আপুনিও বাৰু ইয়াত Class 10 Science Chapter 12 Question Answer বিচাৰি আহিছে নেকি বা আপুনি Class 10 Science Chapter 12 PDF Note in Assamese বিচাৰি আছে নেকি? তেন্তে চিন্তাৰ কোনো কাৰণ নাই, ইয়াত আপুনি পাব Class 10 Science Chapter 12 Question Answer আৰু তলত দিয়া লিংকত ক্লিক কৰি আপুনি Class 10 Science Chapter 12 PDF Note in Assamese ডাউনলোড কৰিব পাৰিব।
ইয়াৰ ওপৰিও আজি আমি Assamese Medium ত Class 10 Science Chapter 12 Question Answer ত সম্পূৰ্ণ পাঠভিত্তিক প্রশ্নোত্তৰ আৰু অনুশীলনীৰ প্ৰশ্ন উত্তৰ ইয়াত যোগান ধৰাৰ প্ৰয়াস কৰা হৈছে।
[Disclaimer: অনিচ্ছাকৃত বানান ভুল আপোনালোকে শুধৰাই লব বুলি আমি আশাবাদী]
পাঠভিত্তিক প্রশ্নোত্তৰ
Q. 1. এটা বৈদ্যুতিক বর্তনী বুলিলে কি বুজা?
Ans. বৈদ্যুতিক প্ৰৱাহৰ সোঁত বা বব পৰা বন্ধ পথক বৈদ্যুতিক বর্তনী বোলে।
Q. 2. প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া।
Ans. বিদ্যুৎ প্ৰৱাহৰ এছ. আই একক হ’ল এম্পিয়াৰ। কোনো এক পৰিবাহীৰ মাজেৰে প্ৰবাহিত বিদ্যুৎ প্রবাহক এক এম্পিয়াৰ বুলি কোৱা হয়। যদিহে পৰিবাহীৰ কোনো অংশৰে এক ছেকেণ্ডত এক কুলম্ব আধান প্রবাহিত হয়। গাণিতিকভাৱে,

Q. 3. এক কুলম্ব আধান হ’বলৈ প্ৰয়োজন হোৱা ইলেকট্রনৰ সংখ্যা গণনা কৰা ।
Ans . এটা ইলেকট্ৰনৰ আধান ( e ) = 1-6 × 10⁻¹⁹ কুলম্ব
মুঠ আধানৰ পৰিমাণ ( Q ) = 1 কুলম্ব

পাঠভিত্তিক প্রশ্নোত্তৰ
Q. 1. পৰিবাহীৰ দুটা প্ৰান্তৰ মাজত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা
Ans. এটা বেটাৰী বা বিদ্যুৎ কোষ।
Q.2. দুটা বিন্দুৰ মাজৰ বিভবভেদ l ভল্ট বুলি ক’লে কি বুজায়?
Ans. দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1 ভল্ট মানে হ’ল এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ এক কুলম্ব আধান স্থানান্তৰ কৰোঁতে 1 জুল পৰিমাণৰ কাৰ্য্য কৰিব লগা হয়।
Q. 3. 6V বেটেৰী এটাৰ মাজেৰে চালিত হওঁতে প্রতি কুলম্ব আধানক কিমান শক্তি দিয়া হয়?
Ans. আধানৰ পৰিমাণ (Q) = 1C
বিভৱ পার্থক্য = 6V
বিদ্যুৎ শক্তি = ?
বিদ্যুৎ শক্তি = V x Q
= 6 × 1
= 6 জুল শক্তি দিয়া হয়।
পাঠভিত্তিক প্রশ্নোত্তৰ
Q. 1. পৰিবাহীৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?
Ans. এডাল পৰিবাহীৰ ৰোধ তলত দিয়া কাৰকবোৰৰ ওপৰত নিৰ্ভৰ কৰে—
i) তাঁৰ ডালৰ দৈৰ্ঘ্য।
ii) তাঁৰ ডালৰ প্রস্থচ্ছেদ।
iii) তাঁৰৰ পদাৰ্থৰ গুণাগুণ।
iv) উষ্ণতা।
Q. 2. একেটা উৎসৰ লগত সংযোজিত, একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ (পাতল) তাঁৰৰ কোনডালত বেছি সহজে প্রবাহ চালিত হয় ? আৰু কিয়?
Ans. বিদ্যুৎ প্ৰৱাহ (পাতল) তাঁৰতকৈ শকত তাঁৰৰ মাজেৰে সহজে প্রবাহিত হয়। কাৰণ শকত তাঁৰৰ ৰোধ, পাতল তাঁৰৰ ৰোধতকৈ কম। অর্থাৎ কম বোধ হলে বেছী প্ৰৱাহ পোৱা যায়। গতিকে শকত তাঁৰৰ মাজেৰে বিদ্যুৎ সহজে প্রবাহিত হ’ব।
Q. 3. ধৰা হওঁক বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ কমাওতে ৰোধৰ মান একে থাকে। ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ কি পৰিবৰ্ত্তন হ’ব?
Ans. বিভৱভেদৰ লগত প্ৰবাহৰ মান সমানুপাতিক [V∝ I] গতিকে প্রবাহিত বিদ্যুৎ-ৰ পৰিমাণ আধা হ’ব।
Q. 4. পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয়?
Ans. পাউকটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিত থকা কুণ্ডলীবোৰ (Coils) সংকর ধাতুৰে গঢ়া হয়। ইয়াৰ কাৰণবোৰ হ’ল–
i) সংকৰ ধাতুৰ আপেক্ষিক ৰোধ, মৌলিক ধাতুতকৈ অধিক গতিকে সঁজুলিবিলাক সোনকালে অধিক গৰম হয়।
ii) অত্যাধিক তাপত সংকৰ ধাতুৰ জাৰণ নহয়।
Q. 5. তালিকা 12.2 ত দিয়া তথ্য ব্যৱহাৰ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া—
(a) লো আৰু পাৰাৰ ভিতৰত কোনটো অধিক ভাল পৰিবাহী?
(b) কোনটো পদার্থ আটাইতকৈ ভাল পৰিবাহী?
Ans. (a) লো আৰু পাৰাৰ ভিতৰত লো ভালপৰিবাহী [ আপেক্ষিক ৰোধ = 10.0 × 10⁻⁸ Ωm ]
(b) ছিলভাৰ আটাইতকৈ ভাল পৰিবাহী [ আপেক্ষিক ৰোধ = 1.60 × 10⁻⁸ Ωm ]
পাঠভিত্তিক প্রশ্নোত্তৰ
Q. 1. প্ৰতিটোৰে 2V কৈ তিনিটা কোষৰ এটা বেটেৰেী, এটা 5Ω ৰ ৰোধক, এটা 8Ω ৰ ৰোধক, এটা 12Ω ৰ ৰোধক আৰু এটা প্লাগ চাবি (ছুইচ) শ্রেণীবদ্ধভাবে সংযোগ কৰি এটা বৰ্ত্তনীৰ নক্সা অংকন কৰা।
Ans. বৈদ্যুতিক বর্তনী তলত দিয়া হ’ল—

-P, Q, R যথাক্রমে তিনিটা ৰোধক 5Ω, 8Ω, 12Ω ক্ষমতাসম্পন্ন। C₁, C₂, C₃, তিনিটা 2V কোষৰ বেটেৰী আৰু K ছুইচ।
Q. 2. ৰোধক কেইটাৰ মাজেৰে যোৱা প্ৰবাহ জুখিবৰ বাবে এটা এমিটাৰ আৰু 12Ω ৰোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ জুখিবৰ বাবে এটা ভল্ট ‘মিটাৰ সংযোগ কৰি 1 নং প্রশ্নত দিয়া বৰ্তনীটো পুনৰ অংকন কৰা। এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ কি হ’ব?
Ans:

