দশম মান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়াৰ (Chemical Reaction) বিষয়ে আজি আমি আলোচনা কৰিম।
বিভিন্ন প্ৰকাৰৰ বিক্ৰিয়াত Class 10 Science ৰ এই অধ্যায়ত তলৰ বিক্ৰিয়া কেইটা আলোচনা কৰা হব।
- সংযোজন বিক্ৰিয়া (Combination Reaction)
- বিযোজন বিক্ৰিয়া (Decomposition Reaction)
- অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া (Displacement Reaction)
- দ্বি অপসৰণ বিক্ৰিয়া (Double Displacement Reaction)
- জাৰণ আৰু বিজাৰণ বিক্ৰিয়া (Oxidation and Reduction Reaction)
পোন প্ৰথমে আমি আলোচনা কৰিব গৈ আছোঁ Class 10 Science ৰ প্ৰথম অধ্যায় “ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ” (Chemical Reaction & Equation) ৰ Combination Reaction.
সংযোজন বিক্ৰিয়া Combination Reaction Class 10 Science
আমি জানো সংযোজন মানে সাধাৰণতে যোগ হোৱা বা একেলগ হোৱা। এই বিক্ৰিয়া টো বুজিবলৈ যদি আমি এটা সাধাৰণ উদাহৰণ লওঁ তেন্তে আমাৰ বুজি পোৱাত বহুত সুবিধা হব।
A+B ——> AB
যত A আৰু B হল বিক্ৰিয়ক পদাৰ্থ আৰু AB হল বিক্ৰিয়াজাত পদাৰ্থ। এই বিক্ৰিয়াত স্পষ্ট যে এটাত কৈ বেছি বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থৰ উৎপন্ন হৈছে।
গতিকে আমি কব পাৰো যে যি ৰাসায়নিক বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক সংযোজন বিক্ৰিয়া (Combination Reaction) বোলে।
বিক্ৰিয়াটোত এটা পৰিঘটনা সংঘটিত হয়। এই বিক্ৰিয়াটোত বিক্ৰিয়াজাত বা উৎপন্নজাত পদাৰ্থৰ ওপৰিও কিছু পৰিমাণে তাপৰ উৎপন্ন হয়।
এনেদৰে তাপ উৎপন্ন হোৱা ৰাসায়নিক বিক্ৰিয়াক তাপবৰ্জী (Exothermic reaction) বিক্ৰিয়া বোলে।
তাপবৰ্জী ৰাসায়নিক (Exothermic reaction) বিক্ৰিয়াৰ বহুত উদাহৰণ আছে। ইয়াৰ সাধাৰণ উদাহৰণ হিচাপে শ্বসন এক প্ৰকাৰৰ তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া। কিন্তু কেনেকৈ জানো আহক ।
সাধাৰণতে শ্বসন হল এক প্রকাৰৰ জৈৱিক প্ৰক্ৰিয়া । এই প্ৰক্ৰিয়াৰ জৰিয়তেই খাদ্যৰ পাচন প্ৰক্ৰিয়াত কি কাৰ্বহাইড্ৰেট (carbohydrate) সমূহ গ্লুকজ (glucose) লৈ পৰিৱৰ্তিত হয়। পৰৱৰ্তী সময়ত দেহ কোষত অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কাৰ্বন- ডাই- অক্সাইড ( CO 2) আৰু পানী (H2O) উৎপন্ন কৰাৰ লগতে শক্তি উৎপন্ন কৰে। যিহেতু এই প্ৰক্ৰিয়াত শক্তিৰ উৎপন্ন হয়, সেয়েহে ইয়াক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বোলে।
প্ৰশ্ন) সংযোজন বিক্ৰিয়া কাক বোলে ? উদাহৰণ দিয়া।
প্ৰশ্ন) সংকেত লিখা
১) পেৰাচূণ
2) শিথলিত চূণ
3) চূণ শিল
4) মাৰ্বল
প্ৰশ্ন – তাপবৰ্জী বিক্ৰিয়া কাক বোলে? উদাহৰণ দিয়া।
প্ৰশ্ন – শ্বসনক কিয় তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়?
শেষ বাক্য: Chemical Reaction
আমি আলোচনা কৰিলোঁ সংযোজন বিক্ৰিয়া (Combination Reaction Class 10 Science Assamese Medium). ইয়াৰ সৈতে আমি প্ৰয়োজনীয় প্ৰশ্নৰ যোগান ধৰা হল। যদি আপুনি উপৰোক্ত আলোচনা খিনি বুজিব পাৰিছে তেন্তে অতি সহজেই আপুনি যিকোনো প্ৰশ্নৰ উত্তৰ কৰিব পাৰিব বুলি আমি আশাবাদী।
ইয়াৰ পিছত আমি আলোচনা কৰিব গৈ আছোঁ Class 10 Science Assamese Medium ৰ (Decomposition Reaction) বিযোজন বিক্ৰিয়া।