এটা শব্দত প্ৰকাশ কৰা

Assamese Medium ৰ আন এক বিশেষ বিষয় Assamese Grammar ৰ “এটা শব্দত প্ৰকাশ কৰা” (Expression in one word) লৈ স্বাগতম জনাইছোঁ। ইয়াৰ আগতে আমি Assamese Grammar ৰ “Opposite word in Assamese” বা বিপৰীত শব্দৰ বিষয়ে আলোচনা কৰিছোঁ, যদি আপুনি পঢ়া নাই তেন্তে পঢ়ি লওক। আজি আমাৰ আলোচ্য বিষয়টো হল “এটা শব্দত প্ৰকাশ কৰা“(Expression in one word), আহক আমি আলোচনা আৰম্ভ কৰোঁ।

এটা শব্দত প্ৰকাশ কৰা [400+]

১) ফুল নুফুলাকৈ গুটি হোৱা গছ=বনস্পতি
২) শত্ৰুক জয় কৰে যি=শত্ৰুঞ্জয়
৩) ৰিপুক জয় কৰে যি=ৰিপুঞ্জয়
৪) ধান থোৱা ঘৰ= ভঁৰাল
৫) যি মাছ-মাংস নাখায়=নিৰামিষাহাৰী
৬) ভিক্ষা কৰে যি=ভিক্ষাৰী
৭) যি খুজি মাগি খায়=খোজনীয়া; মগনিয়া
৮) যি আনৰ বস্তু বলেৰে নিয়ে=ডকাইত
৯) যি কথা জনা নাযায়=অজ্ঞাত
১০) যি কাৰো লগত মিলিব নোৱাৰে=অজীন-পাতকী
১১) দুটা মাহৰ মাজৰ দিন=দোমাহী বা সংক্ৰান্তি
১২) যি জনে নিয়মমতে খৰচ কৰে = মিতব্যয়ী
১৩) যি সঁচা কথা কয়=সত্যবাদী
১৪) যাৰ আগত জন্ম=অগ্ৰজ
১৫) যি নিজে নিজে হয়=স্বয়ম্ভু
১৬) যাৰ মূৰত চুলি নাই=তপা
১৭) যাৰ আশ্ৰয় নাই=নিৰাশ্ৰয়
১৮) যি কথা লগাই ফুৰে=খলুৱা
১৯) যি পৰিণাম চিন্তা কৰি কাম কৰে=পৰিণামদৰ্শী
২০) যি দুই হাত সমানে চলাব পাৰে=সব্যসাচী
২১) যি মাটিৰ উৎপাদিকা শক্তি নাই=অনুৰ্বৰ
২২) যি বাঢ়িবলৈ ধৰে=বৰ্ধিষ্ণু
২৩) যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে=কিংকৰ্তব্যবিমূঢ়
২৪) যি মাতৃৰ এটি মাত্ৰ সন্তান=কাকবন্ধ্যা
২৫) যি পুৰুষে বিয়া কৰোৱা নাই=অকিঞ্চন
২৬) যি নিজকে পণ্ডিঈত বুলি ভাৱে=পণ্ডিতমন্য
২৭) আনৰ দোষ দেখা স্বভাৱ=অসূয়া
২৮) যাৰ জন্ম নাই=অজ
২৯) যাৰ পূৰ্বজন্মৰ কথা মনত আছে=জাতিষ্মৰ
৩০) যাৰ কথাৰ লাগ বান্ধ নাই=লপা, চেলেপু।
৩১) যি আনৰ মুখলৈ চাই থাকে=পৰমুখাপেক্ষী
৩২) যাৰ বিবেচনা শক্তি নাই=অবিবেচক
৩৩) সহজে যি জীণ যায়=লঘুপাকী
৩৪) যাৰ কুল আৰু শীল জনা নাযায়=অজ্ঞাতকুলশীল
৩৫) সকলোকে সমানভাৱে দেখা=সমদৰ্শী
৩৬) বিপদৰ সময়ত ওলোৱা বুদ্ধি=প্ৰত্যু্ৎপন্নমতি
৩৭) যি জানিবলৈ ইচ্ছা কৰে=জিজ্ঞাসু
৩৮) আগে আগে গমন কৰে যি=অগ্ৰগামী
৩৯) পিছে পিছে গমন কৰে যি=অনুগামী
৪০) যি কম কথা কয়=মিতভাষী
৪১) যি দিনত এবাৰ মাত্ৰ আহাৰ কৰে=একাহাৰী
৪২) ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতা=পোহাৰী
৪৩) নোহোৱা বস্তু সৃষ্টি কৰা=উদ্ভাৱন
৪৪) মাটিৰে তৈয়াৰী শিল্পকৰ্ম=মৃৎশিল্প
৪৫) যি মাটিৰে নিৰ্মান=মৃন্ময়
৪৬) যাৰ মৰো মৰো অৱস্থা=মূমূৰ্ষ
৪৭) যি অনাই বনাই ঘূৰি ফুৰে=যাযাবৰ
৪৮) নাম নধৰাকৈ দিয়া গালি=গুৱালগালি
৪৯) দেউতাকৰসখিয়েক= তাৱৈ
৫০) তাৱৈৰ ঘৈণীয়েক=আমৈ
৫১) যি আনৰ অধীন নহয়= স্বাধীন
৫২) যি আনৰ অধীন=পৰাধীন
৫৩) গৰু বন্ধা ঘৰ=গোহালি
৫৪) ঘোঁৰা বন্ধা ঘৰ=অস্তাবল
৫৫) যি পথৰ পৰা বিচলিত= পথভ্ৰষ্ট
৫৬) যি কথাৰ অৰ্থ নাই=অৰ্থহীন; নিৰৰ্থক
৫৭) যি আনৰ ওপৰত নিৰ্ভৰ কৰে =পৰনিৰ্ভৰশীল
৫৮) যি নিজৰ ওপৰত নিৰ্ভৰ কৰে=আত্মনিৰ্ভৰশীল; স্বাৱলম্বী
৫৯) যাক কল্পনা কৰিব নোৱাৰি =কল্পনাতীত
৬০) যাৰ আদি নাই= অনাদি
৬১) যাৰ অন্ত নাই=অনন্ত
৬২) যাৰ সীমা নাই= অসীম
৬৩) যাক বৰ্ণনা কৰিব নোৱাৰি=অবৰ্ণনীয়
৬৪) যাক বাৰণ কৰিব নোৱাৰি =অনিবাৰ্য
৬৫) যাক লংঘন কৰিব নোৱাৰি=অলংঘ্য
৬৬) যাক দেখা নাযায়=অদৃশ্য
৬৭) যাক সহজে লাভ কৰিব নোৱাৰি=দুৰ্লভ
৬৮) যাক সহজে পোৱা যায়=সুলভ
