামগ্ৰীৰ তাৰল্য গুণ নাথাকে কাৰণ সামগ্রী তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে আন সামগ্রীলৈ ৰূপান্তৰ হ’লেও সামগ্রীবােৰ বেছিদিন সঞ্চয় কৰি ৰাখিব নােৱাৰি।
৫) মুদ্রা সা-সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী’—ব্যাখ্যা কৰা।
উত্তৰঃ মুদ্রা সা-সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী। মুদ্রাই মূল্যৰ মাপকাঠী হিচাপে কার্যসম্পাদনা কৰে। সকলাে আর্থিক সামগ্ৰীৰ মূল্য আছে। মুদ্ৰাৰ মাধ্যমেৰে সকলাে সামগ্ৰী আৰু সেৱাকাৰ্যৰ মূল্য নিৰূপণ কৰা হয়। কোনাে এটা বস্তু ক্রয় কৰাৰ বাবে যি পৰিমাণৰ মুদ্ৰা প্ৰদান কৰিব লাগে তাকে বস্তুটোৰ দাম বুলি কোৱা হয়। অর্থাৎ মুদ্ৰাৰ পৰিমাণেৰে প্ৰকাশ কৰা বিনিময় মূল্যই হ’ল বস্তুৰ দাম। সকলাে বন্ধুৰ উৎপাদন ব্যয় আৰু বিক্রী মূল্য বা বিনিময় মূল্য মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয় আৰু সেই কাৰণে মুদ্ৰায়েই মূল্যৰ মাপকাঠী।
৬) সসীম বিহিত আৰু অসীম বিহিত যুদ্ৰাৰ পার্থক্য কি?
উত্তৰঃ সসীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পার্থক্য হল—
(ক) যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেন-দেনহে সম্পন্ন কৰিব পাৰি, সেই মুদ্রাকে সসীম বিহিত মুদ্রা বােলে। আনহাতে, যি মুদ্ৰাৰ সহায়ত অধিক মূল্যৰ লেন-দেন সম্পাদন কৰিব পাৰি, সেই মুদ্রাকে অসীম বিহিত মুদ্রা বােলে।
(খ) সসীম মুদ্রা নাথাকিলে কিছুমান লেন-দেনৰ ক্ষেত্ৰত আহুকালে দেখা দিব পাৰে। কিন্তু অসীম মুদ্ৰাৰ তেনেকুৱা কোনাে অসুবিধা দেখা নাযায়।
(গ) কম মূল্যৰ কাগজী বা ধাতু মুদ্রা সসীম মুদ্ৰাৰ ক্ষেত্ৰত প্রযােজ্য। আনহাতে, অধিক মূল্যৰ মুদ্ৰা যেনে চেক মুদ্রা অসীম মুদ্ৰা হ’ব পাৰে।
৭) আঞ্চলিক গ্রাম্য বেংকে কি কার্য সম্পাদন কৰে?
উত্তৰ: আঞ্চলিক বেংকে প্রধানত দুটা কার্য সম্পাদনা কৰে –
(ক) বেপাৰী, মহাজনসকলৰ পৰা অত্যাধিক সুদ দি ঋণ লােৱা গাওঁবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্রদান কৰি দুখীয়া গাওঁবাসীক সকাহ দিয়া।।
(খ) গ্রাম্য সঞ্চয় সংগ্রহ কৰি বিভিন্ন উৎপাদনমূলক কার্যত সেই সঞ্চয় ব্যয় কৰা।
৮) অনা-বেংক প্রতিষ্ঠানসমূহ বেংকতকৈ কি অর্থত বেলেগ?
