দ্বি ৰাষ্ট্ৰবাদৰ অৱসান

শীতল যুদ্ধৰ যুগ নামৰ Class 12 Political Science প্ৰথম অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিছো। আপুনি যদি এতিয়ালৈকে পঢ়া নাই আগন্তুক HS Final Exam 2024 ৰ বাবে তেন্তে লিংকত ক্লিক কৰি পঢ়ি লওক।

আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ Class 12 Political Science Chapter 2 Question Answer তথা দ্বি ৰাষ্ট্ৰবাদৰ অৱসান প্ৰশ্ন উত্তৰ।

Class 12 ৰাজনৈতিক বিজ্ঞান PDF Notes99/-Buy Now

Watch FREE Video Classes

দ্বি ৰাষ্ট্ৰবাদৰ অৱসান প্ৰশ্ন উত্তৰ HS 2024 Final Exam

আজিৰ এই লিখনিত আমি দ্বি ৰাষ্ট্ৰবাদৰ অৱসান প্ৰশ্ন উত্তৰত অতি চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ, বৰ্ণনামূলক প্ৰশ্ন উত্তৰ লগতে আগন্তুক HS 2024 Final Exam ত সুধিবৰ সম্ভৱানা থকা কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তেন্তে আহক কোনো সময় নষ্ট নকৰাকৈ আজি আমি আপোনালোকৰ সৈতে দ্বি ৰাষ্ট্ৰবাদৰ অৱসান প্ৰশ্ন উত্তৰ আলোচনা আৰম্ভ কৰোঁ।

দ্বি ৰাষ্ট্ৰবাদৰ অৱসান

অতি চমু প্ৰশ্নৰ উত্তৰ [দ্বি ৰাষ্ট্ৰবাদৰ অৱসান]

১.USSR অর্থাৎ ছোভিয়েট ৰাছিয়াৰ সৃষ্টি কেতিয়া হৈছিল ?
উত্তৰঃ USSR অর্থাৎ ছোভিয়েট ৰাছিয়াৰ সৃষ্টি ১৯১৭ চনত হৈছিল ।

২.বিশ্ব ৰাজনীতিৰ দ্বি বিভাজিত গাঁথনিটোৰ কেতিয়া অন্ত পৰিছিল ?
উত্তৰঃ যেতিয়া ছোভিয়েট ৰাছিয়াৰ পতন ঘটিছিল আৰু নতুন ১৫ খন স্বাধীন ৰাষ্ট্রৰ সৃষ্টি হৈছিল তেতিয়া ১৯৯১ চনৰ ২৫ ডিচেম্বৰত দ্বিবিভাজিত বা দ্বিমেৰু ব্যৱস্থাৰ অন্ত পৰিছিল ।

৩.মিখাইল গৰ্বাচেভ কোন আছিল ?
উত্তৰঃ মিখাইল গৰ্বাচেভ ১৯৮৫ চনৰ ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদক আছিল । লগতে, তেওঁ ৰাছিয়াৰ ৰাষ্ট্রপতি হিচাপে নির্বাচিত হৈছিল ।

৪.ছোভিয়েট ইউনিয়নৰ উত্তাৰাধিকাৰী ৰাষ্ট্রখন কি ?
উত্তৰঃ ছোভিয়েট ইউনিয়নৰ উত্তাৰাধিকাৰী ৰাষ্ট্রখন হ’ল- ৰাছিয়া ।

৫.উক্তিটো শুধৰোৱা: ছোভিয়েট ইউনিয়নত সংস্কাৰ আৰম্ভ কৰিছিল স্তালিনে ।
উত্তৰঃ ছোভিয়েট ইউনিয়নত সংস্কাৰ আৰম্ভ কৰিছিল মিখাইল গৰ্বাচেভে ।

৬.কোন দলে USSR শাসন কৰিছিল ?
উত্তৰঃ সাম্যবাদী দলে USSR শাসন কৰিছিল ।

৭.USSR ৰ বিভাজনৰ চূড়ান্ত আৰু আটাইতকৈ তাৎক্ষনিক কাৰণটো কি আছিল ?
উত্তৰঃ ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্রপতি মিখাইল গৰ্বাচেভৰ গ্লাচনোষ্ট আরু পেৰেষ্ট্রাইকা নামৰ সংস্কাৰ কাৰ্য্যসূচীসমূহ আরু ১৯৯১ চনৰ ২৫ ডিচেম্বৰত তেওঁ পদত্যাগ কৰাৰ লগে লগে ছোভিয়েট ইউনিয়ন অর্থাৎ USSR ৰ বিভাজনৰ চূড়ান্ত আৰু আটাইতকৈ তাৎক্ষনিক কাৰণ হিচাপে পৰিগণিত হৈছিল ।

৮.ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত একক কোন মহাশক্তি হৈছিল ?
উত্তৰঃ ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত একক মহাশক্তি হৈছিল- আমেৰিকা যুক্তৰাষ্ট্র ।

৯.CIS ৰ পূর্ণ ৰূপটো লিখা ।
উত্তৰঃ CIS ৰ পূর্ণ ৰূপটো হ’ল- Commonwealth of Independent States (স্বাধীন ৰাষ্ট্রৰ কমনৱেলথ) ।

১০.ছোভিয়েট ইউনিয়নে কি আদর্শক ভিত্তি কৰিছিল ?
উত্তৰঃ ছোভিয়েট ইউনিয়নে সাম্যবাদী আদর্শক ভিত্তি কৰিছিল ।

১১.কোন বছৰত ৱাৰ্শ্ব সন্ধি ভংগ হৈছিল ?
উত্তৰঃ ১৯৯১ চনত ৱাৰ্শ্ব সন্ধি ভংগ হৈছিল ।

১২.কোনখন দেশ ভাঙি পৰাটোক ‘দ্বিতীয় বিশ্ব’ ভাঙি পৰা বুলি জনা যায় ?
উত্তৰঃ ছোভিয়েট ৰাছিয়া ভাঙি পৰাটোক ‘দ্বিতীয় বিশ্ব’ ভাঙি পৰা বুলি জনা যায় ।

১৩.কোনখন দেশ ভাঙি পৰাৰ পিছত শীতল যুদ্ধৰ সমাপ্তি ঘটিছিল ?
উত্তৰঃ ছোভিয়েট ৰাছিয়া ভাঙি পৰাৰ পিছত শীতল যুদ্ধৰ সমাপ্তি ঘটিছিল ।

১৪.কোন বছৰত ৰাছিয়াই ৰাষ্ট্রসংঘত USSR ৰ আসনখন হস্তগত কৰিছিল ?
উত্তৰঃ ১৯৯১ চনত ৰাছিয়াই ৰাষ্ট্রসংঘত USSR ৰ আসনখন হস্তগত কৰিছিল ।

১৫.USSR ত কিমান ইউনিয়ন গণৰাজ্য আছিল ?
উত্তৰঃ USSR ত ১৫ খন ইউনিয়ন গণৰাজ্য আছিল ।

১৬.বলছেভিক কমিউনিষ্ট পার্টীৰ প্রতিষ্ঠাপক কোন আছিল ?
উত্তৰঃ বলছেভিক কমিউনিষ্ট পার্টীৰ প্রতিষ্ঠাপক আছিল- লেনিন ।

১৭.ৰাছিয়াৰ প্রথমগৰাকী নির্বাচিত ৰাষ্ট্রপতি কোন আছিল ?
উত্তৰঃ ৰাছিয়াৰ প্রথমগৰাকী নির্বাচিত ৰাষ্ট্রপতি আছিল বৰিছ ইয়েল্টচিন (Boris Nikolayevich Yeltsin, 1991-1999) ।

১৮.শ্বক থেৰাপী কি ?
উত্তৰঃ শ্বক থেৰাপী হ’ল- সমাজবাদী আদর্শৰ ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত সমাজবাদী ৰাষ্ট্রবোৰক বিশ্ববেংক আৰু আন্তঃৰাষ্ট্রীয় মুদ্রা নিধিৰ (IMF) উদ্যোগত পুঁজিবাদী গণতান্ত্রিক ৰাষ্ট্রলৈ সলনি কৰাৰ এক প্রক্রিয়া ।

১৯.ছোভিয়েট ইউনিয়ন কেতিয়া এটা মহাশক্তি হৈ উঠিছিল ?
উত্তৰঃ ছোভিয়েট ইউনিয়ন দ্বিতীয় মহাযুদ্ধৰ পিছত এটা মহাশক্তি হৈ উঠিছিল ।

২০.USSR ৰ ৰাজনৈতিক আৰু অর্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল ?
উত্তৰঃ USSR ৰ ৰাজনৈতিক আৰু অর্থনৈতিক সংস্কাৰ মিখাইল গৰ্বাচেভে আৰম্ভ কৰিছিল ।

২১.চোভিয়েট সমাজবাদী গণৰাজ্যসমূহৰ সংঘ কেতিয়া প্রতিষ্ঠা হৈছিল?
উত্তৰঃ চোভিয়েট সমাজবাদী গণৰাজ্যসমূহৰ সংঘ ১৯১৭ চনত প্রতিষ্ঠা হৈছিল ।

২২.দ্বি-মেৰুত বিভক্ত আন্তর্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি কেতিয়া ঘটিছিল?
উত্তৰঃ যেতিয়া ছোভিয়েট ৰাছিয়াৰ পতন ঘটিছিল আৰু নতুন ১৫ খন স্বাধীন ৰাষ্ট্রৰ সৃষ্টি হৈছিল তেতিয়া ১৯৯১ চনৰ ২৫ ডিচেম্বৰত দ্বি-মেৰুত বিভক্ত আন্তর্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি ঘটিছিল ৷ অথবাঃ দ্বি-মেৰুত বিভক্ত আন্তর্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি ১৯৯১ চনত ঘটিছিল ৷

২৩.চোভিয়েট সংঘৰ উত্তৰাধিকাৰী ৰাষ্ট্র কোনখন?
উত্তৰঃ চোভিয়েট সংঘৰ উত্তৰাধিকাৰী ৰাষ্ট্রখন হ’ল- ৰাছিয়া ।

২৪.চোভিয়েট সমাজবাদী গণৰাজ্যত কোনদলে শাসন কৰিছিল ?
উত্তৰঃ চোভিয়েট সমাজবাদী গণৰাজ্যত সাম্যবাদী দল অৰ্থাৎ “The Communist Party of the Soviet Union (CPSU)” য়ে শাসন কৰিছিল ৷

২৫.চোভিয়েট ইউনিয়নয় ভাঙোনৰ চূড়ান্ত আৰু তাৎক্ষণিক কাৰণ কি আছিল?
উত্তৰঃ ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্রপতি মিখাইল গৰ্বাচেভৰ গ্লাচনোষ্ট আরু পেৰেষ্ট্রাইকা নামৰ সংস্কাৰ কাৰ্য্যসূচীসমূহ আৰু ১৯৯১ চনৰ ২৫ ডিচেম্বৰত তেওঁ পদত্যাগ কৰাৰ লগে লগে ছোভিয়েট ইউনিয়ন অর্থাৎ USSR ৰ ভাঙোনৰ চূড়ান্ত আৰু আটাইতকৈ তাৎক্ষনিক কাৰণ হিচাপে পৰিগণিত হৈছিল ।

২৬.CIS ৰ সম্পূর্ণ ৰূপটো লিখা ।
উত্তৰঃ CIS ৰ সম্পূর্ণ ৰূপটো হ’ল- Commonwealth of Independent States (স্বাধীন ৰাষ্ট্রৰ কমনৱেলথ) ৷