৬৯) যাৰ নাম নাই =অনামী
৭০) যাৰ সীমা আছে= সসীম
৭১) যাক পৰিহাৰ কৰিব নোৱাৰি=অপৰিহাৰ্য
৭২) যাৰ ধাৰ আছে =ধাৰুৱা
৭৩) যি গাঁৱত থাকে = গাঁৱলীয়া
৭৪) যি বিদেশত থাকে = প্ৰবাসী
৭৫) বিদেশৰপৰা অহা লোক = বিদেশী
৭৬) যি ভয় নকৰে = নিৰ্ভীক
৭৭) আনৰ ভাল দেখিব নোৱাৰা = চকুচৰহা, পৰশ্ৰীকাতৰ
৭৮) একে গুৰুৰ শিষ্য = হৰিভকত, সতীৰ্থ
৭৯) একে শ্ৰেণীতে পঢ়া = সহপাঠী
৮০) একে মাকৰ সন্তান = সহোদৰ, সোদৰ
৮১) গোটেই জীৱন জুৰি = আজীৱন
৮২) মাগিলেও ভিক্ষা নোপোৱা সময় = দুৰ্ভিক্ষা
৮৩) জন্মৰ পৰা অন্ধ যি = জন্মান্ধ
৮৪) যি এটা চকুৰে নেদেখে = কণা
৮৫) দুয়োটা চকুৰে নেদেখা লোক = অন্ধ
৮৬) যি কথা কব নোৱাৰে = মুক; বোবা
৮৭) যি শুনাও নাপায়; কথাও ক’ব নোৱাৰে = মুকবধিৰ
৮৮) শাৰীৰিকভাৱে অক্ষম যি = প্ৰতিবন্ধী
৮৯) যাৰ মাক পিতাক মৰিছে = মাউৰা
৯০) যি পুৰুষৰ তিৰোতা মৰিছে = বৰলা; বিপত্নীক
৯১) যি তিৰোতাৰ পুৰুষ মৰিছে = বিধৱা
৯২) স্বামী থকা তিৰোতা = সধৱা; আয়তী
৯৩) নাম গোৱা তিৰোতা = নামতী
৯৪) বিহুৰ আগ দিনা = উৰুকা
৯৫) যি দিনত নেদেখে = দিনকণা
৯৬) যি ৰাতি নেদেখে = কুকুৰীকণা
৯৭) দুই ঘৰৰ মাজৰ ঠাই = দোঘোৰা
৯৮) ঘৰৰ চালৰ পানী পৰা ঠাই = পানী পচা
৯৯) এবাৰ ফল দি মৰা গছ = ওষধি
১০০) দুই বছৰৰ মূৰত পোৱালি দিয়া গাই = দুৰচী;দোৰাহী
১০১) পনীয়া গাখীৰ দিয়া গাই = জলাহী
১০২) শিং নথকা গৰু = লাওমূৰা
১০৩) হাল বোৱা গৰু = বলধ
১০৪) ঠেং নথকা ভেকুলীৰ পোৱালি=লালুকী
১০৫) স্মৰণ কৰিবলগীয়া=স্মৰণীয়
১০৬) যাৰ বিয়া হোৱা নাই=অবিবাহিত;আবিয়ৈ
১০৭) যাৰ বিয়া হৈছে=বিবাহিত
১০৮) জিভাৰে চেলেকি চাব পৰা বস্তু = লেহ্য
১০৯) জন্তুৰ নিচিনা যি=জান্তব
১১০) যি গৰমো নহয় ঠাণ্ডাও নহয় =কুহুমীয়া
১১১) যি বতৰ শীতো নহয় উষ্ণও নহয়=নাতিশীতোষ্ণ
১১২) যি ফল কেঁচাও নহয় পকাও নহয়= ডহেচীয়া
১১৩) মাৰ ভনীয়েক =মাহী
১১৪) দেউতাৰ ভনীয়েক=পেহী
১১৫) মাৰ সতিনীয়েক=বিমাতা, মাহীমা
১১৬) ককাৰ দেউতাক=আজোককা
১১৭) কঁঠালৰ সৰু কলি =মুচি
১১৮) খাবলৈ অনা সৰু কলপুলি=পচলা
১১৯) দাঁত ওলোৱা হাতী=দঁতাল
১২০) মাছ মৰা লোক=মাছুৱৈ; মাছমৰীয়া
১২১) যি জলত চৰে=জলচৰ
১২২) যি স্থলত চৰে=স্থলচৰ
১২৩) জল আৰু স্থল উভয়তে চৰে যি=উভচৰ
১২৪) যি কণীৰপৰা জন্মে=অণ্ডজ
১২৫) ঈশ্বৰক বিশ্বাস কৰা লোক=আস্তিক
১২৬) ঈশ্বৰক বিশ্বাস নকৰা লোক=নাস্তিক
১২৭) গান গোৱা লোক=গায়ক
১২৮) খেলা ধুলা কৰা লোক=খেলুৱৈ
১২৯) মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰা লোক=কুমাৰ
১৩০) লোৰ সামগ্ৰী তৈয়াৰ কৰা লোক=কমাৰ
১৩১) কাঁহৰ সামগ্ৰী তৈয়াৰ কৰা লোক=কঁহাৰ
১৩২) সোণ ৰূপৰ অলংকাৰ তৈয়াৰ কৰা লোক=স্বৰ্ণকাৰ; সোণাৰী
১৩৩) চিকিৎসা কৰা লোক=চিকিৎসক
১৩৪) গাঁৱৰ মুখিয়াল ব্যক্তি=গাঁওবুঢ়া
১৩৫) যি উপকাৰ কৰে=উপকাৰী
১৩৬) উপকাৰীৰ উপকাৰ স্বীকাৰ কৰা লোক=কৃতজ্ঞ; অকৃতঘ্ন
১৩৭) উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা লোক=কৃতঘ্ন; অকৃতজ্ঞ
১৩৮) বৰষুণ নোহোৱা বতৰ=খৰাং
১৩৯) যাৰ কোনো নাই=অনাথ
১৪০) ৰাতিপুৱাই স্মৰণ কৰাৰ যোগ্য=প্ৰাতঃস্মৰণীয়
১৪১) যি একো নাজানে=অজ্ঞ
১৪২) যি সকলো জানে=সৰ্বজ্ঞ; সৰ্বজান
১৪৩) যাৰ হাত আঁঠুলৈ আহে=অজানুলম্বিত
১৪৪) যি এই লোকৰ নহয়=অলৌকিক
১৪৫) দেৱতাৰ গুণ সমৃদ্ধ=দৈৱীয়
১৪৬) ৰ’দত শুকোৱাসৰিয়হৰ শুকান বঁটা=কাঁহুদি
১৪৭ ) য’ত কোনো মানুহ নাই=নিৰ্জন
১৪৮) দেশক ভাল পোৱা মানুহ=দেশভক্ত
