প্ৰাণীৰ দেহৰ গঠন আৰু কাৰ্য প্ৰশ্ন উত্তৰ | AJB Class 6 Science Chapter 8

প্ৰাণীৰ দেহৰ গঠন আৰু কাৰ্য প্ৰশ্ন উত্তৰ অথবা AJB Class 6 Science Chapter 8 Question Answer বিচাৰি আপুনি আজি Assamese Medium নামৰ এই শিক্ষামূলক ৱেবচাইটৰ এই পৃষ্ঠাত পঢ়ি আছে নেকি? তেন্তে চিন্তাৰ কোনো কাৰণেই নাই, আমি আপোনালোকৰ বাবে আজি AJB Class 6 Science Chapter 8 Question Answer [প্ৰাণীৰ দেহৰ গঠন আৰু কাৰ্য্য] সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিব গৈ আছো।

ইয়াৰ আগতে আমি অসম জাতীয় বিদ্যালয়ৰ Class 6 ৰ বিজ্ঞান বিষয়ৰ ভালেমান অধ্যায়ৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিছো, আপুনি বিচাৰিলে তলত দিয়া লিংকৰ পৰা পঢ়িব পাৰে

লগতে যদি আপুনি Video Class ৰ জৰিয়তে বুজিব বিচাৰে তেন্তে আপুনি আমাৰ ইউটিউব চেনেল Nitid Ascademy চাব পাৰে। তেন্তে আহক আজি আমি আলোচনা কৰোঁ AJB Class 6 Science Chapter 8 Question Answer অথবা প্ৰাণীৰ দেহৰ গঠন আৰু কাৰ্য্য প্ৰশ্ন উত্তৰ।

প্ৰাণীৰ দেহৰ গঠন আৰু কাৰ্য্য প্ৰশ্ন উত্তৰ ২০২৩

আমি আপোনালোকৰ সুবিধাৰ বাবে এই AJB Class 6 Science Chapter 8 Question Answer (প্ৰাণীৰ দেহৰ গঠন আৰু কাৰ্য্য প্ৰশ্ন উত্তৰ) কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ সংযোগ কৰাৰ প্ৰয়াস কৰা হৈছে যি আপুনি পছন্দ কৰিব।

প্ৰাণীৰ দেহৰ গঠন আৰু কাৰ্য

ইয়াৰ ওপৰিও আজিৰ আলোচনাত আমি আপোনালোকৰ বাবে প্ৰাণীৰ দেহৰ গঠন আৰু কাৰ্য্য প্ৰশ্ন উত্তৰ যত অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, খালী ঠাই পুৰ কৰা, চমুটোকা আদি আছে। তেন্তে আহক সময় নষ্ট নকৰাকৈ আজি আমি প্ৰাণীৰ দেহৰ গঠন আৰু কাৰ্য্য Question Answer আলোচনা কৰোঁ।

অতিৰিক্ত প্রশ্নোওৰ

১। তন্ত্র কাক বোলে ?
উত্তৰঃ একেটা কাৰ্যৰ সৈতে একাধিক অংগ জড়িত হৈ থাকে। কাৰ্যটোৰ সৈতে জড়িত অংগকেইটাক একেলগে একেটা তন্ত্র (system) বোলে।

২। আমাৰ দেহত থকা তন্ত্রকেইটাৰ নাম লিখা। প্রত্যেকৰে প্রক্রিয়া লিখা।
উত্তৰঃ আমাৰ দেহত থকা তন্ত্রকেইটা হ’ল ―
ক) শ্বাসতন্ত্র (respiratory system)
খ) পাচনতন্ত্র
গ) ৰেচনতন্ত্র (excretory system)
ঘ) কংকালতন্ত্র ( skeletal system )

গঠন প্রক্রিয়া

ক) শ্বাসতন্ত্র : নাক, হাঁওফাঁও আৰু আন কেইটামান অংগ লগ হৈ শ্বাসতন্ত্র গঠিত হৈছে। ইয়াক উশাহ-নিশাহ লোৱা কাৰ্যত ব্যৱহাৰ কৰা হয়।
খ) পাচনতন্ত্র : মুখ, পাকস্থলী, যকৃৎ, তন্ত্ৰ আদিৰে পাচনতন্ত্র গঠিত হৈছে। ইয়াক খাদ্য হজম কৰা কাৰ্যত ব্যৱহাৰ কৰা হয়।
গ) ৰেচনতন্ত্ৰ : দুটা বৃক্ক (kidney) ৰে ৰেচনতন্ত্র গঠিত। দেহত উৎপন্ন হোৱা অলাগতিয়াল পদাৰ্থবোৰ ছেকি উলিয়াই পঠিওৱাৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়।
ঘ) কংকালতন্ত্র : আমাৰ দেহত থকা সকলোবোৰ হাড়ৰ সমষ্টিয়েই হ’ল কংকালতন্ত্র। এই কংকালতন্ত্ৰৰ বাবে আমাৰ দেহটো থিয় হৈ থাকিব পাৰে আৰু সকলো কাম কৰিব পাৰো।

