Class 10 Mathematics Chapter 6 ৰ বিষয়ে আজি আলোচনা কৰিবলৈ Assamese Medium ত মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধবী সকল স্বাগতম জনাইছোঁ। এতিয়ালৈকে আমি অসমীয়া মাধ্যমৰ Class 10 Mathematics ৰ বহু কেইটা অধ্যায়ৰ আলোচনা কৰিছোঁ। যদি আপুনি এতিয়াও পঢ়া নাই তেন্তে ওপৰৰ লিংকত ক্লিক কৰি পঢ়িব পাৰে বা Class 10 Mathematics Pdf Solution ডাউনলোড কৰিব পাৰে।
আজি আমি ত্ৰিভুজ নামৰ দশম মান শ্ৰেণীৰ অধ্যয়ৰ পৰা সম্পূৰ্ণ অনুশীলনী সমাধান আলোচনা কৰিব গৈ আছোঁ। Class 10 Mathematics Chapter 6 ত মুঠ ৬ টা অনুশীলনী আছে। ইয়াৰ সম্পূৰ্ণ আলোচনা নকৰি আমি আপোনাৰ সুবিধাৰ বাবে PDF Notes ৰ যোগান দিছোঁ, আপুনি download pdf notes ত ক্লিক কৰি পাব পাৰে Class 10 Mathematics Chapter 6 ৰ অনুশীলনী সমাধান।
কিন্তু ত্ৰিভুজ অধ্যায়ৰ ধাৰণা লৈ যদি আপুনি অনুশীলনীৰ সমাধান কৰিব চেষ্টা কৰে তেন্তে ই অতি সহজেই কৰিব পাৰিব বুলি আমি আশাবাদী। সেয়ে আমি আগতে কিছু প্ৰয়োজনীয় ত্ৰিভুজৰ কথা আলোচনা কৰি অনুশীলনীৰ সমাধান দিবলৈ যত্ন কৰিম।
সদৃশ চিত্ৰ
Contents
আকৃতিগত একে চিত্ৰ বা কোনো বস্তুক আমি সদৃশ চিত্ৰ বুলি কব পাৰি। উদাহৰণ স্বৰূপে আমি এটা ফুটবল আৰু এটা মৰ্বলক সদৃশ চিত্ৰ বুলি ধৰিব পাৰি। যিহেতু আমি ইয়াত ত্ৰিভুজৰ কথা আলোচনা কৰিম সেই কাৰণে সদৃশ ত্ৰিভুজ কি তাৰ কথা আলোচনা কৰিব লাগিব।
দুটা ত্ৰিভুজ সদৃশ বুলি আমি কব পাৰিম যেতিয়া তলত উল্লেখ কৰা চৰ্ত দুটা সিদ্ধ কৰে।
- সিহঁতৰ অনুৰূপ কোণবোৰ সমান।
- সিহঁতৰ অনুৰূপ বহুবোৰ একে অনুপাতত থাকে।
দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান হলে তাক সমান কোণী ত্ৰিভুজ বোলা হয় আৰু দুটা সমান কোণী ত্ৰিভুজৰ যিকোনো দুটা অনুৰূপ বহুৰ অনুপাতত একে থাকে । ইয়াক মৌলিক অনুপাতিকতা উপপাদ্য বুলি জনা যায় যদিও ইয়াক বৰ্তমান থেলছ উপপাদ্য (Thales Theorem In Assamese Medium) বুলি কোৱা হয়।
Class 10 Mathematics Chapter 6 All Theorem in Assamese
6.1 উপপাদ্য:- যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এডাল বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখা ডালে আন দুটা বাহুক দুটা নিৰ্দ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হব।
6.2 উপপাদ্য:- যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে তেনেহলে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল।
6.3 উপপাদ্য:- যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান তেনেহলে সিহঁতৰ অনুৰূপ বাহু বিলাকৰ অনুপাত সমান।
6.4 উপপাদ্য:- যদি এটা ত্ৰিভুজৰ বাহুবিলাক আন এটা ত্ৰিভুজৰ বাহুবিলাকৰ সমানুপাতিক তেন্তে সিহঁতৰ অনুৰূপ কোণ বিলাক সমান।
6.5 উপপাদ্য:- যদি এটা ত্ৰিভুজৰ এটা কোণ আৰু আন এটা ত্ৰিভুজৰ এটা কোন সমান তেন্তে সেই কোণ কেইটা গঠন কৰা বাহুবোৰ সমানুপাতত থাকিব।
6.6 উপপাদ্য:- দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান।
6.7 উপপাদ্য:- যদি এটা সমকোনী ত্ৰিভুজৰ সমকোন থকা শীৰ্ষ বিন্দুটোৰ পৰা অতিভুজলৈ এডাল লম্ব টনা হয়, তেনেহলে লম্ব দুডালৰ দুয়োফালে গঠিত ত্ৰিভুজ দুটাৰ প্ৰতিতোৱেই গোটেই ত্ৰিভুজৰ সৈতে সদৃশ আৰু সিহঁত দুটাও পৰস্পৰ সদৃশ।
6.8 উপপাদ্য:- এটা সমকোনী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফল সমান।
6.9 উপপাদ্য:- যদি এটা ত্ৰিভুজৰ এটা বাহুৰ বৰ্গ সেই ত্ৰিভুজৰ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হয় তেন্তে প্ৰথম বাহুটোৰ বিপৰীত কোণটো এটা সমকোণ।
Class 10 Maths Exercise 6.1 in Assamese Medium