১৪৯) দেশৰ অপকাৰ কৰা মানুহ=দেশদ্ৰোহী
১৫০) দেশৰ বাবে মৃত্যুবৰণ কৰা লোক=শ্বহীদ
১৫১) গৰু চৰোৱা লোক=গৰখীয়া
১৫২) হাতী চৰোৱা লোক=মাউত
১৫৩) যি আগতে হোৱা নাই বা ঘটা নাই=অভূতপূৰ্ব
১৫৪) যি আগতে হৈছে বা ঘটিছে=ভূতপূৰ্ব
১৫৫) যি কেবল নিজৰ কথা ভাৱে=স্বাৰ্থপৰ; আপোনপেটা
১৫৬) যি আনৰ হিতৰ কথা ভাৱে=পৰহিতৈষী
১৫৭) যি সকলোৰে মাজত প্ৰিয়=লোকপ্ৰিয়
১৫৮) যাক সকলোৱে জানে=বিখ্যাত
১৫৯) যাক কোনেও নাজানে=অখ্যাত; অজ্ঞাত
১৬০) কবনলগীয়া কথা; যাক কব নোৱাৰি=অবাচ্য; অকথ্য
১৬১) যাক শুনিব নোৱাৰি=অশ্ৰাব্য
১৬২) যাৰ জ্ঞান আছে=জ্ঞানী
১৬৩) যাৰ ধন আছে=ধনী
১৬৪) যাৰ মান আছে=মানী
১৬৫) যাৰ ঋণ আছে=ঋণী
১৬৬) যাৰ ঘৰ বাৰী নাই=অঘৰী
১৬৭) যাৰ একো নাই=নিঃস্ব
১৬৮) য’ত যাব নোৱাৰি=দুৰ্গম
১৬৯) য’ত যাব পাৰি=সুগম
১৭০) যি বহুত কথা কয়= বহুবল্কী
১৭১) যি কথা ক’ব জানে; কথা সজাই ক’ব পৰা লোক=কথাচহকী
১৭২) যাৰ মৰণ নাই=অমৰ
১৭৩) যাৰ ভয় আছে=ভয়াতুৰ
১৭৪) স্কুলত পঢ়া ল’ৰা ছোৱালী=ছাত্ৰছাত্ৰী
১৭৫) যাৰ শত্ৰু নাই=অজাতশত্ৰু
১৭৬) যি ইন্দ্ৰিয়ক দমন কৰিছে=জিতেন্দ্ৰিয়
১৭৭) শাক পাচলি কৰা ঠাই=শাকনি
১৭৮) ধান খেতি কৰা ঠাই=ধাননি
১৭৯) যাক আগতে শুনা নাই=অশ্ৰুতপূৰ্ব
১৮০) যাক গণনা কৰিব নোৱাৰি=অগণন
১৮১) যাক কথাৰে প্ৰকাশ কৰিব নোৱাৰি=অনিৰ্বচনীয়
১৮২) যি কথা বিশ্বাস কৰিব নোৱাৰি=অবিশ্বাস্য
১৮৩) যি কাম কৰা উচিত=কৰ্তব্য
১৮৪) যি পুৰি নাযায় = অদাহ্য
১৮৫) যি নিয়মমতে খৰচ কৰে = মিতব্যয়ী
১৮৬) যি মাটি ফুটি ওলায় = উদ্ভিদ
১৮৭) যি বিদ্যালাভ কৰিছে = কৃতবিদ্য
১৮৮) বহুতৰ মাজত প্ৰধান = শ্ৰেষ্ঠ
১৮৯) যাক দিব পৰা নাযায় = অদেয়
১৯০) যাক বধ কৰিব পৰা নাযায় = অবধ্য
১৯১) যি খুউব বেছি দীঘল নহয় = নাতিদীৰ্ঘ
১৯২) যাক নিমিষতে ভঙ্গ কৰিব পাৰি = ক্ষণভঙ্গুৰ
১৯৩) যাৰ ধৰ্মত মতি আছে=ধৰ্মপৰায়ণ
১৯৪) বিষ্ণুক উপাসনা কৰা লোক = বৈষ্ণৱ
১৯৫) শিৱক উপাসনা কৰা লোক = শৈৱ
১৯৬) শক্তিক উপাসনা কৰা লোক = শাক্ত
১৯৭) যি সহজে জীণ নাযায় = অজীৰ্ণ; গুৰুপাকী
১৯৮) যি অইন ফালে মন দিয়ে = অন্যমনস্ক
১৯৯) শৰৎ কালত হোৱা = শাৰদীয়
২০০) যি গুণীৰ গুণ বুজে = গুণগ্ৰাহী
২০১) বাটে বাটে যোৱা মানুহ = বাটৰুৱা
২০২) যাৰ ধৰ্মলৈ ভয় আছে = ধৰ্মভীৰু
২০৩) কোনো কাৰ্য কৰিবলৈ স্থিৰ কৰা = কৃতসংকল্প
২০৪) অশেষ মূল্য যাৰ = অমূল্য
২০৫) দৰমহা নোলোৱাকৈ কৰা কাম = অবৈতনিক
২০৬) যোৱাৰ উচিত বা যোগ্য = গন্তব্য; গমনীয়
২০৭) কাপোৰ বব জনা তিৰোতা = শিপীনী
২০৮) যি কাম কাজত পাকৈত = কাজী
২০৯) একে সময়তে হোৱা = সমসাময়িক
২১০) ভৱিষ্যত চিন্তা কৰিব পৰা লোক = দূৰদৰ্শী
২১১) পি খোৱা বস্তু = পেয়
২১২) বুকুৰে বগাই যোৱা প্ৰাণী = সৰীসৃপ
২১৩) যি বিশ্বজনৰ বাবে ভাল = বিশ্বজনীন
২১৪) যি সৰ্বাংগ ব্যাপি আছে = সৰ্বাংগীণ
২১৫) ফুল থোৱা পাত্ৰ = ফুলদানি
২১৬) যি কথা কোৱা উচিত = বক্তব্য; বচনীয়
২১৭) জুই ধৰি ৰখা ঠাই = জুহাল
২১৮) নিজৰ ওপজা ঠাই = জন্মভূমি
২১৯) বস্তু বেচা কিনা কৰা ঠাই = বজাৰ
২২০) যি অলপতে শুনে = শহাকণীয়া
২২১) যি কাৰো পক্ষত নাথাকে = নিৰপক্ষ
২২২) যি নিশা চৰে = নিশাচৰ
২২৩) যি সহ্য কৰিব পাৰে = সহনশীল
২২৪) যি মিছা কথা কয় = মিছলীয়া
২২৫) যি ঘৰত ওপজে = ঘৰ-ওপজা
২২৬) যি বনত ওপজে = বনজ
২২৭) যি নগৰত থাকে = নগৰীয়া
২২৮) বহুতো ল’ৰা ছোৱালী একেলগে পঢ়া ঘৰ=পঢ়াশালি
২২৯) বিদ্যা শিক্ষা কৰা ঘৰ=বিদ্যালয়
২৩০) যি আনলৈ মন দি থাকে=?