৩। প্ৰাণীৰ চলন আৰু গমন কেনেকৈ হয় ?
উত্তৰঃ প্ৰাণীৰ দেহত অনবৰতে কিছুমান কাম চলি থাকে। যেনে– শ্বসন কাৰ্য। ইয়াক চলন বোলে।

প্ৰাণীয়ে যেতিয়া এঠাইৰ পৰা আন ঠাইলৈ যাব, তেতিয়া তাক গমন হোৱা বুলি কোৱা হয়।

৪। উদ্ভিদৰ চলন আৰু গমন আছেনে ?
উত্তৰঃ উদ্ভিদে নিজে খাদ্য প্রস্তুত কৰে। মাটিৰ পৰা পানী কঢ়িয়াই লয়। এইবোৰ কাৰ্য কৰে। ইয়াকে উদ্ভিদৰ চলন হোৱা বুলি কোৱা হয়।

কিন্তু উদ্ভিদৰ গমন নহয়। কাৰণ উদ্ভিদে কেতিয়াও লৰচৰ কৰিব নোৱাৰে।

৫। গমনাংক কি ?
উত্তৰঃ প্ৰাণীয়ে চলাচলৰ বাবে ব্যৱহাৰ কৰা অংগবোৰক গমনাংক (locomatory organ) বোলে।

৬। অণুজীৱবোৰে কিহেৰে গমন কৰে ?
উত্তৰঃ অণুজীৱবোৰে চুলিৰ দৰে অংশ যেনে চিলিয়া বা কেশৰ (cilia) অথবা ফ্রেজেলা (flagella) ৰ সহায়ত গমন কৰে।

৭। অমেৰুদণ্ডী প্রাণী তিনিবিধৰ নাম লিখা।
উত্তৰঃ মকৰা, মৌমাখি, শামুক, জোক, কুমজেলেকুৱা আদি অমেৰুদণ্ডী প্ৰাণী। ইহঁতৰ কংকালতন্ত্র নাথাকে।

৮। মানুহৰ হাড়বোৰ কিহেৰে গঠিত ?
উত্তৰঃ মানুহৰ হাড়বোৰ কেলছিয়াম ফছফেটযুক্ত এবিধ কঠিন কলাৰে (tissue) গঠিত।

৯। ৰঞ্জন ৰশ্মি কি ?
উত্তৰঃ ৰঞ্জন ৰশ্মি বা এক্সৰে (X-ray) ৰ সহায়ত মানুহৰ শৰীৰৰ ভিতৰৰ ফটো ল’ব পাৰি।

১০। মানুহৰ শৰীৰত মুঠ কিমানডাল হাড় আছে ?
উত্তৰঃ মানুহৰ শৰীৰত মুঠ 206 ডাল হাড় আছে।

১১। উর্বাস্থি হাড় কি ?
উত্তৰঃ মানুহৰ কঁকালৰ পৰা আঁঠুলৈকে থকা দীঘল, হাড়ডালক উর্বাস্থি (femur) বোলে।

১২। মানুহৰ আটাইতকৈ দীঘল হাড়ডাল কি ?
উত্তৰঃ মানুহৰ আটাইতকৈ দীঘল হাড়ডাল হ’ল উৰ্বাস্থি (femur)

১৩। মানুহৰ আটাইতকৈ সৰু হাড় কি ?
উত্তৰঃ মানুহৰ কাণৰ ভিতৰত থকা ষ্টেপিছ (stapes) নামৰ হাড়ডাল মানুহৰ আটাইতকৈ সৰু হাড়।

১৪। লাওখোলাত মুঠ কিমানডাল হাড় আছে ?
উত্তৰঃ লাওখোলাটো মুঠ 22 ডাল হাড়েৰে গঠিত।

১৫। মগজুটোক কিমানডাল হাড়ে সুৰক্ষিত কৰি ৰাখে ?
উত্তৰঃ মগজুটোক ৪ (আঠ) ডাল হাড়ে সুৰক্ষিত কৰি ৰাখে।

১৬। কশেৰুকা মালা কাক বোলে ?
উত্তৰঃ ৰাজহাড় বা মেৰুদণ্ডত মুঠ 31 টুকুৰা সৰু-সৰু হাড় মালাৰ দৰে জোৰা লাগি থাকে। ইয়াক কশেৰুকা মালা (vertebral column) বোলে।

