Class 10 Science Chapter 3 | ধাতু আৰু অধাতু

আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ Class 10 Science Chapter 3 Metals And Non Metals তথা অসমীয়া মাধ্যমৰ দশম মান শ্ৰেণীৰ বিজ্ঞানৰ তৃতীয় অধ্যায় “ধাতু আৰু অধাতু” ৰ বিষয়ে। Class 10 Science Chapter 3 সবিশেষ জানিবলৈ হলে আপুনি প্ৰথমতে পৰ্য্যাবৃত্ত তালিকা (Periodic Table) ৰ বিষয়ে জানিব লাগিব । যদি আপুনি পৰ্য্যাবৃত্ত তালিকাৰ বিষয়ে জানিব বিচাৰে তেন্তে এতিয়াই লিংকত ক্লিক কৰক

পোন প্ৰথমতে ধাতু আৰু অধাতুৰ বিষয়ে জানিবলৈ হলে ইহঁতৰ সাধাৰণ ধৰ্মৰ বিষয়ে জানিব লাগিব। ধাতু আৰু অধাতুৰ সাধাৰণ ধৰ্মৰ ভিতৰত আমি ইয়াত এতিয়া আলোচনা কৰিম ধাতুৰ ভৌতিক ধৰ্মৰ (Physical Properties of Metal) বিষয়ে।


ধাতুৰ ভৌতিক ধৰ্মৰ (Physical Properties of Metal)

ধাতুৰ বিভিন্ন ভৌতিক ধৰ্ম আছে যদিও গোটেইখিনি দশম মান শ্ৰেণীত আলোচনা কৰাৰ প্ৰয়োজন নপৰে। সেইবাবে প্ৰয়োজনীয় কেইটামান ধাতুৰ ভৌতিক ধৰ্মৰ বিষয়ে তলত উল্লেখ কৰা হল।

  1. বিশুদ্ধ ধাতুসমূহৰ সাধাৰণতে চিকমিকিয়া গুণ থাকে কিন্তু আয়ডিন (I) অধাতু যদিও চিকমিকিয়া গুণ যুক্ত।
  2. ধাতু সমূহ সাধাৰণতে কঠিন অৱস্থাত থাকে যদিও পাৰা (Hg) সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থাকে।
  3. ধাতু সমূহ অধিক মাত্ৰাত ঘাত সহনশীল । ধাতু সমূহক হাতুৰীৰে কোবালেও পৰিৱৰ্তন নহয়। প্ৰায়বোৰ ধাতু কঠিন অৱস্থাত থাকে । কাৰ্বন (C) অধাতু হোৱাহেতুকে ইয়াৰ অৱৰূপ হীৰা (Diamond) আটাইতকৈ কঠিন পদাৰ্থ।
  4. ধাতুৰ ঘাত নমনীয়তা গুণ সম্পন্ন। উদাহৰণ স্বৰূপে সো‍ন(Au) অতি ঘাত নমনীয়তা গুণ সম্পন্ন। ইয়াৰ প্ৰায় এক গ্ৰাম সো‍নৰ পৰা প্ৰায় 2 কিলোমিটাৰ দীঘল তাৰ প্ৰস্তুত কৰিব পৰা যায়।
  5. ধাতু সাধাৰণতে তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। অধাতু বিদ্যুতৰ কুপৰিবাহী যদিও কাৰ্বন (C) ৰ বহুৰূপ গ্ৰেফাইট বিদ্যুতৰ সুপৰিবাহী।
  6. ধাতু সমূহৰ নিনাদী গুণ সম্পন্ন ধৰ্ম থাকে।

Class 10 Science Chapter 3 ৰ এইখিনি কথা আলোচনা কৰাৰ পিছত কিছু প্ৰয়োজনীয় প্ৰশ্ন ইয়াত সুধিব পাৰে। এই প্ৰশ্ন সমূহ আমি ইয়াত যোগ কৰিছোঁ যদিও ইয়াৰ উত্তৰ আলোচনা নকৰিলোঁ কাৰণ যদি আপুনি আমাৰ আলোচ্য বিষয় বুজিব পৰিছে তেন্তে অতি সহজেই ইয়াৰ উত্তৰ দিব পাৰিব। যদি আপুনি তলত উল্লেখ কৰা প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাই তেন্তে অপেক্ষা কৰক, পৰৱৰ্তী আলোচনাত আমি Full Question Answers Class 10 Science Chapter 3 Metal And Non Metal ৰ।

বৰ্তমানলৈকে আলোচনা কৰা বিষয় “Class 10 Science Chapter 3” ৰ পৰা ধাতু আৰু ধাতুৰ সংজ্ঞা দিব পৰা হোৱা নাই। ইয়াৰ কাৰণ হিচাপে কব লাগিব যে শুদ্ধ সংজ্ঞা দিবলৈ হলে আমি ধাতুৰ ৰাসায়নিক ধৰ্ম (Chemical Properties of Metal) ৰ বিষয়ে আলোচনা কৰিব লাগিব।


ধাতুৰ ৰাসায়নিক ধৰ্ম (Chemical Properties of Metal) :

এতিয়ালৈকে আমি ধাতুৰ ভৌতিক ধৰ্ম (Physical Properties of Metal) ৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমি আলোচনা কৰিম ধাতুৰ ৰাসায়নিক ধৰ্ম (Chemical Properties of Metal) ৰ বিষয়ে।

ধাতুৰ দহন বিক্ৰিয়া

প্ৰায় সকলো ধাতুৱে বায়ু বা অক্সিজেন উপস্থিতিত দহন ঘটালে ধাতৱ অক্সাইড উৎপন্ন হয়।

ধাতু + অক্সিজেন —–> ধাতৱ অক্সাইড

  • 2Cu + O2—–> 2CuO
  • 4Al+ 3O2——> 2 Al2O3

ওপৰৰ বিক্ৰিয়াত উৎপন্ন হোৱা Al2O3 কিছু বিশেষ গুণ আছে। ধাতৱ অক্সাইডসমূহ সাধাৰণতে ক্ষাৰকীয় । কিন্তু কিছুমান ধাতৱ অক্সাইডে আম্লিক বা ক্ষাৰকীয় উভয় ধৰ্মকে প্ৰদৰ্শন কৰে।

কিছুমান ধাতৱ অক্সাইডে এছিড আৰু ক্ষাৰ উভয়ৰে সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন হয়। সেইবাবে ইয়াক উভধৰ্মী অক্সাইড বোলে।

  1. Al2O3+6 HCl ——–> 2AlCl3+ 3H2O
  2. Al2O3+ 2NaOH ——–> 2NaAlO2+ H2O

যদিও ধাতুৱে মুক্ত পৰিৱেশলত অৰ্থাৎ অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ধাতৱ অক্সাইড উৎপন্ন কৰে কিন্তু সকলো ধাতুৰ সৈতে সমান বাবে বিক্ৰিয়া নকৰে। কিছুমান ধাতুৱে বায়ুৰ লগত বিক্ৰিয়া অতি প্ৰবল ভাৱে কৰে। যেনে – ছডিয়াম, পটেছিয়াম ইত্যাদি।

Na, K আদি ধাতুৱে বায়ুত থকা জ্বলীয় বাষ্পৰ সৈতে ইমান প্ৰবল ভাৱে বিক্ৰিয়া কৰে যে জুই জ্বলি উঠে। সেয়েহে দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ ইহঁতক কেৰাচিন তেলত ডুবাই ৰখা হয়।
ইয়াৰ ওপৰিও Mg, Al, Zn, Pb আদি ধাতুৰ পৃষ্ঠত অক্সাইডৰ আৱৰণ থাকে যাতে ধাতুটোক অধিক জাৰণৰ পৰা ৰক্ষা কৰিব পাৰে। অৰ্থাৎ ইহঁতে বায়ুৰ সৈতে ইমান প্ৰৱল ভাবে বিক্ৰিয়া নকৰে।

ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া

ধাতুৱে সাধাৰণতে পানীৰ সৈতে বিক্ৰিয়া কৰি ধাতৱ অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। পানীৰ দ্ৰৱনীয় ধাতৱ অক্সাইডে পানীত দ্ৰৱীভূত হৈ ধাতুৰ হাইড্ৰক্সাইড উৎপন্ন কৰে।

  • ধাতু+ পানী ——> ধাতৱ অক্সাইড + হাইড্ৰজেন
  • ধাতৱ অক্সাইড + পানী ——> ধাতৱ হাইড্ৰক্সাইড + হাইড্ৰজেন গেছ

1) 2K+2KOH—–> 2KOH + H2
2) 2Na + 2H2O—-> 2NaOH+ H2

ওপৰোক্ত বিক্ৰিয়াত উৎপন্ন হোৱা H2 গেছ নিমিষতে জ্বলি উঠে। কিন্তু আন কিছুমান ধাতু যেনে Ca য়ে বিক্ৰিয়া কৰি উৎপন্ন হোৱা H2 গেছ জ্বলি নুঠে।

Ca+2H2O—–> Ca(OH)2+ H2

ইয়াৰ ওপৰিও Mg য়ে ঠাণ্ডা পানীৰ সৈতে বিক্ৰিয়া নকৰে যদিও গৰম পানীৰ লগত বিক্ৰিয়া কৰি Mg(OH)2 আৰু H2 গেছ উৎপন্ন কৰে।

Al, Fe, Zn আদিয়ে ঠাণ্ডা অথবা গৰম পানী কাৰোৰে সৈতে বিক্ৰিয়া নকৰে। ইহঁতে গৰম পানীৰ জ্বলীয় বাষ্পৰ সৈতে বিক্ৰিয়া কৰি ধাতৱ অক্সাইড আৰু H2 গেছ উৎপন্ন কৰে ।
2Al + 3H2O(g)——–> Al2O3+ 3H2
3Fe + 4 H2O(g)——-> Fe3O4+ 4H2

আনহাতে Pb, Cu, Ag, Au আদিয়ে কোনো অৱস্থাতেই পানীৰ সৈতে বিক্ৰিয়া নকৰে।

ধাতুৱে এচিডৰ সৈতে বিক্ৰিয়া

সাধাৰণতে ধাতুৱে এচিডৰ সৈতে বিক্ৰিয়া কৰিলে ধাতুৰ লৱণ আৰু H2 গেছ উৎপন্ন হয় কিন্তু সকলো ক্ষেত্ৰতে নহয়।

  • ধাতু + এছিড ——-> ধাতৱ লৱণ + হাইড্ৰজেন গেছ, যেনে – 2Na+ 2HCl—> 2NaCl+ H2

কিন্তু নাইট্ৰিক এছিড (HNO3) ৰ লগত ধাতুৱে বিক্ৰিয়া কৰিলে H2 উৎপন্ন নহয়। কাৰণ HNO3 এক প্ৰকাৰৰ জাৰক পদাৰ্থ। এই বিক্ৰিয়াত উৎপন্ন হোৱা H2 গেছক পানীলৈ পৰিৱৰ্তন কৰে।

ধাতু আৰু আন ধাতৱ লৱনৰ বিক্ৰিয়া

ধাতুৱে অনা ধাতৱ লৱনৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে প্ৰতিস্থাপন বা অপসৰণ বিক্ৰিয়া ঘটে। যদি আপুনি প্ৰতিস্থাপন বা অপসৰণ বিক্ৰিয়া (Displacement reaction In Assamese Medium Science Class 10) কি নাজানে তেন্তে ওপৰৰ লিংকত ক্লিক কৰক । প্ৰতিস্থাপন বা অপসৰণ বিক্ৰিয়া বুজিবলৈ হলে আমি ধাতুৰ সক্ৰিয়তা শ্ৰেণীৰ কথা বুজিব লাগিব।

ধাতু আৰু অধাতুৰ বিক্ৰিয়া

ধাতু আৰু অধাতুৰ বিক্ৰিয়া সাধাৰণতে সিহঁতৰ বহিৰ্তম কক্ষত থকা মুঠ ইলেক্ট্ৰনৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে।
ধাতুৱে সাধাৰণতে ইয়াৰ বহি: তম কক্ষত থকা অতিৰিক্ত ইলেক্ট্ৰন ত্যাগ কৰি ধনাত্মক আয়ন গঠন কৰাৰ বিপৰীতে অধাতু বহি: তম কক্ষত ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়ন গঠন কৰে ।

যেনে –

উদাহৰণ স্বৰূপে লোৱা Na আৰু Cl ৰ মাজৰ বিক্ৰিয়াৰ কথাকে কব পাৰি। ধনাত্মক বা ঋণাত্মক আধানৰ মাজত এক বিদ্যুৎ স্থিতীয় আকৰ্ষণী বলৰ দ্বাৰা বান্ধ খাই NaCl যৌগ গঠন হয়। এনেদৰে গঠন হোৱা যৌগক আয়নীয় যৌগ (Ionic compound) বোলে।


আয়নীয় যৌগৰ ধৰ্ম (Properties of Ionic Compound)

এতিয়া কথা হল আয়নীয় যৌগ কি বা ইহঁতৰ কিবা বৈশিষ্ট আছে নেকি তাৰ বিষয়ে জনাটো অতি প্ৰয়োজন।

  1. আয়নীয় যৌগ সমূহ সাধাৰণতে কঠিন বা গোটা আৰু কিন্তু দৃঢ়। কিয়নো ধনাত্মক আৰু ঋণাত্মক আধানৰ মাজত বিদ্যুৎস্থিতিয় আকৰ্ষণীয় বল যথেষ্ট শক্তিশালী।
  2. আয়নীয় যৌগৰ মাজত আন্ত:আয়ণীয় বিদ্যুৎস্থিতিয় বল বেছি হোৱা বাবে উতলাংক আৰু গলনাংক বেছি হয়।
  3. আয়নীয় যৌগ সমূহ পানীত দ্ৰৱনীয় যদিও কেৰচিন , পেট্ৰল আদি দ্ৰাৱকত দ্ৰৱনীয় নহয়।
  4. আয়নীয় যৌগ সমূহ বিগলিত অৱস্থাত বিদ্যুৎ পৰিবহন কৰিব পাৰে।

ধাতুৰ উৎস আৰু আহৰণ পদ্ধতি

এতিয়ালৈকে ধাতুৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ বিষয়ে আলোচনা কৰিলোঁ যদিও ধাতুৰ উৎস কি বা ইয়াক কিদৰে আহৰণ কৰা হয় তাৰ বিষয়ে নাজানো। এতিয়া আমি আলোচনা কৰিম What is the source of metal অৰ্থাৎ ধাতুৰ উৎস কি?

বৰ্তমান লৈকে আৱিষ্কৃত ধাতুসমূহৰ প্ৰায় ভাগেই পৃথিৱীৰ খোলত পোৱা যায়। মৌল বা যৌগ অৱস্থাত পোৱা এনেধৰণৰ পদাৰ্থক খনিজ পদাৰ্থ বা মনিক (Minerals) বোলে।

এনেধৰণৰ মনিক যাৰ পৰা অতি কম খৰচত লাভজনক ভাৱে কোনো এবিধ ধাতু সহজভাৱে আহৰণ কৰিব পৰা যায় তাক Ore অৰ্থাৎ আকৰ বা আকৰিক বোলে।

ধাতুৰ আহৰণত বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা হয়। ইঁহতক আহৰণ কৰিবলৈ সাধাৰণতে ইহঁতৰ সক্ৰীয়তা ওপৰত নিৰ্ভৰ কৰি আহৰণ কৰা হয়। ধাতু সমূহক সাধাৰণতে তিনিটা শ্ৰেণীৰ ভিত্তিত নিষ্কাষণ কৰা হয়।

  1. উচ্চ সক্ৰিয় ধাতু। যেনে- K, Na, Ca, Mg ইত্যাদি।
  2. মজলীয়া সক্ৰিয় ধাতু। যেনে- Zn, Fe, Pb ইত্যাদি।
  3. নিম্ন সক্ৰিয় ধাতু। যেনে- Cu, Hg ইত্যাদি।

