খণ্ডবাক্য বা জতুৱা ঠাঁচ অসমীয়া ব্যাকৰণৰ আন এক গুৰুত্বপূৰ্ণ বিষয়। আমি Assamese Medium ত Class 10 Assamese Grammar ৰ বহুত বিষয় আলোচনা কৰিছোঁ। যদি আপুনি এজন শিক্ষক বা দশম মান শ্ৰেণীৰ ছাত্ৰ তেন্তে ই আপোনাক সহায় কৰিব পাৰে। আপুনি আমি লিখা বিষয় সমূহ পঢ়িবলৈ ওপৰৰ লিংকত ক্লিক কৰক।
আপুনি যদি অসমীয়া ব্যাকৰণৰ এই বিষয়সমূহ অধ্যয়ণ কৰাৰ ওপৰিও Class 12 Assamese Question Answer পঢ়িব খোজে তেন্তে লিংকত ক্লিক কৰিব পাৰে।
Important Jotua Thas in Assamese for HSLC Exam

খণ্ডবাক্য বা জতুৱা ঠাঁচ | Assamese Grammar HSLC
খণ্ডবাক্য বা জতুৱা ঠাঁচ এনে কোনো বিষয়বস্তু নহয় যাৰ পৰা প্ৰশ্ন আহিব বা আপুনি বহুত কষ্ট মনত ৰাখিব লগা বিষয় নহয়। খণ্ডবাক্য বা জতুৱা ঠাঁচৰ কিছু উদাহৰণ আমি মনত ৰাখিলে পৰীক্ষাৰ বাবে যথেষ্ট। সেই বাবে আমি ইয়াৰ ১৯৯৮ – ২০১৮ চনত অহা Assamese Grammar ৰ খণ্ডবাক্য বা জতুৱা ঠাঁচ আৰু ইয়াৰ সহায়ত আমি কিদৰে বাক্য ৰচনা কৰিব পাৰি তাৰ কিছু উদাহৰণ আলোচনা কৰিছোঁ।
জতুৱা ঠাঁচ আৰু খণ্ডবাক্য ৰচনা – HSLC/HS Final Exam
অমাতৰ মাত (শুৱলা মাত): অমাতৰ মাত বুলিলে শিশুৰ মাতক বুজায়।
অলপ ধতুৱা (সামান্য সাহ): অলপ ধতুৱাই জীৱনত উন্নতি কৰিব নোৱাৰা।
অজৌ গছৰ বজৌ গুটি (অতি দুষ্ট): কনকক এক নক’বা, সি আজৌ গছৰ বজৌ গুটি।
আহুকাণে-পহুকাণে (ইকাণে-সিকাণে): আহুকাণে-পহুকাণে শুনিলো যে তুমি বিয়া পাতিলা।
আঁঠুৱাৰ তলৰ মহ (অধীন লোক): নবী খুৰায়েকৰ আঁঠুৱাৰ তলৰ মহ।
আলপৈচান ধৰ (সেৱা-শুশ্ৰূষা কৰা): গুৰুজীক আলপৈচান ধৰিবি।
আপোন পেটা (স্বাৰ্থপৰ) (স্বাৰ্থপৰ): আপোন পেটা ডেকাচামৰ দ্বাৰা সমাজৰ লাভ নহ’ব।
আঁকোৰ-গোজালি (একেটা কথাতে লাগি থাক): তপন এজন আঁকোৰ-গোজালি স্বভাৱৰ ল’ৰা।
আকাশত চাং পতা (অস্বাভাৱিক কল্পনা কৰা): কমল আকাশত চাং পতা ল’ৰা।
আলাসৰ লাড়ু (অতি মৰমৰ): সন্তান-সন্ততি মা-দেউতাকৰ আলাসৰ লাড়ু।
আলৈ-আথানি (অৱহেলিত, নিৰাশ্ৰয়): দেউতাক ঢুকাবৰে পৰা ল’ৰা-ছোৱলীকেইটাৰ আলৈ-আথানি হ’ল।
আঁচলৰ ধন (অতি আদৰৰ): নমিতা তাইৰ মাকৰ একমাত্ৰ আঁচলৰ ধন।
আলৈ-বিলৈ (দুখ-দুৰ্গতি): পিতৃহীন হোৱাৰ পৰা ল’ৰাকেইটাৰ আলৈ-বিলৈ হ’ল।
আঁঠু ল (সেৱা কৰ): বয়োবৃদ্ধ লোকক আঁঠুলৈ আশীৰ্বাদ ল’ব লাগে।
আঁঠু কাঢ় (আঁঠুৰে বুল বা খোজ কাঢ়): শিক্ষকে দুষ্ট ছাত্ৰক আঁঠু কাঢ়াই থয়।
আমা-ডিমা (নিচেই সৰু): আমা-ডিমা ল’ৰা কেইটাই তাতে বহি আছে।
ঊনৈশত বা বলা (আনন্দত আত্মহাৰা হোৱা): চাকৰিটো পাই তাই ঊনৈশত বা বলিবলৈ ল’লে।
উলহ-মালহ (অতিশয় আনন্দ): উৰুকাৰ দিনাই ল’ৰাকেইটাৰ উলহ-মালহ লাগিল।
এলা-পেচা (সামান্য): ৰাম এলা-পেচা লোক নহয়।
এলাই বাদু (অকাজী): এলাই বাদু ছোৱালীক কোনও ভাল নাপায়।
ওভতগোৰে নাচ (বৰ দুষ্টালি কৰ): সি ইয়ালৈ আহি ওভতগোৰে নাচিবলৈ ল’লে।
কাণ পাত (শুনিবলৈ সাজু হ): শিক্ষকে কি কৈছে, কাণ পাতি শুনা।
কাণ চোৱাই থ (মনত ৰাখিবলৈ কোনো কথা জনাই থ): নগেনৰ দুষ্টালিৰ কথাটো তোমাক কাণ চোৱাই থলো।
কঁকালত টঙালি বান্ধ (কামলৈ সাজু হ): লাচিত বৰফুকনে কঁকালত টঙালি বান্ধি মোগলৰ বিৰুদ্ধে থিয় দিছিল।
কাণ সৰালি মাৰ (নুশুনাৰ ভাও জোৰ): তুমি কাণ সৰালি মাৰি নাথাকিবা।
কপাল মুকলি হ (ভাগ্য উদয় হ): চাকৰিটো পোৱাৰ লগে লগে মধুৰ কপাল মুকলি হ’ল।
কপালৰ ঘাম মাটিত পেলা (কঠোৰ পৰিশ্ৰম কৰা): কৃষকে কপালৰ ঘাম মাটিত পেলাইহে দুবেলা দুমুঠি খাব পাৰে।
কাণ কৰ (মনোযোগ দে): গুৰুজীৰ কথালৈ কাণ কৰিবা।
কাণত ধৰি ক (শপত খাই ক): তুমি কাণত ধৰি ক’লেও তোমাৰ কথাটো আমি বিশ্বাস নকৰো।
কাণ সমনীয়া (ডেকা): কাণ সমনীয়া হৈয়ো অকনে নিজৰ দায়িত্ব নুবুজে !
