ছ’চিয়েল মেডিয়া আৰু ছাত্ৰ সমাজ। Essay in Assamese 2023

বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীৰ জীৱনত আটাইতকৈ বেছি প্ৰভাৱ পেলোৱা বস্তু সমূহৰ ভিতৰত ছ’চিয়েল মেডিয়া অন্যতম। সেই কাৰণে আজি আমি Assamese Medium ৰ ছাত্ৰ ছাত্ৰীৰ বাবে লৈ আহিছোঁ ছ’চিয়েল মেডিয়া আৰু ছাত্ৰ সমাজ নামৰ অসমীয়া ৰচনা যি HSLC Final Exam 2022 ত সুধিব পাৰে। তেন্তে আহক আমি আৰম্ভণিৰ পৰা সামৰণিলৈ ‘ছ’চিয়েল মেডিয়া আৰু ছাত্ৰ সমাজ’ ৰ ওপৰত আলোচনা কৰোঁ।

আৰম্ভণিঃ ছ’চিয়েল মেডিয়া আৰু ছাত্ৰ সমাজ

সম্প্ৰতি তথ্য-প্ৰযুক্তিয়ে পৃথিৱীৰ চুকে‍-কোণে আৱৰি ধৰিছে ৷ মানুহৰ মাজত যোগাযোগ ব্যৱস্থা সহজসাধ্য কৰি তুলিছে ৷ বিশ্বক এখন গাঁৱলৈ ৰূপান্তৰ কৰিছে ৷ তথ্য-প্ৰযুক্তিৰ শেহতীয়া অৱদান ছ’চিয়েল মেডিয়াসমূহ‍ সর্বত্ৰ বিয়পি পৰি তথ্যৰ আদান প্ৰদান খৰটকীয়া কৰিছে ৷

ছ’চিয়েল মেডিয়াৰ ধাৰণাঃ

পুৰণি কালৰ পৰাই মানুহে ইজনে সিজনৰ লগত যোগাযোগৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰি আহিছে৷ আধুনিক যুগত বি‍জ্ঞানৰ প্ৰসাৰৰ লগে লগে বাতৰি কাকত, ৰেডিঅ’, টেলিভিচন, টেলিফোন, টেলিগ্ৰাম আদি যোগাযোগৰ মাধ্যমৰ প্ৰচলন হ’ল৷ বি‍জ্ঞানৰ শেহতীয়া উদ্ভাৱন হৈছে তথ্য প্ৰযুক্তি ব্যৱস্থা৷ কম্পিউটাৰ সাধাৰণ লোকৰ বাবে সহজলভ্য হৈ পৰাৰ পিছৰে‍ পৰা কম্পিউটাৰ প্ৰ’গ্ৰামিঙৰ ক্ষ‍েত্ৰত যুগান্তৰৰ সূচনা হ’ল৷ কম্পিউটাৰৰ প্ৰচলনৰ লগে লগে বহু মানুহৰ কাম এজন মানুহেই নিখুঁটভাৱে আৰু কম সময়তে কৰি উলিয়াব পৰা হ’ল৷ যোগাযোগ ব্যৱস্থাতো কম্পিউটাৰৰ প্ৰয়োগ ঘটিল৷ কৃত্ৰিম উ৩পগ্ৰহৰ জৰিয়তে তথ্যৰ আদান প্ৰদান আৰম্ভ হ’ল৷ বিভিন্ন প্ৰতিষ্ঠানে ৱেব চাইট প্ৰস্তুত কৰি তাৰ জৰিয়তে জনসাধাৰণক যোগাযোগৰ সুবিধা প্ৰদান কৰিলে৷ জনসাধাৰণে পোনপটীয়াভাৱে ব্যক্তি আৰু ব্যক্তি বা ব্যক্তি‍সমষ্টি আৰু ব্যক্তিসমষ্টিৰ মাজত যোগাযোগ অতি সহজ আৰু খৰটকীয়া হৈ পৰিল৷ এনেদৰে‍ আৰম্ভ হ’ল ছ’চিয়েল মেডিয়াৰ ইতিহাস৷ অতি দ্ৰুতগতিত জনপ্ৰিয় হৈ পৰা চার্চ ইঞ্জিন, ইউটিউব, ফেচবুক, ওৱাটচএপ, ইনষ্টাগ্ৰাম, টুইটাৰ, ই-মেইল, ৱিকিপেডিয়া আদি ছ’চিয়েল মেডিয়াৰ কেতবোৰ উদাহৰণ৷ তলত ইয়াৰ কেইটামানৰ সম্যক পৰিচয় দাঙি ধৰা হ’ল –