২৩১) পকী ঘৰ নিৰ্মাণ কৰা লোক= ৰাজমিস্তিৰি
২৩২) ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো কে সমান দেখা জন=
২৩৩) গাখীৰ ,মিঠাই বেচা মানুহক=?
২৩৪) যি ঠাইত পূজা কৰা হয়=?
২৩৫) যি বস্তু দিব পৰা নাযায়=?
২৩৬) চুহি খোৱা বস্তু=?
২৩৭) নাও বনোৱা মানুহ=?
২৩৮) যি তিনিও কালৰ কথা জানে=ত্ৰিকালজ্ঞ
২৩৯) জন্তুৰ ঘঁাহ যোগান ধৰা মানুহ=?
২৪০) যি বাহ বেতৰ কাম কৰে=?
২৪১) যি ৰাতি ফুলে=?
২৪২) যি জন্ম হয় মৃত্যু বৰণ কৰে=?
২৪৩) কোনো কথা কবলৈ পঠোৱা বিশ্বাসী মানুহ=?
২৪৪) যাৰ সাহস আছে = সাহসী
২৪৫) যি ঈশ্বৰক বিশ্বাসী = আস্তিক
২৪৬) যি বিষ্ণুক উপাসনা কৰে = বৈষ্ণৱ
২৪৭) একে মাকৰ সন্তান = সহোদৰ
২৪৮) যি সঁচা কথা কয় = সত্যবাদী।
২৪৯) যাক দেখা নাযায় = অদৃশ্য
২৫০) যাৰ পিছত জন্ম = অনুজ
২৫১) ধান থোৱা ঠাই = ভঁৰাল ৷
২৫২) অ’ত ত’ত ঘুৰি ফুৰা লোক = অঘৰী ৷
২৫৩) কাৰো নাম নোলোৱাকৈ দিয়া গালি = গুৱালগালি ৷
২৫৪) গৰু বন্ধা ঠাই = গোহালি ৷
২৫৫) বাপেকৰ সখিয়েক = তাৱৈ ৷
২৫৬) তাৱৈৰ ঘৈণীয়েক = আমৈ ৷
২৫৭) যি আনৰ অধীন নহয় = স্বাধীন ৷
২৫৮) যি পথৰ পৰা বিচলিত = পথভ্ৰষ্ট ৷
২৫৯) যি কথাৰ অৰ্থ নাই = নিৰৰ্থক ৷
২৬০) যাক কল্পনা কৰিব নোৱাৰি = কল্পনাতীত ৷
২৬১) যাৰ আদি নাই = অনাদি ৷
২৬২) যাৰ সীমা নাই = অসীম
২৬৩) যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয় ৷
২৬৪) যাক বাৰণ কৰিব নোৱাৰি = অনিবাৰ্য ৷
২৬৫) যাক লংঘন কৰিব নোৱাৰি = অলংঘ্য ৷
২৫৬) যি জনে ভিক্ষাৰে জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী ৷
২৬৭) যি নগৰত থাকে = নগৰীয়া ৷
২৬৮) আঁঠুলৈ বৈ পৰা = আজানুলম্বিত ৷
২৬৯) ভেকুলীৰ পোৱালি = লালুকি ৷
২৭০) যি ফল কাঁচাও নহয় পকাও নহয় = ডাহেচীয়া ৷
২৭১) দেউতাৰ ভনীয়েক = পেহী ৷
২৭২) কাৱৈ মাছৰ সৰু পোৱালী = কাৱৈচোকোৰা বা কাৱৈতিলা ৷
২৭৩) ৰৌ মাছৰ সৰু = ৰৌমণি ৷
২৭৪) মাছৰ পোৱালি পোনা ৷
২৭৫)গৰৈ মাছৰ সৰু পনা = গৰৈচিৰিকা ৷
২৭৬) মাৰ ভনীয়েক = মাহী ৷
২৭৭) খাৰণি সনা সৰিহৰ গুৰি = খাৰলি ৷
২৭৮) দাঁত ওলোৱা হাতী = দঁতাল ৷
২৭৯) মাগুৰ মাছৰ সৰু = মাগুৰজালি ৷
২৮০) শ’ল মাছৰ সৰু = শ’লঠাৰি ৷
২৮১) ধানৰ বাকলি = তুঁহ ৷
২৮৩) গোচৰ তৰা মানুহ = গোচৰীয়া ৷
২৮৪) গোটেই জীৱন জুৰি = অজীৱন ৷
২৮৫) নাটক লিখা মানুহ = নাট্যকাৰ ৷
২৮৬) যি কথাৰ অৰ্থ নাই = নিৰৰ্থক ৷
২৮৭) গুৰি সৰিয়হেৰে কৰা খাদ্য = কাঁহুদি ৷
২৮৯) ছবি অঁকা মানুহ = চিত্ৰকাৰ ৷
২৯০) গধুলি চকুৰে নেদেখা মানুহ = কুকুৰিকণা ।
২৯১) জন্তুৰ নিচিনা = জান্তৱ ৷
২৯২) চোবাই খোৱা বস্তু = চৰ্ব্য ৷
২৯৩) কথাৰ লাগ-বান্ধ নথকা লোক = চেলেপু ৷
২৯৪) যি ঠাইত মানুহ নাই = জনশূন্য ৷
২৯৫) কাম কৰিবলৈ এলাহ কৰা মানুহ = এলেহুৱা ৷
২৯৬) কবিতা লেখা মানুহ = কবি ৷
২৯৭) চিঠি বিলাই ফুৰা মানুহ = পিয়ন ৷
২৯৮) কাৰো লগত মিলিব নোৱাৰা লোক = অজীনপাতকী ৷
২৯৯) ধৰ্মলৈ ভয় যাৰ = ধৰ্মভীৰু ৷
৩০০) যি গোন্ধ ভাল = সুগন্ধ ৷
৩০১) বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য — খৰিচা ৷
৩০২) যি পুৰুষ ভয়াতুৰ = কাপুৰুষ ৷