২৭.চোভিয়েট ইউনিয়ন কি আদর্শৰ ওপৰত প্রতিষ্ঠিত আছিল?
উত্তৰঃ চোভিয়েট ইউনিয়ন সাম্যবাদী আদর্শৰ ওপৰত প্রতিষ্ঠিত আছিল ৷

২৮.ৱাৰ্শ্ব চুক্তিখন কোন চনত ভংগ কৰা হৈছিল?
উত্তৰঃ ৱাৰ্শ্ব চুক্তিখন ১৯৯১ চনত ভংগ কৰা হৈছিল ৷

২৯.কোনখন দেশৰ ধ্বংস ‘দ্বিতীয় বিশ্ব’ৰ ধ্বংস বুলি জনা যায়?
উত্তৰঃ ছোভিয়েট ৰাছিয়াৰ ধ্বংসক ‘দ্বিতীয় বিশ্ব’ৰ ধ্বংস বুলি জনা যায় ।

৩০.ৰাছিয়াই কোন চনত ৰাষ্ট্ৰসংঘত ছােভিয়েট সমাজবাদী গণৰাজ্যৰ স্থান গ্রহণ কৰে ?
উত্তৰঃ ১৯১৭ চনত ।

৩১.ছােভিয়েট সমাজবাদী গণৰাজ্যত কেইখন গণৰাজ্য আছিল ?
উত্তৰঃ ১৫ খন ।

৩২.আঘাত নিৰাময় কি ?
উত্তৰঃ ছােভিয়েট সংঘৰ পতনৰ লগে লগে নতুনকৈ সৃষ্টি হােৱা ৰাষ্ট্ৰসমূহৰ অর্থনৈতিক দুৰৱস্থাই জনসাধাৰণৰ মনত অনিশ্চয়তা , সংকটৰ সৃষ্টি কৰে । জনসাধাৰণৰ এনে আঘাত প্রশমন কৰাৰ বাবে বিশ্ব বেংক আৰু আই এম এফে কিছুমান সংস্কাৰ কাৰ্যসূচী গ্রহণ কৰে যাক আঘাত নিৰাময় বােলা হয় ।

চমু প্ৰশ্নৰ উত্তৰ ][দ্বি ৰাষ্ট্ৰবাদৰ অৱসান]

১.‘দ্বিতীয় বিশ্ব’ বুলিলে কি বুজায় ?
উত্তৰঃ ‘দ্বিতীয় বিশ্ব’ বা সমাজবাদী গোট বুলিলে সেইসমূহ পূব ইউৰোপৰ ৰাষ্ট্যক বুজায় যিসমূহ ৰাষ্ট্র ছোভিয়েট ৰাষ্ট্রৰ সাম্যবাদী আদর্শত প্রতিষ্ঠিত আছিল আৰু WARSAW চুক্তিত স্বাক্ষৰকাৰী আছিল । লগতে, এইসমূহ ৰাষ্ট্র ৰাজনৈতিক আৰু অর্থনৈতিক গাঁথনি ছোভিয়েট ৰাষ্ট্রৰ দৰে একে আছিল আৰু ছোভিয়েট ৰাছিয়াৰ নিয়ন্ত্রণাধীন হৈ আছিল ।

২.গৰ্বাচেভে USSR ত আৰম্ভ কৰা দুটা সংস্কাৰ উল্লেখ কৰা ।
উত্তৰঃ গৰ্বাচেভে USSR ত আৰম্ভ কৰা দুটা সংস্কাৰ হ’ল-
ক) ‘গ্লাছনস্ত’ বা মুক্ত অৱস্থা বা মুক্ত বাতাবৰণ আৰু
খ) ‘পেৰেষ্ট্রাইকা’ বা পুনৰ গঠন ।

৩.USSRত বিভাজন সম্পর্কীয় ঘোষণা কোনে আৰু কেতিয়া কৰিছিল ?
উত্তৰঃ ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্রপতি মিখাইল গৰ্বাচেভে ১৯৯১ চনৰ ২৫ ডিচেম্বৰ তাৰিখে USSRত বিভাজন সম্পর্কীয় ঘোষণা কৰিছিল ।

৪.এখন পুঁজিবাদী ৰাষ্ট্রৰ পৰা ছোভিয়েট অর্থনীতিক পৃথক কৰা যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ এখন পুঁজিবাদী ৰাষ্ট্রৰ পৰা ছোভিয়েট অর্থনীতিক পৃথক কৰা যিকোনো দুটা বৈশিষ্ট্য হ’ল-

  • পুঁজিবাদী ৰাষ্ট্রৰ অর্থনীতিত মুক্ত অর্থনীতিৰ সমর্থন আছিল । আনহাতে, ছোভিয়েট অর্থনীতিত মুক্ত অর্থনীতিত পূর্ণ সমর্থন কৰা নাছিল ।
  • পুঁজিবাদী ৰাষ্ট্রৰ অৰ্থনীতিয়ে ব্যক্তিগত খণ্ডৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰিছিল । আনহাতে, ছোভিয়েট অর্থনীতিয়ে চৰকাৰী খণ্ডত অধিকাংশক গুৰুত্ব আৰোপ কৰিছিল ।

৫.ছোভিয়েটৰ বিভাজনৰ পিছত সৃষ্টি হোৱা দুখন দেশৰ নাম লিখা ।
উত্তৰঃ ছোভিয়েটৰ বিভাজনৰ পিছত সৃষ্টি হোৱা দুখন দেশৰ নাম হ’ল- ক) ৰাছিয়া আৰু খ) বেলাৰুচ ।

৬.কমিউনিষ্ট ৰাজত্বৰ পৰৱৰ্তী কালৰ শ্বক থেৰাপিয়ে কি বুজায় ?
উত্তৰঃ সাম্যবাদী ৰাষ্ট্র ছোভিয়েট ইউনিয়নৰ পতনৰ পৰৱৰ্তী পৰ্যায়ত নব্য স্বাধীনতা প্রাপ্ত দেশসমূহত পুঁজিবাদী আদর্শৰ এক নতুন অর্থনৈতিক আরু ৰাজনৈতিক সংস্কাৰ আৰম্ভ হৈছিল । এই পৰিস্থিতিৰ মুখামুখী হব পৰাকৈ বিশ্ববেংক আৰু আন্তজাৰ্তিক মুদ্রানিধিয়ে অর্থনীতিৰ দিশৰ উন্নতিৰ অর্থে কিছুমান বিশেষ ব্যৱস্থা গ্রহণ কৰিছিল । এই ব্যৱস্থাক শ্বক থেৰাপি বা আঘাত নিৰাময় বোলা হয় ।

৭.ছোভিয়েট বিভাজনৰ পিছত বিশ্ব ৰাজনীতিত কিদৰে শক্তিৰ সম্পর্কৰ সলনি হৈছিল ?
উত্তৰঃ ছোভিয়েট বিভাজনৰ পিছত বিশ্ব ৰাজনীতিত আমেৰিকা যুক্ত আরু এই ৰাষ্ট্রৰ দৰে আন পুঁজিবাদী ৰাষ্ট্রৰ একনায়কত্ববাদ অর্থাৎ এক মেৰু ব্যৱস্থাৰ আৰম্ভণি হৈছিল । লগতে, সাম্যবাদী আদর্শৰ পতন ঘটি আমেৰিকা যুক্তৰাষ্ট্রৰ দৰে পুঁজিবাদী আদর্শৰ এক আধিপত্যৰ সূচনা হৈছিল ।

৮.ছোভিয়েট বিভাজনে কিদৰে শীতল যুদ্ধ বিবাদৰ অন্ত পেলাইছিল ?
উত্তৰঃ শীতলযুদ্ধ সাধাৰণতে আমেৰিকাৰ দৰে পুঁজিবাদী আদর্শ আৰু ছোভিয়েট শক্তিগোষ্ঠীৰ সাম্যবাদী আদর্শৰ ভিত্তিত সংঘটিত হৈছিল । যেতিয়া, ছোভিয়েট ইউনিয়ন বিভাজন হৈছিল তেতিয়া সাম্যবাদী আদর্শৰ প্রায় পতন হৈছিল আৰু একনায়কত্ববাদ অর্থাৎ আমেৰিকাৰ পুঁজিবাদী আদর্শৰ ব্যৱস্থাৰ অধিক সক্রিয় হৈছিল। তেতিয়াই শীতল যুদ্ধৰ বিবাদৰ অন্ত পৰিছিল ।

৯.ইতিহাসৰ বৃহৎ আৱৰ্জনা বিক্রিটো কি আছিল ?
উত্তৰঃ যেতিয়া ছোভিয়েট ৰাছিয়াৰ নিয়ন্ত্রণাধীন উদ্যোগিক অঞ্চলসমূহৰ পতন ঘটিছিল তেতিয়া, ৯০ শতাংশ উদ্যোগেই ব্যক্তিগত কোম্পানী বা আন কোনো ব্যক্তিক বিক্রী কৰবলগীয়া পৰিস্থিতি হৈছিল । এই বিক্রী কৰা প্রক্রিয়া বা কাৰ্যক ইতিহাসৰ বৃহৎ আৱৰ্জনা বিক্রী বুলি কোৱা হয় ।

১০.এটাৰ পিছত এটাকৈ কিদৰে কমিউনিষ্ট ৰাজত্বৰ পতন ঘটিছিল ?
উত্তৰঃ যেতিয়া, সাম্যবাদী বা কমিউনিষ্ট ব্যৱস্থাৰ ৰাজনৈতিক, সামাজিক আরু অর্থনৈতিক ব্যৱস্থা ক্রমে আমোলাতান্ত্রিক আৰু প্রভুত্ববাদী হৈ পৰিছিল । তেতিয়া সাধাৰণ জনসাধাৰণে এই আদর্শ বা ব্যৱস্থাক সমর্থন কৰা নাছিল । ইয়াৰ ফলস্বৰুপে, ক্রমান্বয়ে এটাৰ পিছত এটাকৈ কমিউনিষ্ট ৰাজত্বৰ পতন ঘটিছিল ।

১১.আকস্মিক ছোভিয়েট ইউনিয়নৰ পতনৰ কাৰণবোৰ উল্লেখ কৰা ।
উত্তৰঃ আকস্মিক ছোভিয়েট ইউনিয়নৰ পতনৰ কাৰণ হ’ল- মিখাইল গৰ্বাচেভৰ ‘গ্লাছনোষ্ট’ আৰু ‘পেৰেষ্ট্রাইকা’ নামৰ সংস্কাৰমূলক কাৰ্যসূচীসমূহৰ বাবে ।

১২.ছোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ ছোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য হ’ল-

  1. ছোভিয়েট ৰাজনৈতিক ব্যৱস্থা সাম্যবাদী আদর্শৰ ওপৰত প্রতিষ্ঠিত ।
  2. ছোভিয়েট ৰাজনৈতিক ব্যৱস্থা একনায়কত্ববাদী চৰিত্র বা নীতিৰ ওপৰত প্রতিষ্ঠিত আছিল ।

১৩.শ্বক থেৰাপিৰ যিকোনো দুটা নেতিবাচক প্রভাৱ লিখা ।
উত্তৰঃ শ্বক থেৰাপিৰ দুটা নেতিবাচক প্রভাৱ হ’ল-

  • শ্বক থেৰাপীৰ ফলত ছোভিয়েট ৰাছিয়াৰ মুদ্রা মূল্য হ্রাস পাইছিল আৰু বস্তুৰ দাম বৃদ্ধি পাইছিল ।
  • শ্বক থেৰাপিৰ বাবে ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী আদর্শৰ কল্যাণমূলক আচনিসমূহ ক্রমান্বয়ে বিলুপ্তি হৈ গৈছিল ।

