খণ্ডবাক্য | জতুৱা ঠাঁচ | বাক্য ৰচনা

খণ্ডবাক্য বা জতুৱা ঠাঁচ অসমীয়া ব্যাকৰণৰ আন এক গুৰুত্বপূৰ্ণ বিষয়। আমি Assamese MediumClass 10 Assamese Grammar ৰ বহুত বিষয় আলোচনা কৰিছোঁ। যদি আপুনি এজন শিক্ষক বা দশম মান শ্ৰেণীৰ ছাত্ৰ তেন্তে ই আপোনাক সহায় কৰিব পাৰে। আপুনি আমি লিখা বিষয় সমূহ পঢ়িবলৈ ওপৰৰ লিংকত ক্লিক কৰক।

আজি আমি খণ্ডবাক্য বা জতুৱা ঠাঁচৰ দ্বাৰা বাক্য ৰচনা কৰাৰ বাবে কিছু উদাহৰণ আলোচনা কৰিব গৈ আছো। ই আপোনাক HSLC 2023 Final Exam ত বহুত উপকাৰ কৰিব বুলি আমি আশাবাদী।

খণ্ডবাক্য বা জতুৱা ঠাঁচ | Assamese Grammar HSLC 2023

ইয়াত যদিও আমি খণ্ডবাক্য বা জতুৱা ঠাঁচৰ বিষয়ে আলোচনা কৰিম বুলি প্ৰকাশ কৰিছো তথাপি ইয়াত কেৱল আমি HSLC 1998 – HSLC 2018 ৰ যিমান খণ্ডবাক্য বা জতুৱা ঠাঁচ পৰীক্ষাত সুধিছে সেই সকলোবোৰ আমি প্ৰথমতে আলোচনা কৰিম বুলি ভাবিছোঁ।

খণ্ডবাক্য বা জতুৱা ঠাঁচ এনে কোনো বিষয়বস্তু নহয় যাৰ পৰা প্ৰশ্ন আহিব বা আপুনি বহুত কষ্ট মনত ৰাখিব লগা বিষয় নহয়। খণ্ডবাক্য বা জতুৱা ঠাঁচৰ কিছু উদাহৰণ আমি মনত ৰাখিলে পৰীক্ষাৰ বাবে যথেষ্ট। সেই বাবে আমি ইয়াৰ ১৯৯৮ – ২০১৮ চনত অহা Assamese Grammar ৰ খণ্ডবাক্য বা জতুৱা ঠাঁচ আৰু ইয়াৰ সহায়ত আমি কিদৰে বাক্য ৰচনা কৰিব পাৰি তাৰ কিছু উদাহৰণ আলোচনা কৰিছোঁ।

খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 1998

১। বুকুৰ কুটুম, পানীৰ তলত কাঁইট, সাত সৈয়াকণী, চকুৰ কুটা দাঁতৰ শাল। [HSLC ’98]

বুকুৰ কুটুম (অতি আপোন): বুকুৰ কুটুমৰ লগতে সকলোকে মৰম – চেনেহ কৰা উচিত।
পানীৰ তলৰ কাঁইট (গোপন শত্ৰু): পানীৰ তলৰ কাঁইটৰ উৱাদিহ পোৱাটো সহজ নহয়।
সাত ঘাটৰ সৈয়াকণী (অতি চতুৰ, অতি দুষ্ট): জীৱ – জন্তুৰ ভিতৰত শিয়ালেই হৈছে সাত ঘাটৰ সৈয়াকণী।
চকুৰ কুটা দাঁতৰ শাল (শত্ৰু, দেখিব নোৱাৰা): পাকিস্তানৰ বাবে ভাৰত চকুৰ কুটা দাঁতৰ শাল।

খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 1999

২। দলনিত পোনা মেলা, ঢৌতে খৰ মাৰ, দুই নাও দুই ভৰি হোৱা, ইহলীলা সম্বৰণ কৰা। [HSLC’99]

দলনিত পোনা মেলা ( আলাই-আথানি কৰ): বানপানীয়ে গাঁৱৰ ৰাইজক দলনিত পোনা মেলিলে।
ঢৌতে খৰ মাৰ (ব্যস্ততাৰ মাজতেই সময় উলিয়াই): পৰীক্ষাৰ বাবে প্ৰস্তুত চলাও ঢৌত খৰ দি মোহনে ঘৰৰ দায়িত্ব পালন কৰিছিল।
দুই নাও দুই ভৰি হোৱা ( কি কৰোঁ কি নকৰোঁ অৱস্থা হোৱা): ইমানবোৰ কাম কৰিবলগীয়া হোৱাত মোৰ দুই নাও দুই ভৰি হোৱাৰ দৰে হৈছিল।
ইহলীলা সম্বৰণ কৰা (মৃত্যু হোৱা): বহু দিন ধৰি বেমাৰত ভুগি থাকি অৱশেষত মানুহজনে ইহলীলা সম্বৰণ কৰিলে।

খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2000

৩। লোকান্তৰ ঘটা, চকু গজা, থেৰোগেৰোঁ কৰা, চকু দিয়া। [HSLC’2000]

লোকান্তৰ ঘটা (মৃত্যু হোৱা) : বহুদিন বেমাৰত ভুগি থাকি অৱশেষত মানুহজনৰ লোকান্তৰ ঘটিল।
চকু গজা (বুজন হ, জনা হ) : কিতাপ কেইখনমান পঢ়াৰ পিছতহে তাৰ চকু গজিছে।
থেৰোগেৰোঁ কৰা (কোনো কাম কৰোঁ নকৰোঁ কৰা অৱস্থা) : এলেহুৱা লোকে কাম কৰিবলগীয়া হ’লেই থেৰোগেৰোঁ কৰে।
চকু দিয়া (নজৰ ৰখা) : আমাৰ কাম-কাজৰ দ্বাৰাই পিতৃ-মাতৃ যাতে অসন্তুষ্ট নহয় তাৰ প্ৰতি আমি চকু দিয়া উচিত।

খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2001

৪। বুকুৰ কুটুম, কাণ কটা, ঘৰপতা, হাত লৰ। [HSLC’01]

বুকুৰ কুটুম (অতি আপোন) : বুকুৰ কুটুমজনৰ অন্যায় কোনেও সহ্য কৰিব নোৱাৰে।
কাণ কটা (দুষ্ট) : কাণ কটা স্বভাৱৰ লোকক কোনেও ভাল নাপায়।
ঘৰ পতা (বিয়া বাৰু হ) : বয়স হ’ল, ছোৱালী চাই সোনকালে ঘৰখন পাত।
হাত লৰ (চোৰ স্বভাৱ) : হাত লৰ স্বভাৱৰ মানুহে পালেই আনৰ বস্তু নিবলৈ বিচাৰে।

খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2001

৫। কাণে কাণ মাৰি, কপাল ফুল, বুকুৰ কুটুম, গা গধুৰ।[HSLC’02]

কাণে কাণ মাৰি (কোনোমতে, কথমপি): পৰীক্ষাত কাণে কাণ মাৰি উত্তীৰ্ণ হ’লে ভাল কলেজত নামভৰ্তি কৰিব পৰা নাযায়।
কপাল ফুল (সৌভাগ্য উদয় হ): চাৰিওজন পুতেক চাকৰিত সোমোৱাত মাক-বাপেকৰ কপাল ফুলিল।
বুকুৰ কুটুম (অতি আপোন): বুকুৰ কুটুমজনৰ প্ৰতি় সদায়ে মৰমীয়াল হোৱা উচিত।
গা গধুৰ (লেধা, কামধীৰ): গা গধুৰ লোকে কামবোৰ সোনকালে কৰিব নোৱাৰে।

খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2003

৬। অজীন পাতকী, হাত টান, গাই বাই চা, ন দি ক, পাবত গজা।[HSLC’03]

অজীন পাতকী (দুষ্ট): অজীন পাতকী লোকে য’তে ত’তে অঘটন ঘটাই ফুৰে।
হাত টান (কৃপণ): হাত টান মানুহৰ পৰা ধাৰৰ আশা নকৰাই শ্ৰেষ্ঠ।
গাই বাই চা (কৈ মেলি চা, কাকূতি-মিনতি কৰ): প্ৰধানৰ ওচৰত গাই বাই চাইহে তাৰ সন্তানটিৰ নামভৰ্তি ঠিক হ’ল।
ন দি ক (ডাঠি ক, জোৰ দি ক, বিশ্বাস অহাকৈ ক): অসত্য কথাক সত্য বুলি কোনেও ন দি ক’ব নোৱাৰে।
পাবত গজা (অস্বাভাৱিক): পাবত গজা নেতাই দেশৰ কল্যাণ সাধিব নোৱাৰে।

খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2004

৭। চকু চৰহা, মুখ লাগ, হাতত সাৰে ভৰিত সাৰে, পেটে ভাতে খা। [HSLC’04]