৩০৩) নাৱত উঠি ব্যৱসায় কৰা লোক = মুদৈ ৷
৩০৪) বহুত মানুহ একেলগে যোৱা = সমদল ৷
৩০৫) নোহোৱা বস্তুৰ উদ্ভাৱন = আৱিস্কাৰ ৷
৩০৬) পূৰ্ব জন্মৰ কথা যাৰ মনত আছে = জাতিস্মৰ ৷
৩০৭) পুৱাই নাম ল’বলগীয়া = প্ৰাত:স্মৰণীয় ৷
৩০৮) নিজে নিজে হোৱা = স্বয়ম্ভূ ৷
৩০৯) যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে = ডকাইত ।
৩১০) যি মাটিত উতপাদিত শক্তি নাই = অনুৰ্বৰা
৩১১) যাক সহজতে লাভ কৰা যায় = সুলভ ।
৩১২) য’ত বহুতো ল’ৰা – ছোৱালীয়ে পঢ়ে = পঢ়াশালী ।
৩১৩) যাক বুজিব পাৰি = বোধগম্য ।
৩১৪) বৰষুণ নোহোৱা যি বতৰ = খৰাং ।
৩১৫) আহাৰ জীৰ্ণ নোযোৱা কাৰণে হোৱা বেমাৰ = অজীৰ্ণ ।
৩১৬) যি ঠাই অতি কষ্টেৰে লঙঘন কৰা যায় = দুৰ্লংঘ্য ।
৩১৭) জুই ধৰি ৰখা যি ঠাই = জুহাল ।
৩১৮) যাৰ নাম ৰাতিপুৱাই স্মৰণ কৰা উচিত = প্ৰাতঃ স্মৰণীয় ।
৩১৯) যি ঠাইত অতি ঠাণ্ডাও নহয় , গৰমো নহয় = নাতিশীতোষ্ণ ।
৩২০) যাৰ একোৱেই নাই = নিঃস্ব ।
৩২১) যি তিৰোতাই ধান ৰোৱেই = ৰোৱনী ।
৩২২) যি তিৰোতাই ধান দায় = দাৱনী ।
৩২৩) হঠাতে হোৱা যি ঘটনা = আকস্মিক ।
৩২৪) যি মাটিত সাৰ নাই = অসাৰুৱা ।
৩২৫) যি জন কৰ্মত বীৰৰ তুল্য = কৰ্মবীৰ ।
৩২৬) যি জন সাহিত্যত সম্ৰাটৰ তুল্য = সাহিত্য – সম্ৰাট ।
৩২৭) যি জনে বিয়া কৰোৱা নাই = আবিয়ৈ ।
৩২৮) নোহোৱা বস্তু উদ্ভাৱন কৰোতা = আৱিষ্কাৰক।
৩২৯) যি ইন্দ্ৰিয় জয় কৰিব পাৰে = জিতেন্দ্ৰেয় ।
৩৩০) মেলত যি পাৰ্গত = মেলেকী ।
৩৩১) যি পুৰুষৰ ঘৈণীয়েক মৰিছে= বৰলা ।
৩৩২) যি নিজক নিজে পণ্ডিত বুলি ভাবে = পণ্ডিতম্মন্য ।
৩৩৩) যি কৰ্ত্তব্য স্থিৰ কৰিব নোৱাৰে = হতবুদ্ধি ।
৩৩৪) একে সময়তে হোৱা = সমসাময়িক ।
৩৩৫) এবাৰ গুটি লাগি মৰা গছ = ওষধি ।
৩৩৬) লোকক দেখি পাছত যি কৰা যায় = অনুকৰণ ।
৩৩৭) লোকক দেখি পিছে পিছে যোৱা = অনুসৰণ ।
৩৩৮) লোকৰপৰা পোৱা নিন্দা = লোকনিন্দা ।
৩৩৯) সাহ যাৰ আছি = সাহসী ।
৩৪০) বটা সাৰিয়হেৰে কৰা চাট্নি = কাহুঁদি ।
৩৪১) মাটিৰ নিচেই সৰু টেকেলি = ভুৰুকা ।
৩৪২) যি গুণীৰ গুণ বুজিব পাৰে = গুণগ্ৰাহী ।
৩৪৩) যাক ভেদ কৰিব নোৱাৰে = অভেদ্য।
৩৪৪) যাক সহজে ভেদ কৰিব নোৱাৰে = দুৰ্ভেদ্য ।
৩৪৫) যি পৰৰ ঠাইত বাস পৰে = প্ৰবাসী ।
৩৪৬) যি কষ্ট সহিব পাৰে = কষ্টসহিষ্ণু ।
৩৪৭) যি উপকাৰী উপকাৰ স্বীকাৰ কৰে = কৃতজ্ঞ ।
৩৪৮) যাক সহজতে ভাঙিব পাৰে = ভংণ্ডৰ ।
৩৪৯) যি কোনো কাম কৰিব নোৱাৰে = অকৰ্মণ্য ।
৩৫০) যি বিধিসন্মত = বৈধ ।
৩৫১) প্ৰাণক পণ কৰি = প্ৰাণপণে ।
৩৫২) যি ভবিষ্যত চিন্তা কৰিব নোৱাৰে = অদূৰদৰ্শী ।
৩৫৩) যি বাঢ়িবলৈ ধৰিছে = বৰ্দ্ধিষ্ণু ।
৩৫৪) যাৰ সকলো বস্তু অঁটাকে আছে = আটন্তিয়াৰ ।
৩৫৫) এটা সন্তান হোৱাৰপৰা আন এটা হোৱালৈকে সময় = আনজ ।
৩৫৬) যাৰ হাত আঁঠৰ তললৈকে পৰা = আজানুলম্বিত ।
৩৫৭) কাৰো নাম নধৰাকৈ পৰা গালি = গুৱাল-গালি ।
৩৫৮) যাৰ ধাৰ আছে = ধৰুৱা ।
৩৫৯) যাৰ সীমা নাই = অসীম ।
৩৬০) যি আনফালে মন দিয়ে = অন্যমনস্ক ।
৩৬১) যাক নিধাৰণ কৰিব নোবাৰি = অনিবাৰ্য ।
৩৬২) যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয় ।
৩৬৩) যাৰ আদি নাই = অনাদি ।