১৪.‘গ্লচনষ্ট’ৰ অর্থ ব্যাখ্যা কৰা ।
উত্তৰঃ‘গ্লচনষ্ট’ৰ অর্থ হৈছে ব্যাপক স্বচ্ছতা বা মুকলি কৰা । অর্থাৎ সাম্যবাদী আদর্শৰ দ্বাৰা প্রতিষ্ঠিত সকলো বিষয়সমূহ সকলোৰে বাবে সুযোগ্য আৰু মুকলি কৰি দিয়া কাৰ্যক সূচায়ছে ।

১৫.বার্লিন দেৱাল কেতিয়া ভঙা হৈছিল ?
উত্তৰঃ ১৯৮৯ চনৰ নৱেম্বৰ মাহত ।

১৬.শ্বক থেৰাপীৰ ৰাজনৈতিক পৰিণতি নির্ণয় কৰা ।
উত্তৰঃ দ্বিতীয় বিশ্বৰ বেছিভাগ দেশত সাম্যবাদী ব্যৱস্থা ধ্বংস হৈ যােৱাৰ পিছত এই ৰাষ্ট্রসমূহে একনায়কত্ববাদী সাম্যবাদী ব্যৱস্থাৰ পৰা গণতান্ত্রিক পুঁজিবাদী ব্যৱস্থালৈ নিজৰ অর্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাক পৰিৱৰ্তন কৰিবলগীয়া হয় ।

১৯.ছোভিয়েট ভাঙোনৰ পাছত বিশ্ব ৰাজনীতিত ক্ষমতাৰ সম্বন্ধৰ কেনেদৰে পৰিৱৰ্তন ঘটিছিল ?
উত্তৰঃ ছোভিয়েট ভাঙোনৰ পাছত বিশ্ব ৰাজনীতিত আমেৰিকা যুক্ত আৰু এই ৰাষ্ট্রৰ দৰে আন পুঁজিবাদী ৰাষ্ট্রৰ একনায়কত্ববাদ অর্থাৎ এক মেরু ব্যৱস্থাৰ আৰম্ভণি হৈছিল । লগতে, সাম্যবাদী আদর্শৰ পতন ঘটি আমেৰিকা যুক্তৰাষ্ট্রৰ পুঁজিবাদী আদর্শৰ এক আধিপত্যৰ সূচনা হৈছিল ।

২০.সাম্যবাদী ৰাজত্বৰ এখনৰ পিছত এখনকৈ কেনেকৈ পতন হৈছিল ?
উত্তৰঃ যেতিয়া, সাম্যবাদী বা কমিউনিষ্ট ব্যৱস্থাৰ ৰাজনৈতিক, সামাজিক আরু অর্থনৈতিক ব্যৱস্থা ক্রমে আমোলাতান্ত্রিক আরু প্রভুত্ববাদী হৈ পৰিছিল । তেতিয়া সাধাৰণ জনসাধাৰণে এই আদর্শ বা ব্যৱস্থাক সমর্থন কৰা নাছিল । ইয়াৰ ফলস্বৰূপে, ক্রমান্বয়ে এটাৰ পিছত এটাকৈ সাম্যবাদী ৰাজত্বৰ পতন ঘটিছিল ।

২১.ছোভিয়েট সংঘ হঠাতে ধ্বংস হোৱাৰ কাৰণসমূহ উল্লেখ কৰা ।
উত্তৰঃ আকস্মিক ছোভিয়েট ইউনিয়নৰ পতনৰ কাৰণ হ’ল- মিখাইল গৰ্বাচেভৰ ‘গ্লাছনোষ্ট’ আরু ‘পেৰেষ্ট্রাইকা’ নামৰ সংস্কাৰমূলক কাৰ্যসূচীসমূহৰ বাবে । লগতে, সাম্যবাদী বা কমিউনিষ্ট ব্যৱস্থাৰ ৰাজনৈতিক, সামাজিক আৰু অর্থনৈতিক ব্যৱস্থা ক্রমে আমোলাতান্ত্রিক আৰু প্রভুত্ববাদী হৈ পৰিছিল । তেতিয়া সাধাৰণ জনসাধাৰণে এই আদর্শ বা ব্যৱস্থাক সমর্থন কৰা নাছিল । ইয়াৰ ফলস্বৰূপে, ক্রমান্বয়ে এখনৰ পিছত আনখন সাম্যবাদী ৰাজত্বৰ পতন ঘটিছিল ।

২২.আঘাত নিৰাময়ৰ দুটা নেতিবাচক প্রভাৱ লিখা ।
উত্তৰঃ আঘাত নিৰাময়ৰ দুটা নেতিবাচক প্রভাৱ হ’ল-

  1. আঘাত নিৰাময়ৰ ফলত ছোভিয়েট ৰাছিয়াৰ মুদ্রা মূল্য হ্রাস পাইছিল আৰু বস্তুৰ দাম বৃদ্ধি পাইছিল ।
  2. আঘাত নিৰাময়ৰ বাবে ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী আদর্শৰ কল্যাণমূলক আচনিসমূহ ক্রমান্বয়ে বিলুপ্তি হৈ গৈছিল ।

২৩.আঘাত নিৰাময়ৰ ৰাজনৈতিক ফলাফল পৰীক্ষা কৰা ।
উত্তৰঃ আঘাত নিৰাময়ৰ ৰাজনৈতিক ফলাফলসমূহ হ’লঃ

  • আমেৰিকা যুক্তৰাষ্ট্রৰ পুঁজিবাদী ব্যৱস্থাৰ সম্প্রসাৰণ ঘটা ।
  • ছোভিয়েট ৰাছিয়াৰ বাণিজ্যিক গোষ্ঠীৰ পতন ঘটা ।
  • উদাৰনৈতিক গণতন্ত্র প্রতিষ্ঠা কৰা ।
  • নতুনকৈ স্বাধীন হোৱা ৰাষ্ট্রবোৰৰ জৰীয়তে স্বাধীন ৰাষ্ট্রৰ কমনৱেলথ (CIS) গঠন কৰা ।

২৪.সমগ্র বিশ্বত মানৱ অধিকাৰৰ সুৰক্ষাৰ লগত জড়িত তিনিটা বেচৰকাৰী সংগঠনৰ নাম লিখা ।
উত্তৰঃ সমগ্র বিশ্বত মানৱ অধিকাৰৰ সুৰক্ষাৰ লগত জড়িত তিনিটা বেচৰকাৰী সংগঠন হ’ল:এমনেষ্টি ইনটাৰনেশ্যনেল বা Amnesty International , Human Rights Action Center, আরু Human Rights Without Frontiers (HRWF)

দীঘল প্ৰশ্নৰ উত্তৰ [দ্বি ৰাষ্ট্ৰবাদৰ অৱসান]

১.দ্বিতীয় বিশ্ব যুদ্ধৰ পিছৰ ছোভিয়েট ইউনিয়নৰ অৱস্থাৰ বিষয়ে চমুকৈ আলোচনা কৰা ।
উত্তৰঃ দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত ছোভিয়েট ইউনিয়ন আমেৰিকা যুক্ত ৰাষ্ট্রৰ দৰে এক মহাশক্তি হিচাপে বিশ্বত প্রতিষ্ঠা লাভ কৰিছিল । আমেৰিকাৰ পুঁজিবাদী ব্যৱস্থাৰ সমসাময়িকভাবে ছোভিয়েট ইউনিয়িনৰ সাম্যবাদী বা সমাজবাদী ব্যৱস্থা শক্তিশালী ৰূপে প্রতিষ্ঠিত হৈছিল । ছোভিয়েট ইউনিয়নে নব্য এক স্বনির্ভৰশীল নীতিৰ পাতনি মেলিছিল । জনসাধাৰণৰ বাবে দৰকাৰ হোৱা সকলো সামগ্রী আৰু সেৱা ছোভিয়েট ইউনিয়নৰ ভিতৰতে প্রস্তুত কৰাৰ ব্যৱস্থা কৰিছিল । তেল, তীখা, লোহা, আৰু আন প্রাকৃতিক সম্পদৰ ব্যৱহাৰৰ জৰীয়তে ৰাষ্ট্রীয় অর্থনীতিৰ বুনিয়াদ অধিক শক্তিশালী কৰি তুলিছিল । প্রযুক্তি-কৌশল আৰু যোগাযোগৰ মাধ্যমেৰে বিভিন্ন অঞ্চলৰ বাবে সা-সুবিধাৰ ব্যৱস্থা কৰিছিল । খাদ্য, স্বাস্থ্য, শিক্ষা আদি সকলো লাগতিয়াল বিষয়সমূহেৰে সকলো জনগণৰ বাবে নূন্যতম জীৱন ধাৰণৰ মানদণ্ড প্রদান কৰিছিল । সম্পত্তিৰ মালিকানাস্বত্ব নাইকীয়া কৰি সকলো অনুষ্ঠান-প্রতিষ্ঠান চৰকাৰ আৰু ৰাষ্ট্রই নিয়ন্ত্রণ কৰিছিল ।

২.ছোভিয়েট ইউনিয়নৰ জনসাধারণ ছোভিয়েট পদ্ধতিত সন্তুষ্ট হোৱা নাছিল ? চাৰিটা কাৰণ দর্শোৱা।
উত্তৰঃ ছোভিয়েট ইউনিয়নৰ জনসাধাৰণ ছোভিয়েট পদ্ধতিত সন্তুষ্ট হোৱা নাছিল । ইয়াৰ উল্লেখযোগ্য চাৰিটা কাৰণ হ’লঃ