চকু চৰহা (আনৰ ভাল দেখিব নোৱাৰা): চকু চৰহা লোকে আনৰ ভাল হোৱা সহ্য কৰিব নোৱাৰে।
মুখ লাগ ( আনৰ লোভ লগাৰ পৰা পীড়া হ, শ্ৰীহীন হ): মুখ লগা কাৰণেই সুন্দৰ কলথোক নষ্ট হ’ল।
হাতত সাৰে ভৰিত সাৰে (কোনো সাৰ-সুৰ নোহোৱাকৈ): সি শুই থাকোঁতেই চোৰটোৱে তাৰ কাষৰেই হাতত সাৰে ভৰিত সাৰে গৈ বস্তুকেইপদ লৈ গ’ল।
পেটে ভাতে খা (কোনোৰকমে খাই লৈ চলি থাক): আজিকালি আনকি দুখীয়া লোকৰো পেটে ভাতে খাই চলাই টান হৈ পৰিছে।

খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2005

৮। উভৈনদী, কাণ বাগৰা, গাজত লগা, হাত টান। [HSLC’05]

উভৈনদী (অপৰ্যাপ্ত, উপচি): ভাগ্য ভাল হ’লে মানুহৰ ধনে-ধানে উভৈনদী হৈ পৰিছে।
কাণ বাগৰা (লোকৰ মুখে শুনা): কাণ বাগৰা কথাত বিশ্বাস কৰিব নালাগে।
গাজত লগা (হিয়াত লগা, মৰ্মান্তিক, হৃদয় বিদাৰক): গাজত লগা কথাই অন্তৰত বৰ দুখ দিয়ে।
হাত টান (কৃপণ): হাত টান মানুহে সজ কামতো ধন খৰচ কৰিব নোৱাৰে।

খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2006

৯। পানীৰ তলৰ কাঁইট, টুপাই বুৰ মাৰ, খাই পাত ফলা, ধোদৰ পচলা। [HSLC’06]

পানীৰ তলৰ কাঁইট (গোপন শত্ৰু): পানীৰ তলৰ কাঁইটৰ দৰে দেশখনৰ অনিষ্টকাৰী লোক কিমান আছে ধৰিব নোৱাৰি।
টুপাই বুৰ মাৰ (আসৈ মাত): অকৃতজ্ঞ লোকক সহায় কৰিলেও সহায় পোৱা নাই বুলি টুপাই বুৰ মাৰে।
খাই পাত ফলা (অশলাগী, উপকাৰীৰ উপকাৰ পাহৰা): খাই পাত ফলা লোকক উপকাৰ কৰি একো লাভ নাই।
ধোদৰ পচলা (এলেহুৱা, অকামিলা): ধোদৰ পচলা হৈ ঘূৰি ফুৰিলে আজিৰ দিনত মুখ নভৰে।

খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2007

১০। পেটে ভাতে খা, নাকত তেল দি শোৱা, চকু দিয়া, দুই নাও দুই ভৰি হোৱা। [HSLC’07]

পেটে ভাতে খা (কোনোৰকমে খাই লৈ চলি থাক): দাম বৃদ্ধি পালেই দৰিদ্ৰ লোকৰ পেটে ভাতে খাই জীয়াই থকাই টান হৈ পৰে।
নাকত তেল দি শোৱা (কোনো চিন্তা-ভাবনা নোহোৱাকৈ থকা): তোৰ সকলো কাম আনে কৰিব যেতিয়া তই নাকত তেল দি শুই থাক।
চকু দিয়া (নজৰ ৰখা): ল’ৰা-ছোৱালীয়ে যাতে অসৎ সংগ নলয় তাৰ প্ৰতি মাক-পিতাকে চকু দিয়া উচিত।
দুই নাও দুই ভৰি হোৱা (কি কৰোঁ কি নকৰোঁ অৱস্থা হোৱা): দুই নাও দুই ভৰি হোৱাতকৈ শান্ত হৈ বাট মোকোলোৱাটোয়েই শ্ৰেষ্ঠ।

খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2008

১১। পানীৰ তলৰ কাঁইট, চকুৰ কুটা দাঁতৰ শাল। [HSLC’08]

পানীৰ তলৰ কাঁইট (গোপন শত্ৰু) : পানীৰ তলৰ কাঁইটে ক’ত কি বিপদ ঘটায় ক’ব নোৱাৰি।
চকুৰ কুটা দাঁতৰ শাল (শত্ৰু, দেখিব নোৱাৰা) : আনৰ চকুৰ কুটা দাঁতৰ শাল হৈ লাভ নাই।

খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2009

১২। বিনা মেঘে বজ্ৰপাত, আমন-জিমনকৈ, উলহ মালহ, ডলাৰ বগৰী। [HSLC’09]