৩৬৪) যাক পৰিত্যাগ কৰিব নোৱাৰি = অপৰিহাৰ্য ।
৩৬৫) যাক কল্পনা কৰিব নোৱাৰি = অকল্পনাতীত ।
৩৬৬) বধ কৰিবৰ ইচ্ছা = জিঘাংসা ।
৩৬৭) য়াৰ বিৱেচনা শক্তি নাই = অবিবেচক ।
৩৬৮) যি নিশাহে চৰে = নিশাচৰ ।
৩৬৯) যি জানিব খোজে বা জানিবলৈ আগ্ৰহী = জিজ্ঞাসু ।
৩৭০) যিটো সুধিবলগীয়া =জিজ্ঞাস্য ।
৩৭১) যাক মূল্য দি কিনিব নোৱাৰে = অমূল্য ।
৩৭২) মাগিলেও ভিক্ষা নোপোৱা সময় = দুৰ্ভিক্ষ ।
৩৭৩) যি কাৰো পক্ষৰ বা ফলীয়া নহয়= নিৰপেক্ষ ।
৩৭৪) কোনো কথাৰ নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ = সঁজাতী
৩৭৫) একেজন গুৰুৰে শিষ্য = সতীৰ্থ।
৩৭৬) যাৰ আগমন আহ্বান কৰা হয়= স্বাগত ।
৩৭৭) যাক বধ কৰা অনুচিত = অবধ্য ।
৩৭৮) যাৰ সীমা আছে বা যি সামাবদ্ধ = সসীম ।
৩৭৯) যাৰ অন্ত নাই = অনন্ত ।
৩৮০) যি নিয়ম মতে খৰচ কৰে = মিতব্যয়ী ।
৩৮১) যাৰ আশ্ৰয় নাই = নিৰাশ্ৰয় ।
৩৮২) যি সহ্য কৰিব পাৰে = সহিষ্ণু ।
৩৮৩) যি গোচৰ তৰে = গুচৰীয়া ।
৩৮৪) যাৰ ওপৰত গোচৰ তৰে = পদকীয়া ।
৩৮৫) যি বিষ্ণুক উপাসনা কৰে = বৈষ্ণৱ ।
৩৮৬) যি শক্তিক উপাসনা কৰে = শাক্ত ।
৩৮৭) যি শিৱক উপাসনা কৰে = শৈৱ ।
৩৮৮) যি একো নাজানে = অজ্ঞ।
৩৮৯) যি ভাষাত পাৰ্গত = ভাষাবিদ্ ।
৩৯০) যি কণীৰপৰা জন্মে = অণ্ডজ ।
৩৯১) যি একেলগে পঢ়ে = সহপাঠী ।
৩৯২) যি নিজৰ পেটলৈহে চিন্তা কৰে = স্বাৰ্থপৰ ।
৩৯৩) যি সমাপ্ত হোৱা নাই = অসমাপ্ত ।
৩৯৪) য’ত কোনো মানুহ নাই = জনশূন্য ।
৩৯৫) য’লৈ যোৱা কষ্টসাধ্য = দুৰ্গম ।
৩৯৬) যি অনাই বনাই ঘূৰি ফূৰে = যাযাবৰ ।
৩৯৭) যাৰ পূৰ্বজন্মৰ কথা মনত আছে = জাতিস্মৰ ।
৩৯৮) যি মাটি ফুটি ওলায় = উদ্ভিদ ।
৩৯৯) যি কথা বিশ্বাস কৰিব নোৱাৰি = অবিশ্বাস্য ।
৪০০) যাৰ কথাৰ সাঁচ নাই = লগা ।
৪০১) যি মৰো মৰো অৱস্থা হৈছে = মুমুৰ্ষু ।
৪০২) যত মানুহ বেছি = জন-বহুল ।
৪০৩) যাৰ মূৰত চুলি নাই = তপা ।
৪০৪) যি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী ।
৪০৫) যি ধন খৰচ নকৰে = কৃপণ ।
৪০৬) যি মাছ-মাংস খায়= আমিষাহাৰী ।
৪০৭) যি মাছ-মাংস নাখায় = নিৰামিষাহাৰী ।
৪০৮) যি যোগৰপৰা ভ্ৰষ্ট হৈছে = যোগভ্ৰষ্ট ।
৪০৯) যি অলপতে শুনে = শহাকণীয়া ।
৪১০) যি অলপতে ভয় খায় = ভয়াতুৰ ।
৪১১) যি ঘৰত ধান থয় = ভঁৰাল ।
৪১২) যি নানা অভাৱত থাকে = অভাৱী ।
৪১৩) জন্তুৰ নিচিনা = জান্তৱ ।
৪১৪) যাৰ নাম নাই = অনামা ।
৪১৫) যি নিয়মমতে খৰচ নকৰে = অমিতব্যয়ী ।
৪১৬) নাম নিদিয়াকৈ দিয়া = বেনামী ।
৪১৭) পনীয়া গাখীৰ দিয়া গাই = জলাহী ।
৪১৮) বাঁহ-গাজ খুন্দি তৈয়াৰ কৰা খাদ্য-বস্তু = খৰিচা ।

এটা শব্দত প্ৰকাশ কৰা | Eta Shobdot Prokash Kora

  • ধান থোৱা ঠাই — ভঁৰাল ৷
  • অ’ত ত’ত ঘুৰি ফুৰা লোক — অঘৰী ৷
  • কাৰো নাম নোলোৱাকৈ দিয়া গালি — গুৱালগালি ৷
  • বাপেকৰ সখিয়েক — তাৱৈ ৷
  • তাৱৈৰ ঘৈণীয়েক — আমৈ ৷
  • যি আনৰ অধীন নহয় — স্বাধীন ৷
  • যি আনৰ অধীন — পৰাধীন ৷
  • গৰু বন্ধা ঠাই — গোহালি ৷
  • যি পথৰ পৰা বিচলিত — পথভ্ৰষ্ট ৷
  • যি কথাৰ অৰ্থ নাই — নিৰৰ্থক ৷
  • যি আনৰ ওপৰত নিৰ্ভৰ কৰে — পৰনিৰ্ভৰশীল ৷
  • যাক কল্পনা কৰিব নোৱাৰি — কল্পনাতীত ৷
  • যাৰ আদি নাই — অনাদি ৷
  • যাৰ সীমা নাই — অসীম ৷
  • যাক বৰ্ণনা কৰিব নোৱাৰি — অবৰ্ণনীয় ৷
  • যাক বাৰণ কৰিব নোৱাৰি — অনিবাৰ্য ৷
  • যাক লংঘন কৰিব নোৱাৰি — অলংঘ্য ৷
  • যাক দেখা নাযায় — অদৃশ্য ৷
  • যাক সহজে লাভ কৰিব নোৱাৰি — দুৰ্লভ ৷
  • যাৰ নাম নাই — অনামী ৷
  • যাৰ সীমা আছে — সসীম ৷
  • যাক পৰিহাৰ কৰিব নোৱাৰি — অপৰিহাৰ্য ৷
  • কৰিবলগীয়া কাম– কর্তব্য।
  • যাক সহজে লাভ কৰা যায়– সুলভ।
  • যাক পাবলৈ টান-দূর্লভ– দুষ্প্রাপ্য।
  • যাৰ পুত্ৰ নাই— অপুত্রক।
  • যি সংকল্প কৰিছে– কৃতসংকল্প।
  • যি অনাই-বনাই ঘূৰি ফুৰে— যাযাবৰ, অঘৰী।
  • যাৰ মূৰত চুলি নাই— তপামূৰা।
  • যি।মৰো মৰো অৱস্থাত আছে— মুমুর্য।
  • যি কোনো পক্ষ নলয়– নিৰপেক্ষ।
  • যাৰ পূৰ্ব জন্মৰ কথা মনত আছে– জাতিস্মৰ।
  • যি সমাপ্ত হোৱা নাই— অসমাপ্ত।
  • যি কণীৰপৰা জন্মে— অণ্ডজ।
  • যলৈ যোৱা টান— দুর্গম।
  • ৰণত মতলীয়া– ৰণমত্ত।
  • যি বিষুক পূজা কৰে— বৈষ্ণৱ।
  • যি শিৱক পূজা কৰে— শৈৱ।
  • যি শক্তিক পূজা কৰে– শাক্ত।
  • যাৰ দয়া-মমতা নাই— নির্দয়।
  • (কথা) কোৱাৰ যি ইচ্ছা– বিবক্ষা।
  • মাৰিবলৈ (বা হনন কৰিবলৈ) কৰা ইচ্ছা– জিঘাংসা।
  • যাৰ কোনো শত্রু নাই (বা শত্রু জন্মা নাই)— অজাতশত্রু।
  • যি সকলো জানে— সর্বজ্ঞ।
  • যি গোচৰ তৰে– গুচৰীয়া।
  • যি ৰাতি চৰে– নিশাচৰ।
  • যিজনে ভাল-বেয়া বিচাৰ কৰিব নোৱাৰে— অবিৱেচক।
  • যাক পৰিহাৰ কৰিব নোৱাৰি— অপৰিহার্য।
  • যি কথা কোৱা উচিত নহয়— অকথ্য।
  • যিজনে ইন্দ্রিয় জয় কৰিব পাৰে– জিতেন্দ্রিয়।
  • যি কথাৰ অর্থ নাই– অর্থহীন, নিৰর্থক।
  • যিজনে ভৱিষ্যৎ চিন্তা কৰিব পাৰে– দূৰদৰ্শী।
  • যিজনে দূৰলৈ দেখে– দূৰদৰ্শী
  • যি অগেয়ে হোৱা নাই– অভূতপূর্ব।
  • যাৰ দুই হাত সমানে চলে— সব্যসাচী।
  • নিজে নিজে হোৱা– স্বয়ম্ভু।
  • পি খোৱা বস্তু– পেয়।
  • চেলেকি খোৱা বস্তু– লেহ্য।
  • চোবাই খোৱা বস্তু– চব্য।
  • দৰমহা নোলোৱাকৈ কাম কৰা মানুহ– অবৈতনিক।
  • ভৰিৰপৰা মূৰলৈকে– আপাদমস্তক।
  • আনৰ দোষ দেখা স্বভাৱ– অসূয়া।
  • সখিয়েকৰ মাক– আমৈ।
  • বন্ধু-বান্ধৱৰ সৈতে— সবান্ধৱে (সবান্ধৱ)।
  • কাৰো নাম নধৰাকৈ পৰা গালি– গুৱাল-গালি।
  • ফুল নুফুলাকৈ গুটি হোৱা গছ– বনম্পতি।
  • সীমা নথকা– অসীম।
  • মাটিৰে নির্মিত– মৃন্ময়।
  • মেলত পাৰ্গত— মেলেকী।
  • লোকক দেখি পাছত যি কৰে– অনুকৰণ।
  • এটা সন্তান হোৱাৰ পিছত আৰু সন্তান নোহোৱা তিৰোতা– কাকবন্ধ্যা, বিয়ৈবাঁজী (কাউৰ বাজী)।
  • হতভাগ্য যাৰ— হতভগা।
  • ধান ৰোৱা তিৰোতা—ৰোৱনী।
  • ধান দোৱা তিৰোতা— দাৱনী।
  • বীণা আছে পাণিত (হাতত) যাৰ– বীণাপাণি।
  • দেশৰ ভালৰ কাৰণে কাম কৰা মানুহ— দেশকর্মী।
  • দেশৰ কামত মৃত্যু বৰণ কৰা মানুহ— ছহিদ (শ্বহীদ)
  • পথৰপৰা যি বিচলিত হৈছে— পথভ্রষ্ট।
  • নোহোৱা বস্তু যি উলিয়ায়— আৱিষ্কাৰক, উদ্ভাৱক।
  • ৰূপেৰে নির্মিত বা ৰূপ চৰোৱা– কাপোৱালী।
  • সোণেৰে নির্মিত বা সোণ চৰোৱা– সোণোৱালী ।