  1. ষ্টেলিনর অধীনত চলা স্বৈৰতন্ত্রী কাৰ্য-কলাপঃ ছোভিয়েট সংঘত সমাজবাদী আদর্শ প্রতিষ্ঠা কৰাৰ নামত ষ্টেলিনে বহুতো পশ্চাদঘাতী কর্মৰ জরীয়তে স্বৈৰতন্ত্রী শাসন চলাইছিল যিটো ছোভিয়েট ইউনিয়নৰ জনসাধাৰণে মুঠেই ভাল পোৱা নাছিল । লগতে, ষ্টেলিনৰ সমালোচক ত্রৎক্সিৰ হত্যাত জনসাধাৰণ অতিকৈ অসন্তুষ্ট হৈ পৰিছিল ।
  2. মিখাইল গৰ্বাচেভ আৰু কেলেংকাৰী সংস্কাৰ ব্যৱস্থাঃমিখাইল গৰ্বাচেভে সমাজৰ সংস্কাৰৰ বাবে যি গ্লাচনোষ্ট আৰু পেরেষ্ট্রোইকাৰ ব্যৱস্থা গ্রহণ কৰিছিল সেই ছোভিয়েট ইউনিয়নৰ জনসাধারণে সন্দেশ প্রকাশ কৰিছিল আৰু উত্তাল প্রতিবাদ গ্রহণ কৰিছিল । মিখাইল গৰ্বাচেভ গ্রহণ কৰা আন্তর্জাতিক নীতি আৰু পশ্চিমীয়া দেশৰ লগত গঢ়ি তুলিব খোজা কাৰ্যত ছোভিয়েট ইউনিয়নৰ জনসাধাৰণ শংকিত হৈ পৰিছিল ।
  3. ব্রেজনেভ আৰু ছোভিয়েট অর্থনীতিৰ স্থবিৰতাঃ ছোভিয়েট অর্থনীতিৰ উন্নতিৰ ক্ষেত্রত ব্রেজনেভে চলোৱা নীতি আৰু কাৰ্যসূচীসমূহত ছোভিয়েট ইউনিয়নৰ জনসাধাৰণ বহু দিশত সন্তুষ্ট হোৱা নাছিল । বিশেষকৈ ব্রেজনেভৰ কাৰ্যকালত দৈনন্দিত ব্যৱহাৰ্য সামগ্রীৰ ক্ষেত্রত হোৱা ঘাটিয়ে দেশৰ অর্থনীতি ব্যর্থ হোৱাতো জনসাধাৰণে উপলব্ধি কৰিছিল ।
  4. ১৯৬০ দশকৰ পৰৱৰ্তি সময়ত হোৱা ছোভিয়েট অর্থনীতিৰ স্থবিৰতাঃ ১৯৬০ দশকৰ পৰৱৰ্তি সময়ত হোৱা ছোভিয়েট অর্থনীতিৰ স্থবিৰতা ছোভিয়েট ইউনিয়নৰ জনসাধাৰণে মুঠেই মানি লব পাৰা নাছিল । পাৰমাণৱিক আৰু বিশ্বৰ মহাশক্তিহিচাপে কৰা আধিপত্য বিস্তাৰৰ বাবে অধিক ব্যয় বহন কৰা বুলি জনসাধাৰণে সন্দেহ প্রকাশ কৰিছিল ।
  5. ছোভিয়েট সাম্যবাদী দল বা কমিউনিষ্ট পার্টী আৰু প্রশাসনৰ দুর্নীতিঃ ছোভিয়েট ইউনিয়নৰ জনসাধাৰণে ছোভিয়েট সাম্যবাদী দল বা কমিউনিষ্ট পার্টী আৰু প্রশাসনৰ বহুতো দুর্নীতি আৰু স্বেচ্ছাচাৰী শাসনৰবলি হব লগা হৈছিল । এই বিষয়ে জনসাধাৰণৰ মাজত আলোড়ণ আৰু আন্দোলনৰ সৃষ্টি কৰিছিল ।
  6. ব্যক্তি স্বাধীনতাৰ ওপৰত ছোভিয়েট ইউনিয়নে কৰা অবদমনঃ

ব্যক্তি স্বাধীনতাৰ ওপৰত ছোভিয়েট ইউনিয়নে যি অবদমন কাৰ্যসূচী গ্রহণ কৰিছিল সেই বিষয়ে ছোভিয়েট ইউনিয়নৰ জনসাধাৰণে অসন্তুষ প্রকাশ কৰিছিল । লগতে নানান হৰতাল আৰু প্রতিবাদী কাৰ্যসূচীৰে ছোভিয়েট ইউনিয়নৰ অস্তিত্ব হ্রাস কৰিছিল।

এনে পৰিস্থিতিবোৰৰ পৰিণতিস্বৰূপেই ১৯৯১ চনত বৰিছ য়েল্টচিনৰ নেতৃত্বত ছোভিয়েট ইউনিয়নৰ ভংগ বা পতন ঘটিছিল ।

৩.USSR ৰ বিভাজনৰ পৰিণতি সম্পর্কে চমুকৈ আলোচনা কৰা ।
উত্তৰঃ USSR বিভাজনৰ পৰিণতি আছিল বিশ্বৰাজনীতিত ভয়াবহ আছিল । ইয়াৰ উল্লেখযোগ্য পৰিণতিবোৰ হ’লঃ

  • শীতল যুদ্ধৰ সংঘাতৰ অৱসানঃ USSR বিভাজন হোৱাৰ লগে লগে ১৯৪৫ চনৰ পৰা চলিত হৈ অহা শীতল যুদ্ধৰ সমাপ্তি ঘটিছিল । অর্থাৎ শীতল যুদ্ধ পৰিক্রমা সিমানতেই অন্ত পৰিছিল ।
  • একক মহাশক্তি হিচাপে আমেৰিকা যুক্তরাষ্ট্রর উত্থানঃUSSR বিভাজন পৰৱৰ্তী পর্যায়ত আমেরিকা যুক্তই গোটেই বিশ্বত একক মহাশক্তি হিচাপে প্রতিষ্ঠিত হৈছিল । লগতে, আমেৰিকাৰ লগত প্রতিদ্বন্দী কৰিবৰ বাবে কোনো শক্তিগোষ্ঠী নাইবা ৰাষ্ট্র নাছিল ।
  • বহুসংখ্যক নব্য স্বাধীন ৰাষ্ট্রৰ উত্থানঃ USSR বিভাজন লগে লগে বহুতো নতুন স্বাধীনৰাষ্ট্রৰ উত্থান ঘটিছিল । এই ৰাষ্ট্রবোৰে সাম্যবাদী আদর্শ ত্যাগ কৰি আমেৰিকাৰ পুঁজিবাদী আদর্শ গ্রহণ কৰিছিল ।
  • পুঁজিবাদী ব্যৱস্থাৰ উত্থানঃUSSR বিভাজন হোৱাত আমেৰিকাৰ পুঁজিবাদী আদর্শই গা কৰি উঠিছিল । লগতে, উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্ব অর্থনীতিত বিশ্বায়ণ প্রক্রিয়াৰ সূচনা হৈছিল ।
  • গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্রভাৱ হ্রাসপ্রাপ্তঃUSSR বিভাজন হোৱাৰ লগে লগে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মৰ্যদা বহু পৰিমাণে হ্রাস পাইছিল । সেই সময়ত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্রয়োজনৰ প্রায় কমি গৈছিল ।
  • তৃতীয় বিশ্বৰ দেশসমূহৰ ভূমিকাক দুর্বল করাঃUSSR বিভাজনৰ পাছত তৃতীয় বিশ্বৰ দেশসমূহৰ ভূমিকা বহু দিশত হ্রাস পাইছিল । সমসাময়িকভাৱে, ১৯৭০ দশকৰ পৰা তৃতীয় বিশ্বৰ দেশসমূহে নৱ্য-আন্তৰ্জাতিক অর্থব্যৱস্থাৰ হকে গঢ়ি তোলা দাবীসমূহৰ প্রায় ভূমিকা/অস্তিত্ব কমি গৈছিল ।

এনেধৰণৰ বহুতো পৰিস্থিতি USSR বিভাজনৰ পাছত পৰিলক্ষিত হৈছিল । লগতে, অর্থনীতি,ৰাজনীতি আৰু সামাজিক ভাৱে এক অস্থিৰতাৰ সংকটে দেখা দিছিল ।

৪.ছােভিয়েট ইউনিয়নৰপৰা নতুনকৈ সৃষ্টি হােৱা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থাৰ বিষয়ে এটা চমু টোকা লিখা ।
উত্তৰঃ ছােভিয়েট ইউনিয়নৰ পতন হােৱা বাবে বহুতাে নতুন ৰাষ্ট্রৰ জন্ম হয় । এই ৰাষ্ট্ৰসমূহৰ নিজা স্বাধীন আশা আৰু আকাংক্ষা আছে । ইয়াৰে কিছুমান দেশে বিশেষকৈ Bal tic আৰু পূর্ব ইউৰােপৰ দেশসমূহে Europian Union ৰ লগত থাকিবলৈ ইচ্ছা প্রকাশ কৰে । আৰু NATO ৰ সদস্যভুক্ত হয় । কেন্দ্রীয় এছিয়াৰ দেশসমূহে নিজ ভৌগােলিক অৱস্থানৰ সুবিধা গ্রহণ কৰি ৰাছিয়াৰ লগত ওচৰ সম্বন্ধ ৰক্ষাৰ উপৰি পশ্চিমীয়া দেশ চীন আৰু আমেৰিকাৰ লগত সুসম্পর্ক ৰক্ষা কৰাৰ পক্ষপাতী । এনেদৰে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নিজৰ স্বকীয়তা , বজাই ৰাখি বহুতাে নতুন সংঘৰ জন্ম হৈছে যাৰ নিজস্ব ৰাজনৈতিক ব্যৱস্থা আছে ।

৫.ভাৰত আৰু ৰাছিয়াৰ ভাল সম্পর্ক আছে বুলি তুমি ভাবানে ? চাৰিটা কাৰণ লিখা।
উত্তৰঃ ভাৰতে সকলাে উত্তৰসুৰী সাম্যবাদী দেশসমূহৰ লগত এক ভাল সম্পর্ক বর্তাই ৰাখিছিল । কিন্তু , সকলােতকৈ গাঢ় সম্বন্ধ আছিল ৰাছিয়াৰ লগত । ছােভিয়েট ৰাছিয়াৰ বিভাজনৰ পিছত এই সম্বন্ধত অলপ নকাৰাত্মক প্রভাৱ পৰিছিল । কিন্তু ২০০০ চনত ভ্রাডিমিৰ পুটিন ক্ষমতালৈ অহাৰ পিছত সেই সম্পর্ক পুনৰ উন্নত হয় ।

  • মহাকাশ আৰু প্ৰতিৰক্ষাৰ পাৰ্মাণৱিক শক্তি ক্ষেত্ৰত ৰাছিয়াই সহযােগিতা আগবঢ়ায় ।
  • দুয়ােখন দেশে বাণিজ্য , বিমান প্রস্তুতকৰণ আৰু নিচাযুক্ত দ্রব্যৰ বেআইনী ব্যৱসায়ক নিয়ন্ত্রণ কৰাৰ বাবে চুক্তি সম্পাদন কৰে ।
  • ২০০৪ চনত ৰাছিয়াই ৰাষ্ট্ৰপতিৰ ভাৰত ভ্রমণকালত দুয়ােখন দেশে প্রতিক্ষা , কাৰিকৰী কৌশল , সন্ত্রাসবাদ আৰু অর্থনৈতিক ক্ষেত্ৰত সহযােগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰে ।
  • ৬০ তকৈ অধিক চুক্তি ভাৰত আৰু ৰাছিয়াৰ মাজত ২০০২ চনৰ Strategic Agree ment ৰ আধাৰত স্বাক্ষৰিত হয় ।

৬. ১৯১৭ চনৰ ৰাছিয়াৰ বিপ্লৱৰ তাৎপর্য কি ?
উত্তৰঃ ১৯১৭ চনত ৰাছিয়াৰ বিপ্লৱৰ ফলত সৃষ্টি হােৱা ছােভিয়েট ৰাছিয়াত সাম্যবাদী শাসন ব্যৱস্থা প্রতিষ্ঠা হৈছিল । তাৰ জৰিয়তে আন্তর্জাতিক ৰাজনীতিত এক ভাৰসাম্য ব্যৱস্থাও গঢ়ি তােলাত অৰিহণা যােগাইছিল । তৃতীয় বিশ্বৰ বহুবােৰ দেশ ছােভিয়েট সমাজবাদী ব্যৱস্থাৰ দ্বাৰা অনুপ্রাণিত হৈছিল । ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে তৃতীয় বিশ্বত গঢ়ি উঠা জাতীয়তাবাদী আন্দোলনসমূহেও ছােভিয়েট সংঘৰপৰা পৃষ্ঠপােষকতা লাভ কৰিছিল । ভাৰতবৰ্ষৰ নিচিনা গােষ্ঠী নিৰপেক্ষ নীতিত বিশ্বাস কৰা দেশেও মার্কিন যুক্তৰাষ্ট্ৰতকৈ ছােভিয়েট সংঘৰপৰা অধিক পৃষ্ঠপােষকতা লাভ কৰিছিল । আন্তর্জাতিক ৰাজনীতিত সাতটা দশকৰাে অধিক কাল ধৰি এনে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি অহা ছােভিয়েট সংঘৰ ভাঙোন সেয়েহে বিংশ শতিকাৰ আন্তর্জাতিক ৰাজনীতিৰ আটাইতকৈ গুৰুত্বপূর্ণ ঘটনাসমূহৰ ভিতৰত অন্যতম ।