কাণ বাগৰা (লোকৰ মুখে শুনা): কাণ বাগৰা কথাত আমি বিশ্বাস নকৰো।
কাঠ-বাঁজী (একেবাৰে সন্তান নোহোৱা তিৰোতা): কাঠ-বাঁজীজনী এইবাৰ বছৰ বয়সত ঢুকাল।
কণাৰ লাখুটি (একমাত্ৰ সহায়): একমাত্র নাতিনীজনীয়েই বুঢ়াটোৰ কণাৰ লাখুটি।
কথা চহকী (বেছিকৈ কথা কোৱা লোক): ৰজনী এজন কথা চহকী লোক।
বুকু ডাঠ (সাহসিয়াল): আমাৰ বুকু ডাঠ ল’ৰাবোৰৰহে প্ৰয়োজন।
কাঠ সংস্কাৰ কৰ (মৰা শ খৰি দিয়া): আমি নগেনৰ কাঠ সংস্কাৰ কৰিলো।
খাই পাত ফলা (অশলাগী, উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা): খাই পাত ফলা লোকৰ পৰা সাৱধানে থকাই শ্ৰেয়।
গা টঙা (নৰিয়াৰ পৰা উঠা): গাৰ্গীয়ে বহু দিন কষ্ট ভোগ কৰাৰ পিছতহে গা টঙালে।
গা চাই ফুৰ (সাৱধান হৈ ফুৰ): আচহুৱা ঠাইত গা চাই ফুৰিবি।
গাই বাই চা (যত্ন কৰি চা): কোনো কাম এবাৰত নোৱাৰিলে আকৌ গাই বাই চাব লাগে।
ঘৰ পাত (বিয়া কৰ): সি যোৱা মাহত ঘৰ পাতিলে।
ঘৰ গোনা (সদায় ঘৰতে বহি থকা): ঘৰ গোনা মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে।
চকু মুদ (মৃত্যু হোৱা): ৰয়চম গোস্বামীয়ে বহু দিন কষ্ট কৰি অৱশেষত চকু মুদিলে।
চকুৰ কুটা (অপ্ৰিয় শত্ৰু): ৰাকেশ সকলোৰে চকুৰ কুটা।
চকুত ধূলি মাৰ (অপ্ৰিয় শত্ৰু): ৰাকেশ সকলোৰে চকুৰ কুটা।
চকুত ধূলি মাৰ (ফাঁকি দিয়া): অকনে চকুত ধূলি মাৰি মোৰ পৰা দহ টকা সৰকালে।
চকু চৰহা (লোকৰ ভাল দেখিব নোৱাৰা): চকু চৰহা লোকক কোনেও ভাল নাপায়।
চকু মুদা কুলি (প্ৰৱঞ্চক): আদিত্য এজন তেওঁ চকু মুদা কুলিহে।
চকুৰ মণি (অতি আদৰৰ): বৰুৱা সকলোৰে চকুৰ মণি।
চকুত লগা (ধুনীয়া, মৰম লগা): কি যে চকুত লগা বাৰীখন বনালা!
মুখৰ ছাই গুচা (মৃতকৰ শ্ৰাদ্ধাদি কৰি শুচি হ): আমি কেতিয়াৱাই ককাৰ মুখৰ ছাই গুচাই উঠিলো।
মুখৰ ওপৰত ক (ভয় নকৰি সন্মুখতে কথা ক): ডাঙৰৰ মুখৰ ওপৰত কথা ক’ব নালাগে।
হাতত সাৰে ভৰিত সাৰে (মনে মনে, গোপনে): সিদ্ধাৰ্থই হাতত সাৰে ভৰিত সাৰে প্ৰসাদৰ পৰা ওলাই গৈছিল।
হাত দীঘল (ক্ষমতাশালী): ইন্দিৰা গান্ধী এজনী হাত দীঘল নেতা আছিল।
হাত লৰ (চোৰ স্বভাৱৰ): তোমাৰ হাত লৰ স্বভাৱটো এৰি দিয়া।
হাত সাবটি থাক (কামত প্রবৃত নোহোৱাকৈ থাক): হাত সাবটি বহি নাথাকিবা।
হাত টান (কৃপণ): দীপাৰ এজনী হাত টান ছোৱালী।
পেট ভাটৌ (প্ৰকাশ নকৰি পেটত কথা লুকাই ৰাখি থোৱা মানুহ): তেওঁক প্ৰশ্ন কৰি লাভ নহ’ব সি পেট ভাটৌহে।
পেটে ভাতে খা (সঞ্চয় কৰিব নোৱাৰি কোনো মতে খাই বৈ থকা): আমি কোনো মতে পেটে ভাতে খাই আছো।
পেটত হাত ভৰি লুকা (বৰকৈ ভয় পা): সিংহটো চাইয়েই ল’ৰাটোৰ পেটতে হাত ভৰি লুকালে।
ভাতৰ ভতুৱা (অকামিলা): ৰমেনৰ দ্ধাৰা কোনো কাম নহ’ব, সি ভাতৰ ভতুৱাহে।
মাটিৰ মানুহ (অতি সহজ সৰল লোক): কৰিম এজন মাটিৰ মানুহ।
হাড়ত বন গজা (বহুত দিন আগেয়ে মৰা): ককাৰ হাড়ত বন গজিল।
হাড়ক মাটি কৰ (কঠোৰ পৰিশ্ৰম কৰ): কৃষকে হাড়ক মাটি কৰি পথাৰত কাম কৰে।
হাড় পেলা (মৃত্যু হ): ভূপেন হাজৰিকাই কেতিয়াবাই হাড় পেলালে।
হাড়ে ছালে লগা (ক্ষীণ, দুবৰ্বল): এই হাড়ে ছালে লগা ল’ৰাটোৰ যত্ন ল’বা।
ভৰি নচুৱাই থাক (কাম বন নকৰি বহি থাক): ভৰি নচুৱাই থাকিলে নহ’ব কিবা এটা কৰিব লাগিব।
গাখীৰতে ম’ৰ খুটি (মহা সুখ): সি চাকৰিটো পাই গাখীৰতে ম’হৰ খুটি যেন পালে।
গোট গৰু (মূৰ্খ): তাইক বুজাই লাভ নাই, সি গোট গৰু।
চকুত সৰিয়হ ফুল দেখা (বৰ বিমোৰত পৰা): দেউতাক মৰাৰ পিছত সি চকুৱেদি সৰিয়হৰ ফুল দেখা আৰম্ভ কৰিলে।
চুক ভেকুলী (একো নজনা): হিৰেনএজন চুক ভেকুলী।
