Prottoy in Assamese এক গুৰুত্বপূৰ্ণ অধ্যায়। Assamese Grammar ত আমি বহু কথাই আলোচনা কৰিছোঁ আৰু আজি আমি ইয়াত Prottoy in Assamese বিষয়ে আলোচনা কৰিম।
আমি ইয়াৰ আগতে আলোচনা কৰা বিষয়সমূহ যদি আপুনি এতিয়াও পঢ়া নাই তেন্তে তলত আমি উল্লেখ কৰা লিংকৰ পৰা পঢ়িব পাৰে।
Prottoy in Assamese Grammar
অসমীয়া ব্যাকৰণৰ প্ৰত্যয় অতি গুৰুত্বপূৰ্ণ বিষয়। ই কেৱল HSLC Funal Exam বা HS Final Exam ৰ বাবেই প্ৰয়োজনীয় নহয়। অসমীয়া ব্যাকৰণৰ Prottoy in Assamese আপোনাৰ অষ্টম শ্ৰেণীৰ পৰা আৰম্ভ কৰি দশম মান শ্ৰেণী বা একাদশ – দ্বাদশ শ্ৰেণী আনকি আগলৈ সদায় প্ৰয়োজন।
সেই কাৰণে আমি ইয়াত HS Final Exam ত সুধা কিছু প্ৰত্যয় আলোচনা কৰাৰ ওপৰিও আগন্তুক HSLC Final Exam বা HS 2nd Year Final Exam ৰ বাবে কিছু Prottoy in Assamese অতিৰিক্ত যোগান ধৰা হৈছে।

১। প্রত্যয় কাক বোলে?
উ : প্রকৃতি বা মূলৰ লগত যিবোৰ বর্ণ বা বর্ণসমষ্টি যোগ হৈ নতুন নতুন অর্থ যুক্ত শব্দৰ সৃষ্টি কৰে, তাকেই প্রত্যয় বোলে। যেনেঃ ফুল + অনি = ফুলনি। চুৰ + অনী = চুৰুনী।
২। অসমীয়া ভাষাত প্রত্যয় কেইবিধ আৰু কি কি? সূত্ৰ লিখি উদাহৰণ দিয়া।
উ : অসমীয়া ভাষাত প্রত্যয় চাৰিবিধ। যেনেঃ
(ক) কৃৎ প্রত্যয়।
(খ) তদ্ধিত প্রত্যয়।
(গ) স্ত্রী প্রত্যয়।
(ঘ) বিভক্তি বাচক প্রত্যয়।
(ক) কৃৎ প্রত্যয়ঃ ধাতু বা ক্রিয়াৰ মূলৰ লগত যিবোৰ প্রত্যয় যোগ হৈ নতুন পদ গঠন হয়, তাকেই কৃৎ প্রত্যয় বোলে।
যেনেঃ লিখ্ + অক = লিখক
কৰ্ + ওৱা = কৰোৱা (পাঁচনি ধাতু)
(খ) তদ্ধিত প্রত্যয়ঃ প্রতিপাদিক বা নাম শব্দৰ পিছত যিবোৰ প্রত্যয় যোগ হৈ নতুন শব্দৰ সৃষ্টি হয়, তাকেই তদ্ধিত প্রত্যয় বোলে। যেনেঃ
দয়া + আলু = দয়ালু
গাঁও + অলীয়া = গাঁৱলীয়া
অসম + ঈয়া = অসমীয়া।
(গ) স্ত্রী প্ৰত্যয়ঃ নাম শব্দৰ স্ত্রী লিংগ বুজাবলৈ শব্দৰ পিছত যিবোৰ চিন যোগ হয়, তাকেই স্ত্রী প্ৰত্যয় বোলে। যেনেঃ
উকিল + অনী = উকিলনী
ৰান্ধ + অনী = ৰান্ধনী
গাল + পোৰা + ঈ = গালপোৰী
(ঘ) বিভক্তিবাচক প্ৰত্যয়ঃ নাম শব্দ বা ক্ৰিয়া বাচক শব্দৰ লগত যিবোৰ চিন যোগ হৈ পদ গঠন হয়, তাকেই বিভক্তি বোলে। বিভক্তিবোৰকো প্ৰত্যয়ৰ চিন বুলি গণ্য কৰা হয়। যেনেঃ
কৰ্ + আ = কৰা
ফুল + এ = ফুলে
৩। নিৰ্দিষ্টতাবাচক প্ৰত্যয় কাক বোলে ? উদাহৰণ দিয়া।
উঃ নিৰ্দিষ্টকৈ বুজাবলৈ বিশেষ্য শব্দৰ পিছত কিছুমান প্ৰত্যয় যোগ দিয়া হয়। এইবোৰকেই নিৰ্দিষ্টতাবাচক প্ৰত্যয় বোলে। এই প্ৰত্যয়বোৰ বিশেষ্য শব্দৰ উপৰি বিশেষণ, সংখ্যাবাচক শব্দ নাইবা প্ৰথম আৰু দ্বিতীয় পুৰুষৰ বাহিৰে আন কিছুমান সৰ্বনামৰ পাছত যোগ হয়। যেনেঃ মানুহ + টো = মানুহটো, হাত + খন = হাতখন, তিনি + টা = তিনিটা আদি।
অণী – ধৰ + অণী = ধৰণী (কৃৎ বাচ্যত)
অতি – চল্ + অতি = চলতি
ওঁতা – খা + ওঁতা = খাওঁতা
৪। সংস্কৃত কৃৎ প্ৰত্যয় কিছুমানৰ উদাহৰণ দিয়া?