৭.গর্বাচেভৰ সংস্কাৰ নীতিৰ বৈশিষ্ট্যসমূহ বিশ্লেষণ কৰা ।
উত্তৰঃ র্বাচেভৰ সংস্কাৰ নীতিৰ বৈশিষ্ট্যসমূহ হল –

  1. ৰাছিয়া সংঘৰ ৰাষ্ট্রপতি মিখাইল গর্বাচেভে ৰাছিয়ান প্রজাতন্ত্ৰবােৰৰ বিকাশ সাধনৰ বাবে দুটা সংস্কাৰমূলক নীতি গ্রহণ কৰিছিল । এটা হল Glasnost আৰু আনটো Perestroika Glasnost মানে মুক্ত অৱস্থা আৰু Perestbika মানে হ’ল পুনৰ গঠন ।
  2. গর্বাচেভৰ এই সংস্কাৰে পশ্চিমীয়া ৰাজনৈতিক দর্শন আৰু মুক্ত অর্থনীতিৰ পথ মুকলি কৰে ।
  3. গর্বাচেভৰ সংস্কাৰ কৰা নীতিৰদ্বাৰা উৎসাহিত হৈ বিভিন্ন জনগােষ্ঠীৰ লােকে স্বাধীনতাৰ দাবী উত্থাপন কৰে আৰু জাতীয়তাবাদী তথা বিচ্ছিন্নতাবাদী আন্দোলনে মূৰ দাঙি উঠে ।
  4. গর্বাচেভে গ্ৰহণ কৰা সংস্কাৰসমূহ যুক্তিসহকাৰে জনসাধাৰণৰ ওচৰত প্রতিপন্ন নকৰাৰ ফলত তেওঁ জনসমর্থন হেৰুৱায় আৰু এই সংস্কাৰে ছােভিয়েট ইউনিয়নৰ ভাঙোনৰ কাৰণ হৈ পৰে ।

৮.শ্বক থেৰাপীৰ পৰিণতিৰ ক্ষেত্রসমূহৰ বিশদ তালিকা দিয়া ।
উত্তৰঃ দ্বিতীয় বিশ্বৰ বেছিভাগ দেশত সাম্যবাদী ব্যৱস্থা ধ্বংস হৈ যােৱাৰ পিছত এই ৰাষ্ট্রসমূহে একনায়কত্ববাদী সাম্যবাদী ব্যৱস্থাৰপৰা গণতান্ত্রিক পুঁজিবাদী ব্যৱস্থালৈ নিজৰ অর্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাক পৰিৱৰ্তন কৰিব লগা হয় । বিশ্ববেংক আৰু আন্তর্জাতিক মুদ্রানিধিৰ প্রভাৱত ৰাছিয়া , মধ্য এছিয়া আৰু পূর্ব ইউৰােপৰ দেশসমূহৰ এই পৰিৱৰ্তন প্রক্রিয়াক শক থেৰাপী ‘ বুলি জনা যায় ।

এই শ্বক থেৰাপীৰ ফলস্বৰূপে ৰাছিয়াৰ লগতে আন আন স্বাধীন ৰাষ্ট্ৰসমূহত হঠাতে ৰাজনৈতিক আৰু অর্থনেতিক পৰিৱৰ্তন সংঘটিত হােৱাৰ বাবে তৎক্ষণাৎ তেওঁলােকে ৰক্ষণশীল বাণিজ্য ব্যৱস্থাৰ পৰা মুক্ত বাণিজ্যলৈ গতি কৰে । প্রত্যক্ষ বিদেশী ধন বিনিয়োেগশ্বক থেৰাপীৰ

আন এটা উল্লেখযােগ্য প্রভাৱ । যিহেতু ৰাছিয়া আৰু সহযােগী দেশসমূহে মুক্ত বাণিজ্যক সমর্থন জনাইছিল সেয়েহে বিদেশী বিনিয়ােগকাৰীসকলেও ৰাছিয়ান গণৰাজ্যসমূহত ধন বিনিয়ােগ কৰিবলৈ আগুৱাই আহিছিল । এই বিনিয়ােগে গণৰাজ্যসমূহৰ অর্থনৈতিক উন্নয়ন সাধন কৰাৰ লগতে নিবনুৱা সমস্যাৰাে কিছু পৰিমাণে সমাধান কৰিছিল ।

এই শ্বক থেৰাপীৰ পৰিণতিৰ ফলস্বৰূপে তদানীন্তন ছােভিয়েট ৰাছিয়াৰ গণৰাজ্যসমূহৰ মাজত থকা আর্থিক চুক্তিসমূহৰ সমাপ্তি ঘটে । বর্তমানে এই গােটসমূহৰ স্বাধীন গণৰাজ্যবােৰে নিজাববীয়াকৈ পশ্চিমীয়া দেশসমূহৰ লগত চুক্তিত আৱদ্ধ হােৱাৰ সুবিধা লাভ কৰে ।

৯.USSR ত সংস্কাৰৰ পাতনি মেলিবলৈ কি কি কাৰকে গর্বাচেভক হেঁচা দিছিল ?
উত্তৰঃ তলৰ উপাদানকেইটাই ছােভিয়েট ৰাছিয়াক সংস্কাৰ কৰাৰ ক্ষেত্ৰত গর্বাচেভক প্ৰভাৱিত কৰিছিল—

  1. তথ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত পশ্চিমীয়া দেশসমূহে যথেষ্ট উন্নতি কৰিছিল যিটে অৱস্থাত ছােভিয়েট ৰাছিয়া যথেষ্ট পিছপৰি আছিল । তদুপৰি প্রশাসনিক আৰু ৰাজনৈতিক দিশতাে ছােভিয়েট দেশখনৰ যথেষ্ট স্থৱিৰত আছিল ।
  2. ছােভিয়েট সংঘৰ যথেষ্টসংখ্যক সম্পদ আণৱিক আৰু সামৰিক শক্তিৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰিছিল । যাৰ ফলত ছােভিয়েট অর্থনীতিত যথেষ্ট পৰিমাণে বাধা আহিছিল ।
  3. ১৯৭৯ চনত ছােভিয়েটে আফগানিস্তান আক্রমণ কৰাৰ ফলত ছােভিয়েট শাসন পদ্ধতিটো পুনৰ দুৰ্বল হৈ পৰিছিল । মজুৰিৰ হাৰ ক্ৰমে বৃদ্ধিৰ উপৰি উৎপাদন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত উন্নয়ন ঘটিছিল যদিও পশ্চিমীয়া দেশতকৈ যথেষ্ট পিছপৰি আছিল । এই অনুন্নত অৱস্থাটোৰ ফলত ভােগ্য সামগ্ৰীৰ অনাটন ঘটিছিল আৰু যাৰ বাবে প্রতি বছৰে খাদ্য সামগ্রী । আমদানি বৃদ্ধি কৰিবলগীয়া হৈছিল । এইবােৰ কাৰণত ছােভিয়েট অর্থনৈতিক অৱস্থাত বাৰুকৈ স্থৱিৰতা আহি পৰিছিল । এতেকে , এনেবােৰ কাৰণে গর্বাচেভক নতুন সংস্কাৰৰ পাতনি মেলিবলৈ হেঁচা দিছিল ।

১০.ৰাজনৈতিক আৰু অর্থনৈতিক আদৰ্শৰ ক্ষেত্ৰত ভাৰত আৰু USSR ৰ মাজৰ সাদৃশ্য বর্ণনা কৰা ।
উত্তৰঃ ভাৰতে সকলাে উত্তৰসুৰী সাম্যবাদী দেশসমূহৰ লগত এক ভাল সম্বন্ধ বর্তাই চলিছিল , কিন্তু সকলােতকৈ গাঢ় সম্বন্ধ আছিল ভাৰত আৰু ৰাছিয়াৰ মাজত । ৰাছিয়াৰ লগত ভাৰতৰ সম্বন্ধ ভাৰতৰ বৈদেশিক নীতিৰ এক গুৰুত্বপূর্ণ বিষয় এই দুই দেশৰ সম্বন্ধ বিশ্বাস , আৰু উমৈহতীয়া আদর্শ নীতিৰ ওপৰত প্রতিষ্ঠিত ।

ৰাছিয়া আৰু ভাৰতে আন্তঃৰাষ্ট্ৰীয় বিশ্বৰ নীতিক সমর্থন কৰে । তেওঁলােকৰ বাবে এই নীতি হ’ল বিভিন্ন ৰাষ্ট্ৰৰ সহাবস্থান , সমূহীয়া সুৰক্ষা , বৃহত্তৰ আঞ্চলিকতাবাদ মধ্যস্থতাৰে আন্তঃৰাষ্ট্ৰীয় । বিবাদৰ মীমাংসা , সকলাে দেশৰ বাবে এক স্বাধীন বৈদেশিক নীতি আৰু নীতি নির্ধাৰণ অনুষ্ঠান যেনে UN ক শাসিত গণতান্ত্রিক কৰা আৰু ক্ষমতাশালী কৰা । ৬০ তকৈ অধিক চুক্তি ভাৰত আৰু ৰাছিয়াৰ মাজত ২০০২ চনৰ Strategic Agreement ৰ আধাৰত স্বাক্ষবিত কৰা হৈছে ।

ৰাষ্ট্ৰসংঘত কাশ্মীৰ সমস্যাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিক ছােভিয়েট ইউনিয়নে সমর্থন জনাইছিল । প্রধান সমস্যাসমূহৰ সময়তাে ভাৰতৰ প্রতি ই সমর্থন আগবঢ়াইছিল , বিশেষকৈ ১৯৭১ চনত পাকিস্তান , সৈতে যুদ্ধ কৰাৰ সময়ত । কিন্তু পৰােক্ষভাৱে ভাৰতে কিছুমান দিশত ছােভিয়েট ইউনিয়নৰ বৈদেশিক নীতিকে সমর্থন কৰিছিল ।

১১.ছােভিয়েট পদ্ধতিৰ বিষয়ে এটা টোকা লিখা ।
উত্তৰঃ ১৯১৭ চনত ৰুছ বিপ্লৱৰ ফলস্বৰূপে সৃষ্টি হােৱা ছােভিয়েট ৰাছিয়াত সাম্যবাদী শাসন ব্যৱস্থা প্রতিষ্ঠা কৰা হৈছিল । এই ব্যৱস্থাই ৰাষ্ট্ৰক আৰু দলীয় ব্যৱস্থাক প্রাধান্য দিছিল । ইয়াত সাম্যবাদী দলে সর্বহাৰাৰ নামত একনায়কত্ববাদী শাসন ব্যৱস্থা পৰিচালনা কৰিছিল আৰু বিৰােধী দলক কোনাে ঠাই দিয়া হােৱা নাছিল । অর্থনৈতিক ক্ষেত্ৰত ছােভিয়েট ব্যৱস্থাত ব্যক্তিবাদৰ বা পুঁজিবাদৰ কোনাে স্থান নাছিল । ব্যক্তিগত সম্পত্তিৰ বিলােপ সাধন কৰি ৰাষ্ট্ৰীয় মালিকানাস্বত্ব প্ৰৱৰ্তন কৰা হৈছিল । এই ব্যৱস্থাত ৰাজনৈতিক সমতাৰ পৰিৱর্তে অর্থনৈতিক ক্ষমতাৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছিল।