মুঠ বিভৱ পার্থক্য (V) = 3 × 2 = 6 ভল্ট
মুঠ ৰোধ (R) = 5 + 8 +12 = 25Ω
এমিটাৰৰ পৰা পাঁও, I = V/R
= 6/25
=0.24 A
ভ’ল্টমিটাৰৰ পাঁও, V = IR
= 0.24 × 12
= 2.88 V ভল্ট
পাঠভিত্তিক প্রশ্নোত্তৰ
Q. 1. নিম্নোক্তবোৰৰ সমান্তৰাল সংযোজন ৰোধ নির্ণয় কৰা।– (a) 1Ω আৰু 10⁶Ω, (b) 1Ω, 10³Ω আৰু 10⁶Ω.
Ans. যেতিয়া ৰোধবোৰ সমান্তৰালভাবে সজ্জিত কৰা হয়, তেতিয়া সমতুল্যবোধৰ মান সবাতোকৈ সৰু বোধতকৈ সৰু হয়।

Q. 2. 100Ω ৰ এটা বৈদ্যুতিক বাল্ব, 50Ω ৰ এটা পাউৰুটি সেকা সঁজুলি আৰু 500Ω ৰোধৰ এটা পানীৰ ফিল্টাৰ 220V উৎসৰ লগত সমান্তৰালভাবে সংযোগ কৰা হৈছে। যদি এটা বৈদ্যুতিক ইস্ত্রি একেটা উৎসৰ লগত সংযোগ কৰা হয় আৰু যদি ই আন তিনিওটাই লোৱাৰ সমান প্রবাহ লয় তেন্তে ইস্ত্ৰিটোৰ ৰোধ কিমান হ’ব আৰু ইয়াৰ মাজেৰে চালিত প্রবাহ কিমান হ’ব?
Ans. বৈদ্যুতিক বাল্বৰ ৰোধ, R₁ =100Ω
পাউৰুটি সেকা সঁজুলি এটাৰ ৰোধ R₂ = 50Ω
পানীৰ ফিল্টাৰৰ ৰোধ, R₃ = 500Ω
এই তিনিটা বৈদ্যুতিক সৰঞ্জাম সমান্তৰাল সজ্জাত সজ্জিত কৰিলে

Q. 3. এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি কি সুবিধা হয়?
Ans. বৈদ্যুতিক সঁজুলিক সমান্তৰালভাৱে সজ্জিত কৰিলে যি সুবিধাবোৰ পোৱা যায় সেইবোৰ হ’ল –
i) প্ৰতিটো সঁজুলি সম্পূর্ণ বেটাৰীৰ সমান বিভব পার্থক্য পায়।
ii) ৰোধ অনুযায়ী প্রতিটো সঁজুলি প্ৰৱাহ পায়।
iii) যদি সঁজুলিৰ চুইছ জ্বলা আৰু বন্ধ কৰা হয়, বাকী সঁজুলিবোৰ চলি থাকে।
Q. 4. 2Ω, 3Ω আৰু 6Ω ৰ তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ (a) 4Ω আৰু (b) 1Ω পোৱা যাব?
Ans. (a) সমতূল্য ৰোধ 4Ω পাবলৈ 3Ω আৰু 6Ω ৰোধ দুটাক সমান্তৰাল আৰু 2Ω-ক শ্রেণীবদ্ধ সজ্জাত সজ্জিত কৰিব লাগিব।

(b) সমতুলা ৰোধ 1Ω পোৱাৰ বাবে 2Ω, 3Ω আৰু 6Ω ৰোধ তিনিটাক সমান্তৰাল ভাৱে সজ্জিত কৰিব লাগিব।