১৭। কামিহাড় কি ?
উত্তৰঃ বুকুৰ ভিতৰত থকা অতিশয় সক্রিয় অংগ হৃদপিণ্ড (heart) আৰু হাঁওফাঁও(lungs) দুটাক বাহ্যিক আঘাতৰ পৰা সুৰক্ষা দি ৰখা 12 যোৰ চেপেটা আৰু দীঘল হাড় বাকচৰ আকাৰত সজ্জিত হৈ থাকে। এইবোৰক কামিহাড় (ribs) বোলে।

১৮। চলন ক্ৰিয়াত কোন তন্ত্রই সহায় কৰে ?
উত্তৰঃ চলন ক্ৰিয়াত সুস্থ আৰু সবল পেশীতন্ত্ৰ আৰু কংকালতন্ত্রই মানুহক সহায় কৰে।

১৯। সন্ধি বা গাঁঠিৰ কাম কি ?
উত্তৰঃ সন্ধি বা গাঁঠিয়ে হাড়বোৰক ইফাল-সিফাল কৰাত সহায় কৰে।

পাঠভিত্তিক প্রশ্নাৱলীৰ উত্তৰ

1) মানুহৰ দেহৰ ভিতৰত থকা মুখ্য তন্ত্ৰবােৰৰ নাম লিখা আৰু সেইবােৰৰ কাম উল্লেখ কৰা।
উত্তৰঃ মানুহৰ দেহৰ ভিতৰত থকা মূখ্য তন্ত্ৰবোৰৰ নাম হ’ল- শ্বাসতন্ত্ৰ,ৰেচন তন্ত্ৰ,পাচন তন্ত্ৰ,কংকাল তন্ত্ৰ আদি।

2) প্ৰাণীয়ে চলাচল কৰাৰ প্ৰধান কাৰণবােৰ উল্লেখ কৰা।
উত্তৰঃ প্ৰাণীয়ে চলাচল কৰাৰ প্ৰধাণ কাৰণবোৰ হ’ল-

  • খাদ্য বিচাৰি যোৱা
  • বিপদমুক্ত হ’বলৈ পলায়ন কৰা অথবা শত্ৰুৰ পৰা নিজকে ৰক্ষা কৰা
  • বসবাসৰ বাবে নিৰাপদ আৰু উপযুক্ত স্থান বিচাৰি উলিওৱা।

3) তলত দিয়া প্রাণীবােৰৰ বাসস্থান আৰু গমনাংগবােৰৰ নাম লিখি এখন তালিকা প্রস্তুত কৰা।

শামুক, কেঁচু, পঁইতাচোৰা, মকৰা, পখিলা, মাছ, বেং, জেঠি, উট চৰাই, বাদুলি, নেউল।

উত্তৰঃ 

প্ৰাণীৰ নামবাসস্থানৰ নামগমনাংগবোৰৰ নাম
শামুকমাটি, পানীমাংসপেশীৰ সম্প্ৰসাৰণ আৰু সংকোচন
কেঁচুমাটি তলতমাংসপেশীৰ সম্প্ৰসাৰণ আৰু সংকোচন
পইতাচোৰাঘৰৰ চোক, টেবুল বাকচতিনিযোৰ ঠেং
মকৰাঘৰৰ মুধচ বা ভিতৰতচাৰিযোৰ ঠেং
পখিলাগছঠেং আৰু পাখি
মাছপানীকাণ আৰু ফিছা
বেংপানীভৰি আৰু ভৰিৰ পতা
জেঠিঘৰৰ ভিতৰ বা বাহিৰঠেং
উট-চৰাইহাবিঠেং
বাদুলিগছতডেউকা আৰু ঠেং
নেউলগাততঠেং

4) মানুহৰ কংকালতন্ত্রৰ প্ৰধান ভাগ দুটা কি কি? ইয়াৰ অন্তৰ্গত হাড়বােৰৰ নাম উল্লেখ কৰা।
উত্তৰঃ কংকালতন্ত্ৰৰ দুটা ভাগ হৈছে – অক্ষীয় কংকাল আৰু উপাংগীয় কংকাল। হাড়সমূহৰ নাম হৈছে – ৰাজহাড়, কামিহাড়, উৰ্বাস্থি, ষ্টেপিছ আদি।

5) সন্ধি বা গাঠি কি? এইবােৰে মানুহৰ চলনত কিদৰে সহায় কৰে লিখা।
উত্তৰঃ যি অংগই এডাল হাড়ক আন এডালৰ লগত সংযুগ কৰি ৰাখে লগতে হাড়বোৰ ভাজ লগোৱাত সহায় কৰে তাকে সন্ধি বা গাঠি বোলে। সন্ধিয়ে মানুহৰ চলনত তলত দিয়াৰ দৰে সহায় কৰে-

