ছন্দ কাক বোলে ? ই কেই প্ৰকাৰৰ আৰু কি কি?

ছন্দ কাক বোলে

আপুনি কি সততে ছন্দ কাক বোলে, মিত্রাক্ষৰ ছন্দ, অমিত্রাক্ষৰ ছন্দ, বা পয়াৰ ছন্দ কাক বোলে আদি গুগলত বিচাৰি থাকে নেকি? তেন্তে আজিৰ এই লিখনি আপোনালোকৰ বাবেই।

ছন্দ কেই প্ৰকাৰৰ আৰু কি কি?

হয়, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢুৱৈ বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ ছন্দ কাক বোলে ? ই কেই প্ৰকাৰৰ আৰু কি কি? তেন্তে আহক, বেলেগ চিন্তা নকৰাকৈ আপুনি সহজ ভাষাত বুজিব পৰাকৈ উদাহৰণৰ সৈতে আলোচনা আৰম্ভ কৰোঁ।

ছন্দ কাক বোলে

ছন্দ কাক বোলে ?

লয়যুক্ত বাক্য বিন্যাসেৰে শুনিবলৈ শুৱলা আৰু আকৰ্ষনীয় কৰি ভাষা সজোৱাৰ যিটো ক্ৰম তাকে ছন্দ বোলে ।

ছন্দক সাধাৰণতে দুটা ভাগত ভগোৱা হয় –

  • মিত্ৰাক্ষৰ ছন্দ
  • অমিত্ৰাক্ষৰ ছন্দ ।

মিত্ৰাক্ষৰ ছন্দ: যিবোৰ ছন্দৰ প্ৰথম চৰণৰ শেষৰ আখৰৰ লগত পৰৱৰ্তী চৰণত শেষ আখৰৰ ধ্বনি গত মিল থাকে তাকে মিত্ৰাক্ষৰ
ছন্দ বোলে ।

অমিত্ৰাক্ষৰ ছন্দ: যিবোৰ ছন্দৰ প্ৰথম চৰণৰ শেষৰ আখৰৰ লগত পৰৱৰ্তী চৰণৰ শেষৰ আখৰৰ লগত ধ্বনি গত মিল নাই তাকে অমিত্ৰাক্ষৰ ছন্দ বোলে ।

1) পদ বা পয়াৰ কাক বোলে ?
উত্তৰ: এই বিধ ছন্দ সজ্জাত একোটা স্তৱকত চৈধ্য মাত্ৰাৰ দুটাকৈ চৰণ থাকে । একোটা চৰণক ক্ৰমে ৮ + ৬ মাত্ৰৰ দুটাকৈ পৰ্ব থাকে । দুয়ো চৰণৰ শেষৰ বৰ্ণ মিলে ।

2) দুলাড়ি বা ত্ৰিপদী ছন্দ কাক বোলে ?
উত্তৰ: দুলাড়িত দুফাকি পদ থাকে । প্ৰতি ফাঁকিত তিনিটাকৈ পৰ্ব থাকে । সেইকাৰণে দুলাড়িক ত্ৰিপদি ছন্দও বোলে । প্ৰথম আৰু দ্বিতীয় পৰ্বত ছয় টাকৈ আৰু তৃতীয় পৰ্বত আঠটা কৈ চৰণ থাকে । ৬ + ৬ + ৮ = ২০

উদাহৰণ –

পাছে ত্রিনয়ন দিব্য উপবন
দেখিলন্ত বিদ্যমান
ফুল ফুল ভৰি জকমক কৰি
আছে যত বৃক্ষ মান ।

3) ঝুমুৰা ছন্দ কাক বোলে ?
উত্তৰ : ইয়াৰ প্ৰত্যেক স্তৱকত দুটা চৰণ থাকে । প্ৰত্যেক দুই চৰণৰ শেষৰ ধ্বনি মিলযুক্ত ।

উদাহৰণ–

হেন শুনি জাম্বৰন্ত ।
ধাইল মহা বলবন্ত ।।
নিচিনি স্বামীক পাছে ।
ধৰিল যুদ্ধ কাছে ।

4) অনুৰূপ শব্দ কাক বোলে ?
উত্তৰ : জোৰকৈ বা সম পৰ্যায়ৰ অন্য বা বস্তু কমা কথা বুজাবলৈ কেতিয়াবা একোটা শব্দৰ আগত বা পিছত প্ৰায় তেনেধৰণৰ শব্দংশ ব্যৱহাৰ কৰা হয় কিন্তু শব্দটোৰ কোনো অৰ্থ নাথাকে তাকে অনুৰূপ শব্দ বোলে ।

উদাহৰণ ঘড়ী-চড়ী, টকা – চকা , কিতাপ – চিতাপ ।

5) অনুকাৰ শব্দ কাক বোলে ?
উত্তৰ : জীৱ জন্তুৰ স্বাভাৱিক মাত বা বিশিষ্ট ধ্বনি আদিৰ অনুকৰণত যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় সেইবোৰক অনুকাৰ শব্দ বোলে ।

উদাহৰণ কাউৰীৰ কা কা , কুলিৰ কু কু ।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Free PDF Notes

Get Now

ADVERTISEMENT

Leave a Comment

error: লাজ নালাগে কপি কৰিব