Indian Constitution Class 10 Social Science [ ভাৰতীয় গণতন্ত্ৰ ]

মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী সকল, সকলোকে Assamese Medium লৈ স্বাগতম জনাইছোঁ। আজি আমি Indian Constitution Class 10 Social Science [ৰাজনীতি বিজ্ঞানৰ ভাৰতীয় গণতন্ত্ৰ] ৰ বিষয়ে আলোচনা কৰিম।

আৰম্ভ কৰাৰ আগত গণ তন্ত্ৰ মানেনো কি সেয়া জনাৰ প্ৰয়োজন আছে। “গণতন্ত্ৰ” ইয়াত গণ মানে – ৰাইজ বা জনসাধাৰণ আৰু তন্ত্ৰ মানে হৈছে শাসন । যত নেকি ৰাইজেই ৰজা বুলি কলেও ভুল নহব।

Indian Constitution Class 10 Social Science

Indian Constitution Class 10 Social Science [Brief Discussion]

আমি সকলোৱে জানো ভাৰত বৰ্ষখন ব্ৰিটিছে ১৭৫৭পৰা  ১৯৪৭ লৈ  শাসন কৰি আছিল।  ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে আমি স্বাধীনতা লাভ কৰিছিলো। আৰু তাৰ লগে লগেই ভাৰত বৰ্ষ পৃথিৱীৰ ভিৰতৰ এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে আত্ম প্ৰকাশ কৰে। 

যেনেদৰে  আমাৰ ঘৰ এখন চলবলৈ হলে কিছুমান নীতি নিয়ম থাকে,  ঘৰৰ ডাঙৰ যিজন থাকে তেখেতে আমাক পৰিচালনা কৰে সেইবাবে খুব সুন্দৰ কৈ আউল নলগাকৈ  আমি চলি আছোঁ।

তেন্তে ইমান ডাঙৰ এখন ৰাষ্ট্ৰ চলিবলৈ  হলে নিয়মাৱলী ও থাকিব লাগিব। সেয়ে ৰাষ্ট্ৰৰ বাবে সংবিধান অতিকৈ প্ৰয়োজন। এখন সংবিধান নহলে এখন প্ৰকৃত গণতান্ত্ৰিক  ৰাষ্ট্ৰ হব নোৱাৰে ঠিক তেনেদৰে গণতান্ত্ৰিক ৰাষ্ট্ৰ অবিহনে সংবিধানৰ ভূমিকা অৰ্থহীন।

এতিয়া আমি আলোচনা কৰিম সংবিধান কেনেকৈ প্ৰস্তুত হৈছিল আৰু সংবিধানৰ আদৰ্শ কি ? কি আছে সংবিধানত?

স্বাধীনতা লাভ কৰাৰ আগতেই আমাৰ দেশত সংবিধান প্ৰণয়নৰ প্ৰস্তুতি আৰম্ভ হৈছিল। ১৯৪৫ চনৰ জুলাই মাহত ইংলেণ্ডত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত শ্ৰমিক দল ক্ষমতালৈ অহাৰ পিছতে নতুন চৰকাৰে ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত লয় । সেয়ে গণতান্ত্ৰিক ৰাষ্ট্ৰ খনৰ বাবে এখন সংবিধান ৰচনাৰ কথা ইংলেণ্ডৰ শ্ৰমিক দলেই চিন্তা কৰিছিল। 

এই সংবিধানৰ পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে ১৯৪৭ চনৰ মাৰ্চ মাহত ‘কেবিনেট মিছন‘ আছিল ইংলেণ্ডৰ তিনিজন কেবিনেট মন্ত্ৰীৰে গঠিত এটা গোট।  এই কেবিনেট মিছনৰ তৎপৰতাত সংবিধান সভা গঠন হৈছিল। ইয়াৰ প্ৰথম খন বৈঠক বহিছিল ১৯৪৬ চনৰ ৯ ডিচেম্বৰ তাৰিখে।  সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ইয়াৰে জ্যেষ্ঠ সদস্য ড° সচ্ছিদানন্দ সিনহাই। এই সভাত ড° ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হয়।