  • লাওখোলাৰ চেপেটা হাড়বোৰক লৰচৰ কৰিব নোৱাৰাকৈ সংযোগ কৰে।
  • মেৰুদণ্ড কশেৰুকাৰ হাড়ৰ মাজত থকা গাঠিত বা সন্ধিত সামান্য় পৰিমাণে লৰচৰ কৰিব পৰাকৈ সংযোগ কৰে।
  • হাত-ভৰি আৰু আঙুলিৰ হাড়ৰ মাজত থকা সন্ধিৰ বা এবিধ ৰস থাকে এই ৰসৰ বাবে গাঠিবোৰ ভাঁজ খোৱাব পৰাে।

চমুকৈ উত্তৰ দিয়া

a) চলন আৰু গমনৰ মাজৰ মূল প্রভেদ কি?
উত্তৰঃ চলন আৰু গমনৰ মাজত পাৰ্থক্য় হৈছে- ছলন গমনৰ এটা অংশ আনহাতে গমন চলনৰ অংশ নহয়।

b) কোনবােৰ প্ৰাণীয়ে চিলিয়া আৰু ফ্লেজেলাৰ গমন কৰে?
উত্তৰঃ মানুহে চিলিয়া আৰু ফ্লেলেজাৰ গমন কৰে।

c) তিমিৰ গমনাংগ কি?
উত্তৰঃ তিমিৰ গমনাংগ হৈছে – ফান আৰু ফিছা।

d) আমাৰ দেহত থকা পেশী তিনিবিধ কি কি?
উত্তৰঃ আমাৰ দেহত থকা পেশী তিনিবিধ হ’ল-

  • ইচ্ছানুযায়ী হাড়ৰ লগত লাগি থকা পেশী
  • ইচ্ছানুযায়ী লৰচৰ কৰিব নোৱাৰা আৰু হাড় লগত লাগি নথকা কোমল পেশী।
  • ইচ্ছানুযায়ী লৰচৰ কৰিব নোৱাৰা আৰু হৃদপিণ্ডটো গঠন কৰা পেশী।

e) আটাইতকৈ ক্ষুদ্র আৰু আটাইতকৈ দীঘল হাড় দুডালৰ নাম লিখা।
উত্তৰঃ আটাইততকৈ ক্ষুদ্ৰ হাড় ডাল হ’ল- ষ্টেপিছ আৰু আটাইতকৈ দীঘল হাড় ডাল হ’ল উৰ্বাস্থি।

f) জঁকাটোত হাড়ৰ বাহিৰে আৰু কি কি অংশ থাকে?
উত্তৰঃ জকাটোত হাড়ৰ বাহিৰে আৰু বহুতো অংশ থাকে যেনে-সন্ধি বা কোমলাস্থি থাকে।

খালী ঠাই পূৰণ কৰা

a) একাধিক অংগ লগ হৈ একোটা তন্ত্ৰ গঠন কৰে।
b) এক্সৰে-ফলিত দেখা পােৱা বগা ৰঙৰ চাপবােৰেই হাড়ৰ ফটো।
c) মানুহৰ দেহত ২০৬ টুকুৰা হাড় থাকে।
d) কামিহাড়-বাকচটো ১২ যোৰ টুকুৰা হাড়েৰে গঠিত।

Multiple Choice Question Answer [MCQ]

১. তলৰ কোনটো প্রাণীৰ ছয়খন ঠেং থাকে?
a) শামুক
b) ভেকুলী
c) পইতাচোৰা
d) মকৰা
উত্তৰঃ পইতাচোৰা

২. জীৱৰ চলন সম্পৰ্কত কোনটো কথা অশুদ্ধ?
a) উদ্ভিদৰ চলন আছে কিন্তু গমন নাই।
b) চলন ক্রিয়াত ৰেচন তন্ত্রই সহায় কৰে।
c) প্রাণীৰ চলনত হাড় আৰু পেশীতন্ত্র ব্যৱহাৰ হয়।
d) হাড়ৰ সন্ধিবােৰৰ বাবে অংগবােৰ ভাঁজ লগাব পাৰি।
উত্তৰঃ চলন ক্রিয়াত ৰেচন তন্ত্রই সহায় কৰে।

৩. মানুহৰ দেহত থকা আটাইতকৈ ক্ষুদ্র হাড়টুকুৰা থাকে—
a) আঙুলিত
b) নাকত
c) কাণত
d) ভৰিত
উত্তৰঃকাণত

৪. অমিল শব্দযােৰ বাছি উলিওৱা।
a) পৰুৱা – ঠেং
b) শামুক – পেশী
c) মাছ – বাকলি
d) বাদুলি – ডেউকা
উত্তৰঃ শামুক – পেশী

৫. মানুহৰ মেৰুদণ্ডডালত থকা মুঠ হাড়ৰ টুকুৰাৰ সংখ্যা হল—
a ) 30
b ) 31
c ) 32
d ) 33
উত্তৰঃ 31

Download Now: AJB Class 6 Science Chapter 8 Question ANswer PDF

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment