অৰ্থনৈতিক উন্নয়ন | Class 10 Social Science

আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ Assamese Medium ৰ দশম মান শ্ৰেণীৰ সমাজ বিজ্ঞান লৈ। আমি আলোচনা কৰিম দশম মান শ্ৰেণীৰ সমাজ বিজ্ঞান (Class 10 Social Science) ৰ অৰ্থনীতি বিজ্ঞান অংশৰ দ্বিতীয় অধ্যায় অৰ্থনৈতিক উন্নয়ন

দশম মান শ্ৰেণীৰ সমাজ বিজ্ঞান (Class 10 Social Science) ৰ অৰ্থনীতি বিজ্ঞান অংশৰ দ্বিতীয় অধ্যায় “অৰ্থনৈতিক উন্নয়ন” ৰ আলোচনাৰ মূল বিষয়বোৰ হৈছে : অৰ্থনৈতিক বিকাশ আৰু ইয়াৰ প্ৰসাৰতা আৰু উন্নয়ন, মানৱ উন্নয়ন, অৰ্থনৈতিক আৰু গণতান্ত্ৰিক পৰিকল্পনা , ইয়াৰ উদ্দেশ্য আদি, ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনা সমূহ আৰু ইয়াৰ মূল বৈশিষ্ট, উদাৰীকৰণ, ব্যক্তিগতকৰণ, গোলকীকৰণ বা বিশ্বায়ন আৰু অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনা (২০১২-২০১৭) ।


অৰ্থনৈতিক উন্নয়ন: ইয়াত কি কি আছে?

সমাজ বিজ্ঞান (Class 10 Social Science) ৰ অৰ্থনীতি বিজ্ঞান অংশৰ দ্বিতীয় অধ্যায় অৰ্থনৈতিক উন্নয়নৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ, সাম্ভাব্য প্ৰশ্নৰ উত্তৰ, অতিৰিক্ত প্ৰশ্নৰ উত্তৰ, চমু প্ৰশ্নৰ উত্তৰ, অতি চমু প্ৰশ্নৰ উত্তৰ আদি সন্নিৱিষ্ট কৰি প্ৰস্তুত কৰি তোলা হৈছে ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে।


এটা বাক্যত বাখ্যা (উত্তৰ) কৰা

১| (ক) অর্থনৈতিক বিকাশ (খ)অর্থনৈতিক উন্নয়ন (গ) মানব উন্নয়ন। (ঘ) অর্থনৈতিক পৰিকল্পনা। (ঙ) গণতান্ত্রিক পৰিকল্পনা (চ) উদাৰীকৰণ (ছ) ব্যক্তিগতকৰণ (জ) গােলকীকৰণ বা বিশ্বায়ন

উত্তৰঃ
(ক) অর্থনৈতিক বিকাশ:
অর্থনৈতিক বিকাশ হল দেশ এখনৰ জাতীয় আয় আৰু জনমূবি আয় বৃদ্ধি।

(খ) অর্থনৈতিক উন্নয়ন: দেশৰ প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ মাধ্যমেৰে উৎপাদন ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰি জীৱন ধাৰণৰ সাধাৰণ মানদণ্ড উন্নত কৰাকে অর্থনৈতিক উন্নয়ন বােলে।

(গ) মানৱ উন্নয়নঃ যি উন্নয়নে জনসাধাৰণৰ সামূহিক পছন্দৰ বিস্তাৰ সাধন হােৱাটো বুজায় তাকেই মানব উন্নয়ন বােলে।

(ঘ) অর্থনৈতিক পৰিকল্পনা: নির্ধাৰিত এছােৱা সময়ৰ ভিতৰত কেতবােৰ সুনির্দিষ্ট লক্ষ্যত উপনীত হােৱাৰ উদ্দেশ্য এক কেন্দ্রীয় কর্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্রণ আৰু দিগদর্শনেই হ’ল অর্থনৈতিক পৰিকল্পনা।