আপুনি যদি ভাৰতীয় গণতন্ত্ৰ (Indian Constitution Class 10 Social Science) ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ PDF File ডাউনলোড কৰিব বিচাৰে তেন্তে তলত লিংক দিয়া আছে।

ভাৰতীয় গণতন্ত্ৰ প্ৰশ্ন উত্তৰ PDF

এই সংবিধান প্ৰস্তুত কৰা সম্পৰ্কত ১১ বাৰ বৈঠক বহিছিল। এই সভাই ১৯৪৭ চনৰ ২৯ আগষ্টত এখন খচৰা কমিটি গঠন কৰে। সাত জন বিশেষজ্ঞক লৈ গঠন হোৱা কমিটি ক এই সংবিধান প্ৰস্তুতৰ দায়িত্ব দিয়া হয়।  খচৰা কমিটিৰ অধ্যক্ষ আছিল ড° বি আৰ আম্বেদকাৰ। তিনিবছৰ পৰিশ্ৰম কৰি কৰাৰ খচৰা কমিটিয়ে ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে ড° ৰাজেন্দ্ৰ প্ৰসাদ (সংবিধান সভাৰ সভাপতি)ক দাখিল কৰে।  সেইদিনাই তেওঁ  খচৰাত স্বাক্ষৰ কৰে অাৰু ভাৰতবৰ্ষই  নিজাকৈ সংবিধান লাভ কৰে।প্ৰকাশন অাৰু আনুসংগিক অসুবিধাৰ বাবে সংবিধান খন ১৯৫০ চনৰ ২৬ জানুৱাৰীত বলবৎ হয়।

১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰী লৈ ভাৰতত শাসন ব্যৱস্থা চলিছিল ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন অনুসৰি।

ভাৰতীয় সংবিধানৰ আদৰ্শ

যদি আমি  সংবিধানৰ আদৰ্শ আৰু লক্ষ্য জানিব বিচাৰো তেন্তে আমি সংবিধানৰ প্ৰস্থাৱনাৰ বিষয়ে আহা জানি লওঁ ।

প্ৰস্থাৱনা হল সংবিধানৰ পাতনি। যেনেদৰে যিকোনো এখন কিতাপৰ  পাতনিত চমুকৈ কিছু কথা লিখা থাকে, যত  চমুকৈ কৈ থাকে কিন্তু সকলো কথাই বুজাই দিয়ে কিতাপৰ ভিতৰত কি আছে। ঠিক তেনেদৰে ভাৰত বৰ্ষৰ সংবিধানৰ প্ৰস্থাৱনাতো সংবিধানৰ মূল বিষয় বস্তু ( আদৰ্শ অাৰু লক্ষ্য)ৰ বিৱৰণ আছে। যাৰ বাবে প্ৰস্থাৱনাক সংবিধানক আত্মা (Soul) , বিবেক (Conscience), দুৱাৰদলি (Threshold)  অাৰু চাবি – কাঠি (Keys) বুলি অভিহিত কৰিছে।

প্ৰস্থাৱনা খিনি জানিলে সংবিধানক জানিব পৰা যাব, কাৰণ প্রস্থাৱনাত প্ৰতিটো শব্দৰ মাজতেই আছে সংবিধানৰ আদৰ্শ, দৰ্শন অাৰু লক্ষ্য।

ভাৰতৰ প্ৰস্তাৱনা “আমি ভাৰতীয় জনসাধাৰণ” (we the  people of India)  বুলি আৰম্ভ হয় আৰু প্ৰতিটো শব্দত নিহিত হৈ আছে নিৰ্দিষ্ট আদৰ্শ। সংবিধান প্ৰস্তুত কৰা সকলে প্ৰস্তুত কৰা সময়ত প্ৰাচীন ভাৰতীয় সভ্যতা অাৰু সংস্কৃতিৰ ওপৰত গুৰুত্ব দিছিল।

প্ৰস্তাৱনাত  ‘আমি ভাৰতীয় জনসাধাৰনে‘ বুলি উল্লেখ কৰি সংবিধান প্ৰণেতা সকলে সংবিধানৰ ৰচক ভাৰতীয় জনগণ , সংবিধানখন ভাৰতীয়  জনগণৰ অাৰু সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি ভাৰতীয় জনগনেই এই কথা স্পষ্ট কৰিছে।

