Class 10 Assamese Chapter 12 | পাৰস্যত এভুমুকি

আজি আমি আকৌ এবাৰ স্বাগতম জনাইছোঁ Assamese Medium লৈ যত আমি আলোচনা কৰিম Class 10 Assamese Chapter 12 তথা “পাৰস্যত এভুমুকি” নামৰ অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ। ইয়াৰ আগতে আমি Class 10 Assamese ৰ বহু কেইটা অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আৰু কবিতাৰ মুলভাব সহ অন্যান্য বহু প্ৰশ্নৰ আলোচনা কৰা হৈছে। যদি আপুনি সেইবোৰৰ প্ৰশ্ন উত্তৰ চাব বিচাৰিছে তেন্তে তলৰ লিংকত ক্লিক কৰক।

Class 10 Assamese Chapter 12 Question Answer PDF

Class 10 Assamese Chapter 12 তথা “পাৰস্যত এভুমুকি” নামৰ অধ্যায়টো আচলতে পাৰস্য দেশৰ উপৰত আধাৰিত এটা গুৰুত্বপূৰ্ণ টোকা। ইয়াত পাৰস্য দেশৰ ইতিহাসৰ কিছু তথ্যৰ অনুসন্ধান বাবে Class 10 Assamese (MIL) ত সংযোজন কৰা হৈছে। আহক তেন্তে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধবী সকল, আমি এতিয়া পাঠ্য ভিত্তিক যি প্ৰশ্ন আছে তাক আলোচনা কৰোঁ।

Class 10 Assamese Chapter 12

Class 10 Assamese Chapter 12  চমু উত্তৰ

ক) লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটে কত অৱস্থিত?

উত্তৰঃ – লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ বিগটো পাৰস্য উপসাগৰত অৱস্থিত।

খ) বুশ্বেৰ কি?

উত্তৰঃ– ‘বুশ্বেৰ’ এক বন্দৰ নগৰী।

গ) বুশ্বেৰত হেলিকপ্টাৰৰ পৰানমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল ?

উত্তৰঃ–  বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত আছিল মেহদি আৰু ঘাছেম।

ঘ) বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰত্বপূর্ণ বুলিছে?

উত্তৰঃ– বুশ্বেৰ বিমান বন্দটো ইৰাণৰ এটা সামৰিক ঘাটি। সেয়ে এই বন্দৰটো গুৰুত্বপূর্ণ।

ঙ) লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে?

উত্তৰঃ–  লেখকে বুশ্বেৰত এটা নিউক্লিয় ৰিয়েক্ট আছে বুলি শুনিছে।

চ) মেহদি আৰু ঘাছেম কোন?

উত্তৰঃ– মেহদি আৰু ঘাছেম দুয়োজন ইৰানী যুৱক আৰু জিঅ’লগ নামৰ ইটালিয়ান কোম্পানী এটাৰ মাড়লগাৰ।।

ছ) মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি?

উত্তৰঃ– মেহদি আৰু ঘিছামে কাম কৰা কোম্পানীটোৰ নাম জিঅ’লগ।

জ) ভেংকি ক’ত থাকে?

উত্তৰঃ– ভেংকি বুশ্বেৰত থাকে।

ঝ) ভেংকিয়ে কি কৰে?

উত্তৰঃ–  ভেংকিয়ে বুশ্বেৰৰ পৰা ৰিগলৈ যাবলগা হেলিকপ্টাৰ আৰু সামগ্রী যোগানকাৰী জাহাজৰ তদাৰক কৰে।

ঞ) আবুজাৰ কোন?

উত্তৰঃ– আবুজাৰ এজন লিখক আৰু ভেংকিৰ ট্ৰেভেল এজেন্ট।

ট) ‘আগা’ শব্দৰ অর্থ কি?

উত্তৰঃ– ‘আগা’অসমীয়া ‘শ্ৰীযুত’ৰ সমার্থক শব্দ।

ঠ) পোনতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পষ্ঠপোষক কোন আছিল? [H.S.L.C.2018]

উত্তৰঃ– পোনতে ইৰানৰ পাৰমাণৱিক কার্যসূচীৰ মূল পষ্ঠপোষক আছিল ছোভিয়েট ৰাছিয়া আৰু ইংলেণ্ড ।

ড) ইৰাণে কেতিয়া ইছলামিক গণতন্ত্র হিচাপেস্বীকৃতি লাভ কৰে?

উত্তৰঃ– ইৰাণে ১৯৭৯ চনত ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে ।

ঢ) ইৰাণৰ ইছলামিক গণতন্ত্র প্রতিষ্ঠাতা কোন?

