অসমৰ ভূগোল প্ৰশ্ন উত্তৰ & MCQ | HSLC 2024

অসমৰ ভূগোল Class 10 Social ৰ আন এক গুৰুত্বপূৰ্ণ অধ্যায়। আমি Class 10 Social ৰ বহুত অধ্যায় আলোচনা কৰিছোঁ আৰু আজি আমি আপোনালোকক আকৌ স্বাগতম জনাইছোঁ Assamese Medium লৈ।  আজি আমি আলোচনা কৰিম সমাজ বিজ্ঞান দশম মান শ্ৰেণীৰ (Class 10 Social Science) ৰ ভূগোল অংশৰ চতুৰ্থ অধ্যায় অসমৰ ভূগোল।

অসমৰ ভূগোলত বহু কেইটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হৈছে তাৰে মাজৰ পৰা আমি কেৱল উল্লেখ কৰিব বিছাৰিছো কিছু বিষয়: জনসংখ্যা আৰু বসতি, জনগোষ্ঠীয় আৰু ভাষিক বৈচিত্ৰ, পৰিবহণ ব্যবস্থা, অসমৰ সম্পদ: প্ৰকাৰ আৰু উদ্যোগ, প্ৰাকৃতিক সম্পদৰ সংকট আৰু অসমৰ সংকট ইত্যাদি ।

অসমৰ ভূগোল প্ৰশ্ন উত্তৰ

অসমৰ ভূগোল সম্পূৰ্ণ প্ৰশ্ন উত্তৰ HSLC 2024

আনকি অসমৰ ভূগোল অধ্যায়ত অসমৰ অৰ্থনীতিৰ কিছু কথা আলোচনা কৰা হৈছে আৰু তাৰ মাজৰ পৰাই বিশেষকৈ কৃষি আৰু উদ্যোগ অৰ্থনৈতিক উন্নয়নৰ সমস্যা আৰু সম্বৱনা আদিৰ বিষয়ে আলোচনা কৰা হৈছে।

সেইবাবে আজি আমি অসমৰ ভূগোল নামৰ অধ্যায়ত অনুশীলনৰ প্ৰশ্ন উত্তৰ, সাম্ভাব্য প্ৰশ্নৰ উত্তৰ, অতিৰিক্ত প্ৰশ্নৰ উত্তৰ, অতি চমু প্ৰশ্নৰ উত্তৰ, চমু প্ৰশ্নৰ উত্তৰ আদি সন্নিৱিষ্ট কৰি ছাত্ৰ – ছাত্ৰীৰ সুবিধাৰ বাবে প্ৰস্তুত কৰি উলিওৱা হৈছে এখনি টোকা।

অসমৰ ভূগোল MCQ

1) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ গাৱৰ জনসংখ্যা কিমান শতাংশ ।
(a) 85.90%
(c) ৭২.১৯ %
(b) ৮৭.১০ %
(d) 90.90 %
উত্তৰ: (a) 85.90%

2) অসমত (২০১১) অনুসূচিত জনজাতিৰ জনসংখ্যা কিমান?
(a) ১২.৪১
(c) ১২.৪১
(b) 7.80
(b) (d) ১২.৪৫
উত্তৰ: (d) ১২.৪৫

3) ২০১১ চনৰ তথ্য মতেৰাক উপত্যকাত জনসংখ্যাৰ ঘনত্ব কিমান ?
(a) প্ৰতি বৰ্গকিলোমিটাৰত ৪৪৫ জন
(b) প্রতি বর্গকিলোমিটাৰত ৫৪৫ জন
(c) প্রতি বর্গকিলোমিটাৰত ৫৫০ জন
(d) প্রতি বর্গকিলোমিটাৰত ৫৫৫ জন
উত্তৰ : (b) প্রতি বর্গকিলোমিটাৰত ৫৪৫ জন

4) ২০১১ চনৰ তথ্য মতে কামৰূপ (মেট্রো) জনসংখ্যাৰ ঘনত্ব কিমান ?
(a) ২০২০ জন
(b) ২০১০ জন
(c) ২০১১ জন
(d) ২০২১ জন
উত্তৰ: (b) ২০১০ জন

5) জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহ জনজাতিটো কি?
(a) কছাৰী
(b) দেউৰী
(c) বড়ো
(d) সোণোৱাল কছাৰী
উত্তৰঃ (c) বড়ো

6) অসমৰ জনজাতিসকল মূলত : তলৰ কোণ প্ৰজাতিৰ লোক ?
(a) মংগোলীয়
(b) অষ্টিক
(c) আহোম
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (a) মংগোলীয়

7) কোন ধর্মালম্বী লোকৰ সংখ্যা আটাইতকৈ বেছি?
(a) খ্রীষ্টান
(b) হিন্দ
(c) ইছলাম
(d) বৌদ্ধ
উত্তৰ ঃ (b) হিন্দু

8) অসমত জনসংখ্যা বৃদ্ধিৰ কাৰণ কেইটা ?
(a) ৫ টা
(b) ৩ টা
(c) ২ টা
(d) ৪ টা
উত্তৰঃ (c) ২ টা

9) নাথ-যোগী জাতিৰ লোকসকল কোণ জন-গোষ্ঠীৰ অন্তৰ্গত ?
(a) মংগোলীয়
(b) অষ্ট্ৰিক
(c) ক’কেছীয়
(d) তিবতীয় বৰ্মন
উত্তৰঃ (c) ক’কেছীয়

10) গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাই পথটো (NH) হ’ল– (HSLC-2017)
(a) ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ
(b) ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ
(c) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
(d) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ
উত্তৰ: (b) ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ

11) বৰ্তমান অসমত কাজিৰঙাকে ধৰি মুঠৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ’ল—(HSLC-2018)
(a) ১০ খন
(b) ৭ খন
(c) ২০ খন
(d) ৬ খন
উত্তৰ : (b) ৭ খন

12) অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান অংশ আতৰি আছে?
(a) ২.১ শতাংশ
(b) ২.২ শতাংশ
(c) ২.৩ শতাংশ
(d) ২.৪ শতাংশ
উত্তৰ: (d) ২.৪ শতাংশ

13) ভাৰতবৰ্ষৰ কিমান শতাংশ লোক অসমত আছে।
(a) ২.৫ শতাংশ
(b) ২.৬ শতাংশ
(c) ২.৭ শতাংশ
(d) ২.২ শতাংশ
উত্তৰ: (b) ২.৬ শতাংশ

4) অসমৰ জলবায়ু কোন প্ৰকাৰৰ জলবায়ুৰ অন্তৰ্গত ?
(a) মৌচুমী জলবায়ুৰ অন্তৰ্গত
(b) উপক্রান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত
(c) নাতি-শীতোষ্ণ জলবায়ুৰ অন্তৰ্গত
(d) ওপৰৰ এটাও নহয়
উত্তৰ: (b) উপক্রান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত

15) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান ?
(a) ৩ কোটি ১০ লাখ
(c) ৩ কোটি ১১ লাখ
(b) ৩ কোটি ১২ লাখ
(d) ২ কোটি ১৩ লাখ
উত্তৰ : (b) ৩ কোটি ১২ লাখ

16) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ পুৰুষৰ সংখ্যা কিমান?
(a) ১৫০.৩৯ লাখ পুৰুষ
(b) ১৫৮.৩৯ লাখ
(c) ১৫৯.৩৯ লাখ
(d) ১৫৯.৪০ লাখ
উত্তৰঃ (c) ১৫৯.৩৯ লাখ

17) ২০১১ চনৰ লোকপিয়ল মতে অসমৰ শিক্ষিতৰ হাৰ কিমান ?
(a) ৭২.১৬
(b) 93.59
(c) ৭২.১৯
(d) ৭২.১৭
উত্তৰ: (c) ৭২.১৯ শতাংশ

18) প্রশ্ন : অসমৰ বৰ্ত্তমান জিলা কেইখন ?
(a) ২৬
(b) ২৭
(c) ৩০
(d) ৩১
উত্তৰ: (d) ৩১খন

19) অসমৰ ৰাজ্যভাষা কি?
(a) হিন্দী
(b) বড়ো
(c) অসমীয়া
(d) বাংলা
উত্তৰ: (c) অসমীয়া

20) অসমত সৰ্বপ্ৰথম কেতিয়া ৰে’লসেৱা আৰম্ভ হৈছিল ?
(a) ১৮৮৪
(c) ১৯৮৪
(b) ১৮৮৫
(d) ১৯৮৫
উত্তৰ: (a) ১৮৮৪

21) অসমক মুঠ কেইটা কৃষি জলবায়বীয় অঞ্চলত ভাগ কৰা হৈছে ?
(a) ৫ টা
(b) ৬ টা
(c) ৭টা
(d) ৯ টা
উত্তৰ: (b) ৬ টা

22) অসমৰ প্ৰধান শস্য কি?
(a) গমধান
(b) জবধান
(c) ধান
(d) বড়োধান
উত্তৰ: (c) ধান

23) পাহাৰীয়া অঞ্চলত কৰা খেতি এবিধৰ নাম লিখা ?
(a) ঘেঁহু
(c) ঝুম
(b) আলু
(d) শাক-পাচলী
উত্তৰ: (c) ঝুম

24) অসমত সর্বপ্রথম কেতিয়া জাহাজ চলিবলৈ লয় ?
(a) ১৮৪৮
(b) ১৮৩৯
(c) ১৮৪৯
(d) ১৮৫০
উত্তৰ: (c) ১৮৪৯