Q. 5Ω, 8Ω, 12Ω আৰু 24Ω ৰোধৰ চাৰিটা কুণ্ডলী লগ লগাই পাব পৰা (a) সর্বোচ্চ আৰু (b) সর্বনিম্ন মুঠ ৰোধৰ মান কিমান হ’ব?
Ans. (a) সবাতোকৈ বেছী বোধ পোৱাৰ বাবে ৰোধবোৰ শ্রেণীবদ্ধভাৱে সজ্জিত কৰিব লাগিব।
∴ R = 4+ 8+ 12+ 24
= 48Ω
(b) সবাতোকৈ কম ৰোধ পোৱাৰ বাবে ৰোধবোৰ সমান্তৰালভাবে সজ্জিত কৰিব লাগিব।
পাঠভিত্তিক প্রশ্নোত্তৰ
Q. 1. বৈদ্যুতিক হিটাৰৰ তাপ উপাদানডাল (heating clement) দীপ্ত হয়; কিন্তু সংযোগী তাঁৰবোৰ এনে নহয়, কিয়?
Ans. এটা ইলেকট্রিক হিটাৰৰ তাঁৰটো গৰম নহয়, কিন্তু বাকী অংশবোৰ গৰম হয়। ইয়াৰ কাৰণ হ’ল— হিটাবৰ বাকী অংশবোৰ উচ্চৰোধৰ কাৰণে গৰম হয় (H = l²Rt) আৰু তাৰটো (Cord)ৰ ৰোধ কম হোৱাৰ বাবে গৰম কম হয়।
Q. 2.9600 কুলম্ব আধান 1 ঘণ্টাত 50 ভ’ল্ট বিভৱভেদৰ মাজেৰে সঞ্চালিত হলে, উৎপাদিত তাপৰ পৰিমাণ উলিওৱা।
Ans. ইয়াত, Q = 96,000 C
t = 1 ঘণ্টা
= 3600 ছেকেণ্ড
V = 50V
উৎপাদিত তাপৰ পৰিমাণ (H) = VQ
= 50V x 96,000 C
= 48,00,000 জুল।
Q. 3. 20Ω ৰোধৰ এটা বৈদ্যুতিক ইস্ত্ৰিয়ে 5 এম্পিয়াৰ প্ৰবাহ লয়। 30 ছেকেণ্ডত উৎপন্ন হোৱা তাপৰ পৰিমাণ গণনা কৰা।
Ans. ইয়াত, R = 20Ω, l = 5A, t = 3 ছে.
∴ উৎপাদিত তাপৰ পৰিমাণ (H) = I²Rt
= (5)² x 20 × 30 জুল
= 25 × 600 জুল
= 15,000 জুল
পাঠভিত্তিক প্রশ্নোত্তৰ
Q. 1. এটা বৈদ্যুতিক প্রবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে?
Ans. এটা বৈদ্যুতিক বর্তনীৰ ৰোধ প্ৰবাহে যোগান ধৰা বিদ্যুৎশক্তিৰ হাৰ নিৰূপণ কৰে।
Q. 2. এটা বৈদ্যুতিক মটৰে 220 V লাইনৰ পৰা 5 এম্পিয়াৰ (A) প্রবাহ লয়। মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিওৱা
Ans. ইয়াত, I = 5A,
V = 220V
t = 2 ঘন্টা
= 7200 ছে.
∴ ক্ষমতা (P) = VI
= 220 × 5
= 1100 (W) ওয়াট
∴ বৈদ্যুতিক শক্তিৰ পৰিমাণ = P x t
= 1100 W x 7200 ছে.
= 79,20,000 জুল
Class 10 Science Chapter 12 Question Answer
পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰ
Q.1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ’ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ’ল। যদি সজ্জাটোৰ সমতুল্য ৰোধ R হয়, তেতিয়া R আৰু R-অৰ অনুপাত হ’ব– (a) 1/25 (b) 1/5 (c) 5 (d) 25
Ans. (d) 25.

∴ R আৰু R-অৰ অনুপাত হ’ব 25
Q.2. তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নির্দেশ নকৰে? (a) l²R (b) IR² (c) VI (d) V²/R
Ans. (b) IR².
Q.3. এটা বৈদ্যুতিক বাহুত 220V আৰু 100W চিহ্নিত কৰা আছে যেতিয়া 110V-ত ইয়াক ব্যৱহাৰ কৰা হয়, ই লোৱা ক্ষমতা হ’ব– (a) 100W (b) 75W (c) 50W (d) 25W
Ans. (d) 25W.