চার্চ ইঞ্জিনঃ

তথ্য্ প্ৰযুক্তি ব্যৱস্থাত চার্চ ইঞ্জিনবোৰ অতি জনপ্ৰিয় মাধ্যম৷ গুগুল হৈছে এক অন্যতম জনপ্ৰিয় চার্চ ইঞ্জিন৷ ১৯৯৮ চনৰ ৪ ছেপ্টেম্বৰত এই ব্যৱস্থাৰ প্ৰচলন আৰম্ভ হয়৷

ইউটিউবঃ

বিশ্বৰ বিভিন্ন প্ৰান্তৰ ভিডিঅ’ আদান প্ৰদানৰ ক্ষ‍েত্ৰত ইউটিউব অতি জনপ্ৰিয় মাধ্যম৷ ২০০৫ চনৰ পৰা এই ব্যৱস্থাৰ প্ৰচলন আৰম্ভ হয়৷

ফেচবুকঃ

সাম্প্ৰতিক কালত আটাইতকৈ জনপ্ৰিয় হৈ পৰা ছ’চিয়েল মেডিয়া হৈছে ফেচবুক৷ কণমানিৰ পৰা আৰম্ভ কৰি বয়োবৃদ্ধলৈকে আজিকালি ফেচবুক ব্যৱহাৰ কৰে৷ তথ্যৰ আদান-প্ৰদান ইয়াৰ জৰিয়তে অতি সহজ৷

ই-মেইলঃ

আগৰ দিনৰ চিঠি‍-পত্ৰৰ স্থান অধিকাৰ কৰা এটা ব্যৱস্থা হৈছে ই-মেইল৷ জি‍-মেইল, য়াহু আদি এনে ই-মেইলৰ উদাহৰণ৷

ছাত্ৰ-সমাজৰ ওপৰত ছ’চিয়েল মেডিয়াৰ ভাল প্ৰভাৱঃ

সাধাৰণ অর্থত আমি শি‍ক্ষানুষ্ঠানসমূহত আনুষ্ঠানিকভাৱে শি‍ক্ষাগ্ৰহণ কৰি থকা সকলকে ছাত্ৰ বুলি কওঁ৷ ছাত্ৰসকলৰ ওপৰত তথ্য-প্ৰযুক্ত‍িৰ অৱদান এই ছ’চিয়েল মেডিয়াসমূহৰ অপৰিসীম প্ৰভাৱ আছে৷ বিশেষকৈ শিক্ষা গ্ৰহণৰ ক্ষ‍েত্ৰত ছ’চিয়েল মেডিয়াই যুগান্তৰকাৰী প্ৰভাৱ পেলাইছে৷ বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা বিদ্যায়তয়িক বিষয়সমূহৰ বার্তা সহজেই ইয়াৰ জৰিয়তে উপলব্ধ হৈছে৷ গৱেষণাৰ বিভিন্ন তথ্য আদান প্ৰদানৰ ক্ষ‍েত্ৰত এই মেডিয়াসমূহ অতি গুৰুত্বপূর্ণ বিবেচিত হৈছে ৷

