কুশল কোঁৱৰৰ জীৱনী

নামকুশল কোঁৱৰ
জন্ম চন২১ মাৰ্চ, ১৯০৫ চন
জন্ম স্থানঘিলাধাৰী মৌজা, চাওদাং চাৰিআলি, অবিভক্ত শিৱসাগৰ জিলা (বৰ্তমান গোলাঘাট জিলা)
পৰিয়ালপিতৃ: সোণাৰাম কোঁৱৰ
মাতৃ: কনকেশ্বৰী কোঁৱৰ
শিক্ষা১) বালিজান এম. ভি. স্কুল
২) গোলাঘাট বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়
মৃত্যু১৫ জুন, ১৯৪৩ চন

বৃটিছৰ বিৰুদ্ধে দেশজুৰি সূচনা হোৱা স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল ভাৰতৰ আন আন প্ৰান্তৰ দৰে অসমৰো বহু যুৱক যুৱতী। দেশৰ স্বাৰ্থত এই স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ এক নজিৰ সৃষ্টি কৰিছিল বহু যুৱক যুৱতীয়ে। বৃটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা সংগ্ৰামৰ এগৰাকী শক্তিশালী সেনানী হ’ল কুশল কোঁৱৰ (Kushal Konwar)। কুশল কোঁৱৰৰ আপোচ বিহীন স্থিতি আৰু অফুৰন্ত সাহসে অসমত ভাৰত ত্যাগ আন্দোলনক এক নতুন গতি প্ৰদান কৰিছিল। কুশল কোঁৱৰ হ’ল দেশ প্ৰেম, ত্যাগ আৰু সাহসৰ এক প্ৰতীক। তেওঁ এজন ব্যক্তি নহয় তেওঁ হ’ল এক অনুষ্ঠান, যিয়ে প্ৰতিটো সময়তে দেশৰ বাবে হাঁহিমুখে কৰা আত্মবলিদানৰ কথা সোঁৱৰাই থাকে।

কুশল কোঁৱৰৰ জীৱনী

কুশল কোঁৱৰ প্ৰাৰম্ভিক জীৱন

দেশৰ স্বাৰ্থত আত্মবলিদান দিয়া সাহসী যুদ্ধা কুশল কোঁৱৰৰ জন্ম হৈছিল ১৯০৫ চনৰ মাৰ্চ মাহৰ ২১ তাৰিখে গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ চাওদাং চাৰিআলিত। তেখেতৰ পিতৃৰ নাম আছিল – সোণাৰাম কোঁৱৰ আৰু মাতৃৰ নাম আছিল কনকেশ্বৰী কোঁৱৰ। গুৰুত্বপূৰ্ণ কথা যে কুশল কোঁৱৰ হ’ল ছশ বছৰীয়া আহোম ৰাজত্বকালত উল্লেখযোগ্য ভূমিকা পালন কৰা তুঙ্গখুঙীয়া ফৈদৰ সন্তান।

কুশল কোঁৱৰে ১৯১৮ চনত বালিজান এম. ভি. স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত গোলাঘাট চৰকাৰী হাইস্কুলত নামভৰ্তি কৰে। গুৰুত্বপূৰ্ণ কথা যে কৈশোৰত ভৰি দিয়া সময়তে অৰ্থাৎ কুশল কোঁৱৰৰ প্ৰায় ১৭ বছৰ মান বয়সত সমগ্ৰ দেশজুৰি চাঞ্চল্য সৃষ্টি কৰা নিৰ্মম আৰু নিষ্ঠুৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৯১৯ চনত। জালিয়ানৱালাবাগৰ এই হত্যাকাণ্ড আৰু ১৯১৯ চনত ব্ৰিটিছ চৰকাৰে অনুমোদন জনোৱা ৰাৱলাট আইনৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি আৰম্ভ হোৱা অসহযোগ আন্দোলনৰ প্ৰভাৱ অসমতো পৰিছিল। দেশমাতৃক ৰক্ষা কৰিবলৈ সেই সময়ত আন আন ডেকা – গাভৰুৰ দৰে কুশল কোঁৱৰেও আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল।

স্বাধীনতা আন্দোলনত কুশল কোঁৱৰ

ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ কুশল কোঁৱৰে নিজৰ পৰিয়ালৰ প্ৰতিও দায়িত্ব পালন কৰিছিল। সেই সময়ত আৰ্থিক দুৰাৱস্থাৰ সন্মুখীন হৈ ১৯২৪ চনত বালিজান ত্যাগ কৰি ৰেংমা অঞ্চললৈ উঠি অহা পিতৃ সোণাৰাম কোঁৱৰক সকাহ দিয়াৰ উদ্দেশ্যে কুশল কোঁৱৰে খেতি-বাতিত মনোযোগ দিয়াৰ সমান্তৰালকৈ এখন দোকান স্থাপন কৰি পৰিয়ালটোক আৰ্থিক সকাহ দিবৰ বাবে যত্ন কৰিছিল।