Q. 4. একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাঁৰ প্ৰথমে শ্ৰেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একেটা বিভৱভেদত সংযোগ কৰা হ’ল। শ্রেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টিত সৃষ্টি হোৱা তাপৰ অনুপাত– (a) 1:2 (b) 2:1 (c) 1:4 (d) 4:1
Ans. (c) 14. [ R = ৰোধ (প্ৰতিটো তাঁৰৰ), শ্রেণীবদ্ধ সজ্জাত মুঠ ৰোধ = 2R

Q.5. দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বৰ্তনী এটাত ভল্ট’মিটাৰ কেনেকৈ সংযোগ কৰিবা?
Ans. এটা বৈদ্যুতিক বর্তনীৰ দুটা মেৰুৰ বিভৱ পাৰ্থক্য জোখাৰ বাবে ভ’ল্টমিটাৰ সমান্তৰালভাবে স্থাপন কৰা হয়।
Q. 6. এডাল তামৰ তাঁৰৰ ব্যাস 0.5 মি.মি. আৰু ৰোধকতা 1.6 x 10⁻⁸ Ω মি.মি. 10 Ω ৰোধ পাবৰ বাবে এই তাঁৰডালৰ দৈর্ঘ্য কিমান হ’ব লাগিব ? যদি তাঁৰডালৰ ব্যাস দুগুণ কৰা হ’ল, ৰোধৰ পৰিবৰ্তন কিমান হ’ব?


যেতিয়া এটা তাঁৰৰ ব্যাস দ্বিগুণ কৰা হল, তেতিয়া মূলমানৰ 1/4 হয়।
এতিয়া, ৰোধ = 10/2
= 2.5 Ω
ৰোধৰ পৰিবৰ্তন = 10.0 -2.5
=7.5Ω
Q. 7. এটা প্ৰদত্ত ৰোধকৰ মাজেৰে প্ৰবাহিত প্রবাহ l ৰ মান আৰু পাৰস্পৰিক বিভৱভেদ V ৰ মান তলত দিয়া হ’ল–

Ans. V আৰু l-ৰ লেখ-চিত্ৰ তলত দিয়া হ’ল–

Q. 8. যেতিয়া এটা অজ্ঞাত ৰোধ 12V ৰ এটা বেটেৰীৰ লগত সংযোগ কৰা হয় ভাত 2.5 মি. এম্পিয়াৰ প্ৰবাহ চালিত হয়। ৰোধকটোৰ ৰোধ উলিওৱা।
Ans. ইয়াত, V = 12V, l = 2.5 mA = 2.5 x 10⁻³ A

Q. 9. এটা 9V বেটাৰীৰ লগত 0.2Ω, 0.3Ω,0.4Ω , 0.5Ω, আৰু 12Ω, ৰোধক কেইটা শ্রেণীবদ্ধভাবে সংযোগ কৰা হৈছে। 12Ω ৰোধৰ ৰোধকটোৰ মাজেৰে কিমান প্রবাহ চালিত হৈছে?
Ans. মুঠ ৰোধৰ পৰিমাণ, R = 0.2+0.3 +0.4+0.5+12
= 13.4Ω
∴ বিভৱ পার্থক্য, V = 9V
∴ বর্তনীত প্রৱাহিত বিদ্যুতৰ পৰিমাণ

Q.10. 176Ω ৰ কিমানটা ৰোধক হ’লে 220V ৰ লাইন এটাত 5A প্রবাহ পোৱা যাব?
Ans. 176Ω বিশিষ্ট n সংখ্যক ৰোধক সমান্তৰাল ভাৱে সংযোগ কৰা হৈছে।

Q. 11. প্ৰতিটো 6 Ω ৰোধৰ তিনিটা ৰোধক কেনেদৰে সংযোগ কৰিলে, সজ্জাটোৰ সমতুল্য ৰোধ (i) 9 Ω, আৰু (ii) 4 Ω হ’ব?
Ans. ইয়াত, R₁ = R₂ = R₃ = 6Ω
(a) R₁ -ক শ্রেণীবদ্ধ আৰু R₂, R₃ -ক সমান্তৰালভাৱে সজ্জিত কৰিলে, সমতুল্য

Q. 12. বহুকেইটা বৈদ্যুতিক বাল্ব 220 V লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10 W ৰে চিহ্নিত কৰা হৈছে। যদি চালিত হোৱা সর্বোচ্চ প্রবাহ 5A হয় কিমানটা বাল্ব সমান্তৰালভাৱে 220 V লাইনৰ লগত সংযোগ কৰিব লাগিব ?

Q. 13. 220 V লাইনৰ লগত সংযোগ কৰা এটা বৈদ্যুতিক চুলাৰ গৰম ফলিখনৰ দুটা ৰোধ কুণ্ডলী A আৰু B আছে আৰু প্ৰত্যেকৰে ৰোধৰ মান 24 Ω, যিকেইটা পৃথকে পৃথকে শ্রেণীবদ্ধভাৱে আৰু সমান্তৰালভাৱে সংযোগ কৰিব পাৰি। এই তিনিও ক্ষেত্রত প্রবাহ কি হ’ব?
Ans. i) যেতিয়া দুটা বর্তনী পৃথক ভাবে ব্যৱহাৰ কৰা হয়, তেতিয়া–
R= 24 Ω
V = 220 V

Q. 14. 2 Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা তলৰ প্ৰতিটো ক্ষেত্রতে উলিওৱা (i) 12 আৰু 2.2 ৰ দুটা ৰোধক 6V ৰ বেটেৰী এটাৰ লগত শ্রেণীবদ্ধভাৱে, আৰু (ii) 1212 আৰু 22 ৰ ৰোধক এটা 4V ৰ বেটেৰীৰ লগত সমান্তৰালভাৱে সংযোগ কৰিলে।
Ans. i) বৈদ্যুতিক বর্তনীৰ চিত্ৰ তলত দিয়া হ’ল—