উ: তলত কিছু সংস্কৃত কৃৎ প্ৰত্যয় কিছুমানৰ উদাহৰণ আলোচনা কৰা হল। ই HS Final Exam বা HSLC Final Exam ৰ বাবেও অতি প্ৰয়োজন।
- তব্য – কৃ + তব্য = কৰ্তব্য
- ন্যাৎ – ভজ্ + ন্যাৎ = ভাগ্য, ভাজ্য
- ক্যপ্ – হন্ + ক্যপ্ = হত্যা
- শানচ্ – বৃৎ + শানচ্ = বৰ্তমান
- ক্তিন – শক্ + ক্তিন = শক্তি
- অনট – ভু + অনট = ভৱন
- শালা – ধৰ্ম + শালা = ধৰ্মশালা
- অতী – খীৰ + অতী = খীৰতী
- অতিয়াৰ – সাঁচ + অতিয়াৰ = সাঁচততিয়াৰ
- অৰি – ফুল + অৰি = ফুলৰি
- অৰীয়া – বন + অৰীয়া = বনৰীয়া
- আম – ফুল + আম = ফুলাম
- আৰ – কুম্ভ + আৰ = কুমাৰ
- আঙ – খৰ + আঙ = খৰাং
- আলী – ভোগ + আলী = ভোগালী
- আল – গুৰি + আল = গুৰিয়াল
- ইলা – কাম + ইলা = কামিলা
- ঈ – পঞ্জাৱ + ঈ = পঞ্জাৱী
- উৱাল – পাহ + উৱাল = পাহুৱাল
- উকা – লাজ + উকা = লাজুকা
- ময় – বোকা + ময় = বোকাময়
- উৱৈ – খেল + উৱৈ = খেলুৱৈ
- অনীয়া – দৃশ + অনীয়া = দৰ্শনীয়
- যৎ – শ্ৰু + যৎ = শ্ৰব্য
- শতৃ – মহ্ + শতৃ = মহৎ
- ক্ত – পূজ + ক্ত = পূজিত
- ঘঞ – প্ৰ-সদ + ঘঞ = প্ৰসাদ
- অ – হিনস্ + অ = সিংহ
- অচ – সৃপ + অচ = সৰ্প
- অতি – বাপ + অতি = বাপতি
- অতীয়া – তল + অতীয়া = তলতীয়া
- অন – প্ৰত্যয় + অন = পতিয়ন
- আই – চাফ্ + আই = চাফাই
- আন – শুষ্ক + আন = শুকান
- আমি – মূৰ্খ + আমি = মূৰ্খামি
- আৰী – সোণ + আৰী = সোণাৰী
- আলি – বেজ + আলি = বেজালি
- ইয়াল – মৰম + ইয়াল = মৰমিয়াল
- ইয়া – মাজ + ইয়া = মজিয়া
- ইল – ৰং + ইল = ৰঙিল
- ইলি – মাহ + ইলি = মাহিলি
- উৱা – পেট + উৱা = পেটুৱা
- উক – ভাব + উক = ভাবুক
- কুৱা – তেনে + কুৱা = তেনেকুৱা
- হাল – জুই + হাল = জুহাল।
প্ৰত্যয় ভঙা:: Prottoy in Assamese
- ঢুলীয়া= ঢোল + ঈয়া
- প্ৰত্যেক= প্ৰতি + এক
- চুৱাপাতনি= চুৱা + পাত + অনি
- বজৰুৱা= বজাৰ + উৱা
- বাঢ়নী= বাঢ় + অনী
- লোহাৰ= লৌহ + আৰ
- মাহেকীয়া= মাহ + এক + ঈয়া
- যজ্ঞ= যজ্ + ন
- বিহগী= বিহগ + ঈ
- নয়ন= নে + অন
- নিপুণতা= নিপুণ + অতা
- বৰ্তমান= বৃৎ + শানচ্
- সামাজিক= সমাজ + ইক
- নাচন = নাচ + অন
- সামগ্ৰিক= সমগ্ৰ + ইক
- বিদেশী= বিদেশ + ঈ
- খেতিয়ক= খেতি + অক
- বেজালি= বেজ + আলি
- বাটৰুৱা= বাট + অৰুৱা
- তলতীয়া= তল + অতীয়া
- সাদিনীয়া= সাদিন + ঈয়া
- লিখাৰু= লিখ + আৰু
- গন্তব্য= গম্ + তব্য
- খঙাল= খং + আল
- গায়ক = গৈ + অক
- সেউজীয়া= সেউজ+ ঈয়া।
অসমীয়াত প্ৰত্যয় শব্দ (Prottoy in Assamese )
(1) খজুৱতি = খজুৱা+অতি (কৃৎ প্রত্যয়)
(2) লাগতিয়াল = লাগ+অতি+আল (কৃৎ প্রত্যয়)
(3) ক্ষীৰতী = ক্ষীৰ+অতী (কৃৎ প্রত্যয়)
(4) নাচন = নাচ+অন্ (কৃৎ প্রত্যয়)
(5) ভগন = ভগ+অন্ (কৃৎ প্রত্যয়)
(6) খাৱন = খা+অন (কৃৎ প্রত্যয়)
(7) ভঙন = ভাঙ+অন্ (কৃৎ প্রত্যয়)
(8) ফুৰণ = ফু+অন্ (কৃৎ প্রত্যয়)
(9) জপনা = জাপ+অনা (কৃৎ প্রত্যয়)
(10) বাজনা = বাজ+অনা (কৃৎ প্রত্যয়)
(11) জিৰণি = জিৰা+অনি (কৃৎ প্রত্যয়)