কৰ্ম জীৱন

গুৰুত্বপূৰ্ণ কথা যে কুশল কোঁৱৰে আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰাৰ উপৰিও শিক্ষাৰ ক্ষেত্ৰ খনতো প্ৰচাৰ আৰু প্ৰসাৰ হোৱাৰ লগতে এক বৌদ্ধিক জাগৰণৰ সূচনা কৰিবলৈ ৰেংমাই অঞ্চলত বিশেষ উদ্যোগ হাতত লৈ ১৯২৫ চনত এখন স্কুল স্থাপন কৰে আৰু স্থাপিত বিদ্যালয়খন অৰ্থাৎ ৰেংমাই প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষক হিচাপেও দায়িত্ব গ্ৰহণ কৰে। উল্লেখ্য যে পৰিয়ালৰ আৰ্থিক দুৰাৱস্থাৰ বাবে ৰেংমা প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে দুটা বছৰ দায়িত্ব পালন কৰাৰ পৰৱৰ্তী সময়ত ১৯২৭ চনত বালিজান চাহবাগিচাত বাগিচা পৰিদৰ্শক হিচাপে চাহ বাগিচাৰ কৰ্মজীৱন আৰম্ভ কৰে। অৱশ্যে বালিজান চাহ বাগিচাত বাগিচা পৰিদৰ্শক হিচাপে ১৯২৭ চনৰ পৰা ১৯৩৬ চনলৈকে কাৰ্যনিৰ্বাহ কৰাৰ পিছত ৩১ জুন তাৰিখে ব্ৰিটিছৰ শাসনৰ পৰা ভাৰতক মুক্ত কৰিবৰ বাবে মহাত্মা গান্ধীৰ নেতৃত্বত এখন শক্তিশালী সংগ্ৰামৰ সূচনা কৰিবলৈ স্বেচ্ছাই বাগিচা পৰিদৰ্শকৰ চাকৰিটো ত্যাগ কৰে।

সংগ্ৰামী জীৱন

কুশল কোঁৱৰ আছিল মহাত্মা গান্ধীৰ একান্ত অনুৰাগী। তেওঁৰ জীৱনত অহিংসা পূজাৰী মহামানৱ মহাত্মা গান্ধীৰ ভূমিকা আছিল অপৰিসীম। ১৯২১ চনৰ পৰা কুশল কোঁৱৰে ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিলেও ১৯৩৪ চনতহে গোলাঘাটলৈ মহাত্মা গান্ধী অহাৰ সময়ত সংগ লাভ কৰিছিল তেওঁ। গুৰুত্বপূৰ্ণ কথা যে মহাত্মা গান্ধীৰ প্ৰভাৱত জীৱনৰ গতিপথ তথা জীৱন দৰ্শন সম্পূৰ্ণ ৰূপে সলনি হৈ গৈছিল কুশল কোঁৱৰৰ। মহাত্মা গান্ধীৰ দৰেই কুশল কোঁৱৰে নিৰামিষভোজী হৈছিল, হিংসাক পৰিত্যাগ কৰি অহিংস নীতিক আকোৱালী ল’বৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছিল। ইয়াৰ উপৰিও কুশল কোঁৱৰে দৈনিক গীতা অধ্যয়ন কৰাৰ লগতে গীতাক সংগী হিচাপেও বাচি লৈছিল। গুৰুত্বপূৰ্ণ কথা যে স্বদেশী বস্তু গ্ৰহণ কৰি স্বাৱলম্বী হ’বলৈ প্ৰয়াস কৰা কুশল কোঁৱৰে নিমখ বৰ্জন কৰিছিল। জীৱনৰ অন্তিম সময়লৈকে এইসমূহ প্ৰতিশ্ৰুতি ৰক্ষা কৰিছিল কুশল কোঁৱৰে।

