বর্ণ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে Assamese Grammar আন এক গুৰুত্বপূৰ্ণ বিষয়। ই কেৱল Assamese Medium ৰ ছাত্ৰ ছাত্ৰীয়ে শিকিব লগা বিষয় নহয়, English Medium ৰ ছাত্ৰ ছাত্ৰীৰ বাবেও দশম মানলৈকে অসমীয়া বা Assamese MIL বাধ্যতামূলক আৰু সেই গতিকে Assamese Grammar পঢ়িব লাগিব।
আজি আমি ইয়াত আলোচনা কৰিব গৈ আছোঁ বৰ্ণ আৰু ইয়াৰ প্ৰকাৰ। ইয়াত আমি উচ্চাৰণৰ স্থান অনুযায়ী বৰ্ণ কেই প্ৰকাৰৰ আৰু কি কি (Classification of letters in Assamese Grammar) সেই বিষয়ে আলোচনা কৰিম।
বর্ণ কি আৰু ইয়াৰ প্ৰকাৰ
বর্ণমালাৰ সকলাে বর্ণ আমাৰ মুখৰ একে স্থানৰ পৰা উচ্চাৰিত নহয়; বর্ণ ভেদে ভিন ভিন স্থানৰ পৰা উচ্চাৰিত হয়। উচ্চাৰণৰ স্থান অনুযায়ী বর্ণবােৰকৰ কেইবাটাও ভাগত ভাগ কৰা হৈছে। যেনে-
- কণ্ঠ্য বর্ণ (Guttural)
- তালব্য বর্ণ (Palatal)
- মূর্ধণ্য বর্ণ (Cerebral)
- দন্ত্য বর্ণ (Dental)
- ঔষ্ঠ্য বর্ণ (Labial)
- অনুনাসিক বর্ণ (Nasal)
বর্ণ আৰু ইয়াৰ প্ৰকাৰৰ আলােচনা
(১) কন্ঠ্য বর্ণ (Guttural): যিবােৰ বর্ণ উচ্চাৰণৰ স্থান কণ্ঠ সেইবােৰ বৰ্ণক কথ্য বর্ণ বােলে। কণ্ঠ বর্ণ কেইটা হ’ল ও অ, আ, ক, গ,ঘ, হ আদি।
(২) তাল বর্ণ (Palatal): যিবােৰ বৰ্ণৰ উচ্চাৰণৰ স্থান তালু সেইবােৰ বৰ্ণক তালব্য বর্ণ বােলে। ই ঈ, এ, ঐ, চ, ছ, জ, ঝ, এ, য, শ আদি তালব্য বর্ণ।
(৩) মূর্ধণ্য বর্ণ (Cerebral): যিবােৰ বৰ্ণৰ উচ্চাৰণ মূদ্ধ বা মূৰ সেইবােৰ বৰ্ণক মূর্ধণ্য বর্ণ বােলে। মূর্ধণ্য বর্ণবােৰ হ’ল- ঋ, ট, ঠ, ড, ঢ, ণ, ন, আৰু য।
(৪) দন্ত্য বর্ণ (Dental): যিবােৰ বৰ্ণৰ উচ্চাৰণৰ স্থান দন্ত বা দাঁত সেইবােৰ বৰ্ণক দন্ত্য বর্ণ বােলে। দন্ত বর্ণবােৰ হ’ল- ত, থ, দ, ধ আৰু ল।
(৫) ঔষ্ঠ বর্ণ (Labial): যিবােৰ বৰ্ণ উচ্চাৰণৰ স্থান ওঁঠ সেইবােৰ বর্ণক ঔষ্ঠ্য বর্ণ বােলে। ঔষ্ঠ্য বর্ণবােৰ হ’ল ঃ উ, ঊ, ও, ঔ, প, ফ, ব, ভ, আৰু ম।
(৬) অনুনাসিক বর্ণ (Nasal): অসমীয়া বর্ণমালাত এনে কিছুমান বর্ণ আছে যিবােৰ কণ্ঠ, তালু, দাঁত আদিৰ পৰা উচ্চাৰিত হ’লেও নাকী সুৰত উচ্চাৰণ হয়। এনেদৰে নাকী সুৰত বা নাকৰ পৰা উচ্চাৰিত হােৱা বর্ণক অনুনাসিক বর্ণ বােলে। অনুনাসিক বর্ণবােৰ হ’ল ও উ, এ, ম, ন আৰু অং।
বর্ণ আৰু ইয়াৰ প্ৰকাৰৰ অনুশীলনী
(১) উচ্চাৰণৰ স্থান অনুযায়ী অসমীয়া বৰ্ণক কেই ভাগত ভাগ কৰাহৈছে ?
(২) কণ্ঠ্য বর্ণ কাক বােলে? ই কেইটা আৰু কি কি ?
(৩) তালব্য বর্ণ কাক বােলে ?ই কেইটা আৰু কি কি?
(৪) মূর্ধণ্য বর্ণ কাক বােলে? ই কেইটা আৰু কি কি ?
(৫) দন্ত্য বর্ণ কাক বােলে?ই কেইটা আৰু কি কি ?
(৬) ঔষ্ঠ্য বর্ণ কাক বােলে? ই কেইটা আৰু কি কি ?
(৫) অনুনাসিক বর্ণ কাক বােলে? ই কেইটা আৰু কি কি ?
শেষ বাক্য: Classification of letters in Assamese Grammar
আজিৰ আলোচনাত আমি বর্ণ আৰু ইয়াৰ প্ৰকাৰৰ কিছু কথা আলোচনা কৰিলোঁ। আপুনি যদি ইয়াৰ কোনো অংশ বুজি পোৱা নাই তেন্তে Assamese Medium Facebook Page ক Follow কৰি জনাব পাৰে, আমি আপোনাৰ সমস্যাৰ সমাধান যথা সময়ত দিবলৈ প্ৰয়াস কৰিম।