আপুনি যদি Google বা YouTube ত Assamese Essay on Favourite Book বুলি বিচাৰি আছে নেকি? যদি হয়, তেন্তে আজিৰ এই লিখনি (Favourite Book Essay in Assamese) য়ে আপোনাক বহুত সহায় কৰিব।
আজি আমি আপোনালোকৰ বাবে Assamese Essay on Favourite Book বা “প্ৰিয় গ্ৰন্থ” অসমীয়া ৰচনা লৈ আহিছোঁ যিয়ে আপোনাক HSLC/HS Final Exam ত বহুত সহায় কৰিব। তেন্তে আহক কোনো সময় অপচয় নকৰাকৈ আজি আমি Assamese Essay on Favourite Book আলোচনা কৰোঁ।
Assamese Essay on Favourite Book 2024 HS/HSLC Final Exam
অসমীয়া ৰচনা “প্রিয় গ্রন্থ”
ভূমিকা
পুথি অধ্যয়নে মানুহৰ মনৰ দিগন্ত প্ৰসাৰিত কৰে। কিতাপ পঢ়াটো পৃথিৱীৰ বহু ভাল কামৰ অন্যতম। খাদ্য, বস্ত্র, বাসস্থানৰ চাহিদা পূৰ হোৱাৰ পাছতে মানুহে অনুভৱ কৰা চাহিদাটোৱেই হ’ল পুথি অধ্যয়ন। কাৰণ পঢ়ালিখা কৰাৰে পৰা মানুহ উন্নতিৰ পথত দিনক দিনে আগবাঢ়ি গৈছে। পুথি অধ্যয়নৰ পৰাহে মানুহৰ মগজুৰ বিকাশ সম্ভৱ। পাঠ্যপুথিৰ বাহিৰেও সেয়ে ময়ো মোৰ মানসিক চাহিদা পূৰাব পৰাকৈ কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিছো। মোৰ প্ৰিয় গ্রন্থ হ’ল ‘জীৱনৰ বাটত’।
গ্ৰন্থখনৰ পৰিচয় আৰু কাহিনী ভাগ
অসমীয়া সাহিত্যৰ কাণ্ডাৰী, পণ্ডিত বিৰিঞ্চি কুমাৰ বৰুৱাই বীণা বৰুৱাৰ নামত লিখি উলিয়ালে অনুপম উপন্যাস ‘জীৱনৰ বাটত’। সৰ্বকালৰ সকলো পাঠকে ভাল পাব পৰা এটা নিটোল কাহিনী আছে ইয়াত। গাঁৱৰ এজনী সহজসৰল ছোৱালী তগৰ এজন শিক্ষিত ডেকা কমলাকান্তৰ প্ৰেমত পৰিল। বন্ধু কৃষ্ণ দত্তৰ ভনীয়েকৰ বিয়া খাবলৈ আহি ৰাংঢালী, ৰূপহী, কোমলমতীয়া তগৰ ফুলৰ দৰে তগৰক দেখি কমলাকান্ত ভোল গ’ল। বিয়াঘৰৰ উদুলি-মুদুলিৰ মাজত লাহে লাহে দুয়োৰে প্রেমে পোখা মেলিবলৈ আৰম্ভ কৰিছিল।
কিন্তু ভাগ্যৰ খেলা কোনে জানে, সফলতাৰ দিশত আগুৱাই যোৱা মেধাৱী কমলাকান্তৰ বাবে এটা সময়ত তগৰ এলাগী হৈ পৰিল। ক্ষন্তেক সময়ৰ মিলনতে অতি আবেগৰ বশৱৰ্তী হৈ গোপনে আঙঠি পিন্ধাই থৈ অহা গাঁৱৰ ছোৱালীজনী এদিন কমলাকান্তৰ বাবে পৰ হৈ গ’ল। ৰায়বাহাদুৰ মাণিক হাজৰিকাৰ যশ, গৌৰৱ, প্রতিপত্তিৰ চকমকনিত কেৰাণীৰ ল’ৰা কমলাকান্তই পাহৰি গ’ল তগৰৰ কথা। সময় বাগৰাৰ লগে লগে মাতৃহীনা তগৰকো পিতৃয়ে বিয়া দিলে ক্ষন্তেকৰ বাবে তগৰৰ মন পিছলা ধৰণী মাষ্টৰলৈ।
এই ঘটনাৰ পৰাই সলনি হৈ গ’ল সকলো। ঘাত-প্রতিঘাত, কষ্টৰে পাৰ হ’ল তগৰৰ সময়। ফুলৰ দৰে কোমল আৰু মৰমীয়াল তগৰৰ জীৱনলৈ অনেক পৰিৱৰ্তন আহিল। চঞ্চল, মিঠামুখীয়া সহনশীল তগৰক বয়সে টানি দিলে গহীন ওৰণি। তগৰ গুছি ধৰণী কলিতাৰ পৰিবাৰ তগৰ কলিতানী হ’ল, কমলিনীৰ মাক হ’ল। মূৰ পাতি ল’লে সাংসাৰিক দৈন্য, দুখ, অভাৱ, ৰুগীয়া স্বামীক। এদিন স্বামীহাৰা হৈ অন্ধকাৰ দেখিলে তগৰে। তথাপি বিচলিত নহৈ নিজৰ কৰ্তব্য সুকলমে কৰি গ’ল। কিন্তু জীৱন আৰু বিধিৰ বিধান কোনে জানে, প্রথমবাৰ লগ হওঁতেই যেনেকৈ এদিন কমলাকান্তৰ হাতত তামোল-পাণৰ খুন্দাত তেজ ওলাইছিল, জীৱনৰ বিয়লি পৰতো সেই ঘটনাৰে যেন পুনৰাবৃত্তি ঘটিল। বৰ্তমানৰ ৰায়বাহাদুৰৰ জোৱায়েক, ভৰা সংসাৰৰ গৰাকী কমলাকান্তৰ হাতত পৰিলহি যৌৱনৰ দিনতে তগৰক গোপনে পিন্ধোৱা আঙঠিটো। চমুকৈ এয়াই হ’ল জীৱনৰ বাটত নামৰ অনুপম উপন্যাসখনৰ কাহিনীভাগ।
ভাল লগাৰ কাৰণ
অতি সৰল আৰু নিভাঁজ অসমীয়া শব্দৰ ব্যৱহাৰ উপন্যাসখনৰ অন্যতম সম্পদ। অসমীয়া গাঁৱৰ সমাজখনক ইয়াত ইমান সুন্দৰকৈ ফুটাই তুলিছে যে যিকোনো পাঠকৰ বাবে ই উপভোগ্য হ’বই। উপন্যাস আৰম্ভ হৈছে এটি পদ্যৰে,
‘কাম চৰাইৰ ৰঙা ঠোট
তাতে দিলে দীঘল ফোঁট
পিতাদেউ পিতাদেউ
দূৰলৈ নিদিবি মোক..’
– যি গোটেই উপন্যাসখনকে প্রতিনিধিত্ব কৰিছে। ডঃ বিৰিঞ্চি কুমাৰ বৰুৱাই এনেদৰে গোটেই পৰিবেশ বৰ্ণনা কৰিছে যে চকুৰ আগত স্পষ্ট হৈ পৰিছে কোনো এখন গাঁৱৰ পৰিৱেশ। অতিৰিক্ত এনে এটা শব্দ নাই যিটো অদৰকাৰী বুলি বাদ দিব পাৰি। কেৱল কলমৰ শব্দৰে শক্তিশালী বর্ণনা দিব পৰা বীণা বৰুৱাৰ অনবদ্য সৃষ্টি ‘জীৱনৰ বাটত’। এগৰাকী নাৰীৰ মনৰ গভীৰত বুৰ মাৰিব পৰা অনুভৱ শক্তি আছে লেখকৰ। উপন্যাসখনৰ চৰিত্ৰ, সংলাপ, পৰিৱেশ ৰচনা, আৰম্ভণী, সামৰণি, উত্থান-পতন সকলো সুনিপুণ ৰূপত প্ৰকাশ হৈছে। তগৰ, মৌজাদাৰ, মৌজাদাৰনী, কৃষ্ণ দত্ত, কমলাকান্ত, গাঁৱৰ মানুহবোৰ, তেওঁলোকৰ চাল-চলন সকলোৱে মোৰ মন স্পর্শ কৰি যায়।
‘ভালপোৱাই মান-অপমানৰ বিচাৰ নকৰে, বিধি-অনুষ্ঠানলৈ বাট চাব নোখোজে….’ এনে সংলাপে চুই যায় মন। ‘বোৱাৰীয়েনো ধান নেবানো, পানী নানো বুলি কোন দিনা থিয় যুঁজ ধৰিছে?’ তগৰৰ কষ্ট সহ্য কৰিব নোৱাৰি অনাহকত তগৰক ব্যতিব্যস্ত কৰা মাকক ধৰণীয়ে কোৱা কথাষাৰে তগৰৰ দুৰ্দশাৰ কথাকে সংলাপৰ ৰূপত বৰ্ণনা কৰিছে। গাঁৱত ভাল-বেয়া, সৰল-কুটিল সকলো ধৰণৰ মানুহ থাকে, যাক সুন্দৰ ৰূপত প্ৰকাশ হৈছে। আৰম্ভণীতে কমলাকান্তৰ হাতৰ বটাৰ খুন্দাত কপালৰ তেজ ওলাই যোৱাটোৱেই শেষত গৈ কমলাকান্তই তগৰক দিয়া মর্মান্তিক আঘাতৰ কথাকে বুজালে। কাহিনীৰ, চৰিত্ৰৰ উত্থান-পতনৰ সাবলীল বর্ণনাই মোক অভিভূত কৰি তোলে।
সামৰণি
অসমৰ লোক-সংস্কৃতিৰ ক্ষেত্ৰতো অসীম অৱদান দিয়া বৰুৱাৰ ‘জীৱনৰ বাটত’ উপন্যাস অসমীয়া সাহিত্যৰ ভঁৰালৰ আপুৰুগীয়া সম্পদ। উপন্যাসখনৰ প্ৰতিটো অধ্যায়তে অসমৰ সৰল জীৱনৰ উপস্থাপনাই ইয়াক কালোত্তীর্ণ উপন্যাসৰ শাৰীত থিয় কৰাইছে। সুখপাঠ্য উপন্যাসখন এবাৰ পঢ়াৰ পাছত পুনৰবাৰ পঢ়িবৰ বাবে মন যায়। উপন্যাসখনৰ পাতে পাতে পোৱা অনবদ্য সাহিত্যিক ৰসে আমাৰ দৰে সাধাৰণ পাঠককো যুগ যুগ ধৰি অকৰ্ষণ কৰি ৰাখিব, ৰাখিছে।
Assamese Essay on Favourite Book PDF