বাক্য পৰিৱৰ্তন Class 10 অসমীয়া ব্যাকৰণৰ আন এক গুৰত্বপূৰ্ণ বিষয়। উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বাক্য পৰিৱৰ্তন কৰিবলৈ আহে। সেই কাৰণে আজি আমি Assamese Medium ত আপোনালোকৰ বাবে অতি প্ৰয়োজনীয় কিছু বাক্য পৰিৱৰ্তন লৈ আহিছোঁ যিয়ে আপোনাক পৰীক্ষাত সহায় কৰিব।
আমি আমাৰ সাদ্য অনুযায়ী অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে সকলো বিষয়ৰ সম্পূৰ্ণ অধ্যায়ৰ উপৰত আলোচনা কৰাৰ ওপৰিও পাঠ্য পুথিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ প্ৰয়াস কৰো। আমাৰ কষ্ট তেতিয়াহে সাৰ্থক হব যেতিয়া আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰী সকলে বিনামূলীয়াকৈ পঢ়িব পাৰে। সেই বাবে আপোনালোকে অনুৰোধ কৰো আমাৰ আলোচ্য বিষয়সমূহ share কৰিব।
Table of Contents
মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰা
১। কিতাপ পঢ়া সময়ত হাই উৰুমি নকৰিব
উত্তৰ : যেতিয়া কিতাপ পঢ়া, তেতিয়া হাইউৰুমি নকৰিবা।
২। বুঢ়া মানুহজন দোকানলৈ আহিছিল। তেওঁ এডাল লাখুটি কিনিছিল।
উত্তৰ : বুঢ়া মানুহজন দোকানলৈ আহি এডাল লাখুটি কিনিছিল।
যৌগিক বাক্যলৈ পৰিৱৰ্তন কৰা
১। ল’ৰাটো ভাত খাই স্কুললৈ গ’ল।
উত্তৰ : ল’ৰাটো ভাত খালে আৰু স্কুললৈ গ’ল।
২। সি কামটো কৰি লৰালৰিকৈ গুচি গ’ল।
উত্তৰ : সি কামটো কৰিলে আৰু লৰালৰিকৈ গুচি গ’ল।
৩। ল’ৰা জন দুখীয়া হ’লেও সৎ।
উত্তৰ : ল’ৰা জন দুখীয়া, কিন্তু সৎ।
৪। তেওঁ বুঢ়া হ’লেও গাত শক্তি আছে।
উত্তৰ : তেওঁ বুঢ়া, তথাপি গাত শক্তি আছে।
সৰল বাক্যলৈ পৰিৱৰ্তন কৰা
১। মই যেতিয়া পঢ়ো, সি তেতিয়া খেলে
উত্তৰ : মই পঢ়া সময়ত সি খেলে।
২। ল’ৰাটোৱে ভাত খালে আৰু স্কুললৈ গ’ল
উত্তৰ : ল’ৰাটোৱে ভাত খাই স্কুললৈ গ’ল।
৩। আমি যেতিয়া খেলোঁ, সি তেতিয়া পঢ়ে।
উত্তৰ : আমি পঢ়াৰ সময়ত সি খেলে।
৪। যিজন লোক অকৃতজ্ঞ, তেওঁক কোনেও ভাল নাপায়।
উত্তৰ : অকৃতজ্ঞ লোকক কোনেও ভাল নাপায়।
৫। মই যেতিয়া খাওঁ, তাই তেতিয়া আহে।
উত্তৰ : মই খোৱা সময়ত তাই আহে।
৬। পানী যেতিয়া গোট মাৰে, তেতিয়া বৰফ হয়।
উত্তৰ : পানী গোট মাৰিলে বৰফ হয়।
৭। যি ছাত্ৰই শিক্ষকক সন্মান নকৰে, তাৰ শিক্ষা বৃথা।
উত্তৰ : শিক্ষকক সন্মান নকৰা ছাত্ৰৰ শিক্ষা বৃথা।
৮। যি মানুহে দেশক ভাল নাপায়, তেওঁৰ জীৱন বৃথা।
উত্তৰ : দেশক ভাল নোপোৱা মানুহৰ জীৱন বৃথা।
৯। যি সকলে ব্যাকৰণ মনপুতি পঢ়, তেওঁলোকে ভাষাটো ভালকৈ জানে
উত্তৰ : ব্যাকৰণ মনপুতি পঢ়াজনে ভাষাটো ভালকৈ জানে।
১০। যিজন লোক অকৃতজ্ঞ, তেওঁ ক’তো স্থান নাপায়।
উত্তৰ : অকৃতজ্ঞ লোকে ক’তো আসন নাপায়।
১১। যদি পৰিশ্ৰম কৰা, তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা।
উত্তৰ : পৰিশ্ৰম কৰিলে নিশ্চয় সাফল্য লাভ কৰিবা।
জটিল বাক্যলৈ নিয়া
১। অকৃতজ্ঞ লোকে ক’তো আসন নাপায়।
উত্তৰ : যি জন লোক অকৃতজ্ঞ, তেওঁ ক’তো আসন নাপায়।
২। অসাধু লোকক কোনেও সন্মান নকৰে।
উত্তৰ : যিজন লোক অসাধু, তেওঁক কোনেও সন্মান নকৰে।
বাক্য পৰিৱৰ্তন: মোৰ শেষ বাক্য
ইয়াত আমি বাক্য পৰিৱৰ্তন আলোচনাত জটিল বাক্যলৈ নিয়া, সৰল বাক্যলৈ পৰিৱৰ্তন কৰা, যৌগিক বাক্যলৈ পৰিৱৰ্তন কৰা আৰু মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰা আদিৰ ওপৰত কিছু গুৰুত্বপূৰ্ণ উদাহৰণ আলোচনা কৰিছোঁ। যদি আপুনি HSLC পৰীক্ষা দিব বা আপোনাৰ কোনোবা চিনাকি ছাত্ৰ ছাত্ৰী আছে তেন্তে share কৰি তেওঁ লোকক পঢ়াৰ সুযোগ কৰি দিয়ক। ইয়াৰ উপৰিও আপুনি আমাক উৎসাহিত কৰিবলৈ “Assamese Medium Facebook Page” ক follow কৰিব পাৰে।
[…] বাক্য পৰিৱৰ্তন (সৰল, যৌগিক, জটিল) […]
[…] বাক্য পৰিৱৰ্তন (সৰল, যৌগিক, জটিল) […]