ধাতু সমূহক খনিৰ পৰা আহৰণ কৰাৰ পিছত প্ৰথমতে তাত মিহলি হৈ থকা অপদ্ৰব্য সমূহক আঁতৰ কৰা হয়। ইয়াক আকৰৰ গাঢ়ীকৰণ বুলি কোৱা হয়। ইয়াত বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা হয় যদিও Class 10 Science ৰ বাবে আমি একো আলোচনা নকৰো কাৰণ এই বিষয় সমূহ আগৰ শ্ৰেণীত শিকি আহিছে।


নিম্ন সক্ৰিয় ধাতু কিদৰে নিষ্কাষণ কৰা হয়

আমি আগতে উল্লেখ কৰিছো যে ধাতু সমূহ সক্ৰিয়তা শ্ৰেণীৰ ওপৰত নিৰ্ভৰ কৰি নিষ্কাশন কৰা হয়। আপুনি যদি সক্ৰিয়তা শ্ৰেণী কি নাজানে, তেন্তে এতিয়াই ক্লিক কৰক জানিবলৈ।

সক্ৰিয়তা শ্ৰেণীৰ একেবাৰে তল ফালে থকা ধাতুসমূহ প্ৰায় নিষ্ক্ৰিয়। ইহঁতৰ প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা যায়। ইয়াতকৈ কিছু সক্ৰিয় ধাতু যেনে Hg, Cu আদি সাধাৰণতে অক্সিজেনৰ উপস্থিতিত উত্তপ্ত কৰিলে Hg লৈ বিজাৰিত হয়।

  • 2HgS+ 3O2 + তাপ ———> 2HgO+ 2SO2
  • 2HgO + তাপ ————> 2Hg+ O2

একেদৰে,

  • 2Cu2S+3O2 + তাপ ———-> 2Cu2O+ 2SO2
  • 2Cu2O+ Cu2S + তাপ ———-> 6Cu+ SO2

মজলীয়া সক্ৰিয় ধাতু কিদৰে নিষ্কাষণ কৰা হয়?

মজলীয়া সক্ৰিয় ধাতুৰ সাধাৰণতে ছালফাইড বা কাৰ্বনেট যুক্ত আকৰ থাকে। ইহঁতৰ তুলনাত অক্সাইড যুক্ত আকৰ নিষ্কাষণ অতি সহজ । সেইবাবে ইঁহতক প্ৰথমতে অক্সাইড লৈ ৰূপান্তৰিত কৰা হয়।

ইয়াৰ পিছৰ অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ তাপত ছালফাইড যুক্ত আকৰ উত্তপ্ত কৰি ধাতৱ অক্সাইড লৈ ৰূপান্তৰ কৰা হয়। ইয়াক তাপ জাৰণ (Roasting) বুলিও কোৱা হয়। আনহাতে পৰিমিত বায়ুৰ উপস্থিতিত কাৰ্বনেট যুক্ত আকৰ ধাতৱ অক্সাইড লৈ ৰূপান্তৰ কৰা হয়। ইয়াক দগ্ধিকৰণ বুলিও কোৱা হয়। যেনে-

  • 2ZnS+3O2 + তাপ ——–> 2ZnO+2SO2
  • ZnCO3 + তাপ ———-> ZnO + CO2

তাপজাৰণ আৰু দগ্ধিকৰণ পদ্ধতি পোৱা অক্সাইড যুক্ত আকৰ উপযুক্ত বিজাৰকৰ সৈতে উত্তপ্ত কৰিলে ধাতু লৈ বিজাৰিত হয়। যেনে- ZnO + C ———-> Zn + CO

উচ্চ সক্ৰিয় ধাতু কিদৰে নিষ্কাষণ কৰা হয়?

উচ্চ সক্ৰিয় ধাতুসমূহক সাধাৰণতে তাপজাৰন বা দগ্ধিকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা নিষ্কাষণ কৰিব পৰা নাযায় কাৰণ এই ধাতুৰ অক্সাইডৰ পৰা কাৰ্বনে অক্সিজেন আঁতৰ কৰিব নোৱাৰে। কাৰণ এই ধাতু সমূহ কাৰ্বনৰ তুলনাত অক্সিজেনৰ প্ৰতি আসক্ত বেছি।

সেইকাৰণে উচ্চ সক্ৰিয় ধাতু সমূহ সাধাৰণতে বিদ্যুৎ বিজাৰণৰ দ্বাৰা নিষ্কাষণ কৰা হয়। যেনে – Na , Mg, বা Ca আদি ধাতু সমূহক সিহঁতৰ বিগলিত ক্লৰাইডৰ বিদ্যুৎ বিশ্লেষণৰ দ্বাৰা ধাতু নিষ্কাষণ কৰা হয়। এই প্ৰক্ৰিয়াত কেথডত ধাতু জমা হয় আৰু এনডত ক্লৰিন গেছ যুক্ত হয়।
কেথড: Na+ + e ——-> Na
এনড: 2Cl ———> Cl2 + 2e


ধাতুৰ পৰিশোধন পদ্ধতি

বিভিন্ন পদ্ধতিৰে নিষ্কাষণ কৰি পোৱা ধাতু সমূহক সম্পূৰ্ণ বিশুদ্ধ ৰূপত পোৱা নাযায়। সেয়েহে বিদ্যুৎ পৰিশোধন পদ্ধতিৰ সহায়ত Cu, Zn, Sn, Ni, Ag, Au আদি ধাতুক নিষ্কাষণৰ পিছত পৰিশোধন কৰা হয়।

বিদ্যুৎ পৰিশোধন পদ্ধতিত অশুদ্ধ ধাতুৰ এনড আৰু বিশুদ্ধ ধাতুৰ কেথড হিচাপে ব্যৱহাৰ কৰা হয়।

এই পদ্ধতিৰ ধাতুৰ লৱনৰ দ্ৰৱক বিদ্যুৎ বিজাৰক হিচাপে ব্যৱহাৰ কৰা হয়। বিদ্যুৎ পৰিশোধন পদ্ধতিত একমুখী বিদ্যুৎ ব্যৱহাৰ কৰাৰ লগে লগে এনড হিচাপে ব্যৱহাৰ কৰা অশুদ্ধ ধাতুৰ পাতৰ পৰা বিশুদ্ধ ধাতু খিনি দ্ৰৱীভূত হয় আৰু ই অৱশেষত বিশুদ্ধ ধাতুৰ পাতত যাক আমি কেথড হিচাপে ব্যৱহাৰ কৰিছো তাত জমা হয়। এই প্ৰক্ৰিয়াত অদ্ৰৱনীয় অশুদ্ধী কিছু পাত্ৰৰ তলত জমা হয়। ই এনডৰ তলত জমা হয় যাৰ বাবে ইয়াক এনড বোকা বোলে।

ইয়াৰ পিছত Class 10 Science Chapter 3 ৰ শেষৰ অংশত আছে ক্ষয়ীভৱন আৰু ক্ষয়ীভৱন প্ৰতিৰোধৰ বিভিন্ন উপায়।


ক্ষয়ীভৱন আৰু ক্ষয় প্ৰতিৰোধ

ক্ষয়ীভৱন সাধাৰণতে এটা প্ৰক্ৰিয়া যত ধাতু বা ধাতুৰ পৃষ্ঠত বিভিন্ন কাৰক যেনে- এচিড, জলীয় বাষ্প আদিৰ দ্বাৰা আক্ৰান্ত হৈ ক্ষয় সাধন হয়, তাক ক্ষয়ীভৱন বোলে। এই প্ৰক্ৰিয়াত বিভিন্ন ধাতুৰ ক্ষয়ীভৱন প্ৰক্ৰিয়া বেলেগ বেলেগ হয়। যেনে-

  1. ছিলভাৰ বা ৰূপৰ পাত্ৰ বতাহৰ সংস্পৰ্শত আহিলে কলা পৰে। ইয়াত বতাহৰ সংস্পৰ্শত ছিলভাৰ ছালফাইডৰ আৱৰণ সৃষ্টি কৰে।
  2. কপাৰ সেমেকা বায়ুত থকা CO2 ৰ সৈতে বিক্ৰিয়া কৰি সেউজীয়া পদাৰ্থ কপাৰ কাৰ্বনেট উৎপন্ন কৰে।
  3. সেমেকা বায়ুত Fe অৰ্থাৎ লো কিছু দিন ৰাখিলে ৰংচুৱা মুগা বৰণৰ মামৰ লাগি ক্ষয়ীভৱন হোৱা পৰিলক্ষিত হয়।

ওপৰত আলোচনা কৰা বিভিন্ন ক্ষয়ীভৱন প্ৰক্ৰিয়া সমূহ উপায়ৰ সহায়ত ৰোধ কৰিব পৰা যায়। ক্ষয়ীভৱন প্ৰতিৰোধ কৰিবলৈ বিভিন্ন পদ্ধতি অৱলম্বন কৰা হয় যদিও তাৰ ভিতৰত ৰঙ কৰা, তেল সনা, গ্ৰীজসনা, দস্তালেপন, ক্ৰম’প্লাটিং, এনড’কৰণ বা সংকৰ ধাতু প্ৰস্তুতৰ জৰিয়তে ক্ষয়ীভৱন প্ৰতিৰোধ কৰিব পাৰি।


Important Question For HSLC Exam

প্রঃ খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবােৰত টিনৰ প্রলেপ দিয়া হয়, জিংকৰ নহয়। কিয়নাে (H.S.L.C −18)
(a) টিনতকৈ জিংক দামী
(b) জিংকৰ গলনাংক টিনতকৈ বেছি
(c) জিংক টিনতকৈ অধিক সক্রিয়।
(d) জিংক টিনতকৈ কম সক্রিয়।

উঃ (c) জিংক টিনতকৈ অধিক সক্রিয়।
প্রঃ ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু– (H.S.L.C −17)
(i) সাধাৰণ উষ্ণতাত জুলীয়া।
(ii) কটাৰিৰে সহজে কাটিব পাৰি।
(i) তাপৰ আটাইতকৈ সুপৰিবাহী।
(iv) তাপ কম পৰিবাহী।

উ : (i) পাৰা (Hg) (ii) ছডিয়াম (Na) (iii) কপাৰ (Cu) (iv) লেড (Pb)।
প্র : তলত নাম দিয়া ধাতুবােৰৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্রভাৱে বিক্রিয়া কৰে ?(H.S.L.C −17)
(a) Na (b) Fe (c) Cu (d) Ag

উ : (a) Na
প্র : ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অর্থ বহলাই আলােচনা কৰা।
উ : ধাতুৰ যি ধৰ্মৰ বাবে তাক হাতুৰীৰে কোবাই সহজে মিহি আৰু দীঘল কৰিব পাৰি, তাকে ঘাত সহনীয়তা বােলে। ধাতুৰ যি ধৰ্মৰ বাবে তাক টানি পাতল পাতলকৈ ৰূপান্তৰ কৰি তাৰৰ ৰূপ দিব পাৰি, তাকে ধাতুৰ নমনীয়তা বােলে।
প্রঃ ছ’ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়। (H.S.L.C −15, 18)
উ: ছ’ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয় কাৰণ ইহঁতে ইমান প্ৰৱণতাৰে বিক্রিয়া কৰে যে মুক্ত বায়ুত বিক্রিয়া ঘটিলে জুই জ্বলি উঠে। দুর্ঘটনা ৰােধ কৰিবলৈ তেলত ইহঁতক ডুবাই ৰখা হয়।
প্রঃ তলৰ বিক্রিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা।
(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰণৰ বিক্রিয়া।
(i) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্রিয়া।
উ: (i) 3Fe+4H2০→Fe3০4+4H2
(ii) Ca+2H20→Ca(OH)2+H2
প্রঃ ইথানলৰ লগত ছ’ডিয়াম ধাতু যােগ কৰিলে কি ঘটে? বিক্রিয়াটোৰ প্ৰয়ােজনীয় ৰাসায়নিক সমীকৰণ লিখা। (H.S.L.C −17)
উঃ ইথানলৰ লগত ছডিয়াম ধাতু যােগ কৰিলে ইহঁত দুয়ােটাৰ মাজত বিক্রিয়া ঘটি ছডিয়াম ইথক্সাইড আৰু হাইড্রজেন গেছ উৎপন্ন হয়।
বিক্রিয়াটোৰ ৰাসায়নিক সমীকৰণটো হল—
2Na + 2CH2CH3OH→CH3CH2O‾ Na +H2
প্রঃ আইৰন (II) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে কি দেখিবা? সংঘটিত হােৱা বিক্রিয়াটো লিখা।(H.S.L.C −18)
উঃ আইৰন (II) ছালফেটৰ জলীয় দ্ৰৱত যিংক মিহলি কৰিলে আইৰন ছালফেটৰ সেউজীয়া ৰং লাহে লাহে বৰণহীন হৈ পৰিব আৰু যিংকৰ ওপৰত আইৰনৰ প্রলেপ পৰিব। Zn(s)+FeSO4(aq) ZnSO4(aq)+Fe(g)
প্রঃ (i) ছডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেকট্রন বিন্দু গঠন লিখ।
(ii) ইলেকট্রনৰ স্থানান্তৰৰ জৰিয়তে Na,০ আৰু MgOৰ গঠন লিখা।
(iii) এই যৌগটোত থকা আয়নসমূহ কি কি?
উঃ i) ছডিয়ামৰ ইলেকট্রন বিন্দু গঠন- Na•
অক্সিজেনৰ ইলেকট্রন বিন্দু গঠন- :0•
মেগনেছিয়ামৰ ইলেকট্রন বিন্দু গঠন- Mg:

প্রঃ আয়নীয় যৌগৰ গলনাংক কিয় বেছি।
উঃ আয়নীয় যৌগবােৰৰ আন্তঃআয়নীয় বিদ্যুত স্থিতীয় আকর্ষণ বল অতি বেছি। ফলত আনসমূহ পৃথক কৰিবলৈ যথেষ্ট তাপ শক্তি প্রয়োজন। সেইবাবে এইবােৰৰ। গলনাংক বেছি।
প্রঃ তলত দিয়াবােৰৰ সংজ্ঞা লিখা। (H.S.L.C −17)
i) মণিক (ii) আকৰ (iii) অনিজ মল।
উ : (i) মণিকঃ পৃথিৱীৰ খােলাত যিবােৰ বস্তু মৌল বা যৌগ অবস্থাত পাব পাৰি সেইবােৰক মণিক বােলে।
(ii) আকৰঃ যিবােৰ পদাৰ্থৰ পৰা কম খৰচতে ধাতু এটাক বিশুদ্ধ অবস্থাত আহৰণ কৰিব পাৰি, সেইবােৰক ধাতুটোৰ আকৰ বুলি কোৱা হয়।
(iii) খনিজ মলঃ খনিৰ পৰা আহৰণ কৰাৰ পিছত ধাতুৰ আকৰবােৰৰ লগত যিবােৰ অপদ্রবা ৰা অশুদ্ধি মিহলি হৈ থাকে তাক খনিজ মল বােলে।
প্রঃ অধাতু আৰু অক্সিজেনৰ মাজত যােজন হ’লে কোন প্রকাৰৰ অক্সাইড উৎপন্ন হয়? (H.S.L.C −17)
উ : অধাতু আৰু অক্সিজেনৰ মাজত যােজন হলে অধাতুৰ অক্সাইড উৎপন্ন হয়।
প্রঃ প্ৰকৃতিত মুক্ত অৱস্থাত পােৱা এটা ধাতুৰ নাম?
উঃ প্ৰকৃতিত মুক্ত অৱস্থাত পােৱা এটা ধাতুৰ নাম হল- সােণ।
প্রঃ মাৰকিউৰিক অক্সাইড (HgO) উত্তপ্ত কৰিলে কি ঘটে? ৰাসায়নিক সমীকৰণ লিখা।
উ : মাৰকিউৰিক অক্সাইড উত্তপ্ত কৰিলে ই বিজাৰিত হৈ মাৰকিউৰি (Hg) আৰু অক্সিজেন (02) উৎপন্ন হয়। ৰাসায়নিক সমীকৰণটো হ’ল—
2HgO তাপ→ 2Hg+O2
প্রঃ অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্রয়ােগ কৰা হয় ?
উঃ বিজাৰণ পদ্ধতি প্রয়ােগ কৰা হয়।
প্রঃ কোনবােৰ ধাতু সহজে ক্ষয় নহয় ?
উঃ গােল্ড, ৰূপ, প্লেটিনাম, টাইটেনিয়াম।
প্রঃ সংকৰ ধাতু কি ?
উঃ দুই বা ততােধিক ধাতু বা ধাতু আৰু অধাতুৰ সমসত্ব মিশ্রণকে সংকৰ ধাতু বােলে।
প্রঃ তলৰ কোনবােৰৰ ক্ষেত্ৰত প্রতিস্থাপন বিক্রিয়া ঘটিব ?
(a) NaCI ৰ দ্ৰৱ আৰু কপাৰ ধাতু।
(b) MgCI2 ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু।
(c) FeSO4 ৰ দ্ৰৱ আৰু ছিলভাৰ ধাতু।
(d) AgNO3 ৰ দ্ৰৱ আৰু কপাৰ ধাতু।
উঃ AgNO3 ৰ দ্ৰৱ আৰু কপাৰ ধাতু।
প্র : লােৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ’ব?
(a) গ্রীজ ব্যৱহাৰ কৰি।
(b) ৰং ব্যৱহাৰ কৰি।
(c) যিংকৰ প্রলেপ দি।
(d) ওপৰৰ সকলাে।
উঃ (c) যিংকৰ প্রলেপ দি।
প্র : এটা মৌলই অক্সিজেনৰ লগত বিক্রিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভবপৰ মৌলটো লিখা।
(a) কেলছিয়াম (b) কার্বন (c) ছিলিকন (d) আইন
উ : (a) কেলছিয়াম।
প্র: খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবােৰত টিনৰ প্ৰলেপ। দিয়া হয়, যিংকৰ নহয়। কিয়নাে—
(a) টিনতকৈ যিংক দামী।
(b) যিংকৰ গলনাংক টিনতকৈ বেছি
(c) যিংক টিনতকৈ অধিক সক্রিয়।
(d) যিংক টিনতকৈ কম সক্রিয়
উ : (c) যিংক টিনতকৈ অধিক সক্রিয়।
প্রঃ ২০। তােমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাৰ আৰু এটা ছুইচ দিয়া হ’ল। (H.S.L.C −15)
(a) এই বস্তুবােৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা ?
(b) ধাতু/অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাৰবাৰৰ উপযােগিতা উল্লেখ কৰিবা।
উঃ (a) হাতুৰীৰে কোবালে ধাতু পাতল হ’ব। আনহাতে অধাতু গুড়ি হব।
উ : (b) ধাতু আৰু অধাতুৰ চিনাক্তকৰণ প্ৰক্ৰিয়াটোত হাতুৰী ব্যৱহাৰ কৰিব লাগে। কাৰণ ধাতুবােৰক কোবাই চেপেটা কৰিব পাৰি। আনহাতে অধাতুক নােৱাৰি।
প্রঃ উভধর্মী অক্সাইড কাক বােলে? দুটা উভধর্মী অক্সাইডৰ নাম লিখা।
উঃ যিবােৰ অক্সাইডে এছিড আৰু ক্ষাৰ উভয়ৰ লগত বিক্রিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইবােৰক উভধর্মী অক্সাইড বােলে। উদাহৰণ : যিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইড।
প্রঃ দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এছিডৰপৰা হাইড্রজেন অপসাৰণ কৰে আৰু যিয়ে নকৰে।
উঃ হাইড্রজেন অপসাৰণ কৰা দুটা ধাতু হল- ছ’ডিয়াম আৰু কেলছিয়াম। অপসাৰণ নকৰা ধাতু হৈছে- কপাৰ আৰু ছিলভাৰ।
প্রঃ M ধাতুৰ বৈদ্যুতিক শােধনৰ বেলিকা এন ‘ড, কেথড আৰু বিদ্যুত বিশ্লেষ্য কি ল’ব লাগিব ?
উঃ অশুদ্ধ ধাতু Mক এনড হিচাপে আৰু বিশুদ্ধ Mক কেথ’ড হিচাপে M ধাতুৰ লৱণ বিশ্লেষ্য ব্যৱহাৰ কৰিব লাগিব।
প্রঃ প্রত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে উদ্ভৱ হোৱা গেছটো এটা পৰীক্ষানলী ওড়ােতাকৈ ধৰি সংগ্ৰহ কৰিলে।
(a) (i) শুষ্ক লিটমাছ কাগজৰ লগত (ii) সিক্ত লিটমাছ কাগজৰ লগত গেছটাৰ বিক্রিয়া কেনে হ’ব?
(b) ইয়াত বিক্রিয়াটোৰ সন্তুলিত সমীকৰণ লিখা।
উঃ (a) (i) শুল্ক লিটমাছ কাগজৰ লগত কোনাে বিক্রিয়া নকৰে।
(ii) গেছটোৱে সিক্ত লিটমাছৰ লগত বিক্রিয়া কৰি কাগজক ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰিব।
(b) সংঘটিত বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণটো হ’ল-
SO2+H20 → H2S04 + 2H+S03
প্রঃ মাৰকিউৰিক অক্সাইড মাৰকিউৰিকলৈ বিজাৰিত হয়। (H.S.L.C −17)
বিক্রিয়াটো: 2HgO(s)→2Hg(l) + O2(g)
প্রঃ লোত মামৰে ধৰা ৰােধ কৰিবলৈ দুটা উপায় বর্ণনা
উঃ (i) ৰং কৰা।। (ii) দস্তালেপন।
প্রঃ অক্সিজেনৰ লগত বিক্রিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে?
উঃ অধাতুবিলাকে অক্সিজেনৰ লগত বিক্রিয়া কৰি আম্লিক অক্সাইড উৎপন্ন কৰে।
প্রঃ কাৰণ দর্শাৱা।
(a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়। (H.S.L.C −15/18)
উঃ প্লেটিনাম, গল্ড আৰু ছিলভাৰ ধাতুবােৰ যথেষ্ট কঠিন, উজ্জ্বল, উচ্চ ঘাতসহনশীল আৰুনমনীয়। এইবােৰ সহজে ক্ষয় নাযায় আৰু মামৰে নধৰে। সেই কাৰণে এইবােৰক অলংকাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
(b) ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।
উঃ (b) ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতুবােৰ অতি সক্রিয় হােৱা বাবে ইহঁতে বায়ুত থকা অক্সিজেন, জলীয় বাষ্প আৰু কার্বন-ডাই-অক্সাইডৰ লগত বিক্রিয়া কৰে। যাতে ইহঁতে বিক্রিয়া কৰিব নােৱাৰে সেইবাবে এইবােৰক তেলত ডুবাই ৰখা হয়।
(c) এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। (H.S.L.C −15/18)
উঃএলুমিনিয়াম তাপৰ সুপৰিবাহী। ই বায়ুত থকা অক্সিজেনৰ লগত বিক্রিয়া কৰি উৎপন্ন কৰা এলুমিনিয়াম অক্সাইড অধিক সুস্থিৰ। এই এলুমিনিয়াম অক্সাইডৰ প্রলেপে ভিতৰৰ এলুমিনিয়ামক ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰে আৰু ই অধিক উষ্ণতাতাে নষ্ট নহয়। সেইবাবে ইয়াক ৰন্ধা বাচন- বৰ্তনত ব্যৱহাৰ কৰা হয়।
(d) ধাতু নিষ্কাষণৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইজলৈ ৰূপান্তৰ কৰা হয়। (H.S.L.C −15)
উঃ যিহেতু ধাতুৰ অক্সাইডৰ পৰা ধাতু নিষ্কাষণ কৰা অতি সহজ, সেয়েহে ধাতুৰ কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।
প্র : চেকালগা কপাৰৰ পাত্র নেমু বা তেতেলী ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় বাৱহাৰ কৰে?
উ : কপাৰৰ পাত্ৰৰ চেকা কপাৰ কার্বনেটৰ এটা প্রলেপ। এই কপাৰ কার্বনেট এচিডত দ্ৰৱীভূত হয়। সেইবাবে এই পাত্ৰবােৰ নেমু বা তেতেলী টেঙাৰ ৰসেৰে পৰিষ্কাৰ কৰা হয়। নেমু আৰু তেতেলী ৰসত ক্রমে ছাইট্রিক এছিড আৰু টাৰিটাৰিক এছিড থাকে।
প্র: ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পার্থক্য লিখা।
উঃ ধাতু আৰু অধাতুৰ মাজত পার্থক্য হল—
(1) ধাতুবােৰে ধণাত্মক আধান উৎপন্ন কৰে কিন্তু অধাতুরে ঋণাত্মক আধান উৎপন্ন কৰে।
(2) ধাতুৱে ক্ষাৰকীয় অক্সাইড গঠন কৰে। কিন্তু অধাতুৱে আম্লিক অক্সাইড গঠন কৰে।
(3) ধাতুৰ হাইড্রাইডবােৰ আয়নীয় প্ৰকৃতিৰ আনহাতে অধাতুৰ হাইড্রাইডবােৰ সহযােজী প্রকৃতি।
প্রঃ গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়। কিন্তু ষ্টিল (আইৰণৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয় কিয়?
উঃ ষ্টিলতকৈ কপাৰ অধিক পৰিবাহী, ই সহজে ক্ষয় নাযায় আৰু মামৰে নধৰে। সেই বাৰে গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহৰ কৰা হয়।
প্রঃ ধাতৱ দ্যুতি কাক বােলে ?
উঃ বিশুদ্ধ ধাতুৰ পৃষ্ঠৰ চিকমিকনিক ধাতৱ দ্যুতি বােলে।
প্রঃ ধাতু ‘আৰু অধাতুৰ চাৰিটাকৈ ধৰ্ম উল্লেখ কৰা।
উঃ ধাতুৰ চাৰিটা ধর্ম হল-
(১) ধাতুৰ চিকমিকনি আছে।
(২) ধাতুবােৰৰ গলনাংক আৰু উতলাংক বেছি।
(৩) ধাতুবােৰ বিদ্যুতৰ সুপৰিবাহী।
(৪) ধাতুবােৰ ঘাতসহনীয় আৰু নমনীয়।
অধাতুৰ চাৰিটা ধর্ম হ’ল—
(১) অধাতুবােৰ তাপৰ কুপৰিবাহী।
(২) অধাতু হাইড্রাইডবােৰ সহযােজী।
(৩) অধাতুৰ গলনাংক সাধাৰণতে অতি কম।।
(8) অধাতুবােৰ বিদ্যুতৰ কুপৰিবাহী।
প্রঃ কপাৰ আৰু যিংক, কপাৰ আৰু টিন আৰু লেড আৰু টিনৰ সংকৰ ধাতুৰ নাম লিখা।
উঃ কপাৰ আৰু যিংকৰ সংকৰ ধাতু পিতল। কপাৰ আৰু টিনৰ সংকৰ ধাতু ব্ৰঞ্জ। লেড আৰু যিংকৰ সংকৰ ধাতু—দু’ল্ডাৰ।
প্রঃ উভধর্মী অক্সাইড কাক বােলে? উদাহৰণ দিয়া।
উঃ যিবােৰ অক্সাইডে এছিড আৰু ক্ষাৰকৰ লগত বিক্রিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, সেইবােৰক উভধর্মী অক্সাইড বােলে। উদাহৰণ—এলুমিনিয়াম অক্সাইড, যিংক অক্সাইড আদি।
প্র : কাৰণ দর্শোৱা :
(১) খাদ্য সামগ্রী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়।
উঃ (১) এলুমিনিয়াম কোবাই সহজে পাতল পাতলৈ পৰিৱৰ্তন কৰিব পাৰি। সেইবাবে খাদ্যসামগ্রী মেৰিয়াবলৈ এলুমিনিয়াম ব্যৱহাৰ কৰা হয়।
প্রঃ কি ঘটিব যেতিয়া—
(ক) তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এছিড় ঢলা হয়।
(খ) কপাৰ ছালফেট দ্ৰৱত লােৰ গজাল ৰখা হয়।
বিক্রিয়াসমূহ উপযুক্ত সমীকৰণ লিখিবা।
উঃ (ক) তামৰ প্লেটৰ ওপৰত ছালফিউৰিক এছিড দিলে কপাৰ ছালফেট আৰু হাইড্রজেন গেছ উৎপন্ন হয়।
Cu+H2S04→CuSO4+H2
(খ) কপাৰ ছালফেট দ্ৰৱত লােৰ গজাল ৰাখিলে, আইৰনে কপাৰ ছালফেটৰ পৰা কপাৰক অপসাৰিত কৰে।
CuSO4+Fe→FeSO4+Cu
প্রঃ পানীৰ সৈতে বিক্রিয়া নকৰা দুবিধ ধাতুৰ নাম লিখা।
উ : সােণ আৰু ৰূপ।
প্রঃ তাপজাৰণ আৰু দন্ধীকৰণ পদ্ধতিৰ সংজ্ঞা দিয়া।
উঃ অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰি ছালফাইড আকৰক ধাতৱ অক্সাইড়লৈ ৰূপান্তৰ কৰা পদ্ধতিকে তাপজাৰণ বােলা হয়।
পৰিমিত বায়ুৰ পৰিৱেশত উচ্চ তাপত উত্তপ্ত কৰি কার্বনেট আকৰক ধাতৱ অক্সাইডলৈ ৰূপান্তৰ কৰা পদ্ধতুিক দগ্ধীকৰণ পদ্ধতি বােলা হয়।
প্রঃ আয়নীয় বা ইলেকট্র’যােজী যৌগ কাক বােলে? উদাহৰণ দিয়া।
উঃ ধাতুৰ পৰা অধাতুলৈ ইলেকট্রন স্থানান্তৰ হওঁতে সৃষ্টি হােৱা যৌগক আয়নীয় বা ইলেকট্র’যযাজী যৌগ বােলে।
উদাহৰণ– NaCl, CaCl, CaO, MgCI, আদি।
প্র : এমালগাম কি?
উঃ এমালগাম এটা সংকর ধাতু। কোনাে ধাতু আৰু পাৰাৰ সংকৰ ধাতুৱে এমালগাম।
প্রঃ ধাতুকল্প কাক বােলে ?
উঃ যিবােৰ মৌলই ধাতু আৰু অধাতু দুয়ােৰে ধৰ্ম দেখুৱায় তেনেবােৰ মৌলক ধাতুকল্প বােল।।
যেনে—Ge, As, Te
ধাতু সংজ্ঞা
জৌতিক ধৰ্মৰ আধাৰত : তেনেবোৰ যিবোৰ দেখাত চক্চকীয়া; কঠিন, ঘাতসহনীয়, নমনীয়, তাপ আৰ বিদ্যুতৰ সুপৰিবাহী, উচ্চ গলনাংক আৰু উতলাংক বিশিষ্ট আৰু কঠিন পদাৰ্থত আঘাত কৰিলে শব্দ উৎপন্ন কৰে (নিনাদীগুণ বিশিষ্ট)।
ৰাসায়নিক ধৰ্মৰ আধাৰত : এনে মৌল যিয়ে অতি সহজে ৰাসায়নিক বিক্ৰিয়াত যোজক কক্ষৰ পৰা ইলেক্ট্ৰ’ন এৰি দি ধনাত্মক আধানযুক্ত আয়ন অৰ্থাৎ কেটায়নৰ সৃষ্টি কৰে।
অধাতু সংজ্ঞা
ভৌতিক ধৰ্মৰ আধাৰত : এনে মৌলই ধাতুৰ ধৰ্ম প্রদৰ্শন নকৰে। ই গেছ অথবা গোটা পদাৰ্থ হ’ব পাৰে (অৱশ্যে ইয়াৰ ব্যতিক্ৰমো নথকা নহয়) |
ৰাসায়নিক ধৰ্মৰ আধাৰত : এনে মৌলই ইলেক্ট্ৰ’ন গ্ৰহণ কৰি খ৷ণাত্মক আধানযুক্ত আয়ন উৎপন্ন কৰে যাক এনায়ন বোলা হয়।