  • দেশক ভাল পোৱা মানুহ— দেশ-ভক্ত, দেশ-প্রেমিক।
  • নিজৰ ওপৰত যি নিৰ্ভৰ কৰে— স্বাৱলম্বী, আত্মনিৰ্ভৰশীল।
  • বহুত কলগছ থকা ঠাই– কলনি।
  • আনৰ ভাল দেখিব নোৱাৰা– পৰশ্ৰীকাতৰ।
  • গোটেই জীৱন জুৰি– আজীৱন।
  • দীৰ্ঘকাল জীয়াই থকা– দীর্ঘজীবী।
  • হঠাতে হোৱা ঘটনা– আকস্মিক।
  • লোকৰপৰা নিন্দা– লোকনিন্দা।
  • যি হিচাপমতে নচলে– বেহিচাপী।
  • ভিক্ষাৰ অভাৱ– দুর্ভিক্ষ।
  • ঘৰ নাই যাৰ– অঘৰী।
  • প্ৰৱাসত থকা মানুহ– প্ৰৱাসী, প্ৰৱসুৱা।
  • একে গুৰুৰ শিষ্য– সতীর্থ, হৰি ভকত।
  • সত্য কথা কোৱা মানুহ– সত্যবাদী।
  • ঈশ্বৰত যাৰ বিশ্বাস নাই— নাস্তিক।
  • যাৰ অন্ত নাই— অনন্ত।
  • বোকাত যাৰ জন্ম– পংকজ ।
  • নিজৰ ৰূপ-যৌৱন লৈ গৌৰৱ কৰা তিৰোতা– মানিনী।
  • যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে— কৃতজ্ঞ।
  • যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে– অকৃতজ্ঞ, কৃতঘ্ন।
  • যি পুৰুষৰ ঘৈণীয়েক মৰিছে— বৰলা।
  • যাক দেখা নাযায়– অদৃশ্য।
  • যি নাৰীৰ স্বামী মৰিছে– বিধৱা।
  • এবাৰ ফল দিয়াৰ পাছতে যি গছ মৰি যায়– ওষধি।
  • বিয়া নকৰোৱা মানুহ– অবিৱাহিত, বৰলা বা ডাং বৰলা।
  • একে উদৰপৰা বা একে মাকৰপৰা জন্ম যাৰ– সহোদৰ, সহোদৰা (স্ত্রীলিঙ্গ)।
  • পৰৰ অধীন– পৰাধীন।
  • পৰৰ মুখলৈ অপেক্ষা কৰা মানুহ– পৰমুখাপেক্ষী।
  • পৰৰ সৌভাগ্য দেখি যি কাতৰ হয়— পশ্রীকাত।
  • যি গৰু-ম’হৰ গাড়ী চলায়—গাড়োৱান।
  • কানি খোৱা মানুহ– কানীয়া।
  • বাটেদি যোৱা মানুহ– বাটৰুৱা।
  • মিছা কথা কোৱা মানুহ– মিছলীয়া।
  • কাঁহৰ বাচন গঢ়োঁতা– কঁহাৰ ।
  • মাটিৰ বাচন সাজোঁতা– কুমাৰ ।
  • যি সকলে নাও বায়– নাৱৰীয়া ।
  • যি জল চৰে– জলচৰ
  • যি শত্ৰুক বধ কৰে– শত্রুঘ্ন।
  • ব্যাকৰণত যি পাৰদর্শী– বৈয়াকৰণিক, বৈয়াকৰণ ।
  • যাক সহজে লঙ্ঘন কৰিব নোৱাৰি– অলঙ্ঘ্য।
  • অতিশয় শীতো নহয় অতিশয় উষ্ণ‌ও নহয়— নাতিশীতোষ্ণ।
  • যিজনে আইন জানে— আইনজ্ঞ ।
  • যাৰ কোনো সন্তান নাই— নিঃসন্তান।
  • যিজনী তিৰোতাৰ ল’ৰা-ছোৱালী (সন্তান) নহ’ল– বাঁজী।
  • যাৰ বংশত কোনো নাই– নির্বংশ
  • কঁঠালৰ সৰু সৰু কলি– মুচি।
  • নিচেই সৰুতে মাক অথবা বাপেক মৰা সন্তান— মাউৰা।
  • নিচেই সৰুতে মাক-বাপেক মৰা নিৰাশ্রয় সন্তান— ঘাট-মাউৰা।
  • বেঙৰ নেজ থকা সৰু পোৱালি— লালুকী।
  • কাৱৈ মাছৰ সৰু পোৱালি– কাৱৈটিলা।
  • গড়ৈ মাছৰ সৰু সৰু পোৱালি— গড়ৈচিৰিকা।

শেষ বাক্য: এটা শব্দত প্ৰকাশ কৰা

আমি আলোচনা কৰিলোঁ অসমীয়া মাধ্যম (Assamese Medium) ৰ ব্যাকৰণৰ এটা শব্দত প্ৰকাশ কৰা (Expression in one word)। আমি প্ৰায় 400 তকৈ অধিক “এটা শব্দত প্ৰকাশ কৰা” (Expression in one word) যোগান ধৰিলো। ইয়াৰ আগতে আমি 900+ বিপৰীত শব্দৰ লিষ্ট প্ৰকাশ কৰিছোঁ, যদি আপুনি পঢ়িব বিচাৰে, আপুনি পঢ়িব পাৰে। যদি আপোনাৰ কিবা জানিব লগা আছে তেন্তে অনুগ্ৰহ কৰি Comment Section ত জনাব।

ইয়াৰ ওপৰিও যদি আপোনাৰ অসমীয়া ব্যাকৰণৰ কিবা বুজিব বা জানিব লগা আছে তেন্তে Assamese Medium Facebook PageFollow কৰি জনাব পাৰে

Leave a Comment