Class 10 Maths Exercise 3.5 PDF in Assamese

আপুনি বাৰু Class 10 Maths Exercise 3.5 PDF in Assamese বিচাৰি ইয়ালৈ আহিছে নেকি বা আপুনি এইবাৰ HSLC Final Exam দিব নেকি তেন্তে এই লিখনিয়ে আপোনাক বিভিন্ন প্ৰকাৰৰ সহায় কৰিব বুলি আমি আশাবাদী।

আজিৰ আলোচনাত আমি Class 10 Maths Exercise 3.5 PDF in Assamese দিবলৈ প্ৰয়াস কৰিছো যত Assamese Medium Class 10 Maths Exercise 3.5 ৰ প্ৰতিটো প্ৰশ্নৰ সমাধান পাব।

Class 10 Maths Exercise 3.5 PDF in Assamese

Class 10 Maths Exercise 3.5 PDF in Assamese 2024

আমি যদি ভালদৰে লক্ষ্য কৰোঁ তেন্তে পাম যে Class 10 Maths Exercise 3.5 ত মুঠ 4 টা প্ৰশ্ন আছে । ইয়াত আমি পোনে পোনে প্ৰশ্ন কেইটা তলত উল্লেখ কৰিছো আৰু তাৰ সমাধান হিচাপে আমি Class 10 Maths Exercise 3.5 PDF in Assamese তলৰ লিংকত যোগান ধৰিব প্ৰয়াস কৰিছো।

Class 10 Maths Exercise 3.5 in Assamese

1. তলৰ কোনকেইটা ৰৈখিক সমীকৰণৰ যোৰৰ অদ্বিতীয় সমাধান আছে, সমাধান নাই, নাইবা অসীম সংখ্যক সমাধান আছে? যদি অদ্বিতীয় সমাধান আছে, সেই ক্ষেত্ৰত বজ্ৰ-গুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধা কৰা।
(i) x – 3y – 3 = 0, 3x – 9y – 2 = 0 (ii) 2x + y = 5, 3x + 2y = 8 (iii) 3x – 5y = 20, 6x – 10y = 40 (iv) x – 3y – 7 = 0, 3x – 3y – 15 =0 (v) 2x + 3y = 6, 4x + 6y = 12 (vi) x – 2y = 6, 3x – 6y = 0 (viii) 2x + y – 15 = 0, 3x – y – 5 = 0

2.

(i) a আৰু b ৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকিব?
2x + 3y = 7, (a-b)x + (a+b)y = 3a + b – 2
(ii) k ৰ কি মানৰ বাবে ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণযোৰৰ কোনো সমাধান নাই?
3x + y = 1, (2k – 1)x + (k – 1)y = 2k + 1
(iii) p ৰ কি মানৰ বাবে px – y = 2, 6x – 2y = 3 সমীকৰণযোৰৰ একমাত্ৰ সমাধান থাকিব?
(iv) k ৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণযোৰৰ কোনো সমাধান নাথাকে।
(v) m ৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণযোৰৰ অসীম সমাধান থাকে।
mx + 4y = m – 4
16x + my = m

3. প্ৰতিষ্ঠাপন আৰু বজ্ৰগুণন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণযোৰৰ সমাধান উলিওৱাঃ
(i) 8x + 5y = 9 3x + 2y = 4
(ii) 4x – 3y = 23 3x + 4y = 11
(iii) 2x + 3y – 11 = 0 4x – 3y + 5 = 0
(iv) 5x + 7y = 19 3x + 2y = 7

4. তলৰ সমস্যাবোৰক লৈ ৰৈখিক সমীকৰণ যোৰ গঠন কৰা আৰু যিকোনো বিজীয় পদ্ধতিৰে সিহঁতৰ সমাধান উলিওৱা (যদি বৰ্তে)।

i) কোনো ছাত্ৰাবাসৰ মাহেকীয়া মাচুলৰ এটা অংশ নিৰ্দিষ্ট আৰু বাকীখিনি এজনে মেচত কিমান দিন খাদ্য গ্ৰহণ কৰিলে তাৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া এজন ছাত্ৰই A ই 20 দিন খাদ্য খায় তেন্তে তেওঁ ছাত্ৰাবাসৰ মাচুল দিব লাগে 1000 টকা। আকৌ এজন ছাত্ৰ B য়ে যদি 26 দিন খাদ্য খায় তেওঁ মাচুল দিব লাগে 1180 টকা। নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনৰ খাদ্যৰ দাম কি উলিওৱা।

ii) কোনো ভগ্নাংশৰ লবৰ পৰা 1 বিয়োগ কৰিলে ই হয়গৈ 1/3; আৰু ইয়াৰ হৰৰ লগত 8 যোগ কৰিলে হয়গৈ 1/4। ভগ্নাংশটো নিৰ্ণয় কৰা।

iii) এটা পৰীক্ষাত যশোদাই লাভ কৰে 40 নম্বৰ, য’ত তেওঁ প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পায় 3 নম্বৰ আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে হেৰুৱায় 1 নম্বৰ। যদি যদি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলেহেতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ কাটিলেহেতেন, তেন্তে যশোদাই 50 নম্বৰ লাভ কৰিলেহেতেন। পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল?

iv) ঘাইপথ এটাৰ ওপৰত দুখন ঠাই A আৰু B ৰ দূৰত্ব 100 কি.মি.; এখন গাড়ী A ৰ পৰা আৰু একে সময়তে এখন গাড়ী B ৰ পৰা ৰাওনা হয়। যদি গাড়ী দুখনে একে দিশলৈ বেলেগ বেলেগ দ্ৰুতিৰে যাত্ৰা কৰে, তেন্তে ইহঁত 5 ঘণ্টাৰ পিছত লগ হয়। যদি সিহঁতৰ এখনে আনখনৰ দিশলৈ যাত্ৰা কৰে, তেন্তে সিহঁত 1 ঘণ্টা পিছত লগ হয়। গাড়ী দুখনৰ প্ৰত্যেকৰে দ্ৰুতি কিমান?

v) এটা আয়তৰ যদি দৈৰ্ঘ্যক 5 একক হ্ৰাস আৰু প্ৰস্থক 3 একক বৃদ্ধি কৰা হয়, তেন্তে ইয়াৰ কালি 9 বৰ্গ একক হ্ৰাস হয়। যদি ইয়াৰ দৈৰ্ঘ্যক 3 একক আৰু প্ৰস্থক 2 একক বৃদ্ধি কৰা হয় তন্তে কালি 67 বৰ্গ একক বৃদ্ধি পায়। আয়তটোৰ দীঘ আৰু প্ৰস্থ উলিওৱা।

Download PDF Notes

Class 10 Maths Exercise 3.5 PDF in Assamese

আপুনি যদি Class 10 Maths Exercise 3.5 PDF Assamese Medium ৰ পৰা পঢ়িব বিচাৰে তেন্তে তলত দিয়া লিংকত ক্লিক কৰক।

Class 10 Maths Exercise 3.5 PDF in Assamese

Leave a Comment