  • ধাতৱ দ্যুতি: বিশুদ্ধ থকা ধাতুৰ চিক্মিকনি
  • ঘাত সহনীয়তা: ধাতুৰ এনে গুণ যাৰ বাবে ইয়াক পাতল চেপেটা আকাৰ দিব পাৰি।
  • নমনীয়তা: ধাতুৰ এনে ধৰ্ম যাৰ বাবে ইয়াক মিহি তাৰলৈ ৰূপান্তৰ কৰিব পাৰি।
  • নিনাদীগুণ: ধাতুৰ এনে ধৰ্ম যাৰ ফলত টান পর্দাথ আঘাত কৰিলে ইয়াৰ পৰা উচ্চ শব্দ উৎপন্ন হয়।
  • বিদ্যুৎ পৰিবাহী: এনে পদাৰ্থ যাৰ মাজেৰে বৈদ্যুতিক আধান পাৰ হৈ যাব পাৰে।
  • উষ্ণতা অথবা তাপ পৰিবাহী: এনে পদাৰ্থ যিয়ে তাপ বা তাপশক্তি কঢ়িয়াব পাৰে।
  • বহুৰূপতা: ভিন্ন সাংগঠনিক ৰূপত বিৰাজ কৰিব পৰা একোটা মৌলৰ ধৰ্ম । প্ৰত্যেক ৰূপৰ ভৌতিক ধৰ্ম ভিন্ন যদিও ৰাসায়নিক ধৰ্ম একে। উদাহৰণস্বৰূপে: কাৰ্বনে বহুৰূপতা প্ৰদৰ্শন কৰে।
  • বহুৰূপ: একেবিধ মৌলৰে বিভিন্ন ৰূপ যিয়ে বহুৰূপতা দেখুৱায়। উদাহৰণস্বৰূপে : হীৰা আৰু গ্রেফাইট কাৰ্বনৰে বহুৰূপ
  • ক্ষাৰ ধাতু : আধুনিক পৰ্যায়বৃত্ত তালিকাৰ বৰ্গ 1ৰ মৌল যিয়ে ইয়াৰ পৰমাণুৰ বহিৰতম কক্ষৰ পৰা ইলেক্ট্ৰীন সহজে ত্যাগ কৰি ধনাত্মক আয়ন উৎপন্ন কৰে।
  • উভধর্মী অক্সাইড (Amphoteric Oxides): ধাতীয় অক্সাইড যিবােৰে এছিড আৰু ক্ষাৰ দুয়ােবিধৰ লগতে বিক্রিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। উদাহৰণস্বৰূগেঃ এলুমিনিয়াম অক্সাইড (Al2O3) যিংক অক্সাইড (ZnO), ইত্যাদি।
  • এনভীকৰণ ঃ মামৰ প্ৰতিৰােধ কৰাৰ বাবে বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰে এলুমিনিয়ামৰ ওপৰত এলুমিনিয়াম অক্সাইডৰ ডাঠ প্রলেপ দিয়া প্রক্রিয়া। 4Al + 3O2 → 2Al2O3
  • অম্লজ: গাঢ় হাইড্রক্লৰিক এছিড (HCl) আৰু নাইট্রিক এছিড (HNO3) 3:1 অনুপাতত মিহলাই তৈয়াৰ কৰা। ই প্লেটিনাম আৰু সােণ দ্রবীভূত কৰিব পাৰে।
  • ধাতুৰ সক্রিয়তা ক্রম (Reactivity series of metals): সক্রিয়তাৰ অধঃক্রমত সজোৱা তালিকা
  • সম্রান্ত (নিষ্ক্রিয়) গেছ (Noble (inert) gases) : আধুনিক পর্যাবৃত্ত তালিকাৰ 18 বৰ্গৰ মৌলসমূহ যাৰ যােজক কক্ষ পূর্ণ হৈ থাকে। এনে মৌলৰ ৰাসায়নিক বিক্রিয়াত ভাগ লােৱাৰ প্রৱণতা কম।
  • বিজাৰণ (Reduction) : ধাতুৰ সক্রিয়তা শ্ৰেণীৰ মাজৰ অংশত থকা ধাতুৰ ধাত্রীয় অক্সাইডক উপযুক্ত বিজাৰক যেনে – কার্বন (C)ৰ দ্বাৰা বিজাৰণ ঘটাই ধাতু আহৰণ কৰাৰ প্রক্রিয়া।
  • থার্মিট বিক্রিয়া: তাপবর্জী বিক্রিয়া য’ত অতিশয় সক্রিয় ধাতু (ছডিয়াম, কেলছিয়াম, এলুমিনিয়াম আদি)ক বিজাৰক পদার্থ হিচাপে ব্যৱহাৰ কৰি কম সক্রিয় ধাতুবােৰক সিহঁতৰ যৌগ [মেংগানিজ ডাই-অক্সাইড (MnO2), আইৰণ (iii) অক্সাইড (Fe203) ইত্যাদি] ৰ পৰা অপসাৰণ ৰা হয়। ইয়াৰ উৎকৃষ্ট উদাহৰণ হৈছে এলুমিনিয়ামে আইৰণক ইয়াৰ অক্সাইডৰ পৰা অপসাৰিত কৰাৰ প্রক্রিয়া। ৰে’ললাইন, ভগা মেচিন আদি জোৰা লগাবৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয় । Fe203 (s) + 2Al (s) –> 2Fe(l) + Al2O3(s) + তাপ
  • বিদ্যুৎ বিজাৰণ (Electrolytic reduction): ধাতুৰ সক্রিয়তা শ্ৰেণীৰ ওপৰফালে থকা অতিশয় সক্রিয় ধাতু। (যেনে– ছ’ডিয়াম, কেলছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম আদি) কসিহঁতৰ বিগলিত ক্ল’ৰাইডৰ বিদ্যুৎ বিশ্লেষণেৰে নিষ্কাশন কৰাৰ প্রক্রিয়া। বিদ্যুৎ বিজাৰণ প্রক্রিয়াত ধাতুৰ আয়নে কেথ’ডৰপৰা ইলেক্ট্রন গ্ৰহণ কৰি ধাতুলৈ বিজাৰিত হয়।
  • ধাতুৰ শােধন (Refining of metals): ধাতু এটাক বিশুদ্ধ অৱস্থাত পাবৰ বাবে অশুদ্ধ ধাতুৰপৰা অশুদ্ধিসমূহ আঁতৰ কৰাৰ প্রক্রিয়া।
  • ধাতুৰ বিদ্যুৎ পৰিশােধন পদ্ধতি (Electrolytic refining of metals) ঃ এই প্রক্রিয়াত অশুদ্ধ ধাতুক এনড হিচাপে আৰু বিশুদ্ধ ধাতুৰ পাতল পাতক কেথড হিচাপে ব্যৱহাৰ কৰি বিদ্যুৎ বিশ্লেষণ প্রক্রিয়াৰে ধাতু (যেনে-কপাৰ, যিংক, টিন, নিকেল, ৰূপ, সােণ আদি) ৰ শােধন কৰা হয়। ধাতুৰ থৰ ঘৰক এই প্রতি বিদ্যুৎ বিশ্লেষ্য হিচাপে ব্যৱহাৰ কৰা হয়।
  • এনড বোকা (Anode mud) : ধাতু শােধনৰ বিদ্যুৎবৈজেযিক প্রক্রিয়াত বিদ্যুৎকোষৰ এনীতৰ তলত জমা হােৱা অশুদ্ধি।
  • ক্ষয়ীভবন (Corrosion) : বায়ুত থকা অক্সিজেন আৰু জলীয় বাষ্পৰ সৈতে ধাতু এটাই সংঘটিত কৰাৰাসায়নিক বিক্রিয়াৰ ফলত সংশ্লিষ্ট ধাতুৰ ক্রমাগত বিনাশ।
  • বিদ্যুৎলেপন (Galvanization) : ধাতু, লাে আৰু তীখাৰ ক্ষয়ীভৱন ৰােধ কৰাৰ বাবে যিংকৰ পাতল আৱৰণ দিয়া বৈদ্যুতিক পদ্ধতি।
  • সংকৰ ধাতু (Alloy) : দুটা বা ততােধিক ধাতু বা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্রণ।
  • এমালগাম (Amalgam) ঃ পাৰা আৰু অন্য ধাতু মিশ্রণৰ পৰা তৈয়াৰী সংকৰ ধাতু।
  • পিতল (Brass) ঃ যিংক (Zn) আৰু কপাৰ (Cu) মিশ্রিত সংকৰ ধাতু
  • ব্রঞ্জ (Bronze) ঃ কপাৰ (Cu) আৰু টিন (Sn) মিশ্রিত সংকৰ ধাতু।
  • ছল্ডাৰ (Solde) ঃ টিন (Sn) আৰু লেড (Pb) মিশ্রিত সংকৰ ধাতু
  • কেৰেট (Carat) ঃ সােণৰ বিশুদ্ধতা জোখাৰ একক (বিশুদ্ধ সােণত 24 কেৰেট থাকে)।

১) ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু

(i) সাধাৰণ উষ্ণতাত জুলীয়া। (ii) কটাৰিৰে সহজে কাটিব পাৰি। (iii) তাপৰ আটাইতকৈ সুপৰিবাহী। (iv) তাপৰ কম পৰিবাহী।

উত্তৰঃ (j) পাৰা (ii) লিথিয়াম (iii) কপাৰ (iv) সীহ

২) ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা।

উত্তৰঃ ধাতুৰ ঘাত সহনীয়তাঃ ধাতুবোৰ সাধাৰণতে টান বা কঠিন।সোণ,ৰূপ, এলুমিনিয়াম, প্লেটিমান আদি ধাতু গৰম কৰি হাতুৰীৰে পিটি বহল বা দীঘল কৰিব পাৰি। এনে ধাতুক আঘাত কৰি প্ৰসাৰিত কৰিলেও ভাঙি না1য়ায়। ইয়াকে ঘাত সহনীয়তা বোলে।

ধাতুৰ নমনীয়তাঃ ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ ৰূপান্তৰিত কৰিব পৰা গুণকে ধাতুৰ নমনীয়তা বোলে।সোণ, ৰূপ এলুমিনিয়াম আদি নমনীয় ধাতু ।

৩) ছডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়?

উত্তৰঃ ছ’ডিয়াম ধাতু অতি সক্ৰিয়। ই বায়ুত উন্মুক্তভাৱে থাকিলে বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অক্সাইড গঠন কৰে আৰু বায়ুৰ সংস্পৰ্শত জলি উঠে। সেইবাবে ছ’ডিয়াম ধাতু কেৰাচিন তেলত ডুবাই ৰখা হয় যাতে ই বায়ুৰ সংস্পৰ্শ নাপায়।

৪) আয়নীয় যৌগৰ গলনাংক কিয় বেছি?

উত্তৰঃ আয়নীয় যৌগৰ আন্তঃ আয়নীয় স্থিতি বৈদ্যুতিক আকৰ্ষণ বল বহুত বেছি। ইয়াৰ ফলত প্ৰৱল শক্তি সম্পন্ন আয়নীয় বান্ধনিৰ সৃষ্টি হয়।এই বান্ধনি ভাঙিবলৈ যথেষ্ট তীপ শক্তিৰ প্ৰয়োজন।গতিকে এনে যৌগৰ গলনাংক আৰু উতলাংক বেছি হয়।

৫) উভধ্মী অক্সাইড কাক বোলে? দুটা উভধ্মী অক্সাইডৰ উদাহৰণ দিয়া।

উত্তৰঃ যিবিলাক অক্সাইডে আম্লিক আৰু ক্ষাৰকীয় উভয়ৰে ধৰ্ম প্ৰদৰ্শন কৰে, সেইবোৰ অক্সাইডক উভথধ্মী অক্সাইড বোলে। উদাহৰণঃ যিংক অক্সাইড (ZnO) আৰু-এলুমিনিয়াম অক্সাইড (Al2O3)

৬) দুটাকৈ ধাতুৰ নাম যিয়ে লঘু এছিডৰ পৰা হাইডজেন অপসাৰণ কৰে আৰু যিয়ে নকৰে।

উত্তৰঃ আইৰণ (Fe) আৰু মেগনেছিয়াম (Mg) হাইডজেন অপসাৰণ কৰে। কপাৰ (Cu) আৰু ছিলভাৰ (Ag) হাইড’জেন অপসাৰিত কৰিব নোৱাৰে।

৭ ) M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এন’ড, কেথ’ড আৰু বিদ্যুৎ বিশ্লেষ্য কি ল’ব লাগিব?

উত্তৰঃ M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এন’ড হিচাপে M ধাতুৰে দণ্ড, কেথ’ড হিচাপে বিশুদ্ধ M ধাতুটোৰ দণ্ড আৰু বিদ্যুৎ বিশ্লেষ্য হিচাপে ধাতৱীয় ছালফেট দ্ৰৱ ল’ব লাগিব।

৮) তলত দিয়াবোৰৰ সংজ্ঞা লিখা। (i) মণিক (ii) আকৰ (iii) খনিজ মল

উত্তৰঃ (i) মণিকঃ ভূত্বকতে মেলি বা যৌগ অৱস্থাত পোৱা পদাৰ্থবোৰকে মণিক বোলে।

আকৰঃ যিবোৰ মণিক বা খনিজ পদাৰ্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকে আৰু তাৰ পৰা লাভজনকভাৱে ধাতুবিধ আহৰণ কৰিব পাৰি তাকে আকৰ বোলে।

খনিজ মলঃ খনিৰ পৰা আহৰণৰ সময়ত আকৰৰ লগত বহুতো অশুদ্ধি মিহলি হৈ থাকে। এই অশুদ্ধিবোৰকে খনিজ মল বোলে।

১০)অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয়।

উত্তৰঃ অক্সাইডৰ পৰ ধাতু উৎপন্ন কৰিবলৈ বিজাৰণ পদ্ধতি প্ৰয়োগ কৰা হয়।

১১) সংকৰ ধাতু কি?

উত্তৰঃ সংকৰ ধাতু (alloy) হ’ল দুটা বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু অধাতুৰ সমসত্ব মিশ্ৰণ যেনেঃ লো।


শেষ বাক্য:Class 10 Science Chapter 3

Class 10 Science Chapter 3 ৰ বাবে যিমান খিনি প্ৰয়োজনীয় তথ্যৰ আলোচনা কৰা হয়, ই যথেষ্ট দশম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে। আমি আশা কৰো, আপুনি আমাৰ আলোচ্য বিষয়সমূহ গুৰুত্ব সহকাৰে পঢ়িব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে ভাগ বতৰা কৰিব।

আপুনি যদি কিবা অসুবিধা পাই আছে তেন্তে যিকোনো সময়ত আপুনি আমাৰ Assamese Medium Facebook PageFollow কৰি জনাব নেপাহৰিব। আমাক জনোৱা যিকোনো প্ৰশ্নৰ উত্তৰ আপুনি পাব বুলি আমি কব পাৰোঁ।

5 Comments

Leave a Reply

Your email address will not be published.