25) অসমত পোণ প্রথমে কোণ ঠাইত তেলৰ সন্ধান পোৱা গৈছে ?
(a) লাম দিং
(b) নুন মাটি
(c) ডিগবৈ
(d) নুমলিগড়
উত্তৰ : (c) ডিগবৈ

26) মূগা সূতাৰ আন এটা নাম কি?
(a) ৰূপালী সূতা
(c) আছু সূতা
(b) সোণালী সূতা
(d) বাদামী সূতা
উত্তৰ : (b) সোণালী সূতা

27) অসমৰ বেছিজনসংখ্যা থকা জিলাখন কি?
(a) কামৰূপ গ্ৰাম্য
(b) কামৰূপ মেট্রো
(c) নগাওঁ
(d) ধুবুৰী
উত্তৰঃ (c) নগাওঁ

28) উত্তৰ পূৱ ভাৰতৰ ভিতৰত এক মাত্র আন্তৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি ?
(a) তেজপুৰ
(c) ডিব্ৰুগড়
(b) যোৰহাট
(d) লোকপ্রীয় গোপিনাথ বৰদলৈ বিমান বন্দৰ
উত্তৰ : (d) লোকপ্রীয় গোপিনাথ বৰদলৈ বিমান

29) অসমৰ ভূ-প্রাকৃতিক ভাগ কেইটা?
(a) চাৰিটা
(c) ছয়টা
(b) পাঁচটা
(d) তিনিটা
উত্তৰ : (a) চাৰিটা

30) অসমৰ অৰণ্য সমূহক কেইটা ভাগত ভাগ কৰিব পাৰি?
(a) 8 b
(b) ৫ টা
(c) ৬ টা
(d) ৭ টা
উত্তৰ: (b) ৫ টা

31) অসমত মুঠ কিমানখন অভয়াৰণ্য আছে?
(a) ১০ খন
(b) ১৫ খন
(c) ২০ খন
(d) ২৫ খন
উত্তৰঃ (c) ২০ খন

32) ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ কিমান শতাংশ গেছ অসমে উৎপন্ন কৰে ।
(a) ২৯ শতাংশ
(b) ২৭ শতাংশ
(c) ২৬ শতাংশ
(d) ২৫ শতাংশ
উত্তৰ: (d) ২৫ শতাংশ।

33) বৰ্ত্তমান অসমৰ জিলাসমূহত কিমান কেইখন বাণিজ্যিক পাম আছে ?
(a) ২৯ খন
(c) ৬৪ খন
(b) ৬২ খন
(d) ৬৫ খন
(i) উত্তৰঃ (c) ৬৪ খন

34) অসমৰ উদ্যোগসমূহক কেইপ্ৰকাৰে ভাগ কৰিব পাৰি?
(a) 5 প্ৰকাৰে
(b) ৬ প্ৰকাৰে
(c) ৭ প্ৰকাৰে
(d) ৮ প্ৰকাৰে
উত্তৰ : (a) ৫ প্রকাৰে

35) অসমত তেল উৎপাদনৰ বাবে প্ৰথম খনন কাৰ্য্য কেতিয়া আৰম্ভ হয় ?
(a) ১৮৯০
(b) ১৮৮৯
(c) ১৮৮৮
(d) ১৮৮৭
উত্তৰ:(b) ১৮৮৯

36) অসমৰ আটাইতকৈ সেৰেঙা জনবসতিৰ জিলাখন কি ?
(a) দৰং জিলা
(c) ডিমা হাছাও
(b) বৰপেটা
(d) নগাঁও
উত্তৰ: (c) ডিমা হাছাও

37) অসমৰ এবিধ খনিজ সম্পদৰ নাম উল্লেখ কৰা ?
(a) কয়লা
(b) শিল
(c) বালি
(d) ওপৰৰ এটাও নহয
উত্তৰ : (a) কয়লা

অতি চমু প্ৰশ্নৰ উত্তৰ

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

a) বর্তমান অসমত কাজিৰঙাকে ধৰি মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হল— (ক) ১০ খন (খ) ৫ খন (গ) ২০ খন (ঘ) ৬খন।

উঃ (খ) ৫ খন।

b) ২০১১ চনৰ তথ্যমতে অসমৰ সবাতােকৈ ঘন বসতিপূর্ণ জিলা হৈছে— (ক) কামৰূপ মেট্র (খ) নগাঁও (গ) বৰপেটা (ঘ) গােৱালপাৰা।

উ : (ক) কামৰূপ মেট্র।

c) আহােমসকল অসমলৈ আহিছিল- (ক) ১২৩০ চনত (খ) ১২২৮ চনত (গ) ১২৩৫ চনত (ঘ) ১২৩৩ চনত

উ : (খ) ১২২৮ চনত।

d) মাটিকালি হিচাপে অসমৰ সৰ্ববৃহৎ জিলাখন হ’ল— (ক) কোকৰাঝাৰ (খ) ডিমা হাছাও (গ) কাৰ্বি আংলং (ঘ) কাছাৰ।

উ : (গ) কাৰ্বি আংলং।

e) সম্প্রতি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথক বাদ দি কিমান কিলােমিটাৰ পথ পকীকৰণ হৈছে?

উঃ ২৫,৫৪৬ কিলােমিটাৰ পথ পকীকৰণ হৈছে।

e) ২০১১ চনৰ তথ্য মতে অসমত কেইখন প্রথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্রেণীৰ চহৰ আছে?

উঃ ২০১১ চনৰ তথ্য মতে অসমত ৭ খন প্রথম শ্রেণীৰ আৰু ৬খন দ্বিতীয় শ্রেণীৰ চহৰ আছে। প্রথম শ্ৰেণীৰ চহৰ ৭ খন হ’ল— গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যােৰহাট, নগাওঁ, তেজপুৰ আৰু তিনিচুকীয়া। দ্বিতীয় শ্রেণীৰ ৬ খন চহৰ হ’ল— ধুবুৰী, ডিফু, উত্তৰ লক্ষীমপুৰ, কৰিমগঞ্জ, শিৱসাগৰ আৰু গােৱালপাৰা।

চমু প্ৰশ্নৰ উত্তৰ

১। অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবােৰ, উদাহৰণসহ চমুকৈ আলােচনা কৰা।

উ : অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণসমূহ হ’ল—

  1. যাতায়াত ব্যৱস্থা:  অসমৰ সকলাে ঠাইতে যাতায়াত ব্যৱস্থা সুচল নহয়। যিবােৰ অঞ্চলৰ যাতায়ত ব্যৱস্থা উন্নত সেইবােৰ অঞ্চলত জনসংখ্যা ঘনত্ব অধিক। উদাহৰণ স্বৰূপে ব্ৰহ্মপুত্ৰ উপত্যকাৰ নগাওঁ, বৰপেটা, গােৱালপাৰা আদি জিলাসমূহত বসতিৰ ঘনত্ব অধিক। কিন্তু পার্বত্য জিলা কার্বিআংলং আৰু ডিমাহাছাওত যাতায়াত ব্যৱস্থা সুচল নথকাৰ কাৰণে জনবসতিৰ ঘনত্ব কম।
  2. নগৰৰ ওপৰত ভিত্তি কৰি: নগৰবােৰত সাধাৰণতে গাওঁ অঞ্চলতকৈ বেপাৰ-বাণিজ্য, যাতায়াতে, শিক্ষা আদিৰ ক্ষেত্ৰত অধিক সুবিধা থকা বাবে গাঁও অঞ্চলতকৈ নগৰ অঞ্চলবােৰত জনসংখ্যা ঘনত্ব অধিক।
  3. প্রাকৃতিক পৰিৱশেৰ ভিন্নতা: অসমৰ প্রাকৃতিক পৰিৱেশ সকলাে ঠাইতে একে নহয়। ইয়াৰ কোনাে অঞ্চলৰ ভূমি সাৰুৱা, কোনাে অঞ্চলৰ ভূমি কম সাৰুৱা। উদাহৰণস্বৰূপে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাটি সাৰুৱা হােৱা বাবে উপত্যকা দুটাত জনসংখ্যা ঘনত্ব অধিক। ইয়াৰ বিপৰীতে কাৰ্বি আংলং আৰু ডিমা হাছাও পার্বত্য জিলা দুখনত সাৰুৱা মাটিৰ অভাৱৰ বাবে জনসংখ্যাৰ ঘনত্ব সেৰেঙা। ২০১১ চনৰ তথ্যমতে ২,৮২৬,০০৬ জনসংখ্যাৰে নগাওঁ জিলাখন অসমৰ ভিতৰত অধিক জনসংখ্যাৰ জিলা হিচাপে আৰু ২১৩,৫২৯ জনসংখ্যাৰে ডিমা হাছাও জিলাখন আটাইতকৈ কম জনসংখ্যাৰ জিলা হিচাপে স্বীকৃত হৈছে।
  4. কৃষি: অসমৰ সৰহভাগ লােক কৃষিৰ ওপৰত নিৰ্ভৰশীল। যিবােৰ অঞ্চলত কৃষিভূমিৰ বাবে সাৰুৱা ভূমিৰ পৰিমাণ বেছি সেইবােৰ অঞ্চলৰ জনবসতিৰ ঘনত্ব অধিক। উদাহৰণস্বৰূপে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাটি সাৰুৱা বাবে ইয়াত অসমৰ মুঠ জনসংখ্যাৰ ৮৫ শতাংশ লােক বাস কৰে।

২। সম্পদ বুলিলে কি বুজায়? অসমৰ প্রধান প্রাকৃতিক সম্পদবােৰ কি কি?

উ : মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়ােজনীয় সকলাে বস্তুকেই সম্পদ বােলা হয়। সম্পদ বুলিলে আমাৰ পৰিৱেশত থকা সেইবােৰ দ্ৰব্য বা বস্তুক বুজা যায়, যিবােৰ বস্তুৰ ব্যৱহাৰে আমাৰ অভাৱ আৰু অভিলাষ পূৰণ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে বতাহ, পানী, মাটি, উদ্ভিদ ইত্যাদি। অসমৰ প্রধান সম্পদবােৰ চাৰি ভাগত ভাগ কৰিব পাৰি। যেনে- (ক) খনিজ সম্পদ (খ) জল সম্পদ (গ) ভূমি সম্পদ আৰু (ঘ) বনজ সম্পদ।

প্রঃ ৩। অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবােৰ কি কি?

উ : অসমৰ প্রাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবােৰ হ’ল—

  • জনসংখ্যাৰ হেঁচাত ভূমিৰ ব্যৱহাৰৰ পৰিৱৰ্তন হৈ বনাঞ্চলৰ ভূমিৰ অনুপাত হ্রাস হৈছে।
  • প্রাকৃতিক সম্পদৰাজিৰ ব্যৱহাৰ সঠিক নােহােৱাৰ ফলত সম্পদৰ নাটনি, গুৰুতৰ পাৰিৱেশিক আৰু আর্থ- সামাজিক সমস্যাৰ সৃষ্টি হৈছে।
  • অবাধ গতিত বন ধ্বংস কার্য চলি থকাটোও প্রাকৃতিক সম্পদ অৱক্ষয়ৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হ’বলৈ ধৰিছে।
  • অসমত নগৰীকৰণ আৰু ঔদ্যোগীকৰণ প্ৰক্ৰিয়াৰ ফলত প্রাকৃতিক সম্পদসমূহৰ ওপৰত ইয়াৰ প্রত্যক্ষ আৰু পৰােক্ষ প্রভাৱ বৃদ্ধি পাইছে। প্রাকৃতিক সম্পদ আৱক্ষয়ৰ ইয়াে এটা কাৰণ।

৪। অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা।

উ : অসম ঔদ্যোগিক বিকাশৰ বাবে প্ৰচুৰ সম্ভাৱনা থকা সত্বেও ঔদ্যোগিক ক্ষেত্ৰত পিছ পৰি আছে। ইয়াৰ কাৰণসমূহ হল—

  1. প্ৰচুৰ সম্ভাৱনা থকা সত্বেও কৃষিভিত্তিক উদ্যোগ খণ্ডৰ সীমিত আৰু লেহেমীয়া বিকাশ।
  2. ৰাজ্যখনৰ প্রাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে ঔদ্যোগিক উন্নয়ন কৰিবলৈ সু-সংহত পৰিকল্পনাৰ অভাৱ।
  3. উদ্যোগিক বিকাশৰ বাবে পর্যাপ্ত মূলধনৰ অভাৱ।
  4. অনুন্নত পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা।
  5. ঔদ্যোগিকৰণৰ বাবে লাগতিয়াল আন্তঃগাঁথনিৰ অভাৱ।
  6. উদ্যোগ স্থাপনৰ বাবে সৰল আৰু শিথিল, উদ্যোগ নীতিৰ অভাৱ।
  7. ৰাজ্যখনত শক্তিৰ চাহিদা অনুপাতে ইয়াৰ যােগান আৰু বিতৰণ নিয়মীয়া আৰু পর্যাপ্ত নহয়।

৫। অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবােৰ উল্লেখ কৰা

উ : অসম অতীতৰে পৰা প্রাকৃতিক সৌন্দর্যৰে ভৰা ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও পর্যটন খণ্ডত অপর্যাপ্ত অনুন্নত পৰিবহণ ব্যৱস্থা, মূলধন বিনিয়ােগ, বিদেশী পর্যটকক আকৰ্ষণ কৰিব পৰা পৰিৱেশৰ অভাৱ, পর্যটনস্থলীসমূহৰ দুৰ্বল আন্তঃগাঁথনি আদি সমস্যাৰ বাবে পর্যটন উদ্যোগৰ আশানুৰূপ উন্নতি হােৱা নাই

৬। অসমৰ প্ৰধান তৈলক্ষেত্র সমূহ উল্লেখ কৰা।

উঃ অসমৰ প্ৰধান তৈলক্ষেত্ৰবােৰ হ’ল- ডিগবৈ, মৰাণ, দুলিয়াজান, নাহৰকটীয়া, ৰুদ্ৰসাগৰ, গেলেকী, বৰহােলা, লাকোৱা আৰু আমগুৰি তৈলক্ষেত্র।

৭। অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা।

উঃ অসমৰ আটাইতকৈ বৃহৎ কৃষি ভিত্তিক উদ্যোগটো হৈছে চাহ উদ্যোগ। অসমৰ চাহ পৃথিৱী বিখ্যাত। ভাৰতত উৎপাদিত চাহৰ আধাতকৈ বেছি অংশ অসমত উৎপন্ন হয়। ২০১২ চনৰ তথ্য মতে, অসমত মুঠ ৭৬৫ খন চাহ বাগিছা আৰু ৭৮০৯১ খন ক্ষুদ্ৰ চাহ বাগিছা আছে। অসমত মুঠ ৩১৮ হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰা হয়। অসমতে ২০০৯ চনত ৫০০ হেজাৰ টন আৰু ২০১২ চনত প্রায় ৫৯০ হেজাৰ টন চাহ অসমে উৎপাদন কৰিছিল। অসমৰ চাহ উদ্যোগত দৈনিক গড়ে ৬.৮৬ লাখ লােক নিয়ােজিত হৈ আছে। ভাৰতৰ চাহ বৰ্ডৰ তথ্যমতে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্রায় ৮৮ হেজাৰ হেক্টৰ মাটিত চাহ খেতি কৰি প্রায় ১০৭ হেজাৰ টন চাহ উৎপাদন কৰিছে।

৮| অসমৰ কৃষিভিত্তিক উদ্যোগসমূহৰ চমু বর্ণনা দিয়া।

উঃ অসমৰ কৃষি উপযােগী জলবায়ু আৰু মাটিৰ বাবে ইয়াত বিভিন্ন প্রকাৰৰ খাদ্য শস্য আৰু অৰ্থকৰী শস্য উৎপন্ন হয়। এই কৃষিজাত শস্য বিলাকক কেঁচা সামগ্রী হিচাপে লৈ উদ্যোগ স্থাপন কৰাৰ সুযােগ অসমত আছে। বর্তমান অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবিলাক হৈছে- চাহ উদ্যোগ, বন উদ্যোগ, ৰবৰ উদ্যোগ, ৰেচম উদ্যোগ, কাগজ উদ্যোগ আৰু খাদ্য প্রস্তুতকৰণ উদ্যোগ আদি। কৃষিভিত্তিক উদ্যোগৰ এটা প্রধান ভাগ হৈছে খাদ্য প্রস্তুতকৰণ উদ্যোগ। অসমৰ হাবিত প্ৰচুৰ বন সম্পদেৰে ভৰা আৰু এই সম্পদ ব্যৱহাৰ কৰি কাগজ, প্লাইউদ আদি উদ্যোগ গঢ় লৈ উঠিছে।

অসমৰ আটাইতকৈ বৃহৎ কৃষি ভিত্তিক উদ্যোগ হৈছে চাহ। ভাৰতৰ লগতে গােটেই পৃথিৱীতে অসমৰ চাহৰ সুনাম আছে। অসমৰ অৰ্থনীতিত এই উদ্যোগে এক উল্লেখযােগ্য ভূমিকা পালন কৰি আহিছে। অসমৰ ৰেচম উদ্যোগ ৰাজ্যখনৰ অন্যতম প্রধান কৃষিভিত্তিক উদ্যোগ। অসমত পৰম্পৰাগতভাৱে তিনি, প্রকাৰৰ, ৰেচম উৎপাদন কৰা হয়- এৰি, মুগা আৰু নুনী পাট। অসমৰ সমাজ-সংস্কৃতিত এই তিনিবিধ ৰেচমে গুৰুত্বপূর্ণ স্থান দখল কৰিছে। ইয়াৰ দ্বাৰা প্ৰস্তুত কৰা এৰি, মুগা আৰু পাট কাপােৰে ভাৰতৰ লগতে পৃথিৱীৰ বিভন্ন দেশত সমাদৰ লাভ কৰিছে। ৰবৰ উদ্যোগ অসমৰ আন এটা উল্লেখযােগ্য কৃষিভিত্তিক উদ্যোগ।

৯। সম্প্রতি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথক বাদ দি কিমান কিলােমিটাৰ পথ পকীকৰণ হৈছে?

উঃ ২৫,৫৪৬ কিলােমিটাৰ পথ পকীকৰণ হৈছে।

১০ | ২০১১ চনৰ তথ্য মতে অসমত কেইখন প্রথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্রেণীৰ চহৰ আছে?

উঃ ২০১১ চনৰ তথ্য মতে অসমত ৭ খন প্রথম শ্রেণীৰ আৰু ৬খন দ্বিতীয় শ্রেণীৰ চহৰ আছে। প্রথম শ্ৰেণীৰ চহৰ ৭ খন হ’ল— গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যােৰহাট, নগাওঁ, তেজপুৰ আৰু তিনিচুকীয়া। দ্বিতীয় শ্রেণীৰ ৬ খন চহৰ হ’ল— ধুবুৰী, ডিফু, উত্তৰ লক্ষীমপুৰ, কৰিমগঞ্জ, শিৱসাগৰ আৰু গােৱালপাৰা।

১১। অসমৰ শিক্ষিতৰ হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ উল্লেখ কৰা।

উঃ ১৯৯১ চনৰ লোকপিয়ল মতে অসমৰ শিক্ষিতৰ হাৰ আছিল   ৫২.৮৯ %  , ২০০১ চনত সেইয়া ৬৩.২৫ % আৰু ২০১১ চনৰ লোকপিয়ত ৭২.১৯ % হয়গৈ ǀ অৰ্থাৎ প্ৰতিটো দশকত অসমত ক্ৰমান্বয়ে শিক্ষিতৰ হাৰ বৃদ্ধি পায় অহা দেখা গৈছে । ১৯৯১ চনৰ লোকপিয়ল মতে পুৰুষৰ সাক্ষৰতাৰ হাৰ আছিল  ৬১.৯০ % আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ আছিল ৪৩.০০ % । ২০০১ চনৰ লোকপিয়লত পুৰুষৰ সাক্ষৰতাৰ হাৰ হয় ৭১.২৮ % আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ৫৪.৬১ % । ২০১১ চনৰ লোকপিয়ল মতে পুৰুষৰ সাক্ষৰতাৰ হাৰ হয় ৭৭.৮৫ % আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ৬৬.২৭ %  হয়গৈ ।

১২। ২০১১চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাহতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা জিলাৰ নাম উল্লেখ কৰা।

উঃ ২০১১ চনৰ তথ্যমতে অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা জিলাখন হ’ল নগাঁও। ইয়াৰ মুঠ জনসংখ্যা হ’ল ২,৮২৬,০০৬ জন। আটাইতকৈ বেছি জনসংখ্যা ঘনত্ব থকা জিলাখন হ’ল কামৰূপ (মেট্র’) জিলা। ইয়াৰ জনসংখ্যাৰ ঘনত্ব প্রতিবর্গকিলােমিটাৰত ২০১০ জন। আটাইতকৈ কম জনসংখ্যা থকা জিলাখন হ’ল— ডিমা হাছাও। ইয়াৰ জনসংখ্যা ঘনত্ব প্রতিবর্গ কিলােমিটাৰত ৪৪ জন।

১৩। অসমলৈ প্রাচীন কালৰপৰা বর্তমান সময়লৈকে হােৱা জনপ্ৰব্ৰজনৰ সোঁতবােৰ একাদিক্রমে উল্লেখ কৰা।

উ : অসমলৈ প্রাচীন কালৰ পৰা বৰ্তমানলৈকে হোৱা। জনপ্ৰৱজনৰ সেতবােৰ একাদিক্রমে এনেধৰণৰ। অষ্ট্রিক জনগােষ্ঠী, মংগােলীয় গােষ্ঠী, ককেছীয় জনগােষ্ঠী, আর্যমূলৰ ইছলাম ধৰ্মীয় লােক, আহােমসকল, চাহ জনজাতিৰ লােক আৰু বাংলাদেশৰ পৰা অহা ভূমিহীন লােক।

১৪। অসমত কি কি মাহজাতীয় শস্যৰ খেতি কৰা

উঃ ধান খেতিৰ পিছতে অসমৰ প্ৰচুৰ পৰিমাণে মাহজাতীয় শস্যৰ খেতি কৰা হয়। মাহজাতীয় শস্যৰ ভিতৰত মাটি মাহ, মগুমাহ, মচুৰমাহ, ৰহৰ মাহ, বুট মাহ আদি।

১৫। ২০১৪ চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োেগ নীতিৰ প্রধান লক্ষ্যবােৰ কি কি?

উঃ অসম ঔদ্যোগিক উন্নয়নৰ বাবে অসম চৰকাৰে ২০০৮ চনত ঘােষণা কৰা উদ্যোগনীতি পর্যালােচনা কৰি ২০১৪ চনত অসম ঔদ্যোগিক নীতি আৰু বিনিয়ােগ নীতি ঘােষণা কৰে। এই উদ্যোগ আৰু বিনিয়ােগ নীতিৰ প্ৰধান লক্ষ্যবােৰ হ’ল-

  1. ৰাজ্যখনত পণ্য উৎপাদনকাৰী খণ্ড আৰু সেৱা খণ্ডৰ লগতে বিভিন্ন অর্থনৈতিক কার্যকলাপৰ বিকাশ ঘটাই। ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা।
  2. ৰাজ্যখনত বিশেষকৈ গ্ৰাম্যাঞ্চলত জনমূৰি আয় আৰু নিয়োেগৰ সুবিধা বৃদ্ধি কৰা।
  3. ৰাজ্যখনৰ অতি ক্ষুদ্র ক্ষুদ্র আৰু মধ্যমীয়া উদ্যোগৰ বিকাশৰ বাবে বিনিয়ােগ বৃদ্ধি কৰা।
  4. বৃহৎ সংখ্যক দক্ষ লােক সৃষ্টি কৰা।

১৬। সেৱা খণ্ডৰ উদ্যোগ বুলিলে কি বুজায়? উদাহৰণ দি বুজাই লিখা।

উঃ  মানুহৰ দৈনন্দিন জীৱনৰ লগত জড়িত উদ্যোগসমূহক সেৱা খণ্ডৰ উদ্যোগ বুলি কোৱা হয়। এই উদ্যোগবােৰৰ দ্বাৰা মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হয়। উদাহৰণস্বৰূপে-বাণিজ্য, যােগাযােগ আৰু পৰিবহণ, পর্যটন উদ্যোগ, হােটেল ব্যৱসায়, বেংক আৰু বীমা সেৱা, সকলােধৰণৰ ব্যৱসায়, লােক প্রশাসন আদি।

১৭। অসমৰ মাটিকালি, জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্বৰ বিষয়ে তথ্যসহকাৰে চমুকৈ লিখা।

উ : অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ ২.৪ শতাংশ আগুৰি আছে। অর্থাৎ ইয়াৰ মাটিকালি ৭৮,৪৩৮ বর্গকিলােমিটাৰ। ২০১১ চনৰ লােকপিয়লৰ অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ ২.৬ শতাংশ লােক অসমত বাস কৰি আছে। অসমৰ মুঠ ৩১২.৫ লাখ আৰু ইয়াৰ ১৫৯,৩৯ লাখ পুৰুষ আৰু ১৫২,৬৬ লাখ মহিলা। প্রতি ১০০০ পুৰুষৰ বিপৰীতে ৯৫৮ জনী মহিলা আছে। ভাৰতৰ ১৯০১ চনৰ লােকপিয়লৰ তথ্য মতে অসমৰ জনসংখ্যা ঘনত্ব আছিল প্রতি বর্গকিলােমিটাৰত

৪২ জন। সময় আগবাঢ়ি যােৱাৰ লগে লগে জনসংখ্যা বৃদ্ধি হয় আৰু লগে লগে ইয়াৰ জনসংখ্যাৰ ঘনত্বও বৃদ্ধি পাই থাকে। ১৯৪১ চনত অসমৰ জনসংখ্যা ঘনত্ব বাঢ়ি প্রতি বর্গকিলােমিটাৰত ৮৫ জনলৈ বৃদ্ধি পায়। ইয়াৰ পিছত ১৯৯১ চনৰ লােক পিয়লৰ তথ্য অনুসৰি প্রতি বর্গকিলােমিটাৰত ২৮৬ জন, ২০০১ চনত ৩৪০ জন আৰু ২০১১ চনত ৩৯৮ জনলৈ বৃদ্ধি পাইছে।

১৮। ১৯০১ চনৰপৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলােচনা কৰা।

উ : ভাৰতৰ অন্যান্য ৰাজ্যৰ দৰে অসমতাে দ্রুত গতিত জনসংখ্যা বৃদ্ধি হৈছে। ১৯০১ চনত অসমৰ মুঠ জনসংখ্যা আছিল, ৩,২৮৯,৬৮০ জন। এই সংখ্যা বাঢ়ি গৈ ১৯৪১ চনত হয় ৬,৬৯৪,৭৯০ জন। ইয়াৰ পৰা দেখা যায় যে চাৰিটা দহকত অসমৰ জনসংখ্যা দুগুণতকৈ অধিক বৃদ্ধি পাইছে। ১৯১১ চনৰ পৰা অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ক্রমে ১৯২১-১৯৩১ দহকত হয়গৈ ১৯.৯০ শতাংশ, ১৯৩১-১৯৪১ দহকত হয় ২০.৪০, ১৯৪১-১৯৫১ দহকত ১৯.৯৩ শতাংশ হাৰ বৃদ্ধি হৈ ১৯৫১ চনত অসমৰ জনসংখ্যা হয়গৈ ৮,০২৮,৮৬৫ জন।  আকৌ ১৯৫১-১৬৬১ৰ দহকত ৩৪.৯৮ শতাংশ হাৰত জনসংখ্যা বৃদ্ধি হৈ ২০১১ চনত অসমৰ মুঠ জনসংখ্যা হয় ৩১,২০৫,৫৭৬ জন।