ছাত্ৰ-সমাজত পৰা ছ’চিয়েল মেডিয়াৰ বেয়া প্ৰভাৱঃ

ছ’চিয়েল মেডিয়াৰ প্ৰভাৱ সুস্থভাৱে ছাত্ৰ-সমাজত পৰিলে সি অনবদ্য আশীর্বাদস্বৰূপ হৈ থাকে৷ কিন্তু যেতিয়াই ইয়াৰ কু-প্ৰভাৱে ছাত্ৰ-সমাজৰ মাজত শিপাবলৈ লয় তেতিয়া ছাত্ৰজীৱন ধ্বংস হৈ পৰিব পাৰে৷ ছাত্ৰ-জীৱন অধ্যয়নৰ সময়৷ তাকে নকৰি ছ’চিয়েল মেডিয়াৰ মায়াময় জগতখনত অধিক সময় কটোৱাৰ ফলত অধ্যয়ন বিমুখ হোৱা সম্ভাৱনা প্ৰৱল৷ তদুপৰি, উৰাবাতৰি আৰু ভুল তথ্যৰ ভাণ্ডাৰ হোৱাৰ বাবেও ছ’চিয়েল মেডিয়াৰ পৰা ছাত্ৰসমাজৰ অপকাৰ হোৱাৰ সম্ভাৱনা আছে৷ গতিকে ছাত্ৰ সমাজে যাতে ইয়াক কেৱল বিদ্যায়তনিক দিশতহে ব্যৱহাৰ কৰে তাৰ প্ৰতি কঠোৰ হোৱা প্ৰয়োজন ৷

সামৰণিঃ ছ’চিয়েল মেডিয়া আৰু ছাত্ৰ সমাজ

সাম্প্ৰতিক সময়ত ই-জগতখনক বাদ দি তথ্য আদান-প্ৰদানৰ কথা আমি ভাবিবই নোৱাৰো৷ কিন্তু ছ’চিয়েল মেডিয়াৰ ভিতৰত থকা মায়াময় জগতখনক আওকান কৰি কেৱল বিদ্যায়তনিক দিশবোৰত আত্মনিয়োগ কৰিলে নিশ্চয় ছাত্ৰ-সমাজ উপকৃত হ’ব৷

1 thought on “ছ’চিয়েল মেডিয়া আৰু ছাত্ৰ সমাজ। Essay in Assamese 2023”

  1. ছ’ছিয়েল মেডিয়াৰ অন্তৰ্গত ফেচবুক আৰু ওৱাটচএপ বৰ্তমানে সৰহ সংখ্যক কিশোৰ – কিশোৰী আৰু যুৱক – যুৱতীয়ে উচিত ব্যবহাৰ কৰা নাই বা নকৰে । বন্ধু আৰু অন্য চিনাকি লোকলৈ যুক্তিহীন বা সস্তীয়া বাৰ্তা প্ৰেৰণ কৰি নিজৰ সময় আৰু আনৰ সময় নষ্ট কৰা যুক্তিহীন । ক্ষন্তেকীয়া আনন্দৰ বাবে ইউ -টিউবত অশালীন ছবি আদি চোৱা আৰু অশ্লীল লেখা আদি পঢ়াৰ পৰা ছাত্ৰ সমাজৰ একো লাভ নহয়, বৰং জীবন গঢ়াৰ সময়খিনি নষ্ট কৰা হয় ।
    চচিয়েল মেডিয়াই কাকো অনিষ্ট নকৰে । ছ’চিয়েল মেডিয়াক সৎ ভাবে ব্যবহাৰ কৰা উচিত আৰু ইয়াত অত্যাধিক সময় ব্যয় কৰা অনুচিত । গঠনমূলক চিন্তা আৰু কাম কৰাই মানুহৰ লক্ষ্য হোৱা উচিত । অসৎ কাম কৰা লোকজনৰ ক্ষতি হোৱাটো নিশ্চিত আৰু এজন লোকৰ ক্ষতি সমাজখনৰো ক্ষতি । ডকাইতে মানুহৰ ধন আৰু সম্পত্তি ভয় দেখুৱাই কাঢ়ি লৈ যায় । এখন সমাজত ডকাইত থকা মানে সমাজখনৰ ক্ষতি হোৱাটো স্বাভাৱিক ।

    প্ৰত্যুত্তৰ দিয়ক

Leave a Comment