(12) কোপনি = কোপা+অনি (কৃৎ প্রত্যয়)
(13) শপনি = শাপ+অনি (কৃৎ প্রত্যয়)
(14) উজনি = উজা+অনি (কৃৎ প্রত্যয়)
(15) নাচনী = নাচ+অনী (কৃৎ প্রত্যয়)
(16) ৰোৱণী = ৰা+অনী (কৃৎ প্রত্যয়)
(17) জিৰণীয়া = জিৰা+অনীয়া (কৃৎ প্রত্যয়)
(18) বিলনীয়া = বিলা+অনীয়া (কৃৎ প্রত্যয়)
(19) পলৰীয়া = পল+অৰীয়া (কৃৎ প্রত্যয়)
(20) খাৱৰীয়া = খা + অৰীয়া (কৃৎ প্রত্যয়)
(21) পুৱতী = পু+অতী (তদ্ধিৎ প্রত্যয়)
(22) হাঁহি = হাঁহ+ঈ (কৃৎ প্রত্যয়)
(23) ৰখীয়া = ৰাখ+ঈয়া (কৃৎ প্রত্যয়)
(24) কাহুৰা = কাহ+উৰা (কৃৎ প্রত্যয়)
(25) সোণোৱালী = সোণ+ওৱালী (তদ্ধিৎ প্রত্যয়)
(26) ঘৰচীয়া = ঘৰচী+ঈয়া (কৃৎ প্রত্যয়)
(27) ফুলতী = ফুল+অতী (কৃৎ প্রত্যয়)
(28) আগতীয়া = আগ+অতীয়া (কৃৎ প্রত্যয়)
(29) দন্দুৰা = দন্দ+উৰা (তদ্ধিৎ প্রত্যয়)
(30) কাঠনি = কাঠ+অনি (কৃৎ প্রত্যয়)
(31) হালোৱা = হাল+উৱা (তদ্ধিৎ প্রত্যয়)
(32) ভাৱৰীয়া = ভাও+অৰীয়া (কৃৎ প্রত্যয়)
(33) নাৱৰীয়া = নাও+অৰীয়া (তদ্ধিৎ প্রত্যয়)
(34) আধৰুৱা = আধ+অৰুৱা (কৃৎ প্রত্যয়)
(35) বাটৰুৱা = বাট+অৰুৱা (তদ্ধিৎ প্রত্যয়)
(34) গাঁৱলীয়া=গাঁও+অলীয়া (তদ্ধিত্ প্ৰত্যয়)
(37) মজলীয়া = মাজ+অলীয়া (কৃৎ প্রত্যয়)
(38) মিছলীয়া = মিছা+অলীয়া (তদ্ধিত্ প্ৰত্যয়)
(39) পনীয়া = পানী+আ (কৃৎ প্রত্যয়)
(40) মাছুৱৈ = মাছ+উৱৈ (তদ্ধিৎ প্রত্যয়)
(41) কপৰা = কপৰ+আ (কৃৎ প্রত্যয়)
(42) মিঠাই = মিঠা+ই (কৃৎ প্রত্যয়)
(43) জোনাক = জোন+আক (কৃৎ প্রত্যয়)
(44) সাৰুৱা = সাৰ+উৱা (তদ্ধিৎ প্রত্যয়)
(45) ঠগামি = ঠগ+আমি (কৃৎ প্রত্যয়)
(46) পূঁজাৰী = পূজা+আৰী (কৃৎ প্রত্যয়)
(47) জুৱাৰী = জুৱা+আৰী (কৃৎ প্রত্যয়)
(48) গুৰিয়াল = গুৰি+আল (তদ্ধিত প্রত্যয়)
(49) তেজাল = তেজ+আল (তদ্ধিত প্রত্যয়)
(50) ওজালি = ওজা+আলি (তদ্ধিত প্রত্যয়)
(51) সোনালী = সোণ+আলী (তদ্ধিত প্রত্যয়)
(52) পাখি = পাখ+ই (তদ্ধিত প্রত্যয়)
(53) কুঁহি = কোঁহ+ই (তদ্ধিত প্রত্যয়)
(54) মাদুলি = মাদুল+ই (তদ্ধিত প্রত্যয়)
(55) মজিয়া = মাজ+ইয়া (তদ্ধিত প্রত্যয়)
(56) মৰমিয়াল = মৰম+ইয়াল (তদ্ধিত প্রত্যয়)
(57) ৰুগী = ৰোগ+ঈ (তদ্ধিত প্রত্যয়)
(58) খুলীয়া = খোল+ঈয়া (তদ্ধিত প্রত্যয়)
(59) জুলীয়া = জোল+ঈয়া (তদ্ধিত প্রত্যয়)
(60) ৰান্ধনী = ৰান্ধ+অনী (কৃৎ প্রত্যয়)
(61) গণক=গণ+অক(কৃত্ প্ৰত্যয়)
(62) দয়ালু = দয়া+আলু
(63) বিদেশী = বিদেশ+ঈ
(64) হাতী = হাত+ঈ
(65) বিৱৰণী = বিৱৰণ+ঈ
(66) ভগনীয়া = ভাগ+অনীয়া
(67) নাৱিক = নৌ+ইক
(68) লিখাৰু = লিখ+আৰু (কৃৎ প্রত্যয়)
(69) কৰোতা = কৰ+ওতা (কৃৎ প্রত্যয়)
(70) ফুলনি = ফুল+অনি
(71) বিচনী = বিচ+অনি
(72) মগনীয়া = মাগ+অনীয়া (কৃৎ প্রত্যয়)
(73) অসমীয়া = অসম+ঈয়া
(74) লিখক = লিখ+অক (কৃৎ প্রত্যয়)
(75) ভোগালী = ভোগ+আলী
(76) শৰীৰিক = শৰীৰ+ইক
(77) বাল্মিকী = বল্ম+ইক+ঈ
(78) সামাজিক = সমাজ+ইক