উত্তৰঃ– ইৰাণৰ ইছলামিক গণতন্ত্র প্রতিষ্ঠাতা আছিল ইমাম আয়াতুল্লা খোমেনি। [H.S.L.C.2019]

ণ) ইৰাণৰ কোনটো বিষয়ে লিখকৰ কৌতুহল বৃদ্ধি কৰিছিল? 

 উত্তৰঃ– ইৰাণৰ জাগ্ৰছ পর্বতমালাইলিখকৰ কৌতুহল বৃদ্ধি কৰিছিল।

ত) ইৰাণৰ ৰাজধানীৰ নাম কি? [H.S.L.C. 2016]

উত্তৰঃ– ইৰাণৰ ৰাজধানীৰ নাম টেহৰাণ ।

থ) টেহৰাণত বিমান বন্দৰ কেইটা?

উত্তৰঃ– টেণত বিমান বন্দৰ দুটা —(ক) মেৰোবাদ এয়াৰপৰ্ট আৰু (খ) খোমেনি ইন্টাৰনেচনেল এয়াৰপৰ্ট।

দ) লেখক থকা টেহৰাণৰ হোটেলখনৰ নাম কি?

উত্তৰঃ– লেখক থকা টেহণৰ হোটেলখনৰ নাম ‘হোমা নজডিকে বানক স্কোৱাৰ।

ধ) ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্র কেনেকুৱা শিলাস্তৰত অৱস্থিত?

উত্তৰঃ– ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্র নৱজীৱি মহাকল্পৰ শিলাস্তৰত অৱস্থিত।

ন) স্লামবাজাৰ কি?

উত্তৰঃ– ‘স্লামবাজাৰ একবহু ৰাষ্ট্ৰীয় কোম্পানীৰ অফিছ।

প) ইৰাণীসকলে নৱবৰ্ষক কি বোলে?

উত্তৰঃ– ইৰাণীসকলে নৱবৰ্ষক ন ৰোজ’ (নতুন দিন)বুলি কয়।

ফ) বেহেস্ট-ইজাহৰা কি?

উত্তৰঃ– বেহেস্ট-ই জাহৰাইৰাণৰ মুখ্য সমাধি স্থান ।

ভ) শ্বিৰীন ইবাডি কোন?

উত্তৰঃ– শ্বিৰীন এজনী ইৰাণীনাৰীবাদী সংগ্রামী নেত্রী। তাই নবেল বঁটা লাভ কৰিছিল।

ব) চেনী কোনে আৱিস্কাৰ কৰিছিল?

উত্তৰঃ– জামছেদ নামৰ এজন ইৰানী সম্রাটে চেনী আৱিষ্কাৰ কৰিছিল। 

ম) লেখক ইনলৈ কি দায়িত্ব লৈ গৈছিল?

উত্তৰঃ– লেখক ইৰানলৈ তেল অন্বেষণৰ দায়িত্বত গৈছিল। 

য)ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰনাম কি?

উত্তৰঃ– ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম ‘খোমেনি ইন্টাৰনেশ্বনেল বিমান বন্দৰ।

ৰ) ‘কে’ ৰ অর্থ কি?

উত্তৰঃ– ‘কে’ শব্দৰ অৰ্থ হ’ল চেনি।

Class 10 Assamese Chapter 12 প্ৰশ্ন উত্তৰ  দিয়া

২। জাগ্ৰছ পর্বতমালাৰ বিষয়ে তেমাৰ পাঠ্যপুথিৰ সহায়ত লিখা বা ইৰাণৰ ভূতত্বৰ বিষয়ে লিখা।

উত্তৰঃ– ইৰাণৰ ভূতত্বৰ বিষয়ে ক’বলৈ গলে পোনতেই জাগ্ৰছ পর্বতমালাৰ কথা মনলৈ আহে। এইপর্বতমালা হৈছে। ইৰাণ চহৰৰ মুখ্য আকর্ষণ। আৰব প্লেট আৰু ইউৰেছীয়া প্লেটৰ মাজত সংঘাত হৈসাগৰৰ বুকুৰ পৰা এইপর্বতমালাৰ সৃষ্টি হৈছিল। জাগ্ৰছ আৰু হিমালয় পর্বতমালাৰ জন্ম কাহিনী একেই। জাগ্রছ পর্বতমালা ইৰাণৰ উত্তৰ-পশ্চিমৰ পৰা দক্ষিণ-পূৱলৈকে বিস্তৃত হৈ আছে। ইয়াৰ সৰ্ব্বেচ্চ শৃংগৰ। উচ্চতা প্রায় ৪,৫০০ মিটাৰ।জাগ্ৰছপৰ্বতৰ দক্ষিণ-পশ্চিম দিশত বিৰাট তেল আৰু প্রাকৃতিক গেছৰ ভাণ্ডাৰ সঞ্চিত হৈ আছে। বিশ্বৰ বহুতো দেশ ইৰাণৰ তেল আৰু গেছৰ ওপৰত নিৰ্ভৰ কৰে।

