ADVERTISEMENT

পদ | Assamese Grammar HSLC/HS 2024

আপুনি পদ কি বা পদ কাক বোলে আদি প্ৰশ্ন উত্তৰ ইয়াত আহিছে নেকি? যদি হয় তেন্তে আপুনি নিশ্চয় সঠিক স্থানত আহিছে। আজি আমি Assamese Medium ৰ এই আলোচনাত Assamese Grammar ৰ পদ (Parts of Speech in Assamese) ৰ বিষয়ে আলোচনা কৰিম। তেন্তে আহক আজি আমি তলত উল্লেখ কৰা বিষয়সমুহ বুজি লওঁ।

আপুনি যদি অসমীয়া ব্যাকৰণৰ এই বিষয়সমূহ অধ্যয়ণ কৰাৰ ওপৰিও Class 12 Assamese Question Answer পঢ়িব খোজে তেন্তে লিংকত ক্লিক কৰিব পাৰে। এই লিংকত জৰিয়তে আমি আপোনালোকৰ বাবে Class 12 Assamese Question Answer দিয়াৰ ওপৰিও Class 12 Assamese Question Answer PDF Notes ও দিয়াৰ ব্যৱস্থা কৰিছোঁ।

  • পদ কি বা পদ কাক বোলে?
  • পদৰ প্ৰকাৰ কি কি?
  • বিশেষ্য পদ কি?
  • সৰ্বনাম পদ কি?
  • বিশেষণ পদ কি?
  • ক্ৰিয়া পদ কি?
  • অব্যয় পদ কি?
পদ

Also Read:

পদ কাক বোলে?

কিছুমান অৰ্থপূৰ্ণ শব্দ যেতিয়া ব্যাকৰণিক বিধি মতে লগলাগি কোনো অৰ্থ প্ৰকাশ কৰে তেতিয়া তাক বাক্য (Sentence) বুলি কোৱা হয়। কোনো বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থব্যঞ্জক শব্দই একো একোটা পদ (Parts of Speech)। উদাহৰণ– ৰাম এজন ভাল ল’ৰা।

ওপৰৰ বাক্যটোত চাৰিটা অৰ্থব্যঞ্জক শব্দ আছে, যথা– ‘ৰাম’, ‘এজন’, ‘ভাল’ আৰু ‘ল’ৰা’। ইয়াৰ প্ৰতিটো শব্দই একো একোটা পদ।

গঠন আৰু বৈশিষ্ট্য অনুযায়ী অসমীয়া পদবোৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে, যেনে–

  1. সব্যয় পদ (Declinables)
  2. অব্যয় পদ (Indeclinables)

বাক্যত ব্যৱহাৰ হওঁতে বিভক্তি যুক্ত হৈ বাক্য ভেদে ভিন ভিন ৰূপ গ্রহণ কৰা শব্দবোৰক সব্যয় পদ বোলে। উদাহৰণ– গনেশ এজন শিক্ষক। ভাল শিক্ষকে ভালদৰে পঢ়ায়। ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকক শ্ৰদ্ধা কৰে।

উপৰি উক্ত প্ৰথম বাক্যটোত ‘শিক্ষক’ এটি পদ । এই পদটি দ্বিতীয় আৰু তৃতীয় বাক্যত ৰূপ সলাই ক্ৰমে ‘শিক্ষকে’ আৰু ‘শিক্ষকক’ হৈছে। অৰ্থাৎ ‘শিক্ষক’ পদটিৰ লগত দ্বিতীয় আৰু তৃতীয় বাক্যটিত বিভক্তি যোগ হৈছে। সেয়ে ‘শিক্ষক’ পদটি সব্যয় পদ।

আনহাতে বাক্যত ব্যৱহাৰ হওঁতে বিভক্তি যোগ নোহোৱা আৰু বাক্য ভেদে ভিন্ন ৰূপ গ্রহণ নকৰা শব্দবোৰক অব্যয় পদ বোলে। উদাহৰণ– ৰাজু বা প্রীতি তালৈ যোৱা। ৰামু আৰু তপু দুয়োজনেই ভাল ল’ৰা।

ADVERTISEMENT
ADVERTISEMENT

উক্ত বাক্য দুটাত ব্যৱহাৰ হোৱা ‘বা’ আৰু ‘আৰু’ পদ দুটি অব্যয় পদ। এই পদটিৰ লগত কোনো বিভক্তি যোগ হোৱা নাই।

অসমীয়া ভাষাৰ পদবোৰক মুঠতে পাঁচ ভাগত ভাগ কৰা হৈছে, যথা–

  1. বিশেষ্য (Noun)
  2. সৰ্বনাম (Pronoun)
  3. বিশেষণ (Adjective)
  4. ক্ৰিয়া (Verb)
  5. অব্যয় (Indeclinables)

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল ।

বিশেষ্য (Noun): যি পদে কোনো ব্যক্তি, বস্তু, ঠাই, গুণ আদিৰ নাম বুজায় তাকে বিশেষ্য পদ বোলে। অৰ্থাৎ নাম মাত্ৰেই বিশেষ্য। উদাহৰণ–

দিবেন এজন ল’ৰা।
হীৰা মূল্যবান ধাতু।
মাদ্রাজ ডাঙৰ চহৰ।
ক্ষমা মহান গুণ।

উক্ত বাক্যবোৰত ‘দিবেন’, ‘হীৰা’, ‘মাদ্রাজ ’, ‘ক্ষমা ’ আদি শব্দই ক্ৰমে মানুহৰ নাম, ধাতুৰ নাম, ঠাইৰ নাম আৰু গুণৰ নাম বুজাইছে। এইবোৰেই একো একোটা বিশেষ্য।

