পৃথিৱীৰ ভূগোল | Class 10 Social SEBA Course

ভূ- মানে পৃথিৱী আৰু গোল- মানে গোলাকাৰ, গতিকে পৃথিৱীৰ ভূগোল বুলিলে পৃথিৱীৰ সৈতে জড়িত বহুত কথাই এই পৃথিৱীৰ ভূগোল নামৰ অধ্যায়ত আলোচনা কৰা হব I হয়, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ Assamese Medium লৈ। আজি আমি আলোচনা কৰিম দশম মান শ্ৰেণীৰ সমাজ বিজ্ঞান (Class 10 Social Science) ৰ ভূগোল অংশৰ তৃতীয় অধ্যায় পৃথিৱীৰ ভূগোল।

সমাজ বিজ্ঞান দশম মান শ্ৰেণীৰ (Class 10 Social) ৰ ভূগোল অংশৰ তৃতীয় অধ্যায় “পৃথিৱীৰ ভূগোল” ৰ মূল বিষয়বস্তুবোৰ হৈছে পৃথিৱীৰ চমু পৰিচয়, মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণ, মহাসাগৰ সমূহৰ অৱস্থিতি আৰু ইয়াৰ বৈশিষ্ট ,মহাসাগৰ সমূহৰ অৱস্থিতি আৰু ইয়াৰ ভৌগালিক বৈশিষ্ট, বিশ্বৰ দেশ সমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

পৃথিৱীৰ ভূগোল সম্পূৰ্ণ প্ৰশ্ন উত্তৰ

পৃথিৱীৰ ভূগোল সম্পূৰ্ণ প্ৰশ্ন উত্তৰ | HSLC 2024

ইয়াত অনুশীলনৰ প্ৰশ্ন উত্তৰ, সাম্ভাব্য প্ৰশ্নৰ উত্তৰ, অতিৰিক্ত প্ৰশ্নৰ উত্তৰ, অতি চমু প্ৰশ্নৰ উত্তৰ, চমু প্ৰশ্নৰ উত্তৰ আদি সন্নিৱিষ্ট কৰি ছাত্ৰ – ছাত্ৰীৰ সুবিধাৰ বাবে প্ৰস্তুত কৰি উলিওৱা হৈছে।

পৃথিৱীৰ ভূগোল MCQ

1. পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ মহাদেশ কোনখন
(b) ইউৰোপ
(d) আফ্রিকা
(a) উত্তৰ আমেৰিকা
(c) এছিয়া
উত্তৰ : (c) এছিয়া

2. ভূ-পৃষ্ঠৰ কিমান অংশ পানী ?
(a) ৭১ শতাংশ, ৩৬১ নিযুত বর্গ কিঃ মিঃ
(b) ৭০ শতাংশ,৩৬০ নিযুত বর্গ কিঃ মিঃ
(c) ৭২ শতাংশ, ৩৬২ নিযুত বর্গ কিঃ মিঃ
(c) ৭৪ শতাংশ,৩৭২ নিযুত বর্গ কিঃ মিঃ
উত্তৰ : (a) ৭১ শতাংশ, ৩৬১ নিযুত বর্গ কিঃ মিঃ

3. পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ সাগৰ কি ?
(a) আট্লাণ্টিক
(b) ভাৰত মহাসাগৰ
(c) প্রশান্ত মহাসাগৰ
(d) বংগোপ সাগৰ
উত্তৰ : (c) প্রশান্ত মহাসাগৰ

4. পৃথিৱীৰ মুঠ জনসংখ্যা কিমান ?
(a) ৭৩০ কোটি
(b) ৭৩১ কোটি
(c) ৮৩০ কোটি
(d) ৮৩১ কোটি
উত্তৰ: (a) ৭৩০ কোটি

5. পৃথিৱীৰ সৰ্বাধিক জনসংখ্যা থকা দেশখনৰ নাম কি?
(a) ভাৰত
(b) জাপান
(c) চীন
(d) আমেৰিকা
উত্তৰ: (c) চীন

6. চীনৰ সৰ্বমুঠ জনসংখ্যা কিমান ? ২০১৫ বৰ্ষৰ তথ্য অনুসৰি
(a) ১৩৭, ১৯, ২১,০০০
(b) ১৩৭, ১৯, ২০,০০০
(c) ১৩৭, ১৯, ১৮
(d) ১৩৭, ১৯, ৩০,০০০
উত্তৰঃ (b) ১৩৭, ১৯, ২০,০০০

7. পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ কোনখন ?
(a) উত্তৰ আমেৰিকা
(b) ইউৰোপ
(c) এন্টার্কটিকা
(d) ওছেনিয়া মহাদেশ
উত্তৰ : (d) ওছেনিয়া মহাদেশ

8. পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন ?
(a) প্রশান্ত মহাসাগৰ
(b) ভাৰত মহাসাগৰ
(c) আটলান্টিক মহাসাগৰ
(d) দক্ষিণ মহাসাগৰ
উত্তৰ: (c) আটলাণ্টিক মহাসাগৰ

9. পৃথিৱীৰ দ্বিতীয় বৃহত্তম জনবহুল দেশ কোনখন ?
(a) চীন
(b) ভাৰত
(c) আমেৰিকা
(d) আফ্রিকা
উত্তৰ : (b) ভাৰত

10. কোনখন সাগৰে এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে ?(HSLC-2017)
(a) ভূমধ্য সাগৰে
(b) লোহিত সাগৰে
(c) কাস্পিয়ান সাগৰে
(d) আৰৱ সাগৰে
উত্তৰ: (a) ভূমধ্য সাগৰে

11. প্রাকৃতিকভাৱে ইউৰোপ মহাদেশ এছিয়া
মহাদেশৰ পৰা পৃথক কৰি ৰাখিছে—– (HSLC-2018)
(a) কাৰাকোৰাম পবতমালা আৰু কৃষ্ণ সাগৰে
(b) হিমালয় পর্বতমালা আৰু আমুৰ নদীয়ে
(c) উৰাল পর্বতমালা আৰু উৰাল নদীয়ে
(d) ৰকি পর্বতমালা আৰু লেনা নদীযে
উত্তৰঃ (c) উৰাল পর্বতমালা আৰু উৰাল নদীয়ে ৷

12. পৃথিৱীৰ দীৰ্ঘতম পর্বতশ্রেণীটো হ’ল – (HSLC-2019)
(a) হিমালয় পর্বতমালা
(b) এণ্ডিজ পর্বতমালা
(c) ৰ’কি পর্বতমালা
(d) ইউৰাল পর্বতমালা
Ans : (b) এণ্ডিজ পর্বতমালা

13. কোনখন সাগৰে এছিয়া মহাদেশক আফ্রিকা মহাদেশৰ পৰা পৃথক কৰিছে ?(HSLC-2020)
(a) লোহিত সাগৰ
(b) ভূমধ্য সাগৰ
(c) কাস্পিয়ান সাগৰ
(d) এড্রিয়াটিক সাগৰ
Ans: (a) লোহিত সাগৰ

14. তলৰ কোনখন মহাসাগৰ পৃথিৱীৰভিতৰত বৃহত্তম ? (HSLC-2022)
(i) ভাৰত মহাসাগৰ
(ii) আটলান্টিক মহাসাগৰ
(iii) প্রশান্তমহাসাগৰ
(iv) দক্ষিণ মহাসাগৰ
Ans: (iii) প্রশান্ত মহাসাগৰ

15. পৃথিৱীৰ মুঠ মাটি কালি কিমান?
(a) ৪১০ নিযুত বর্গ কিঃ মিঃ
(b) ৫১০ নিযুত বর্গ কিঃ মিঃ
(c) ৫১১ নিযুত বর্গ কিঃ মিঃ
(d) ৫১০ বর্গ কিঃ মিঃ
উত্তৰ: (b) ৫১০ নিযুত বর্গ কিঃ মিঃ

16. পৃথিৱীৰ গভীৰতম খাটটো কোনখন মহাসাগৰ তলিত অৱস্থিত ?
(a) ভাৰত মহাসাগৰ
(b) আটলান্টিক মহাসাগৰ
(c) প্রশান্ত মহাসাগৰ
(d) দক্ষিণ মহাসাগৰ
উত্তৰঃ (c) প্রশান্ত মহাসাগৰ

17. পৃথিৱীৰ ক্ষুদ্ৰত মহাসাগৰ কোনখন ?
(a) ভাৰত মহাসাগৰ
(b) উত্তৰ মহাসাগৰ
(c) দক্ষিণ মহাসাগৰ
(d)আটলান্টিক মহাসাগৰ
উত্তৰঃ (b) উত্তৰ মহাসাগৰ

18. পৃথিৱীৰ ভিতৰত ক্ষুদ্রতম নদী- দ্বীপ ‘উমানন্দ’ ক’ত অবস্থিত ?
(a) ভাৰত
(b) জাপান
(c) ৰাছিয়া
(d) শ্রীলংকা
উত্তৰ: (a) ভাৰত

19. পৃথিৱীৰ বৃহত্তম দেশখনৰ নাম কি ?
(a) চীন
(b) ভাৰত
(c) ৰাছিয়া
(d) আমেৰিকা
উত্তৰঃ (c) ৰাছিয়া

20. পৃথিৱীৰ ভিতৰত ক্ষুদ্রতম দেশ ?
(a) শ্রীলংকা
(b) ব্রাজিল
(c) নেপাল
(d) ভেটিকান চিটা
উত্তৰ : (d) ভেটিকান চিটা

21. এছিয়া আৰু ইউৰোপ মহাদেশৰ প্রাকৃতিক ভাবে কিহে পৃথক কৰিছে ?
(a) ইউৰাল পর্বতমালা
(b) ককোচাত পর্বত
(c) কাস্পিয়ান সাগৰ
(d) ভল্গা নদী
উত্তৰ : (a) ইউৰাল পর্বতমালা

22. ইকুৱেড’ৰ কোনখন মহাদেশত অৱস্থিত ?
(a) উত্তৰ আমেৰিকা
(b) দক্ষিণ আমেৰিকা
(c) আফ্রিকা
(d) এছিয়া
উত্তৰ : (b) দক্ষিণ আমেৰিকা

23. ব্রাজিলৰ ৰাজধানী কি?
(a) ৰিত্ত ডি জেনেইৰো
(b) চাও পত্তিলো
(c) ব্রাছিলিয়া
(d) লিমা
উত্তৰ: (c) ব্ৰাছিলিয়া

24. পৃথিৱীৰ উচ্চতম মালভূমি কি?
(a) তিব্বত
(c) দাক্ষিণাত্য
(b) চাইবেৰিয়া
(d) পামিৰ
উত্তৰ: (d) পামিৰ

25. পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটো কি ?(2011)
(a) হিমালয় পর্বতমালা
(b) এণ্ডিজ পর্বতমালা
(c) ৰ’কি পর্বতমালা
(d) ইউৰাল পর্বতমালা
উত্তৰ: (b) এণ্ডিজ পর্বতমালা

26. পৃথিৱীৰ প্ৰায় এক তৃতীয়াংশ ঠাই আগুৰি থকা মহাসাগৰ খন কি ?
(a) আটলান্টিক
(b) দক্ষিণ মহাসাগৰ
(c) ভাৰত মহাসাগৰ
(d) প্রশান্ত মহাসাগৰ
উত্তৰ : (d) প্রশান্ত মহাসাগৰ

27. পৃথিৱীত সৰ্বমুঠ কিমান কেইখন দেশ আছে?
(a) ২০০ আটলান্টিক
(b) ১৯৯ খন
(c) ১৯৭ খন
(d) ১৯৮ খন
উত্তৰ: (c) ১৯৭ খন

28. এছিয়া মহাদেশ কিমানখন দেশেৰে গঠিত ।
(a) ৫০ আটলান্টিক
(b) ৫১ খন
(c) ৫২ খন
(d) ৫৩ খন
উত্তৰ: (b) ৫১ খন

29. কোন দেশত স্থায়ী জনবসতি নাই ?
(a) ফিজিত
(c) এন্টার্কটিকাত
(b) টংগাত
(d) পেৰুত
উত্তৰঃ (c) এন্টাকটিকাত

30. পৃথিৱীৰ ভিতৰত উচ্চতম শৃংগ কোনটো ?
(a) কাঞ্চনজংঘা
(b) এভাৰেষ্ট শৃংগ
(c) গডউইন অষ্টিন শৃংগ
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (b) এভাৰেষ্ট শৃংগ

31. পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি?
(a) চাহাৰা
(b) গ্রেট ভিক্টোৰিয়া
(c) টিৰাৰি
(d) পেডিকা
উত্তৰ: (a) চাহাৰা

(32. চাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত ?
(a) আমেৰিকাত
(c) আফ্ৰিকাত
(b) এছিয়াত (3)
(d) এন্টার্কটিকাত
উত্তৰ : (c) আফ্ৰিকাত

(33. এছিয়া মহাদেশৰ এখন মৰুভূমিৰ নাম লিখা ।
(a) আটা কামা মৰুভূমি
(b) চাহাৰা
(c) গোবি মৰুভূমি
(d) পেডিকা
উত্তৰ: (c) গোবি মৰুভূমি

34. থাইলেণ্ডৰ ৰাজধানী কি ?
(a) চনা
(b) বেংকক
(c) দিলি
(d) ৰিয়াড
উত্তৰ : (b) বেংকক

35. দক্ষিণ আমেৰিকা মহাদেশ কিমানখন দেশেৰে গঠিত ?
(a) ১০ চনা
(b) ১১ খন
(c) ১৫ খন
(d) ১২ খন
উত্তৰ: (d) ১২ খন

36. ওছেনিয়া মহাদেশৰ আটাইতকৈ কম জনসংখ্যাৰ দেশ কোনখন ?
(a) ফিজি
(b) টুভুলু
(c) নাওৰু
(d) পালাড
উত্তৰ : (b) টুভুলু

38. ভূমধ্য সাগৰীয়া অঞ্চলত অৱস্থিত ইউৰোপ মহাদেশৰ দুখন দেশৰ নাম লিখা। (২০২০)
(a) ক্রিট, ছিছিলি
(b) নাভায়া জেমল্যা, সেডলবার্ড
(c) ভাটলেণ্ড, এলাণ্ড
(d) আয়াৰলেণ্ড, বৃটিছ দ্বীপপুঞ্জ
উত্তৰ: (a) ক্রিট, ছিছিলি

অনুশীলনৰ প্ৰশ্ন উত্তৰ: পৃথিৱীৰ ভূগোল

১। পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ স্থলমণ্ডল: শিল , বালি , মাটি আৰু খনিজ পদার্থৰে গঠিত ভূপৃষ্ঠৰ কঠিন অংশটোকে স্থলমণ্ডল বুলি জনা যায় । ই পর্বত – পাহাৰ , সমভূমি , মালভূমি , নদী উপত্যকা , উপকূল আদিৰ দৰে ভূ – অৱয়ৱেৰে গঠিত হৈছে।অৰণ্য , কৃষিভূমি , তৃণভূমি তথা জুনবসতি অঞ্চল আদিও স্থলমণ্ডলৰ অন্তৰ্গত। পৃথিৱীৰ মুঠ মাটিকালি ৫১০ নিযুত বর্গ কিঃমিঃৰ প্রায় ১৪৯ নিযুত বর্গ কিঃমিঃ , অর্থাৎ প্রায় ২৯ শতাংশ স্থলমণ্ডলে আগুৰি আছে । পৃথিৱীৰ স্থলমণ্ডলটো এছিয়া , আফ্রিকা , ইউৰােপ , উত্তৰ আমেৰিকা , দক্ষিণ আমেৰিকা , ওছেনিয়া আৰু এন্টার্কটিকা নামৰ সাতখন মহাদেশত বিভক্ত হৈ আছে ।

জলমণ্ডল: ভূপৃষ্ঠৰ জলভাগেৰে গঠিত বৃহৎ অংশটোক জলমণ্ডল বুলি জনা যায় । ই মহাসাগৰ , সাগৰ , হ্রদ , নদ – নদী , জান – জুৰি , জলাশয় আদিৰ দৰে জল – অৱয়ৱসমূহেৰে গঠিত । ই ভূপৃষ্ঠৰ প্রায় ৭১ শতাংশ ( ৩৬১ নিযুত বর্গ কিঃমিঃ ) আগুৰি আছে । পৃথিৱীৰ জলভাগক প্রশান্ত মহাসাগৰ , দক্ষিণ মহাসাগৰ , ভাৰত মহাসাগৰ , আটলান্টিক মহাসাগৰ আৰু উত্তৰ মহাসাগৰ নামৰ পাঁচখন মহাসাগৰত বিভক্ত কৰা হৈছে ।

২। মহাদেশীয় বিস্থাপন সূত্র অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল ?
উত্তৰঃ
মহাদেশীয় বিস্থাপন সূত্র অনুসৰি ৩০০ নিযুত বছৰ পূর্বে পূৰাজীৱীয় কল্পৰ পাৰমিয়ান যুগত , অর্থাৎ গঠনৰ সময়ত পৃথিৱীৰ স্থলমণ্ডল কেৱল এটা একক ভূখণ্ড আছিল আৰু ইয়াক চাৰিওফালৰ পৰা জলমণ্ডলে আগুৰি আছিল । এই ভূখণ্ডটোক পেঞ্জিয়া আৰু চাৰিওফালে আগুৰি থকা জলমণ্ডলক পাছালা বুলি জনা গৈছিল ।

পৰৱর্তী সময়ত স্থলমণ্ডল বা পেঞ্জিয়াৰ সোঁমাজেৰে পূর্ব – পশ্চিমাকৈ এখন ঠেক তথা দীঘলীয়া সাগৰৰ সৃষ্টি হৈছিল যিয়ে সমগ্র স্থলমণ্ডলক দুটা ভাগত বিভক্ত কৰিছিল । এই সাগৰখনক টেথিছ সাগৰ বুলি জনা যায় ।

দ্বিখণ্ডিত হােৱা স্থলমণ্ডলৰ উত্তৰৰ অংশটোক লৰেছিয়া আৰু দক্ষিণ অংশটোক গণ্ডোৱানালেণ্ড বুলি কোৱা হৈছিল । মধ্যজীৱীয় কল্পযুগত , অর্থাৎ প্রায় ২৫০ নিযুত বছৰ পূর্বে মহাদেশীয় সঞ্চাৰণ তথা বিভাজনৰ ফলত লৰেছিয়া আৰু গণ্ডোৱানালেণ্ড বিভাজিত হৈ বৰ্তমানৰ সাতখন মহাদেশৰ সৃষ্টি হয় ।

এই সূত্র অনুসৰি ,লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা , গ্রীনলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰে অৱস্থিত ইউৰােপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল ।

আনহাতে , দক্ষিণ আমেৰিকা , আফ্রিকা , মাদাগাস্কাৰ , ভাৰতবৰ্ষ , আৰব অঞ্চল , মালয়েছিয়া আৰু অষ্ট্রেলিয়া তথা এন্টার্কটিকাকে ধৰি অন্যান্য অঞ্চলসমূহৰ সৃষ্টি হৈছিল গণ্ডোৱানালেণ্ডৰ পৰা ।

৩। মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়ৱ সম্পর্কে চমুকৈ লিখা ।
উত্তৰঃ
ভূপৃষ্ঠৰ প্ৰায় ৭১ শতাংশ জলভাগে আগুৰি আছে । পৃথিৱীৰ জলভাগ বিশেষকৈ প্রশান্ত মহাসাগৰ , আটলান্টিক মহাসাগৰ , ভাৰত মহাসাগৰ , উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ নামৰ পাঁচখন মহাসাগৰেৰে গঠিত ।

মহাসাগৰসমূহৰ তলিভাগৰ ভূ – প্রকৃতি তেনেই অসমান আৰু ইয়াতো স্থলমণ্ডলৰ দৰে কিছুমান ভূ – অৱয়ৱ আছে , যেনে – সামুদ্রিক শৈলসিৰা , সমুদ্র খাত আদি । সমুদ্রৰ তলিত থকা এনে কিছুমান অতি গুৰুত্বপূৰ্ণ অৱয়ৱ হৈছেঃ-

  • মহীসােপান :- ভূখণ্ড বা উপকূল অঞ্চলৰ সৈতে সংযােজিত হৈ থকা সাগৰ – মহাসাগৰৰ অগভীৰ অংশকে মহীসােপান বুলি কোৱা হয় । ইয়াৰ গভীৰতা প্রায় ২০০ মিটাৰ পর্যন্ত হয় ।
  • মহীঢাল :- মহীসােপানৰ পিছত আৰম্ভ হােৱা মহাসাগৰৰ বুকুৰ যথেষ্ট গভীৰ অংশক মহীঢাল বুলি কোৱা হয় । এই অঞ্চলটো সাধাৰণতে মহাসাগৰৰ মাজভাগৰ দিশলৈ এঢলীয়া হৈ পৰে।ইয়াৰ গভীৰতা প্রায় ২০০০ মিটাৰ পর্যন্ত হয় ।
  • গভীৰ সমুদ্রতলীয় দ্রোণী :- মহীঢালৰ পিছত মহাসাগৰৰ মাজভাগত অৱস্থিত ভূ – অৱয়ৱকে গভীৰ সমুদ্রতলীয় দ্রোণী বুলি কোৱা হয় । ইয়াৰ গভীৰতা ৪০০০ মিটাৰ পর্যন্ত হয় ।
  • গভীৰ সামুদ্রিক খাত :- মহাসাগৰৰ মাজভাগত প্রায় ৮০০০ মিটাৰ পর্যন্ত গভীৰতা থকা গভীৰ খাত থকা দেখা যায় । সকলােবােৰ সামুদ্রিক খাতৰ ভিতৰত প্রশান্ত মহাসাগৰৰ বুকুত থকা ১১,০২২ মিটাৰ গভীৰ মেৰিয়ানা বা চেলেঞ্জাৰ খাতেই হ’ল বিশ্বৰ সবাতােকৈ গভীৰতম খাত ।

এইবােৰৰ উপৰি সমুদ্রপৃষ্ঠৰ পৰা বহু ওপৰলৈ সামুদ্রিক শৈলসিৰা কিছুমান অ’ত ত’ত সিঁচৰিত হৈ ওলাই থকা দেখা যায় , ইয়াৰে ভিতৰত কিছুমানে সাগৰপৃষ্ঠৰ ওপ্ৰত দ্বীপ হিচাপে আৱিৰ্ভাৱ হয় ।

৪। মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পর্কে চমুকৈ লিখা ।
উত্তৰঃ পৃথিৱীপৃষ্ঠৰ স্থলভাগেৰে গঠিত অংশটোক স্থলমণ্ডল বুলি কোৱাৰ বিপৰীতে জলভাগেৰে গঠিত অংশটোক জলমণ্ডল বুলি কোৱা হয় । ভৌগােলিকভাৱে স্থলমণ্ডলক চাৰিটা বৃহৎ অংশ বা গােটত বিভক্ত কৰা হৈছে :-

  1. প্রথম অংশ: এই অংশটো এছিয়া , আফ্রিকা আৰু ইউৰােপ মহাদেশেৰে গঠিত ।
  2. দ্বিতীয় অংশ: এই অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰে গঠিত ।
  3. তৃতীয় অংশ: অষ্ট্রেলিয়া আৰু সমীপৱৰ্তী দ্বীপসমূহ লগলাগি গঠিত হৈছে ।
  4. চতুর্থ অংশ: কোনােমতে দুই – এক স্থায়ী জনবসতি থকা এন্টার্কটিকা মহাদেশেৰে গঠিত ।

আনহাতে পৃথিৱীৰ জলমণ্ডলক পৰস্পৰৰ সৈতে সংযােগ থকা পাঁচখন মহাসাগৰত ভাগ কৰা হৈছে :-

  • প্রশান্ত মহাসাগৰ :- ই হৈছে বিশ্বৰ সৰ্ববৃহৎ মহাসাগৰ । এই মহাসাগৰখন পশ্চিমে এছিয়া , পূৱে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত অৱস্থিত ।
  • আটলান্টিক মহাসাগৰ :- ই হৈছে বিশ্বৰ দ্বিতীয় বৃহৎ মহাসাগৰ । এই মহাসাগৰখন পশ্চিমে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা , তথা পূৱে ইউৰােপ আৰু আফ্রিকা মহাদেশৰ মাজত অৱস্থিত।
  • ভাৰত মহাসাগৰ :- এই মহাসাগৰখন এছিয়া মহাদেশৰ দক্ষিণে , আফ্রিকা মহাদেশৰ পূবে আৰু ওচেনিয়া মহাদেশৰ পশ্চিমে অবস্থিত ।
  • দক্ষিণ মহাসাগৰ :- এই মহাসাগৰখন দক্ষিণ আমেৰিকা , আফ্রিকা আৰু ওচেনিয়া মহাদেশৰ দক্ষিণ দিশে অৱস্থিত ।
  • উত্তৰ মহাসাগৰ :- এই মহাসাগৰখন উত্তৰ আমেৰিকা , ইউৰােপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত । জলমণ্ডলৰ প্রায় ৫৭ শতাংশই দক্ষিণ গােলার্ধ উভয়তে আৱদ্ধ হােৱাৰ বিপৰীতে স্থলমণ্ডলৰ প্ৰায় ৬৭ শতাংশ উত্তৰ গােলার্ধত অৱস্থিত ।