৩। ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা।
উত্তৰঃ
– ইৰাণৰ কেইখনমান ঠাইৰ নাম হ’ল —চিৰাজ, কাৰমান, আৰডাবিল, হামাদান, টাবৰিজ,নাটাঞ্জা, ইছফাহান, আহবাজ আদি।

৪। ইৰাণৰ বিমান বন্দৰ কেইটা কি কি আৰু কোন কোন স্থানত?
উত্তৰঃ
– ইৰাণৰ বিমান বন্দৰ দুটা– মেহেৰাবাদ এয়াৰপৰ্ট আৰু খোমেনি ইন্টাৰনেশ্বনেল এয়াৰপৰ্ট। মেহেৰাবাদ বিমান বন্দৰটো চহৰত আৰুখোমনি বিমান বন্দৰটো চহৰৰ পৰা দূৰত।

৫। টেহৰাণৰ প্রাকৃতিক অৱস্থা কেনেকুৱা লিখা।
উত্তৰঃ
– টেহৰাণৰ প্রাকৃতিকঅৱস্থা অতি মনোৰম চহৰৰ কাষতে ওখ পাহাৰ। ওখ ওখ পাহৰে আগুৰি থকাৰ বাবে চহৰখন দেখিবলৈঅতি সুন্দৰ। গ্রীষ্ম কালৰ দুটা মাহ ইয়াত বৰ গৰম অনুভৱ হয়। বছৰৰ বাকী সময় বৰ আৰামদায়ক। শীতকালত টেহৰাণত বৰফ পৰে। পৰ্বতৰ ওপৰৰ হিমবাহবোৰ টেহণ মহানগৰীৰ পানীৰ প্রধান উৎস। টেহণ নগৰৰ সৌন্দৰ্যৰ বাবে ইয়াক পেৰিচৰ লগত তুলনা কৰা হয়।।

৬। স্লামবার্জাৰ কোম্পানীৰ কার্যালয় ক’ত ক’ত আছে?
উত্তৰঃ
– স্লমবার্জাৰ কোম্পানীৰ কার্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈ, দুলীয়াজনৰ পৰা ডুবাইলৈ, টেহৰাণৰ পৰা টেক্সাছলৈ পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ ওচৰতে আছে।

৭। তেলৰ বাবে চলোৱা খনন কার্যত মাডলিং আহিলাসমূহৰ ভূমিকা কি? [H.S.L.C.2019]
উত্তৰঃ
– তেলৰ বাবে চলোৱা খনন কার্যত মাডলিং আহিলাসমূহৰ ভূমিকা গুরুত্বপূর্ণ। এই আহিলাসমূৰ দ্বাৰা সংগ্রহকৰা তথ্যই তৈল ক্ষেত্র আৱিষ্কাৰ কৰাত সহায় কৰে। আৰু কোনো বিপদজনক পৰিস্থিতি নোহোৱাকৈ খনন কার্য চলোৱা হয়। মাডলিং ইউনিটৰ পৰা প্ৰেৰণ কৰা তথ্যইখননত হ’ব পৰা বিপদ সম্পর্কে ভৱিষ্যত বাণী কৰিব পাৰে। এক কথাত মাডলিং আহিলাসমূহৰ দ্বাৰা পোৱা তথ্য অধ্যয়ন কৰি সৰু গৱেষণাগাৰত বহিয়েই তৈল ক্ষেত্ৰৰ বিভিন্ন দিশৰ বিষয়ে জানিব পাৰি।।

৮। বুশ্বেৰ চহৰৰ এটি বিৱৰণ দিয়া।
উত্তৰঃ
– বুশ্বেৰ সুপৰিকল্পিতভাৱে নির্মিত এখন সৰু চহৰ। চহৰখনত চাৰিলেনৰ ব্যৱস্থা আছে। চহৰখন অতি চাফ-চিকুন চহৰখনৰ প্ৰতিটো ঘৰ দেৱালেৰে আগুৰা। আবাসিক অঞ্চলৰ ঘৰবোৰ দুই-তিনি মহলীয়া। বুশ্বেৰ চহৰত শুক্রবাৰ দিনা বন্ধৰ দিন। দোকান -পোহাৰৰ বেছিভাগ বন্ধ থাকে। বুশ্বেৰ চহৰৰ পদপথত কিছুমান সেউজীয়া ৰঙৰ চৰকাৰী পৃষ্ঠপােষকতাত স্থাপন কৰা দান পাত্ৰৰ বাকচ দেখা যায়। ইয়াৰ চহৰৰ দোকান-পোহাৰৰ চাইনবোর্ডবোৰ ফাচী ভাষাত লিখিত।