বিনা মেঘে বজ্ৰপাত (অভাৱনীয় ভাৱে, অকস্মাৎ বিপদ অহা): আমন-জিমনকৈ (মনমৰা) : বেয়া খবৰটো পাই সি আমন-জিমনকৈ বহি আছে।
উলহ মালহ (আনন্দ উৎসৱ সহ): বহু দিনৰ মূৰত ল’ৰাজন ঘৰলৈ ঘূৰি অহাত ঘৰখনত এক উলহ মালহ পৰিৱেশে বিৰাজ কৰিছে।
ডলাৰ বগৰী (ঘনাই মত বা বাসস্থান সলোৱা মানুহ): সৰু সৰু ল’ৰা-ছোৱালীবিলাক গোটেই দিনটো ডলাৰ বগৰীৰ দৰে ঘূৰি থাকে।

খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2010

১৩। আকাশ কুসুম, পানীৰ তলৰ কাঁইট। [HSLC’10]

আকাশ কুসুম (মনৰ মিছা কল্পনা): আকাশকুসুমত সময় কটায় কোনো লাভ নাই।
পানীৰ তলৰ কাঁইট (গোপন শত্ৰু): আমি সকলোৱে পানীৰ তলৰ কাঁইটক চিনিব পৰাকৈ বুদ্ধিমান হ’ব লাগে।

খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2011

১৪। উখল মাখল, কুন্দত কটা। [HSLC’11]

উখল মাখল (কিবা কাম কৰিবলৈ আয়োজন কৰোঁতে হোৱা আলোচনা): বিয়া পাতিবলৈ লোৱাত ঘৰখনত উখল মাখল লাগি পৰিছে।
কুন্দত কটা (ধুনীয়া, নিপোটল): ছোৱালীজনী ইমান ধুনীয়া যেন কুন্দত কটাহে।

খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2012

১৫। জাকত জিলিকা, ডলাৰ বগৰী, বগলী ভকত, গাই বাই চা। [HSLC’12]

জাকত জিলিকা ( বিখ্যাত, নামজলা): মহাত্মা গান্ধী এগৰাকী জাকত জিলিকা নেতা।
ডলাৰ বগৰী (ঘনাই মত বা বাসস্থান সলোৱা মানুহ): ডলাৰ বগৰীৰ দৰে হ’লে একো কামত নাহে।
বগলী ভকত (মিছলীয়া সাধু): সম্প্ৰতি বগলী ভকতৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে।
গাই বাই চা (কৈ মেলি চা, কাকূতি-মিনতি কৰ): হাত থকা মানুহৰ ওচৰত গাই বাই চালেও টকা পইচা নিদিলে চাকৰি পোৱাৰ আশা নাই।

খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2013

১৬। ধোদৰ পচলা, হাত লৰ, চকু চৰহা, কাণে কাণ মাৰি। [HSLC’13]

ধোদৰ পচলা (এলেহুৱা, অকামিলা): ধোদৰ পচলা হৈ ঘূৰি ফুৰিলে একো কামত নাহে।
হাত লৰ (চোৰ স্বভাৱ): হাত লৰ স্বভাৱৰ মানুহৰ লগত মিতিৰালি পাতিলে নিজৰহে বিপদ।
চকু চৰহা (আনৰ ভাল দেখিব নোৱাৰা): চকু চৰহা লোক সদায়ে মানসিক অস্থিৰতাত ভোগে।
কাণে কাণ মাৰি (কোনোমতে, কথমপি): পৰীক্ষাত সি কাণে কাণ মাৰি উত্তীৰ্ণ হোৱাত ভাল কলেজত নামভৰ্তি কৰিব অসুবিধা পাই আছে।

খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2014

১৭। উখল মাখল, জাকত জিলিকা, আশা ভৰসা, মন বান্ধ খা। [HSLC’14]

উখল মাখল (কিবা কাম কৰিবলৈ আয়োজন কৰোঁতে হোৱা আলোচনা): উখল-মাখল পৰিৱেশতো বহুতো কথা শিকিব পৰা যায়।
জাকত জিলিকা (অতি সুন্দৰ): ছোৱালীজনী দিনে দিনে জাকত-জিলিকা হৈ উঠিছে।
আশা ভৰসা (আশ্ৰয়): বিপদৰ সময়ত ঈশ্বৰেই একমাত্ৰ আশা-ভৰসা।
মন বান্ধ খা (মন দমা): মন বান্ধ খালেহে কামত সফলতা লাভ কৰিব পাৰি।

খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2015

১৮। উখল মাখল, আঁচলৰ ধন, উৰহীৰ ওৰ, জয়দেউ কাকূতি। [HSLC’15]

