Class 10 Mathematics Chapter 8 অৰ্থাৎ ত্ৰিকোণমিতিৰ পৰিচয় নামৰ দশম মান শ্ৰেণীৰ অষ্টম অধ্যায়ৰ প্ৰাৰম্ভিক ধাৰণা, প্ৰয়োজনীয় সূত্ৰ আৰু সম্পূৰ্ণ অনুশীলনৰ সমাধান ইয়াত আলোচনা কৰিব চেষ্টা কৰিছোঁ।
আপুনি যদি দশম মান শ্ৰেণীৰ ছাত্ৰ তেন্তে ই আপোনাক বহুত সহায় কৰিব আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে। যদি আপুনি দশম মান শ্ৰেণীৰ ছাত্ৰ নহয় তেন্তে আপোনাৰ অলপ সহায়ত আন আন ছাত্ৰ ছাত্ৰী বহুত উপকৃত হব। আপুনি অনুগ্ৰহ কৰি আমাৰ এই আলোচ্য বিষয়টো ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধবী সকলৰ লগত ভাগ বতৰা কৰক।
Table of Contents
Introduction [ ত্ৰিকোণমিতিৰ পৰিচয় ]
যদিও ত্ৰিকোণমিতি দশম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নতুন এটা বিষয় তথাপি ই এক আমোদ জনক বিষয় কিয়নো ত্ৰিকোণমিতি সদায় এটা সমকোনী ত্ৰিভুজৰ ওপৰত আধাৰিত এটা বিষয়। সমকোণ ত্ৰিভুজৰ ভূমি আৰু লম্ব মিলি সমকোণ উৎপন্ন কৰে আৰু এই 90° কোন ৰ বিপৰীতে থকা বাহুক কৰ্ণ বা অতিভুজ বুলি কোৱা হয়।
সমকোণ ত্ৰিভুজৰ এই বাহুৰ অনুপাতক একো একোটা ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰা হয়। এই অনুপাত সমূহ sine, cosine, tangent, cosecant আৰু secant
এই ত্ৰিকোণমিতিক অনুপাত কেইটা মনত ৰাখি আৰু দুই তিনিটা সূত্ৰ বুজি ললেই আপুনি Class 10 Mathematics Chapter 8 ৰ সম্পূৰ্ণ প্ৰশ্নৰ সমাধান কৰিব পাৰিব।
যদি ABC সমকোণী ত্ৰিভুজৰ B সমকোণ আৰু <A= θ (থিতা) তেন্তে
Sinθ= BC/AC Cosθ= AB/AC Tanθ= BC/AB Cosecθ= AC/BC Secθ= AC/AB Cotθ= AB/BC
ওপৰত উল্লেখিত এই অনুপাত কেইটা মনত ৰাখিব লাগিব। আপোনাৰ বাবে এটা সহজ উপায় দি আছোঁ যাৰ দ্বাৰা আপুনি 2 মিনিটত ওপৰত উল্লেখিত অনুপাত মনত ৰাখিব পাৰিব।
Some People Have Curly Brown Hair, Turned Permanently Black.
ইয়াত S= Sin, P= Parallel (লম্ব), H= Hypotenois (কৰ্ণ) C= Cos, B= Base (ভূমি) আৰু T= Tan
গতিকে আমি ওপৰৰ বাক্যৰ জৰিয়তে
Sinθ= P/H
Cosθ= B/H
Tanθ= P/B
ইয়াৰ বিপৰীতে আন তিনিটা অনুপাত Sin, Cos আৰু Tan ৰ প্ৰতিক্রম। যেনে-
Cosecθ= H/P Secθ= H/B Cotθ= B/P
ইয়াৰ উপৰিও কিছু প্ৰয়োজনীয় সূত্ৰ আছে যিখিনি মনত ৰখা অতি প্ৰয়োজন। তাৰে এটা তালিকা আমি উল্লেখ কৰিছো আপুনি মনত ৰাখিব পাৰে।
কিছু প্ৰয়োজনীয় সূত্ৰ
sin(90-A) = cosA cos(90-A) = sinA tan(90-A) = cotA cot(90-A) = tanA sec(90-A) = cosecA cosec(90-A) = secA sinA/cosA= tanA sin2A+ cos2A= 1 1+tan2A= Sec2A cot2A+1= cosec2A
Exercise 8.1
Class 10 Mathematics Chapter 8 Exercise 8.1 PDF Download
Exercise 8.2
Class 10 Mathematics Chapter 8 Exercise 8.2 PDF Download
Exercise 8.3
Class 10 Mathematics Chapter 8 Exercise 8.3 PDF Download
Exercise 8.4
Class 10 Mathematics Chapter 8 Exercise 8.4 PDF Download
Another Chapter from Class 10 Mathematics | Assamese Medium SEBA Course
Class 10 Mathematics Chapter 7
Class 10 Mathematics Chapter 6
Class 10 Mathematics Chapter 5
Conclusion
আজি আমি Class 10 Mathematics Chapter 8 ৰ মুঠ চাৰিটা অনুশীলনীৰ সম্পূৰ্ণ সমাধান আলোচনা কৰিছোঁ। ইয়াৰ PDF আমি ডাউনলোড কৰাৰ বাবে লিংক দিছোঁ আপুনি ইচ্ছা কৰিলে ডাউনলোড কৰিব পাৰে।
ইয়াত যদি কিবা অনিচ্ছাকৃত ভুল থাকিলে Comment Section ত জনাব নেপাৰিব। ইয়াৰ ওপৰিও যদি আপোনাৰ বুজিবলৈ কিবা অসুবিধা হয় তেন্তে আমাৰ Assamese Medium Facebook Page ক Follow কৰি জনাব পাৰিব
[…] Class 10 Maths Chapter 8 Assamese Medium […]
[…] ত্ৰিকোণমিতিৰ পৰিচয় | Class 10 Mathematics Chapter 8 […]