দীঘলীয়া প্ৰশ্নৰ উত্তৰ

১। ভৌগােলিক অঞ্চলভেদে অসমৰ জনসংখ্যাৰ বিতৰণ পর্যালােচনা কৰা।

উঃ ভৌগােলিক অঞ্চলভেদে অসমৰ জনসংখ্যাৰ বিতৰৰ তাৰতম্য দেখা যায়। সাধাৰণতে যিবােৰ অঞ্চলৰ প্রাকৃতিক পৰিৱেশ অনুকূল নহয় বা যাতায়ত ব্যৱস্থা উন্নত নহয়, তেনে অঞ্চলৰবাৰত জনসংখ্যা সেৰেঙা বা কম। আনহাতে যিবােৰ অঞ্চলৰ প্রাকৃতিক পৰিৱেশ অনুকূল আৰু যাতায়ত ব্যৱস্থা অর্থনৈতিক অৱস্থা উন্নত সেইবােৰ অঞ্চলত জনবসতি ঘন। অসমৰ মুঠ জনসংখ্যা প্রায় ৮৫ শতাংশ লােক ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰে। ২০০১ চনৰ লােকপিয়লৰ মতে, ব্রহ্মপুত্র উপত্যকাৰ জনসংখ্যা ঘনত্ব আছিল প্রতিবর্গকিলােমিটাৰত ১২২০ জন আৰু ২০১১ চনত হয়গৈ ১৫০২ জন। ব্ৰহ্মপুত্ৰ উপত্যকাতে আকৌ জনসংখ্যাৰ বিতৰণৰ পার্থক্য দেখা যায়। ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অঞ্চলতকৈ মধ্য অঞ্চল আৰু মধ্য অঞ্চলতকৈ নামনি অঞ্চলত জনসংখ্যাৰ ঘনত্ব বেছি।

বৰাক উপত্যকাতাে সৰু-বৰ মালভূমি অঞ্চল, যাতায়তৰ সুবিধা, অর্থনৈতিক অৱস্থা আদিৰ বাবে জনবসতি ঘন। ২০১১ চনৰ তথ্যমতে, ইয়াৰ জনসংখ্যাৰ

ঘনত্ব আছিল প্রতিবর্গকিলােমিটাৰত ৫৪৫ জন। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা দুখনৰ ভূ-প্রাকৃতিক

অৱস্থা প্রতিকূল হােৱা বাবে ইয়াৰ জনসংখ্যা কম। ২০১১ চনৰ লােকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ঘনত্ব হৈছে। প্রতিবর্গকিলােমিটাৰত ৬৮ জন। এইদৰে ভৌগােলিক অঞ্চলভেদে, জিলাভেদে অসমৰ জনসংখ্যাৰ বিতৰণত তাৰতম্য আছে।

২। অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবােৰ চমুকৈ আলােচনা কৰা।

উঃ অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণ কেইটা হল —

  • প্রাকৃতিক বৃদ্ধি: এইটো দৰাচলতে জন্ম আৰু মৃত্যুৰ হাৰৰ ওপৰত নিৰ্ভৰশীল। অসমৰ জনসংখ্যাৰ জন্ম আৰু মৃত্যুৰ হাৰ ভাৰতৰ গড় হাৰৰ মাজত বেছি পার্থক্য নাই। ২০১১ চনৰ তথ্যমতে ২০০১-২০১১ চনত অসমৰ বৃদ্ধিৰ হাৰ ১৭.৭%। এই সময়ছােৱাত ভাৰতবৰ্ষৰৰ এই হাৰ ১৭.০৭% ইয়াৰ অৰ্থ হ’ল ভাৰতবৰ্ষত যি প্রাকৃতিক বৃদ্ধিৰ হাৰত জনসংখ্যা বৃদ্ধি পাইছে সেই একেটা হাৰতে অসমৰ জনসংখ্যাও বৃদ্ধি হৈছে।
  • জনপ্ৰব্ৰজন: অসমৰ অসমৰ জনসংখ্যা বৃদ্ধিৰ এটা প্রধান কাৰণ হৈছে বাহিৰৰ পৰা অসমলৈ ঘটা জনপ্ৰব্ৰজন। অসমলৈ সময়ে সময়ে ভাৰতৰ আন আন প্ৰদেশৰ পৰা বেহা-বেপাৰ আৰু কর্ম সংস্থাপনৰ উদ্দ্যেশ্যে প্ৰব্ৰজন হয়। অসমলৈ প্ৰব্ৰজন ঘটা দুখন বিদেশী ৰাষ্ট্ৰ হ’ল— বাংলাদেশ আৰু নেপাল। অৱশ্যে ১৯৭১ চনৰ পৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ক্ৰমে হ্রাসহৈ বর্তমান স্বাভাৱিক অৱস্থালৈ আহিছে।
  • শিক্ষা/আধুনিক চিকিৎসা: পূর্বতে অসমৰ শিক্ষিত হাৰ একেবাৰে কম থকাৰ বাবে অন্ধবিশ্বাস আৰু কু-সংস্কাৰে অসমৰ গৰিষ্ঠ সংখ্যক অশিক্ষিত মানুহক আৱৰি ৰাখিছিল। ইয়াৰ ফলত জন্মৰ হাৰ বৃদ্ধি হৈছিল। বর্তমান সময়ত শিক্ষা দীক্ষাত মানুহে অধিক মুনােযােগ দিয়াত জন্মৰ হাৰ ক্রমে হ্রাস পাইছে। বর্তমান সময়ত আধুনিক চিকিৎসা পদ্ধতিৰ প্ৰয়ােগৰ বাবে মানুহৰ গড় আয়ুস তুলনামূলক ভাৱে বৃদ্ধি পাইছে ফলস্বৰূপে মৃত্যুৰ সংখ্যা কমিছে। এই হ্রাস পােৱা মৃত্যুৰ হাৰৰ প্ৰভাৱতাে অসমৰ জনসংখ্যা বৃদ্ধি পাইছে।

৩। অসমৰ আহােমসকলৰ জনগােষ্ঠীয় পৰিচয় দাঙি ধৰা।

উ : অসমলৈ প্ৰব্ৰজন কৰা এটা জনগােষ্ঠী হ’ল আহােমসকল। আহােমসকল মূলতঃ মংগােলীয় জনগােষ্ঠীৰ লােক। ১২২৮ খ্রীষ্টাব্দত চুকাফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পর্বত পাৰ হৈ অসমলৈ আহে। তেওঁলােকে প্রথমতে উজনি অসমত থিতাপি লৈ আহােম ৰাজ্য স্থাপন কৰে। পৰৱৰ্তী সময়ত তেওঁলােকে গােটেই ব্ৰহ্মপুত্ৰ উপত্যকা নিজৰ অধীনলৈ আনে। আহােমসকলে অসমত প্রায় ৬০০ বছৰ ৰাজত্ব কৰে। সম্প্রতি আহােমসকলে উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যােৰহাট, গােলাঘাট, লখিমপুৰ আৰু ধেমাজী জিলাৰ উপৰিও মধ্য অসমৰ মৰিগাঁও, নগাঁও আৰু শােণিতপুৰ জিলাত প্ৰধানকৈ বসতি কৰি আছে।

৪। পৰিবহণ ব্যৱস্থাই অসমৰ অর্থনৈতিক উন্নতিত কিদৰে সহায় কৰিছে চমুকৈ আলােচনা কৰা।

উ : পৰিবহণ ব্যৱস্থা হৈছে অর্থনৈতিক উন্নয়নৰ এক অপৰিহার্য উপাদান। পৰিবহণ ব্যৱস্থাৰ যােগেদি বিভিন্ন অঞ্চলৰ মাজত যােগাযােগ স্থাপন হােৱাৰ উপৰিও সম্পদ, কাৰিকৰী জ্ঞান, সভ্যতা-সংস্কৃতি আদিৰ আদান-প্রদান হয়। সুপৰিবহণ ব্যৱস্থাৰ ফলত এখন দেশৰ উন্নতিৰ লগতে নিয়োেগৰে সৃষ্টি হয়।

অসমৰ পৰিবহণ ব্যৱস্থা চাৰিটা ভাগত ভাগ কৰিব পাৰি। যেনে— জল পৰিবহণ, ৰেল পৰিবহণ, পথ পৰিবহণ আৰু বায়ু পৰিবহণ। পথ পৰিবহণ হৈছে আটাইতকৈ পুৰণি পৰিবহণ ব্যৱস্থা। জনসাধাৰণৰ অহা-যােৱা আৰু মাল-বস্তু অনা-নিয়াৰ বাবে পথ পৰিবহণ সুচল। কম দূৰত্বৰ বাবে পথ পৰিবহণ ব্যৱস্থা অতিকে উপযােগী। অসমৰ গ্ৰাম্য অর্থনীতিত পথ পৰিবহণ ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ অৰিহণা আছে। অসমৰ আভ্যন্তৰীণ পথ পৰিবহণ ব্যৱস্থাত ৰাষ্ট্ৰীয় ঘাই পথৰ উপৰি আন পথসমূহৰ সক্রিয় ভূমিকা আছে।

          আনহাতে, ৰাষ্ট্ৰীয় ঘাই পথে অসমক উত্তৰ- পূবৰ ৰাজ্যসমূহৰ লগতে ভাৰতৰ অন্যান্য ৰাজ্যৰ সৈতে সংযোেগ কৰি উন্নয়নৰ পথ সুগম কৰি তুলিছে। বর্তমান অসমৰ প্ৰতিখন জিলাত ৰেল পৰিবহণৰ ব্যৱস্থা কৰা হৈছে। ৰেল পৰিবহণে অসমৰ ব্যৱসায়- বাণিজ্যত এক বিশেষ অৰিহণা যােগাই অসমৰ অর্থনৈতিক উন্নয়নত যথেষ্ট সহায় কৰিছে। দীর্ঘ দূৰত্বৰ ক্ষেত্ৰত যাত্রী আৰু বয় বস্তু কঢ়িয়াই নিয়াৰ বাবে ৰেল পৰিবহণ ব্যৱস্থা সুচল আৰু নিৰ্ভৰযােগ্য। অসমৰ ৰে’ল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত আছে উত্তৰ-পূব ৰে’ল মণ্ডল। এই মণ্ডলৰ মুখ্য কার্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত। অসমৰ জল পৰিবহণ ব্যৱস্থা মূলতঃ আভ্যন্তৰীণ পৰিবহণ ব্যৱস্থা। অসমৰ, প্ৰধানকৈ ব্ৰহ্মপুত্র নদীত জল পৰিবহণ ব্যৱস্থাৰ সুচল ব্যৱস্থা আছে যদিও বৰাক নৈ আৰু অন্যান্য উপনৈবােৰেদিও কিছু পৰিমাণে জল পৰিবহণৰ সুবিধা আছে। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ব্রহ্মপুত্র নদীয়েদি ৮৯১ কিলােমিটাৰ জলপথৰ ব্যৱস্থা আছে। এই জল পৰিবহণে ব্যৱসায়-বাণিজ্যৰ বাবে বয়-বস্তু অনা-নিয়া কৰাত সহায় কৰি অর্থনীতিত এক বিশেষ অৰিহণা যােগাইছে। ইয়াৰ উপৰি ৰাজ্যখনৰ সুচল পথ পৰিবহণ

         নথকা ভিতৰুৱা অঞ্চলবিলাকক সামৰি যাত্ৰী আৰু বয়- বস্তু কঢ়িওৱাৰ বাবে বিভাগটোৱে ৬১ খন জাহাজ চলাচলৰ ব্যৱস্থা কৰিছে।

       অসমত বিমান পৰিবহণ ব্যৱস্থাও কিছু উন্নত হৈছে। গুৱাহাটীৰ বিমান বন্দৰটো লােকপ্রিয় গােপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰলৈ উন্নীত হৈছে। উত্তৰ- পূব ভাৰতৰ ভিতৰত এইটোৱেই একমাত্র আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। এই বিমান বন্দৰৰ যােগেদি গােটেই বিশ্বৰ লগত অসমৰ যােগাযােগ সম্ভৱ হৈছে। অসম হৈছে উত্তৰ-পূব ভাৰতৰ দুৱাৰ মুখ। এই দুৱাৰ মুখৰ জৰিয়তে ভাৰতবৰ্ষৰ লগতে উত্তৰ-পূব ভাৰতৰ লগতে ৰাজ্যসমূহৰ সংযােগ স্থাপন হৈছে। সেয়ে অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ লগত উত্তৰ-পূব ভাৰতৰ অর্থনৈতিক উন্নয়ন ওতঃপ্রােতভাৱে জড়িত হৈ আছে।

৫। অসমৰ জলপৰিবহণৰ বিষয়ে এটি চমু টোকা লিখা।

উঃ অসমৰ জলপৰিবহণ ব্যৱস্থা মূলতঃ আভ্যন্তৰীণ। অসম এখন নদী মাতৃক দেশ। অসমৰ জলসম্পদ বুলিলে প্রধানকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী দুখনৰ লগতে এই নদী দুখনৰ বহু উপনৈসমূহক সামৰি লয়। শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ নদীৰ ৮৯১ কিলােমিটাৰ নাব্য জলপথ আছে। বৰাক নদীৰ জলপথৰ দৈর্ঘ্য মুঠ ১২১ কিলােমিটাৰ। ১৯৮৮ চনত দেশৰ দ্বিতীয় ৰাষ্ট্ৰীয় জলপথ হিচাপে ব্রহ্মপুত্র জলপথ স্বীকৃত হৈছিল। এই জলপথটোৱে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ অর্থনৈতিক উন্নয়নত অৰিহণা যােগাই আহিছে। আনহাতে বৰাক নদীৰ লখিপুৰৰ পৰা ভাংগালৈ মুঠ ১২১ কিলােমিটাৰ নাব্য জলপথছােৱাক চৰকাৰে ২০১৩ চনত ষষ্ঠ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃত দিয়ে এই জলপথেৰে চলাচল কৰা জাহাজৰ সহায়ত অতি কম খৰচতে, কম সময়তে নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, অৰুণাচল প্রদেশৰ অর্থনৈতিক উন্নয়নত অৰিহণা যােগাইছে।

অসমৰ ব্ৰহ্মপুত্ৰৰ নদীত কেইবাটাও বন্দৰ থকাৰ উপৰিও ৩০ যােৰতকৈ অধিক ফেৰীঘাট আছে। বর্তমানলৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী আৰু ইয়াৰ উপনৈসমূহত আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ তিনিটা মণ্ডলত সৰ্বমুঠ ৯৬খন ফেৰী চলাচল কৰি আছে। ইয়াৰ উপৰি ব্যক্তিগত মালিকাধীন ভালেমান ফেৰী সেৱা ভুটভুটি নাও সেৱা অসমৰ নদীসমূহেদি চলি আছে। অসমত জলপৰিবহণ ব্যৱস্থাৰ উন্নতিৰ হকে দুটা চৰকাৰী সংস্থাই প্রচেষ্টা চলাই। আছে। এই সংস্থা দুটা হৈছে কেন্দ্রীয় আভ্যন্তৰীণ জলপৰিবহণ নিগম আৰু আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়। এই সংস্থা দুটাৰ প্রধান দায়িত্ব হৈছে— জলপৰিহণৰ ক্ষেত্ৰত জলসম্পদৰ উপযুক্ত ব্যৱহাৰ কৰা, সস্তীয়া জলপৰিবহণৰ সহায়ত যাত্রী আৰু বয়বস্তু অন- নিয়া কৰা, ব্যৱসায়িক ভিত্তিত অঞ্চলটোৰ জলপথসমূহ সঠিকভাৱে ব্যৱহাৰ কৰা আদি। পাণ্ডুকে ধৰি ব্ৰহ্মপুত্ৰৰ কেইবাটাও সৰু নদী বন্দৰ আছে।

৬। অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্রধান কাৰণ উল্লেখ কৰা।

উ : অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্রধান কাৰণ তলত উল্লেখ করা হল-

  1. মালভূমি, পাহাৰ, সমভূমি, জলাশয়, প্লাৱন ভূমি আদিৰে বৈশিষ্ট্যপূর্ণ অসমৰ ভিন্ন ভূ-প্রকৃতিৰ বাবে যাতায়াত ব্যৱস্থা সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয়।
  2. অসম ৰাজ্যখন ইয়াৰ পশ্চিমৰ ঠেক ভূখণ্ডৰ দ্বাৰা ভাৰতৰ সৈতে সংলগ্ন হৈছে আৰু সেইবাবে পৰিবহণৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে।
  3. বাট-পথ নির্মাণ আৰু মেৰামতিৰ বাবে অসমৰ মাটিৰ গুণাগুণ সিমান উপযুক্ত নহয়। তাৰােপৰি বাৰিষা কালত হােৱা প্ৰচুৰ বৰষুণৰ বাবে বাট-পথ সহজে নষ্ট হয়।
  4. ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত অসম ভাৰতৰ আন কিছুমান ৰাজ্যৰ তুলনাত এতিয়াও পিছপৰি আছে। ইয়াৰ প্রধান কাৰণ হৈছে অসমৰ অনুন্নত পৰিবহণৰ ব্যৱস্থা। ঔদ্যোগিক বিকাশ হ’লে সমান্তৰালভাৱে অসমৰ পৰিবহণ ব্যৱস্থাও উন্নত হ’ব।
  5. অসমত পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে এতিয়াও যথােপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হােৱা নাই। পৰ্যটন উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিলে নিশ্চিতভাবে ৰাজ্যখনৰ পৰিবহণ ব্যৱস্থাও উন্নতি হ’ব।

৭। অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বােজা (সমস্যা) নে সম্পদ? আলােচনা কৰা।

উঃ অসমত দ্রুতগতিত জনসংখ্যা বৃদ্ধি পাইছে। এই বৃহৎ জনসংখ্যাৰ সমস্যাটো ৰাজ্যখনৰ এক বােজা হৈ পৰিছে। বর্ধিত জনসংখ্যাই কৃষিভূমিৰ ওপৰত হেঁচা দিছে। খাদ্য শস্যৰ নাটনিয়ে দেখা দিয়াত মানুহে অৰণ্য ধ্বংস কৰিছে। মটৰ-গাড়ী, ৰাস্তা-ঘাট আদিত জনসমাগম বৃদ্ধি পাইছে। বধিত জনসংখ্যাৰ অভাৱ পূৰণ কৰিবলৈ ৰাজ্যখনত নতুন নতুন উদ্যোগ-কাৰখানা স্থাপন হৈ আছে। উদ্যোগৰ পৰা নিৰ্গত ধোঁৱা, ছাই পেলনীয়া পদার্থই ৰাজ্যখনৰ বায়ু, পানী, মাটি আদি প্ৰদূষিত কৰিছে। তাৰ লগে লগে মানুহৰ বেমাৰৰ সৃষ্টি হৈছে। ফলত বর্ধিত জনসংখ্যা ৰাজ্যখনৰ বাবে এক বােজা হৈ পৰিছে।

। অসমৰ কৃষি-জলবায়বীয় অঞ্চলকেইটা কি কি? এইকেইটাৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা।

উঃ অসমৰ কৃষি-জলবায়বীয় অঞ্চলকেইটা হ’ল-

  1. নামনি ব্রহ্মপুত্র উপত্যকা অঞ্চল: এই অঞ্চলটো কামৰূপকে ধৰি নামনি অসমৰ দহখন জিলাক সামৰি লৈছে। ইয়াৰ মুঠ ৯.৩০ লাখ হেক্টর ভূমিত ৪.৬৯ লাখ হেক্টৰ আৰু এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।
  2. উত্তৰ পাৰৰ সমভূমি অঞ্চল : এই অঞ্চলটোত দৰং জিলাৰ সৈতে মুঠ পাঁচখন জিলাত মুঠ ৫৩৭ লাখ হেক্টৰ মাটিত খেতি কৰা হয়। ইয়াৰ ৩.৩৬ লাখ হেক্টৰ মাটিত বছৰত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।
  3. মধ্য ব্রহ্মপুত্র উপত্যকা অঞ্চল: মধ্য ব্রহ্মপুত্র উপত্যকা অঞ্চলত ৩.২৮ লাখ হেক্টর ভূমিত খেতি কৰা হয়। ইয়্যৰ ০.৮৬ লাখ হেক্টর ভূমিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।
  4. উজনি ব্রহ্মপুত্র উপত্যকা অঞ্চল : এই অঞ্চলটোত মুঠ ৬.২০ লাখ হেক্টর ভূমিত খেতি কৰা হয়। ইয়াৰ ১.৯৪ লাখ হেক্টর ভূমিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।
  5. বৰাক উপত্যকা অঞ্চল: বৰাক উপত্যকা অঞ্চলটোৱে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাক সামৰি লৈছে। এই অঞ্চলত মুঠ ২.৪২ লাখ হেক্টৰ ভূমিত খেতি কৰা হয়। ইয়াৰ ১.০২ লাখ হেক্টর ভূমিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।
  6. পার্বত্য অঞ্চল : কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা দুখনক সামৰি পার্বত্য অঞ্চলটোত মুঠ ১.৫৪ লাখ হেক্টর ভূমিত খেতি কৰা হয়। ইয়াৰ ১.০১ লাখ হেক্টর মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।

৯। অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ ভূমিকা সম্পর্কে চমুকৈ আলােচনা কৰা।

উঃ অসম এখন কৃষি প্রধান ৰাজ্য হােৱাৰ বাবে কৃষিয়েই হৈছে অসমৰ অৰ্থনীতিৰ মূল চালিকা শক্তি। অসমৰ অর্থনৈতিক উন্নতিত কৃষিখণ্ডই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে। অসমৰ মুঠ কর্ম নিয়ােজিত লােকৰ ভিতৰত ৫৩ শতাংশতকৈয়াে অধিক লােক কৃষি খণ্ডত প্রত্যক্ষ আৰু পৰােক্ষভাৱে নিয়ােজিত হৈ আছে। অসমৰ কৃষিখণ্ডৰ জৰীপৰ মতে, ২০১০-২০১১ বৰ্ষত ২৮.১১ লাখ হেক্টৰ মাটিত খেতি কৰা হৈছিল। অর্থাৎ অসমৰ মুঠ ৮৮ শতাংশ মাটিত খেতি কৰা হৈছিল। অসমত প্ৰধানকৈ তিনিপ্ৰকাৰৰ খেতি কৰা হয়। সেইবােৰ হ’ল— শালিধান, আহুধান আৰু বড়ােধান।

অসমত তিনি প্ৰকাৰৰ ধানৰ খেতি কৰা হয়, যেনে-আহু ধান, শালিধান আৰু বড়ােধান। ইয়াৰ ভিতৰত শালি ধানৰ খেতি বিস্তৃতভাবে কৰা হয়। ধানৰ উপৰি অসমৰ প্রধান খাদ্যশস্য হৈছে- ঘেঁহু, গােমধান আৰু নানাবিধ মাহ। জাতীয় শস্য। অসমৰ কাৰ্বি আংলং আৰু ডিমা হাচাও পার্বত্য জিলা দুখন সামৰি লােৱা পার্বত্য কৃষি-জলবায়বীয় অঞ্চলটোত ঝুম খেতিয়ে প্রাধান্য লাভ কৰিছে। ২০১১ বৰ্ষত মুঠ ০.৭৬ লাখ মেট্রিক টন শস্য উৎপাদন কৰা হৈছিল। অসমৰ ৰাজহৰ এক বুজন পৰিমাণ কৃষি খণ্ডৰ পৰাই লাভ কৰা হয়।

১০| অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰিব লাগে ?

উঃ মানৱ সম্পদ যিহেতু এখন দেশৰ শ্ৰেষ্ঠ সম্পদ, সেয়েহে ইয়াৰ ওপৰত দেশ এখনৰ প্রগতি নির্ভৰ কৰে। তলত দিয়া বিষয়কেইটাত গুৰুত্ব দিলেহে অসমত

প্রকৃতাৰ্থত মানৱ সম্পদ গঢ়ি উঠিব—

  1. শিক্ষিত হাৰ বৃদ্ধি: দেশৰ জনসাধাৰণক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগিব। উপযুক্ত মানৱ সম্পদ গঠন কৰিবলৈ ৰাজ্যখনৰ শিক্ষা বিষয় আৰু শিক্ষা পদ্ধতি সলনি কৰি কাৰিকৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব। তাৰ বাবে অধিক কাৰিকৰী শিক্ষানুষ্ঠান গঢ়ি তুলিব লাগিব।
  2. কর্ম দক্ষতা : অসমত বহুত শিক্ষিত যুৱক-যুৱতী উপযুক্ত উচ্চ শিক্ষাৰে শিক্ষিত হৈয়াে কর্মহীন হৈ ঘৰতে বহি আছে। সেয়েহে কর্মদক্ষতা বৃদ্ধি কৰি অসমৰ অর্থনৈতিক খণ্ডসমূহত নিয়ােগৰ ব্যৱস্থা কৰিব লাগিব।
  3. সৱলীকৰণ : জনসাধাৰণৰ দুর্বল শ্ৰেণীৰ লােক, বিশেষকৈ দৰিদ্র, অক্ষম আৰু মহিলাসকলক উপযুক্তভাৱে সবলীকৰণ কৰিব লাগিব।
  4. প্রাকৃতিক সম্পদৰ সুব্যৱহাৰ: কেৱল অর্থনৈতিক উন্নতিৰ নামত প্রাকৃতিক সম্পদৰাজি (ভূমি, বন, জল আদি) অবিবেচকভাৱে ব্যৱহাৰ কৰিলে নহ’ব, বহনক্ষম উন্নয়ন লক্ষ্যৰে প্রাকৃতিক সম্পদৰ সুপৰিকল্পিত ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব লাগিব।

। অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা।

উ : পাহাৰৰ নামনিত হাবি জংঘল পুৰি ছাফা কৰি পৰম্পৰাগত পদ্ধতিৰে কৰা খেতিক ঝুমখেতি বােলা হয়। অসমৰ কাৰ্বি আংলং আৰু ডিমাহাছাও পার্বত্য জিলা দুখনত প্রধানকৈ ঝুম খেতি কৰা হয়। কাৰ্বি আংলং জিলাৰ মুঠ মাটি কালিৰ ৬৬ শতাংশ অঞ্চল আৰু ডিমাহাছাও জিলাৰ ৮৫ শতাংশ অঞ্চলত ঝুম খেতি কৰা হয়। একেড় মাটিত কেইবাবছৰ ধৰি খেতি কৰাৰ পিছত মাটৰ উৰ্বৰতা হ্রাস পালে আন এডােখৰ ঠাই নির্বাচন কৰি তাত ঝুম খেতি নতুনকৈ আৰম্ভ কৰা হয়। এনেদৰে ঠাই সলাই কৰা ঝুম খেতি জনজাতীয় লােকসকলৰ সমাজ-সংস্কৃতি আৰু জীৱন ধাৰণ প্ৰণালীৰ লগত ওতঃপ্রােতভাৱে জড়িত হৈ আছে।

১২। অসমৰ অর্থনৈতিক উন্নয়নৰ সম্ভাৱনাবােৰ কি কি?

উঃ অসমৰ অর্থনৈতিক উন্নয়নৰ সম্ভাৱনাবােৰ তলত উল্লেখ কৰা হ’ল–

  • ৰাজ্যখনৰ সামগ্রিক উন্নতিৰ বাবে কৃষি, উদ্যোগ, শক্তি, পৰিবহণ, সেৱা খণ্ড আদি অর্থনৈতিক খণ্ডসমূহৰ মাজত সুসমন্বয় স্থাপন কৰি আগবাঢ়িব লাগিব।
  • কৃষিক্ষেত্ৰত আধুনিক পদ্ধতি প্রয়ােগ কৰিলে অসমৰ অর্থনৈতিক উন্নয়ন হব।
  • অসমত থকা প্রাকৃতিক সম্পদবােৰ উপযুক্তভাৱে ব্যৱহাৰ কৰি অসমৰ অর্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰিব লাগিব।
  • যােগাযােগ আৰু পৰিবহণ ব্যৱস্থাৰ উন্নতি সাধন কৰিব লাগিব।
  • ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও পর্যটন খণ্ডত অপর্যাপ্ত মূলধন বিনিয়োেগ, অনুন্নত পৰিবহণ ব্যৱস্থা, বিদেশী পর্যটকক আকৰ্ষণ কৰিব পৰা পৰিৱেশৰ অভাৱ, পর্যটনস্থলীসমূহৰ দুৰ্বল আন্তঃগাঁথনি আদি সমস্যাৰ বাবে পর্যটন উদ্যোগৰ আশানুৰূপ উন্নতি হােৱা নাই।

১৩। অসমৰ কৃষি উন্নয়নৰ সমস্যাবােৰ উল্লেখ কৰা।

উঃ অসম কৃষি প্রধান ৰাজ্য যদিও কৃষি উন্নয়নৰ ক্ষেত্ৰত অসমে বহুতাে সমস্যাৰ সন্মুখীন হৈ আছে।

  1. অসমৰ সমভূমি অঞ্চলত পৰম্পৰাগত কৃষি আৰু পাহাৰীয়া অঞ্চলত ঝুম খেতি এতিয়াও পুৰণিকলীয়া পদ্ধতিৰে প্ৰচলিত হৈ আছে।
  2. অসমৰ খেতিয়কসকলৰ খেতি মাটি সৰু সৰু খণ্ডত বিভক্ত হােৱা বাবে সেইবােৰত আধুনিক কৃষি সঁজুলি আৰু কৌশল প্রয়ােগ কৰিবলৈ অসুবিধা ফলত উৎপাদন বৃদ্ধি পােৱা নাই।
  3. অসমত জলসিঞ্চন পদ্ধতি উন্নত নহয়। ফলত কৃষকে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হােৱাৰ বাবে উৎপাদন আশানুৰূপ হােৱা নাই।
  4. বানপানী, গৰাখহনীয়া আদিৰ বাবে অসমৰ খেতিপথাৰ প্রতিবছৰে নদীত জাহ যায়।
  5. শস্যৰ সুৰক্ষা ব্যৱস্থা আৰু শস্য চপােৱাৰ পদ্ধতিও উন্নত নহয়।
  6. অসমত কৃষকসকলে উন্নত মানৰ বীজ, সাৰ, কৃষি সঁজুলি আৰু কৃষি ঋণ ৰেহাই হাৰত সহজে পাব পৰা ব্যৱস্থাৰ অভাৱ। অসমত কৃষিখণ্ড আৰু কৃষি ভিত্তিক উদ্যোগ খণ্ডৰ উন্নয়ন সমান্তৰালভাৱে আগবঢ়া নাই।
  7. অসমত কৃষিখণ্ড আৰু কৃষি ভিত্তিক উদ্যোগ খণ্ডৰ উন্নয়ন সমান্তৰালভাৱে আগবঢ়া নাই।
  8. ভিতৰুৱা কৃষি অঞ্চল আৰু নগৰ-চহৰৰ বজাৰৰ মাজত উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ অভাৱ।

১৪। অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখা।

উঃ অসম জলসম্পদত চহকী। ব্রহ্মপুত্র, বৰাক আৰু ইয়াৰ উপনৈসমূহে দেশৰ প্রায় এক তৃতীয়াংশ জলসম্পদ বহন কৰিছে। ৰাজ্যখনত অলেখ সৰু-ডাঙৰ পিতনি আৰু জলাহৰ উপৰিও প্রায় তিনি হাজাৰৰাে অধিক আর্দ্রভূমি আছে। এইবােৰত প্ৰধানকৈ নানা প্রকাৰৰ মাছ আৰু ভিন ভিন প্রজাতিৰ জলজ উদ্ভিদ পােৱা যায়। সমভূমি অঞ্চলত ভূ-পৃষ্ঠৰ পৰা প্রায় ৫ মিটাৰ গভীৰতাৰ ভিতৰত ভূ-তল জলস্তৰ পােৱা যায়। পৃষ্ঠ জলৰাশিৰ দৰে ভূ-তলজল ৰাশি ৰাজ্যখনৰ কৃষিৰ উপৰি ঘৰুৱা আৰু ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ হয়।

১৫। অসমত কি কি ধানৰ খেতি কৰা হয় ? এইকেইটাৰ বিষয়ে চমুকৈ লিখা।

উঃ অসমত প্ৰধানকৈ তিনি প্ৰকাৰৰ ধানৰ খেতি কৰা হয়।

  • শালিধান
  • আহুধান
  • বড়ােধান

(ক) শালি ধান: অসমত শালিধানৰ খেতি অধিক বিস্তৃত ভাৱে কৰা হয়। অসমৰ মুঠ ধান খেতিৰ ৭০ শতাংশ ভূমিত শালি ধানৰ খেতি কৰা হয়। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা পলসুৱা ভূমিত শালিধানৰ খেতি ভাল হয়। শালি ধানৰ খেতি ৰােপণ পদ্ধতিৰে জুলাই, আগষ্ট মাহত আৰম্ভ হয় আৰু নবেম্বৰ ডিচেম্বৰ মাহত চপােৱা হয়।

(খ) আহু ধান: আহুধানৰ খেতি বিশেষকৈ নামনি অসমৰ সাৰুৱা সমভূমি অঞ্চলত কৰা হয়। আহু খেতি ৰােপণ আৰু সিঁচন দুয়াে পদ্ধতিৰে কৰা হয়। এই খেতি মার্চ মাহত আৰম্ভ কৰি জুন, জুলাই মাহত চপােৱা হয়।

(গ) বড়াে ধান : বড়াে ধান কম-বেছি পৰিমাণে, অসমৰ সকলােবােৰ জিলাত কৰা হয়। বড়াে ধানৰ খেতি সাধাৰণতে দ ঠাইত কৰা হয়। এই খেতি শীতকালত। আৰম্ভ কৰি বাৰিষা জুন, জুলাই মাহত বানপানী অহাৰ আগে আগে চপােৱা হয়।

১৬। অসমৰ মীন উদ্যোগৰ বর্তমান অৱস্থা কেনেকুৱা?

উ : অসম হৈছে নদী মাতৃক দেশ। অসমত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী দুখন আৰু ইয়াৰ অসংখ্য সৰু-বৰ উপনৈ, বিল- খাল, এৰা সূতি, পিতনি, জলাশয়, আদি আছে। মাছ। উৎপাদনত নগাঁও জিলা প্রথম স্থানত আৰু কাছাৰ আৰু ধুবুৰী জিলাত ক্রমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে। যােৱা দহ বছৰৰ ভিতৰত অসমত মাছৰ পােনা উৎপাদন প্রায় ২.৫ গুণ বৃদ্ধি পাইছে যদিও মাছৰ উৎপাদন কেৱল ১.৫ গুণহে বৃদ্ধি পাইছে।

সেয়ে দেখা যায় অসমৰ মীন উদ্যোগ খণ্ডই ৰাজ্যখনৰ ঘৰুৱা উৎপাদনত বিশেষ অৰিহণা মােগাব পৰা নাই। ৰাজ্যৰ ঘৰুৱা উৎপাদন খণ্ডলৈ মীন উদ্যোগৰ অৰিহণা হৈছে ২ শতাংশ। অসমৰ মীন উদ্যোগে ঘৰুৱা চাহিদাও পূৰণ কৰাত ব্যৰ্থ হৈছে। প্রতি বছৰ অসমৰ ঘৰুৱা চাহিদা পূৰণ কৰিবলৈ অসমে ০.২০ লাখ টন মাছ। বাহিৰৰ পৰা আমদানি কৰিবলগীয়া হয়। ৰাজ্যখনত বছৰি ০.৫২ লাখ টন মাছৰ নাটনি হয় আৰু সেয়েহে মাছৰ দাম অধিক হাৰত বৃদ্ধি হ’ব ধৰিছে।

Download PDF Notes

অসমৰ ভূগোল প্ৰশ্ন উত্তৰ PDF

Watch Video Class

শেষ বাক্য: অসমৰ ভূগোলৰ

দশম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল অংশৰ চতুৰ্থ অধ্যায় তথা অসমৰ ভূগোল Class 10 Social ৰ বিষয়ৰ ওপৰত আলোচনা কৰা হল।

ইয়াত আমি যথা সম্ভৱ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিছোঁ। যদি ইয়াৰ উপৰিও আপোনাৰ কিবা প্ৰশ্ন উত্তৰৰ প্ৰয়োজন থাকে তেন্তে Assamese Medium Facebook PageFollow কৰি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে। আমি আপোনাৰ যিকোনো বিষয়ৰ যিকোনো  প্ৰশ্নৰ উত্তৰ  দিবলৈ চেষ্টা অব্যাহত ৰাখিম।

Leave a Comment