Class 10 Maths Exercise 6.1 in Assamese PDF
Class 10 Maths Exercise 6.2 in Assamese

Class 10 Maths Exercise 6.2 ত যি প্ৰশ্ন আছে সেইবোৰ আমি ডি টি পি কৰাৰ বহুত অসুবিধা বাবে আমি ইয়াত যোগান ধৰিব নোৱাৰিলো। আপুনি Class 10 Maths Exercise 6.2 in Assamese Medium কিতাপৰ পৰা আপুনি চাই লব বুলি আমি আশা ৰাখিলোঁ। এই অনুশীলনত যি যি প্ৰশ্ন আছে সেইবোৰৰ সমাধান তলত দিয়া লিংকৰ জৰিয়তে যোগান ধৰিব প্ৰয়াস কৰিছোঁ। আপুনি তাৰ পৰা ডাউনলোড কৰিব পাৰিব।
Class 10 Maths Exercise 6.2 in Assamese PDF
Exercise 6.3 Class 10 Mathematics

Class 10 Maths Exercise 6.3 ত যি প্ৰশ্ন আছে সেইবোৰ আমি ডি টি পি কৰাৰ বহুত অসুবিধা বাবে আমি ইয়াত যোগান ধৰিব নোৱাৰিলো। আপুনি Class 10 Maths Exercise 6.3 in Assamese Medium কিতাপৰ পৰা আপুনি চাই লব বুলি আমি আশা ৰাখিলোঁ। এই অনুশীলনত যি যি প্ৰশ্ন আছে সেইবোৰৰ সমাধান তলত দিয়া লিংকৰ জৰিয়তে যোগান ধৰিব প্ৰয়াস কৰিছোঁ। আপুনি তাৰ পৰা ডাউনলোড কৰিব পাৰিব।
Class 10 Maths Exercise 6.3 in Assamese PDF
Class 10 Maths Exercise 6.4 in Assamese

Class 10 Maths Exercise 6.4 in Assamese PDF
Exercise 6.5 Class 10 Mathematics

Class 10 Maths Exercise 6.5 in Assamese
শেষ বাক্য
আমি আজি Assamese Medium ৰ ছাত্ৰ ছাত্ৰী বাবে Class 10 Mathematics Chapter 6 ৰ গোটেই কেইটা অনুশীলনীৰ সমাধান আগবঢ়ালোঁ। আশা কৰো, আপোনালোকৰ বাবে এই আলোচ্য বিষয়ে সহায় কৰিব।
Class 10 Mathematics Chapter 6 অনুশীলনীৰ সমাধান পঢ়ুতে বা ডাউনলোড কৰোতে যদি কিবা অসুবিধা পাই আছে তেন্তে আপুনি Assamase Medium Facebook Page ত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে।
thank you so much
You are always welcome
Thinku so much
You Most Welcome
Thanks this is going to help me so much thanks
Nice Blog and nice Solution
notes are helpful for me keep it up thanks