ii) বৈদ্যুতিক বর্তনীৰ চিত্ৰ তলত দিয়া হ’ল—

Q. 15 এটা 220V 100 W চিহ্নিত আৰু অন্যটো 220 V ত 60 W চিহ্নিত দুটা বৈদ্যুতিক চাকি বৈদ্যুতিক যোগানৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি যোগান বিভব 220V হয়, কিমান প্রবাহ ই ল’ব।
Ans. মুঠ ক্ষমতা = (100+60)
= 160 W.
বিভৱ, V = 220 V
কিন্তু ক্ষমতা = VI
I = 160/220
= 0.727 A
Q. 16. কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব, এটা 250W ৰ টেলিভিচন চেট 1 ঘণ্টা চলিলে বা এটা 1200 W ৰ ৰুটিসেকা সঁজুলি 10 মিনিটত চলিলে?
Ans. 250 W ক্ষমতা বিশিষ্ট টেলিভিছনৰ টেলিভিচন-ৰ দ্বাৰা 1 ঘণ্টাত ব্যৱহৃত বৈদ্যুতিক শক্তি = 250 ওয়াট × 1 ঘণ্টা
= 250 ওয়াট/ঘণ্টা
∴ 1200 W ক্ষমতা বিশিষ্ট পাউৰুটি সেকা সঁজুলি দ্বাৰা 10 মিনিটত ব্যৱহৃত বৈদ্যুতিক শক্তিৰ পৰিমাণ = 1200 W × 12 মি.
= 1200 W × 12/60 ঘণ্টা
= 240 ওয়াট/ঘণ্টা
∴ এটা পাউৰুটি সেকা সঁজুলিতকৈ এটা টেলিভিছন ছেট্ত বেছী বৈদ্যুতিক শক্তি খৰচ হয়।
Q. 17. 8 Ω ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলোতে মেইনৰ পৰা 15 A প্রবাহ লয়। চুলাটোত তাপ উৎপন্ন হোৱা হাৰ উলিওৱা।
Ans. ইয়াত, R = 8Ω
l = 15 এম্পিয়াৰ
t = 2 ঘণ্টা
∴ এটা বৈদ্যুতিক চুলাত প্রতি ঘণ্টাত সৃষ্টি হোৱা তাপৰ পৰিমাণ অর্থাৎ ক্ষমতা
P = I²R
= (15)² × 8
= 1800 জুল/ছেকেণ্ড
Q. 18. ব্যাখ্যা কৰা:
(a) বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেন্ট কিয় ব্যৱহাৰ হয়?
(b) বিদ্যুত তাপীয় সঁজুলি যেনে ৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিৰ কাৰণে বিশুদ্ধ ধাতুৰ পৰিবৰ্তে সংকৰ ধাতু কিয় ব্যৱহাৰ কৰা হয়?
(c) ঘৰুৱা বৰ্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা হয়?
(d) এডাল পৰিবাহীৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ লগত কিদৰে পৰিবৰ্তন হয়?
(e) বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাঁৰ কিয় ব্যৱহাৰ কৰা হয়?
Ans.
(a) বৈদ্যুতিক চাকিত টাংস্টেন (tungsten) তাঁর বহুলভাৱে ব্যৱহাৰ কৰা হয় কাৰণ মিহি টাংষ্টেনৰ ৰোধ আৰু গলনাংক অতি বেছী। গলনাংক হ’ল 3410°C যেতিয়া ইয়াৰ মাধ্যমে বিদ্যুৎ প্রৱাহিত হয়, তেতিয়া এই মিহি তাঁৰ গৰম হয় আৰু আলোক বিক্ষেপণ কৰে।
(b) বৈদ্যুতিক সঁজুলি যেনে, পাউকটি সেকা সঁজুলি, বৈদ্যুতিক ইস্ত্রিত সংকৰ ধাতু ব্যৱহাৰ কৰা হয়। কাৰণ [i] বিশুদ্ধ ধাতুকৈ সংকৰ ধাতুৰ আপেক্ষিক ৰোধ বেছী। যেতিয়া সংকৰ ধাতুৰে বনোৱা বস্তুৰ মাজেৰে বিদ্যুৎ প্রবাহিত হয়, তেতিয়া অত্যাধিক তাপৰ সৃষ্টি হয়। [ii] উষ্ণতা অত্যাধিক বৃদ্ধি পালেও ইয়াৰ ৰোধত্বেৰ পৰিৱৰ্তন নহয়। সুতৰাং অত্যাধিক উষ্ণতাত ই জাৰিত নহয়।
(c) স্থিৰ বিভৱ ভেদৰ কাৰণে প্ৰৱাহ ৰোধৰ ব্যাস্তানুপাতিক। আনহাতে শ্রেণীবদ্ধ সজ্জাত মুঠ বোধ বাঢ়ি যায়। সেয়ে কেইবাবিধো বৈদ্যুতিক সরঞ্জাম শ্রেণীবদ্ধ সজ্জাত সংযোজিত কৰিলে সৰঞ্জামবোৰৰ কাৰ্যদক্ষতা হ্রাস পায়। তদুপৰি যিকোনো এটা সৰঞ্জামৰ অনুপস্থিতিয়ে আন সকলোবোৰক অকামিলা কৰি পেলায়। ইয়াৰ কাৰণে ঘৰুৱা বর্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰা হয়।
(d) ইলেকট্রনবোৰ মিহি তাঁৰতকৈ মোটা তাঁৰৰ মাজেৰে ভালদৰে প্রবাহিত হ’ব পাৰে। অৰ্থাৎ মোটা পৰিৱাহীৰ মাধ্যমে ভালদৰে ইলেক্ট্ৰ’ন গতি কৰিব পাৰে। সুতৰাং এটা তাঁৰৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ ব্যাস্তানুপাতিক।
(e) তাম আৰু এলুমিনিয়ামৰ আপেক্ষিক ৰোধ অতি কম। ফলস্বৰূপে, যেতিয়া তাম আৰু এলুমিনিয়ামৰ তাঁৰৰ মাজেৰে বিদ্যুৎ প্রৱাহিত হয় তেতিয়া তাপৰ আকাৰে হ্রাসপ্রাপ্ত ক্ষমতাৰ পৰিমাণ কম হয়।