এতিয়া আমি প্ৰস্তাৱনাত নো কি কি গুৰুতত্বপূৰ্ন শব্দ আছে আৰু যাৰ বাবে প্ৰস্তাৱনাক ভাৰতীয় সংবিধানৰ আত্মা বুলি কোৱা হয় তাৰ বিষয়ে আলোচনা কৰিম:

সাৰ্বভৌম ( Sovereign): সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। অৰ্থাৎ ই বাহ্যিক অাৰু আভ্যন্তৰীণ ভাৱে কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়। সেয়ে ভাৰত বৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ।

সমাজবাদী ( Socialist): সংবিধান ৰ ৪২ নং সংশোধনী আইনৰ জৰিয়তে ১৯৭৬ চনত এই সমাজবাদী শব্দ টো প্ৰস্তাৱনা ত সংযোজন কৰিছে। ইয়াৰ অর্থ হৈছে ভাৰতবৰ্ষৰ মানুহৰ মাজত আয়, মৰ্যদা আৰু জীৱনধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষম্য নাথাকিব।  উৎপাদনৰ আহিলা সমুহ জাতিয়কৰণ হব। জাতীয় আয়ৰ সমবিতৰণৰ ব্যৱস্থা আৰু মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা হব। দেশৰ অৰ্থনীতি জনসাধাৰণে নিৰ্ধাৰণ কৰিব । ইয়াত পুঁজিপতিৰ দ্বাৰা দেশৰ অৰ্থনীতি নিৰ্ধাৰণ নহব।

ধৰ্মনিৰপেক্ষ (Secular): ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ । ইয়াত চৰকাৰী কোনো ধৰ্ম নাথাকিব।  চৰকাৰৰ দৃষ্টিত  সকলো ধৰ্ম সমান আৰু ধৰ্ম ৰ নামত কোনো বৈষম্য নাথাকিব। এই শব্দটো প্ৰস্তাৱনা ত ৪২ নং সংশোধনী মতে সন্নিবিষ্ট কৰিছে ।

চৰকাৰে কোনো ধৰ্ম ৰ প্ৰতি বিশেষ অনুগ্ৰহ প্ৰদৰ্শন কৰিব নোৱাৰিব।

গণতান্ত্ৰিক (Democratic): দেশৰ শাসন ব্যৱস্থা জনসাধাৰণ ৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হব। জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজেই চলাব আৰু প্ৰশাসন জনসাধাণৰ ওচৰত দায়বদ্ধ হব।

গণৰাজ্য ( Republic):  ভাৰত বৰ্ষ এখন গণৰাজ্য। দেশ খনৰ ৰাষ্ট্ৰপ্ৰধান ( ৰাষ্ট্ৰপতি) জন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হব। আৰু এই ৰাষ্ট্ৰপ্ৰধান জন বংশানুক্ৰমিক নহব বা কোনোবাই বাছনি কৰা ব্যক্তি নহব।

        এইবোৰৰ উপৰিও প্ৰস্তাৱনা ত উল্লেখ আছে যে  ভাৰতৰ জনগণই ন্যায় ( justice) , স্বাধীনতা ( liberty) , সমতা ( equality) , আৰু ভ্ৰাতৃত্ব ( fraternity) প্ৰতিষ্ঠা কৰিব।

সংবিধান সভাৰ বৈঠক আৰু নেহৰু উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ

সংবিধান সভাৰ বৈঠকত ১৯৪৬ চনৰ ১৩ তাৰিখে নেহৰুৱে কেইটামান উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ উত্থাপন কৰিছিল আৰু সংবিধান সভাই প্ৰস্তাব খিনি ১৯৪৭ চনৰ ২২ জানুৱাৰীত গ্ৰহণ কৰে । নেহৰুৰ প্ৰস্তাৱনাসমূহক ভিত্তি হিচাপে লৈ সমতা, স্বাধীনতা,  সাৰ্বভৌমত্ব, আৰু বিশ্ব ভাতৃত্বৰ ধাৰণাৰ প্ৰতিশ্ৰুতিক সংবিধান সভাই    স্ৰীকৃতি প্ৰদান কৰে। 