স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰা কুশল কোঁৱৰে স্বাধীনতা আন্দোলনৰ কাৰ্যসূচী সমূহ অসমৰ বিভিন্ন প্ৰান্তত প্ৰসাৰ হ’বলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেখেতে প্রতিটো অঞ্চলতে মৌজা বা আঞ্চলিক ভিত্তিত একোখন ৰায়ত সভা গঠন কৰাৰ ক্ষেত্ৰত বিশেষ উদ্যোগ হাতত লৈছিল। গুৰুত্বপূৰ্ণ কথা যে কুশল কোঁৱৰে সৰুপথাৰ অঞ্চলৰ ৰায়ত সভাৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সকলো মানুহক একত্ৰিত কৰি ঐক্যবদ্ধ ভাৱে যুঁজিবলৈ ব্যক্তিগত ভাৱেও প্ৰচেষ্টা হাতত লৈছিল কুশল কোঁৱৰে। পৰৱৰ্তী সময়ত কুশল কোঁৱৰে সৰুপথাৰ অঞ্চলৰ লোকসকলক নেতৃত্ব প্ৰদান কৰাৰ লগতে সৰুপথাৰ কংগ্ৰেছৰ সম্পাদক হিচাপেও দায়িত্ব পালন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে কুশল কোঁৱৰে স্বাধীনতা সংগ্ৰামৰ বিভিন্ন কার্যসূচীত ভাগ লোৱা তথা নেতৃত্ব দিয়াৰ সমান্তৰালকৈ মহাত্মা গান্ধীৰ আদৰ্শেৰে ‘কানি বৰবিহ’ আৰু ‘অস্পৃশ্যতা বর্জন’ কৰিবৰ বাবেও আহোপুৰুষাৰ্থ কৰিছিল। ইয়াৰ উপৰিও বিদেশী বস্তু বৰ্জন কৰি স্বদেশী বস্তু গ্ৰহণ কৰিবৰ কাৰণে কুশল কোঁৱৰে নিজেই মেছিনত টুপী আৰু খদ্দৰৰ কাপোৰ চিলাই কৰি কংগ্ৰেছ কৰ্মী সকলৰ মাজত বিতৰণ কৰিছিল।

ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ১৯২১ চনত সংগঠিত ৰূপত সূচনা হোৱা অসহযোগ আন্দোলন ক্ৰমান্বয়ে তীব্ৰতৰ হৈ আহি ১৯৪২ চনত শক্তিশালী ৰূপত প্ৰতিফলিত হৈছিল। গুৰুত্বপূৰ্ণ কথা যে মহাত্মা গান্ধীৰ নেতৃত্বত সূচনা হোৱা এই আন্দোলনৰ মূল মন্ত্ৰ আছিল ‘কৰিম নহয় মৰিম’। স্বদেশৰ স্বাধীনতাৰ স্বপ্ন দিঠক কৰিবলৈ এই আন্দোলনৰ লগত অসমৰো প্ৰতিজন জনতা একাত্ম হৈ আন্দোলনত অংশগ্ৰহণ কৰিছিল। ব্রিটিছৰ সাম্রাজ্যবাদী হাতোৰাৰ পৰা মুক্তি পাবৰ বাবে কুশল কোঁৱৰেও এই আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে পোনতে অহিংসা নীতিৰে পৰিচালিত হোৱা এই আন্দোলনটো পৰৱৰ্তী সময়ত হিংসাৰ ফালে গতি কৰিছিল। ৰে’লপথ বিচ্ছিন্ন কৰা, টেলিগ্রাফ-টেলিফোনৰ খুটা আৰু দলং ভঙা, সৈন্যৰ ছাউনী জ্বলোৱা আদি হিংসাত্মক কার্য আন্দোলনকাৰী সকলে সংঘটিত কৰিলে। অৱশ্যে এই হিংসাত্মক কাৰ্য সমূহৰ পৰা সম্পূৰ্ণ আঁতৰত আছিল মহাত্মা গান্ধীৰ গভীৰ অনুৰাগী কুশল কোঁৱৰ। আন্দোলনৰ অংশ হিচাপে কোনো ধৰণৰ হিংসাত্মক কাৰ্য সংঘটিত কৰাৰ ক্ষেত্ৰত পক্ষপাতী নাছিল কুশল কোঁৱৰ। যাৰ বাবে আন আন আন্দোলনকাৰী সকলৰ লগত কুশল কোঁৱৰৰ সংঘাত সৃষ্টি হৈছিল।

গুৰুত্বপূৰ্ণ কথা যে কুশল কোঁৱৰৰ বিৰোধিতা স্বতেও কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মৃত্যু বাহিনীৰ বহু সদস্যই সৰুপথাৰৰ ওচৰৰ চাংপুলত ৰেল দুর্ঘটনা সংঘটিত কৰিবলৈ পৰিকল্পনা হাতত লৈছিল। কুশল কোঁৱৰে হিংসাত্মক কাৰ্য সংঘটিত নকৰিবলৈ অনুৰোধ জনোৱাৰ পিছতো সৰুপথাৰৰ ওচৰত সৈন্যবাহিনী কঢ়িয়াই অনা এখন ৰেল বাগৰাই দিলে, ইয়াৰ পৰিণতিত ইংৰাজৰ কেইবা শ সৈন্যই মৃত্যুক সাৱটি লৈছিল।