উত্তৰঃ অনাবেংক প্রতিষ্ঠানসমূহে বেংকৰ দৰে সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্রহ কৰে আৰু সেই সঞ্চয় বিভিন্নজনলৈ ঋণ হিচাপে আগবঢ়ায়। কিন্তু এই প্রতিষ্ঠানসমূহ বেংকতকৈ অলপ বেলেগ হয় যেনে—
(ক) বেংকৰ ক্ষেত্ৰত যিদৰে চেকৰ জৰিয়তে সঞ্চয়কাৰীয়ে নিজৰ জমা ধন উলিয়াই আনিব পাৰে, অনা-বেংক প্রতিষ্ঠানসমূহে চেকৰ যােগান নধৰে আৰু সেয়ে চেকৰ জৰিয়তে এনেবােৰ প্ৰতিষ্ঠানৰ পৰা সঞ্চয়কাৰীয়ে নিজৰ জমা ধন উলিয়াই অনাৰ সুযােগ লাভ নকৰে।(খ) বেংকৰ ক্ষেত্ৰত জমাকাৰীৰ সঞ্চয় বীমা আঁচনি থাকে কিন্তু অনা-বেংক প্রতিষ্ঠানসমূহত এনে বীমাকৰণৰ ব্যৱস্থা নাথাকে।
দীঘল উত্তৰৰ প্ৰশ্ন- মুদ্ৰা আৰু বেংক ব্যৱস্থা
১) বিনিময় প্রথাৰ চাৰিটা অসুবিধা ব্যাখ্যা কৰা।
উত্তৰঃ যি ব্যৱস্থাত দ্ৰব্যৰ লগত দ্ৰব্যৰ বিনিময় হয় তাকে বিনিময় প্রথা বােলে। এই বিনিময় প্রথাত প্রত্যক্ষভাৱে দ্ৰব্যৰ লগতে দ্রব্যৰ বিনিময় সংঘটিত হয় জনসংখ্যা বৃদ্ধি আৰু মানব সভ্যতাৰ অগ্ৰগতিৰ লগত বিনিময় প্রথাৰ বহুত অসুবিধাৰ সৃষ্টি হৈছিল। সেইবােৰ তলত আলােচনা কৰাহ’ল-
(ক) সংগতিবিহীন অভাৱঃ অভাৱৰ পাৰস্পৰিক সংগতি নাথাকিলে বিনিময় প্রথা কার্যকৰী নহয়। যিকোনাে গতিশীল সমাজত অভাৱৰ পাৰস্পৰিক সামঞ্জস্য উলিওৱাটো কঠিন। বিনিময় প্রথা কার্যকৰী হােৱাৰ বাবে দুজন ব্যক্তিৰ অভাবে পৰস্পৰৰ পৰিপূৰক হ’ব লাগে। অর্থাৎ দুজন ব্যক্তিয়ে আগবঢ়োৱা বস্তু দুবিধ পৰস্পৰৰ বাবে গ্রহণযােগ্য হ’ব লাগিব। উদাহৰণস্বৰূপে—এজন ব্যক্তিয়ে কাপােব বিনিময়ত কাপােৰ বিচাৰে। এই ক্ষেত্ৰত ব্যক্তি দুজন পৰস্পৰ নিৰ্ভৰশীল আৰু তেওঁলােকৰ অভাৱ পৰস্পৰৰ পৰিপূৰক। পৰস্পৰৰ পৰিপূৰক বা সংগতিপূর্ণ এনে অভাৱৰ ক্ষেত্ৰত বিনিময় কার্য সংঘটিত হ’ব পাৰে। কিন্তু কাপােৰৰ গৰাকীজনে কাপােৰৰ পৰিৱর্তে চাউল নিবিচাৰি সৰিয়হৰ তেল বিচাৰিলে এই ব্যক্তি দুজনৰ অভাৱ সামঞ্জস্যহীন হ’ব আৰু এনে অৱস্থাত বিনিময় প্রথা কার্যকৰী নহ’ব। এইদৰেই অভাৱৰ সংগতিহীনতাৰ বাবে বিনিময় প্রথাটো ক্রমশঃ নােহাৱা হ’ল।
(খ) হিচাপ-নিকাচৰ উমৈহতীয়া এককৰ অভাৱঃ বিনিময় প্রথাত দ্ৰব্যৰ মূল্যাংকনৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। বিনিময় ক্ষেত্ৰত বিভিন্ন সামগ্ৰীৰ মূল্য নির্ধাৰণৰ উমৈহতীয়া একক নাথাকে। এনে অৱস্থাত সকলাে সামগ্রীক এটা সাধাৰণ মূল্যমানেৰে প্ৰকাশ কৰাটো অসম্ভৱ হৈ পৰে। দ্ৰব্যৰ মূল্য নির্ধাৰণ সাধাৰণতে অভাৱতীব্ৰতাৰ ওপৰতেই নিৰ্ভৰ কৰে। যিহেতু সকলাে সামগ্ৰীৰ মূল্য একে নহয়। গতিকে বস্তু এটাৰ কিমান পৰিমাণৰ বিপৰীতে আনটো বস্তুৰ কিমান পৰিমাণ সংগ্ৰহ কৰা যাব তাৰ কোনাে নির্দিষ্ট মাপকাঠী বিনিময় প্রথাত নাছিল। কোনাে বস্তুৰ মূল্যাংকনৰ নির্দিষ্ট মাপকাঠী নথকাৰ বাবে বিনিময় কার্যত জটিলতাৰ সৃষ্টি হৈছিল। যেনে এটা আপেলৰ বিপৰীতে তিনিটা মধুৰিমৰ বিনিময় হৈছে। গতিকে ১ আপেল = ৩ মধুৰিআম। কিন্তু আপেলৰ বিনিময় হাৰ কেৱল এটাই হ’ব জানাে?