৯। ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ
– ইৰাণৰ ইতিহাস অতিপ্রাচীন। ইয়াৰ প্রাচীন সভ্যতাৰ স্বাক্ষৰ ইয়াৰ প্রত্নতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক আৰু কৃতিস্তম্ভতসজীৱ কৰি ৰাখিছে। প্রায় চাৰি হাজাৰ বছৰ পূর্বে আর্য গোষ্ঠীৰ লোকসকলে ইয়াত বসবাসকৰিছিল। খ্রীষ্টপূর্ব ছয় শতিকাত বিখ্যাতৰজা ছাইছে উত্তৰ ইৰাণৰ মেডেছসকলক পৰাস্ত কৰিইৰানীসকলক একেগোট। কৰিছিল। তেওঁৰ পিছত ৰজা দৰিয়াছেসাম্রাজ্য প্রসাৰৰ ইচ্ছা।কৰিছিল। পিছত আলেকজেণ্ডাৰৰ আগমনত ছাইৰাছৰ। পাছেপলিছসাম্রাজ্যৰ পতন ঘটিছিল।খ্রীষ্টপূর্ব দ্বিতীয় শতিকালৈ চলা গ্রীক শাসনৰ পাছত।পার্থিয়ানসকলে ইৰাণৰশাসনভাৰ লৈছিল। পার্থিয়ানসকলে ৩৫০ বছৰ ইৰাণ শাসন কৰিছিল।পার্থিয়ানসকলৰ পিছত ছাজানিকসকলে চাৰিটা শতিকা ইৰাণ শাসন কৰে। ইয়াৰ পিছত আৰবসকলৰ আগমন ঘটে। আৰবসকলে ইৰাণৰ ইতিহাস সলনি কৰি দিছিল। তেওঁলোকৰ দিনত ইছলাম ধর্ম ইৰাণৰ মুখ্য ধর্ম হিচাপে। স্বীকৃতি পাইছিল। আৰবসকলৰশাসনকালত কেইশতিকা। ধৰি চলা বিদেশী আক্ৰমণৰ ফলত ইৰাণ বিধ্বস্ত হৈছিল। | বাণৰশাসকসকলৰ ভিতৰত নাদিৰ ছাহঅন্যতম সম্রাট আছিল। তেওঁৰ বংশৰ শাসকসকলে প্রথম বিশ্ব যুদ্ধৰ সময়লৈকে ইৰাণ শাসন কৰে। প্রথম বিশ্ব যুদ্ধৰ পিছত ৰেহাশ্বাহ পাহলাভিয়ে ইৰাকৰ শাসনভাৰ হাতত লয়।তেতিয়াৰ পৰা ইৰাণত আধুনিকতাৰ প্রচেষ্টা আৰম্ভ হয়। । ১৯৭৯ চনত ইমাম খোমেনিৰ নেতৃত্বত ইৰাণত ইছলামিক গণতন্ত্র প্রতিষ্ঠা হয়। বর্তমান ইৰাণ শক্তিশালী গণতান্ত্রিক ৰাষ্ট্র।

১০। ইৰাণীসকলৰ নৱবর্ষ উৎসৱৰ বিৱৰণ দিয়া।[H.S.L.C.2016]
উত্তৰঃ
– ইৰাণীসকলে বসন্ত ঋতুৰ আৰম্ভণিতে নৱবর্ষ | উত্যাপন কৰে। ইৰাণীসকলৰনৱবৰ্ষক ‘ন বোজ’ বুলি কোৱা ত হয়। নৱবর্ষ উপলক্ষে ইৰাণীসকলে নতুন কাপোৰ পিন্ধি পিঠাপনা খায় আৰু পৰিবেশ চাফ-চিকুনকৈ ৰাখে।শত্রুতাভাৱ পাহৰি বন্ধুত্ব গঢ়ে। সিহঁতে বিভিন্ন খাদ্য বস্তু প্রস্তুত কৰে। টেবিল বা কাপেৰ্টৰ ওপৰত সাতবিধ খাদ্য বস্তু সজাই লৈ প্ৰতিটো খাদ্যৰ কাষত পবিত্র কোৰান আৰু হাফেজৰ কবিতা পুথি ৰাখে। ইয়াৰ লগতে সিহঁতে খাদ্য সম্ভাৰত মুদ্রা, কণী, গাখীৰ, গোলাপজল, ভেটফুল আদিৰাখে। নৈবেদ্যৰ কাষত এখন আইৰখা হয়। আইৰ দুয়োকাষেপৰিয়ালৰ প্ৰতিটো শিশুৰ বাবে মমবাতি জ্বলোৱা হয়।এইদৰে ইৰাণীসকলে নৱবৰ্ষ অতি জাকজমকতাৰে পালন কৰে।