ডাল দৰিদ্ৰ (অতি দুখীয়া): ডাল দৰিদ্ৰক সহায় কৰিব লাগে।
ডলাৰ বগৰী (সঘনে ঠাই সলোৱা মানুহ): ভূপেন এজন ডলাৰ বগৰীহে।
ঢৌতে খৰ মাৰি (ব্যস্ততাৰ মাজত সময় উলিয়াই): বা বহু ব্যস্ততাৰ মাজত ঢৌতে খৰ মাৰি তোমাৰ কামটো কৰিলো।
থৈয়া-নথৈয়া (ভয়ানক): পানীপথ নাম ঠাইত ইব্রাহিম লোডী আৰু বাবৰৰ মাজত থৈয়া-নথৈয়া ৰণ হৈছিল।
দোপত দোপে (ক্ৰমে ক্ৰমে): সি ব্যৱসায়ত দোপত দোপে উন্নতি কৰিবলৈ ল’লে।
দুখে কুলাই-পাচিয়ে নধ’ৰা (অতিশয় দুখ হোৱা): দেউতাকৰ মৃত্যু হোৱাত ল’ৰাহঁতৰ দুখে কুলাই পাচিয়ে নধ’ৰা হ’ল।
চুঙাৰ বাদুলি (অনভিজ্ঞ মানুহ): চুঙাৰ বাদুলি হৈ ৰাজনীতিলৈ মন নেমেলিবা দেই।
চিলিম ছিগ (উপায় নাইকীয়া হ): চাকৰিটো হেৰালত ডেভিডৰ চিলিম ছিগিল।
টুপাই বুৰ মাৰ (সমূলি মিছা মাত): খবৰটো সোধাত সি টুপাই বুৰ মাৰিলে।
ধোঁৱা-খুলীয়া (অতিপাত খৰচী): ললিতা এজনী ধোঁৱা-খুলীয়া ছোৱালী।
ধোদৰ পচলা (অকামিলা): ধোদৰ পচলাই জীৱনত উন্নতি কৰিব নোৱাৰে।
নপতা ফুকন (নিজকে নিজে ডাঙৰ বুলি ভবা): ৰাকেশ নপতা ফুকন হৈ বহি আছে।
নিমাও মাও (মাত বোল নোহোৱা): নিমাও মাও হৈ বহি আছা কিয়?
নলে-গলে লগা (অতি ঘনিষ্ট, পৰম): ৰাম আৰু ৰহিম নলে-গলে লগা বন্ধু।
নলঙা জেঙাত লাগ (অযথা মূৰ পাতি ল): কৰিমে নলঙা জেঙাত লাগি বহুত অসুবিধাৰ সন্মুখীন হ’ল।
মূৰত সৰগ ভাগি পৰ (ঘোৰ বিপদত পৰা): চাকৰিটো হেৰালত তাইৰ মূৰত সৰগ ভাগি পৰিল।
সান্দহ খোৱা বালি তল যা (সুবিধা সমূলি নাশ হোৱা): এইবাৰ দালালৰ সান্দহ খোৱা বালি তল পৰিল।
ফুটুকাৰ ফেন (অস্থায়ী, অথলে যোৱা): তেওঁৰ সকলো প্ৰচেষ্টা ফুটুকাৰ ফেনত পৰিণত হ’ল।
বিধি পথালি দিয়া (বাধা দিয়া): কামত বিধি পথালি নিদিবা।
বিনা মেঘে বজ্ৰপাত (অকস্মাৎ বিপদ): মাকৰ মৃত্যুৰ খবৰ পৰিয়ালটোৰ কাৰণে বিনা মেঘে বজ্ৰপাতৰ দৰে হ’ল।
বগলী ভকত (বাহিৰে সাধু ভিতৰে অসৎ): আমি বগলী ভকতৰ পৰা সাৱধানে থাকিব লাগে।
বাপতি সাহোন (পৈত্ৰিক সম্পতি): বিহু উৎসৱটি অসমীয়াৰ বাপতি সাহোন।
মৰণত শৰণ দি (প্ৰাণ পণে): ইব্রাহিম লোডীয়ে পানীপথৰ যুদ্ধত মৰণত শৰণ দি যুঁজিছিল যদিও পৰাজিত হয়।
হৰিভৰ দিয়া (সন্মতি দিয়া): তোমাৰ সিদ্ধান্তত সদায়ে আমি হৰিভৰ দি আহিছো।
পানীৰ মিঠৈ (কাল্পনিক কথা): তাইৰ পানীৰ মিঠৈয়ে আমাক ভুলাব নোৱাৰে।
পাবত গজা (মূল নোহোৱা): সমাজত পাবত গজা নেতাৰ অভাৱ নাই।
পোতক তোল (প্ৰতিশোধ লোৱা): এইবাৰ ৰাকেশে তোমাৰ অসভ্যালিৰ পোতক তুলিব।
নৱম আৰু দশম শ্ৰেণীৰ বাবে জতুৱা ঠাঁচ আৰু খণ্ডবাক্য
কাণ-সমনীয়া (সমান): ৰাম ৰহিমৰ কাণ-সমনীয়া বন্ধু।
কাণ-কৰ (মনোযোগ দিয়া): ছাত্র-ছাত্রীয়ে শিক্ষক-শিক্ষয়িত্ৰীৰ কথালৈ কাণ কৰিব লাগে।
পেট-পা (মনৰ কথাৰ বুজ পোৱা): আজিৰ যুগত এজন লোকে আন এজন লোকৰ পেট পোৱা জটিল।
পেট ভাটো (গোপন কথা প্রকাশ কৰা লোক): পেট ভাটো, লোকক সকলো কথা ক’লে বিপদত পৰাৰ সম্ভাৱনাই অধিক।
ন-দি-ক (ডাঠি কোৱা): ক্রিকেট খেলত শচীন তেণ্ডুলকাৰে শতৰাণ কৰিবই বুলি ন- দি-ক’ব নোৱাৰি।
অথাই-সাগৰ (মহা বিপদ): বানপানীয়ে অসমৰ খেতিপথাৰ বিধ্বস্ত কৰি অসমীয়া ৰাইজক অথাই সাগৰত পেলালে।
বিনা মেঘে বজ্রপাত (আকস্মিক বিপদ): কৈকেয়ীৰ বৰ দুটাৰ কথা শুনি ৰজা দশৰথৰ ওপৰত বিনা মেঘে বজ্রপাতহে পৰিল।
কঁকালত টঙালি মাৰ (মনোবল বান্ধ): লাচিতৰ সৈন্যসকলে কঁকালত টঙালি মাৰি মোগল সৈন্যৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিছিল।
কঁকাল পৰ (দুৰ্বল হ): দেউতাকৰ মৃত্যুৰ পাছত ৰামচন্দ্ৰৰ কঁকাল পৰিল।
কঁকাল হাল (বুঢ়া হোৱা): কঁকাল হালিলে মানুহৰ কাৰ্যক্ষমতা নাইকিয়া। সকলোৰে অবহেলাৰ পাত্ৰ হয়। হয় আক
মূৰ দোঁৱা (শ্রদ্ধা কৰা): আমি প্রত্যেকেই জ্ঞানীজনৰ ওচৰত, জ্যেষ্ঠজনৰ ওচৰত মূৰ দোঁৱাব লাগে।
মুখ ফুলা (অভিমান কৰা): ল’ৰা-ছোৱালীয়ে সাধাৰণ কথাতে মাক-বাপেকৰ আগত মুখ ফুলায়।
মাটিৰ মানুহ (সহজ-সৰল লোক): মহাত্মা গান্ধী মাটিৰ মানুহ আছিল।
চকুত লগা (ধুনীয়া): আজিকালি প্রত্যেকেই চকুত লগাকৈ এটা ঘৰ সজাৰ কথা চিন্ত কৰে।
খাই পাত ফলা (অশলাগীলোক): খাই পাত ফলা লোকৰ আদৰ নাই।
তলা-নলা (আঁত-গুৰি নোহোৱা): ঘটনাৰ তলা-নলা নোপোৱাকৈ মাত মাতিব নাপায়।
চকু উঠা (ঈর্ষান্বিত হোৱা): আজিকালি এজনে উন্নতি কৰা দেখিলে আন মানুহৰ প্ৰায়ে চকু উঠে।
মন পা (মনৰ কথা বুজা): মানুহৰ মন পাবলৈ কঠিন।
চকু ফুৰাই চা (ওপৰে ওপৰে চা): কিতাপত চকু ফুৰাইচোৱাতকৈ বিষয়বস্তু আয়ত্ত কৰিবলৈ চেষ্টা কৰিব লাগে।
মাটি কৰ (কষ্ট কৰ): খেতিয়কে কঠোৰ পৰিশ্ৰম কৰি খেতি কৰিছিল, কিন্তু বানে খেতি পথাৰ নষ্ট কৰি খেতিয়কৰ শ্রম মাটি কৰি দিলে।
হাত পাত (সহায় বিচৰা): আনৰ ওচৰত হাত পতাতকৈ নিজে কষ্ট কৰি উপাৰ্জন কৰা বস্তুৰ আমেজ বেলেগ।
মন মাৰ (নিঝৎসাহ): পৰীক্ষাৰ ফলাফলে সীতাৰ মন মাৰি পেলালে।
চিলিম চিগা (আশা ভংগ হোৱা): দেউতাকৰ মৃত্যুৱে ৰহিমৰ চিলিম চিঙিলে।
জাকত জিলিকা (অতি ধুনীয়া): তাজমহল এটি জাকত-জিলিকা স্মৃতিস্তম্ভ।
যক্ষৰ ধন (কৃপনৰ ধন): যক্ষৰ ধন থাকিলেও তাৰ পৰা ৰাইজৰ/সমাজৰ একো উপকাৰ নহয়।
যাচি কিল খোৱা (নিজে নিজৰ বিপদ চপাই লোৱা)ঃ জনা বুজা মানুহে যাচি কিল খাব নিবিচাৰে।
পাবত গজা (অস্বাভাবিক): পাৰত গজা নেতাসকলৰ পৰা সমাজৰ একো উন্নতি নহয়।
চকু মেলি চা (সহানুভূতি দেখুওৱা): দুখীয়া, দুর্দশাগ্রস্ত লোকক চকু মেলি চাৰ লাগে।
পানীত হাঁহ নচৰা (অতি শোচনীয়া অৱস্থা): বান বিধ্বস্ত খেতিয়কৰ অৱস্থা পানীত হাঁহ নচৰা বিধৰ হয়।
বিধি পথালি (অন্তৰায় বাধা): কোনো ব্যক্তিৰ কৰ্মপথত বিধি পথালি দিয়া উচিত নহয়।
জয়ঢোল কোবোৱা (নিজৰ গুণ নিজে বখনা): জ্ঞানী লোকে কেতিয়াও জয়ঢোল কোবাই নুফুৰে।
সময়ৰ শৰ (সুযোগৰ সদ্ব্যৱহাৰ): সময়ৰ শৰ সময়ত মাৰিলেহে আশা কৰা ফল লাভ কৰিব পাৰি।
হুৱা-দুৱা (হৈ-চৈ, হাহাকাৰ): বোমাতংকত হুৱা-দুৱা লাগিল সভাত উপস্থিত লোকৰ মাজত।
উপজি পুৱা (নিচেই পুরা): ছাত্র-ছাত্রীয়ে উপজি পুৱাতে উঠি অধ্যয়ন কৰিব লাগে।
কপাল ফুলা (সৌভাগ্য উপস্থিত হোৱা): লটাৰীত এক কোটি টকা পোৱাত ৰহিমৰ কপাল ফুলিল।
কপাল ফুটা (দুর্ভাগ্যই দেখা দিয়া): হৰিৰ দেউতাক শয্যাশায়ী হোৱাৰ পৰা হৰিৰ কপাল ফুটিল।
চুকৰ ভেকুলী (একো নজনা লোক): আজিৰ বিশ্বত চুকৰ ভেকুলী হৈ থাকিলে সকলোৱে ঠগাই খাব।
মুখলৈ চা (আশা কৰ): আনৰ মুখলৈ চাই থাকিলে এতিয়া কাৰো পেট নভৰে।
কণাৰ লাখুটি (অসহায়ৰ সহায়): ল’ৰা-ছোৱালীহালেই বৃদ্ধ মাক-বাপেকৰ বাবে কণাৰ লাখুটি স্বৰূপ।
হাত টান (কৃপণ): হাত টান ব্যক্তিয়ে উপাৰ্জন কৰাৰ যি কষ্ট তাকহে জানে, উপভোগ কৰিব নাজানে।
চকুৰ মণি (অতি আদৰৰ): মাক-বাপেকৰ বাবে তেওঁলোকৰ সন্তান সদায়ে চকুৰ মণি।
পানীৰ তলৰ কাঁইট (অজাত শত্রু): আমি সজাগ হৈ নাথাকিলে পানীৰ তলৰ কাঁইটে যিকোনো সময়তে বিপদ ঘটাব পাৰে।
আটোম-টোকাৰি (পৰিপাটী): আমি প্রত্যেকেই নিজৰ ঘৰখন আটোম-টোকাৰিকৈ ৰাখিবলৈ চেষ্টা কৰিব লাগে।
চকুৰ পচাৰতে (হঠাতে): বাছখন চকুৰ পচাৰতে বাগৰি পৰিল; ঘটনাৰ একো উৱা- দিহেই নাপালোঁ।
গা-বাই চা (চেষ্টা কৰি চা): ইমানকৈ গা বাই চোৱাৰ পাছতো ভাল ফল পোৱা
নগ’ল। উনৈশ-বিশ (ইফাল-সিফাল): তুমি ঘৰৰ বস্তুবোৰ উনৈশ-বিশ নকৰিবা।
সাতাম পুৰুষীয়া (চিৰকলীয়া): সাতাম পুৰুষীয়া ৰীতি-নীতি এক মুহূৰ্ততে এৰি দিয়াটো
অকাল বতাহলৈ আঁঠা মেলা – অসময়ত কোনো কাম কৰিবলৈ চেষ্টা কৰা।
অকলে ঢোল পেটা – একেলগৰ কামৰ কৃতিত্ব নিজৰমুখে লোৱা।
অন্ধক মাটিৰ সৰু ডুলি – দৰিদ্ৰই নিস্ফল দান কৰা।
অঙুলিৰ টিপত নাচোৱাকৈ মণিমুক্তা নাহে – পৰিশ্ৰম নকৰাকৈ সফলতা নাহে।
অগ্নিপৰীক্ষা দিব – কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ব।
অজানক বাওঁ নলগা – অচিন লোকক অশ্ৰদ্ধা নকৰা।
অতি জানে ডাঙৰী ঘাট মেলে – অধিক জানি উপহাসৰ পাত্ৰ হ’ব।
অন্ধকাৰ ভেদ কৰা – বুজা কঠিন।
অকালৰ মৃত্যু – অকালতে মৃত্যু।
অন্ধৰ আগত চাকি জ্বলোৱা – বেকাৰ কাম কৰা।
কাণে ধৰা – শাস্তি পোৱা।
কাষ লৈ চোৱা – অতি গভীৰভাবে পৰীক্ষা কৰা।
কাণে সানি চোৱা – পৰীক্ষা কৰা।
কঠিন সময়ৰ সন্মুখীন – দুৰ্ভাগ্যৰ সময়ত পৰা।
কৃষ্ণ পক্ষৰ ৰাতি – অতি অন্ধকাৰ।
ক’তবাইৰ দুৱাৰ – অসম্ভৱৰ প্ৰয়াস।
কেনেকৈ যাবা জানিব পৰা নাই – বিপদত পৰি কি কৰিব নজনাৰ অৱস্থা।
কাৰো দোষ নাই – কোনো দোষ নাই।
কালক টানি লোৱা – সময় নষ্ট কৰা।
কঠিন সিদ্ধান্ত লোৱা – কঠিন পৰিস্থিতিত সিদ্ধান্ত লোৱা।
খোজ মিলাই চলা – একেলগে আগবঢ়া।
খৰাহী হোৱা – পৰিশ্ৰান্ত হোৱা।
খৰখেদা মাৰি উঠা – একেৰাহে শ্ৰেষ্ঠ হ’ব।
খাম খোৱা – কষ্ট কৰা।
খালকে গ’ল নাপাৰিলে, মলম চোপা – ব্যৰ্থতা।
খুউব দুখ পোৱা – অতি দুখিত হোৱা।
খোল ছেটীয়া হওঁক – দৰকাৰ নহ’ল।
খাওঁ, নহ’লে চিঞৰ – ইচ্ছাৰ প্ৰতিফলন।
খোজ ৰখা – আগবঢ়া।
খাৰখুটি ধৰিলে নাই – কোনো শিকাৰ নাই।
গধুৰ পদক্ষেপ – বিপদৰ বেগ।
গাঁওৰ পথাৰ ফালি উলাইছে – মহা কৃতিত্ব।
গছৰ ছাঁত উঠিব – আশ্ৰয় বিচাৰি ফুৰা।
গছৰ ডাল ভাঙিব – বিপদৰ সূচনা।
গঙ্গাজললৈ জাবনা মেলা – অৱহেলা কৰা।
গভীৰ সাগৰ – বিপদৰ ঘাঁটি।
গাখীৰ চিজিল – কষ্টৰ ফল।
গপল চুৰি কৰা – ঠগোৱা।
গভীৰ চিন্তা কৰা – গভীৰ চিন্তাৰ মাজত থাকিব।
গীতৰ ছন্দত বাচি থাকা – সুখেৰে জীয়াই থাকিব।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2018
২১। খাই পাত ফলা, আলাসৰ লাডু, ন দি ক, ভিৰাই লৰ মাৰ। [HSLC’18]
খাই পাত ফলা (অশলাগী, উপকাৰীৰ উপকাৰ পাহৰা): খাই পাত ফলা লোকক উপকাৰ কৰি একো লাভ নাই।
আলাসৰ লাডু (অতি মৰমৰ): আইতাকৰ বাবে নাতিনী আলাসৰ লাডু।
ন দি ক (ডাঠি ক, জোৰ দি ক, বিশ্বাস অহাকৈ ক): এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ যে হমেই ন দি কব পাৰোঁ।
ভিৰাই লৰ মাৰ (পেলোৱা): সচাঁ কথা কোৱাৰ লগে লগে সি ভিৰাই লৰ মাৰিলে।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2017
২০। উলহ মালহ, আঁচলৰ ধন, ৰমক-জমক, এৰা ধৰা। [HSLC’17]
উলহ মালহ (আনন্দ উৎসৱ সহ): ভাৰতীয় ক্ৰিকেট দলটিয়ে অন্তিমখন খেল জিলাত চৌদিশে উলহ মালহ পৰিৱেশ দেখিব পোৱা গৈছে।
আঁচলৰ ধন (অতি মৰমৰ): একমাত্ৰ জীয়ৰী ইন্দিৰা গান্ধী, পিতৃ জৱাহৰলাল নেহৰুৰ আঁচলৰ ধন আছিল।
ৰমক-জমক (বৰ্ণাঢ্য): সৰ্বশেষত এখনি ৰমক জমক অনুষ্ঠান অনুষ্ঠিত হৈছিল।
এৰা ধৰা (ভালকৈ মনপুতি নলগা): এৰা ধৰা মনোভাৱৰে কোনো কামতেই সফল হ’ব নোৱাৰি।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2016
১৯। ৰমক জমক, উলহ মালহ, ডলাৰ বগৰী, তলা-নলা। [HSLC’16]
ৰমক-জমক (জিলমিলাই থকা): সৰু সৰুল’ৰা-ছোৱালীবিলাকে অতি ৰমক জমকৰে নিজৰ জন্ম দিনটো পালন কৰিব বিচাৰে।।
উলহ মালহ (আনন্দ উৎসৱ সহ): ঘৰৰ একমাত্ৰ ছোৱালীজনী শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাত ঘৰত এক উলহ মালহ পৰিবেশ।
ডলাৰ বগৰী (অনাই বনাই ঘূৰি ফুৰা): ডলাৰ বগৰী হৈ ফুৰিলে জীৱনত উন্নতি কৰিব নোৱাৰি।
তলা-নলা (আঁতি গুৰি): তলা-নলা নজনাকৈ কোনো কথাৰে মন্তব্য দিব নালাগে।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2015
১৮। উখল মাখল, আঁচলৰ ধন, উৰহীৰ ওৰ, জয়দেউ কাকূতি। [HSLC’15]
উখল মাখল (কিবা কাম কৰিবলৈ আয়োজনকৰোঁতে হোৱা আলোচনা): ইমান উখল মাখল হৈছে যে একো শুনিব নোৱাৰা হৈছোঁ।
আঁচলৰ ধন (অতি মৰমৰ): মোৰ জীয়েকজনী মোৰ বাবে আঁচলৰ ধন।
উৰহীৰ ওৰ ( আচল কথা): উৰহীৰ ওৰ ওলাই পৰাত ঘটনাটো সকলোৱে বুজি পালে।
জয়দেউ কাকূতি (অতি অনুনয়-বিনয়): মানুহজনে কত জয়দেউ কাকূতি কৰিলে, তথাপি তেওঁৰ অন্তৰ নগলিল।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2014
১৭। উখল মাখল, জাকত জিলিকা, আশা ভৰসা, মন বান্ধ খা। [HSLC’14]
উখল মাখল (কিবা কাম কৰিবলৈ আয়োজন কৰোঁতে হোৱা আলোচনা): উখল-মাখল পৰিৱেশতো বহুতো কথা শিকিব পৰা যায়।
জাকত জিলিকা (অতি সুন্দৰ): ছোৱালীজনী দিনে দিনে জাকত-জিলিকা হৈ উঠিছে।
আশা ভৰসা (আশ্ৰয়): বিপদৰ সময়ত ঈশ্বৰেই একমাত্ৰ আশা-ভৰসা।
মন বান্ধ খা (মন দমা): মন বান্ধ খালেহে কামত সফলতা লাভ কৰিব পাৰি।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2013
১৬। ধোদৰ পচলা, হাত লৰ, চকু চৰহা, কাণে কাণ মাৰি। [HSLC’13]
ধোদৰ পচলা (এলেহুৱা, অকামিলা): ধোদৰ পচলা হৈ ঘূৰি ফুৰিলে একো কামত নাহে।
হাত লৰ (চোৰ স্বভাৱ): হাত লৰ স্বভাৱৰ মানুহৰ লগত মিতিৰালি পাতিলে নিজৰহে বিপদ।
চকু চৰহা (আনৰ ভাল দেখিব নোৱাৰা): চকু চৰহা লোক সদায়ে মানসিক অস্থিৰতাত ভোগে।
কাণে কাণ মাৰি (কোনোমতে, কথমপি): পৰীক্ষাত সি কাণে কাণ মাৰি উত্তীৰ্ণ হোৱাত ভাল কলেজত নামভৰ্তি কৰিব অসুবিধা পাই আছে।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2012
১৫। জাকত জিলিকা, ডলাৰ বগৰী, বগলী ভকত, গাই বাই চা। [HSLC’12]
জাকত জিলিকা ( বিখ্যাত, নামজলা): মহাত্মা গান্ধী এগৰাকী জাকত জিলিকা নেতা।
ডলাৰ বগৰী (ঘনাই মত বা বাসস্থান সলোৱা মানুহ): ডলাৰ বগৰীৰ দৰে হ’লে একো কামত নাহে।
বগলী ভকত (মিছলীয়া সাধু): সম্প্ৰতি বগলী ভকতৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে।
গাই বাই চা (কৈ মেলি চা, কাকূতি-মিনতি কৰ): হাত থকা মানুহৰ ওচৰত গাই বাই চালেও টকা পইচা নিদিলে চাকৰি পোৱাৰ আশা নাই।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2011
১৪। উখল মাখল, কুন্দত কটা। [HSLC’11]
উখল মাখল (কিবা কাম কৰিবলৈ আয়োজন কৰোঁতে হোৱা আলোচনা): বিয়া পাতিবলৈ লোৱাত ঘৰখনত উখল মাখল লাগি পৰিছে।
কুন্দত কটা (ধুনীয়া, নিপোটল): ছোৱালীজনী ইমান ধুনীয়া যেন কুন্দত কটাহে।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2010
১৩। আকাশ কুসুম, পানীৰ তলৰ কাঁইট। [HSLC’10]
আকাশ কুসুম (মনৰ মিছা কল্পনা): আকাশকুসুমত সময় কটায় কোনো লাভ নাই।
পানীৰ তলৰ কাঁইট (গোপন শত্ৰু): আমি সকলোৱে পানীৰ তলৰ কাঁইটক চিনিব পৰাকৈ বুদ্ধিমান হ’ব লাগে।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2009
১২। বিনা মেঘে বজ্ৰপাত, আমন-জিমনকৈ, উলহ মালহ, ডলাৰ বগৰী। [HSLC’09]
বিনা মেঘে বজ্ৰপাত (অভাৱনীয় ভাৱে, অকস্মাৎ বিপদ অহা): আমন-জিমনকৈ (মনমৰা) : বেয়া খবৰটো পাই সি আমন-জিমনকৈ বহি আছে।
উলহ মালহ (আনন্দ উৎসৱ সহ): বহু দিনৰ মূৰত ল’ৰাজন ঘৰলৈ ঘূৰি অহাত ঘৰখনত এক উলহ মালহ পৰিৱেশে বিৰাজ কৰিছে।
ডলাৰ বগৰী (ঘনাই মত বা বাসস্থান সলোৱা মানুহ): সৰু সৰু ল’ৰা-ছোৱালীবিলাক গোটেই দিনটো ডলাৰ বগৰীৰ দৰে ঘূৰি থাকে।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2008
১১। পানীৰ তলৰ কাঁইট, চকুৰ কুটা দাঁতৰ শাল। [HSLC’08]
পানীৰ তলৰ কাঁইট (গোপন শত্ৰু) : পানীৰ তলৰ কাঁইটে ক’ত কি বিপদ ঘটায় ক’ব নোৱাৰি।
চকুৰ কুটা দাঁতৰ শাল (শত্ৰু, দেখিব নোৱাৰা) : আনৰ চকুৰ কুটা দাঁতৰ শাল হৈ লাভ নাই।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2007
১০। পেটে ভাতে খা, নাকত তেল দি শোৱা, চকু দিয়া, দুই নাও দুই ভৰি হোৱা। [HSLC’07]
পেটে ভাতে খা (কোনোৰকমে খাই লৈ চলি থাক): দাম বৃদ্ধি পালেই দৰিদ্ৰ লোকৰ পেটে ভাতে খাই জীয়াই থকাই টান হৈ পৰে।
নাকত তেল দি শোৱা (কোনো চিন্তা-ভাবনা নোহোৱাকৈ থকা): তোৰ সকলো কাম আনে কৰিব যেতিয়া তই নাকত তেল দি শুই থাক।
চকু দিয়া (নজৰ ৰখা): ল’ৰা-ছোৱালীয়ে যাতে অসৎ সংগ নলয় তাৰ প্ৰতি মাক-পিতাকে চকু দিয়া উচিত।
দুই নাও দুই ভৰি হোৱা (কি কৰোঁ কি নকৰোঁ অৱস্থা হোৱা): দুই নাও দুই ভৰি হোৱাতকৈ শান্ত হৈ বাট মোকোলোৱাটোয়েই শ্ৰেষ্ঠ।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2006
৯। পানীৰ তলৰ কাঁইট, টুপাই বুৰ মাৰ, খাই পাত ফলা, ধোদৰ পচলা। [HSLC’06]
পানীৰ তলৰ কাঁইট (গোপন শত্ৰু): পানীৰ তলৰ কাঁইটৰ দৰে দেশখনৰ অনিষ্টকাৰী লোক কিমান আছে ধৰিব নোৱাৰি।
টুপাই বুৰ মাৰ (আসৈ মাত): অকৃতজ্ঞ লোকক সহায় কৰিলেও সহায় পোৱা নাই বুলি টুপাই বুৰ মাৰে।
খাই পাত ফলা (অশলাগী, উপকাৰীৰ উপকাৰ পাহৰা): খাই পাত ফলা লোকক উপকাৰ কৰি একো লাভ নাই।
ধোদৰ পচলা (এলেহুৱা, অকামিলা): ধোদৰ পচলা হৈ ঘূৰি ফুৰিলে আজিৰ দিনত মুখ নভৰে।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2005
৮। উভৈনদী, কাণ বাগৰা, গাজত লগা, হাত টান। [HSLC’05]
উভৈনদী (অপৰ্যাপ্ত, উপচি): ভাগ্য ভাল হ’লে মানুহৰ ধনে-ধানে উভৈনদী হৈ পৰিছে।
কাণ বাগৰা (লোকৰ মুখে শুনা): কাণ বাগৰা কথাত বিশ্বাস কৰিব নালাগে।
গাজত লগা (হিয়াত লগা, মৰ্মান্তিক, হৃদয় বিদাৰক): গাজত লগা কথাই অন্তৰত বৰ দুখ দিয়ে।
হাত টান (কৃপণ): হাত টান মানুহে সজ কামতো ধন খৰচ কৰিব নোৱাৰে।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2004
৭। চকু চৰহা, মুখ লাগ, হাতত সাৰে ভৰিত সাৰে, পেটে ভাতে খা। [HSLC’04]
চকু চৰহা (আনৰ ভাল দেখিব নোৱাৰা): চকু চৰহা লোকে আনৰ ভাল হোৱা সহ্য কৰিব নোৱাৰে।
মুখ লাগ ( আনৰ লোভ লগাৰ পৰা পীড়া হ, শ্ৰীহীন হ): মুখ লগা কাৰণেই সুন্দৰ কলথোক নষ্ট হ’ল।
হাতত সাৰে ভৰিত সাৰে (কোনো সাৰ-সুৰ নোহোৱাকৈ): সি শুই থাকোঁতেই চোৰটোৱে তাৰ কাষৰেই হাতত সাৰে ভৰিত সাৰে গৈ বস্তুকেইপদ লৈ গ’ল।
পেটে ভাতে খা (কোনোৰকমে খাই লৈ চলি থাক): আজিকালি আনকি দুখীয়া লোকৰো পেটে ভাতে খাই চলাই টান হৈ পৰিছে।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2003
৬। অজীন পাতকী, হাত টান, গাই বাই চা, ন দি ক, পাবত গজা।[HSLC’03]
অজীন পাতকী (দুষ্ট): অজীন পাতকী লোকে য’তে ত’তে অঘটন ঘটাই ফুৰে।
হাত টান (কৃপণ): হাত টান মানুহৰ পৰা ধাৰৰ আশা নকৰাই শ্ৰেষ্ঠ।
গাই বাই চা (কৈ মেলি চা, কাকূতি-মিনতি কৰ): প্ৰধানৰ ওচৰত গাই বাই চাইহে তাৰ সন্তানটিৰ নামভৰ্তি ঠিক হ’ল।
ন দি ক (ডাঠি ক, জোৰ দি ক, বিশ্বাস অহাকৈ ক): অসত্য কথাক সত্য বুলি কোনেও ন দি ক’ব নোৱাৰে।