সবৰ্বনাম (Pronoun): বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদকে সৰ্বনাম পদ বোলে। উদাহৰণ–

ADVERTISEMENT

দিব্য এজন ভাল ছাত্ৰ।
তেওঁ অষ্টম শ্ৰেণীত পঢ়ে।

ওপৰৰ দুটা বাক্যৰ প্ৰথমটোত ব্যৱহাৰ হোৱা ‘দিব্য’ পদটো বিশেষ্য পদ। দ্বিতীয় বাক্যটোত ব্যৱহাৰ হোৱা ‘তেওঁ’ পদটি সবৰ্বনাম। কিয়নো ‘তেওঁ’ পদটি ‘দিব্য’ পদৰ সলনি ব্যৱহাৰ কৰা হৈছে।

কিছুমান বিশেষ্য পদৰ উদাহৰণ হ’ল– তাই, আমি, সি, তেওঁ, সিহঁত, তেওঁলোক, আমালোক, আপোনালোক, তেখেত, তেখেতসকল ইত্যাদি।

বিশেষণ (Adjective): যি পদে কোনো বিশেষ্য বা সর্ব্বনাম পদৰ গুণ, দোষ, অৱস্থা, সংখ্যা, পৰিমাণ আদি বুজায় তাকে বিশেষণ বোলে। উদাহৰণ–

কনক এজন ভাল ল’ৰা।
গীতা এজনী দুষ্ট ছোৱালী।
ডালিমটো পকা।
তত চাৰিখন কিতাপ আছে।
মোক দুই লিটাৰ মিঠাতেল দিয়া ।

ADVERTISEMENT

ওপৰৰ বাক্যবোৰত ব্যৱহাৰ হোৱা ‘ভাল’ ‘দুষ্ট’, ‘পকা’, চাৰিখন’, ‘দুই লিটাৰ’ আদি শব্দবোৰে ক্ৰমে গুণ, দোষ, অৱস্থা, সংখ্যা, পৰিমাণ আদিক বুজাইছে। এইবোৰেই বিশেষণ পদ।

ক্ৰিয়া (Verb): যি পদে কোনো কাম কৰা বা নকৰা অৰ্থ বুজায় তাকে ক্ৰিয়া বোলে। যেনে–

আমি আম খাওঁ।
তোমালোক আহিলা।
তাই এখন চিঠি লিখিছে।
সিহঁতে কামটো নকৰিলে।

ওপৰৰ বাক্যবোৰত ‘খাওঁ’, ‘আহিল’, ‘লিখিছে’, ‘নকৰিলে’ আদি পদে কোনো কাম কৰা, হোৱা বা নোহোৱা বুজাইছে। এই পদবোৰেই ক্ৰিয়া।

অব্যয় পদ (Indeclinables): বাক্যত ব্যৱহাৰ হওঁতে যি পদৰ লগত কোনো বিভক্তি যোগ নহয় তাকে অব্যয় পদ বোলে। উদাহৰণ–

ৰাজেন অথবা তেওঁৰ ভাইটিয়ে খিৰিকীটো ভাঙিলে।
ৰাম আৰু যদু দুয়ো বন্ধু।
তেওঁ বা তেওঁৰ বন্ধুয়ে ভাল খেলে।

ADVERTISEMENT

উক্ত বাক্য দুটাত ‘অথবা’, ‘নাইবা’ ‘আৰু’ ‘বা’ – পদকেইটি অব্যয় পদ।

ওপৰত আমি পদ কি বা পদ কাক বোলে ই কেই প্ৰকাৰৰ সেই বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমি ওপৰোক্ত আলোচনাৰ পৰা কি কি প্ৰশ্ন পৰীক্ষাত সুধিব পাৰে তাৰ কিছু আভাস দিবলৈ তলৰ অনুশীলনীত কিছু প্ৰশ্নৰ যোগান ধৰাৰ প্ৰয়াস কৰিছো।

অনুশীলনী: পদ

(১) পদ কাক বোলে?
(২) বৈশিষ্ট্য অনুযায়ী পদক কেই শ্ৰেণীত ভাগ কৰা হৈছে?
(৩) সব্যয় পদ বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা।
(৪) অব্যয় পদ বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।
(৫) বিশেষ্য বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।।
(৬) সৰ্বনাম বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।
(৭) বিশেষণ বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।
(৮) ক্ৰিয়া বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।
(৯) তলত দিয়া বাক্যবোৰৰ কোনটো কি পদ লিখা–

  • (ক) সিহঁত ভাল ।
  • (খ) সি এজন গুণী ছাত্র।
  • (গ) তাত তিনিখন কিতাপ আছে।
  • (ঘ) ৰাজেন এজন ভাল ডাক্টৰ ।
  • (ঙ) তুমি বা তাই দোষী।
  • (চ) দিল্লী ভাৰতৰ ৰাজধানী।
  • (ছ) তোমাৰ দেউতা এজন ভাল খেলুৱৈ।
  • (জ) সোন এবিধ মূল্যবান ধাতু।
  • (ঝ) দয়া এক মানৱীয় গুণ।
  • (ঞ) তুমি বা তোমাৰ ভন্টীয়ে কামটো কৰিলে।
ADVERTISEMENT
ADVERTISEMENT
ADVERTISEMENT

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

3 thoughts on “পদ | Assamese Grammar HSLC/HS 2024”

  1. ADVERTISEMENT

Leave a Comment

ADVERTISEMENT