বিহু আনন্দীয়া
বিহু বিনন্দীয়া
বিহুৰ মৌ-মিঠা মাত;
বিহুৰ বা-লাগি
বিহুৱা ককাইৰ ঐ
দেওধনি লাগিছে গাত।
আৰম্ভণি:
সৃষ্টিৰ সফলতাত, কৃতকাৰ্যতাৰ আনন্দত অন্তৰৰ অনন্ত অনুভূতি হিয়া উজাৰি সুললিত, সুশ্রাব্য ভাষাৰে, সুকুমাৰ অংগী-ভংগীৰে প্ৰকাশ কৰাটোৱেই মানুহৰ সহজাত প্রবৃত্তি। নৃত্য, গীত সেই সহজাত সুকুমাৰ প্ৰবৃত্তিৰে মূৰ্ত প্ৰকাশ। বিহুৰ উৎপত্তিৰ উৎসও সেই সহজাত প্রবৃত্তিৰ প্ৰকাশৰেই নিদর্শন। আদিম মানৱে সভ্যতাৰ সোপানত এখোজ দুখোজকৈ আগবাঢ়ি অহাৰ লগে লগে খাদ্য-সম্ভাৰ লাভৰ, চিকাৰ লাভৰ, কৃষি কাৰ্যৰ কৃতকাৰ্যতাত, শাৰীৰিক শ্ৰমৰ বিৰতিৰ পাছত আজৰি সময়ত মনৰ অসীম আনন্দ প্রকাশ কৰিছিল-উচ্চ স্বৰে, অংগ-চালনাৰে। ই আছিল অনুভূতিৰ স্বতঃস্ফূর্ত মূৰ্ত প্রকাশ। এই প্রকাশ ব্যক্তিকেন্দ্রিক নহৈ সামূহিকভাৱেহে হয় আৰু সেয়ে শেষত সামাজিক উৎসৱত পৰিণত হয়। বিহুৰ উৎপত্তিও সেই সামাজিক তথা সামূহিক আনন্দ প্রকাশৰে ফলশ্রুতি।
বিহুৰ উৎপত্তি:
বিহু নামটিৰ উৎপত্তি সম্বন্ধে বিভিন্ন পণ্ডিতৰ বিভিন্ন মত। বিষুব সংক্রান্তিত বিহু উদ্যাপিত হয় বাবে বিষুৱ শব্দৰপৰাই বিহু শব্দৰ উৎপত্তি হোৱা বুলি বহু পণ্ডিতে কয়। বহু লোকৰ মতে বড়ো ভাষাৰ বৈখ্যু শব্দৰপৰাহে বিহু শব্দৰ উৎপত্তি। বৈদিক বিশ শব্দৰ অৰ্থ প্রজাসমূহ। প্রজাসমূহে পালন কৰা বাবে ৱিশ শব্দৰপৰা বিশু আৰু বিশুৰপৰাই বিহু হোৱাটোও আচৰিত নহয়।
অসমীয়া জাতীয় জীৱনত বিহুৰ প্ৰভাৱ:
বিহু নামৰ উৎপত্তি য’ৰেপৰাই নহওক, বিহু অসমীয়াৰ জাতীয় উৎসৱ। জাতীয় জীৱনৰ সকলো উচ্ছ্বাস, আশা-আকাংক্ষা, আনন্দ, আবেগ-অনুভূতি বিহুৰ লগত ওতপ্রোতভাবে জড়িত। এক কথাত ক’বলৈ হ’লে বিহুৱেই অসমীয়া জাতিৰ প্ৰাণ; অসমীয়া জাতিৰ প্ৰাণৰ প্ৰতিটো স্পন্দন, প্রতিটো নিশ্বাস-প্রশ্বাস, প্রতিটো অনুভূতি, জীৱনৰ কামনা-বাসনা, আগ্রহ, হেঁপাহ বিহুৰ বুকুতেই চিৰ প্ৰবাহিত, চিৰ প্ৰতিফলিত হৈ আহিছে। বিহু-গীতৰ সুৰে সুবে, ছন্দে ছন্দে, তালে তালে প্রতিভাত হয় অসমীয়া জাতীয় জীৱনৰ সৰলতা, উদাৰতা, আতিথ্যেয়তা আৰু সৰ্বতোপৰি স্ৰষ্টাৰ অসীম সৌন্দর্যময় সৃষ্টিৰ প্রতি অনাবিল ভালপোৱাৰ বাংময় প্রকাশ। বিৰ লগত অসমীয়া জাতিব প্রাণ এনেভাবে সাঙোৰ খাই আছে যে বিহুক বাদ দি অসমীয়া জাতিৰ কৃষ্টি, সংস্কৃতি, সভ্যতা, আনকি সাহিত্যৰ বৰ মজিয়াখনো উৰুঙা হৈ পৰিব।
কাতি বিহু:
প্ৰকৃতিৰ অনবদ্য সম্ভাৰেৰে জন্মকীয়া অসমীৰ বুকুৰ বিহুও প্রাকৃতিক পৰিৱেশৰ লগতেই ওতপ্রোতভাবে বিজড়িত। শৰতৰ সুনিৰ্মল ৰিক্ ৰিক্ বা-ৰ মৃদু-মধুৰ পৰশে প্ৰকৃতিৰ বুকুৰ মনোৰম সেউজীয়া ৰূপেৰে বসুন্ধৰাক সেউজীয়া দলিচা সজাই থুপি থুপি ফুলৰ মালাৰে মনোৰমা কৰি তোলাৰ সময়তে আহিনৰ সংক্ৰান্তিত কাতি বিহু হয়। সেউজীয়া শস্যৰে বুকু ওপচাই অসমীয়া জাতিৰ অন্তৰত আশাৰ হেঙুলীয়া ৰেঙনি বিৰিঙাই তোলে এই সময়ছোৱাত। লখিমীয়ে সেউজীয়া পথাৰত থিত লৈ লিহিৰি আঙুলিৰে শস্যৰ শিৰত মধুৰ পবশ বুলাই ধৰাক বিনন্দীয়া কৰি তোলে। অসমীয়া জাতিয়ে তুলসী তলৰ বস্তিৰ জেউতিৰে পথাৰৰ লখিমীক ভঁৰাললৈ অহাৰ বাট দেখুৱাই দিয়ে। আকাশ-বাতি জ্বলাই লখিমীৰ আগমনৰ পূর্বাভাস জগতক জনাই দিয়ে। এয়াই কাতি বিহুৰ বিশেষত্ব।
মাঘ বিহু:
পথাৰৰ সোণ বৰণীয়া লখিমী আহি ঘৰ সোমাই অসমীয়াৰ ওঁঠত শান্তিৰ সাৰ্থকতাৰ হাঁহি বিৰিঙাই তোলে আঘোণ-পুহ মাহত। কৃষিকার্যৰ কৃতকার্যতাই অসমীয়াৰ মনলৈ পৰম নিৰ্ভৰতা আৰু গভীৰ প্রশান্তি আনি দিয়ে। প্ৰকৃতিৰ মহান অৱদানৰ স্বীকৃতি জনাই, অনন্ত জনলৈ কৃতজ্ঞতাৰ শৰাই আগবঢ়াই গুরু-ভকতলৈ ন ধানৰ এমুঠি জা-জলপানৰ দিহা কৰি অসমীয়া জাতিয়ে পুহৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু উদ্যাপন কৰে। পথাৰে পথাৰে মেজিঘৰ সাজি হোম-যজ্ঞ পাতি হুতাশনরূপী অনন্তজনলৈ শ্রদ্ধা নিবেদন কৰা হয়। এই শ্রদ্ধা নিবেদন কৰোঁতে তলৰ মন্ত্ৰফাকি গোৱা হয় আৰু তাৰ পাছত আহুতি দিয়া হয়
অগ্নিং প্রজ্জ্বলিতং বন্দে চতুর্ব্বেদং হুতাশনং।
সুবর্ণ-বর্ণমমলং জ্যোতি ৰূপায় তে মনঃ।।
ইয়াৰ পাছত ভোজ-ভাত খোৱা হয়। গুব-ভকতক ঘৰলৈ মাতি আনি ন ধানৰ ন মুঠি জা-জলপান খুৱাই আশীর্বাদ লোৱা হয়। ম’হযুঁজ, কণীযুঁজ, কুকুৰা যুঁজ পাতি, কঁড়ি খেল, পাশা খেল, দবা খেল পাতি ৰঙেৰে ভোগালী বিহুৰ ৰং চৰোৱা হয়। বিহুৰ খোৱা-বোৱা, ৰং-ধেমালি, উলহ-মালহ গোটেই মাঘ মাহজুৰি চলে।
বঙালী বিহু:
প্রকৃতিৰ বুকুলৈ পৰিৱৰ্তন আহে। লঠঙা, গছে গছে, লতাই লতাই কোমল কুঁহিপাতে মধুৰ দিনৰ আগমনৰ সূচনা কৰে। বসন্তৰ মধুৰ পৰশ লাগি প্রকৃতি ফলে-ফুলে জাতিষ্কাৰ হয়, বিনন্দীয়া হয়। আমে মলিয়ায়, কঁঠালে মুচি পেলায়। কুলি, কেতেকী, মইনা, সখিয়তীৰ মধুৰ কাকলিয়ে প্রকৃতিৰ বুকুত তোলে ছন্দৰ মূৰ্চ্ছনা; অস্ফুট সংগীতৰ সুৱদি সুৰৰ লালিমাই প্রকৃতিৰ বুকুত তোলে মৃদু হিল্লোল।
প্ৰকৃতিৰ সেই বিপুল পয়োভৰৰ সময়তে চ’তৰ সংক্ৰান্তিৰ দিনা ৰঙালী বিহু। প্রথমদিনা গৰৰ বিহু। সেইদিনা গৰুৰ গাত মাহ-হালধি সানি নদীৰ ঘাটলৈ নি গা ধুৱাই গাত লাউ বেঙেনা মাৰি গোৱা হয়:-
“দীঘলতী দীঘল পাত মাখি মাৰোঁ জাত জাত
লাউ খা, বেঙেনা খা; বছৰে বছৰে বাঢ়ি যা।
মাৰ সৰু, বাপেৰ সৰু তই হ’বি বৰ গৰু।”
গধূলি ন-গুণীয়া নতুন পঘাৰে গৰু বান্ধি, ভৰি ধুৱাই, ধূপ-ধূনা জ্বলাই ন-বিচনীৰে বিচি জলপান খুওৱা হয়। মূল কথাত নতুন বছৰৰ লগে লগে গাত নতুন বল বান্ধি লৈ, নতুন উলাহেৰে হাল টানি, শস্য উৎপাদন কৰিবৰ কাৰণে সাজু হ’বলৈ গো-পূজা কৰা হয়। দ্বিতীয় দিনাৰপৰা মানুহৰ বিহু। বিহুৱান প্রদান আৰু পৰিধান এই বিহুৰ বিশেষত্ব। নৱাগত বছৰটো যাতে কোনো বেমাৰ-বিঘিনি নোহোৱাকৈ, বিপদ-আপদ, বতাহ-ধুমুহা আদিৰপৰা ৰক্ষা পৰি সুখ-শান্তিৰ মাজত অতিবাহিত কৰিব পাৰি, তাৰ কাৰণে তলৰ মন্ত্ৰটো নাহৰ পাতত লিখি দুৱাৰ মুখত আঁৰি থোৱা হয়:
“দেৱ দেৱ মহাদেব নীলগ্ৰীৱ জটাধৰ।
বাত বৃষ্টি হৰং দেৱ মহাদেব নমস্তুতে।”
ব’হাগ বিহু বঙৰ বিহু, আনন্দৰ বিহু। সীমাহীন আনন্দৰ উলহ-মালহ, উখল-মাখলেৰে অসমীয়া জাতীয় জীৱন আনন্দ-মুখৰ কৰি তোলে ৰঙালী বিহুৱে। বৰগছৰ তলত, মুকলি পথাৰত ঢোল, পেঁপা, গগনাৰ হিয়া উতলা কৰা ঐকতানে হিয়াত জগাই তোলে বিপুল উলাহ। মন মতলীয়া হয়, গা সাতখন আঠখন কৰি উঠে। বিহুগীতৰ খলকনি উঠে আকাশে-বতাহে, পৰ্বতে-কন্দৰে। লুইতৰ বুকু উথলি উঠে বিহুগীতৰ সুৰে-সুবে, তালে তালে, ছন্দে ছন্দে মন উৰোঁ উৰোঁ; প্রকৃতি জগতৰ জীৱ-জন্তুৰ বুকুতো উঠে সৃষ্টি কামনাৰ হিল্লোল। গীতৰ মাদকতাই বসুন্ধৰাকো কৰি তোলে শস্য সম্ভৱা। অসমীয়া জাতিৰ প্ৰাণৰ সৰ্ব উচ্ছ্বাস, সৰ্ব অনুভূতি- উন্মুক্তভাবে, উদ্দাম গতিৰে প্রবাহিত হয় এই বঙালী বিহুত। গাঁৱে-ভূঞে, নগৰে-চহৰে উৎসৱৰ ধূম উঠে। এই বিহুটো অসমীয়া জাতিৰ হাড়ে-হিমজুৱে প্ৰাণৰ ৰন্ধে বন্ধে কেনেভাবে জড়িত তাক তলৰ গীতফাঁকিয়ে প্রমাণ কৰে:
অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকো;
তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটি
নেপাতি কেনেকৈ থাকোঁ।
বহাগ বিহুৰ আন এটা বিশেষত্ব হুঁচৰি গোৱাটো। গৃহস্থৰ ঘৰে ঘৰে গৈ কুশলৰ অৰ্থে হৰিধ্বনি দি ঢোল, পেঁপা, গগনাৰ সুমধুৰ সমন্বয় তুলি নৃত্য-গীতেৰে মুখৰিত কৰি গৃহস্থক পুলকিত কৰাৰ লগতে দহ ভকতক সেৱা-সৎকাৰ কৰাটো যে অসমীয়া জাতিৰ স্বভাবজাত ধর্ম তাকেই সোঁৱৰাই দিয়া হয়। সেয়েহে বিহু গীতত কৈছে:
সামৰণি:
চ’ততে চকৰী
ব’হাগত বগৰী
জেঠতে আমনা ধান;
গৰুৰ বিহুৰ দিনাখন শৰাই আগ বঢ়াবা
তেহে পাবা বৈকুণ্ঠত থান।
মুঠতে বিহুৱেই অসমীয়া জাতিৰ সংস্কৃতি আৰু সভ্যতাৰ বৰ মজিয়াখন এদনীয়াভাবে দখল কৰি আছে। সেই বাবেই ই অসমীয়াৰ জাতীয় উৎসব আৰু ইয়াৰ মাজতেই অসমীয়া জাতি নিৰবচ্ছিন্নভাবে জড়িত হৈ আছে।