(ঙ)গণতান্ত্রিক পৰিকল্পনা: যি পৰিকল্পনাৰ যুগতকৰণৰ বিভিন্ন পর্যায়ত ৰাইজৰ অংশগ্রহণ সুনিশ্চিত কৰা হয় সেই পৰিকল্পনাই হ’ল গণতান্ত্রিক পৰিকল্পনা।

(চ) উদাৰীকৰণঃ দেশৰ আর্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ৰ শিথিলকৰা হ’ল উদাৰীকৰণ।

(ছ) ব্যক্তিগতকৰণঃ চৰকাৰী নিয়ন্ত্রণ আৰু ব্যৱস্থাপনৰ অধীনত থকা প্রতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া। নীতিয়েই হ’ল ব্যক্তিগতকৰণ।

(জ) গােলকীকৰণ বা বিশ্বায়নঃ দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্ব অর্থনীতিৰ সংযােগ স্থাপন বা সংহতি সাধন কৰাটোৱেই হ’ল গােলকীকৰণ বা বিশ্বায়ন।


চমু উত্তৰৰ প্ৰশ্ন- অৰ্থনৈতিক উন্নয়ন

২) অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্মানৰ দুটা প্রধান পার্থক্য উল্লেখ কৰা।
উত্তৰঃ অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উায়নৰ দুটা প্রধান পার্থক্য হল-

(ক) অর্থনৈতিক বিকাশৰ অৰ্থসীমিত; কিন্তু অর্থনৈতিক উন্নয়ন অর্থ বহল।

(খ) অর্থনৈতিক বিকাশ হলেই অর্থনৈতিক উন্নয়ন হৈছে বুলি ক’ব নােৱাৰি কিন্তু অর্থনৈতিক উন্নয়ন হ’ব লাগিলে অর্থনৈতিক বিকাশ হব লাগিব।

৩) মানব উন্নয়নৰ তিনিটা সূচক কি কি?
উত্তৰঃ মানব উন্নয়নৰ তিনিটা সূচক হ’ল-

  1. প্রত্যাশিত আয়ুস
  2. শিক্ষা
  3. জীৱন-যাত্ৰাৰ মান।

8) সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা ?
উত্তৰ:
মানৱ উন্নয়নৰ ধাৰণাটোৰ লগত সমষ্টিগত পছন্দৰ সম্পর্ক ওতঃপ্রোত ভাবে জড়িত। মানৱ উন্নয়নে জনসাধাৰণৰ সামূহিক পছন্দৰ বিস্তাৰ সাধনৰ ওপৰত গুৰুত্ব আৰােপ কৰিছে। এই সমষ্টিগত পছন্দই অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দ সামৰি লৈছে। দেশ এখনৰ প্ৰকৃত সম্পদ হ’ল দেশখনৰ জনসাধাৰণ আৰু সেয়ে মানুহৰ সামাজিক, সামূহিক, অর্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন-যাত্ৰাৰ মান বৃদ্ধি হ’ব লাগে।

৫) ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য উল্লেখ কৰা।
উত্তৰ: ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য হল-

  • অর্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্রতৰ কৰা ৷
  • আর্থ-সামাজিক বৈষম্য দূৰ কৰা ৷
  • দৰিদ্ৰতা নির্মূল কৰা আৰু নিয়ােগৰ সা-সুবিধা সমূহ বৃদ্ধি কৰা ৷

৬) NITI আয়োগৰ সদস্যসকল কোন কোন?
উত্তৰঃ NITI আয়ােগৰ অধ্যক্ষ হ’ল প্রধানমন্ত্রী। এই আয়ােগৰ অন্যান্য সদস্যসকল হ’ল এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপালসকল, চাৰিগৰাকী কেন্দ্রীয় মন্ত্রী, মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল।


অৰ্থনৈতিক উন্নয়ন – দীঘল উত্তৰপ্রশ্ন

৭। ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ প্ৰথমছােৱা (১৯৫১-১৯৯১) আৰু দ্বিতীয়ছােৱা (১৯৯১ ৰ পৰা বর্তমানলৈ)ৰ মাজত থকা এটা মূল পার্থক্য ব্যাখ্যা কৰা।

উত্তৰ: ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নক ব্যাখ্যা দুটা ভাগত ভাগ কৰিব পাৰি— প্রথমে ১৯৫০-৫১চনৰ পৰা ১৯৯০-৯১ চনলৈ আৰু দ্বিতীয়তে ১৯৯০-৯১ চনৰ পৰা বৰ্তমানলৈ। ১৯৫০-৫১ চনৰ পৰা ১৯৯০-৯১ চনৰ সময়ছােৱাত ভাৰতীয় অর্থনীতিৰ গুৰি ধৰোঁতা আছিল ৰাজহুৱা খণ্ড।ব্যক্তিগত খণ্ডৰ ভূমিকা আছিল গৌণ। ভাৰতবৰ্ষৰ আর্থিক ব্যবস্থা হৈছে মিশ্রিত আর্থিক ব্যৱস্থা। যি আর্থিক ব্যৱস্থাত ৰাজহুৱা বা চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহাৱস্থান হয়, সেই আর্থিক ব্যবস্থাই হ’ল মিশ্রিত আর্থিক ব্যবস্থা। ভাৰতীয় পৰিকল্পনাৰ প্ৰথমছােৱা সময়ত ৰাজহুৱা খণ্ডৰ তুলনাত ব্যক্তিগত খণ্ডৰ গুৰুত্ব কম আছিল। ভাৰতবৰ্ষক ঔদ্যোগিক নীতিয়ে সমাজবাদী সমাজ প্রতিষ্ঠা কৰাটো এক প্রধান লক্ষ্য হিচাপে গ্ৰহণ কৰিছিল। এই সময়ছােৱাত ভাৰতীয় অর্থনীতিৰ মূল লক্ষ্য সমূহ আছিল—

  1. অর্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰ কৰি তােলা।
  2. আধুনিক প্রযুক্তিবিদ্যা প্রয়ােগৰ ওপৰত গুৰুত্ব প্রদান ।
  3. আত্মনিৰ্ভৰশীলতা অর্জন কৰা।
  4. সামাজিক ন্যায় প্রতিষ্ঠা কৰা।

এই সময়ছােৱাত বেংক, বীমা, পৰিবহণ, ব্যৱসায়, কৃষি আদিৰ কিছু উন্নতি হ’ল। আনহাতে ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ দ্বিতীয়ছােৱাই ১৯৯১-৯২ চনৰ পৰা বৰ্তমানলৈ সামৰি লৈছে। এই সময়ছােৱাত ‘ভাৰতীয় অর্থনীতিৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ’ল। উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গােলকীকৰণৰ গুৰুত্ব বৃদ্ধি পালে আৰু ৰাজহুৱা খণ্ডৰ গুৰুত্ব হ্রাস পালে। এই তাৎপর্যপূর্ণ পৰিবৰ্তনৰ তিনিটা মূল কাৰণ। প্ৰথমতে, চৰকাৰী ব্যয় বৃদ্ধিৰ হাতকৈ চৰকাৰী আয় বৃদ্ধি কম হােৱা বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল। দ্বিতীয়তে, প্রধানকৈসীমিত উৎপাদনৰ ফলত সৃষ্টি হােৱা মুদ্রাস্ফীতি বা সা-সামগ্ৰীৰ নেৰানেপেৰা মূল্যবৃদ্ধিয়ে বিশেষকৈ সমাজৰ দুর্বল শ্ৰেণীৰ লােকক বাৰুকৈয়ে জুৰুলা কৰিলে। তৃতীয়তে ১৯৯০-৯১ চনত ভাৰতীয় অর্থনীতিলৈ বিদেশৰ মূলধন অহাটো কমি গৈছিল। আনহাতে, ভাৰতীয় অর্থনীতিৰ পৰা মূলধনৰ বহিগৰ্ম হৈছিল। সেয়েহে বিশ্ব বেংকৰ পৰামর্শ অনুসৰি ভাৰতত অর্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্ৰৱৰ্তন কৰিলে যিয়ে উদাৰীৰণ,ব্যক্তিগতকৰণ আৰু গোলকীকৰণ অৰ্যসূচীক উদগনি যােগাইছিল।

৮। ভাৰতবৰ্ষতঅর্থনৈতিক সংস্কাৰপ্ৰৱর্তনৰ তিনিটা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা।
উত্তৰ: ১৯৯১-৯২ চনৰ পৰা বৰ্তমানলৈ ভাৰতীয় অর্থনীতি এক গুৰুত্বপূর্ণ পবির্তন সাধিত হ’ল।উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গােলকীকৰণ বা বিশ্বায়ণেৰ গুৰুত্ব বৃদ্ধি পালে আৰুৰাজহুৱা খণ্ডৰ গুৰুত্ব হ্রাস পালে। এই তাৎপর্যপূর্ণ পৰিবৰ্তনৰ তিনিটা মূল কাৰণ তলত দিয়া হল-

(ক) চৰকৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম হােৱা বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত চৰকাৰী বিনিয়ােগৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল যদিও তেনে ভালেমান উদ্যোগে লােকচান ভৰিবলগীয়া হৈছিল। ১৯৯০ চনৰ মাৰ্চ মাহত ২৪৪ টাৰাজহ্বা খণ্ডৰ লােকচান ভৰা উদ্যোগৰ ভিতৰত ৫৮ টাইৰুগ্ন হৈ পৰিছিল।

(খ) দ্বিতীয়তে প্রধানকৈ সীমিত উৎপাদনৰ ফলত সৃষ্টি হােৱা মুদ্রাস্ফীতি বা সা-সামগ্ৰীৰ নেৰানেপেৰা মূল্যবৃদ্ধিয়ে বিশেষকৈ সমাজৰ দুর্বল শ্ৰেণীৰ লােকক বাৰুকৈয়ে জুৰুলা কৰিলে।

(গ) তৃতীয়তে, ১৯৯০-৯১ চনত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ছবিখন ভয়াবহ হৈ পৰিছিল। সেই সময়ছােৱাত নিম্নগামী ভাৰতীয় অর্থনীতিলৈ বিদেশৰ মূলধন অহাটো কমি গৈছিল। আনহাতে, ভাৰতীয় অর্থনীতিৰ পৰা মূলধনৰ বহির্গমন হৈছিল। ইয়াৰ ফলত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ঘাটিৰ পৰিমাণ উদ্বেগজনক হৈ পৰিছিল। সেই সময়ত বিশ্ব বেংকেও পৰামৰ্শ আগবঢ়ালে যে ভাৰতীয় অর্থনীতিৰ গাঁথনিমূলক পৰিবৰ্তন হ’ব লাগে। তাৰ পিছত অর্থনৈতিক সংস্কাৰৰ কাৰ্যসূচী গ্রহণ কৰিলে।

৯) অর্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা।
উত্তৰঃ অৰ্থনৈতিক সংস্কাৰৰ বাবে চৰকাৰে লোৱা পদক্ষেপ সমূহৰ সুফলসমূহ হৈছে-
i) অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি হৈছে ǀ
ii) পাইকাৰী মূল্যসূচী পূৰ্বতকৈ হ্ৰাস পাইছে ǀ
iii) ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে।

১০) অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা উল্লেখ কৰা।

উত্তৰঃ অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা হৈছে-
1) অৰ্থনীতিত প্ৰতিযোগিতাৰ প্ৰসাৰ আৰু তীব্ৰতা বৃদ্ধি কৰিছে ǀ বজাৰলৈ বিভিন্ন ধৰণৰ ন ন সা-সামগ্ৰী আহিব ধৰিছে ǀলাভালাভত গুৰুত্ব দিয়া বজাৰ সম্পৰ্কীয় বেছিভাগ প্ৰতিযোগিতাত সুস্হ মানসিকতা নিহিত নাথাকে ǀ
2) গোলকীকৰণৰ ফলত দেশখনে বা জনসাধাৰণে নিজৰ আত্মপৰিচয়ৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে ǀ গোলকীকৰণৰ বাবে বৰ্তমান সময়ত নিজস্বতা ধৰি ৰখাটো অতিশয় দূৰূহ কাৰ্য হৈ পৰিছেǀ ইতিমধ্যে বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি আৰু জনগোষ্ঠীয়ে বাহিৰাগতৰ আগ্ৰাসনত নিজ সভ্যতা-সংস্কৃতি হেৰুৱাই বিলুপ্তিৰ দিশে আগবাঢ়িছে ǀ

১১) অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য উল্লেখ কৰা ǀ

উত্তৰঃ অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য হ’ল-

  1. জৈৱ বৈচিত্ৰ ৰক্ষা কৰি জলবায়ু পৰিবৰ্তনৰ সমস্যাটোৰ মোকাবিলা কৰা ǀ
  2. কৃষি খণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ ৬ ৰ পৰা ৮ শতাংশলৈ বৃদ্ধি কৰা ǀ
  3. দৰিদ্ৰতা আৰু অৰ্থনৈতিক বৈষম্য হ্ৰাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা ǀ
  4. শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু শক্তি পৰিবহন আৰু বিতৰণৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰা ǀ
  5. শেহতীয়া প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্হাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়া সমস্যাটোৰ সমাধান কৰা ǀ
  6. অহা দুটা তিনিটা দশকৰ ভিতৰত অসমৰ উন্নয়নৰ হাৰ ১০ শতাংশৈ বৃদ্ধি কৰা ǀ

অতি চমু প্রশ্নোত্তৰ

১। অর্থনৈতিক পৰিকল্পনা বুলিলে কি বুজা?
উত্তৰঃ ৰাষ্ট্ৰৰ দ্বাৰা নিৰ্ধাৰিত নীতি অনুযায়ী অর্থনৈতিক কার্যকলাপ নিয়ন্ত্রণ কৰি জীৱন নির্বাহৰ মান উন্নয়নৰ কাৰনে যি সুনির্দিষ্ট পৰিকল্পনা হাতত লােৱা হয় তাকেই অর্থনৈতিক পৰিকল্পনা বােলে।

২। জনমুৰি আয় কি?
উত্তৰঃ জনমূৰি আয় হ’ল এখন দেশৰ সমূহ জনসাধাৰণৰ গড় আয়। দেশৰ জাতীয় আয় বা ৰাষ্ট্ৰীয় আয়ক, দেশৰ মুঠ জনসংখ্যাৰ মাজত ভাগ কৰি দিলে জনমুৰি আয় পােৱা যায়।

অথাৎ জনমুৰি আয় = মুঠ ৰাষ্ট্ৰীয় আয় / মুঠ জনসংখ্যা।

৩। ঋতুজ নিবনুবা কি?
উত্তৰ: ভাৰতবৰ্ষৰ কৃষি সমাজত ঋতুজ নিবনুৱা এটা স্বাভাৱিক অৱস্থা। জলবায়ু আৰু বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি থকা পৰম্পৰাগত কৃষিখণ্ডইবছৰৰ সকলাে সময়ত নিয়মিত ভাৱেকর্মসংস্থানৰ সুবিধা আগবঢ়াৰ নােৱাৰে। গতিকে খেতিয়কসকলে নিচ্ছাকৃতভাৱেবচৰৰ কেইমাহমান এনেয়ে ঘৰত বহিবলগীয়া হয়। এনে কর্মহীন খেতিয়ক সকলক ঋতুজ নিবনুৱা বােলে।

8। বজাৰ অর্থনৈতিক ব্যৱস্থাত চৰকাৰৰ ভুমিকা কেনে ধৰণৰ?
উত্তৰঃবজাৰ অর্থনৈতিকব্যৱস্থাত চৰকাৰৰ সক্রিয় প্রচেষ্ঠাতহে অর্থনৈতিক উন্নয়ন সম্ভৱ হৈ উঠে।সেয়েহেবজাৰঅর্থনৈতিক ব্যৱস্থাৰ সামাজিক আৰু অর্থনৈতিক দ্রুত পৰিবৰ্তনৰ ক্ষেত্ৰত দক্ষ আৰু দায়িত্বশীল চৰকাৰৰ প্রয়ােজন। এখন চৰকাৰে সেই দেশ নাইবা অঞ্চলৰ মুখ্য অর্থনৈতিক উৎপাদনক প্রভাতি আৰু নিয়ন্ত্রণ কৰিব পৰা ভূমিকা পালন কৰ্বি লাগে।

৫। বজাৰ অর্থনীতি বুলিলে কি বুজা?
উত্তৰঃ বজাৰ অর্থনীতি হ’লয’ত বজাৰ দুটা প্রধান শক্তি চাহিদা আৰু যােগানৰ, ক্রিয়া-প্রক্রিয়াৰ ফলত বজাৰ এখন পৰিচালিত হয়। অর্থাৎ, ইয়াৰ হিচাপত বস্তুৰ দাম, উৎপাদন, ভােগকাৰ্য্য, সঞ্চয়, বিনিয়ােগ ইত্যাদি নিয়ন্ত্রিত হয়।

৬। দাৰিদ্ৰ চক্ৰৰ মূল কাৰণ কি?
উত্তৰ দাৰিদ্ৰ চক্ৰৰ মূল কাৰণ হ’ল – মূলধন বিনিয়ােগৰ অভাৱ।

৭। মিশ্র অর্থনীতি কি?
উত্তৰঃ যি অর্থনীতিত উৎপাদন ব্যৱস্থা, কিছুমান ৰাজহুৱা খণ্ড (চৰকাৰৰ হাতত)ৰ তাত থাকে আৰু বাকীখিনি ব্যক্তিগত খণ্ডৰ হাতত থাকে, সেই অর্থনৈতিক ব্যবস্থাক মিশ্র অর্থনীতি বােলে। যেনেঃ- ভাৰতবর্ষ।

৮। উন্নয়নশীল ৰাষ্ট্রৰ নিম্ন মূলধন গঠনৰ এটা কাৰণ আঙুলিয়াই দিয়া।
উত্তৰ: এটা কাৰণ হ’ল – নিম্নমানৰ সঞ্চয় আৰু বিনিয়ােগৰ পৰিমাণ।

৯। ভাৰত্ৰৰ পৰিকল্পনা আয়ােগ কোন চনত গঠন কৰা হৈছিল?
উত্তরঃ ১৯৫০ চনত।।

১০। ভাৰতৰ দশম পঞ্চবার্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হৈছিল ?
উত্তৰঃ ১ এপ্রিল ২০০২ ত।


শেষ বাক্য: অৰ্থনৈতিক উন্নয়ন

আজি আমি আলোচনা কৰিলোঁ দশম মান শ্ৰেণীৰ সমাজ বিজ্ঞান (Class 10 Social Science) ৰ অৰ্থনীতি বিজ্ঞান অংশৰ দ্বিতীয় অধ্যায় অৰ্থনৈতিক উন্নয়ন। ছাত্ৰ – ছাত্ৰীৰ সুবিধাৰ বাবে আমি যিকোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ সমূহ সন্নিৱিষ্ট কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছোঁ। আপুনি যদি ইয়াৰ উপৰিও কিছু প্ৰশ্নৰ উত্তৰ জানিব বিচাৰে তেন্তে Assamese Medium Facebook Page Follow কৰিব পাৰে। যিকোনো প্ৰশ্ন আমাক কমেণ্ট কৰি জনাব পাৰে , আমি সদায় প্ৰস্তুত আছোঁ আপোনালোকৰ সহায়ৰ বাবে।

প্ৰত্যুত্তৰ দিয়ক