১২.গর্বাচেভৰ সংস্কাৰ নীতি কিয় ব্যর্থ হৈছিল ?
উত্তৰঃ গর্বাচেভৰ সংস্কাৰ নীতিৰ ব্যর্থতাৰ কাৰণবােৰ হ’ল—

  • ছােভিয়েট ৰাছিয়াৰ ৰাজনৈতিক , অর্থনৈতিক আৰু সামাজিক ব্যৱস্থা আমােলাতান্ত্রিক আৰু প্রভুত্ববাদী আছিল । সেইবাবে জনসাধাৰণ অসন্তুষ্ট হৈছিল ।
  • গণতান্ত্রিক সুবিধা আৰু মতামত প্রকাশৰ স্বাধীনতাৰ অভাৱ আছিল ।
  • ব্যক্তিৰ ব্যক্তিগত পছন্দ আৰু স্বাধীনতাত গুৰুত্ব প্রদান কৰা হােৱা নাছিল ।
  • দুর্নীতি আৰু স্বেচ্ছাচাৰিতা ।

১৩.কমিউনিষ্ট ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পর্ক আলােচনা কৰা ।
উত্তৰঃ ভাৰতে সকলাে উত্তৰসুৰী সাম্যবাদী দেশসমূহৰ লগত এক ভাল সম্বন্ধ বর্তাই চলিছিল । কিন্তু সকলােতকৈ গাঢ় সম্পর্ক আছিল ৰাছিয়াৰ লগত । ভাৰতে ৰাছিয়াৰ লগত সম্বন্ধ উন্নীত কৰাৰ বাবে শক্তি , কাশ্মীৰ , আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদৰ অনুসন্ধানত ব্যৱহাৰ হােৱা তথ্য আদান – প্রদান বিস্তাৰ আদিত ভাৰত উপযুক্ত হৈছে । আনহাতে , ৰাছিয়াৰ বাবে ভাৰত অস্ত্র – শস্ত্র দ্বিতীয় সর্ববৃহৎ দেশ হােৱাৰ বাবে উপকৃত হৈছে । ভাৰতীয় সেনাৰ প্রায় অস্ত্র – শস্ত্র ৰাছিয়াৰ পৰা আহে । ৬০ তকৈও অধিক চুক্তি ভাৰত আৰু ৰাছিয়াৰ মাজত ২০০২ চনৰ Strategic Agreement ৰ আধাৰত স্বাক্ষৰিত হৈছে।

সাম্যবাদী ৰাষ্ট যেনে ৰাছিয়াই ভাৰতবৰ্ষৰ চৰকাৰী কোম্পানীৰ ক্ষেত্ৰত সাহায্য আগবঢ়াইছিল ।ৰাছিয়াই ভিলাই , বকাৰ , বিশাখাপট্টনমৰ দৰে ষ্টিল প্রেণ্ট আৰু ভাৰত হেভি ইলেক্ট্রিকেল লিমিটেড দৰে মেচিনেৰি প্লেণ্টৰ কাৰণে অনুদান আৰু কাৰিকৰী সাহায্য আগবঢ়াইছিল ।

ৰাছিয়া আৰু ভাৰত উভয়ে আন্তঃৰাষ্টীয় বিশ্বৰ নীতিক সমর্থন কৰে । তেওঁলােকৰ বাবে এই নীতি হ’ল বিভিন্ন ৰাষ্ট্রৰ সহাৱস্থান , সমূহীয়া সুৰক্ষা ইত্যাদি ।

১৪.ছছাভিয়েট ব্লকৰ পতনে অনেক নতুন ৰাষ্ট্র সৃষ্টিত কিদৰে কাম কৰিছিল ?
উত্তৰঃ ছােভিয়েট ব্লকৰ পতন হােৱা বাবে বহুতাে নতুন ৰাষ্ট্রৰ জন্ম হৈছিল । এই প্রতিখন ৰাষ্ট্রৰ নিজা স্বাধীন আশা আৰু আকাংক্ষা আছে । ইয়াৰ কিছুমান দেশে বিশেষতঃ Baltic আৰু পূর্ব ইউৰােপীয় দেশসমূহ Europian Union ৰ লগত থাকিব বিচাৰিলে আৰু NATO ৰ সদস্যভুক্ত হ’ল । কেন্দ্রীয় এছিয়াৰ দেশসমূহে নিজ ভৌগােলিক অৱস্থানৰ সুবিধা গ্রহণ কৰি ছছাভিয়েটৰ লগত ওচৰ সম্বন্ধ ৰক্ষাৰ উপৰি পশ্চিমীয়া দেশ China , US আদিৰ লগত ভাল , সম্বন্ধ বর্তাই থাকিব বিচাৰিলে । এনেদৰে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নিজৰ স্বকীয়তা বজাই ৰাখি বহুতাে নতুন সংঘৰ জন্ম হৈছে যাৰ নিজস্ব ৰাজনৈতিক ব্যৱস্থা আছে ।

১৫.ছােভিয়েট যুক্তৰাষ্ট্ৰৰ ভাঙোনৰ ফলাফল সম্বন্ধে চমুকৈ আলােচনা কৰা ।
উত্তৰঃ বিশ্ব ৰাজনীতিত ছােভিয়েট ৰাছিয়া পতনৰ যথেষ্ট প্রভাৱ পৰিলক্ষিত হয় ।

  1. বিৰােধৰ পৰিসমাপ্তি :- ছােভিয়েট ৰাছিয়াৰ ধ্বংসই এই বিবাদৰ অন্ত পেলাইছিল যে সমাজবাদী নে পুঁজিবাদী কোন ব্যৱস্থা ভাল আৰু গ্রহণযােগ্য ।
  2. ক্ষমতাৰ সম্বন্ধৰ পৰিৱর্তন :- ছােভিয়েট ৰাছিয়াৰ পতনে আমেৰিকাক বিশ্বৰ একমাত্র মহাশক্তিধৰ দেশ হিচাপে পৰিগণিত কৰে । আমেৰিকাক প্রত্যাহ্বান জনাব পৰা বর্তমান বিশ্বত কোনাে ৰাষ্ট্র নাই ।
  3. নতুন দেশসমূহৰ উত্থান :- ছােভিয়েট ৰাছিয়াৰপৰা আঁতৰি যােৱা দেশসমূহৰ নিজা স্বাধীন অস্তিত্ব আৰু ব্যক্তিগত পছন্দ – অপছন্দ আছে । ছােভিয়েট ইউনিয়নৰ ভাঙোনে নতুন ৰাষ্ট্রৰ জন্ম দিয়ে ।

১৬.ভারত আরু রাছিয়ার সম্পর্কর প্রকৃতি আলোচনা করা ।
উত্তৰঃ ভাৰতে সকলাে উত্তৰসূৰী সাম্যবাদী দেসসমূহৰ লগত এক ভাল সম্বন্ধ বর্তাই ৰাখিছিল । কিন্তু সকলােতকৈ গাঢ় সম্বন্ধ আছিল ৰাছিয়াৰ লগত । ছােভিয়েট ৰাছিয়াৰ বিভাজনৰ পিছত এই সম্বন্ধত অলপ নকাৰাত্মক প্রভাৱ পৰিছিল । কিন্তু ২০০০ চনত ব্লাডিমিৰ পুটিন ক্ষমতালৈ অহাৰ পিছত সেই সম্পর্ক পুনৰ উন্নত হয় ।

  1. মহাকাশ আৰু প্ৰতিৰক্ষাৰ পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ৰাছিয়াই সহযােগিতা আগবঢ়ায় ।
  2. দুয়ােখন দেশে বাণিজ্য , বিমান প্রস্তুতকৰণ আৰু নিচাযুক্ত দ্রব্যৰ বে – আইনী ব্যৱসায়ক নিয়ন্ত্রণ কৰাৰ বাবে চুক্তি সম্পাদন কৰে ।
  3. ২০০৪ চনত ৰাছিয়াই ৰাষ্ট্ৰপতিৰ ভাৰত ভ্রমণকালত দুয়ােখন দেশে প্রতিক্ষা , কাৰিকৰী কৌশল , সন্ত্রাসবাদ আদি ক্ষেত্ৰত সহযােগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰে ।

১৭.ছােভিয়েট ইউনিয়ন বিভাজন ঘটিছিল কিয় ?
উত্তৰঃ ছােভিয়েট ইউনিয়ন বিভিন্ন কাৰণত ভাগি গৈছিল । সেই কাৰণবােৰ তলত উল্লেখ কৰা হল-

  • ত্রুটিপূর্ণ নেতৃত্ব :- ছােভিয়েট ৰাছিয়াৰ পতনৰ উল্লেখযােগ্য কাৰণ হৈছে ত্রুটিপূর্ণ নেতৃত্ব । দলৰ নেতাজনক চৰকাৰৰ নেতা আৰু দেশৰ নেতা বুলি মান্যতা দিয়া হৈছিল। এই নেতাসকলে বিলাসবহুল জীৱন যাপন আৰু ভ্ৰষ্টাচামূলক কার্যত লিপ্ত হৈছিল । দুর্বল নেতা আৰু দেশৰকল্যাণৰ বিষয়ে চিন্তা নকৰা এই নেতৃত্ব , ছােভিয়েট ৰাছিয়াৰ পতনৰ এক উল্লেখযােগ্য কাৰণ ।
  • গর্বাচেভৰ সংস্কামূলক নীতি :- ছােভিয়েট ৰাছিয়াৰ পতনৰ অন্যতম কাৰক আছিল গর্বাচেভৰ সংস্কাৰমূলক নীতি । তেখেতে দেশৰ জনগণক স্বাধীনতা , সমতা , জাতীয়তাবােধ , অর্থনৈতিক স্ব – নিৰ্ভৰশীলতা আদিৰ বিষয়ে অৱগত বা প্রস্তুত নকৰাকৈ ৰাছিয়াত তেওঁৰ বিখ্যাত Glasnost আৰু Perestroika ৰ ধাৰণা কার্যকৰী কৰিব বিচাৰিছিল ।
  • অথনৈতিক স্থৱিৰতা :- ছােভিয়েট ৰাষ্ট্ৰই পূর্ব ইউৰােপত থকা দেশসমূহক , মধ্য গণৰাজ্যসমূহক সদায় নিয়ন্ত্ৰণত ৰখাৰ বাবে বছৰি বহু ধন সামৰিক ক্ষেত্ৰত খৰচ কৰিছিল আৰু আধুনিক কৰি ৰখাৰ বাবে ব্যয় কৰিছিল । ইয়াৰ ফলত ছােভিয়েট অর্থব্যৱস্থাৰ ওপৰত যথেষ্ট বােজা পৰিছিল ।

১৮.শ্বক থেৰাপী কি ? কমিউনিষ্ট ৰাজত্বৰ পিছত শ্বক থেৰাপীৰ পৰিণতিবােৰ কি কি আছিল ? সাম্যবাদৰপৰা পুঁজিবাদলৈ পৰিৱৰ্তনৰ এয়া উত্তম পথ আছিলনে ?
উত্তৰঃ দ্বিতীয় বিশ্বৰ বেছিভাগ দেশত সাম্যবাদী ব্যৱস্থা ধ্বংস হৈ যােৱাৰ পিছত এই ৰাষ্ট্রসমূহে একনায়কত্ববাদী সাম্যবাদী ব্যৱস্থাৰ পৰা গণতান্ত্রিক পুঁজিবাদী ব্যৱস্থালৈ নিজৰ অর্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব লগা হয় । বিশ্ববেংক আৰু আন্তর্জাতিক মুদ্রানিধিৰ প্ৰভাৱত ৰাছিয়া , মধ্য এছিয়া আৰু পূর্ব ইউৰােপৰ দেশসমূহৰ এই পৰিৱৰ্তন প্রক্রিয়াক শ্বক থেৰাপী বুলি জনা যায় । প্রক্রিয়াসমূহ –