উখল মাখল (কিবা কাম কৰিবলৈ আয়োজনকৰোঁতে হোৱা আলোচনা): ইমান উখল মাখল হৈছে যে একো শুনিব নোৱাৰা হৈছোঁ।
আঁচলৰ ধন (অতি মৰমৰ): মোৰ জীয়েকজনী মোৰ বাবে আঁচলৰ ধন।
উৰহীৰ ওৰ ( আচল কথা): উৰহীৰ ওৰ ওলাই পৰাত ঘটনাটো সকলোৱে বুজি পালে।
জয়দেউ কাকূতি (অতি অনুনয়-বিনয়): মানুহজনে কত জয়দেউ কাকূতি কৰিলে, তথাপি তেওঁৰ অন্তৰ নগলিল।

খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2016

১৯। ৰমক জমক, উলহ মালহ, ডলাৰ বগৰী, তলা-নলা। [HSLC’16]

ৰমক-জমক (জিলমিলাই থকা): সৰু সৰুল’ৰা-ছোৱালীবিলাকে অতি ৰমক জমকৰে নিজৰ জন্ম দিনটো পালন কৰিব বিচাৰে।।
উলহ মালহ (আনন্দ উৎসৱ সহ): ঘৰৰ একমাত্ৰ ছোৱালীজনী শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাত ঘৰত এক উলহ মালহ পৰিবেশ।
ডলাৰ বগৰী (অনাই বনাই ঘূৰি ফুৰা): ডলাৰ বগৰী হৈ ফুৰিলে জীৱনত উন্নতি কৰিব নোৱাৰি।
তলা-নলা (আঁতি গুৰি): তলা-নলা নজনাকৈ কোনো কথাৰে মন্তব্য দিব নালাগে।

খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2017

২০। উলহ মালহ, আঁচলৰ ধন, ৰমক-জমক, এৰা ধৰা। [HSLC’17]

উলহ মালহ (আনন্দ উৎসৱ সহ): ভাৰতীয় ক্ৰিকেট দলটিয়ে অন্তিমখন খেল জিলাত চৌদিশে উলহ মালহ পৰিৱেশ দেখিব পোৱা গৈছে।
আঁচলৰ ধন (অতি মৰমৰ): একমাত্ৰ জীয়ৰী ইন্দিৰা গান্ধী, পিতৃ জৱাহৰলাল নেহৰুৰ আঁচলৰ ধন আছিল।
ৰমক-জমক (বৰ্ণাঢ্য): সৰ্বশেষত এখনি ৰমক জমক অনুষ্ঠান অনুষ্ঠিত হৈছিল।
এৰা ধৰা (ভালকৈ মনপুতি নলগা): এৰা ধৰা মনোভাৱৰে কোনো কামতেই সফল হ’ব নোৱাৰি।

খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2018

২১। খাই পাত ফলা, আলাসৰ লাডু, ন দি ক, ভিৰাই লৰ মাৰ। [HSLC’18]

খাই পাত ফলা (অশলাগী, উপকাৰীৰ উপকাৰ পাহৰা): খাই পাত ফলা লোকক উপকাৰ কৰি একো লাভ নাই।
আলাসৰ লাডু (অতি মৰমৰ): আইতাকৰ বাবে নাতিনী আলাসৰ লাডু।
ন দি ক (ডাঠি ক, জোৰ দি ক, বিশ্বাস অহাকৈ ক): এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ যে হমেই ন দি কব পাৰোঁ।
ভিৰাই লৰ মাৰ (পেলোৱা): সচাঁ কথা কোৱাৰ লগে লগে সি ভিৰাই লৰ মাৰিলে।


খণ্ডবাক্য বা জতুৱা ঠাঁচৰ শেষ বাক্য হিচাপে

শেষ বাক্য হিচাপে খণ্ডবাক্য বা জতুৱা ঠাঁচৰ একো কবলৈ নাই তথাপি আমি এষাৰ কথা উল্লেখ কৰিব লাগিব যে ১৯৯৮ -২০১৮ লৈ অহা HSLC Final Exam ত অহা খণ্ডবাক্য বা জতুৱা ঠাঁচৰ উদাহৰণ আমি আলোচনা কৰিছোঁ আৰু আমি দৃঢ় বিশ্বাসী যে আগন্তুক HSLC 2023 Final Exam ত ইয়াৰ পৰাই প্ৰশ্ন থাকিব।

4 thoughts on “খণ্ডবাক্য | জতুৱা ঠাঁচ | বাক্য ৰচনা”

Leave a Comment