পাবত গজা (অস্বাভাৱিক): পাবত গজা নেতাই দেশৰ কল্যাণ সাধিব নোৱাৰে।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2001
৫। কাণে কাণ মাৰি, কপাল ফুল, বুকুৰ কুটুম, গা গধুৰ।[HSLC’02]
কাণে কাণ মাৰি (কোনোমতে, কথমপি): পৰীক্ষাত কাণে কাণ মাৰি উত্তীৰ্ণ হ’লে ভাল কলেজত নামভৰ্তি কৰিব পৰা নাযায়।
কপাল ফুল (সৌভাগ্য উদয় হ): চাৰিওজন পুতেক চাকৰিত সোমোৱাত মাক-বাপেকৰ কপাল ফুলিল।
বুকুৰ কুটুম (অতি আপোন): বুকুৰ কুটুমজনৰ প্ৰতি় সদায়ে মৰমীয়াল হোৱা উচিত।
গা গধুৰ (লেধা, কামধীৰ): গা গধুৰ লোকে কামবোৰ সোনকালে কৰিব নোৱাৰে।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2001
৪। বুকুৰ কুটুম, কাণ কটা, ঘৰপতা, হাত লৰ। [HSLC’01]
বুকুৰ কুটুম (অতি আপোন) : বুকুৰ কুটুমজনৰ অন্যায় কোনেও সহ্য কৰিব নোৱাৰে।
কাণ কটা (দুষ্ট) : কাণ কটা স্বভাৱৰ লোকক কোনেও ভাল নাপায়।
ঘৰ পতা (বিয়া বাৰু হ) : বয়স হ’ল, ছোৱালী চাই সোনকালে ঘৰখন পাত।
হাত লৰ (চোৰ স্বভাৱ) : হাত লৰ স্বভাৱৰ মানুহে পালেই আনৰ বস্তু নিবলৈ বিচাৰে।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 2000
৩। লোকান্তৰ ঘটা, চকু গজা, থেৰোগেৰোঁ কৰা, চকু দিয়া। [HSLC’2000]
লোকান্তৰ ঘটা (মৃত্যু হোৱা) : বহুদিন বেমাৰত ভুগি থাকি অৱশেষত মানুহজনৰ লোকান্তৰ ঘটিল।
চকু গজা (বুজন হ, জনা হ) : কিতাপ কেইখনমান পঢ়াৰ পিছতহে তাৰ চকু গজিছে।
থেৰোগেৰোঁ কৰা (কোনো কাম কৰোঁ নকৰোঁ কৰা অৱস্থা) : এলেহুৱা লোকে কাম কৰিবলগীয়া হ’লেই থেৰোগেৰোঁ কৰে।
চকু দিয়া (নজৰ ৰখা) : আমাৰ কাম-কাজৰ দ্বাৰাই পিতৃ-মাতৃ যাতে অসন্তুষ্ট নহয় তাৰ প্ৰতি আমি চকু দিয়া উচিত।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 1999
২। দলনিত পোনা মেলা, ঢৌতে খৰ মাৰ, দুই নাও দুই ভৰি হোৱা, ইহলীলা সম্বৰণ কৰা। [HSLC’99]
দলনিত পোনা মেলা ( আলাই-আথানি কৰ): বানপানীয়ে গাঁৱৰ ৰাইজক দলনিত পোনা মেলিলে।
ঢৌতে খৰ মাৰ (ব্যস্ততাৰ মাজতেই সময় উলিয়াই): পৰীক্ষাৰ বাবে প্ৰস্তুত চলাও ঢৌত খৰ দি মোহনে ঘৰৰ দায়িত্ব পালন কৰিছিল।
দুই নাও দুই ভৰি হোৱা ( কি কৰোঁ কি নকৰোঁ অৱস্থা হোৱা): ইমানবোৰ কাম কৰিবলগীয়া হোৱাত মোৰ দুই নাও দুই ভৰি হোৱাৰ দৰে হৈছিল।
ইহলীলা সম্বৰণ কৰা (মৃত্যু হোৱা): বহু দিন ধৰি বেমাৰত ভুগি থাকি অৱশেষত মানুহজনে ইহলীলা সম্বৰণ কৰিলে।
খণ্ডবাক্য বা জতুৱা ঠাঁচ: HSLC 1998
১। বুকুৰ কুটুম, পানীৰ তলত কাঁইট, সাত সৈয়াকণী, চকুৰ কুটা দাঁতৰ শাল। [HSLC ’98]
বুকুৰ কুটুম (অতি আপোন): বুকুৰ কুটুমৰ লগতে সকলোকে মৰম – চেনেহ কৰা উচিত।
পানীৰ তলৰ কাঁইট (গোপন শত্ৰু): পানীৰ তলৰ কাঁইটৰ উৱাদিহ পোৱাটো সহজ নহয়।
সাত ঘাটৰ সৈয়াকণী (অতি চতুৰ, অতি দুষ্ট): জীৱ – জন্তুৰ ভিতৰত শিয়ালেই হৈছে সাত ঘাটৰ সৈয়াকণী।
চকুৰ কুটা দাঁতৰ শাল (শত্ৰু, দেখিব নোৱাৰা): পাকিস্তানৰ বাবে ভাৰত চকুৰ কুটা দাঁতৰ শাল।
খণ্ডবাক্য বা জতুৱা ঠাঁচৰ শেষ বাক্য হিচাপে
শেষ বাক্য হিচাপে খণ্ডবাক্য বা জতুৱা ঠাঁচৰ একো কবলৈ নাই তথাপি আমি এষাৰ কথা উল্লেখ কৰিব লাগিব যে ১৯৯৮ -২০১৮ লৈ অহা HSLC Final Exam ত অহা খণ্ডবাক্য বা জতুৱা ঠাঁচৰ উদাহৰণ আমি আলোচনা কৰিছোঁ আৰু আমি দৃঢ় বিশ্বাসী যে আগন্তুক HSLC Final Exam or HS Final Exam ত ইয়াৰ পৰাই প্ৰশ্ন থাকিব।
Bohut xohai hoise mur
Thank you so much for the valuable comment.
Thanks you so much sir
It’s very halpful
2024 ত hs r common questions dibo paribo Niki?