এতিয়া আমি নেহৰুৱে উল্লেখ কৰা উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱৰ মূল বিষয়সমূহ  চাওঁ আহক :

১. সংবিধান সভাই ভাৰতবৰ্ষক   স্বাধীন, সাৰ্বভৌম, গণৰাজ্য ( Independent Sovereign Republic) হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ (পিছলৈ স্বাধীন শব্দটো বাদ দিয়া হয়)।

২. ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তৰ্ভুক্ত হব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ ( Union of States) গঠিত হব।

৩. ভাৰতবৰ্ষৰ  জনসাধাৰণৰ সামাজিক , অৰ্থনৈতিক , ৰাজনৈতিক ন্যায় , সমতা , ধৰ্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতা স্বীকৃতি প্ৰদান কৰা হব।

৪. অনুসূচীত জাতি, জনজাতি, অনুন্নত সম্প্ৰদায় আৰু  সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব।

৫. দেশৰ স্বাধীনতা , সাৰ্বভৌমত্ব আৰু  অখণ্ডতা  ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হব।

৬. আন্তৰ্জাতিক সু- সম্পৰ্ক, বিশ্ব শান্তি ৰক্ষা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব।

৭. জনসাধাৰণেই হব সকলো ক্ষমতাৰ উৎস। সাৰ্বভৌম দেশখনৰ চৰকাৰ আৰু সকলো অংগই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব পাৰিব।

৮. সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্তশাসনৰ মাজেৰে অংগৰাজ্যৰ মৰ্যদা লাভ কৰিব।

       নেহৰুৰ প্ৰস্তাৱ সমূহক মূল আধাৰ হিচাপে লৈ দেশৰ হেজাৰ বছৰীয়া সভ্যতা – সংস্কৃতিক গুৰুত্ব দি সংবিধান প্ৰণেতাসকলে  সংবিধানৰ আদৰ্শ নিৰ্ধাৰণ কৰিছিল।

ভাৰতৰ ৰাজনৈতিক ব্যবস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট

ভাৰতৰ ৰাজনৈতিক ব্যবস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট জনাৰ আগত যুক্তৰাষ্ট্ৰ কি সেয়া জানিব লাগিব। তাৰ পিছত হে  যুক্তৰাষ্ট্ৰীয় বৈশিষ্টৰ  বিষয়ে জানিব পাৰিম । যুক্তৰাষ্ট্ৰ  কি ? কৰা পৰা আহিছে আৰু তাৰ অৰ্থ কি  জানি লওঁ আহক ।

যুক্তৰাষ্ট্ৰ – যুক্তৰাষ্ট্ৰ  হল পাৰস্পাৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টি। যত ৰাজ্যসমূহে এখন কেন্দ্ৰীয় চৰকাৰৰ সাৰ্বভৌম ক্ষমতাক স্বীকৃতি দিয়াৰ লগতে নিজ স্বতন্ত্ৰতা আৰু স্বকীয়তা অক্ষুণ্ণ ৰাখে।

যুক্তৰাষ্ট্ৰৰ ইংৰাজী প্ৰতিশব্দ ‘Fereration‘ আৰু ই লেটিন শব্দ ‘Foedus‘ ৰ পৰা আহিছে। যাৰ অৰ্থ হৈছে ‘চুক্তি‘ আৰু  ‘সন্ধি‘ ।

যুক্তৰাষ্ট্ৰ হল পাৰস্পাৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টি। ইয়াত ৰাজ্য সমুহে এখন কেন্দ্ৰীয় চৰকাৰৰ সাৰ্বভৌম ক্ষমতাক স্বীকৃতি দিয়াৰ লগতে নিজ স্বতন্ত্ৰতা  অক্ষুন্ন ৰাখে।

ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পূৰ্বে ইংলেণ্ডৰ সংসদে প্ৰণয়ন কৰা ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন খনে ভাৰতত  যুক্তৰাষ্ট্ৰীয় পদ্ধতিত প্ৰৱৰ্তন কৰিছিল। পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতি   প্ৰথমে আমেৰিকাত প্ৰৱৰ্তন হৈছিল। সেইবাবে আমেৰিকাক ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি‘ (Homeland of Federation) বোলা হয়।

ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতা সকলে কানাডা যুক্তৰাষ্ট্ৰৰ সংবিধান অনুসৰণ কৰিছিল। ইয়াৰ কাৰণ আছিল আমেৰিকাৰ  যুক্তৰাষ্ট্ৰীয় পদ্ধতি আছিল প্ৰকৃত যুক্তৰাষ্ট্ৰীয় পদ্ধতি। যত অংগৰাজ্যবিলাকক অধিক স্বতন্ত্ৰতা, ৰাজ্য বোৰৰ বাবে  সুকীয়া সংবিধান আৰু দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছিল। 

সংবিধান প্ৰণেতা সকলে  ভাল দৰে বুজিছিল যে যদি ৰাজ্য সমুহক সুকীয়া সংবিধান  আৰু দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা কৰা হয় তেন্তে জাতীয় সংহতি আৰু অখণ্ডতা শক্তিশালী কৰা সম্ভৱ নহব। সেইবাবেই আমেৰিকাৰ পৰিৱৰ্তে কানাডাৰ ‘ ঢিলা যুক্তৰাষ্ট্ৰ ‘  ব্যৱস্থা কৰি এক ব্যতিক্রমী যুক্তৰাষ্ট্ৰ প্ৰৱৰ্তন কৰিছিল। সেয়ে ভাৰতৰ সংবিধানৰ কোনো ঠাইতে যুক্তৰাষ্ট্ৰৰ উল্লেখ নাই।  ইয়াৰ পৰিৱৰ্তে  সংবিধানৰ 1 নং অনুচ্ছেদ ত ভাৰতক এখন ‘ৰাজ্যসমুহৰ  সংঘ‘ (Union of State) বুলি ঘোষণা কৰা হৈছে।

ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰৰ কেইবাটাও বৈশিষ্ট থকা স্বত্বেও এই ব্যৱস্থাটো প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা নহয়। সেইবাবেই  সংবিধান প্ৰণেতা সকলে ভাৰতৰ ব্যৱস্থাটোক অৰ্ধ যুক্তৰাষ্ট্ৰ (Quasi Federal), ব্যতিক্ৰম ধৰ্মী যুক্তৰাষ্ট্ৰ (Peculier Fedaration), কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ (Centrelized Federation) গঠনত যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শত এককেন্দ্ৰিক বুলি অভিহিত কৰিচে।

ভাৰত বৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক সংশোধন আনি অংগৰাজ্যবোৰক স্বতন্ত্ৰতা প্ৰদানৰ দাবী উত্থাপন কৰা হৈ আছিল, আৰু এই দাবীৰ বাবেই ১৯৮৩ চনত ‘ ছাৰকাৰিয়া আয়োগ ‘ গঠন হৈছিল।

ৰাজনীতি বিজ্ঞানৰ পণ্ডিত সকলে বৰ্তমান সময়ত  ভাৰতৰ দৰে যুক্তৰাষ্ট্ৰ ক নতুন নামেৰে নামকৰণ কৰিব বিছাৰিছে। তেওঁলোকৰ মতে ইয়াৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কেন্দ্ৰ- ৰাজ্যৰ সহযোগিতাৰ ওপৰত  মূলতঃ নিৰ্ভৰশীল । সেইবাবে ই হৈছে ‘সহযোগিতা মূলক যুক্তৰাষ্ট্ৰ‘ (Cooperative Federation).

ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ

প্ৰথমে আমি সংসদীয় গণতন্ত্ৰ কি জানি লওঁ আহক । সংসদীয় গণতন্ত্ৰ: ই হৈছে এবিধ শাসন ব্যৱস্থা যত জন-প্ৰতিনিধিৰ  দ্বাৰা গঠিত এটা সন্থাৰ ওচৰত শাসনৰ সৰ্ব্বোচ্চ ক্ষমতা অৰ্পন কৰা হয়। জনপ্ৰতিনিধিৰ  দ্বাৰা গঠিত এটা সন্থাক আমেৰিকা যুক্তৰাষ্ট্ৰত কংগ্ৰেছ (Congress), ভাৰতবৰ্ষ আৰু ইংলেণ্ড আদি দেশত সংসদ (Parliament) বোলা হয়।

ভাৰতৰ সংসদ দুখন সদনেৰে গঠিত – লোকসভা আৰু ৰাজ্যসভা । এই দুই  সদনৰ লগতে ৰাষ্ট্ৰপতি জনো ভাৰতৰ সংসদৰ অবিচ্ছেদ্য অংগ। 

সহজ ভাষাত সংসদক প্ৰাধান্য দি পৰিচালিত হোৱা গণতান্ত্ৰিক ব্যবস্থাকে  সংসদীয় গণতন্ত্ৰ বোলে।

সংবিধান প্ৰণেতা সকলে সংসদীয় পদ্ধতিৰ চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত ইংলেণ্ডৰ সংবিধান  অনুসৰণ কৰিছিল । ১৯৩৫ চনত ভাৰত চৰকাৰ আইন খনে সীমিত ভাৱে পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰ পদ্ধতি আৰম্ভ কৰিছিল । ভাৰতবৰ্ষৰ ৰাজনৈতিক আৰু সামাজিক অৱস্থা তথা পৰিৱেশৰ  প্ৰতি চকু দি সকলো কথাকে ভাৰতীয়কৰণ (Indianisation) কৰি সংবিধানৰ পাতত ঠাই দিছিল বাবে ভাৰতৰ  সংসদীয় পদ্ধতি ব্যতিক্ৰমধৰ্মী হৈছে।

ভাৰতৰ সংসদীয় গণতন্ত্ৰ আৰু  ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ প্ৰাৰ্থক্য

১) ভাৰতৰ  সংসদীয় গণতন্ত্ৰ প্ৰধানতঃ এখন গণৰাজ্য কিন্তু ইংলেণ্ডৰ  সংসদীয় গণতন্ত্ৰ গণৰাজ্য নহয়।

২) ভাৰতৰ  সংসদীয় গণতন্ত্ৰৰ ৰাষ্ট্ৰপ্ৰধান পুৰুষনুক্ৰমে হোৱা ব্যক্তি নহয়, ৰাষ্ট্ৰপতি জন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হোৱা ব্যক্তি কিন্তু ইংলেণ্ডত পুৰুষনুক্ৰমে ৰজা অথবা ৰাণী থাকে।

৩) ভাৰতবৰ্ষৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউচ অফ লৰ্ড ত কৈ বহু পৰিমাণে পৃথক।

৪) ইংলেণ্ডৰ  সংসদীয় গণতন্ত্ৰত সংসদখন অত্যন্ত শক্তিশালী কিন্তু ভাৰতবৰ্ষৰ সংসদখন ইমান শক্তিশালী নহয়।

ভাতৰ বৰ্ষৰ পৰিস্থিতি ৰ সৈতে খাপ খোৱাকৈ সংবিধান খনে প্ৰৱৰ্তন কৰা সংসদীয় গণতন্ত্ৰ ই আমাৰ দেশখনক বিশ্বৰ এখন মৰ্যদাসম্পন্ন সংসদীয় গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সফল  হৈছে।

আপুনি যদি ভাৰতীয় গণতন্ত্ৰ (Indian Constitution Class X Social Science) ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ PDF File ডাউনলোড কৰিব বিচাৰে তেন্তে তলত লিংক দিয়া আছে । ইয়াৰ উপৰিও যদি আপুনি Indian Constitution Class X Social Science অতিৰিক্ত কিবা জানিব লগা আছে তেন্তে Assamese MediumFacebook Page ত Comments কৰি জনাব।

Download PDF Notes

ভাৰতীয় গণতন্ত্ৰ

1 thought on “Indian Constitution Class 10 Social Science [ ভাৰতীয় গণতন্ত্ৰ ]”

Leave a Comment