পাঁচখন মহাসাগৰৰ ভিতৰত প্রশান্ত মহাসাগৰ , আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰ নামৰ মহাসাগৰ তিনিখন স্থানিকভাৱে উত্তৰ গােলার্ধ আৰু দক্ষিণ গােলার্ধ উভয়তে বিস্তৃত হৈ থকাৰ বিপৰীতে দক্ষিণ মহাসাগৰ কেৱল দক্ষিণ গােলার্ধত আৰু উত্তৰ মহাসাগৰ কেৱল উত্তৰ গােলার্ধত অৱস্থিত ।

৫। পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ–অৱয়ৱসমূহৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ ভূপৃষ্ঠৰ প্রায় ২৯ শতাংশ স্থলমণ্ডলেৰে গঠিত।স্থলমণ্ডলৰ ভূপ্রকৃতি অসমান ধৰণৰ আৰু ই পাহাৰ – পর্বত , মালভূমি , সমভূমি , উপকূলীয় অঞ্চল , নদী উপত্যকা আদিৰে গঠিত । পৃথিৱীৰ স্থলভাগৰ ভূ – অৱয়ৱ স্থানভেদে ভিন্ন হােৱা বাবে মহাদেশসমূহৰ সকলােতে ভূপ্রকৃতি একেধৰণৰ নহয় ।

এক নির্দিষ্ট স্থানৰ অৱয়বৰ বৈশিষ্ট্য সাপেক্ষে ভূপ্রকৃতিৰ তাৰতম্য ঘটে । উচ্চতা , নদ নদীৰ উপস্থিতি , জলবায়ু তথা উদ্ভিদ আদিয়ে এখন ঠাইৰ ভূপ্রকৃতিৰ ওপৰত বাৰুকৈ প্ৰভাৱ পেলায় । প্ৰায়বােৰ মহাদেশতে কেইবাটাও সুউচ্চ পর্বতমালা বিস্তৃত হৈ আছে ।

উদাহৰণস্বৰূপে এছিয়া মহাদেশত অৱস্থিত হিমালয় পূর্বতমালাৰ ৮,৮৪৮ মিটাৰ ওখ এভাৰেষ্ট শৃংগ হৈছে বিশ্বৰ সবাতােকৈ ওখ শৃংগ । আনহাতে এছিয়া মহাদেশতে বিশ্বৰ উচ্চতম মালভূমি পামিৰ মালভূমিৰ লগতে বহুতাে সুউচ্চ মালভূমি থকা পৰিলক্ষিত হয় ।

তদুপৰি নদী উপত্যকাবােৰো ভূপৃষ্ঠৰ এক অতি গুৰুত্বপূর্ণ ভূ – অৱয়ৱ । সমগ্র মহাদেশবােৰৰ মাজেৰে বৃহৎ সমভূমিসমূহ বিস্তৃত হৈ থকাৰ বিপৰীতে সীমান্ত অঞ্চলত উপকূলীয় সমভূমিসমূহৰ উপস্থিতিয়ে মহাদেশসমূহৰ ভূ – অৱয়ৱ অসমান কৰি ৰাখিছে ।

৬) এচিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা ǀ

উত্তৰ- এচিয়া মহাদেশখন পৰ্বত পাহাৰ ,সমভূমি,মালভূমি,মৰুভূমি, নদ-নদী, হ্ৰদ, দ্বীপ ইত্যাদি নানান ভূ-অৱয়বৰে গঠিত ǀ তাৰে কিছুমান আকৌ বিশ্বৰ আন প্ৰান্তত উপলব্ধ নহয়ǀ বৈশিষ্ট্যপূৰ্ণ এই ভূ-অবয়ব বোৰে মহাদেশখনক স্বকীয়তা প্ৰদান কৰিছে ǀ

এচিয়া মহাদেশ পৰ্বতসমূহ – হিমালয়,কাৰাকোৰম, টিয়েনচান, আৰৱলী, ইউৰাল ইত্যাদি ǀ এই মহাদেশত পৃথিৱীৰ উচ্চতম শৃংগ মাউন্ট এভাৰেষ্ট (৮৮৪৮মি), দ্বিতীয় উচ্চতম শৃংগ গড্উইন অষ্টিন (৮৬৬১মি) আৰু তৃতীয় উচ্চতম শৃংগ কাঞ্চনজংঘা (৮৫৮৬মি) অৱস্হিত ǀ

এচিয়া মহাদেশৰ মালভূমি সমূহ –তিব্বতমালভূমি, চাইবেৰিয়া মালভূমি, মংগোলীয় মালভূমি ,দাক্ষিণাত্য মালভূমি, আৰৱ মালভূমি, ইৰাণ মালভূমি ইত্যাদি ǀএই মহাদেশতে পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ পামিৰ মালভূমি অৱস্হিত ǀ

এচিয়া মহাদেশৰ নদ-নদী সমূহ- মধ্য-দক্ষিণত অংশত থকা গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু, উত্তৰ অংশত থকা ইয়েনিচি,ওবি আৰু লেনা, পূব অংশত থকা আমুৰ,হোৱাংহো, চিকিয়াং, দক্ষিণ আৰু দক্ষিণ পূবত থকা ইৰাবতী, মেকং, গোদাবৰী, কৃষ্ণা, কাবেৰী, নৰ্মদা ইত্যাদি ǀ ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ আৰু আটাইতকৈ সৰু নদী দ্বীপ ক্ৰমে মাজুলী আৰু উমানন্দ অৱস্হিত ǀ তাৰোপৰি গংগা-ব্ৰহ্মপুত্ৰ নদীৰ মোহনাতে বিশ্বৰ আটাইতকৈ ডাঙৰ ব-দ্বীপ সুন্দৰবন আছে ǀ

এচিয়া মহাদেশৰ হ্ৰদ সমূহ- এই মহাদেশখনত সৰু ডাঙৰ বহুতো হ্ৰদ আছে ǀ উদাহৰণস্বৰূপে- বলখাচ, বৈকাল,চিল্কা, চম্বৰ ,ডাল, পুলিকট, লোকটক ইত্যাদি ǀ ইয়াৰ ভিতৰত-বৈকাল হ্ৰদ বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু দ’ নিৰ্মল পানীৰ হ্ৰদ ǀ

এচিয়া মহাদেশৰ মৰুভূমি সমূহ- এচিয়া মহাদেশত উষ্ণ আৰু শীতল দুয়ো প্ৰকাৰৰ মৰুভূমি আছে ǀশীতল মৰুভূমিৰ ভিতৰত মংগোলীয়াৰ গোবি আৰু উষ্ণ মৰুভূমিৰ ভিতৰত ভাৰতৰ থৰ আৰু আৰবৰ মৰুভূমিয়ে প্ৰধান ǀ

৭) কাৰণ দৰ্শাই উত্তৰ লিখা
(ক) পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই উত্তৰ গোলাৰ্ধত থূপ খাই আছে কিয় ?

উত্তৰ- স্হলভাগৰ বৃহৎ অংশ (প্ৰায় ৬৭ %) উত্তৰ গোলাৰ্ধতে অৱস্হিত সেয়ে জনবসতি এই স্হলভাগতহে বেছিকৈ পোৱা যাব ǀ

উত্তৰ গোলাৰ্ধত তুলনামূলকভাৱে উন্নত দেশবোৰ অধিক যেনে- ইউৰোপৰ দেশসমূহ, এচিয়াৰ জাপান ,চীন, ৰুচিয়া, উত্তৰ আমেৰিকাৰ কানাডা, আমেৰিকা ইত্যাদি ǀ উদ্যোগীকৰণ , যাতায়তৰ সা সুবিধা, খনিজ সম্পদৰ উপলব্ধতা, কৰ্মসংস্হাপনৰ সুবিধা আদিৰ বাবে এই ৰাষ্ট্ৰবোৰ অৰ্থনৈতিকভাৱে আগবঢ়া আৰু সেয়ে তাত জনবসতিও বেছি ǀ
উত্তৰ গোলাৰ্ধৰ জলবায়ু তুলনামূলকভাৱে দক্ষিণ গোলাৰ্ধৰ জলবায়ুতকৈ নমনীয় ǀ সেই জলবায়ু কৃষিকাৰ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ উৎপাদন কাৰ্য চলাবলৈ সুবিধাজনক ǀ সেইয়ে সেইবোৰ অঞ্চলত বসতি অধিক ǀ ইয়াৰ বিপৰীতে দক্ষিণ গোলাৰ্ধৰ এটা বৃহৎ অংশ দক্ষিণ মেৰুত বছৰৰ বেছিভাগ সময় বৰফেৰে ঢাক খাই থাকে যাৰ ফলত তাত মানুহৰ বসতি আৰু কামকাজৰ সুবিধা নাথাকে ǀ

(খ) এন্টাৰ্কটিকা মহাদেশত মানুহৰ স্হায়ী বসতি দেখা নাযায় কিয় ?
উত্তৰ- পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত থকা এন্টাৰ্কটিকা মহাদেশত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে বাবে তাত ছমাহ একেৰাহে দিন আৰু ছমাহ একেৰাহে ৰাতি হৈ থাকে ǀ উত্তাপ কম হোৱাৰ বাবে এন্টাৰ্কটিকা মহাদেশৰ বেছিভাগ অঞ্চল বছৰৰ বাৰ মাহে বৰফেৰে আবৃত্ত হৈ থাকে ,সেয়ে তাত স্হায়ী বসতি দেখা নাযায় ǀ

চমু উত্তৰ দিয়া

ক) এচিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰকৃতিক সীমা কিহে সৃষ্টি কৰিছে লিখাǀ
উত্তৰ
– ইউৰাল পৰ্বতমালাই

খ) পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো আৰু কত অৱস্হিত ?
উত্তৰ-
এণ্ডজ পৰ্বতমালা (৮০০০ মিটাৰ কি মি )

গ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশৰ নাম লিখা ǀ
উত্তৰ
– বৃহত্তম মহাদেশ –এচিয়া ǀ ক্ষুদ্ৰতম মহাদেশ- ওছেনিয়া মহাদেশ ǀ

ঙ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশৰ নাম লিখা ǀ
উত্তৰ
– বৃহত্তম মহাদেশ- এচিয়া ক্ষুদ্ৰতম মহাদেশ- ওচেনিয়া

চ) উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম কি ? ই মহাদেশৰ কোন অংশত অৱস্হিত I
উত্তৰ
– ৰকি পৰ্বত শ্ৰেণী, ই মহাদেশখনৰ পশ্চিমফালৰ আলস্কাৰ পৰা মেক্সিকো পৰ্যন্ত উত্তৰা দক্ষিণাকৈ বিয়পি আছে ǀ

ছ) পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক’ত অৱস্হিত ?
উত্তৰ
– চাহাৰ মৰুভূমি আৰু ই আফ্ৰিকা মহাদেশত অৱস্হিত ǀ

জ) এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্ৰবাহিত আৰু পূৱ দিশলৈ প্ৰবাহিত নদীৰ নাম লিখা ǀ
উত্তৰ
– উত্তৰ দিশলৈ প্ৰবাহিত নদী- ইয়েনিছি আৰু ওব, পূব দিশলৈ প্ৰবাহিত নদী- আমুৰ, চিকিয়াং

ঝ)অষ্ট্ৰেলিয়াৰ একোখনকৈ প্ৰধান পৰ্বতশ্ৰেণী,নদী আৰু মৰুভূমিৰ নাম লিখা ǀ
উত্তৰ
-পৰ্বতশ্ৰেণী- স্ন’ৱি মাউন্টেইন, নদী- বেলিয়াণ্ডো, মৰুভূমি- গ্ৰেট ভিক্টোৰিয়া

ঞ) ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্হিত তিনিখন দেশৰ নাম লিখা ǀ
উত্তৰ
– ক্ৰীট,মালটা আৰু ছিছিলি

চমুটোকা লিখা

(ক) পেঞ্জিয়া
উত্তৰ: মহাদেশীয় বিস্হাপন সূত্ৰ অনুসৰি আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰৰ আগতে পৃথিৱীখনৰ স্হলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল ǀ পৃথিৱীৰ সেই অৱস্হাত থকা স্হলমণ্ডলটোক পেঞ্জিয়া বুলি জনা যায় ǀ এই পেঞ্জিয়াৰ সোঁ মাজেৰে পূৱা পশ্চিমাকৈ ফাট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল ǀ সেই সাগৰখনক টেথিছ সাগৰ নামে জনা যায় আৰু এই সাগৰে পেঞ্জিয়াক উত্তৰা দক্ষিণাকৈ দুটা ভাগত ভাগ কৰিছিল ǀ ইয়াৰ উত্তৰে থকা অংশটোক আঙ্গাৰালেণ্ড আৰু দক্ষিণলৈ থকা অংশটোক গণ্ডোৱানালেণ্ড বোলে ǀ

(খ) উত্তৰ মহাসাগৰ
উত্তৰ: পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ ǀ ই প্ৰায় ১৪ নিযুত বৰ্গ কিলোমিটাৰ এলেকা জুৰি এই মহাসাগৰ বিয়পি আছে ǀ এছিয়া,ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰাংশই উত্তৰ মহাসাগৰক আগুৰি আছে ǀ ইয়াৰ তলিৰ গড় গভীৰতা ৩৫০০মিটাৰ ǀ এই মহাসাগৰ উত্তৰ মেৰু অঞ্চলত অৱস্হিত বাবে বছৰটোৰ বেছিভাগ সময় উত্তৰ মহাসাগৰখন বৰফেৰে ঢাক খাই থাকে ǀ

(গ) ওচেনিয়া মহাদেশ
উত্তৰ: ওচেনিয়া মহাদেশৰ মাটিকালি প্ৰায় ৮ নিযুত বৰ্গ কি মি ǀ ই স্হলমণ্ডলৰ ৫.৪ শতাংশ অঞ্চল আৱৰি আছে ǀই বিশ্বৰ ক্ষুদ্ৰতম মহাদেশ ǀ ই ওচেনিয়া মহাদেশত সৰু ডাঙৰ ১৪ খন দেশ আছে ǀ ২০১৪ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি মহাদেশখনৰ মুঠ জনসংখ্যা ৩৮ নিযুত ǀ ওচেনিয়া মহাদেশৰ আটাইতকৈ বৃহৎ দেশ হল অষ্ট্ৰেলিয়া আৰু বিশ্বৰ ভিতৰত ষষ্ঠ বৃহতম দেশ ǀ ওচেনিয়া মহাদেশৰ মূল ভূখণ্ড অষ্ট্ৰেলিয়া এটা প্ৰাচীন মালভূমি ǀ মূৰে ,ডাৰ্লিঙ, বেলিয়াণ্ডো ,ভিক্টোৰিয়া, ছোৱান আদি এই মহাদেশৰ প্ৰধান নদী ǀ এই মহাদেশত থকা কিছুমান মৰুভূমি হৈছে- গ্ৰেট ভিক্টোৰিয়া,গ্ৰেট ছেণ্ডি, টানামী, ছিম্পছন,,গিবছন ইত্যাদি ǀ

(ঘ) এচিয়া মহাদেশৰ নদনদী
উত্তৰ: এচিয়া মহাদেশৰ নদ-নদী সমূহ হৈছে -মধ্য-দক্ষিণত অংশত থকা গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু, উত্তৰ অংশত থকা ইয়েনিচি,ওবি আৰু লেনা, পূব অংশত থকা আমুৰ,হোৱাংহো, চিকিয়াং, দক্ষিণ আৰু দক্ষিণ পূবত থকা ইৰাবতী, মেকং, গোদাবৰী, কৃষ্ণা, কাবেৰী, নৰ্মদা ইত্যাদি ǀ ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ আৰু আটাইতকৈ সৰু নদী দ্বীপ ক্ৰমে মাজুলী আৰু উমানন্দ অৱস্হিত ǀ তাৰোপৰি গংগা-ব্ৰহ্মপুত্ৰ নদীৰ মোহনাতে বিশ্বৰ আটাইতকৈ ডাঙৰ ব-দ্বীপ সুন্দৰবন আছে

(ঙ)আফ্ৰিকা মহাদেশৰ হ্ৰদ সমূহ
উত্তৰ: আফ্ৰিকা মহাদেশত বহুতো হ্ৰদৰ উপস্হিতি লক্ষ্য কৰা যায় ǀ সেই হ্ৰদসমূহ হৈছে- ভিক্টোৰিয়া, এলবাৰ্ট টাংগানিকা, চাড,ভোল্টা, ন্যাচা,কেব’ৰা বাচ্চা, মালৱি, টুকাৰ্ণা কিভু, এব্বে ইত্যাদি ǀ

(চ)ইউৰোপ মহাদেশৰ নদ-নদী
উত্তৰ: ইউৰোপ মহাদেশত সৰু বৰ বহুতো নদীৰ উপস্হিতি দেখা যায় ǀ দেশ অনুযায়ী নদ-নদীবোৰ হৈছে- স্পেইনৰ এলব্ৰো, ফ্ৰান্সৰ ৰোণ আৰু চেইন, জাৰ্মানীৰ ৰাইন আৰু এল্বে, পোলেণ্ডৰ ওডাৰ আৰু ভিষ্টুলা, অষ্ট্ৰীয়া,হাংগেৰী আৰু ৰোমানিয়াৰ ডানিয়ুব, বেলাৰুচ আৰু ইউক্ৰেইনৰ নিপাৰ, ইটালীৰ পো, গ্ৰেট ব্ৰিটেইনৰ থেমচ, ৰুচিয়াৰ ডন, ভল্গা,ইউৰাল I

(ছ)আপেলেছিয়ান উচ্চভূমি অঞ্চল
উত্তৰ
: উত্তৰ আমেৰিকাৰ অন্যতম পুৰণি পৰ্বতমালাই হল আপেলেছিয়ান উচ্চভূমি ǀ
উত্তৰে নিউফাণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্লৰিডা লৈ বিস্তৃত হৈ আছে ǀ ওখোৰা মোখোৰা এই অঞ্চলটো পৰ্বত পাহৰ,ঠেক উপত্যকা আৰু ভগ্ন মালভূমিৰে গঠিত ǀ সমগ্ৰ অঞ্চলটো অৰণ্যৰে ভৰপূৰ ǀ এই অঞ্চলতেই আমেৰিকাৰ খনিজ সম্পদৰ (কয়লা,লোৰ আকৰ, জিংক আদিৰ) বিশাল ভাণ্ডাৰবোৰ লুকাই আছে ǀ

(জ) উত্তৰ আমেৰিকা মহাদেশৰ হ্ৰদসমূহ
উত্তৰ:
উত্তৰ আমেৰিকা মহাদেশত অজস্ৰ নদ নদী আৰু হ্ৰদ আছে ǀ তাৰে ভিতৰত উল্লেখযোগ্য হ্ৰদ কেইটা হৈছে- ছুপেৰিয়ৰ, হুৰ’ন, মিছিগান এৰি,ওন্টেৰিও, গ্ৰেট বিয়াৰ ,গ্ৰেট শ্লেভ, উইনিপেগ,গ্ৰেট ছল্ট ǀ ইয়াৰে ছুপেৰিয়ৰ হল বিশ্বৰ ভিতৰতে তৃতীয় বৃহত্তম আৰু উত্তৰ আমেৰিকাৰ আটাইতকৈ ডাঙৰ মিঠা পানী হ্ৰদ I

পার্থক্য লিখা

ক)মহীসোপান আৰু মহীঢাল
উত্তৰঃ

মহীসোপান মহীঢাল
(a) উপকূলৰ চাৰিওকাষে থকা সাগৰ-মহাসাগৰৰ অগভীৰ অংশকে মহীসােপান বােলে। (a) আনহাতে মহীসােপানৰ পিছৰ যথেষ্ট গভীৰ অংশটোক মহীঢাল বােলা হয়।
(b) মহীসােপানৰ গভীৰতা প্রায় ২০০০ মিটাৰ পর্যন্ত। (b) মহীঢালৰ গভীৰতা প্রায় ২০০ মিটার পর্যন্ত।

খ) এভাবেষ্ট শৃংগ / গডউইন অষ্টিন শৃংগ।

উত্তৰঃ

এভাবেষ্ট শৃংগ গডউইন অষ্টিন শৃংগ
(a) এভাবেষ্ট শৃংগ পৃথিৱীৰ উচ্চতম শৃংগ। (a) গডউইন অষ্টিন শৃংগ পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ
(b) এই শৃংগটো হিমালয় পর্বশ্রেণীৰ অন্তৰ্গত ।(b) এই শৃংগটো কাৰাকোৰাম পর্বতমালাৰ অন্তত।
(c) ইয়াৰ দৈৰ্ঘ্য ৮,৮৪৮ মিটাৰ। (c) ইয়াৰ দৈর্ঘ্য ৮,৬১১ মিটাৰ।

গ) ওছেনিয়া মহাদেশ আৰু এন্টার্কটিকা মহাদেশ

উত্তৰঃ

ওছেনিয়া মহাদেশ এন্টার্কটিকা মহাদেশ
(a) ওছেনিয়া মহাদেশখনৰ মুঠ মাটিকালি ৮ নিযুত বর্গকিলােমিটাৰ। (a) আনহাতে, এন্টার্কটিকা মহাদেশৰ মুঠ মাটিকালি ১৩ নিযুত বর্গকিলােমিটাৰ।
(b) এন্টার্কটিকা মহাদেশখন বৰফেৰে আৱৰা।(b) ওছেনিয়া মহাদেশখন বৰফেৰে আবৃত নহয়।
(c) এন্টার্কটিকা মহাদেশত কোনাে স্থায়ী জনজাতি নাই। (c) ওছেনিয়া মহাদেশত স্থায়ী জনবসতি আছে।

ঘ) গােবি মরুভূমি আৰু আটাকামা মৰুভূমি

উত্তৰঃ

গােবি মরুভূমি আটাকামা মৰুভূমি
(a) গােবি মরুভূমি এছিয়া মহাদেশত অৱস্থিত। আনহাতে, আটাকামা মরুভূমি দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত। (a) গােবি মরুভূমি এছিয়া মহাদেশত অৱস্থিত। আনহাতে, আটাকামা মরুভূমি দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত।
(b) গােবি মরুভূমি এখন শীতল মৰুভূমি। (b) আটাকামা মরুভূমি পৃথিৱীৰ ভিতৰত এখন শুকান মৰুভূমি।

শুদ্ধ উত্তৰটো বাছি উলিওৱা

(ক) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন?
(১) প্রশান্ত মহাসাগৰ।
(২) ভাৰত মহাসাগৰ .
(৩) আটলান্টিক মহাসাগৰ
(৪) দক্ষিণমহাসাগৰ

উত্তৰঃ আটলান্টিক মহাসাগৰ

(খ) পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ কোনখন?
(১) উত্তৰ আমেৰিকা মহাদেশ
(২) ইউৰােপমহাদেশ
(৩) এন্টার্কটিকা মহাদেশ
(৪) ওছেনিয়া মহাদেশ।

উত্তৰঃ ওছেনিয়া মহাদেশ

(গ) ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত

(১) আটলান্টিক মহাসাগৰ (২) উত্তৰ মহাসাগৰ (৩) প্রশান্ত মহাসাগৰ (4) ভাৰত মহাসাগৰ

উত্তৰঃ আটলান্টিক মহাসাগৰ

(ঘ) এছিয়া আৰু আফ্রিকা মহাদেশ কোনখন সাগৰে পৃথক কৰিছে?
(১) ভূমধ্য সাগৰ

(২) লােহিত সাগৰ
(৩) কাস্পিয়ান সাগৰ
(8) আৰৱ সাগৰ

উত্তৰঃ লােহিত সাগৰ

(ঙ)এছিয়া আৰু ইউৰােপমহাদেশক প্রাকৃতিকভাবে কিহে পৃথক কৰিছে?
(১) ইউৰাল পর্বতমালা। (২) ককেচাচ পর্বত (৩) কাস্পিয়ান সাগৰ (8) ভন্না নদী

উত্তৰঃ ইউৰাল পর্বতমালা

(চ) ইকুৱে’ৰ কোনখন মহাদেশত অৱস্থিত?
(১) উত্তৰ আমেৰিকা
(২) দক্ষিণ আমেৰিকা
(৩) আফ্রিকা
(৪) এছিয়া

উত্তৰঃ দক্ষিণ আমেৰিকা।

(ছ) ব্রাজিলৰ ৰাজধানী কি?
(১) ৰিও ডি জেনেইবাে।

(২) চাও পাওলাে
(৩) ব্রাদিলিয়া।
(৪) লিমা।

উত্তৰঃ বিও. ডি. জেনেইৰাে

Download PDF Notes

পৃথিৱীৰ ভূগোল সম্পূৰ্ণ প্ৰশ্ন উত্তৰ PDF

Watch Video Class

পৃথিৱীৰ ভূগোল : শেষ বাক্য

আজি আমি আলোচনা কৰিলোঁ সমাজ বিজ্ঞান দশম মান শ্ৰেণীৰ (Class 10 Social Science) ৰ ভূগোল অংশৰ তৃতীয় অধ্যায় পৃথিৱীৰ ভূগোলৰ বিষয়ে। এই অধ্যায়ৰ কিবা প্ৰশ্ন উত্তৰ বা যিকোনো বিষয়ৰ কিবা জানিবলৈ থাকিলে Comment ত জনাঁওক আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। ভাল লাগিলে আমাৰ Assamese Medium Facebook Page পেজটো Like আৰু Follow কৰিব পাৰে।

1 thought on “পৃথিৱীৰ ভূগোল | Class 10 Social SEBA Course”

Leave a Comment