  • মুক্ত বাণিজ্য :- ৰাছিয়াৰ লগতে আন আন স্বাধীন ৰাষ্ট্ৰসমূহত হঠাতে ৰাজনৈতিক আৰু অর্থনৈতিক পৰিৱৰ্তন সংঘটিত হােৱাৰ বাবে তৎক্ষণাৎ তেওঁলােকে ৰক্ষণশীল বাণিজ্য ব্যৱস্থাৰ পৰা মুক্ত বাণিজ্যলৈ গতি কৰে ।
  • প্রত্যক্ষ বিদেশী ধন বিনিয়ােগ :- প্রত্যক্ষ বিদেশী ধন বিনিয়ােগ শ্বক থেৰাপী আন এটা উল্লেখযােগ্য প্ৰভাৱ । যিহেতু ৰাছিয়া আৰু সহযােগী দেশসমূহে মুক্ত বাণিজ্যক সমর্থন জনাইছিল সেয়েহে বিদেশী বিনিয়ােগকাৰীসকলেও ৰাছিয়ান গণৰাজ্যসমূহত ধন বিনিয়ােগ কৰিবলৈ আগুৱাই আহিছিল । এই বিনিয়ােগে গণৰাজ্যসমূহৰ অর্থনৈতিক উন্নয়ন সাধন কৰাৰ লগতে নিবনুৱা সমস্যাৰাে কিছু পৰিমাণে সমাধান কৰিছিল ।
  • ব্যৱসায়িক চুক্তিৰ পৰিসমাপ্তি :- এই পৰিৱর্তনে তদানীন্তন ছােভিয়েট ৰাছিয়াৰ গণৰাজ্যসমূহৰ মাজত থকা আর্থিক চুক্তিসমূহৰ সমাপ্তি ঘটায় । বর্তমানে এই গােটসমূহৰ স্বাধীন গণৰাজ্যবােৰে নিজাববীয়াকৈ পশ্চিমীয়া দেশসমূহৰ লগত চুক্তিত আৱদ্ধ হােৱাৰ সুবিধা লাভ কৰে ।
  • অর্থনৈতিক উন্নয়ন ও পৰিৱৰ্তনৰ বাবে যি শ্বক থেৰাপীৰ অভিজ্ঞতা এই গণৰাজ্যসমূহৰ হৈছিল এই থেৰাপীয়ে অর্থনৈতিক উন্নয়ন সাধন কৰিছিল ।

১৯.ধৰা হ’ল ছােভিয়েট ইউনিয়ন বিভাজিত হােৱা নাই আৰু ১৯৮০ ৰ দশকৰ মাজভাগৰ দৰে পৃথিৱীখন দ্বিবিভক্ত হৈয়ে আছে । যােৱা দুই দশকৰ উন্নয়নত ই কিদৰে প্রভাৱ পেলালেহেঁতেন ?
উত্তৰঃ ১৯৯১ চনত ছােভিয়েট ৰাষ্ট্রৰ পতনৰ লগে লগে শীতল যুদ্ধৰ অন্ত পৰে আৰু দ্বি – মেৰুকৰণৰাে অন্ত পৰে । ইয়াৰ লগে লগে আমেৰিকাৰ আধিপত্যৰ যুগ আৰম্ভ হয় আৰুএক মেৰুকৰণ ব্যৱস্থা আৰম্ভ হয় । যদি ছােভিয়েট ৰাছিয়াৰ বিভাজন নহ’লহেঁতেন , তেনেহ’লে । ইয়াৰ প্ৰভাৱ পৃথিৱীত এনেদৰে পৰিলেহেঁতেন—

  1. প্রথমে আমেৰিকা ইমান বেছি শক্তিশালী ৰাষ্ট্ৰত পৰিণত নহ’লহেঁতেন আৰু বিশ্বত ইয়াৰ আধিপত্য স্থাপন নহ’লহেঁতেন । ছােভিয়েট ৰাছিয়াৰ বিভাজনৰ লগে লগে আমেৰিকাই বিশ্ব ৰাজনীতিত অধিক পৰিমাণে হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰে আৰু প্রধান প্রধান সিদ্ধান্তৰ ক্ষেত্ৰত নিজৰ মতামত জাপি দিবলৈ আৰম্ভ কৰে।
  2. ছােভিয়েট ৰাছিয়াৰ পতনৰ লগে লগে ৰাষ্ট্ৰসংঘত আমেৰিকাৰ মর্যাদা আৰু অধিক বৃদ্ধি পায় । ৰাষ্ট্ৰসংঘৰ প্ৰায় সকলােবােৰ সিদ্ধান্ত আমেৰিকাৰ ইচ্ছানুসাৰে গ্ৰহণ কৰা হয় । যদি ছােভিয়েট ৰাছিয়াৰ পতন নহ’লহেঁতেন তেন্তে আমেৰিকাৰ প্রতিপত্তি ৰাষ্ট্ৰসংঘত ইমান বেছি বৃদ্ধি নাপালেহেঁতেন ।
  3. ১৯১৯ চনত ছােভিয়েট ৰাষ্ট্র যদি বিভাজন নহ’লহেঁতেন ইৰাক , আফগানিস্তান আৰু ইৰাণত আমেৰিকাৰ হস্তক্ষেপ ইমান অধিক নহ’লহেঁতেন । আমেৰিকাই ইৰাক আৰু আফগানিস্তানত প্রৱেশ নকৰিলেহেঁতেন আৰু ইৰাণক ভাবুকি নিদিলেহেঁতেন ।

২০.ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পর্ক ব্যাখ্যা কৰা ।
উত্তৰঃ ভাৰতে এক গাঢ় সম্পর্ক বৰ্তাই ৰাখিছিল ৰাছিয়াৰ লগত যি বৈদেশিক নীতিৰ এক গুৰুত্বপূর্ণ বিষয় । এই দুই দেশৰ সম্বন্ধ বিশ্বাস আৰু উমৈহতীয়া আদর্শ , নীতিৰ ওপৰত প্রতিষ্ঠিত । ৰাছিয়া আৰু ভাৰতে আন্তঃৰাষ্ট্ৰীয় বিশ্বৰ নীতিক সমর্থন কৰে । ৬০ তকৈও অধিক চুক্তি ভাৰত আৰু ৰাছিয়াৰ মাজত ২০০২ চনৰ Strategic Agreement ৰ আধাৰত স্বাক্ষৰিত হৈছে । ভাৰতে ৰাছিয়াৰ লগত সম্বন্ধ উন্নীত কৰাৰ বাবে শক্তি , কাশ্মীৰ , আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদৰ অনুসন্ধানত ব্যৱহাৰ হােৱা তথ্য আদান – প্রদান আদিত ভাৰত উপযুক্ত হৈছে । আনহাতে , ৰাছিয়াৰ বাবে ভাৰত অস্ত্র – শস্তুৰ দ্বিতীয় সর্ববৃহৎ হােৱাৰ বাবে ই উপকৃত হৈছে । ভাৰতীয় সেনাৰ প্রায় অস্ত্র – শস্ত্ৰ ৰাছিয়াৰ পৰা আহে । ভাৰতে Russia Kazakhastan আৰু Tunkenenitan ৰ পৰা শক্তি আহৰণ কৰে। এই দেশসমূহৰ লগত সম্বন্ধ হােৱাৰ বাবে ভাৰত তৈল ক্ষেত্ৰত এওঁলােকৰ বিনিয়ােগ , ব্যৱসায়িক মিত্ৰতাৰ প্ৰসাৰ সাধন ঘটিছে ৷ ৰাষ্ট্ৰসংঘ কাশ্মীৰ সমস্যাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিক ছােভিয়েট ইউনিয়নে সমর্থন জনাইছিল ।

২১.মার্কিন যুক্তৰাষ্ট্ৰৰ দৰে এখন পুঁজিবাদী ৰাষ্ট্ৰপৰা ছােভিয়েট অর্থনীতিক পৃথক কৰা বৈশিষ্টবােৰ উল্লেখ কৰা ।
উত্তৰঃ তলত উল্লেখ কৰা তিনিটা বৈশিষ্ট্যই ছছাভিয়েট অর্থনীতিক আমেৰিকাৰ দৰে পুঁজিবাদী দেশৰপৰা পৃথক কৰিছে –

  1. ছােভিয়েট অর্থনীতি সমাজবাদী অর্থনীতি । আনহাতে , আমেৰিকা যুক্তৰাষ্ট্রৰ অর্থনীতি পুঁজিবাদী অর্থনীতি।
  2. ছােভিয়েটৰ অর্থনীতি সম্পূৰ্ণৰূপে চৰকাৰৰ হাতত যত ব্যক্তিগত মালিকীস্বত্ব সম্পত্তিৰ ক্ষেত্ৰত অনুমতি নাই। আনহাতে , আমেৰিকাৰ অর্থনীতি ব্যক্তিগত মালিকৰ হাতত সম্পদ হস্তান্তৰ কৰাৰ অধিকাৰ আছে ।
  3. ছােভিয়েট সংঘত সমূহীয়াভাৱে খেতি কৰা পদ্ধতিটো ৰাষ্ট্ৰই নিয়ন্ত্রণ কৰে । আনহাতে , আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিগত খণ্ডই এই কৃষি খণ্ডটো নিয়ন্ত্রণ কৰে ।

২২.ছােভিয়েট পদ্ধতিৰ অসুবিধাবােৰ উল্লেখ কৰা ।
উত্তৰঃ ছােভিয়েট ব্যৱস্থাত বিষয়া স্বেচ্ছাচাৰী আৰু জনসাধাৰণৰ বাবে কষ্টদায়ক আছিল । গণতন্ত্র আৰু বাক স্বাধীনতা নথকাৰ বাবে জনসাধাৰণে নিজৰ ক্ষোভ আদিৰ দ্বাৰা ব্যক্ত কৰিব লগা হৈছিল । ছােভিয়েট পদ্ধতি বহু ক্ষেত্রত পশ্চিমৰ তুলনাত পিছপৰি আছিল ; যেনে যাতায়াত ব্যৱস্থা , কাৰিকৰী কৌশল , আভ্যন্তৰীণ বিকাশ ইত্যাদি । তদুপৰি , ছােভিয়েট সংঘৰ প্রধান দুর্বলতা আছিল ই জনসাধাৰণৰ আশা – আকাংক্ষা পূৰণ কৰাত একেবাৰে সফল হােৱা নাছিল । ১৯৭৯ চনৰ আফগানিস্তান আক্রমণ আৰু উৎপাদন , ব্যয় বৃদ্ধি , খাদ্যৰ নাটনি আদি বিভিন্ন কাৰণত ছােভিয়েট অর্থনীতি দুর্বল হৈ পৰিছিল । বিশেষতঃ এনে হােৱাৰ প্ৰধান কাৰণ আছিল পশ্চিমৰ তুলনাত ইয়াৰ কাৰিকৰী কৌশল আছিল নিম্নমানৰ ।

ছােভিয়েট পদ্ধতি ৰাজনৈতিক আৰু প্রশাসনিক বিকাশৰ পৰাও দুর্বল হৈ পৰিছিল । ইয়াৰ সাম্যবাদী দল যি ৭০ বছৰ ধৰি শাসনৰ গাদীত আছিল , জনতাৰ ওচৰত কোনাে দায়বদ্ধতা নাছিল । প্রশাসনত দেখা দিয়া অৰাজকতা , সাংগঠনিক দুর্বলতা , দুর্নীতি আৰুজনতাৰ স্বাধীনতা নথকাৰ বাবে প্রশাসনৰ প্রতি জনতাৰ মােহভংগ হােৱা আৰম্ভ হৈছিল । ইত্যাদি এনেবােৰ অসুবিধাই ছােভিয়েট ব্যৱস্থাৰ পতনত অৰিহণা যােগাইছিল।

