ADVERTISEMENT

শীতল যুদ্ধৰ যুগ All Question Answer

আপুনি বাৰু শীতল যুদ্ধৰ যুগ প্ৰশ্ন উত্তৰ বিছাৰি Assamese Medium নামৰ এই ৱেবছাইটত আহিছে নেকি? যদি হয় তেন্তে চিন্তাৰ কোনো কাৰণ নাই, আজি আমি এই ৱেবচাইটৰ জৰিয়তে আপোনালোকৰ বাবে Class 12 Political Science Chapter 1 Question Answer তথা শীতল যুদ্ধৰ যুগ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ।

Watch FREE Video Classes

আপুনি তলত দিয়া শীতল যুদ্ধৰ যুগ প্ৰশ্ন উত্তৰ পঢ়িলে HS Final Exam 2024 ত ৰাজনৈতিক বিজ্ঞানৰ ১০০% নম্বৰ পাবলৈ সক্ষম হব।

ইয়াত আমি শীতল যুদ্ধৰ যুগ প্ৰশ্ন উত্তৰ PDF Notes ৰ যোগান ধৰাৰ প্ৰয়াস কৰিছো, আপুনি বিচাৰিলে তলত দিয়া লিংকৰ জৰিয়তে পঢ়িব পাৰিব।

আপুনি যদি Class 12 Political Science PDF Notes কিনিব খোজে তেন্তে এক সামান্য পইচা খৰচ কৰি আপুনি তলত দিয়া লিংকৰ পৰা সম্পূৰ্ণ PDF Notes কিনিব পাৰিব।

শীতল যুদ্ধৰ যুগ FREE PDFFull Course –>Buy Now
ADVERTISEMENT
শীতল যুদ্ধৰ যুগ

শীতল যুদ্ধৰ যুগ প্ৰশ্ন উত্তৰত কি কি আছে?

আজিৰ আলোচনাত আমি শীতল যুদ্ধৰ যুগ প্ৰশ্ন উত্তৰত প্ৰশ্নাৱলীত থকা অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ, বস্তুনিষ্ট কিছু প্ৰশ্ন উত্তৰ লগত আগন্তুক পৰীক্ষাত সহায় কৰব।

প্ৰশ্নাৱলীঃ শীতল যুদ্ধৰ যুগ

১। শীতল যুদ্ধ সম্পৰ্কে তলত উল্লেখ কৰা কোনটো বাক্য অশুদ্ধ ?
ক) শীতল যুদ্ধ হ’ল আমেৰিকা আৰু ছোভিয়েট ইউনিয়ন আৰু তেওঁলোকৰ মিত্ৰজোঁটৰ মাজত হোৱা প্ৰতিযোগিতা ।
খ) এইটো অতি ক্ষমতাশালী শক্তিৰ মাজত হোৱা আদৰ্শৰ যুদ্ধ ।
গ) এইটো হ’ল বন্দুকৰ টিপকল লোৱা অস্ত্ৰ-শস্ত্ৰৰ দৌৰ ।
ঘ) আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ মাজৰ প্ৰত্যক্ষ যুদ্ধ।
উত্তৰঃ (গ)এইটো হ’ল বন্দুকৰ টিপকল লোৱা অস্ত্ৰ-শস্ত্ৰৰ দৌৰ।

২। তলত উল্লেখ কৰা কোনেটো বাক্যই গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ উদ্দেশ্য প্ৰতিফলিত নকৰে ?
ক) নতুন উপনিৱেশকতাৰ পৰা মুক্ত ৰাষ্ট্ৰবোৰক স্বাধীন নীতি অনুসৰণ কৰিবলৈ সমৰ্থন কৰে।
খ) কোনো সামৰিক মৈত্ৰীবন্ধনত যোগদান নকৰিব।
গ) গোলকীকৰণ বিষয়ত নিৰপেক্ষ নীতি অনুসৰণ কৰা।
ঘ) গোলকীয় অৰ্থনৈতিক অসমতাক পোহৰলৈ আনি নিঃশেষ কৰা।
উত্তৰঃ (গ) গোলকীকৰণ বিষয়ত নিৰপেক্ষ নীতি অনুসৰণ কৰা।

৩। তলত দিয়া বাক্যবোৰ শুদ্ধ নে অশুদ্ধ চিহ্নত কৰাঃ

ক) মিত্ৰজোঁটৰ সদস্য ৰাষ্ট্ৰবোৰে নিজৰ নিজৰ ৰাষ্ট্ৰৰ মাটিত বৃহৎ শক্তিবোৰক ঘাটি স্থাপনৰ সুবিধা দিব লাগিব ।
উত্তৰঃ শুদ্ধ।

খ) যেতিয়া কোনো সদস্য ৰাষ্ট্ৰই আন কোনো ৰাষ্ট্ৰক আক্ৰমণ কৰে তেতিয়া ইয়াক সকলো সদস্য ৰাষ্ট্ৰৰ ওপৰত হোৱা আক্ৰমণ বুলি ধৰিব লাগিব।
উত্তৰঃ শুদ্ধ।

গ) বৃহৎ শক্তিয়ে সকলো সদস্য ৰাষ্ট্ৰক তেওঁলোক সকলোকে আণৱিক অস্ত্ৰ গঢ়াত সহায় কৰিব।
উত্তৰঃ অশুদ্ধ।

৪। তলত দেশ কেইখনমানৰ তালিকা আছে। শীতল যুদ্ধৰ সময়ত এইবোৰে কোনেটো গোষ্ঠীত যোগদান কৰিছিল চিহ্নিত কৰা ঃ ক) পোলেণ্ড খ) ফ্ৰান্স গ) জাপান ঘ) নাইজেৰিয়া ঙ) উত্তৰ কোৰিয়া চ) শ্ৰীলংকা
উত্তৰঃ ছোভিয়েট ইউনিয়ন:
ক) পোলেণ্ড
ঙ) উত্তৰ কোৰিয়া

মাৰ্কিন যুক্তৰাষ্ট্ৰ:-
খ)ফ্ৰান্স,
গ) জাপান গোষ্ঠীনিৰপেক্ষ আন্দোলন:
ঘ) নাইজেৰিয়া, শ্ৰীলংকা

৫। শীতল যুদ্ধই অস্ত্ৰৰ প্ৰচলন আৰু অস্ত্ৰ নিয়ন্ত্ৰণ দুয়োটা কামেই কৰিছিল । এই দুয়োটাৰ বিকাশৰ কাৰণ কি?
উত্তৰঃ শীতল যুদ্ধ বুলিলে আমাৰ মনলৈ দুই মহা শক্তিৰ কথাই ভাহি আহে ।সেই সময়ত সমগ্ৰ বিশ্ব দুটা গোষ্ঠীত বিভক্ত হৈ পৰিছিল পুঁজিবাদী আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সমাজবাদী ছোভিয়েট সংঘ।দুই গোষ্ঠীয়ে যথেষ্ট হাৰত অস্ত্ৰ-শস্ত্ৰৰ উৎপাদন কৰিছিল আৰু মজুত ৰাখিছিল। ইয়াৰ ওপৰি দুয়ো শক্তি গোষ্ঠীৰ হাততে মহা শক্তিশালী পাৰমাণৱিক অস্ত্ৰয়ো মজুত আছিল।ইয়াৰ মূল উদ্দেশ্য হ’ল দুই মহা শক্তিয়ে নিজৰ নিজৰ শক্তি বিপৰীত গোষ্ঠীৰ আগত প্ৰদৰ্শন কৰা যাতে ইটোৱে সিটো গোষ্ঠীৰ প্ৰতি সদায় ভয়বিত হৈ থাকে । কিন্ত সেয়ে দুয়োটা গোষ্ঠীৰ মাজত পোনপতীয়াকৈ যুদ্ধৰ সূত্ৰপাতো ঘটা নাছিল। তাৰোপৰি ই দুই শক্তিৰ শক্তি নিয়ন্ত্ৰণ কৰি ৰখাটো সহায় কৰিছিল।মাত্ৰ দুই শক্তিৰ শক্তি প্ৰদৰ্শন কৰা হৈছিল বিশ্বত নিজৰ আধিপত্য বজাই ৰাখিবলৈ। তেনে যুদ্ধৰ সম্ভাৱনীয় পৰিৱেশত আৰু পাৰমাণৱিক অস্ত্ৰৰ মজুতৰ বাবে গোটেই বিশ্বই এক যুদ্ধৰ আশংকাত ভুগিছিল।

৬। বৃহৎ শক্তিসমূহে সৰু সৰু ৰাষ্ট্ৰবিলাকৰ লগত মৈত্ৰী জোঁটবন্ধন কৰিছিল- তিনিটা কাৰণ দৰ্শোৱা।
উত্তৰঃ শীতল যুদ্ধৰ সময়ত দুই বৃহৎ শক্তিয়ে সৰু সৰু ৰাষ্ট্ৰবিলাকৰ লগত মৈত্ৰী জোঁটবন্ধন কৰিছিল ইয়াৰ অন্তৰালৰ তিনিটা মূল কাৰণ হ’ল-

ক) সেই ক্ষুদ্ৰ দেশসমূহৰ ভিন্ন প্ৰাকৃতিক সম্পদ যেনে-তেল, তীখা, খনিজ সম্পদৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰা;
খ) সামৰিক অভিযান চলাবৰ বাবে সেই দেশসমূহৰ ভূ-খণ্ড ব্যৱহাৰ কৰা;
গ) সেই দেশসমূহক চোৰাংচোৱাৰ ঘাটি হিচাপে ব্যৱহাৰ কৰা আদি।

৭। বহু সময়ত এইটো কোৱা হয় যে শীতল যুদ্ধ সাধাৰণভাৱে শক্তি আহৰণৰ যুদ্ধ, আদৰ্শই ইয়াত কৰিব লগা একো নাই । তুমি এই বিষয়ত একমত নে? তোমাৰ সমৰ্থনত এটা যুক্তি দিয়া।
উত্তৰঃ বহু সময়ত এইটো কোৱা হয় যে শীতল যুদ্ধ সাধাৰণভাৱে শক্তি আহৰণৰ যুদ্ধ, আদৰ্শই ইয়াত কৰিব লগা একো নাই। এই ক্ষেত্ৰত মই একমত প্ৰকাশ কৰো। কাৰণ ক্ষুদ্ৰ ৰাষ্ট্ৰসমূহে বহু ক্ষেত্ৰত মহা শক্তিসমূহৰ সৈতে সিহঁতৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ মিত্ৰজোঁটত সংযোক্ত হোৱা নাছিল । মাত্ৰ বিশ্বত নিজৰ অস্তিত্ব, স্থান, স্বনিৰাপত্তা আৰু শক্তি আহৰণ বৰ্তাই ৰাখিবলৈ সংযোক্ত হৈছিল।

৮। শীতল যুদ্ধৰ যুগত আমেৰিকা আৰু ৰাছিয়াৰ প্ৰতি ভাৰতৰ বৈদেশিক নীতি কেনে আছিল? এই নীতিয়ে ভাৰতৰ স্বাৰ্থ ৰক্ষাত সহায় কৰিছিল নে?
উত্তৰঃ শীতল যুদ্ধৰ যুগত আমেৰিকা আৰু ৰাছিয়াৰ প্ৰতি ভাৰতৰ বৈদেশিক নীতি আছিল নিৰপেক্ষ । অৰ্থাৎ ই কোনো এটা শক্তি গোষ্ঠীৰ সমৰ্থনত নাছিল আৰু সংযোক্ত হোৱা নাছিল । কিন্ত ভাৰতে দুই মহা শক্তিৰে লগত শত্ৰুতাও নাৰাখি সমদূৰত্ব আৰু সমবন্ধুত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিছিল। ভাৰতে শীতল যুদ্ধৰ কালছোৱাত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ মতাদৰ্শৰ আৰু লক্ষ্যৰ দ্বাৰা প্ৰভাৱান্বিত হৈ ন্যায় আৰু শান্তিৰ ওপৰত প্ৰতিষ্ঠিত এক আন্তৰ্জাতিক ব্যৱস্হা গঢ়ি তোলাৰ হকে চেষ্টা চলাইছিল আৰু সেয়ে কোনো এটা শক্তি গোষ্ঠীৰ লগতে চামিল নহৈ পক্ষপাতীত্ব কৰা নাছিল।

এই নীতিয়ে ভাৰতৰ জাতীয় স্বাৰ্থ ৰক্ষাত আৰু প্ৰসাৰত যথেষ্ট সহায় কৰিছিল। যেনে-

  1. কোনো মহাশক্তিৰ অধীনস্হ নোহোৱাকৈ স্বতন্ত্ৰভাৱে দেশীয় আৰু আন্তৰ্জাতিক নীতি নিৰ্ধাৰণ কৰিছিল আৰু দুয়ো শিবিৰৰ পৰা সাহায্য আৰু সমৰ্থন লাভৰ পথ খোলা ৰাখিছিল;
  2. নিজৰ স্বাৰ্থ সুৰক্ষিত হোৱাকৈ দুই মহাশক্তিৰ মাজত ভাৰাসাম্য ৰক্ষা কৰিব পাৰিছিল। কোনা পক্ষৰ পৰা অৱহেলা আৰু হেঁচাৰ সৃষ্টি হ’লে আন পক্ষৰ ঘনিষ্ঠ হ’বলৈ চেষ্টা কৰি এনে অৱহেলা বা হেঁচাৰ অন্ত পেলাইছিল আদি।

৯। গোষ্ঠীনিৰপেক্ষ আন্দোলনক এতিয়া অ-প্ৰাসংগিক বুলি ভাবা নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া।
উত্তৰঃ গোষ্ঠীনিৰপেক্ষ আন্দোলনক মই এতিয়াও অ-প্ৰাসংগিক বুলি নাভাবো, ইয়াৰ প্ৰাসংগিকতা এতিয়াও আছে। ২০১০ বষৰ্তো এই আন্দোলনৰ সদস্য ৰাষ্ট্ৰৰ ঞ্চসংখ্যা ১১৮ আৰু ই ইয়াকেই প্ৰতিপন্ন কৰে। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ যে এতিয়াও প্ৰাসংগিকতা আছে তাৰ অন্তৰালৰ যুক্তিসমূহ হ’ল-

  • বিশ্বত এতিয়াও এক মহাশক্তি বৰ্তি আছে। এই মহাশক্তিৰ দ্বাৰা যাতে তৃতীয় বিশ্বৰ দেশসমূহৰ স্বাধীন অস্তিত্ব বিপদাপন্ন নহয় তাক নিশ্চিত কৰিবৰ বাবে এক সামূহিক প্ৰতিৰোধ শক্তিৰ প্ৰয়োজন আছে। গোষ্ঠীনিৰপেক্ষ আন্দোলনে এনে এক শক্তি হিচাপে কাম কৰি আহিছে;
  • শীতল যুদ্ধৰ উত্তৰকালত গঢ়ি উঠা আন্তৰ্জাতিক ব্যৱস্হা গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত নহয়। উদাহৰণস্বৰূপে বৰ্তমান সময়ত আন্তৰ্জাতিক অৰ্থব্যৱস্থাত নিৰ্ণায়ক ভূমিকা পালন কৰা আন্তৰ্জাতিক মুদ্ৰানিধি বা বিশ্ববেংক গণতান্ত্ৰিকভাৱে গঠিত প্ৰতিষ্ঠান নহয়। এনে অ-গণতান্ত্ৰিকতাৰ বিৰুদ্ধে যুঁজ কৰিবলৈকো তৃতীয় বিশ্বৰ দেশসমূহক এক সামূহিক মঞ্চ লাগে। গোষ্ঠীনিৰপেক্ষ আন্দোলনে এই মঞ্চ প্ৰদান কৰি আহিছে;
  • শীতল যুদ্ধৰ সমাপ্তিয়ে তৃতীয় বিশ্বৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰি দিয়া নাই। দাৰিদ্ৰ্যতা, বৈষম্যমূলক বিশ্ব বাণিজ্য নীতি ইত্যাদিৰ দ্বাৰা তৃতীয় বিশ্বৰ দেশসমূহ পীড়িত হৈ আহিছে । এনে সমস্যা সমাধানৰ বাবেও তৃতীয় বিশ্বৰ দেশসমূহৰ মাজত সহযোগিতাৰ যথেষ্ট প্ৰাসংগিকতাআছে।এনে প্ৰাসংগিকতাই গোষ্ঠীনিৰপেক্ষ আন্দোলনকো প্ৰাসংগিক কৰি ৰাখিছে ।
  • এনে সমূহ কাৰণৰ বাবে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ এতিয়াও প্ৰাসংগিকতা আছে বুলি মই অনুভৱ কৰো।

ৰচনাধৰ্মী প্ৰশ্নঃ শীতল যুদ্ধৰ যুগ

১। শীতল যুদ্ধৰ যুগত ভাৰতৰ স্থিতি কেনেধৰণৰ আছিল ? আলোচনা কৰা ।
উত্তৰঃ শীতল যুদ্ধৰ প্ৰতি আৰু ইয়াৰ দুই মহাশক্তিৰ প্ৰতি ভাৰতৰ অৱস্থিতি আছিল নিৰপেক্ষ । অৰ্থাৎ কোনো এটা নিৰ্দিষ্ট শক্তিৰ সৈতে একত্ৰিত হোৱা নাছিল আৰু দুই শক্তিগোষ্ঠী অৰ্থাৎ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগত সমদূৰত্ব আৰু সমবন্ধুত্ব ভাৱ বজাই ৰাখিছিল। সদ্য স্বাধীনতা প্ৰাপ্ত প্ৰায়বোৰ দেশে উপলব্ধি কৰিছিল যে শীতল যুদ্ধই গঢ়ি তোলা দুই মহাশক্তিৰ নেতৃত্বাধীন সামৰিক জোঁটসমূহৰ পৰা তেওঁলোক কোনো ধৰণে লাভাবান্বিত নহ’ব । এই দেশবোৰক দুই শক্তিয়ে পুতলাৰ দৰে ব্যৱহাৰ কৰিব। তাৰোপৰি তেওঁলোকে বুজি উঠিছিল যে শতিকাযুৰি চলা ঊপনিৱেশিক শাসনে ভাঙি পেলোৱা অৰ্থনীতি আৰু বিকাশৰ ভেঁটি নিৰ্মাণৰ বাবে যুদ্ধৰ বিপৰীতে শান্তিহে লাগে। এনে লক্ষ্য আগত ৰাখিয়েই ভাৰত তথা তৃতীয় বিশ্বৰ অন্য বহু ৰাষ্ট্ৰৰ নেতৃত্বত গোষ্ঠীনিৰপেক্ষ আন্দোলন গঢ়ি তোলে আৰু দুই মহা শক্তিৰ পৰা সম দূৰত্ব বজাই ৰাখে । এই আন্দোলনৰ সহায়তে ভাৰত তথা বহু ৰাষ্ট্ৰই যুদ্ধৰ পৰিৱেশৰ অৱসান ঘটাই শীতল যুদ্ধৰ সমাপ্তি ঘটাই বিশ্বত শান্তি প্ৰতিষ্ঠা কৰিবৰ বাবে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল ড় শীতল যুদ্ধৰ পৰা ভাৰত দূৰৈত আছিল আৰু ই দুই মহা শক্তিৰ ক্ষেত্ৰত নিৰপেক্ষ ভূমিকা অৱলম্বন কৰিছিল আৰু বহু ক্ষেত্ৰত দুই শক্তিৰ মাজত সৃষ্টি হোৱা সংঘাটৰ পৰিণতিত যাতে যুদ্ধৰ সূচনা নহয় দেই ক্ষেত্ৰত দুই শক্তিৰ মাজত মধ্যস্হাকাৰীৰ ভূমিকাও পালন কৰিছিল ।

গোষ্ঠীনিৰপেক্ষতাৰ আধাৰত গঢ়ি তোলা বৈদেশিক নীতিয়ে ভাৰতৰ জাতীয় স্বাৰ্থক সুৰক্ষিত আৰু প্ৰসাৰিত কৰাতো অৰিহণা যোগাইছিল । এই ক্ষেত্ৰত ভাৰতে দুই ধৰণে উপকৃত হৈছিল:-

  • কোনো মহাশক্তিৰ অধীনস্হ নোহোৱাকৈ স্বতন্ত্ৰভাৱে দেশীয় আৰু আন্তৰ্জাতিক নীতি নিৰ্ধাৰণ কৰিছিল আৰু দুয়ো শিবিৰৰ পৰা সাহায্য আৰু সমৰ্থন লাভৰ পথ খোলা ৰাখিছিল;
  • নিজৰ স্বাৰ্থ সুৰক্ষিত হোৱাকৈ দুই মহাশক্তিৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পাৰিছিল । কোনো পক্ষৰ পৰা অৱহেলা আৰু হেঁচাৰ সৃষ্টি হ’লে আন পক্ষৰ ঘনিষ্ঠ হ’বলৈ চেষ্টা কৰি এনে অৱহেলা বা হেঁচাৰ অন্ত পেলাইছিল ।

২। শীতল যুদ্ধৰ উৎপত্তি আৰু কাৰণবিলাক আলোচনা কৰা ।
উত্তৰঃ দ্বিতীয় বিশ্ব যুদ্ধৰ সমাপ্তিৰ পিছত সমগ্ৰ বিশ্ব পৃথক আদৰ্শ সম্পন্ন দুটা শক্তি গোষ্ঠীত বিভক্ত হৈ পৰিছিল। সেয়া হ’ল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন পুঁজিবাদী শক্তি আৰু ছোভিয়েট সংঘৰ নেতৃত্বধীন সমাজবাদী শক্তি। দুই মহাশক্তিৰ মাজত পৃথিৱীত আধিপত্য প্ৰতিষ্ঠাৰ বাবে প্ৰতিযোগিতা আৰম্ভ হয়। দুই শক্তিৰ হাততে বৃহৎ অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ আৰু পাৰমাণৱিক শক্তিৰ মজুত আছিল আৰু তাৰ প্ৰদৰ্শনো চলিছিল। ১৯৪৫ চনৰ ৬ আগষ্ঠ তাৰিখে মাৰ্কিন যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোছিমা ৯ আগষ্ঠ তাৰিখে নাগাছাকিত আণৱিক বোমা নিক্ষেপ কৰে আৰু সামৰিক ক্ষমতাৰ বাহুল্য প্ৰদৰ্শন কৰে । এই সময়ৰ লৈকে ছোভিয়েট সংঘৰ হাতত আণৱিক শক্তি নাছিল। এই ঘটনাই দুই মহা শক্তিৰ মাজৰ পাৰস্পৰিক সংশয় আৰু বিশ্বাসহীনতাৰ মনোভাব প্ৰদৰ্শন কৰে। ইয়েই শীতল যুদ্ধৰ আৰম্ভণি ঘটাই।
গতিকে শীতল যুদ্ধৰ উৎপত্তিৰ মূল কাৰণ সমূহ হ’ল-

  1. দুই মহাশক্তিৰে বিশ্বত আধিপত্য স্থাপনৰ বাবে কৰা চেষ্টা আৰু সংঘাত;
  2. দুই মহা শক্তিৰ মাজৰ পাৰস্পৰিক সংশয় আৰু বিশ্বাসহীনতাৰ মনোভাব;
  3. দুই মহাশক্তিৰ বিপৰীত ৰাজনৈতিক মতাদৰ্শ;
  4. দুই মহাশক্তিৰ হাতত পাৰমাণৱিক শক্তিৰ মজুত আৰু প্ৰদৰ্শন আদি।

গতিকে এইদৰে আৰু এই সমূহ কাৰণৰ বাবে শীতল যুদ্ধৰ উৎপত্তি হয় ।

৩। শীতল যুদ্ধৰ উৎপত্তি ব্যাখ্যা কৰা । ই অপৰিহাৰ্য আছিলনে?
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছৰে পৰা ছোভিয়েট সংঘৰ পতনৰ সময়ৰলৈকে এই প্ৰায় চাৰে চাৰিটা দশকক আন্তৰ্জাতিক ৰাজনীতিত শীতল যুদ্ধৰ যুগ বুলি জনা যায়। দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল দুই শক্তিগোষ্ঠীৰ মাজত- মিত্ৰশক্তি (Allied Forces) আৰু চক্ৰশক্তি বা অক্ষীয়শক্তিৰ (Axis Power) মাজত। এই যুদ্ধত দুই বিপৰীত মতাদৰ্শৰ নেতৃত্ব দিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘই একেলগে চক্ৰশক্তিৰ বিৰুদ্ধে যুঁজ দিছিল। কিন্ত দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পাছত এই দুই বিপৰীত মতাদৰ্শৰ মহাশক্তিৰ মাজত পৃথিৱীত তেওঁলোকৰ নিজা আধিপত্য প্ৰতিষ্ঠাৰ বাবে প্ৰতিযোগিতা আৰম্ভ হয় আৰু সেই বাবে দুই মহাশক্তিয়ে নিজস্ব সামৰিক মিত্ৰজোঁট গঢ়ি তোলে। দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ মুহূৰ্তত মাৰ্কিন যুক্তৰাষ্ট্ৰই ১৯৪৫ চনৰ ৬ আগষ্ট তাৰিখে জাপানৰ হিৰোছিমাত আৰু ৯ আগষ্ট তাৰিখে নাগাছাকিত আণৱিক বোমা নিক্ষেপ কৰে। আনহাতে মাৰ্কিন যুক্তৰাষ্ট্ৰই নিক্ষেপ কৰাৰ ঠিক পিছতেই ছোভিয়েট সংঘই জাপানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে আৰু এই ঘোষণাৰ পিছৰ দিনা মাৰ্কিন যুক্তৰাষ্ট্ৰই পুনৰবাৰ আণৱিক বোমা নিক্ষেপ কৰে। দুই মহাশক্তিৰ এই ৰণকৌশলে এছিয়াত নিজৰ আধিপত্য প্ৰতিষ্ঠাৰ হকে চলা প্ৰতিযোগিতাৰেই ইংগিত দিয়ে। ছোভিয়েট সংঘৰ বৰ্ধিত সামৰিক আৰু অৰ্থনৈতিক শক্তিয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰক শংকিত কৰি তুলিছিল। এছিয়াত যাতে ছোভিয়েট সংঘই নিজৰ একাধিপত্য প্ৰতিষ্ঠা কৰিব নোৱাৰে তাৰ বাবেই মাৰ্কিন যুক্তৰাষ্ট্ৰই হিৰোছিমা আৰু নাগাছাকিত আণৱিক বোমা নিক্ষেপ কৰা বুলি সন্দেহ কৰা হয় ।এনে বোমা নিক্ষেপণৰ জৰিয়তে মাৰ্কিন যুক্তৰাষ্ট্ৰই নিজৰ সামৰিক ক্ষমতাৰ বাহুল্য প্ৰদৰ্শন কৰে। কাৰণ সেই সময়ৰ লৈকে ছোভিয়েট সংঘৰ হাতত আণৱিক বোমা নাছিল। এই ঘটনাই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰতিষ্ঠা লাভ কৰা দুই মহাশক্তিৰ মাজৰ পাৰস্পৰিক সংশয় আৰু বিশ্বাসহীনতাৰ মনোভাব প্ৰৰ্দশন কৰে আৰু ইয়ে শীতল যুদ্ধৰ পাতনি মেলে।

ই অপৰিহাৰ্য আছিল নে নাই তাক একেআষাৰে ক’ব নোৱাৰি কাৰণ সপক্ষে আৰু বিপক্ষে দুই দৃষ্টিৰে চালিজাৰি চাব পাৰো। বিপক্ষৰ দৃষ্টিৰে চাবলৈ গ’লে শীতল যুদ্ধ অপৰিহাৰ্য নাছিল কাৰণ বিশ্বৰ ভিন্ন মতাদৰ্শৰ দুই মহাশক্তিয়ে পৰস্পৰ সংশয় আৰু সংঘাত দূৰ কৰি আলোচনাৰ মাজেৰে সংঘাত দূৰ কৰিব পাৰিল হেঁতেন। যাৰ জৰিয়তে বিশ্বত বৰ্তি থকা যুদ্ধসদৃশ আৰু ভয়, সংকা আৰু সংঘাতৰ পৰিবেশৰ অন্ত পৰিল হেঁতেন।

আনহাতে সপক্ষৰ দৃশ্যপটৰ পতা চাবলৈ গ’লে ই অপৰিহাৰ্য আছিল কাৰণ ই কাৰ হাতত কিমান শক্তিৰ ভাণ্ডাৰ আছিল তাক পোহৰলৈ আনিলে যাৰ ফলত বিশ্বই সাৱধানতা অৱলম্বন কৰি সেই শক্তিক প্ৰতিৰোধ কৰণ আৰু নিয়ন্ত্ৰণৰ বাবে বিভিন্ন চুক্তিত আবদ্ধ হ’ব পাৰিলে । আৰু ই দুই মহা শক্তিৰ শক্তিক নিয়ন্ত্ৰণিত কৰি ৰখাটো সহায় কৰিছিল। যি অপৰিহাৰ্য আছিল।

শীতল যুদ্ধক সেয়ে আমি এই দুই দৃষ্টিকোণৰ পৰা চাব পাৰো ।

৩। শীতল যুদ্ধৰ সময়ত ঘটা বিভিন্ন ঘটনাৱলী আলোচনা কৰা।
উত্তৰঃ শীতল যুদ্ধৰ সময়ত সমগ্ৰ বিশ্বযুৰি বিভিন্ন ঘটনা সংঘটিত হৈছিল। সেই সমূহৰ বিষয়ে তলত বিস্তৃতভাৱে আলোচনা কৰা হ’ল-

ক) কিউবাৰ মিছাইল সংকট:- ১৯৫৯ চনত ফিডেল কাষ্ট্ৰোৰ নেতৃত্বত লেটিন আমেৰিকাৰ ক্ষুদ্ৰ দ্বীপৰাষ্ট্ৰ কিউবাত সাম্যবাদী আদৰ্শগত বিশ্বাসী চৰকাৰ প্ৰতিষ্ঠা কৰা হয়। চৰকাৰ প্ৰতিষ্ঠা মুহূৰ্তৰ পৰাই নানান প্ৰত্যাহ্বানৰ সমুখীন হৈ আহিছিল। এই পৰিস্থিতিত কিউবাই ছোভিয়েট সংঘৰ সৈতে মিত্ৰতা গঢ়ি তোলে আৰু কূটনৈতিক তথা বিত্তীয় সাহায্য লাভ কৰিবলৈ ধৰে । কাষ্ট্ৰোৰ নেতৃত্বত চৰকাৰ গঠিত হোৱাৰ ঠিক পিছৰে পৰাই কিউবা হৈ উঠে দুই মহাশক্তিৰ মাজত চলা শীতল যুদ্ধৰ এক সংঘাত কেন্দ্ৰ। ১৯৬১ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জন.এফ.কেনেডীৰ নেতৃত্বত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থা চি.আই.এ ৰ পৃষ্ঠপোষকতাত মাৰ্কিন যুক্তৰাষ্ট্ৰই কিউবাৰ ওপৰত আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ চলোৱা বুলি ছোভিয়েট সংঘই সন্দেহ কৰিবলৈ ধৰে আৰু ইয়াৰ ভিত্তিতেই ছোভিয়েট সংঘৰ নেতা নিকিতা খ্ৰুছেভে কিউবাত ৰাছিয়াৰ সামৰিক ঘাটি প্ৰতিষ্ঠাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ১৯৬২ চনৰ ছেপ্টেম্বৰ মাহত কিউবা আৰু ছোভিয়েট সংঘ চৰকাৰে কিউবাত পাৰমাণৱিক ক্ষেপণাস্ত্ৰৰ ঘাটি প্ৰতিষ্ঠা কৰে। অক্টোবৰ মাহৰ প্ৰথমাৰ্ধত মাৰ্কিন যুক্তৰাষ্ট্ৰ এই বিষয়ে অৱগত হয় আৰু দুই মহাশক্তিৰ মাজত উত্তেজনা বৃদ্ধি পাবলৈ ধৰে আৰু এই উত্তেজনাই এক পূৰ্ণ পৰ্যায়ৰ আণৱিক যুদ্ধ সংঘটিত কৰাৰ শংকাই গোটেই বিশ্বক ভীতিগ্ৰস্ত কৰি তোলে। ছোভিয়েট সংঘৰ এই আক্ৰমণাত্মক মনোভাব প্ৰতিহত কৰি তোলাৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰই আকাশ মাৰ্গ আৰু সাগৰেদি কিউবাৰ ওপৰত আক্ৰমণ কৰাৰো চিন্তা-চৰ্চা কৰিবলৈ ধৰে । ছোভিয়েট সংঘক তৎকালে ইতিমধ্যে প্ৰতিষ্ঠা কৰা আৰু প্ৰতিষ্ঠা কৰিব খোজা সকলোবোৰ আণৱিক ঘাটি উঠাই নিয়াৰো দাবীও দাঙি ধৰে। ছোভিয়েট সংঘই ৰাজহুৱাকৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দাবী মানি ল’বলৈ অস্বীকাৰ কৰে। অৱশেষত ২৮ অক্টোবৰ,১৯৬২ তাৰিখে এই সংঘাতৰ অন্ত পৰে ।

খ) বাৰ্লিন সংকট:- হিটলাৰৰ নেতৃত্বাধীন জাৰ্মানী আছিল মিত্ৰপক্ষৰ বিৰুদ্ধে গঢ়ি উঠা এক্সিছ পাৱাৰৰ অন্যতম সদস্য ৰাষ্ট্ৰ। দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীৰ পতনৰ পাছত মিত্ৰপক্ষৰ ৰাছিয়া, ফ্ৰান্স, ব্ৰিটেইন আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই জাৰ্মানীৰ ৰাজধানী চহৰ বাৰ্লিন তেওঁলোকৰ মাজত ভগাই লয়। ছোভিয়েট সংঘ আৰু উল্লিখিত অন্য ৰাষ্ট্ৰসমূহৰ মাজত মতবিৰোধ ঘটাৰ পৰিপ্ৰেক্ষিতত ফ্ৰান্স,ব্ৰিটেইন আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত থকা অঞ্চলসমূহক একত্ৰিত কৰা হয় । লগে লগে দুই শিবিৰৰ মাজত তিক্ততা বৃদ্ধি পাবলৈ ধৰে ।১৯৪৮ চনত একত্ৰিত পশ্চিমীয়া মিত্ৰশক্তি অৰ্থাৎ ফ্ৰান্স, ব্ৰিটেইন আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই তেওঁলোকৰ নিয়ন্ত্ৰনাধীন অঞ্চলত এক মুদ্ৰা প্ৰচলন কৰে।তাৰ পিছদিনাৰ পৰাই ছোভিয়েট সংঘই বাৰ্লিনলৈ যোৱা সকলো পথ আৰু সেৱা ব্যৱস্হা বন্ধ কৰি দিয়ে। এই ঘটনাক বাৰ্লিন অৱৰোধ নামেৰে জনা যায়। এই অৱৰোধ আছিল শীতল যুদ্ধৰ এক প্ৰতীকী।

দুয়ো পক্ষৰ মাজৰ আলোচনাই বিশেষ সফলতা লাভ নকৰাত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ট্ৰুমেনে ব্ৰিটেইনত আণৱিক বোমা কঢ়িয়াব পৰা ক্ষেপণাস্ত্ৰ কেন্দ্ৰ স্হাপন কৰে। অৱশেষত ছোভিয়েট সংঘৰ নেতা ষ্টেলিনে ১৯৪৯ চনৰ মে’ মাহত বাৰ্লিন অৱৰোধ উঠাই লয় । কিন্ত এই পদক্ষেপে বাৰ্লিন সংকটক দূৰ নকৰিলে । ১৯৪৯ চনৰ পৰা ১৯৬১ চনলৈ প্ৰায় ৩০ লক্ষাধিক ছোভিয়েট সংঘ নেতৃত্বাধীন জাৰ্মান লোক পশ্চিম জাৰ্মানীলৈ পলাই যায় আৰু এই পৰিস্থিতি ৰোধ কৰিবলৈ পূব জাৰ্মানী কৰ্তৃপক্ষই ২৮ মাইল দীৰ্ঘ বাৰ্লিন দেৱাল নিৰ্মাণ কৰে । ১৯৮৯ চনৰ নৱেম্বৰলৈ এই দেৱাল আছিল শীতল যুদ্ধৰ এক জীৱন্ত প্ৰতীকী ।১৯৮৯ চনৰ নৱেম্বৰ মাহত এই দেৱাল ভাঙি পেলোৱাৰ পাছত ১৯৯০ চনৰ অক্টোবৰ মাহত পূব আৰু পশ্চিম জাৰ্মানী একত্ৰিত হয় ।

গ) কোৰিয়া সংকট(১৯৫০-৫৩):- শীতল যুদ্ধৰ অন্য এক সংঘাত কেন্দ্ৰ আছিল এছিয়াৰ কোৰিয়া। ৩০ বছৰীয়া গৃহযুদ্ধৰ অৱসান ঘটাই ১৯৪৯ চনত মাও-ছে-টুঙৰ নেতৃত্বত চীনত সমাজবাদী ৰাষ্ট্ৰ ব্যৱস্হাৰ প্ৰৱৰ্তন কৰা হয় । এই ঘটনাই এছিয়াৰ ৰাজনীতি সম্পৰ্কে দুই মহাশক্তিৰ মাজত শংকাৰ উদ্ৰেক কৰে। ১৯৫০ চনৰ জুন মাহত উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াৰ ওপৰত আক্ৰমণ কৰে । এই ঘটনাক পুঁজিবাদী শিবিৰে ছোভিয়েট সংঘ নেতৃত্বাধীন সমাজবাদী শিবিৰৰ প্ৰসাৰণৰ কৌশল বুলি বিশ্বাস কৰিবলৈ ধৰে। এনে পৰিস্থিতি দুই কোৰিয়াৰ মাজত সংঘটিত যুদ্ধত মাৰ্কিন যুক্তৰাষ্ট্ৰ, ৰাষ্ট্ৰসংঘ আৰু চীনো জড়িত হৈ পৰে। ১৯৫৩ চনত এই যুদ্ধৰ অন্ত পৰে আৰু তিনি বছৰ ধৰি চলা এই যুদ্ধত ত্ৰিশ লক্ষাধিক লোকৰ মৃত্যু হয় ।

এনেদৰে শীতল যুদ্ধৰ সময়ত বিশ্বত বিভিন্ন ধৰণৰ ঘটনাৱলী সংঘটিত হয়।

৫। শীতল যুদ্ধৰ প্ৰতি ভাৰতৰ ধাৰণা কেনে আছিল ?গোষ্ঠীনিৰপেক্ষতাই ভাৰতৰ স্বাৰ্থ পূৰণ কৰিছিল নে?
উত্তৰ:- শীতল যুদ্ধৰ প্ৰতি আৰু ইয়াৰ দুই মহাশক্তিৰ প্ৰতি ভাৰতৰ অৱস্থিতি আছিল নিৰপেক্ষ । অৰ্থাৎ কোনো এটা নিৰ্দিষ্ট শক্তিৰ সৈতে একত্ৰিত হোৱা নাছিল আৰু দুই শক্তিগোষ্ঠী অৰ্থাৎ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগত সমদূৰত্ব আৰু সমবন্ধুত্ব ভাৱ বজাই ৰাখিছিল। সদ্য স্বাধীনতা প্ৰাপ্ত প্ৰায়বোৰ দেশে উপলব্ধি কৰিছিল যে শীতল যুদ্ধই গঢ়ি তোলা দুই মহাশক্তিৰ নেতৃত্বাধীন সামৰিক জোঁটসমূহৰ পৰা তেওঁলোক কোনো ধৰণে লাভাবান্বিত নহ’ব । এই দেশবোৰক দুই শক্তিয়ে পুতলাৰ দৰে ব্যৱহাৰ কৰিব। তাৰোপৰি তেওঁলোকে বুজি উঠিছিল যে শতিকাযুৰি চলা ঊপনিৱেশিক শাসনে ভাঙি পেলোৱা অৰ্থনীতি আৰু বিকাশৰ ভেঁটি নিৰ্মাণৰ বাবে যুদ্ধৰ বিপৰীতে শান্তিহে লাগে। এনে লক্ষ্য আগত ৰাখিয়েই ভাৰত তথা তৃতীয় বিশ্বৰ অন্য বহু ৰাষ্ট্ৰৰ নেতৃত্বত গোষ্ঠীনিৰপেক্ষ আন্দোলন গঢ়ি তোলে আৰু দুই মহা শক্তিৰ পৰা সম দূৰত্ব বজাই ৰাখে । এই আন্দোলনৰ সহায়তে ভাৰত তথা বহু ৰাষ্ট্ৰই যুদ্ধৰ পৰিৱেশৰ অৱসান ঘটাই শীতল যুদ্ধৰ সমাপ্তি ঘটাই বিশ্বত শান্তি প্ৰতিষ্ঠা কৰিবৰ বাবে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল ড় শীতল যুদ্ধৰ পৰা ভাৰত দূৰৈত আছিল আৰু ই দুই মহা শক্তিৰ ক্ষেত্ৰত নিৰপেক্ষ ভূমিকা অৱলম্বন কৰিছিল আৰু বহু ক্ষেত্ৰত দুই শক্তিৰ মাজত সৃষ্টি হোৱা সংঘাটৰ পৰিণতিত যাতে যুদ্ধৰ সূচনা নহয় দেই ক্ষেত্ৰত দুই শক্তিৰ মাজত মধ্যস্হাকাৰীৰ ভূমিকাও পালন কৰিছিল ।

গোষ্ঠীনিৰপেক্ষতাৰ আধাৰত গঢ়ি তোলা বৈদেশিক নীতিয়ে ভাৰতৰ জাতীয় স্বাৰ্থক সুৰক্ষিত আৰু প্ৰসাৰিত কৰাতো অৰিহণা যোগাইছিল । এই ক্ষেত্ৰত ভাৰতে দুই ধৰণে উপকৃত হৈছিল:-

  • কোনো মহাশক্তিৰ অধীনস্হ নোহোৱাকৈ স্বতন্ত্ৰভাৱে দেশীয় আৰু আন্তৰ্জাতিক নীতি নিৰ্ধাৰণ কৰিছিল আৰু দুয়ো শিবিৰৰ পৰা সাহায্য আৰু সমৰ্থন লাভৰ পথ খোলা ৰাখিছিল;
  • নিজৰ স্বাৰ্থ সুৰক্ষিত হোৱাকৈ দুই মহাশক্তিৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পাৰিছিল । কোনো পক্ষৰ পৰা অৱহেলা আৰু হেঁচাৰ সৃষ্টি হ’লে আন পক্ষৰ ঘনিষ্ঠ হ’বলৈ চেষ্টা কৰি এনে অৱহেলা বা হেঁচাৰ অন্ত পেলাইছিল ।

৭। গোষ্ঠীনিৰপেক্ষ আন্দোলনত ভাৰতৰ ভূমিকা আলোচনা কৰা।
উত্তৰঃ দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত শীতল যুদ্ধৰ কালত সমগ্ৰ বিশ্ব দুই মহাশক্তিত বিভক্ত হৈ পৰিছিল । সেয়া হ’ল মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘ। নিজা স্বাৰ্থ আৰু প্ৰতিৰক্ষাৰ প্ৰতি নজৰ ৰাখি আন বহু সৰু সৰু ৰাষ্ট্ৰই দুই গোষ্ঠীত যোগদান দি মিত্ৰজোঁটৰ অংশীদাৰ হৈ পৰিছিল । কিন্ত শীতল যুদ্ধৰ কালৰ আন্তৰ্জাতিক ৰাজনীতিক দুটা মেৰুত বিভক্ত কৰাৰ প্ৰচেষ্টাৰ বিৰুদ্ধে তৃতীয় বিশ্বৰ সদ্য স্বাধীনতাপ্ৰাপ্ত দেশসমূহ একত্ৰিত হৈ এক প্ৰত্যাহ্বান বা প্ৰতিৰোধ গঢ়ি তুলিছিল । এনে প্ৰতিৰোধ নিৰ্মাণৰ বাবে এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ দেশসমূহে গঢ়ি তোলা এই মঞ্চই হ’ল গোষ্ঠীনিৰপেক্ষ আন্দোলন ।এই আন্দোলনৰ লক্ষ্য আছিল দুই মহাশক্তিৰ দ্বাৰা গঢ়ি তোলা সামৰিক মিত্ৰজোঁটৰ পৰা আঁতৰত থাকি দেশীয় তথা বৈদেশিক ক্ষেত্ৰত স্বতন্ত্ৰ নীতি অনুসৰণ কৰা । লগতে এই তৃতীয় বিশ্বৰ দেশসমূহে উপলব্ধি কৰিছিল যে শতিকাযুৰি চলা ঊপনিৱেশিক শাসনে ভাঙি পেলোৱা অৰ্থনাতি আৰু বিকাশৰ ভেঁটি নিৰ্মাণৰ বাবে তেওঁলোকক যুদ্ধৰ পৰিৱৰ্তে শান্তিৰহে প্ৰয়োজন ।এনে লক্ষ্য আগত ৰাখিয়েই ভাৰত তথা তৃতীয় বিশ্বৰ বহু দেশৰ নেতৃত্বত গোষ্ঠীনিৰপেক্ষ আন্দোলন গঢ়ি উঠে । ১৯৬১ চনত বেলগ্ৰেডত প্ৰতিষ্ঠিত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ মুখ্য খনিকৰৰ অন্যতম আছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু ।

তেওঁ এই আন্দোলনৰ গুৰি ধৰিছিল আৰু“গোষ্ঠীনিৰপেক্ষতা” ধাৰণাটো প্ৰথমে তেওঁৱে ব্যৱহাৰ কৰিছিল । চীন আৰু ভাৰতৰ মাজত দ্বি-পাক্ষিক সম্পৰ্কৰ পটভূমিত গঢ়ি তোলা পাঁচটা নাতি যাক “পঞ্চশীল নীতি” বুলি জনা যায়-এই পাঁচটা নীতিয়েই গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ আধাৰ হৈ উঠে । এই নীতিকেইটা হ’ল:-

  1. দুখন দেশৰ ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক সন্মান;
  2. পাৰস্পৰিক নি-আগ্ৰাসন;
  3. আভ্যন্তৰীণ ঘটনাত পাৰস্পৰিক নি-হস্তক্ষেপ;
  4. সমতা আৰু পাৰস্পৰিক সুযোগ-সুবিধা;
  5. শান্তিপূৰ্ণ সহঅৱস্থান।

ভাৰতে গোষ্ঠীনিৰপেক্ষ আন্দোলনত দৃঢ় ভূমিকা গ্ৰহণ কৰি আন্তৰ্জাতিক ৰাজনীতিত সুবিধাবাদী নিৰপেক্ষ অৱস্থান গ্ৰহণ নকৰি তাৰ বিপৰীতে ন্যায় আৰু শান্তিৰ ওপৰত প্ৰতিষ্ঠিতি এক আন্তৰ্জাতিক ব্যৱস্হা গঢ়ি তোলাৰ সকে চেষ্টা কৰে। গোষ্ঠীনিৰপেক্ষ আন্দোলনত ভাৰতৰ ভূমিকা স্পষ্টকৈ তলৰ উক্তি সমূহত প্ৰতিফলিত হয়-

  1. ফেচিবাদ, উপনিৱেশবাদ আৰু বৰ্ণবাদৰ দৰে দুঃশক্তিৰ বিৰুদ্ধে দৃঢ় অৱস্থান গ্ৰহণ কৰিছিল;
  2. দুই মিত্ৰশক্তিয়ে গঢ়ি তোলা সামৰিক মিত্ৰজোঁটৰ পৰা আঁতৰাই ৰাখিছিল;
  3. সামৰিক মিত্ৰজোঁটত নৱ্য স্বাধীনতাপ্ৰাপ্ত তৃতীয় বিশ্বৰ দেশসমূহক অন্তৰ্ভুক্তিৰ বাবে চলোৱা প্ৰচেষ্টাৰ বিৰোধিতা কৰিছিল।

আন্তৰ্জাতিক ৰাজনীতিত সৃষ্টি হোৱা উত্তেজনা ৰোধ কৰাৰ ক্ষেত্ৰত আৰু দুই মহাশক্তিৰ মাজত সৃষ্টি হোৱা সংঘাটৰ পৰিণতিত যাতে যুদ্ধৰ সূচনা নহয় সেই ক্ষেত্ৰত ভাৰতে গোষ্ঠীনিৰপেক্ষতাৰ আধাৰত দুই মহাশক্তিৰ মাজত মধ্যস্হতাকাৰীৰ ভূমিকা পালন কৰিছিল। এনেদৰে গোষ্ঠীনিৰপেক্ষ আন্দোলনত ভাৰতে ভূমিকা পালন কৰে।

৮। শীতল যুদ্ধৰ পিছত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ ভূমিকা আলোচনা কৰা ।
উত্তৰঃ দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত সমগ্ৰ বিশ্ব দুই মহাশক্তিত বিভক্ত হৈ পৰে। পুঁজিবাদী মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু সমাজবাদী ছোভিয়েট সংঘ । দুই শক্তিৰ মাজত সন্দেহ ,সংঘাত আৰু শক্তি প্ৰৰ্দশনৰ প্ৰতিযোগিতা খন চলি থাকে। ১৯৮০ ৰ দশকৰ শেষৰফালে সমাজবাদী শিবিৰ দুবৰ্ল হৈ আহিল আৰু ১৯৯১ চনত ছোভিয়েট সংঘ ভাগি পৰিল । ছোভিয়েট সংঘ ভাগি যোৱাৰ পাছত গঢ়ি উঠা স্বাধীন ৰাষ্ট্ৰসমূহেও ক্ৰমে পুঁজিবাদৰ ফালে গতি কৰিলে।এনে পৰিস্হিতত চাৰে চাৰিটা দশক ধৰি চলি অহা শীতল যুদ্ধৰো অৱসান ঘটিল । কিন্ত শীতল যুদ্ধৰ অৱসানৰ পিছতো গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ আন্তৰ্জাতিক ৰাজনীতিত প্ৰাসংগিকতা আৰু ভূমিকা হ্ৰাস পোৱা নাই ।শীতল যুদ্ধৰ পিছত এই আন্দোলনৰ প্ৰাসংগিকতা আৰু ভূমিকা তলত আলোচনা কৰা হ’ল-

  • বিশ্বত এতিয়াও এক মহাশক্তি বৰ্তি আছে । এই মহাশক্তিৰ দ্বাৰা যাতে তৃতীয় বিশ্বৰ দেশসমূহৰ স্বাধীন অস্তিত্ব বিপদাপন্ন নহয় তাক নিশ্চিত কৰিবৰ বাবে এক সামূহিক প্ৰতিৰোধ শক্তিৰ প্ৰয়োজন আছে । গোষ্ঠীনিৰপেক্ষ আন্দোলনে এনেছোভিয়েট এক সা মূহিক প্ৰতিৰোধ শক্তি হিচাপে ভূমিকা পালন কৰি আহিছে ;
  • শীতল যুদ্ধৰ উত্তৰকালত গঢ়ি উঠা আন্তৰ্জাতিক ব্যৱস্থা গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত নহয়। উদাহৰণস্বৰূপে- বৰ্তমান সময়ত আন্তৰ্জাতিক অৰ্থব্যৱস্হত নিৰ্ণায়ক ভূমিকা পালন কৰা আন্তৰ্জাতিক মুদ্ৰানিধি বা বিশ্ববেংক গণতান্ত্ৰিকভাৱে গঠিত প্ৰতিষ্ঠান নহয় । এনে অ-গণতান্ত্ৰিকতাৰ বিৰুদ্ধে যুঁজ কৰিবলৈকো তৃতীয় বিশ্বৰ দেশসমূহক এক সামূহিক মঞ্চ লাগে। গোষ্ঠীনিৰপেক্ষ আন্দোলনে এই মঞ্চ প্ৰদান কৰি আহিছে ।
  • শীতল যুদ্ধৰ সমাপ্তিয়ে তৃতীয় বিশ্বৰ দেশসমূহৰ দীৰ্ঘদিনীয়া সমস্যাবোৰ সমাধান কৰি দিয়া নাই । দৰিদ্ৰতা, বৈষম্যমূলক বিশ্ব বাণিজ্য নীতি ইত্যাদিৰ দ্বাৰা তৃতীয় বিশ্বৰ দেশসমূহক মাজৰ সহযোগিতাৰ যথেষ্ট প্ৰাসংগিকতা আছে ।এনে প্ৰাসংগিকতাই গোষ্ঠীনিৰপেক্ষ আন্দোলনকো প্ৰাসংগিক কৰি ৰাখিছে।

এনেদৰে শীতল যুদ্ধৰ পিছতো গোষ্ঠীনিৰপেক্ষ আন্দোলনে ভূমিকা পালন কৰিছিল আৰু কৰি আহিছে ।

৯। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ অৱস্হিতিত ভাৰতৰ ভূমিকা মূল্যায়ন কৰা।
উত্তৰঃ গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ অৱস্থিতত ভাৰতৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ। ১৯৬১ চনত বেলগ্ৰেডত প্ৰতিষ্ঠা হোৱা এই আন্দোলন গুৰি ধৰোতা সকলৰ ভিতৰত অন্যতম আছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু। তেওঁৱে “গোষ্ঠীনিৰপেক্ষতাৰ” ধাৰণাটা প্ৰথম ব্যৱহাৰ কৰিছিল। ভাৰতে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ ভেটিত অন্য তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূৰ সৈতে একত্ৰিত হৈ শীতল যুদ্ধৰ দুই মহাশক্তিৰ কৱলৰ পৰা আঁতৰি নিৰপেক্ষতা অৱলম্বন কৰিছিল আৰু দুই মহাশক্তি ক্ৰমে ছোভিয়েট সংঘ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগত সমদূৰত্ব আৰু সমবন্ধুত্ব বজাই ৰাখিবৰ বাবে চেষ্টা কৰিছিল । কিন্ত ভাৰতে সুবিধাবাদী নিৰপেক্ষ অৱস্থান গ্ৰহণ কৰা নাছিল তাৰ পৰিৱৰ্তে ন্যায় আৰু শান্তিৰ ওপৰত প্ৰতিষ্ঠিত এক আন্তৰ্জাতিক ব্যৱস্থা গঢ়ি তোলাৰ স্বাৰ্থত সক্ৰিয় ভূমিকা পালন কৰিছিল । ভাৰতৰ ভূমিকাক আমি তলত দিয়াৰ দৰে চাব পাৰো-

  • ফেচিবাদ, উপনিৱেশ আৰু বৰ্ণবাদৰ দৰে দুঃশক্তিৰ বিৰুদ্ধে ভাৰতে দৃঢ় অৱস্থান গ্ৰহণ কৰিছিল;
  • দুই মিত্ৰশক্তিয়ে গঢ়ি তোলা সামৰিক মিত্ৰজোঁটৰ পৰা নিজকে আঁতৰাই ৰাখিছিল;
  • সামৰিক মিত্ৰজোঁটত নৱ্য স্বাধীনতাপ্ৰাপ্ত তৃতীয় বিশ্বৰ দেশসমূহক অন্তৰ্ভুক্তিৰ বাবে চলোৱা প্ৰচেষ্টাৰ বিৰোধিতা কৰিছিল ।

তৰোপৰি আন্তৰ্জাতিক ৰাজনীতিত সৃষ্টি হোৱা উত্তেজনা ৰোধৰ ক্ষেত্ৰতো ভাৰতে সক্ৰিয় ভূমিকা পালন কৰিছিল আৰু দুই মহাশক্তিৰ মাজত সৃষ্টি হোৱা সংঘাটৰ পৰিণতিত যাতে যুদ্ধৰ সূচনা নহয় সেই ক্ষেত্ৰত ভাৰতে দুই মহাশক্তিৰ মাজত মধ্যস্হতাকাৰীৰ ভূমিকাও পালন কৰিছিল । তাৰোপৰি নেহেৰুৰ নেতৃত্বত চীন আৰু ভাৰতৰ মাজত দ্বি-পাক্ষিক সম্পৰ্কৰ পটভূমিত গঢ়ি উঠা পঞ্চশীল নীতিয়েই পিছত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ আধাৰ হৈ পৰে।

ইয়াৰ পৰা আমি দেখা পালো যে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ অৱস্থিতত ভাৰতে ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ ।

১০। ১৯৭০ চনৰ নতুন আন্তৰ্জাতিক অৰ্থনৈতিক অৰ্ডাৰ মূল্যায়ন কৰা ।
উত্তৰঃ গোষ্ঠীনিৰপেক্ষ আন্দোলন নেতৃত্বত গঢ়ি উঠা নতুন আন্তৰ্জাতিক অৰ্থব্যৱস্থাৰ আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক পটভূমিত যথেষ্ট গুৰুত্ব আছে । গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ নেতৃত্বত ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক স্বাধীনতাৰ আৱশ্যকতাৰ উপলব্ধি আৰু নৱ্য-উপনিৱেশিকতাবাদৰ বলিৰ আশংকাই ৰাষ্ট্ৰসংঘৰ নেতৃত্বত ১৯৭৪ চনৰ মে’ মাহত ভৱিষ্যৎপ্ৰজন্মৰ বাবে শান্তি আৰু ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত এই আন্তৰ্জাতিক অৰ্থব্যৱস্থা গঢ়ি তোলে। নৱ্য-অৰ্থব্যৱস্হাৰ ঘোষণাত ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে দৃঢ়তা তথা নিষ্ঠাৰে তেওঁলোকৰ নিজা অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থা নিৰ্বিশেষে সকলো ৰাষ্ট্ৰৰ মাজৰ সাৰ্বভৌম সমতা, আন্তঃনিৰ্ভৰশীলতা, সামূহিক স্বাৰ্থ আৰু সহযোগিতাৰ ভেটিত ইয়াক গঢ়ি তোলাৰ কথা প্ৰকাশ কৰে। তৰোপৰি আন্তৰ্জাতিক অৰ্থনীতিত চলি থকা অসমতা আৰু অন্যায় দূৰীকৰণৰ লগতে উন্নত আৰু উন্নয়নশীল দেশসমূহৰ মাজত বৃদ্ধি পোৱা ব্যৱধান দূৰ কৰাৰ লক্ষ্যৰ কথাও প্ৰকাশ কৰে। গতিকে সদ্য স্বাধীন ৰাষ্ট্ৰসমূকে ধৰি তৃতীয় বিশ্বৰ বহু ৰাষ্ট্ৰই সমতা আৰু নিৰপেক্ষতাৰ ওপৰত প্ৰতিষ্ঠিত এই অৰ্থব্যৱস্হা প্ৰচুৰ সমৰ্থন জনাইছিল ।ৰাষ্ট্ৰ সংঘৰ গৰিষ্ঠসংখ্যক সদস্য ৰাষ্ট্ৰই এই নতুন অৰ্থব্যৱস্থাক সমৰ্থন জনাইছিল।

এই ব্যৱস্থাৰ প্ৰাসংগিকতা যথেষ্ট আছিল। এই ব্যৱস্থাই বৈষম্য,ব্যৱধান,অসমতাৰ ভিত্তিত প্ৰতিষ্ঠিত আন্তৰ্জাতিক অৰ্থব্যৱস্হাৰ অন্ত পেলাই সকলো ৰাষ্ট্ৰৰ বাবে সমতাৰ ভিত্তিত এক অৰ্থব্যৱস্হাৰ প্ৰৱৰ্তন কৰিব খুজিছিল । ই এক বাস্তৱ আৰু উপযুক্ত ব্যৱস্থা আছিল। কিন্ত ছোভিয়েট সংঘৰ পতন আৰু বিশ্বায়ন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছত গোষ্ঠীনিৰপেক্ষ আন্দোলনক নেতৃত্ব দিয়া ভাৰতৰ নিচিনা দেশে প্ৰতিষ্ঠিত আন্তৰ্জাতিক অৰ্থনীতিৰ অংশীদাৰ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত নৱ্য-আন্তৰ্জাতিক অৰ্থব্যৱস্হাৰ হকে গঢ়ি তোলা দাবী ক্ৰমে অ-প্ৰাসংগিক হৈ পৰে।

১১। নতুন আন্তৰ্জাতিক অৰ্থনৈতিক অৰ্ডাৰ মানে কি বুজা? ইয়াৰ প্ৰধান বিষয়-বস্ত কি?
উত্তৰঃ দ্বিতীয় বিশ্ব যুদ্ধৰ পৰিণতি স্বৰূপে সমগ্ৰ বিশ্বৰ ৰাষ্ট্ৰ সমূহৰ সামাজিক, অৰ্থনৈতিক, সামৰিক আদি সকলো দিশৰ পৰা ভাঙি পৰে। তাৰোপৰি গোটেই বিশ্বৰ পৃথক আদৰ্শযুক্ত ৰাষ্ট্ৰসমূহ দুই মহাশক্তিত বিভক্ত হৈ পৰে-পুঁজিবাদী আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সমাজবাদী ছোভিয়েট সংঘ । সমগ্ৰ বিশ্বতে সকলো ক্ষেত্ৰতৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰখনত বৃহৎ অসমতা, ব্যৱধান, বৈষম্য, সংঘাত, উপনিৱেশিকতাবাদে বিৰাজ কৰে । পূৰ্বৰে পৰা দুবৰ্ল ৰাষ্ট্ৰসমূহ আৰু অধিক দুৰ্বল হৈ অৰ্থনৈতিক ভাৱে ভাঙি পৰে আৰু নৱ্য উপনিৱেশিকতাবাদৰ চিকাৰ হ’ব লগা হয় যেনে তৃতীয় বিশ্বৰ সদ্য স্বাধীনতাপ্ৰাপ্ত ৰাষ্ট্ৰবোৰ । সেয়ে বিশ্বত এনে পৰিৱেশৰ অন্ত পেলাই আন্তৰ্জাতিক অৰ্থব্যৱস্হাৰ গুণগত পৰিৱৰ্তন কৰি এক নতুন আন্তৰ্জাতিক অৰ্থব্যৱস্থা গঢ়ি তোলাৰ বাবে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘৰ নেতৃত্বত ১৯৭৪ চনৰ মে’ মাহত যি কাৰ্যসূচী গ্ৰহণ কৰে তাকেই আমি নতুন আন্তৰ্জাতিক অৰ্থনৈতিক অৰ্ডাৰ বা ব্যৱস্হা বলি জানো ।

এই ব্যৱস্হাৰ প্ৰধান বিষয়-বস্ত হ’ল বিশ্বত প্ৰতিষ্ঠিত বৈষম্য আৰু ব্যৱধানমূলক অৰ্থব্যৱস্হাৰ গুণগত পৰিৱৰ্তন সাধন কৰি আন্তৰ্জাতিক অৰ্থনৈতিক ক্ষেত্ৰখলৈ সমতা আনি ভৱিষ্যৎ প্ৰজন্মৰ বাবে শান্তি আৰু ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত এক আন্তৰ্জাতিক অৰ্থব্যৱস্হা গঢ়ি তোলা ।

১২। শীতল যুদ্ধৰ যুগত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ (NAM) নেতা হিচাপে ভাৰতৰ ভূমিকা আলোচনা কৰা ।
উত্তৰঃ ১৯৬১ চনৰ গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ গুৰি ধৰোঁতা ৰাষ্ট্ৰসমূহৰ ভিতৰত মূখ্য আছিল ভাৰতবৰ্ষ আৰু ভাৰতৰ হৈ নেতৃত্ব দিছিল আৰু ভূমিকা পালন কৰিছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে । তাৰোপৰি “গোষ্ঠীনিৰপেক্ষতা” ধাৰণাটো প্ৰথমে ব্যৱহাৰ কৰিছিল ভাৰততে নেহেৰুৱে। চীন আৰু ভাৰতৰ মাজত দ্বি-পাক্ষিক সম্পৰ্কৰ পটভূমিত গঢ়ি তোলা পাঁচটা নীতি যাক “পঞ্চশীল নীতি” বুলি জনা যায় এই পাঁচটা নীতিয়েই গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ আধাৰ হৈ পৰে।

শীতল যুদ্ধৰ কালত ভাৰতে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ মতাদৰ্শ আৰু লক্ষ্যৰ দ্বাৰা প্ৰভাৱিত হৈ শীতল যুদ্ধৰ দুই মহাশক্তি ক্ৰমে ছোভিয়েট সংঘ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগত সমদূৰত্ব আৰু সমবন্ধুত্ব বজাই ৰাখিবলৈ চেষ্টা চলাইছিল । কিন্ত ভাৰতে আন্তৰ্জাতিক ৰাজনীতিত সুবিধাবাদী নিৰপেক্ষ অৱস্থান গ্ৰহণ কৰা নাছিল । তাৰ পৰিৱৰ্তে ন্যায় আৰু শান্তিৰ ওপৰত প্ৰতিষ্ঠিত এক আন্তৰ্জাতিক ব্যৱস্থা গঢ়ি তোলাৰ স্বাৰ্থত সক্ৰিয় ভূমিকা পালন কৰিছিল । গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ ভেটিত শীতল যুদ্ধৰ সময়ত ভাৰতে লোৱা ভূমিকাক আমি তলত উল্লেখ কৰাৰ দৰে চাব পাৰো –

  • ফেচিবাদ, উপনিৱেশবাদ আৰু বৰ্ণবাদৰ দৰে দুঃশক্তিৰ বিৰুদ্ধে ভাৰতে দৃঢ় অৱস্থান গ্ৰহণ কৰিছিল;
  • দুই মিত্ৰশক্তিয়ে গঢ়ি তোলা সামৰিক মিত্ৰজোঁটৰ পৰা নিজকে আঁতৰাই ৰাখিছিল;
  • সামৰিক মিত্ৰজোঁটত নৱ্য স্বাধীনতাপ্ৰাপ্ত তৃতীয় বিশ্বৰ দেশসমূহক অন্তৰ্ভুক্তিৰ বাবে চলোৱা প্ৰচেষ্টাৰ বিৰোধিতা কৰিছিল ।

আন্তৰ্জাতিক ৰাজনীতিত সৃষ্টি হোৱা উত্তেজনা ৰোধ কৰাৰ ক্ষেত্ৰতো ভাৰতে সক্ৰিয় ভূমিকা পালন কৰিছিল । এই ক্ষেত্ৰত দুই মহাশক্তিৰ মাজত সৃষ্টি হোৱা সংঘাটৰ পৰিণতিত যাতে যুদ্ধৰ সূচনা নহয় সেই ক্ষেত্ৰত ভাৰতে দুই মহাশক্তিৰ মাজত মধ্যস্হতাকাৰীৰ ভূমিকাও পালন কৰিছিল ।উদাহৰণস্বৰূপে ১৯৫০-৫৩ চনত সংঘটিত হোৱা কোৰিয়া যুদ্ধৰ সমাপ্তিৰ বাবে ভাৰতে সক্ৰিয়ভাৱে মধ্যস্হতাকাৰীৰ ভূমিকাত অৱতীৰ্ণ হৈছিল।

এইদৰে শীতল যুদ্ধৰ যুগত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে ভাৰতে ভূমিকা পালন কৰিছিল ।

চমুটোকাঃ শীতল যুদ্ধৰ যুগ

১। শীতল যুদ্ধৰ অৰ্থ ব্যাখ্যা কৰা ।
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছৰে পৰা ছোভিয়েট সংঘৰ পতনৰ সময়লৈকে এই প্ৰায়ে চাৰে চাৰিটা দশকক আন্তৰ্জাতিক ৰাজনীতিত শীতল যুদ্ধৰ যুগ বুলি জনা যায় । এই সময়ছোৱাত আন্তৰ্জাতিক ৰাজনীতি দুটা ভিন্ন আৰ্দশ সম্পন্ন শক্তি গোষ্ঠীত বিভক্ত হৈ পৰিছিল- পুঁজিবাদী মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু সমাজবাদী ছোভিয়েট সংঘ । দুই শিবিৰে আন্তৰ্জাতিক ৰাজনীতিত নিজৰ ,আধিপত্য প্ৰতিষ্ঠা আৰু বিস্তাৰৰ প্ৰতিযোগিতাত নামি পৰিছিল আৰু তাৰ বাবে দুই শক্তিয়ে সামৰিক মিত্ৰজোঁট গঢ়ি তুলিছিল । এনে আধিপত্যৰ বাবে দুয়োটা শিবিৰে ব্যাপক হাৰত অস্ত্ৰ-শস্ত্ৰও উৎপাদন কৰিছিল তথা মজুত ৰাখিছিল । এনে পৰিৱেশত সমগ্ৰ বিশ্ব প্ৰায় প্ৰতিটো মুহূৰ্ততে যুদ্ধৰ উত্তেজনাত বন্দী হৈ পৰিছিল আৰু এই সময়ছোৱাত বিভিন্ন প্ৰশ্নক কেন্দ্ৰ কৰি দুয়োটা শিবিৰৰ মাজত মতানৈক্য,সংঘাত আৰু উত্তেজনাই বিৰাজ কৰাৰ পৰিপ্ৰেক্ষিতত আৰু দুয়োটা শিবিৰৰ হাততে পাৰমাণৱিক অস্ত্ৰ মজুত থকাৰ বাবে গোটেই বিশ্বই এক যুদ্ধৰ আশংকাত ভুগিছিল । কিন্ত প্ৰকৃত অৰ্থত দুয়োটা শিবিৰৰ মাজত পোনপটীয়াকৈ যুদ্ধৰ সূত্ৰপাতো ঘটা নাছিল ।সেয়েহে এই যুগটোক বা সময়ছোৱাক শীতল যুদ্ধ নামেৰে জনা যায় য’ত প্ৰতক্ষ্য যুদ্ধৰ সূত্ৰপাত নহয় কেৱল বিশ্বত নিজ আধিপত্য প্ৰতিষ্ঠাৰ বাবে শক্তিৰ প্ৰদৰ্শনৰ প্ৰতিযোগিতাহে হয় ।

২। শীতল যুদ্ধৰ দুটা সংজ্ঞা দিয়া।
উত্তৰঃ শীতল যুদ্ধৰ দুটা সংজ্ঞা হ’ল-

  • জন.এফ.কেনেডিৰ মতে,”শীতল যুদ্ধ হ’ল দীৰ্ঘ আন্ধাৰৰ যুদ্ধ”।
  • কেমব্ৰিজ একাডেমিক অভিধানৰ মতে,”শীতল যুদ্ধ হৈছে ৰাষ্ট্ৰসমূহৰ মাজৰ বন্ধুত্বহীন চূড়ান্ত শত্ৰুতাৰ সম্পৰ্ক,ৰাজনৈতিক হেঁচা আৰু শংকাৰ দ্বাৰা বৰ্হিপ্ৰকাশ ঘটে যুদ্ধৰ দ্বাৰা নহয়”।

৩) মাৰ্ছাল আঁচনিৰ ওপৰত এটা টোকা লিখা।
উত্তৰ:- মাৰ্ছাল আঁচনি হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰই ১৯৪৭ চনৰ জুন মাহত গ্ৰহণ কৰা এখন আঁচনি ।যাৰ দ্বাৰা দ্বিতীয় বিশ্ব যুদ্বত প্ৰভাৱিত আৰু ধ্বংস হোৱা পশ্চিম ইউৰোপীয় দেশসমূহক সহায়ৰ হাত আগবঢ়োৱা । এই আঁচনিৰ নামাকৰণ আমেৰিকাৰ ৰাষ্ট্ৰসচিব জৰ্জ.চি.মাৰ্ছালৰ নামেৰে কৰা হৈছে । ইয়াক চাৰি বছৰৰ পৰিকল্পনাত গ্ৰহণ কৰা হৈছিল উক্ত দেশসমূহৰ ধ্বংসপ্ৰাপ্ত নগৰ-চহৰ, উদ্যোগ,আন্তঃগাঠনিৰ পুনৰ নিৰ্মাণ কৰা আৰু এই দেশসমূহত থকা সকলো বাণিজ্যিক প্ৰতিবন্ধকতা দূৰ কৰি চুবুৰীয়া ৰাষ্ট্ৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ সৈতে বাণিজ্যক সম্পৰ্ক গঢ়ি তোলা ।

৪। নিৰপেক্ষতা আৰু গোষ্ঠীনিৰপেক্ষতাৰ মাজৰ চাৰিটা পাৰ্থক্য লিখা ।
উত্তৰঃ নিৰপেক্ষতা আৰু গোষ্ঠীনিৰপেক্ষতাৰ মাজৰ চাৰিটা পাৰ্থক্য হ’ল-

  1. নিৰপেক্ষতা বুলিলে সাধাণতে সকলো পক্ষৰ পৰা সম্পূৰ্ণ দূৰত্ব বজাই ৰখাক বুজাই । কিন্ত গোষ্ঠীনিৰপেক্ষতা সম্পূৰ্ণ নিৰপেক্ষ হৈ দূৰত্ব বজাই ৰখাক নুবুজাই। প্ৰয়োজন আৰু পৰিস্থিতি সাপেক্ষে ই সকলো পক্ষৰ বা গোষ্ঠীৰ মাজত হস্তক্ষেপ কৰাকো বুজাই;
  2. নিৰপেক্ষতা বুলিলে প্ৰধানতঃ যুদ্ধৰ পৰা আঁতৰি থকা নীতিকে বুজায় ।গোষ্ঠীনিৰপেক্ষ দেশবোৰ যুদ্ধত জড়িত নহয়। কিন্ত বিভিন্ন কাৰণত গোষ্ঠীনিৰপেক্ষ দেশবোৰে যুদ্ধত চামিল হ’ব লগীয়া হৈছিল;
  3. নিৰপেক্ষ দেশসমূহৰ বাবে যুদ্ধৰ সমাপ্তিত সহায় কৰাটো অনিবাৰ্য নহয় । কিন্ত গোষ্ঠীনিৰপেক্ষ দেশসমূহে বেলেগ দেশৰ মাজত যুদ্ধৰ অন্ত পেলাবলৈ প্ৰচেষ্টা চলাইছিল ;
  4. গোষ্ঠীনিৰপেক্ষ দেশসমূহে বিশ্বৰ যুদ্ধ সদৃশ পৰিবেশৰ অন্ত পেলাই সমতা আৰু শান্তিৰ পৰিৱেশ প্ৰতিষ্ঠা কৰা লগতে নৱ্য উপনিৱেশিকতাৰ পৰা দুৰ্বল ৰাষ্ট্ৰসমূহক ৰক্ষা কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল। কিন্ত নিৰপেক্ষ দেশ সমূহে ইয়াত অংশ গ্ৰহণ নকৰি সম্পূৰ্ণ নিৰপেক্ষতা অৱলম্বন কৰিছিল ।

৫। শীতল যুদ্ধৰ চাৰিটা কাৰণ লিখা ।
উত্তৰ:- শীতল যুদ্ধৰ উৎপত্তিৰ কাৰণ সমূহ হ’ল-

  1. দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত বিভক্ত হৈ পৰা দুই মহাশক্তি গোষ্ঠী- পুঁজিবাদী আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সমাজবাদী ছোভিয়েট সংঘৰ মাজত গঢ়ি উঠা পাৰস্পৰিক বিপৰীত মতাদৰ্শ, সন্দেহ, সংশয় আৰু সংঘাত;
  2. দুই শক্তি পক্ষৰ মাজত বিশ্বত নিজৰ আধিপত্য স্হাপনৰ বাবে চলা প্ৰতিযোগিতা;
  3. দুই শক্তিৰ হাতত মজুত অস্ত্ৰ-শস্ত্ৰৰ বৃহৎ ভাণ্ডাৰ আৰু পাৰমাণৱিক শক্তিৰ মজুত;
  4. নিজা নিজা আৰ্দশ অৰ্থাৎ পুঁজিবাদী আৰু সমাজবাদী আদৰ্শ বিশ্বত বিয়পোৱা আৰু প্ৰতিষ্ঠাৰ চেষ্টা ।

৬। বাণ্ডুং বৈঠক কি? ইয়াৰ ফলাফলসমূহ কি?
উত্তৰ:- বাণ্ডুং বৈঠক বা সন্মিলন হ’ল ১৯৬১ চনত গোষ্ঠীনিৰোপেক্ষ আন্দোলনে

পূৰ্ণৰূপ লোৱাৰ পূৰ্বে ইয়াৰ সদস্য ৰাষ্ট্ৰ সমূহ একত্ৰিত হৈ ১৯৫৬ চনত ইন্দোনেছিয়াত অনুষ্ঠিত কৰা এক সন্মিলন । ই শীতল যুদ্ধ আৰু দুই মহা শক্তিৰ সৈতে চামিল নহৈ নিৰপেক্ষভাৱে সম দূৰত্ব বজাই ৰাখি স্বাধীনভাৱে থাকিব বিচৰা ৰাষ্ট্ৰসমূহক একত্ৰিত কৰি গোষ্ঠীনিৰপেক্ষ আন্দোলন গঢ়ি তোলাত ভূমিকা লৈছিল । তৃতীয় বিশ্বৰ সৰ্বমুঠ ২৯ খন দেশে অংশগ্ৰহণ কৰা এফ্ৰো-এছিয়ান সন্মিলন নামেৰে জনাজাত এই বাণ্ডুং সন্মিলনতে শীতল সুদ্ধৰ জৰিয়তে ছোভিয়েট সংঘ,মাৰ্কিন যুক্তৰাষ্ট্ৰই অথবা যিকোনো সাম্ৰাজ্যবাদী শক্তিৰ উদ্যোগত চলা উপনিৱেশবাদ আৰু নব্য-উপনিৱেশবাদৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত লোৱা হয় ।

ইয়াৰ ফলস্বৰূপে গোষ্ঠীনিৰপেক্ষ আন্দোলনে পূৰ্ণ ৰূপ পোৱাৰ পথ প্ৰসস্ত হয়।

৭। শীতল যুদ্ধত নেহেৰুৰ ভূমিকা আলোচনা কৰা ।
উত্তৰঃ শীতল যুদ্ধৰ সময়ত সদ্য স্বাধীনতা প্ৰাপ্ত দেশ তৃতীয় বিশ্বৰ বহু দেশে উপনিৱেশিকতাবাদৰ পৰা মুক্ত থাকি কোনো এটা শক্তি গোষ্ঠীতেই চামিল হ’ব বিচৰা নাছিল আৰু সেয়ে ১৯৬১ চনত বেলগ্ৰেডত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰতিষ্ঠা কৰিছিল । এই আন্দোলনৰ মুখ্য খনিকৰ সকলৰ ভিতৰত অন্যতম আছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু । “গোষ্ঠীনিৰপেক্ষতা” ধাৰণাটো প্ৰথম ব্যৱহাৰ তেওঁৱে কৰিছিল। গোষ্ঠীনিৰপেক্ষ আন্দোলন গঢ়ি উঠাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ । নেহেৰুৰ প্ৰতিনিধিত্বত চীন আৰু ভাৰতৰ মাজত দ্বি-পাক্ষিক সম্পৰ্কৰ পটভূমিত গঢ়ি তোলা পাঁচটা নীতি যাক “পঞ্চশীল নীতি” বুলি জনা যায় আৰু এই পাঁচটা নীতিয়েই গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ আধাৰ হৈ উঠে । এই নীতিকেইটা হ’ল-

  • দুখন দেশৰ ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক সন্মান;
  • পাৰস্পৰিক নি-আগ্ৰাসন;
  • আভ্যন্তৰীণ ঘটনাত পাৰস্পৰিক নি-হস্তক্ষেপ;
  • সমতা আৰু পাৰস্পৰিক সুযোগ-সুবিধা;
  • শান্তিপূৰ্ণ সহঅৱস্হান।

পঞ্চশীল নীতিৰ লগতে শীতল যুদ্ধৰ কালত নিৰস্ত্ৰীকৰণ আৰু শান্তিপূৰ্ণ সহঅৱস্হানৰ তেওঁ অন্যতম প্ৰৱক্তা আছিল । গোষ্ঠনিৰপেক্ষ আন্দোলন সম্পৰ্কে নেহেৰুৰ উক্তিৰ পৰা তিনিটা কথা স্পষ্ট হয় যিকেইটাই আন্তৰ্জাতিক পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰি ইয়াৰ স্থিতি স্পষ্ট কৰিছিল-

  1. ফেচিবাদ,উপনিৱেশবাদ আৰু বৰ্ণবাদৰ দৰে দু:শক্তিৰ বিৰুদ্ধে ভাৰতে দৃঢ় অৱস্থান গ্ৰহণ কৰিছিল;
  2. দুই মিত্ৰশক্তিয়ে গঢ়ি তোলা সামৰিক মিত্ৰজোঁটৰ পৰা নিজকে আঁতৰাই ৰাখিছিল;
  3. সামৰিক মিত্ৰজোঁটৰ নৱ্য স্বাধীনতাপ্ৰাপ্ত তৃতীয় বিশ্বৰ দেশসমূহক অন্তৰ্ভুক্তিৰ বাবে চলোৱা প্ৰচেষ্টাৰ বিৰোধিতা কৰিছিল।

নেহেৰুৰ নেতৃত্বত গোষ্ঠীনিৰপেক্ষ আন্দোলনত অংশগ্ৰহণ কৰা ভাৰতে শীতল যুদ্ধৰ দুই মহা শক্তিৰ পৰা সম দূৰত্ব আৰু সম বন্ধুত্ব বজাই ৰাখিছিল আৰু আন্তৰ্জাতিক ৰাজনীতিত সৃষ্টি হোৱা উত্তেজনা ৰোধ কৰাৰ ক্ষেত্ৰতো ভূমিকা পালন কৰিছিল ।এই ক্ষেত্ৰত দুই মহাশক্তিৰ মাজত সৃষ্টি হোৱা সংঘাটৰ পৰিণতিত যাতে যুদ্ধৰ সূচনা নহয় সেই ক্ষেত্ৰত ভাৰতে সক্ৰিয়ভাৱে মধ্যস্হতাকাৰীৰৰ ভূমিকাত অৱতীৰ্ণ হৈছিল ।

এনেদৰে নেহেৰুৱে ভাৰতক নেতৃত্ব কৰি শীতল যুদ্ধৰ কালছোৱাত ভূমিকা পালন কৰিছিল।

৮। চাৰিটা বাস্তৱিকতা উল্লেখ কৰা যিয়ে শীতল যুদ্ধৰ পিছত বিশ্ব ৰাজনীতিত পৰিৱৰ্তন আনিছিল ।
উত্তৰ:- শীতল যুদ্ধৰ পিছত বিশ্ব ৰাজনীতিত পৰিৱৰ্তন অনা চাৰিটা বাস্তৱিকতা হ’ল-

  1. অৰ্থনৈতিক সংস্কাৰ,
  2. সমাজবাদী আৰ্দশ আৰু ছোভিয়েট সংঘৰ পতন,
  3. গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ অৱস্থান আৰু
  4. নৱ্য-উপনিৱেশিকতাবাদ।

৯। তিনিটা কাৰণ দৰ্শোৱা- কিয় গোষ্ঠীনিৰপেক্ষ দেশসমূহ কম উন্নত?
উত্তৰঃ গোষ্ঠীনিৰপেক্ষ দেশবোৰ কম উন্নত কাৰণ-

  • গোষ্ঠীনিৰপেক্ষ প্ৰায়বোৰ দেশ আছিল তৃতীয় বিশ্বৰ দেশ যিবোৰ অনুন্নত আৰু আৰু আৰ্থিকভাৱে দুৰ্বল। শতিকাযুৰি এই দেশ বোৰৰ ওপৰত চলি অহা উপনিৱেশিক শাসন আৰু শোষণে এই সমূহক অৰ্থনৈতিক দিশকে আদি কৰি সকলো দিশতে কোঙা কৰি তুলিছিল । সেয়ে এই দেশবোৰ অনুন্নত;
  • এই দেশসমূহত জনসংখ্যা অধিক যেনে ভাৰত আৰু দৰিদ্ৰতাৰ হাৰো অধিক লগতে নৱ্য-উপনিৱেশিকতাবাদৰ প্ৰভাৱ;
  • তদুপৰি নব্য স্বাধীনতাপ্ৰাপ্ত দুৰ্বল এই দেশসমূহত বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ উন্নত ব্যৱস্হাৰ অভাৱ ।

এনে বহু কাৰণৰ বাবে গোষ্ঠীনিৰপেক্ষ দেশবোৰ কম উন্নত ।

১০। গোষ্ঠীনিৰপেক্ষ ৰাষ্ট্ৰবিলাক বিভিন্ন জাতীয় হোৱাৰ ওপৰত চমুকৈ লিখা ।
উত্তৰঃ গোষ্ঠীনিৰপেক্ষ ৰাষ্ট্ৰসমূহ সামাজিক,অৰ্থনৈতিক,ৰাজনৈতিক, আদৰ্শগত আদি সকলো ফালৰ পৰাই বিভিন্ন জাতী যিহেতু বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন দেশ ইয়াৰ সদস্য । যেনে ইন্দোনেছিয়া , ভাৰত,যুগোশ্ল’ভিয়া,ইজিপ্ত আদি। শীতল যুদ্ধত আৰু কোনো এটা শক্তিগোষ্ঠীত অংশগ্ৰহণ নকৰি নিৰপেক্ষ হিচাপে থাকিব বিচৰা ৰাষ্ট্ৰ লগতে উপনিৱেশিকতাৰ পৰা মুক্ত হৈ নতুনকৈ স্বাধীনতা পোৱা বহুবোৰ দেশ একত্ৰিত হৈ এই আন্দোলনৰ জন্ম দিছিল। এই প্ৰতিখন সদস্য ৰাষ্ট্ৰই সামাজিক,আৰ্থিক,ৰাজনৈতিক,আদৰ্শগত দিশৰ পৰা ভিন্ন । কোনো দেশ সম্পৰ্ণ অনুন্নত আৰু কোনো দেশ উন্নয়নশীল ।তাৰোপৰি সামাজিক দিশতো সকলো দেশ পৃথক ব্যৱস্থাপন্ন আৰু আদৰ্শসম্পন্ন ।ধৰ্মীয় দিশতো সকলো দেশে পৃথক ধৰ্মীয় । যেনে ভাৰতত অধিকাংশ হিন্দু ধৰ্মীয় লোক আছে আৰু ইন্দোনেছিয়াত মুছলমান ধৰ্মীয় লোক ।সংস্কৃতিৰ ক্ষেত্ৰতো সকলোৰে সংস্কৃতি আৰু পৰম্পৰা পৃথক ।

কিন্ত সকলো দেশ পৰস্পৰ পৃথক হলেও সকলোৰে উদ্দেশ্য একে আছিল শীতল যুদ্ধ আৰু দুই শক্তিৰ পৰা নিৰপেক্ষতা অৱলম্বন কৰি দূৰত্ব বজাই ৰখা ।

১১। আন্তৰ্জাতিক অৰ্থনৈতিক অৰ্ডাৰৰ চাৰিটা মূলনীতি ব্যাখ্যা কৰা ।
উত্তৰঃ আন্তৰ্জাতিক অৰ্থনৈতিক অৰ্ডাৰৰ চাৰিটা মূলনীতি ব্যাখ্যা কৰা-

  • আন্তৰ্জাতিক অৰ্থনীতিত প্ৰতিষ্ঠিত অৰ্থব্যৱস্হাৰ গুণগত পৰিৱৰ্তন সাধন কৰা;
  • আন্তৰ্জাতিক অৰ্থনীতিত চলি থকা অসমতা আৰু অন্যায় দূৰীকৰণৰ লগতে উন্নত আৰু উন্নয়নশীল দেশসমূহৰ মাজত বৃদ্ধি পোৱা ব্যৱধান দূৰ কৰা;
  • ভৱিষ্যৎ প্ৰজন্মৰ বাবে শান্তি আৰু ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত এক আন্তৰ্জাতিক অৰ্থব্যৱস্হা গঢ়ি তোলা ;
  • আন্তৰ্জাতিক বিত্তীয় প্ৰতিষ্ঠানসমূহত কমকৈ উন্নত দেশসমূহক গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰা আদি।

১২। শীতল যুদ্ধকালীন সময়ছোৱাত গোষ্ঠীনিৰপেক্ষ আন্দোলন (NAM) ৰ ভূমিকা আলোচনা কৰা।
উত্তৰঃ শীতল যুদ্ধকালীন সময়ছোৱাত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ ভূমিকা গুৰুত্বপূৰ্ণ।১৯৬১ চনত বেলগ্ৰেডত এই আন্দোলনৰ প্ৰতিষ্ঠা হয়। শীতল যুদ্ধ আৰু দুই মহাশক্তিৰ পৰা আঁতৰত থাকি নিৰপেক্ষতা অৱলম্বন কৰিব বিচৰা ৰাষ্ট্ৰসমূহ একত্ৰিত হৈ এই আন্দোলনৰ জন্ম দিছিল ।কিন্ত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ অৰ্থ আন্তৰ্জাতিক ৰাজনীতিত এক সুবিধাজনক নিৰপেক্ষ অৱস্থান কৰা নহয়। অৰ্থাৎ আন্তৰ্জাতিক ৰাজনীতিত সংঘটিত কোনো ঘটনাৰ ক্ষেত্ৰত এই দেশসমূহে কোনো অৱস্থান নকৰিব গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ তেনে কোনো লক্ষ্য নাছিল। এই আন্দোলনৰ মূল লক্ষ্য আছিল মহাশক্তিৰ কৱলৰ পৰা নিজকে মুক্ত ৰাখি স্বাধীনভাৱে দেশীয় আৰু বৈদেশিক নীতি তথা স্বাৰ্থ নিৰ্ণয় কৰা। গোষ্ঠীনিৰপেক্ষ আন্দোলনে কোনো এক নিৰ্দিষ্ট মতাদৰ্শক প্ৰতিনিধিত্ব কৰা নাছিল আৰু কোনো পৰিস্থিতিতে কোনো সামৰিক মিত্ৰজোঁটৰ অংশীদাৰ হ’ব বিচৰা নাছিল ।এই দুই মহাশক্তিৰ মাজত এক স্বতন্ত্ৰ অৱস্হান গ্ৰহণ কৰি শীতল যুদ্ধৰ উন্মাদনা হ্ৰাস কৰাত এই আন্দোলনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।তাৰোপৰি গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ বহু সদস্য ৰাষ্ট্ৰ যেনে ভাৰতে দুই মহাশক্তিৰ মাজত সৃষ্টি হোৱা সংঘাটৰ পৰিণতিত যাতে যুদ্ধৰ সূচনা নহয় সেই ক্ষেত্ৰত দুই মহাশক্তিৰ মাজত মধ্যস্হতাকাৰীৰ ভূমিকাও পালন কৰিছিল। শীতল যুদ্ধৰ কালছোৱাত গোষ্ঠীনিৰপেক্ষ আন্দোলনে সুবিধাজনক নিৰপেক্ষতাৰ নীতি অৱলম্বন কৰাৰ পৰিৱৰ্তে সক্ৰিয়তাৰে শান্তিপূৰ্ণ আৰু নিৰাপদ বিশ্ব ৰাজনীতি গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

এনেদৰে শীতল যুদ্ধকালীন সময়ছোৱাতে গোষ্ঠীনিৰপেক্ষ আন্দোলনে এনেদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

১৩। নতুন আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলাৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰঃ মুখ্যতঃ বিশ্বশান্তি আৰু নিৰাপত্তাৰ হকে মাত মাতি অহা গোষ্ঠীনিৰপেক্ষ আন্দোলনে ১৯৭০ৰ দশকত ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ শোচনীয় অৰ্থনৈতিক অৱস্হা আৰু আন্তৰ্জাতিক অৰ্থনীতিত চলি থকা বৈষম্যৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিবলৈ আৰম্ভ কৰে । অৰ্থনৈতিক স্বাধীনতা অবিহনে যে ৰাজনৈতিক স্বাধীনতা বৰ্তাই ৰখা সম্ভৱপৰ নহ’ব আৰু সদ্য স্বাধীনতাপ্ৰাপ্ত তৃতীয় বিশ্বৰ বহুবোৰ দেশ নৱ্য-উপনিৱেশিকতাবাদৰ বলি হ’ব সেই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি গোষ্ঠীনিৰপেক্ষ আন্দোলনে প্ৰতিষ্ঠিত আন্তৰ্জাতিক অৰ্থব্যৱস্থাৰ গুণগত পৰিৱৰ্তন সাধন কৰি এক নৱ্য-আন্তৰ্জাতিক অৰ্থব্যৱস্হা গঢ়ি তোলাৰ দাবী তোলে।এই আন্দোলনৰ সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘৰ মজিয়াত দিয়া হেঁচাৰ পৰিপ্ৰেক্ষিতত ১৯৭৪ চনৰ মে’ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ এখন বিশেষ অধিৱেশন অনুষ্ঠিত হয়। এই অধিৱেশনতে এক নৱ্য-আন্তৰ্জাতিক অৰ্থব্যৱস্হা গঢ়ি তোলাৰ হকে এক ঘোষণা আৰু কাৰ্য ৰূপায়ণৰ আঁচনি গ্ৰহণ কৰা হয় ।নৱ্য আন্তৰ্জাতিক অৰ্থনৈতিক ব্যৱস্হাৰ এই ঘোষণাই আন্তৰ্জাতিক অৰ্থনীতিত চলি থকা অসমতা আৰু অন্যায় দূৰীকৰণৰ লগতে উন্নত আৰু উন্নয়নশীল দেশসমূহৰ মাজত বৃদ্ধি পোৱা ব্যৱধান দূৰ কৰাৰ লক্ষ্য লয়। তদুপৰি ইয়াৰ মূল লক্ষ্য আছিল ভৱিষ্যৎ প্ৰজন্মৰ বাবে শান্তি আৰু ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত এক আন্তৰ্জাতিক অৰ্থব্যৱস্হা গঢ়ি তোলা। গতিকে এই ব্যৱস্হাৰ মূল লক্ষ্য আছিল সকলো ৰাষ্ট্ৰৰ বাবে বৈষম্যহীন আৰু সমতাৰ এটা আন্তৰ্জাতিক অৰ্থব্যৱস্হা গঢ়ি তোলা।

কিন্ত ১৯৮০ ৰ দশকৰ শেষৰ পৰা ছোভিয়েট সংঘৰ পতন আৰু বিশ্বায়ন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছত গোষ্ঠীনিৰপেক্ষ আন্দোলনক নেতৃত্ব দিয়া দেশে প্ৰতিষ্ঠিত আন্তৰ্জাতিক অৰ্থনীতিৰ অংশীদাৰ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত নৱ্য-আন্তৰ্জাতিক অৰ্থব্যৱস্হাৰ হকে গঢ়ি তোলা দাবী ক্ৰমে অ-প্ৰাসংগিক হৈ পৰে।

অতি চমু উত্তৰৰ প্ৰশ্নঃ Important for HS Final 2024

১) শীতল যুদ্ধ কি? নাইবা, শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ:- ১৯৪৫ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰই নিজৰ সামৰিক ক্ষমতাৰ বাহুল্য প্ৰদৰ্শনৰ বাবে জাপানৰ হিৰোছিমা আৰু নাগাছাকিত আণৱিক বোমা নিক্ষেপ কৰাৰ ঘটনাক্ৰমৰ পৰাই শীতল যুদ্ধৰ আৰম্ভ হয়।

২) শীতল যুদ্ধৰ দুখন ক্ষেত্ৰ উল্লেখ কৰা।
উত্তৰঃ শীতল যুদ্ধৰ দুখন ক্ষেত্ৰ হ’ল-জাৰ্মানীৰ বাৰ্লিন আৰু কোৰিয়া।

৩) ক্ষুদ্ৰ ৰাষ্ট্ৰবোৰে শীতল যুদ্ধৰ লগত চুক্তিবদ্ধৰ দুটা কাৰণ লিখা।
উত্তৰঃ ক্ষুদ্ৰ ৰাষ্ট্ৰবোৰে শীতল যুদ্ধৰ লগত চুক্তিবদ্ধ হোৱাৰ দুটা কাৰণ হ’লঃ-

  • শীতল যুদ্ধৰ দুই মহাশক্তিৰ মাজত চলা প্ৰতিযোগিতাই সৰু সৰু দেশসমূহৰ অস্তিত্বক যাতে বিলোপ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে বহু দেশে শীতল যুদ্ধত দুই মহাশক্তিয়ে নেতৃত্ব দিয়া দুটা শিবিৰৰ কোনো এটাত অংশগ্ৰহণ কৰে;
  • দুই বিশ্বযুদ্ধই পৃথিৱীৰ বহু দেশৰ অৰ্থনীতি তথা সামৰিক শক্তি ভাঙি পেলাইছিল । সেয়েহে অৰ্থনীতি আৰু সামৰিক ব্যৱস্হাৰ পুনৰ গঠনৰ বাবেও এনে বহু দেশে শীতল যুদ্ধৰ দুই মহাশক্তিৰ কোনো এটাৰ পৰা পৃষ্ঠপোষকতা গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল।

৪) দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰ শক্তি আৰু অক্ষীয় শক্তি বুলিলে কি বুজা?
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল দুই শিবিৰ মিত্ৰশক্তি আৰু অক্ষীয় শক্তিৰ মাজত। এই দুই শিবিৰ গঢ়ি তুলিছিল পৃথক মতাদৰ্শৰ ৰাষ্ট্ৰসমূহ একত্ৰিত হৈ। মিত্ৰশক্তিত আছিল মাৰ্কিন যুক্তৰাষ্ট্ৰ, ছোভিয়েট সংঘ, ব্ৰিটেইন,ফ্ৰান্সকে ধৰি বহুবোৰ দেশ আৰু অক্ষীয় শক্তিত আছিল জাৰ্মানী,ইটালী আৰু জাপান।

৫) NATO ৰ দুখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰঃ NATO ৰ দুখন সদস্য ৰাষ্ট্ৰৰ নাম হ’ল বেলজিয়াম আৰু কানাডা।

৬) CENTO মানে কি বুজা?
উত্তৰঃ দ্বিতীয় বিশ্বৰ যুদ্ধৰ পিছত সমগ্ৰ বিশ্বৰ ৰাষ্ট্ৰবোৰ দুটা শক্তি শিবিৰত বিভক্ত হৈ পৰিছিল-পুঁজিবাদী আমেৰিকা আৰু সমাজবাদী ছোভিয়েট ৰাছিয়া আৰু দুই শক্তিগোষ্ঠীয়ে বিশ্বত নিজৰ আধিপত্য স্হাপনৰ বাবে সৰু বৰ ৰাষ্ট্ৰসমূহ একত্ৰিত কৰি মিত্ৰজোঁটৰ সৃষ্টি কৰিছিল । পুঁজিবাদী শিবিৰে কেন্দ্ৰীয় চুক্তি সংগঠন বা CENTO বাগদাদ চুক্তিৰ জৰিয়তে ১৯৫৫ চনত । এই চুক্তিৰ অংশীদাৰী ৰাষ্ট্ৰসমূহ হ’ল ক্ৰমে ইৰাণ,ইৰাক,পাকিস্তান,তুৰ্কী আৰু ব্ৰিটেইন

৭) WARSAW চুক্তি অতি চমুকৈ লিখা।
উত্তৰঃ- দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সমগ্ৰ বিশ্বত বিভক্ত হৈ পৰা দুই শক্তিগোষ্ঠীয়ে বিশ্বত নিজা আধিপত্য প্ৰতিষ্ঠাৰ প্ৰতিযোগিতাত নামি পৰিছিল আৰু তাৰ বাবে সৰু বৰ ৰাষ্ট্ৰসমূহক একত্ৰিত কৰি মিত্ৰজোঁট গঠন কৰিছিল। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেতৃত্বত পুঁজিবাদী শিবিৰে গঢ়ি তোলা উত্তৰ-আটলান্টিক চুক্তি সংগঠনৰ বিপৰীতে ছোভিয়েট সংঘই সমাজবাদী শিবিৰৰ অন্তৰ্ভুক্ত আঠখন দেশৰ সামূহিক নিৰাপত্তাৰ বাবে ৱাৰ্শ্ব’ বা WARSAW চুক্তি গঢ়ি তোলে পোলেণ্ডৰ ৱাৰ্শ্ব’ চহৰত ১৯৫৫ চনৰ ১৪মে’ তাৰিখে । এই সংগঠনৰ সদস্য ৰাষ্ট্ৰসমূহ আছিল আলবেনিয়া গণৰাজ্য, বুলগেৰিয়া গণৰাজ্য, চেকোশ্ল’ভাকিয়া গণৰাজ্য, জাৰ্মান গণতান্ত্ৰিক গণৰাজ্য, হাঙ্গেৰী গণৰাজ্য, পোলেণ্ড গণৰাজ্য, ৰুমানিয়া গণৰাজ্য আৰু ছোভিয়েট সংঘ। উত্তৰ আটলান্টিক চুক্তি সংগঠনৰ পৰা আহিব পৰা প্ৰত্যাহ্বান ৰোধ কৰাটোৱেই আছিল এই সংগঠনৰ মুখ্য উদ্দেশ্য ।

৮) গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ ওপৰত চমুকৈ লিখা ।
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত শীতল যুদ্ধৰ সময়ছোৱাত সমগ্ৰ বিশ্ব দুটা মহাশক্তি গোষ্ঠীত বিভক্ত হৈ পৰিছিল-পুঁজিবাদী আমেৰিকা আৰু সমাজবাদী ছোভিয়েট সংঘ । কিন্ত এই সময়ছোৱাত আন্তৰ্জাতিক ৰাজনীতিক দুটা মেৰুত বিভক্ত কৰাৰ প্ৰচেষ্টাৰ বিৰুদ্ধে তৃতীয় বিশ্বৰ সদ্য স্বাধীনতাপ্ৰাপ্ত দেশসমূহ একত্ৰিত হৈ এক প্ৰত্যাহ্বান বা প্ৰতিৰোধ গঢ়ি তুলিছিল ।এনে প্ৰতিৰোধ নিৰ্মাণৰ বাবে এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ দেশসমূহে গঢ়ি তোলা মঞ্চক গোষ্ঠীনিৰপেক্ষ আন্দোলন নামেৰে জনা যায় । ১৯৬১চনত বেলগ্ৰেডত এই আন্দোলনৰ প্ৰতিষ্ঠা হয় ।এই আন্দোলনৰ লক্ষ্য আছিল দুই মহাশক্তিৰ দ্বাৰা গঢ়ি তোলা সামৰিক মিত্ৰজোঁটৰ পৰা আঁতৰত থাকি দেশীয় তথা বৈদেশিক ক্ষেত্ৰত স্বতন্ত্ৰ নীতি অনুসৰণ কৰা। উপনিৱেশিক শাসনৰ পৰিধিৰ পৰা মুক্ত হোৱা প্ৰায়বোৰ দেশেই উপলব্ধি কৰিছিল যে শীতল যুদ্ধই গঢ়ি তোলা দুই মহাশক্তিৰ নেতৃত্বাধীন সামৰিক জোঁটসমূহৰ পৰা তেওঁলোক কোনো ধৰণে লাভাবান্বিত নহ’ব আৰু উপলব্ধি কৰিছিল যে শতিকাজুৰি চলা উপনিৱেশিক শাসনে ভাঙি পেলোৱা অৰ্থনীতি আৰু বিকাশৰ ভেঁটি নিৰ্মাণৰ বাবে তেওঁলোকক যুদ্ধৰ বিপৰীতে শান্তিহে লাগে ।এনে বাস্তৱ লক্ষ্য আগত ৰাখিয়েই ভাৰত তথা তৃতীয় বিশ্বৰ অন্য কেইবাখনো দেশৰ নেতৃত্বই গোষ্ঠীনিৰপেক্ষ আন্দোলন গঢ়ি তোলে। কিন্ত আন্তৰ্জাতিক ৰাজনীতিত এক সুবিধাজনক নিৰপেক্ষ অৱস্থান গ্ৰহণ কৰাতো ইয়াৰ উদ্দেশ্য নাছিল । ইয়াৰ বহু সদস্য ৰাষ্ট্ৰই বিশ্বৰ যুদ্ধৰ পৰিৱেশৰ অন্ত পেলাই শান্তি আৰু সমতা প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল ।প্ৰয়োজন সাপেক্ষে ভাৰতৰ দৰে ৰাষ্ট্ৰই আনকি দুই শক্তিগোষ্ঠীৰ মাজত সৃষ্টি হোৱা সংঘাটৰ পৰিণতিত যাতে যুদ্ধৰ সূচনা নহয় সেই ক্ষেত্ৰত দুই মহাশক্তিৰ মাজত মধ্যস্হতাকাৰীৰ ভূমিকাও পালন কৰিছিল ।

৯) শীতল যুদ্ধৰ সময়ত ছোভিয়েট গোষ্ঠীৰ লগত যোগদান কৰা দুখন ৰাষ্ট্ৰৰ নাম লিখা
উত্তৰঃ শীতল যুদ্ধৰ সময়ত ছোভিয়েট গোষ্ঠীৰ লগত যোগদান কৰা দুখন ৰাষ্ট্ৰৰ নাম হ’ল-ইউক্ৰেইন আৰু আৰ্মেনিয়া ।

১০) NIEO-ৰ অৰ্থ বুজাই লিখা ।
উত্তৰ:- NIEO ৰ অৰ্থ হ’ল- New International Economic Order অৰ্থাৎ নৱ্য-আন্তৰ্জাতিক অৰ্থব্যৱস্থা যাক গোষ্ঠীনিৰপেক্ষ আন্দোলনে ৰাষ্ট্ৰ সংঘৰ নেতৃত্বত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্বত প্ৰতিষ্ঠিত অসমতা আৰু বৈষম্যমূলক অৰ্থনৈতিক ব্যৱস্থাৰ অন্ত পেলাই বৈষম্যহীন আৰু সমতাৰ ওপৰত প্ৰতিষ্ঠিত এক নতুন অৰ্থব্যৱস্হাৰ প্ৰৱৰ্তন কৰা।

১১) একপক্ষীয় বিশ্বত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা কি?
উত্তৰঃ একপক্ষীয় বিশ্বত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা আছে ।এই আন্দোলনে বিশ্বত কোনো এক শক্তিৰ বা ৰাষ্ট্ৰৰ একচিতীয়া শাসন আৰু আধিপত্যত বাধা দিয়ে আৰু বিশ্বত বিৰাজমান বৈষম্য,অসমতা,অন্যায় আদিৰ বিৰুদ্ধে মাত মাতে। তদুপৰি উন্নত অনুন্নত সকলো দেশৰ সমান গুৰুত্ব আৰু সমান অধিকাৰৰ হকে থিয় দিয়ে ।সেয়ে একপক্ষীয় বিশ্বত গোষ্ঠনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিতা আছে ।

১২) দ্বি-খণ্ডিত বিশ্বৰ সমাপ্তিৰ পিছত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা কি?

উত্তৰঃ দ্বি-খণ্ডিত বিশ্বৰ সমাপ্তিৰ পিছতো গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা আছে । সেইবোৰ হ’ল-

  • বিশ্বত এতিয়াও এক মহাশক্তি বৰ্তি আছে। এই মহাশক্তিৰ দ্বাৰা যাতে তৃতীয় বিশ্বৰ দেশসমূহৰ স্বাধীন অস্তিত্ব বিপদাপন্ন নহয় তাক নিশ্চিত কৰিবৰ বাবে এক সামূহিক প্ৰতিৰোধ শক্তিৰ প্ৰয়োজন আছে আৰু গোষ্ঠীনিৰপেক্ষ আন্দোলনে সেই শক্তিৰ কাম কৰিব পাৰে;
  • শীতল যুদ্ধৰ উত্তৰকালত গঢ়ি উঠা আন্তৰ্জাতিক ব্যৱস্থা গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত নহয় যেনে আন্তৰ্জাতিক মুদ্ৰানিধি বা বিশ্ব বেংক। এনে অ-গণতান্ত্ৰিকতাৰ বিৰুদ্ধে যুঁজ দিবলৈ তৃতীয় বিশ্বৰ দেশসমূহক এক সামূহিক মঞ্চ লাগে আৰু গোষ্ঠীনিৰপেক্ষতা আন্দোলনে এই মঞ্চ প্ৰদান কৰি আহিছে;
  • শীতল যুদ্ধৰ সমাপ্তিয়ে তৃতীয় বিশ্বৰ দেশসমূহৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰি দিয়া নাই । দাৰিদ্ৰতা, বৈষম্যমূলক বিশ্ব বাণিজ্য নীতি ইত্যাদিৰ দ্বাৰা তৃতীয় বিশ্বৰ দেশসমূহ পীড়িত হৈ আহিছে । এনে সমস্যা সমাধানৰ বাবেও তৃতীয় বিশ্বৰ দেশসমূহৰ মাজত সহযোগিতাৰ যথেষ্ট প্ৰাসংগিকতা আছে । এনে প্ৰাসংগিকতাই গোষ্ঠীনিৰপেক্ষ আন্দোলনকো প্ৰাসংগিক কৰি ৰাখিছে । এইদৰে দ্বি-খণ্ডিত বিশ্বৰ সমাপ্তিৰ পিছতো গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা আছে।

১৩) শীতল যুদ্ধত মুখামুখি হোৱা দুটা শক্তিশালী গোষ্ঠীৰ নাম লিখা।
উত্তৰঃ শীতল যুদ্ধত মুখামুখি হোৱা দুটা শক্তিশালী গোষ্ঠীৰ নাম হ’ল- আমেৰিকা আৰু ছোভিয়েট ৰাছিয়া।

১৪) ‘দ্বিতীয় বিশ্ব’ মানে কি বুজা?
উত্তৰ:-‘দ্বিতীয় বিশ্ব’ বুলিলে সমাজবাদী শিবিৰৰ অন্তৰ্গত ছোভিয়েট সংঘ আৰু অনান্য পূব ইউৰোপৰ দেশসমূহক বুজাই ।

১৫) শীতল যুদ্ধৰ সময়ত অতি শক্তিশালী ৰাষ্ট্ৰবিলাকে সৰু সৰু জাতিবিলাকক নিজৰ নিয়ন্ত্ৰণত ৰখাৰ কাৰণে কিয় যত্ন কৰিছিল ?
উত্তৰঃ- শীতল যুদ্ধৰ সময়ত অতি শক্তিশালী ৰাষ্ট্ৰবিলাকে সৰু সৰু জাতিবিলাকক নিজৰ নিজৰ আধিপত্য প্ৰতিষ্ঠাৰ উদ্দেশ্যে নিজৰ নিয়ন্ত্ৰণত ৰখাৰ কাৰণে যত্ন কৰিছিল । কাৰণ ক্ষুদ্ৰ তথা আৰ্থিক আৰু সামৰিকভাৱে দুৰ্বল দেশসমূহৰ পৰা শক্তিশালী ৰাষ্ট্ৰসমূহে কেতবোৰ বিশেষ সুবিধা লাভ কৰিছিল-

  • সেই দেশসমূহৰ ভিন্ন প্ৰাকৃতিক সম্পদ, যেনে-তেল, তীখা, খনিজ সম্পদৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰা;
  • সামৰিক অভিযান চলাবৰ বাবে সেই দেশসমূহৰ ভূ-খণ্ড ব্যৱহাৰ কৰা;
  • সেই দেশসমূহক চোৰাংচোৱাৰ ঘাটি হিচাপে ব্যৱহাৰ কৰা;
  • বৰ্ধিত সামৰিক ব্যয় বহন কৰিবৰ বাবে এই দেশসমূহৰ পৰা আৰ্থিক সাহায্য আহৰণ কৰা আদি ।

১৬) মাৰ্ছাল আঁচনিয়ে কি বুজায় লিখা।
উত্তৰঃ মাৰ্ছাল আঁচনি হ’ল ১৯৪৭ চনৰ জুন মাহত আমেৰিকা যুক্তৰাষ্ট্ৰই গ্ৰহণ কৰা আঁচনি । এই আঁচনিৰ সহায়ত মাৰ্কিন যুক্তই দ্বিতীয় বিশ্বযুদ্ধত ধ্বংস হোৱা পশ্চিম ইউৰোপৰ দেশসমূহক সহায়ৰ হাত আগৱঢ়াবলৈ পদক্ষেপ লৈছিল। এই আঁচনিৰ নামাকৰণ আমেৰিকাৰ ৰাষ্ট্ৰ সচিব জৰ্জ.চি. মাৰ্ছালৰ নামেৰে কৰা হৈছে।ইয়াক চাৰি বছৰীয়া পৰিকল্পনাৰ আৰ্হিত প্ৰস্তত কৰি গ্ৰহণ কৰা হৈছিল উক্ত দেশসমূহৰ সম্পূৰ্ণ ধ্বংসপ্ৰাপ্ত নগৰ-চহৰ, উদ্যোগ, আন্তঃগাঁঠনি আদিৰ পুনৰ নিৰ্মাণ কৰিবলৈ লগতে এই দেশসমূহৰ সকলো বাণিজ্যিক প্ৰতিবন্ধকতা সমূহ দূৰ কৰি চুবুৰীয়া ইউৰোপীয় দেশ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত বাণিজ্যিক সম্পৰ্ক গঢ়ি তুলিবলৈ।

১৭) SAARC (ছাৰ্ক)ৰ-সম্পূৰ্ণ অৰ্থ লিখা ।
উত্তৰঃ SAARC ৰ সম্পূৰ্ণ অৰ্থ হ’ল- The South Asian Association for Regional Cooperation ।

১৮) শীতল যুদ্ধৰ যুগত দুই বৃহৎ শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত স্বাক্ষৰিত হোৱা দুখন অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিৰ নাম লিখা ।
উত্তৰঃ শীতল যুদ্ধৰ যুগত দুই বৃহৎ শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত স্বাক্ষৰিত হোৱা দুখন অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিৰ নাম হ’ল- (ক)কৌশলগত অস্ত্ৰ সীমিতকৰণ চুক্তি-১ (১৯৬৩) আৰু (খ) কৌশলগত অস্ত্ৰ হ্ৰাসকৰণ চুক্তি-১(১৯৯১)।

বস্তুনিষ্ঠ প্ৰশ্নৰ উত্তৰ লিখাঃ

১। AXIS Powers (অক্ষীয় শক্তি) ৰ এখন ৰাষ্ট্ৰৰ নাম লিখা ।
উত্তৰঃ AXIS Powers ৰ এখন ৰাষ্ট্ৰৰ নাম হ’ল জাপান ।

২। Allied (মিত্ৰ) শক্তিৰ এখন প্ৰধান ৰাষ্ট্ৰৰ নাম লিখা ।
উত্তৰঃ Allied শক্তিৰ এখন প্ৰধান ৰাষ্ট্ৰৰ নাম হ’ল মাৰ্কিন যুক্তৰাষ্ট্ৰ ।

৩। শীতল যুদ্ধক কোনে “ Long twilight struggle” যুদ্ধ বুলি কৈছিল?
উত্তৰঃ শীতল যুদ্ধক “Long twilight struggle” যুদ্ধ বুলি আমেৰিকাৰ ৩৫তম্ ৰাষ্ট্ৰপতি জন.এফ.কেনেডিয়ে কৈছিল ।

৪। কোন চনত দক্ষিণ-পূব এছিয়াৰ চুক্তি সংগঠনৰ প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ ১৯৫৫ চনত দক্ষিণ-পূব এছিয়াৰ চুক্তি সংগঠনৰ প্ৰতিষ্ঠা হৈছিল।

৫। কোন চনত কেন্দ্ৰীয় চুক্তি সংগঠন প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ ১৯৫৫ চনত কেন্দ্ৰীয় চুক্তি সংগঠন প্ৰতিষ্ঠা হৈছিল ।

৬। ভাৰতে কিয় নাটোত (NATO) যোগদান কৰা নাছিল?
উত্তৰঃ NATO ৰ অৰ্থই হ’ল উত্তৰ আটলান্টিক চুক্তি সংগঠন আৰু ভাৰত উক্ত ভূখণ্ডৰ অৰ্ন্তভুক্ত নহয় তদুপৰি ভাৰতে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ অৱলম্বন কৰিছিল। সেয়ে ভাৰতে এই সংগঠনত যোগদান কৰা নাছিল ।

৭। কোন চনত ৰাছিয়াই হাঙ্গেৰীত হস্তক্ষেপ কৰিছিল?
উত্তৰঃ ১৯৫৬ চনত ৰাছিয়াই হাঙ্গেৰীত হস্তক্ষেপ কৰিছিল ।

৮। শীতল যুদ্ধত অংশগ্ৰহণ কৰা এটা বৃহৎ শক্তিৰ নাম লিখা ।
উত্তৰঃ শীতল যুদ্ধত অংশগ্ৰহণ কৰা এটা বৃহৎ শক্তি হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰ ।

৯। কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল?
উত্তৰঃ ১৯৬১ চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল।

১০। “বাগদাদ চুক্তি” কোন চনত স্বাক্ষৰিত হৈছিল?
উত্তৰঃ “বাগদাদ চুক্তি” ১৯৫৫ চনত স্বাক্ষৰিত হৈছিল।

শুদ্ধ নে অশুদ্ধ লিখাঃ

১। শীতল যুদ্ধ ৰাছিয়া আৰু আমেৰিকাৰ মাজত সংঘটিত হৈছিল।
উত্তৰঃ শুদ্ধ।

২। শীতল যুদ্ধক নেহৰুৱে “long twilight struggle” আখ্যা দিছিল।
উত্তৰঃ অশুদ্ধ ।

৩। গোষ্ঠীনিৰপেক্ষ আন্দোলনত আমেৰিকাই সক্ৰিয় অংশগ্ৰহণ কৰিছিল ।
উত্তৰঃ অশুদ্ধ

৪। শীতল যুদ্ধৰ সময়ত ৰোমানিয়াই ছোভিয়েট গোষ্ঠীত যোগদান কৰিছিল ।।
উত্তৰঃ-শুদ্ধ ।

৫। ভাৰত নাটোৰ সক্ৰিয় সদস্য আছিল।
উত্তৰঃ অশুদ্ধ ।

শুদ্ধ উত্তৰ বাছি উলিওৱাঃ

১। তলত উল্লেখ কৰা কোনখন দেশ NATO ৰ সদস্য নহয়-
ক) আমেৰিকা খ) হলেণ্ড গ) ফ্ৰান্স ঘ) ইটালি
উত্তৰ:- (খ) হলেণ্ড ।

২। নাটো প্ৰতিষ্ঠা কৰা হৈছিল- ক) ১৯৫০ চনত খ) ১৯৫৯ চনত গ) ১৯৬০ চনত ঘ) ১৯৪৯ চনত
উত্তৰ:- (ঘ) ১৯৪৯ চনত।

৩। নাটো প্ৰতিষ্ঠা কৰা হৈছিল- ক) ১৯৫০ চনত খ) ১৯৫৯ চনত গ) ১৯৬০ চনত ঘ) ১৯৪৯ চনত
উত্তৰ:- (ঘ) ১৯৪৯ চনত।

৪। তলত উল্লেখ কৰা কোনজনে শীতল যুদ্ধক “long twilight struggle” বুলি অভিহিত কৰিছিল- ক) ৰাষ্ট্ৰপতি ওৱাশ্বিংটনে খ) ৰাষ্ট্ৰপতি ৰুজভেল্টে গ) ৰাষ্ট্ৰপতি কেনেডিয়ে ঘ) ৰাষ্ট্ৰপতি ট্ৰুমেনে ।
উত্তৰ:- (গ) ৰাষ্ট্ৰপতি কেনেডিয়ে।

৫। ছোভিয়েট ৰাছিয়াৰ ভাঙোন ঘটিছিল- ক) ১৯৯১ চনত খ) ১৯৯২ চনত গ) ১৯৯৩ চনত ঘ) ১৯৯৪ চনত
উত্তৰ:- (ক) ১৯৯১ চনত ।

৬। পশ্চিমীয়া মৈত্ৰীবন্ধনৰ কোনখন ৰাষ্ট্ৰ সদস্য হোৱা নাছিল- ক) গ্ৰেট ব্ৰিটেইন খ) ফ্ৰান্স গ) ইটালি ঘ) ছোভিয়েট ৰাছিয়া
উত্তৰ:- (ঘ) ছোভিয়েট ৰাছিয়া ।

ADVERTISEMENT

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment

ADVERTISEMENT