উল্লেখ্য যে কুশল কোঁৱৰ এই ঘটনাৰ লগত জড়িত হৈ থকা নাছিল যদিও ইংৰাজৰ পুলিচে ১৯৪২ চনৰ তিনি নৱেম্বৰত তেওঁক গ্রেপ্তাৰ কৰে আৰু ৰে’ল দুর্ঘটনা কৰা দলটোৰ দলপতি বুলি অভিযুক্ত দাবী উত্থাপন কৰে ইংৰাজৰ মেজিষ্ট্রেটে। পৰৱৰ্তী সময়ত কুশল কোঁৱৰক ৫ নৱেম্বৰ তাৰিখে যোৰহাটৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে। কুশল কোঁৱৰে যোৰহাট জেইলত প্রথম ১২ দিন বিচাৰাধীন বন্দী হিচাপে আৰু বাকী ১০০ দিন নিজান কক্ষত কটাব লগীয়া হৈছিল। অৰ্থাৎ ১১২ দিন কাৰাবন্দী হৈ আছিল কুশল কোঁৱৰ। এক দীঘলীয়া সময় কাৰাবন্দী জীৱন পাৰ কৰাৰ পিছত ১৯৪৩ চনৰ ৬ মাৰ্চ তাৰিখে যোৰহাট আদালতে কুশল কোঁৱৰ সন্দৰ্ভত ৰায় ঘোষণা কৰিছিল যে কুশল কোঁৱৰক শাস্তি হিচাপে ফাঁচি দণ্ডেৰে দণ্ডিত কৰিব লাগে। আৰু ১৯৪৩ চনৰ ১৫ জুনত যোৰহাট জিলা কাৰাগাৰত ফাঁচী কাঠত ওলমোৱা হয় কুশল কোঁৱৰক।

গুৰুত্বপূৰ্ণ কথা যে কুশল কোঁৱৰে স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁৰ পত্নী প্রভাৱতীৰ ভূমিকা আছিল অনস্বীকাৰ্য্য। দেশৰ স্বাধীনতাৰ বাবেই প্ৰতিটো পল আন্দোলনত দিয়া কুশল কোঁৱৰৰ অনুপস্থিতিত দুটা সন্তানৰ সৈতে ঘৰৰ প্ৰতিটো দায়িত্ব পালন কৰিছিল প্রভাৱতীয়ে।

সামৰণি

বগা পাৰ্চিয়ান কোট, খুদ্দৰৰ সেউজীয়া পাৰি থকা চাদৰ আৰু মূৰত গান্ধী টুপী পিন্ধা ৩৭ বছৰীয়া কুশল কোঁৱৰৰ ব্যক্তিত্ব আছিল অতি শক্তিশালী। তেওঁৰ জীৱনাদৰ্শ, পৰিশ্ৰম-শক্তি আছিল অনুকৰণীয়। গুৰুত্বপূৰ্ণ কথা যে স্থিতপ্ৰজ্ঞ কুশল কোঁৱৰে ফাঁচীৰ ৰায়দান শুনিও বিচলিত হোৱা নাছিল। তেখেতে ভাৰতবৰ্ষৰ কোটি কোটি মানুহৰ মুক্তিৰ অৰ্থে প্ৰাণ আহুতি দিবলৈ, দেশৰ কাৰণে, মানুহৰ কাৰণে প্ৰাণ দিবলৈ সক্ষম হোৱাটো জীৱনৰ ডাঙৰ সৌভাগ্য বুলিহে গণ্য কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে কুশল কোঁৱৰে কাৰাবন্দী হৈ থকা সময়চোৱাত গীতা পঢ়ি অতিবাহিত কৰিছিল। হিংসাত্মক ঘটনাৰ লগত জড়িত হৈ নাথাকিলেও আদালতে প্ৰদান কৰা ফাঁচি ৰায়ৰ বাবে তেওঁ হতাশ হোৱাৰ পৰিৱৰ্তে সকলো কথা ইতিবাচক ভাৱে গ্ৰহণ কৰিছিল। দেশৰ বাবে আত্মবলিদান দিবলৈ তেওঁ হাঁহিমুখে আগবাঢ়ি আহিছিল। গুৰুত্বপূৰ্ণ কথা যে কুশল কোঁৱৰ আছিল ১৯৪৩ত ফাঁচিকাঠত প্রাণ দিয়া শেহৰজন অসমীয়া সংগ্রামী।

সমগ্ৰ জীৱনত হিংসাক প্ৰশ্ৰয় নিদিলেও বিনা দুখক ফাঁচি কাঠত ওলমিব লগা হোৱা কুশল কোঁৱৰ কেৱল ফাঁচি দণ্ডেৰে দণ্ডিত হোৱা বাবে নহয় তেওঁৰ সততা, স্থিতপ্ৰজ্ঞ মনোভাৱ, শক্তিশালী ব্যক্তিত্ব আৰু সত্যনিষ্ঠ আদৰ্শৰ বাবে সকলোৰে আদৰ্শ হৈ ৰʼব।

Source: Wiki Pedia, Vikashpedia & Others

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment