লক্ষ্মীনাথ বেজবৰুৱা | SEBA Exam Assamese Essay 2022

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা একেধাৰে কবি, নাট্যকাৰ, ঔপন্যাসিক,জীৱনীলেখক, সমালােচক আৰু আধুনিক অসমীয়া গল্প সাহিত্যৰ জন্মদাতা। আপুনি বিছাৰিলে আৰু পঢ়িব পাৰে –


জন্ম আৰু শিক্ষা: লক্ষ্মীনাথ বেজবৰুৱা

লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ জন্ম হয় ১৮৬৪ চনত অবিভক্ত নগাঁও জিলাৰ আঁহতগুৰিৰ ওচৰৰ লুইতৰ বুকুত। নাৱৰ ওপৰত জন্মগ্রহণ কৰা বাবেই লক্ষ্মীনাথ বেজবৰুৱাৰ মতে তেওঁ ভূমিস্থ নহৈ নৌকাস্থহে হ’ল। তেওঁৰ পিতৃ দীননাথ বেজবৰুৱা আৰু মাতৃ থানেশ্বৰী বেজবৰুৱা।

শিৱসাগৰৰ চৰকাৰী হাইস্কুলৰ পৰা ১৮৮৬ চনত এণ্টেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ পৰা তেওঁ বি. এ পাছ কৰে। পিছত কলিকতাৰ ৰিপন কলেজত বি.এ আৰু প্রেচিডেন্সী কলেজত এম.এ পঢ়িছিল যদিও আধৰুৱাকৈ এৰি তেওঁ ব্যৱসায়ৰ লগত জড়িত হৈ পৰে। বঙ্গদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্রজ্ঞাসুন্দৰীৰ লগত তেওঁ ১৮৯১ চনত প্রণয়সূত্রে বিবাহ পাশত আবদ্ধ হয়।

কলিকতাত থাকোঁতে তেওঁ চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্র গােস্বামী আৰু কলিকতা নিবাসী অসমীয়া ছাত্ৰৰ পৃষ্ঠপােষকতাত ১৮৮৮ চনত প্রতিষ্ঠা লাভ কৰা অসমীয়া ভাষাৰ উন্নতি সাধনী সভাত যােগ দিয়ে আৰু পাছলৈ ইয়াৰ সম্পাদক হয়। এই সভাৰ মুখপত্র “জোনাকী” কাকতৰ গুৰি ধৰোঁতা আছিল অসমীয়া সাহিত্যৰ ত্রিমূৰ্ত্তি বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্র গােস্বামী।

অসমীয়া সাহিত্য জগতলৈ ৰমন্যাসিক ভাবধাৰা কঢ়িয়াই অনা ‘জোনাকীৰ তৃতীয়-চতুর্থবছৰৰ সম্পাদক আছিল লক্ষ্মীনাথ বেজবৰুৱা। জোনাকী কাকত বন্ধ হােৱাত ১৯১০ চনত প্রকাশ পােৱা বাঁহী আলােচনীৰ সম্পাদনাৰ দায়িত্ব লৈ অসমীয়া সাহিত্যৰ বিকাশত তেওঁ যােগােৱা অৱদান অবিস্মৰণীয়।


সাহিত্যিক জীৱন

বেজবৰুৱাই সাহিত্যিক জীৱনৰ পাতনি মেলে ‘জোনাকী’ কাকতৰ মাজতেই। প্রথম সংখ্যা জোনাকীৰ পাততেই তেওঁৰ ধেমেলীয়া নাট লিতিকাই (১৮৯০ চন) খণ্ড খণ্ডকৈ প্ৰকাশ পায়। বেজবৰুৱাৰ অন্যান্য ধেমেলীয়া নাট হৈছে – নােমল (১৯১৩ চন) পাচনি (১৯১৩ চন) চিকৰপতি নিকৰপতি (১৯১৩ চন)। তদুপৰি, চক্ৰধ্বজ সিংহ’(১৯১৫), জয়মতী কুঁৱৰী (১৯১৫ চন), বেলিমাৰ (১৯১৫) এই তিনিখন তেওঁৰ বুৰঞ্জীমূলক নাটক। পদুম কুঁৱৰী (১৮৯৫) তেওঁৰ একমাত্র উপন্যাস। বুঢ়ী আইৰ সাধু’ (১৯১১) আৰু ককাদেউতা আৰু নাতি ল’ৰা’(১৯১২) লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি। হাঁহি-ধেমালি’ আৰু জুনুকা’তেওঁৰ শিশুসাহিত্য। সুৰভি’,(১৯০৯), সাধুকথাৰ কুঁকি (১৯১০), জোনবিৰি (১৯১৩) আৰু কেহোঁকলি বেজবৰুৱাৰ চাৰিখন চুটিগল্পৰ পুথি।

হাস্যৰস সৃষ্টিৰ ক্ষেত্ৰত লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া সাহিত্যত এক সুকীয়া আসন দখল কৰি আছে। কৃপাবৰ বৰুৱাৰ কাকতৰ টোপােলা’(১৯০৪), কৃপাবৰ বৰুৱাৰ ওভতনি (১৯০৯), কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি আৰু কৃপাবৰ বৰুৱাৰ বুলনি তেওঁৰ হাস্যৰসাত্মক ৰচনা। হাস্যৰস সৃষ্টিৰ ক্ষেত্ৰত থকা সিদ্ধহস্ততাৰ বাবেই গল্পকাৰ নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে তেওঁক শিৱসাগৰত বহা অসম সাহিত্য সভাৰ ত্রয়ােদশ অধিৱেশনত ৰসৰাজ’ উপাধি দিছিল।

ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ জীৱনী, বেজবৰুৱা বংশাৱলী, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ, মােৰ জীৱন সোঁৱৰণ, পত্রলেখা, চিত্রলেখা, ভাগৱত কথা, তত্ত্বকথা, শ্রীকৃষ্ণ কথা, বাখৰ, ভাৰতবৰ্ষৰ বুৰঞ্জী, কামত কৃতিত্ব লাভিবৰ সংকেত, The Religion of love and Devotion, Rasalila and Sri Krishna আৰু অসমীয়া ভাষা আৰু সাহিত্য ইত্যাদি লক্ষ্মীনাথ বেজবৰুৱাৰ আন আন ৰচিত গ্রন্থ।

জোনাকী কাকতত কাব্য জীৱনৰ পাতনি মেলা কদমকলি (১৯১৩) তেওঁৰ কাব্য সংকলন। তেওঁৰ নিজৰ কথামতে, কবিতা হয় যদি হওঁক নহয় যদি নহওঁক’ বুলিয়ে কবিতা ৰচনা কৰিছিল। তেওঁৰ প্ৰায়ভাগ কবিতাতে নিজস্ব শৈলী প্রকাশ পােৱাত সেইবােৰ হৈ পৰিছে বৈশিষ্ট্যপূর্ণ।


সামৰণী

১৯২৪ চনত অসম সাহিত্য সভাৰ সপ্তম গুৱাহাটী অধিবেশনত সভাপতিৰ আসন অলংকৃত কৰা এইজনা মহান সাহিত্যিক ১৯৩৮ চনত ডিব্ৰুগড়ত ইহলীলা সম্বৰণ কৰে।

2 Comments

Leave a Reply

Your email address will not be published.