(79) বাপতি = বাপ+অতি (তদ্ধিৎ প্রত্যয়)
(80) লাহতী = লাহ+অতী
(81) নামনি = নাম+অনি
(82) মজলীয়া = মাজ+অলীয়া
(83) খেতিয়ক = খেতি+অক (তদ্ধিৎ প্রত্যয়)
(84) খেলৱৈ = খেল+উৱৈ
(85) ৰান্ধন = ৰান্ধ+অন (কৃৎ প্রত্যয়)
(86) ৰান্ধনি = ৰান্ধ+অনি (কৃৎ প্রত্যয়)
(87) খুন্দনা = খুন্দ+অনা (কৃৎ প্রত্যয়)
(88) ভঙনীয়া = ভাঙ+অনীয়া (কৃৎ প্রত্যয়)
(89) জাননী = জান+অনী (কৃৎ প্রত্যয়)
(90) ভাগনীয়া = ভাগ+অনীয়া (কৃৎ প্রত্যয়)
(91) দেখনীয়াৰ = দেখ+অনীয়াৰ (কৃৎ প্রত্যয়)
(92) ভাগনীয়াৰ = ভাগ+অনীয়াৰ (কৃৎ প্রত্যয়)
(93) ক্ষীৰাতি = ক্ষী+অতী (কৃৎ প্রত্যয়)
(94) চলন্ত = চল+অন্ত (কৃৎ প্রত্যয়)
(95) জলন্ত = জল+অন্ত (কৃৎ প্রত্যয়)
(96) সাঁচতীয়া = সাঁচ+অতীয়া (কৃত্ প্ৰত্যয়)
(97) কৰতীয়া = কৰ+অতীয়া (কৃত্ প্ৰত্যয়)
(98) পলৰীয়া = পল+অৰীয়া (কৃৎ প্রত্যয়)
(99) যুঁজাৰু = যুঁজ+আৰু (কৃৎ প্রত্যয়)
(100) কাঁহুৰা = কাঁহ+উৰা (কৃৎ প্রত্যয়)
(101) লেহুকা = লেহ+উকা (কৃৎ প্রত্যয়)
(102) সৰাল = সৰ+আল (কৃৎ প্রত্যয়)
(103) ৰখীয়া = ৰখ+ঈয়া (কৃৎ প্রত্যয়)
(104) মাৰীয়া = মাৰ+ঈয়া (কৃৎ প্রত্যয়)
(105) ধৰোতা = ধৰ+ওতা (কৃৎ প্রত্যয়)
(106) খাওঁতে = খা+ওঁতে (কৃৎ প্রত্যয়)
(107) লওঁতে = ল+ওতে (কৃৎ প্রত্যয়)
(108) কৰিলে = কৰ+ইলে (কৃৎ প্রত্যয়)
(109) ধৰিলে = ধৰ+ইলে (কৃৎ প্রত্যয়)
(110) খালত = খা+ইলত (কৃৎ প্রত্যয়)
(111) লিখা = লিখ+আ (কৃৎ প্রত্যয়)
(112) ধৰা = ধৰ+আ (কৃৎ প্রত্যয়)
(113) উঠি = উঠ+ই (কৃৎ প্রত্যয়)
(114) ধৰি = ধৰ+ই (কৃৎ প্রত্যয়)
(115) নামতি = নাম+অতি (তদ্ধিৎ প্রত্যয়)
(116) আগতীয়া = আগ+অতীয়া (তদ্ধিৎ প্রত্যয়)
(117) বননি = বন+অনি (তদ্ধিত্ প্ৰত্যয়)
(118) ফুলনি = ফুল+অনি (তদ্ধিত্ প্ৰত্যয়)
(119) বনৰীয়া = বন+অৰীয়া (তদ্ধিত্ প্ৰত্যয়)
(120) লগৰীয়া = লগ+অৰীয়া (তদ্ধিত্ প্ৰত্যয়)
(121) গাহৰী = গাহ+অৰী (তদ্ধিত্ প্ৰত্যয়)
(122) ভালৰী = ভাল+অৰী (তদ্ধিত্ প্ৰত্যয়)
(123) মিছলীয়া = মিছা+অলীয়া (তদ্ধিত্ প্ৰত্যয়)
(124) হাটৰুৱা = হাট+অৰুৱা (তদ্ধিৎ প্রত্যয়)
(125) নেজাল = নেজ+আল (তদ্ধিৎ প্রত্যয়)
(126) ৰসাল = ৰস+আল (তদ্ধিৎ প্রত্যয়)
(127) দুষ্টালি = দুষ্ট+আলি (তদ্ধিৎ প্রত্যয়)
(128) ঘটকালি = ঘটক+আলি (তদ্ধিৎ প্রত্যয়)
(129) ৰঙা = ৰঙ+আ (তদ্ধিৎ প্রত্যয়)
(130) শিলা = শিল+আ (তদ্ধিৎ প্রত্যয়)
(131) চোৰাং = চোৰ+আং (তদ্ধিৎ প্রত্যয়)
(132) খৰাং = খৰ+আং (তদ্ধিৎ প্রত্যয়)
(133) বিহুৱান = বিহু+আন (তদ্ধিৎ প্রত্যয়)
(134) ফুলাম = ফুল+আম (তদ্ধিৎ প্রত্যয়)
(135) কাঠাম = কাঠ+আম (তদ্ধিৎ প্রত্যয়)
(136) মুৰ্খামি = মুৰ্খ+আমি (তদ্ধিৎ প্রত্যয়)
(137) পাগলামি = পাগল+আমি (তদ্ধিৎ প্রত্যয়)
(138) মাষ্টৰী = মাষ্টৰ+ই (তদ্ধিৎ প্রত্যয়)
(139) চাকৰী = চাকৰ+ই (তদ্ধিৎ প্রত্যয়)
(140) বদমাচী = বদমাচ+ই (তদ্ধিৎ প্রত্যয়)