(গ) বিভাজনীয়তা অসুবিধাঃসামগ্ৰীসমূহৰ অবিভাজ্যতাইবিনিময় প্রথাৰ সমস্যাৰ সৃষ্টিকৰে। কিছুমান সামগ্রী অবিভাজনীয়। কিছুমান সামগ্রী আছে যিবােৰ সৰু সৰু অংশলৈ ভাগ কৰিব নােৱাৰি।বিনিময় প্রথাত এনেবােৰ সামগ্ৰীয়ে আহুকাল। সৃষ্টি কৰে। অবিভাজনীয় সামগ্ৰীৰ লগত আন বস্তুৰ বিনিময় লাভজনক নহ’ব পাৰে। উদাহৰণস্বৰূপে হাতীৰ সলনি কিছুপৰিমাণচাউলৰ বিনিময়লাভজনকনহয় কাৰণ চাউলৰ পৰিমাণ অনুযায়ী হাতীক ভাগ কৰিব নােৱাৰি। বিভাজনীয়তা গুণ নথকাৰ বাবে বিনিময় প্রথাত বিনিময় কার্য কঠিন হৈ পৰিছিল। মুদ্রা ব্যৱস্থাত এই অসুবিধা দূৰ হ’ল কাৰণ মুদ্রা বিভাজনীয়।
(ঘ) মূল্যৰ ভাণ্ডাৰৰ অভাৱঃ মূল্য বুলিলে সা-সামগ্ৰীৰ মূল্য বুজিব লাগিব। সামগ্রীবােব যেনে–মাছ, গাখীৰ আদি বেছি দিন সাঁচি ৰাখিব নােৱাৰি কাৰণ সেইবােৰ সােনকালে নষ্ট হৈ যায়। সঞ্চয় হ’ল আয়ৰ অংশ। ভৱিষ্যতৰ নিৰাপত্তা লেন-দেন বা উপাৰ্জনৰ বাবে মানুহে সঞ্চয় কৰিব বিচাৰে। কিন্তু বিনিময় প্রথাত মূল্যৰ ৰূপত সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰিব লাগিব । আনহাতে, সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰি ৰখাটো সুবিধাজনকনহয়।সঞ্চয়ৰ অসুবিধা বিনিময় প্রথাৰ এটা প্রধান সমস্যা আছিল। মুদ্রা ব্যৱস্থাত সামগ্রী সঞ্চয় কৰি থ’ব নালাগে। মুদ্ৰাৰ ৰূপত সঞ্চয় হয়। মুদ্রা হ’ল সা-সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ
২) মুদ্ৰাৰ যিকোনাে চাৰিটা প্রধান বৈশিষ্ট্য ব্যাখ্যা কৰা।
উত্তৰঃ মুদ্ৰা হ’ল বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্রহণযােগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মুল্যৰ মাপকাঠি আৰু মূল্যৰ ‘ভাণ্ডাৰ হিচাপে কার্য সম্পাদনা কৰা যিকোনাে সামগ্রীকে বুজায়। মুদ্ৰাৰ প্রধান বৈশিষ্ট্যবোেৰ তলত আলোচনা কৰা হ’ল-
(ক) মুদ্ৰাৰ সাধাৰণ গ্রহণযােগ্যতা থাকিব লাগিবঃ মুদ্ৰাৰ সাধাৰণ গ্রহণযােগ্যতা গুণ নাথাকিলে মুদ্রা বিনিময়ৰ মাধ্যম হ’ব নােৱাৰে। মুদ্ৰাৰ বৈশিষ্টসমূহৰ ভিতৰত এইটোৱেই সবাতােকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। মুদ্ৰাৰ অকল সাধাৰণ গ্রহণযােগ্যগুণ থকাই নহয়, ই বিনিময়ৰ মাধ্যম আৰু লগতে মূল্যৰ মাপকাঠী আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাম কৰে।
(খ) মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ’ব লাগিব মুদ্রা আন সকলােবােৰ সামগ্ৰীতকৈ বেলেগ হ’ব লাগিব। মুদ্ৰাৰ চিনাক্তকৰণ সহজ নহ’লে সামগ্রী বেচা-কিনাৰ সময়ত জটিলতাই দেখা দিব। মুদ্ৰাৰ চিনাক্তকৰণ কৰাৰ সুবিধা থকা বাবে বজাৰত পােৱা প্ৰত্যেকটো সামগ্ৰীয়ে একো অসুবিধা নােহাৱাকৈ কিনা-বেচা কৰিব পৰা যায়।