২৩.ভাৰতৰ দৰে দেশসমূহৰ বাবে ছােভিয়েট ইউনিয়ন বিভাজনৰ প্রধান পৰিণতিবােৰ কি কি ?
উত্তৰঃ বৈদেশিক নীতিৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পর্ক মধুৰ । আনকি , ১৯৯১ চনত ছােভিয়েটৰ বিভাজনৰ পিছতাে এই দেশ দুখনৰ মাজত সম্পর্ক ভাল আছিল । তথাপি এই ছােভিয়েট বিভাজনে ভাৰতৰ দৰে দেশক তলত দিয়া ধৰণে প্ৰভাৱ পেলায় –

আন্তর্জাতিক ক্ষেত্ৰত দুয়ােখন দেশেই কেতবােৰ মৌলিক প্ৰমূল্যৰ প্ৰচাৰ আৰু প্ৰসাৰণৰ হকে যৌথভাৱে কাম কৰি আহিছে । সেইবােৰৰ ভিতৰত অন্যতম হলঃ আন্তর্জাতিক ৰাজনীতিত বহু শক্তিৰ সহাৱস্থান , সামূহিক নিৰাপত্তা , প্ৰসাৰিত আঞ্চলিকতাবাদ , আলােচনাৰ মাধ্যমেৰে আন্তর্জাতিক সংঘাতৰ সমাধান , সকলাে দেশৰে স্বাধীন বৈদেশিক নীতিৰ প্রতি সন্ধান ইত্যাদি । তদুপৰি ৰাষ্ট্ৰসংঘৰ দৰে আন্তর্জাতিক প্রতিষ্ঠানৰ গণতান্ত্রিকীকৰণৰ জৰিয়তে শক্তিশালী কৰি তােলাৰ ক্ষেত্ৰত দুয়ােখন দেশে গুৰুত্ব প্রদান কৰি আহিছে ।

দ্বিপাক্ষিক ক্ষেত্ৰতাে দুয়ােখন দেশে পাৰস্পৰিকভাৱে লাভান্বিত হােৱাকৈ ঘনিষ্ঠভাৱে সহযােগিতা কৰি আহিছে । ২০০২ চনত দুয়ােখন দেশৰ মাজত ভাৰত – ৰাছিয়া কৌশলগত চুক্তি স্বাক্ষৰিত হয় । এই চুক্তিৰ অধীনত শতাধিক পাৰস্পৰিক চুক্তি স্বাক্ষৰিত হৈছে । কাশ্মীৰৰ প্রশ্নতাে ৰাছিয়াই ভাৰতবৰ্ষৰ স্থিতিক সমর্থন কৰি আহিছে।

২৪.ছােভিয়েট সংঘৰ পতন কিয় হৈছিল ?
উত্তৰঃ ছােভিয়েট সংঘৰ পতন বিভিন্ন কাৰণত হৈছিল । এই কাৰণবােৰ হ’ল –

  • ত্রুটিপূর্ণ নেতৃত্ব :- ছােভিয়েট সংঘৰ পতনৰ উল্লেখযােগ্য কাৰণ হৈছে ত্রুটিপূর্ণ নেতৃত্ব । দলৰ নেতাজনক চৰকাৰৰ নেতা আৰু দেশৰ নেতা বুলি মান্যতা দিয়া হৈছিল। দুর্বল নেতা আৰু দেশৰ কল্যাণৰ বিষয়ে চিন্তা নকৰা এই নেতৃত্ব ছােভিয়েট ৰাছিয়াৰ পতনৰ এক উল্লেখযােগ্য কাৰণ ।
  • গর্বাচেভৰ সংস্কামূলক নীতি :- ছােভিয়েট ৰাছিয়া পতনৰ অন্যতম কাৰক আছিল গর্বাচেভৰ সংস্কাৰমূলক নীতি । তেখেতে দেশৰ জনগণৰ স্বাধীনতা , সমতা , জাতীয়তাবােধ , অর্থনৈতিক স্ব – নিৰ্ভৰশীলতা আদিৰ বিষয়ে অৱগত বা প্রস্তুতি নকৰাকৈ ৰাছিয়াত তেওঁৰ বিখ্যাত Glasnost আৰু Persestroika ৰ ধাৰণা কার্যকৰী কৰিব বিচাৰিছিল ।
  • অর্থনৈতিক স্থৱিৰতা :- ছােভিয়েট ৰাষ্ট্ৰই পূর্ব ইউৰােপত থকা দেশসমূহক , মধ্য গণৰাজ্যসমূহক সদায় নিয়ন্ত্ৰণত ৰখাৰ বাবে বছৰি বহু ধন সামৰ্কি ক্ষেত্ৰত খৰচ কৰিছিল আৰু আধুনিক কৰি ৰখাৰ বাবে ব্যক্ত কৰিছিল । ইয়াৰ ফলত ছােভিয়েট অর্থ ব্যৱস্থাৰ ওপৰত যথেষ্ট বােজা পৰিছিল ।

২৫. ছােভিয়েট গণৰাজ্যৰ সংস্কাৰ আৰম্ভ কৰিবলৈ কোনবােৰ উপাদানে গর্বাচেভক বাধ্য কৰিছিল ?
উত্তৰঃ তলত উল্লেখ কৰা উপাদানকেইটাই ছােভিয়েট ৰাছিয়াক সংস্কাৰ কৰাৰ ক্ষেত্ৰত গর্বাচেভক প্রভাৱিত কৰিছিল—

  1. তথ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত পশ্চিমীয়া দেশসমূহে যথেষ্ট উন্নতি কৰিছিল , যিটো । অৱস্থাত ছােভিয়েট ৰাছিয়া যথেষ্ট পিছপৰি আছিল । তদুপৰি প্রশাসনিক আৰু ৰাজনৈতিক দিশটো ছােভিয়েট দেশখনৰ যথেষ্ট স্থৱিৰতা আছিল ।
  2. ছােভিয়েট সংঘই ইয়াৰ যথেষ্ট সংখ্যক সম্পদ আণৱিক আৰু সামৰিক শক্তিৰ উন্নয়ন ব্যৱহাৰ কৰিছিল । যাৰ ফলত ছােভিয়েট অর্থনীতিত যথেষ্ট পৰিমাণে বাধা আহিছিল ।
  3. ১৯৭৯ চনত ছােভিয়েটে আফগানিস্তান আক্রমণ কৰাৰ ফলত ছােভিয়েট শাসন পদ্ধতিটো পুনৰ দুৰ্বল হৈ পৰিছিল । মজুৰিৰ হাৰ ক্ৰমে বৃদ্ধিৰ উপৰি উৎপাদন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত উন্নয়ন ঘটিছিল যদিও পশ্চিমীয়া দেশতকৈ যথেষ্ট পিছপৰি আছিল । এই অনুন্নত অৱস্থাটোৰ ফলত ভােগ্য সামগ্ৰীৰ অনাটন ঘটিছিল আৰু যাৰ বাবে প্রতি বছৰে খাদ্য সামগ্ৰীৰ আমদানি বৃদ্ধি কৰিবলগীয়া হৈছিল ।

এনেবােৰ কাৰণত ছােভিয়েটৰ অর্থনৈতিক অৱস্থাত বাৰুকৈ স্থৱিৰতা আহি পৰিছিল ।

২৬.আমেৰিকা যুক্তৰাষ্ট্রৰ দৰে পুঁজিবাদী দেশৰ অৰ্থনীতিৰপৰা ছােভিয়েট অর্থনীতিক পৃথক কৰা বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।
উত্তৰঃ তলত উল্লেখ কৰা তিনিটা বৈশিষ্ট্যই ছােভিয়েট অর্থনীতিক আমেৰিকাৰ দৰে পুঁজিবাদী দেশৰপৰা পৃথক কৰিছে –

  1. ছােভিয়েট অর্থনীতি সমাজবাদী অর্থনীতি । আনহাতে , আমেৰিকা যুক্তৰাষ্ট্ৰৰ অর্থনীতি পুঁজিবাদী অর্থনীতি।
  2. ছােভিয়েট অর্থনীতি সম্পূৰ্ণৰূপে চৰকাৰৰ হাতত য’ত ব্যক্তিগত মালিকীস্বত্ব সম্পত্তিৰ ক্ষেত্ৰত অনুমতি নাই। আনহাতে , আমেৰিকাৰ অৰ্থনীতিত ব্যক্তিগত মালিকৰ হাতত সম্পদ অধিকার আছে ।
  3. ছােভিয়েট সংঘত সমূহীয়াভাৱে খেতি কৰা পদ্ধতিটো ৰাষ্ট্ৰই নিয়ন্ত্রণ কৰে । আনহাতে , আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যক্তিগত খণ্ডই এই কৃষি বা খেতি খণ্ডটো নিয়ন্ত্রণ কৰে ।

২৭.ছােভিয়েট প্রথাৰ দুর্বলতাসমূহ উল্লেখ কৰা ।
উত্তৰঃ ছােভিয়েট প্রথাত বিষয়াসকল প্রায় স্বেচ্চাচাৰী আৰু জনসাধাৰণৰ বাবে কষ্টদায়ক আছিল । গণতন্ত্র আৰু বাক স্বাধীনতা নথকাৰ বাবে জনসাধাৰণে নিজৰ ক্ষোভ আদিৰ দ্বাৰা ব্যক্ত কৰিব লগা হৈছিল । ছােভিয়েট ব্যৱস্থা বহু ক্ষেত্ৰত পশ্চিমৰ তুলনাত পিছপৰি আছিল , যেনে যাতায়াত ব্যৱস্থা , কাৰিকৰী কৌশল , আভ্যন্তৰীণ বিকাশ ইত্যাদি । তদুপৰি , ছােভিয়েট পদ্ধতিৰ প্রধান দুর্বলতা আছিল যে ই জনসাধাৰণৰ আশা – আকাংক্ষা পূৰণ কৰাত একেবাৰে সফল হােৱা নাছিল । ১৯৭৯ চনৰ আফগানিস্তান আক্রমণ আৰু উৎপাদন , ব্যয় বৃদ্ধি , খাদ্যৰ নাটনি আদি বিভিন্ন কাৰণত ছােভিয়েট অর্থনীতি দুর্বল হৈ আহিছিল । বিশেষতঃ এনে হােৱাৰ প্রধান কাৰণ আছিল পশ্চিমৰ তুলনাত ইয়াৰ কাৰিকৰী কৌশল আছিল নিম্নমানৰ ।

ছােভিয়েট প্রথা ৰাজনৈতিক আৰু প্রশাসনিক বিকাশৰ পৰাও দুর্বল হৈ নাছিল । প্রশাসনত দেখা দিয়া অৰাজকতা , সাংগঠনিক দুর্বলতা , দুনীতি আৰু জনতাৰ স্বাধীনতা । নথকাৰ বাবে প্ৰশাসনৰ প্রতি জনতাৰ মােহভংগ হােৱা আৰম্ভ হৈছিল । ইত্যাদি এনেবােৰ বিভিন্ন দুর্বলতা অথবা অসুবিধ্ব পৰিলক্ষিত হৈছিল ছােভিয়েট প্রথাত।

Leave a Comment