(141) চহৰীয়া = চহৰ+ঈয়া (তদ্ধিৎ প্রত্যয়)
(142) মাজীয়া = মাজ+ঈয়া (তদ্ধিৎ প্রত্যয়)
(143) ৰাগীয়াল = ৰাগ+ইয়াল (তদ্ধিৎ প্রত্যয়)
(144) পকীল = পক+ইল (তদ্ধিৎ প্রত্যয়)
(145) ৰঙীল = ৰঙ+ইল (তদ্ধিৎ প্রত্যয়)
(146) মাহেকীয়া = মাহ+একীয়া (তদ্ধিৎ প্রত্যয়)
(147) বছৰেয়া = বছৰ+একীয়া (তদ্ধিৎ প্রত্যয়)
(148) কামিলা = কাম+ইলি (তদ্ধিৎ প্রত্যয়)
(149) মাহিলি = মাহ+ইলি (তদ্ধিৎ প্রত্যয়)
(150) ধনী = ধন+ঈ (তদ্ধিৎ প্রত্যয়)
(151) গোলাপী = গোলাপ+ঈ (তদ্ধিৎ প্রত্যয়)
(152) জাপানী = জাপান+ঈ (তদ্ধিৎ প্রত্যয়)
(153) মথাউৰি = মাথা+উৰি (তদ্ধিৎ প্রত্যয়)
(154) হাতুৰি = হাত+উৰি (তদ্ধিৎ প্রত্যয়)
(155) হালোৱা = হাল+ওৱা (তদ্ধিৎ প্রত্যয়)
(156) জালোৱা = জাল+ওৱা (তদ্ধিৎ প্রত্যয়)
(157) দহকুৰি = দহ+কুৰি (তদ্ধিৎ প্রত্যয়)
(158) বাটকুৰি = বাট+কুৰি (তদ্ধিৎ প্রত্যয়)
(159) লাজকুৰীয়া = লাজ+কুৰীয়া (তদ্ধিৎ প্রত্যয়)
(160) বাটকুৰীয়া = বাট+কুৰীয়া (তদ্ধিৎ প্রত্যয়)
(161) বিহুতলী = বিহু+তলী (তদ্ধিৎ প্রত্যয়)
(162) মাহতলী = মাহ+তলী (তদ্ধিৎ প্রত্যয়)
(163) সোণতলী = সোণ+তলী (তদ্ধিৎ প্রত্যয়)
(164) সভাথলী = সভা+থলী (তদ্ধিৎ প্রত্যয়)
(165) পূজাথলী = পূজা+থলী (তদ্ধিৎ প্রত্যয়)
(166) পাণবাৰী = পাণ+বাৰী (তদ্ধিৎ প্রত্যয়)
(167) ঘৰবাৰী = ঘৰ+বাৰী (তদ্ধিৎ প্রত্যয়)
(168) আমবাৰী = আম+বাৰী (তদ্ধিৎ প্রত্যয়)
(169) ধোঁয়াময় = ধোঁয়া+ময় (তদ্ধিৎ প্রত্যয়)
(170) বোকাময় = বোকা+ময় (তদ্ধিৎ প্রত্যয়)
(171) ভাবুকি = ভাৱ+উকি (তদ্ধিৎ প্রত্যয়)
(172) ঢেঁকীশাল = ঢেঁকী+শাল (তদ্ধিৎ প্রত্যয়)
(173) হাতীশাল = হাতী+শাল (তদ্ধিৎ প্রত্যয়)
(174) ধৰ্মশালা = ধৰ্ম+শালা (তদ্ধিৎ প্রত্যয়)
(175) পাঠশালা = পাঠ+শালা (তদ্ধিৎ প্রত্যয়)
(176) পঢ়াশালী = পঢ়া+শালী (তদ্ধিৎ প্রত্যয়)
(177) মাৰাশালী = মাৰা+শালী (তদ্ধিৎ প্রত্যয়)
(178) বিদ্যাবন্ত = বিদ্যা+বন্ত (তদ্ধিৎ প্রত্যয়)
(179) চফলবন্ত = চফল+বন্ত (তদ্ধিৎ প্রত্যয়)
(180) হনুমন্ত = হনু+মন্ত (তদ্ধিৎ প্রত্যয়)
(181) শ্ৰীমন্ত = শ্ৰী+মন্ত (তদ্ধিৎ প্রত্যয়)
(182) পূজাভাগ = পূজা + ভাগ (তদ্ধিত্ প্ৰত্যয়)
(183) উতলা = উতল + আ (তদ্ধিত্ প্ৰত্যয়)
(184) সুমতি = সুম + অতি (তদ্ধিত্ প্ৰত্যয়)
(185) গৰখীয়া = গৰখী + ঈয়া কৃত্ প্ৰত্যয়)
(186) কহাঁৰ = কাঁহ + আৰ (তদ্ধিত্ প্ৰত্যয়)
(187) মানসিক = মানস + ঞ্চিক (তদ্ধিত্ প্ৰত্যয়)
(188) সম্বন্ধীয় = সম্বন্ধ + ঈয় (তদ্ধিত্ প্ৰত্যয়)
(189) সাহিত্যিক = সাহিত্য + ইক (ঞ্চিক) (তদ্ধিত্ প্ৰত্যয়)
(190) নিলাজী = নিলাজ + ঈ (তদ্ধিত্ প্ৰত্যয়)
(191) বহুৰূপী = বহু + ৰূপী (তদ্ধিত্ প্ৰত্যয়)
(192) সূৰ্যমুখী = সূৰ্য্য + মুখী (তদ্ধিত্ প্ৰত্যয়)
(193) সহপাঠী = সহপাঠ + ঈ (তদ্ধিত্ প্ৰত্যয়)
(194) বছৰেকীয়া = বছৰেক + ঈয়া (তদ্ধিত্ প্ৰত্যয়)
(195) মৃত্যুজয়ী = মৃত্যুজয় + ঈ (তদ্ধিত্ প্ৰত্যয়)
(196) সোণাৰী = সোণ + আৰী (তদ্ধিত্ প্ৰত্যয়)
(197) থলুৱা = থল + উৱা (তদ্ধিত্ প্ৰত্যয়)
(198) জালুক = জাল + উক (তদ্ধিত্ প্ৰত্যয়)
(199) নাচনিয়াৰ = নাচ + অনিয়াৰ (কৃত্ প্ৰত্যয়)
(200) পানীদিহিঙীয়া = পানীদিহিং + ঈয়া (তদ্ধিত্ প্ৰত্যয়)
HS Finla Exam ত সুধা Prottoy in Assamese
ইয়াত আমি 1999 – 2021 চনলৈ HS Finla Exam ত সুধা প্ৰত্যয় যোগান ধৰিব প্ৰয়াস কৰিছোঁ। HS Finla Exam ত সুধা প্ৰত্যয় যে HSLC Final Exam বা আন কোনো শ্ৰেণীত সুধিব নোৱাৰিব তেনে কথা নাই।
HS second year 2021 Prottoy in Assamese
নদীয়াল=নদী+ইয়াল (তদ্ধিত্ প্ৰত্যয়)
খুন্দনা = খুন্দ+অনা (কৃৎ প্রত্যয়)
সাঁচতীয়া = সাঁচ+অতীয়া (কৃত্ প্ৰত্যয়)
লেখাৰু= লেখ+আৰু (তদ্ধিত্ প্ৰত্যয়)
নাৱৰীয়া=নাও+অৰীয়া (তদ্ধিত্ প্ৰত্যয়)
ফুলাম = ফুল+আম (তদ্ধিৎ প্রত্যয়)
যুঁজাৰু= যুঁজাৰু = যুঁজ+আৰু (কৃৎ প্রত্যয়)
HS second year 2020 Prottoy in Assamese
ৰণুৱা=ৰণ+উৱা (তদ্ধিত্ প্ৰত্যয়)
জিৰণীয়া=জিৰা+অনীয়া (কৃত্ প্ৰত্যয়)
মগনিয়াৰ=মগ+অনিয়াৰ (কৃত্ প্ৰত্যয়
উজনি=উজা+অনি (কৃত্ প্ৰত্যয়)
পতিয়ন=পতি+অন ( তদ্ধিত্ প্ৰত্যয়)
বেগাই=বেগ+আই (তদ্ধিত্ প্ৰত্যয়)
সাধুতা=সাধু+তা (তদ্ধিত্ প্ৰত্যয়)
গাঁৱলীয়া=গাঁও+অলীয়া (তদ্ধিত্ প্ৰত্যয়)
খেতি=খেত+ই (কৃত্ প্ৰত্যয়)
HS second year 2019 Prottoy in Assamese
বিহুৱা=বিহু+উৱা (তদ্ধিত্ প্ৰত্যয়)
শোৱন=শো+অন (কৃত্ প্ৰত্যয়)
খলীয়া=খোল+ঈয়া (তদ্ধিত্ প্ৰত্যয়)
জুইকুৰা=জুই+কুৰা (নিৰ্দিষ্টবাচক প্ৰত্যয়)
নদীয়াল=নদী+ইয়াল (তদ্ধিত্ প্ৰত্যয়)
মগনিয়াৰ=মাগ্ +অনিয়াৰ (কৃত্ প্ৰত্যয়)
ৰোৱনী=ৰো+অনী (কৃত্ প্ৰত্যয়)
HS second year 2018 Prottoy in Assamese
অনাহক=অনা+হক (কৃত্ প্ৰত্যয়)
আওবাট=আও+বাট (কৃত্ প্ৰত্যয়)
শোৱন=শো+অন (কৃত্ প্ৰত্যয়)
নাচনি=নাচ+অনী (কৃত্ প্ৰত্যয়)
কান্দুৰা=কান্দ+উৰা (তদ্ধিত্ প্ৰত্যয়)
ধৰুৱা=ধাৰ+উৱা (তদ্ধিত্ প্ৰত্যয়)
খেতি=খেত+ই (কৃত্ প্ৰত্যয়)
HS second year 2017 Prottoy in Assamese
জিৰণীয়া=জিৰা+অনীয়া (কৃত্ প্ৰত্যয়)
ভঙনীয়া=ভাঙ+অনিয়া (কৃত্ প্ৰত্যয়)
জপনা=জাপ+অনা (কৃত্ প্ৰত্যয়)
গাঁৱলীয়া=গাওঁ+অলীয়া (তদ্ধিত্ প্ৰত্যয়)
ধাননি=ধান+অনি (তদ্ধিত্ প্ৰত্যয়)
কাহুৰা=কাহ+উৰা (কৃত্ প্ৰত্যয়)
বাঢ়নী=বাঢ়+অনী (কৃত্ প্ৰত্যয়)
HS second year 2016 Prottoy in Assamese
মৰমিয়াল=মৰম+ইয়াল (তদ্ধিত্ প্ৰত্যয়)
নাচন=নাচ+অনী (কৃত্ প্ৰত্যয়)
খুলীয়া=খোল+ঈয়া (তদ্ধিত প্ৰত্যয়)
ৰোৱনী=ৰো+অনী (কৃত্ প্ৰত্যয়)
জপনা=জাপ+অনা (কৃত্ প্ৰত্যয়)
শাকনি=শাক+অনি (তদ্ধিত প্ৰত্যয়)
ভঙনীয়া=ভাঙ+অনীয়া (কৃত্ প্ৰত্যয়)
HS second year 2015 Prottoy in Assamese
ফুলাম=ফুল+আম (তদ্ধিত্ প্ৰত্যয়)
লাগতিয়াল=লাগ+অতিয়াল (তদ্ধিত্ প্ৰত্যয়)
ক্ষীৰতী=ক্ষীৰ+অতী (তদ্ধিত্ প্ৰত্যয়)
জিৰণি=জিৰা+অনি(কৃত্ প্ৰত্যয়)
সাৰুৱা=সাৰ+উৱা (তদ্ধিত্ প্ৰত্যয়)
নাৱৰীয়া=নাও+অৰীয়া (তদ্ধিত্ প্ৰত্যয়)
ৰুগীয়া=ৰোগ+ঈয়া (তদ্ধিত্ প্ৰত্যয়)
গাঁৱলীয়া=গাঁও+অলীয়া (তদ্ধিত্ প্ৰত্যয়)
HS second year 2014 Prottoy in Assamese
এলেহুৱা=এলাহ+উৱা (তদ্ধিত্ প্ৰত্যয়)
ভাৱৰীয়া=ভাও+অৰীয়া (তদ্ধিত্ প্ৰত্যয়)
খুলীয়া=খোল+ঈয়া (তাদ্ধিত্ প্ৰত্যয়)
ৰোৱনী=ৰো+অনী (কৃত্ প্ৰত্যয়)
জিৰণীয়া= জিৰা+অনীয়া (কৃত্ প্ৰত্যয়)
খজুৱতি=খজুৱা+অতি (কৃত্ প্ৰত্যয়)
ফঁপৰা=ফঁপৰ+আ (তদ্ধিত্ প্ৰত্যয়)
HS second year 2013 Prottoy in Assamese
শাকনি=শাক+অনি (তদ্ধিত্ প্ৰত্যয়)
লাগতিয়াল=লাগ+অতিয়াল (তদ্ধিত্ প্ৰত্যয়)
উজনি=উজা+অনি (কৃত্ প্ৰত্যয়)
মিছলীয়া=মিছা+অলীয়া (তদ্ধিত্ প্ৰত্যয়)
ওজালি=ওজা+আলি (তদ্ধিত্ প্ৰত্যয়)
কান্দুৰা=কান্দ+উৰা (কৃত্ প্ৰত্যয়)
HS second year 2012 Prottoy in Assamese
ৰোৱনী=ৰো+অনী (কৃত্ প্ৰত্যয়)
মানুহজন=মানুহ+জন (নিৰ্দিষ্টতাবাচক প্ৰত্যয়)
নগৰীয়া=নগৰ+ঈয়া (তদ্ধিত্ প্ৰত্যয়)
দেখনিয়াৰ=দেখ+অনিয়াৰ (কৃত্ প্ৰত্যয়)
বুধিয়ক=বুধি+অক (তদ্ধিত্ প্ৰত্যয়)
শাকনি=শাক+অনি (তদ্ধিত্ প্ৰত্যয়)
ধাননি=ধান+অনি (তদ্ধিত্ প্ৰত্যয়)
HS second year 2009 Prottoy in Assamese
উজনি=উজা+অনি (কৃত্ প্ৰত্যয়)
ফুলাম= ফুল+আম (কৃত্ প্ৰত্যয়)
বাঘিনী= বাঘ+ইনী (কৃত্ প্ৰত্যয়)
পলৰীয়া=পল+অৰীয়া (কৃৎ প্রত্যয়)
HS second year 2008 Prottoy in Assamese
সাহিয়াল=সা+ইয়াল (তদ্ধিত্ প্ৰত্যয়)
নাৱৰীয়া=নাও+অৰীয়া(কৃত্ প্ৰত্যয়)
জোনাকী=জোনাক+ঈ (তদ্ধিত্ প্ৰত্যয়)
HS second year 2007 Prottoy in Assamese
ভণ্ডামি=ভণ্ড+আমি (তদ্ধিত্ প্ৰত্যয়)
অঘাইত= অঘা+আইত (তদ্ধিত্ প্ৰত্যয়)
নদীয়াল=নদী+ইয়াল(তদ্ধিত্ প্ৰত্যয়)
বননি=বন+অনি (কৃত্ প্ৰত্যয়)
HS second year 2006 Prottoy in Assamese
মগনিয়াৰ=মগ+অনিয়াৰ (কৃত্ প্ৰত্যয়)
ৰোৱতী=ৰোৱ+অতি (কৃত্ প্ৰত্যয়)
জুৰণি=জুৰ+অণি (কৃত্ প্ৰত্যয়)
শিকাৰু = শিক+আৰু (কৃৎ প্রত্যয়)
মটীয়া= মাটী+ঈয়া (তদ্ধিৎ প্রত্যয়)
কটাৰী= কটা+আৰী (কৃৎ প্রত্যয়)
বিহুৱা=বিহু+উৱা (তদ্ধিৎ প্ৰত্যয়)
HS second year 2005 Prottoy in Assamese
প্ৰচাৰক=প্ৰচাৰ+অক (কৃৎ প্রত্যয়)
মাহেকীয়া=মাহেক+ঈয়া (তদ্ধিৎ প্ৰত্যয়)
কপহুৱা=কপাহ+উৱা (তদ্ধিৎ প্ৰত্যয়)
বাঘিনী= বাঘ+ইনী (কৃত্ প্ৰত্যয়)
গঞা = গাওঁ+ইয়া (তদ্ধিৎ প্ৰত্যয়)
দতুৱা=দাত+উৱা (তদ্ধিৎ প্ৰত্যয়)
জোনাকী=জোনাক+ঈ (তদ্ধিত্ প্ৰত্যয়)
দেখনিয়াৰ=দেখ+অনিয়াৰ (কৃত্ প্ৰত্যয়)
HS second year 2004 Prottoy in Assamese
ভণ্ডামি=ভণ্ড+আমি (তদ্ধিত্ প্ৰত্যয়)
পষেকীয়া=পষেক+ঈয়া (তদ্ধিত্ প্ৰত্যয়)
সাঁচতীয়া=সাঁচ+অতীয়া (তদ্ধিত্ প্ৰত্যয়)
পূজাভাগ= পূজা + ভাগ (তদ্ধিত্ প্ৰত্যয়)
ভায়েৰা= ভায়+এৰা (তদ্ধিত্ প্ৰত্যয়)
জোনালী=জোন+আলি (তদ্ধিত্ প্ৰত্যয়)
টেঙৰী=টেঙৰ+ঈ (তদ্ধিত্ প্ৰত্যয়)
HS second year 2003 Prottoy in Assamese
গৰু=গো+ৰূপ (নিৰ্দিষ্টতাবাচক প্ৰত্যয়)
টেঙেচী=টেঙা+চী (তদ্ধিত্ প্ৰত্যয়)
পাণখিলা=পাণ+খিলা (নিৰ্দিষ্টবাচক প্ৰত্যয়)
বাঘিনী= বাঘ+ইনী (কৃত্ প্ৰত্যয়)
বুধিয়ক=বুধি+অক (তদ্ধিত্ প্ৰত্যয়)
পতিয়ন=পতি+অন (কৃত্ প্ৰত্যয়)
HS second year 2002 Prottoy in Assamese
ফঁপৰা=ফপৰ+আ (কৃত্ প্ৰত্যয়)
দৰদী=দৰদ+ঈ (তদ্ধিত্ প্ৰত্যয়)
ৰণথলী=ৰণস্থল+ঈ (তদ্ধিত্ প্ৰত্যয়)
শেহতীয়া=শেহ+অতীয়া (তদ্ধিত্ প্ৰত্যয়)
হালচা=হাল+চা (তদ্ধিত্ প্ৰত্যয়)
গঞা = গাওঁ+ঈয়া (তদ্ধিৎ প্ৰত্যয়)
পৈয়েৰা= পৈয়ৰ+আ (তদ্ধিৎ প্ৰত্যয়)
HS second year 2001 Prottoy in Assamese
গঞা = গাওঁ+ঈয়া (তদ্ধিৎ প্ৰত্যয়)
কথকী=কথক+ঈ (তদ্ধিৎ প্ৰত্যয়)
দেখনিয়াৰ=দেখ+অনিয়াৰ (কৃত্ প্ৰত্যয়)
মিছলীয়া=মিছা+অলীয়া (তদ্ধিত্ প্ৰত্যয়)
ঔৱা=ঔ+ৱা (তদ্ধিত্ প্ৰত্যয়
পতিয়ন=পতি+অন (কৃত্ প্ৰত্যয়)
HS second year 2000 Prottoy in Assamese
অঘাইত= অঘা+আইত (তদ্ধিত্ প্ৰত্যয়)
খাৱন = খা+অন (কৃৎ প্রত্যয়)
কথকী=কথক+ঈ (তদ্ধিৎ প্ৰত্যয়)
ৰূপহ=ৰূপ+হ (তদ্ধিৎ প্রত্যয়)
পতিয়ন=পতি+অন (কৃত্ প্ৰত্যয়)
বিহুৱা=বিহু+উৱা (তদ্ধিত্ প্ৰত্যয়)
তলতীয়া=তল+অতীয়া (তদ্ধিৎ প্রত্যয়)
HS second year 1999 Prottoy in Assamese
পনীয়া=পানী+আ (তদ্ধিৎ প্রত্যয়)
পলৰীয়া=পল+অৰীয়া (কৃৎ প্রত্যয়)
জোনাকী=জোনাক+ঈ (তদ্ধিত্ প্ৰত্যয়)
নদীয়াল=নদী+ইয়াল(তদ্ধিত্ প্ৰত্যয়)
বননি=বন+অনি (কৃত্ প্ৰত্যয়)
বুধিয়ক=বুধি+অক (তদ্ধিত্ প্ৰত্যয়)
পথিক=পথ+ইক (তদ্ধিত্ প্ৰত্যয়)
কিছু অতিৰিক্ত Prottoy in Assamese
প্ৰত্যয় ভাঙা গৰখীয়া = গৰখী + ঈয়া কৃত্ প্ৰত্যয়)
প্ৰত্যয় ভাঙা মানসিক = মানস + ঞ্চিক (তদ্ধিত্ প্ৰত্যয়)
কহাঁৰ প্ৰত্যয় ভাঙা = কাঁহ + আৰ (তদ্ধিত্ প্ৰত্যয়)
সম্বন্ধীয় প্ৰত্যয় ভাঙা = সম্বন্ধ + ঈয় (তদ্ধিত্ প্ৰত্যয়)
সাহিত্যিক প্ৰত্যয় ভাঙা = সাহিত্য + ইক (ঞ্চিক) (তদ্ধিত্ প্ৰত্যয়)
নিলাজী প্ৰত্যয় ভাঙা = নিলাজ + ঈ (তদ্ধিত্ প্ৰত্যয়)
প্ৰত্যয় ভাঙা বহুৰূপী = বহু + ৰূপী (তদ্ধিত্ প্ৰত্যয়)
প্ৰত্যয় ভাঙা সূৰ্যমুখী = সূৰ্য্য + মুখী (তদ্ধিত্ প্ৰত্যয়)
প্ৰত্যয় ভাঙা সহপাঠী = সহপাঠ + ঈ
প্ৰত্যয় ভাঙা বছৰেকীয়া = বছৰেক + ঈয়া
প্ৰত্যয় ভাঙা মৃত্যুজয়ী = মৃত্যুজয় + ঈ
সোণাৰী = সোণ + আৰী (তদ্ধিত্ প্ৰত্যয়)
থলুৱা = থল + উৱা (তদ্ধিত্ প্ৰত্যয়)
জালুক = জাল + উক (তদ্ধিত্ প্ৰত্যয়)
নাচনিয়াৰ = নাচ + অনিয়াৰ (কৃত্ প্ৰত্যয়)
পানীদিহিঙীয়া = পানীদিহিং + ঈয়া (তদ্ধিত্ প্ৰত্যয়)
শাৰীৰিক = শৰীৰ + ইক (তদ্ধিত্ প্ৰত্যয়)
শেষ বাক্য হিচাপে Prottoy in Assamese
আমি Assamese Medium ত বহু কথাই আলোচনা কৰাৰ প্ৰয়াস কৰি আছো। সেইহেতুকে আজি আমি আপোনালোকৰ বাবে Assamese Grammar ৰ প্ৰত্যয় আলোচনা কৰিলোঁ।
আমি আশা কৰিছোঁ আপুনি এই বিষয়টো পঢ়াৰ ওপৰিও আনৰ সৈতে ভাগ-বতৰা কৰিব। ইয়াৰ উপৰিও যদি আপোনাৰ কিবা সুধিব লগা থাকে তেন্তে Assamese Medium Facebook Page ক Follow কৰি যোগাযোগ কৰিব পাৰে।