(গ) মুদ্রা সহজেই নষ্ট হৈ যােৰ সামগ্ৰী হ’ব নােৱাৰে মুদ্ৰাৰ আন এটা বৈশিষ্ট এই যে মুদ্রা সহজেইনষ্ট হৈ যােৱা সামগ্রী হ’ব নােৱাৰে। মুদ্রা ধাতুৰে নির্মিত আৰু কাগজেৰে তৈয়াৰ কৰা হয় যিবােৰ সােনকালে নষ্ট হৈ নাযায়। মাছ, কণী, গাখীৰ আদি মুদ্ৰা হ’ব নােৱাৰে কাৰণ এইবােৰ সামগ্ৰী বেছি দিনলৈ নিটিকে। মুদ্রাক যিহেতু সঞ্চয়ৰ ভাণ্ডাৰ হিচাপে ৰাখিব পাৰি সেয়েহে মুদ্ৰা বেছি দিনলৈ টিকিব লাগিব।
(ঘ) মুদ্রা বিভাজনীয় মুদ্রা বিভাজনীয় হ’ব লাগে। অধিক মূল্যৰ মুদ্রা কম মূল্যৰ সমষ্টিলৈ ৰূপান্তৰ কৰিব পাৰি। বিনিময় প্রথাত সামগ্ৰীবােৰ বিভাজনীয় নােহােৱাত বিনিময় ক্ষেত্ৰত অসুবিধা দেখা দিছিল। মুদ্রা ব্যৱস্থাত এই অসুবিধাটো আঁতৰি গৈছে। ৫০ পইচাৰ লেনদেন বা ৫ কোটি লেন-দেনৰ বাবেও প্রয়ােজনীয় মুদ্রা উভৈনদী।
৩) মুদ্রাই সম্পাদন কৰা চাৰিটা প্রধান কার্যব্যাখ্যা কৰা।
উত্তৰঃ মুদ্ৰাৰ কাৰ্যৱলীসমূহ তলত আলােচনা কৰা হ’ল—
(ক) বিনিময়ৰ মাধ্যম সকলাে সামগ্ৰী আৰু সেৱা কাৰ্য্যৰ বিনিময়ৰ মাধ্যম হিচাপে মুদ্রাক ব্যৱহাৰ কৰা হয়। মুদ্ৰাৰ যােগেদি বজাৰত ক্রেতা আৰু বিক্রেতাই বস্তুৰ বিনিময় সম্পন্ন কৰে। মুদ্রা সকলােৱে গ্ৰহণ কৰিবলৈ ৰাজী, সেইবাবে। মুদ্ৰাৰ সহায়ত প্রয়ােজনীয় বস্তু সংগ্রহ কৰিবলৈ কোনাে অসুবিধা নহয়। মুদ্ৰাৰ সাধাৰণ গ্রহণযােগ্যতা থকা বাবে যিকোনাে সামগ্ৰীৰ সেৱাকাৰ্য্য বা বিনিময় মুদ্রার মাধ্যমেৰে সম্পন্ন কৰাটো সহজসাধ্য হৈ উঠিছে।
(খ) মুল্যৰ মাপকাঠিঃ মুদ্ৰাৰ দ্বাৰা বস্তু আৰু কামৰ মূল্য নিৰূপণ কৰা হয় আৰু প্ৰকাশ কৰা হয়, অর্থাৎ মুদ্রাই মূল্যৰ পৰিমাপক হিচাপে কাৰ্যা কৰে। মুদ্ৰাৰ পৰিমানেৰে প্ৰকাশ কৰা বিনিময় মূল্যই হ’ল বস্তুৰ দাম। সকলাে বস্তুৰ উৎপাদন বায় আৰু বিক্রী মূল্য বা বিনিময় মূল্য মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয় আৰু সেই কাৰণে মুদ্রাই মূল্যৰ মাপকাঠি।
(গ) সঞ্চয়ৰ বাহনঃ মুদ্ৰাৰ এটা অংশ জমা কৰি ৰখা হয়। যিহেতু মুদ্রার স্থায়ীত্ব অধিক আৰু মুৱাক সঞ্চয় কৰি ৰাখিব সহজ; সেইবাবে মুদ্ৰাৰ যােগেদি এটা সঞ্জয় কার্য সম্পদন কৰা হয়। মানুহে ভবিষ্যতৰ নিৰাপত্তা, ভৱিষ্যতৰ লেন-দেন আৰু ভবিষ্যতৰ উপাৰ্জনৰ বাৰে সঞ্চয় কৰিব বিচাৰে। সঞ্চয়ৰ যােগেদি মুদ্ৰাক সামগ্রীলৈ ৰূপান্তৰ কৰিব পাৰি। সেই কাৰণে ভৱিষ্যতৰ ব্যৱহাৰৰ বাৰে মুদ্ৰাৰ সঞ্চয় অধিক সুবিধাজনক।
(ঘ) স্থগিত দেনা-পাওনাৰ মানদণ্ডঃ মুই ঋণ গ্রহণ, ঋণ প্রদান আদি সকলাে স্থগিত লেন-দেনৰ মাধ্যম হিচাপে কার্য কৰে। বৰ্ত্তমান কালক মুদ্রা ধাৰ কৰি ভবিষ্যতে মুদ্ৰাৰ মাপকাঠিত ধাশ শােধ কৰা হয়। এখন দেশৰ বেংক অকি অনি আন বিত্তীয় প্রতিষ্ঠান প্রধান কার্য ঋণ আগবঢ়োবা। এইবােব প্রতিষ্ঠানৰ পৰা ঋণ গ্রহণ কৰি উৎপাদন কাৰ্য্যত অর্থ বিনিয়ােগ কৰা হয়। কোনাে ব্যক্তি বা সংগঠনেও বেংকৰ পৰা ক্ষণ গ্রহণ কৰিব পাৰে। মুদ্রাই ঋণ গ্রহণ, ঋণ প্রদান আৰু
ঋণ পৰিশােধৰ কাৰ্য্য সহজ কৰি তুলিছে।
৪) চেক এখন মুদ্রা নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দশো।
উত্তৰঃ প্ৰকৃততে চেক মুদ্রা নহয়, মুদ্রা পৰিশােধন এটা আদেশহে মাথােন। চেক একোখনৰ সাধাৰণ গ্রহণযোগ্যতা নাথাকে। বর্তমান যুগত বিভিন্ন লেন-দেনৰ ক্ষেত্ৰত চেকৰ বহল ব্যবহাৰ দেখিবলৈ পােৱা যায়। কিন্তু তথাপিও চেক মুদ্রা প্রকৃত মুদ্রা নহয়। উদাহৰণস্বৰূপে আমি বজাৰত ২০০ টকাৰ কোনাে বস্তু ক্রয় কৰােতে আমি দোকানীজনক ২০০ টকাৰ চেক এখন লিখি দিলে দোকানীয়ে সেয়া গ্ৰহণ কৰিবও পাৰে নকৰিবও পাৰে। চেক মুদ্রা বিহিত মুদ্রা বা প্রকৃত মুদ্রা নহয়। অৱশ্যে প্রকৃত মুদ্রা নহ’লেও অতি কম সময়ৰ ভিতৰত চেক এখনক মুদ্ৰালৈ ৰূপান্তৰিত কৰিব পৰা যায়। সেই কাৰণে চেক মুদ্রাক ধনাদেশ বা নিকট মুদ্ৰা বুলিও কোৱা হয়।
৫) মুদ্রাই সৃষ্টি কৰিৰ পৰা চাৰিটা প্রধান অসুবিধা ব্যাখ্যা কৰা।
উঃ মুদ্ৰাৰ উল্লেখযােগ্য কুফল সমূহ হ’ল-
(ক) মুদ্ৰাৰ প্রতি অতি লােভ ব্যক্তি আৰু সমাজ উভয়ৰ বাবে হানীকৰ। মুদ্ৰাৰ লােভত পৰি লােক দুনীতিৰ আশ্রয় লয় আৰু কেতিয়াবা সামাজিক মূল্যবােধাে হেৰুৱাই পেলায়।
(খ) মূদ্ৰাৰ প্ৰচলন হেতু অধিক লাভৰ বাৰে ব্যৱসায়ীসমূহৰ মাজত ফটকা বজাৰৰ উদ্ভৱ হয়। ভবিষ্যতৰ দূৰ কল্পনা, অনিশ্চয়তা ইত্যাদি উৎপাদন বিকাশৰ মনােযােগ বিঘ্নিত কৰে।
(গ) মুদ্ৰাৰ মূল্যৰ স্থিতা বস্তু-সেৱাৰ চাহিদা যােগানৰ পৰিপ্ৰেক্ষিতত অতি স্পর্শকাতৰ। ফটকা বজাৰেও মুদ্ৰাৰ মুল্যক অস্থিৰ কৰি তােলাত সহায় কৰে।
(ঘ) মুদ্ৰাৰ মুল্য কমি গলে মুদ্রাস্ফীতি আৰু মুদ্ৰাৰ মূল্য বৃদ্ধি পালে মুদ্ৰাৰ অৱস্ফিতিয়ে দেখা দিয়া হেতু বিভিন্ন জনগােষ্ঠীৰ আয়ৰ পুনৰ বিচৰণ হােৱাত অর্থনীতিয়ে ভাৰসাম্য অবস্থা হেৰুৱাই পেলায়।
৬) কেন্দ্রীয় বেংকৰ প্ৰধান কাৰ্যৱলীসমূহ আলােচনা কৰা।
উত্তৰঃ কেন্দ্রীয় বেংকৰ কাৰ্য্যসমূহ তলত উল্লেখ কৰা হ’ল—
(ক) কাগজী মুদ্ৰাৰ প্ৰচলনঃ কাগজী মুদ্রা যােগান ধৰাৰ একমাত্ৰ অধিকাৰ কেন্দ্ৰীয় বেংকৰ। বৰ্তমান নিম্নতম জমা ব্যৱস্থাৰ নীতি মুদ্রা ছপপাৱা হয়। ভাৰতৰ ৰিজাৰ্ভ বেংকে এই নীতিৰ ভিত্তিত মুদ্রা ছপায়। নিম্নতম জমা ব্যৱস্থাৰ ক্ষেত্ৰত এক নির্দিষ্ট পৰিমাণৰ সােণ আৰু বৈদেশিক মুদ্রা জমা থাকিব লাগে।
(খ) চৰকাৰৰ বেংকঃ কেন্দ্রীয় বেংকে চৰকাৰৰ বেংক হিচাপে চৰকাৰৰ বিত্তৰ যোগান ধৰোঁতা, চৰকাৰৰ পৰামৰ্শ দাতা। আৰু চৰকাৰৰ এজেন্ট বা প্রতিনিধি হিচাপে কাৰ্য্য সম্পাদন কৰে। ইয়াৰ উপৰিও, চৰকাৰৰ ঘাটি বাজেট পূৰণ কৰিবলৈ। কেন্দ্রীয় বেংকে নতুন মুদ্ৰাৰ সৃষ্টি কৰি বিত্তৰ যােগান আগবঢ়ায়, চৰকাৰী ঋণৰ তদাৰক, চৰকাৰৰ ৰাজহ আৰু ব্যয়ৰ হিচাপ ৰখা ইত্যাদি কাৰ্য্যও সম্পাদন কৰে।
(গ) বেংক সমূহৰ বেংকঃ বাণিজ্যিক বেংক সমুহে মুঠ আয়তনৰ এটা অংশ কেন্দ্রীয় বেংকত জমা ৰাখিব লাগে। কেন্দ্রীয় বেংকে বাণিজ্যিক বেংক সমূহৰ হিচাপ পৰীক্ষা কৰে, ঋণ প্রদান কৰে, পৰিশােধ নিষ্পত্তি বাণিজ্যিক বেংকসমূহৰ পাৰস্পৰিক লেন-দেন বা হস্তান্তৰ আৰু দাবীসমূহৰ নিস্পত্তি ইত্যাদি কাৰ্য্যৱলী সম্পাদন কৰে। সেয়েহে কেন্দ্রীয় বেংকক, বাণিজ্যিক বেংক সমূহৰ অন্তিম পৰ্য্যায়ৰ ঋণদাতা হিচাপে গণ্য কৰা হয়।। ঋণ নিয়ন্ত্রণ কেন্দ্রীয় বেংকে দেশৰ ঋণ ব্যৱস্থাৰ নিয়ন্ত্রণ কৰে। উন্নয়ণশীল ৰাষ্ট্ৰত মুদ্রাস্ফীতিৰ এটা প্রধান কাৰণ বেংক ঋণৰ দ্রুত সম্প্ৰসাৰণ। কেন্দ্রীয় বেংকে নিয়ন্ত্রণমূলক পদ্ধতিসমূহ প্রয়ােগ কৰি মুদ্রাস্ফীতিৰ হাৰ কমাব পাৰে।
৭) বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্রধান কার্য ব্যাখ্যাক।
উত্তৰঃ বাণিজ্যিক বেংকৰ মুখ্য কাৰ্যৱলী সমূহ হ’ল-
(ক) মুদ্ৰা জমাৰখা : সংঞ্চয় সংগ্রহ ও বাণিজ্যিক বেংকৰ প্ৰথম প্রধান কাম হ’ল জনসাধাৰণৰ মুদ্ৰা জমাৰখা। এই সঞ্চয় বিভিন্ন ব্যক্তি আৰু সংগঠনৰ পৰা সংগৃহীত হব পাৰে। বেংকৰ জমা তিনি প্রকাৰৰ হব পাৰেচলিত জমা বা চাহিদা জমা, স্থিৰ জমা বা স্থায়ী জমা আৰু সঞ্চয়ী জমা। বাণিজ্যিক বেংকে এই সঞ্চয় সংগ্ৰহৰ বাবে জমাকাৰী সকলক সুদ প্রদান কৰে। বাণিজ্যিক বেংকবােৰে এই সঞ্চয় সমূহ সংগ্ৰহ কৰি, ঋণ প্রদানৰ ব্যৱসায় কৰে।
(খ) ঋণৰ যােগান: ঋণ প্রদানৰ যােগেদি বাণিজ্যিক বেংকে লাভ উপার্জন কৰে। ঋণৰ বেপাৰীয়ে বেংকৰ সুদ পায়। সাধাৰণতে বাণিজ্যিক বেংকে হ্রস্বকালীন ঋণ প্রদান কৰে। বাণিজ্যিক বেংকে সাধাৰণতে সােণ আদি মূল্যবান বস্তু বন্ধক ৰাখি মুদ্রা পায়। কিন্তু বেংকৰ সুদৰ হাৰৰ পৰিবৰ্ত্তন সময়ে সময়ে হৈ থাকে। কেন্দ্রীয় বেংকৰ সুদৰ হাৰৰ হ্রাস। বৃদ্ধিৰ লগত বাণিজ্যিক বেংকৰবাৰেও সুদৰ হাৰ পৰিবৰ্তন ঘটায়।
৮) উল্লেখ কৰা প্রতিষ্ঠানসমূহে কি কার্য সম্পাদন কৰে চমুকৈ ব্যাখ্যা কৰা: আই.ডি.বি.আই, আঞ্চলিক গ্রাম্য বেংক, কৃষি আৰু গ্ৰাম্য উন্নষনৰ ৰাষ্ট্ৰীয় বেংক, ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক
(ক) আই. ডি. বি.আই: আই, ডি. বি. আই. বাভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক স্থাপন কৰা হৈছিল ১৯৬৪ চনত। এই বেংকৰ প্রধান কার্যসমূহহ’ল-
- ঔদ্যোগিক প্রতিষ্ঠানসমূহলৈ বিত্তীয় সাহার্য প্রদান কৰা।
- অর্থনৈতিকভাৱে পিছ পৰা অঞ্চলসমূহৰ ঔদ্যোগলৈ ৰেহাই সুদৰ হাৰত এই বেংকে ঋণ আগবঢ়ায়।
- বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে ঔদ্যোগবিহীন জিলাসমূহত ঔদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে আগভাগ লয়।।
- ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্রতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধিত সহায় কৰা। এই বেংকটোৱে ঔদ্যোগসমূহলৈ। ঋণ আদিৰ ৰূপত প্রত্যক্ষভাৱে আর্থিক সাহাৰ্য আগবঢ়ায়।
আঞ্চলিক গ্রাম্য বেংকঃ ১৯৭৫ চনত প্ৰথমতে ৫টা আঞ্চলিক গ্রাম্য বেংক স্থাপন কৰা হয়। এই বেংকে সম্পাদন কৰা মূলকাম দুটা হল-
- বেপাৰী, মহাজনসকলৰ পৰা অত্যাধিক সুদ দি ঋণ লােৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্রদান কৰি দুখীয়া গাওঁবাসীক সকাহ দিয়া।
- গ্রাম্য সঞ্চয় সংগ্রহ কৰি বিভিন্ন উৎপাদনমূলক কার্যত সেই সঞ্চয় ব্যয় কৰা।
(গ) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংকঃ ১৯৮২ চনত কৃষি আৰুগ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক স্থাপন কৰা হয়। গ্রাম্য ঋণৰ ক্ষেত্ৰত বিজাৰ্ভ বেংকে যিবােৰ কার্য সম্পাদনা কৰি আহিছিল সেইবােৰ কাৰ্যনাবার্ডলৈ হস্তান্তৰ কৰা হ’ল। নাবেিড় সম্পাদন কৰা কাৰ্যসমূহ হ’ল-
- গাওঁ অঞ্চলত যিমানবােব অনুষ্ঠান বিনিয়োেগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে সেই আটাইবােৰৰ শীর্ষ বিত্ত যােগানকাৰী প্রতিষ্ঠান হলনাবার্ড।
- ঋণ প্রদান প্রক্রিয়া, আঁচনিৰ পুনৰীক্ষণ আৰু পর্যালােচনা, প্রশিক্ষণ আদিৰ সুদৃঢ়কৰণকল্পে নাবার্ডে ব্যৱস্থা গ্রহণ কৰে।
- সকলােবােৰ বিত্তীয় প্রতিষ্ঠান, ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ, বিজার্ভ বেংক ইত্যাদিৰ সৈতেনাবার্ডে সমন্বয় ৰক্ষা কৰে।
(ঘ) ভাৰতীয় ক্ষুদ্র উদোগ উন্নয়ন বেংকঃ ১৯৮৯ চনত সংসদত ছিদবি আইন গৃহীত হয় আৰু ১৯৯০ চনৰ পৰা ছিদবি কার্যকৰী হৈ উঠে। ছিদবিৰ মুখ্য কার্যালয় লঞ্জেীত অৱস্থিত। ছিবিৰ মুখ্য কার্যাবলী হল—
- ক্ষুদ্র উদ্যোগসমূহৰ বাবে উন্নত প্রযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা কৰা।
- ক্ষুদ্র উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা কৰি দিয়া।।
- অর্ধনগৰ এলেকাত ক্ষুদ্র উদ্যোগসমূহত অধিক নিয়োগৰ ব্যৱস্থা কৰি গাওঁ আৰু অর্ধ নগৰ এলেকাৰ পৰা চহৰলৈ জনসংখ্যাৰ বহির্গমণ ৰােধ কৰা।
মুদ্ৰা আৰু বেংক ব্যৱস্থা: অতিৰিক্ত প্রশ্নোত্তৰ
১) পণ্য বিনিময় প্রথা কি ?
উত্তৰঃ সামগ্ৰীৰ সলনি সামগ্রীবােৰৰ প্রত্যক্ষ বিনিময়েই হ’ল পণ্য বিনিময় প্রথা। যেতিয়া মুদ্ৰাৰ ব্যৱহাৰ মানুহে জন নাছিল, তেতিয়া মানুহে পণ্য বিনিময় প্রথাৰ আশ্ৰয় লৈছিল।
২) বিনিময় কি ?
উত্তৰঃ বিনিময় হ’ল মানুহৰ সকলাে পার্থি অৱস্থানৰ মূল উপদান। পুৰণিকালত মানুহেজীৱন ধাৰণৰ প্ৰয়ােজনীয় সামগ্রীসমূহ নিজেই উৎপাদন কৰি লৈছিল আৰু কিছুমান সামগ্রী নিজৰ উৎপাদিত বস্তুৰ লগত বিনিময়ৰ যােগেদি সংগ্রহ কৰিছিল।
৩) হিচাপৰ মুদ্ৰা বুলিলে কি বুজা?
উত্তৰঃ যি মুদ্ৰাৰ যােগেদি এখন দেশৰ সকলাে কিনা-বেচা আৰু লেন-দেনৰ হিচাপ প্রকাশ কৰা হয় তাকে হিচাপৰ মুদ্রা বােলে। যেনেঃ- ভাৰতবৰ্ষত “টকা”, আমেৰিকাৰ “ডলাৰ” ইত্যাদি। এই মুদ্রা সাধাৰণতে স্থায়ী।
৪) প্রকৃত মুদ্রা কি ?
উত্তৰঃ বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহৃত আৰু দেশৰ সকলাে মানুহৰ মাজত প্ৰচলিত মুদ্রাক প্রকৃত মুদ্রা বােল। যেনেঃ- ভাৰতবৰ্ষত প্রচলিত বিভিন্ন মুল্যৰ কাগজীমুদ্রাবােৰ।
৫) পৰিবৰ্তনীয় কাগজী মুদ্রা কি ?
উত্তৰ যেতিয়া কাগজী মুদ্ৰাৰ পৰিৱর্তে ধাতুৰ মুদ্রা দিয়া হয় তাকেই পৰিৱর্তনীয় কাগজী মুদ্রা বােল ।
শেষ বাক্য: মুদ্ৰা আৰু বেংক ব্যৱস্থা
আজি আমি আলোচনা কৰিলোঁ দশম মান শ্ৰেণীৰ সমাজ বিজ্ঞান (Class 10 Social Science) ৰ অৰ্থনীতি বিজ্ঞান অংশৰ প্ৰথম অধ্যায় মুদ্ৰা আৰু বেংক ব্যৱস্থা । ছাত্ৰ – ছাত্ৰীৰ সুবিধাৰ বাবে আমি যিকোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ সমূহ সন্নিৱিষ্ট কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিম। আপুনি যদি ইয়াৰ উপৰিও কিছু প্ৰশ্নৰ উত্তৰ জানিব বিচাৰে তেন্তে Assamese Medium Facebook Page ক Follow কৰিব পাৰে।
I,m very happy to try this website. And this website question answer,s is very shimmering.
Thank you, assamesemedium.com