১১। বেহেষ্ট-ই- জাহাৰাৰ লগত টেহৰাণবাসীৰ সম্পর্ক বিষয়ে লিখা। [H.S.L.C.2018]
উত্তৰঃ
– বেহেষ্ট-ই-জাহাৰা টেহৰাণৰ মুখ্য সমাধিস্থল। ইকেইবা কিলোমিটাৰ দীঘল। এই সমাধিস্থল খোৱা-বোৱাৰ। দোকানৰ পৰা আৰম্ভ কৰি খেল পথাৰলৈকে আছে।

১২। শ্বিৰীণইবাড়ি কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা।
উত্তৰঃ
– শ্বিৰীণ ইবাডি ইনৰএজনীনাৰীবাদী সংগ্রামী। তেওঁ কঠোৰ পন্থীৰ বিৰুদ্ধে গোটেই জীৱন সংগ্ৰাম কৰিছিল। তাইক চৰকাৰী কামৰ পৰা বঞ্চিত কৰা হৈছিল আৰুমহিলাই মুৰ ঢাকি লোৱা কাপোৰ ‘হিজাব’ পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল।এনে কঠিন পৰিবেশত তেওঁ মানৱ অধিকাৰ ৰক্ষাৰ বাবে এটা অত্যুৎসাহী পদক্ষেপ লৈছিল । তেওঁ মহিলাক ধর্ষণ কৰা, শাসন বিৰোধী যুৱকক শাস্তি দিয়া, পতীয়ে পত্নীক বেয়া ব্যৱহাৰ কৰা আদি উৎপীড়িত লোকৰ বাবেযুঁজিছিল। মানৱ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে কৰা সংগ্ৰামৰ স্বীকৃতি হিচাপে তেওঁকনবেল বঁটা দিয়া হয়।

ভাষা বিষয়ক প্ৰশ্ন উত্তৰ

১৪। তলত দিয়া শব্দ কেইটাৰ প্ৰতীকি অর্থ কি?

ছবজে, ছামানু, ছিব, জেনেজেভ, ছিৰ, চমাক, ছেৰকেই।

উত্তৰঃ-

শব্দ      প্রতীকি অর্থ
ছবজে (ঘেহু বা দাইল) পুনর্জন্মৰ প্রতীক।
ছামানু (ঘেঁহুৰ পায়স) নতুন জীৱনৰ প্রতীক।
ছিৰ (আপেল) স্বাস্থ্য আৰু সৌন্দর্য প্রতীক।
 ছেজেভ (কনৰীয়া শুকান জলফাই)প্রেমৰ প্রতীক।
ছিৰ (নহৰু)ঔষধ।
 ছমাক (বগৰী) সূর্যোদয়ৰ প্রতীক।
ছেকেহ (ভিনেগাৰ) বয়স আৰু ধৈৰ্যৰ প্ৰতীক।

শেষ বাক্য Class 10 Assamese Chapter 12

পাৰস্যত এভুমুকি নামৰ Class 10 Assamese Chapter 12 ৰ চমু প্ৰশ্নৰ উত্তৰৰ লগতে পাঠ্য পুথিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিলোঁ।যদি এতিয়াও কোনো প্ৰশ্ন উত্তৰ বাকী আছে তেন্তে Comment Section ত জনাবলৈ নাপাহৰিব। আপোনাৰ Comment ৰ যথা সময়ত উত্তৰ দিবলৈ আমি সদায় যত্নপৰ।

আশা কৰোঁ আপুনি আমাৰ আলোচ্য বিষয়সমূহ নিজে পঢ়াৰ উপৰিও বন্ধু বান্ধৱী সকলৰ সৈতে Share কৰিব। ইয়াৰ লগতে আপুনি Nitid Academy ক Subscribe কৰি Instant Updates পাব পাৰে ।

This Post Has 2 Comments

প্ৰত্যুত্তৰ দিয়ক